-->

Class 12 History Chapter 5 অসমৰ সংক্ষিপ্ত ইতিহাস । Assam over the Ages

 AHSEC Solution for Class 12 History Chapter 5 অসমৰ সংক্ষিপ্ত ইতিহাস । Assam over the Ages. All the important questions answers are discussed in this article.

অসমৰ সংক্ষিপ্ত ইতিহাস 

A Brief History of Assam

Class 12 History Chapter 5 অসমৰ সংক্ষিপ্ত ইতিহাস । Assam over the Ages ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 History Chapter 5 অসমৰ সংক্ষিপ্ত ইতিহাস । Assam over the Ages has been discussed in systematic way. There are approximately important 52 questions answers in this article.

1. প্ৰাচীন কালত অসমক কি নামেৰে জনা হৈছিল? HS-2017

উত্তৰঃ- প্ৰাগজ্যোতিষপুৰ


2. প্রাগজ্যোতিষ পুৰৰ প্ৰথম ৰজাজন কোন আছিল? 

উত্তৰঃ- জনবিশ্বাস মতে মহীৰথ দানৱ।


3. মহাভাৰতত উল্লিখিত অসমৰ প্রাচীন নাম কি আছিল? 

উত্তৰঃ- প্রাগজ্যোতিষপুৰ। 


4. হৰগৌৰী সংবাদৰ ৰচক কোন আছিল? 

উত্তৰঃ- হেমসৰস্বতী। 


5. গড়গাঁৱত আহোমৰ ৰাজধানী কোনে স্থাপন কৰিছিল? 

উত্তৰঃ- চুংক্লুংমুং বা গড়গঞা ৰজাই। 


6. বর্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল? 

উত্তৰঃ- পুষ্যবর্মন।


7. চুকাফাই স্থায়ী ৰাজধানী ক'ত পাতিছিল? 

উত্তৰঃ- বর্তমান শিৱসাগৰৰ চৰাইদেউত। 


8. চৰগুৱাত কোন আহোম ৰজাই ৰাজধানী স্থাপন কৰিছিল? 

উত্তৰঃ- চুডাংফা বা বামুণীকোঁৱৰে।


9. শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? 

উত্তৰঃ- 1671 চনত। 


10. কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? HS-2013, 2016

উত্তৰঃ- নৰনাৰায়ণ।


11. নৰনাৰায়ণৰ সৰুভায়েক শুক্লধ্বজ কি নামেৰে জনাজাত আছিল?

উত্তৰঃ- চিলাৰায়। 


12. কনৌজৰ ৰজা হর্ষবৰ্দ্ধনৰ সম-সাময়িক হিচাবে কামৰূপত কোনে শাসন চলাইছিল? 

উত্তৰঃ- ভাস্কৰবৰ্মনে। 


13. কোন ৰজাৰ ৰাজত্বত চীন পৰিব্ৰাজক কামৰূপলৈ আহিছিল? 

উত্তৰঃ- কুমাৰ ভাস্কৰবৰ্মনৰ দিনত।


14. শঙ্কৰদেৱৰ দ্বাৰা প্ৰচাৰিত ধর্মটোৰ আচল নাম কি? 

উত্তৰঃ- ভাগৱতী ধর্ম বা মহাপুৰুষীয় ধর্ম।


15. 'ফাতিয়াহ-ই-ইব্ৰিয়াহ' গ্ৰন্থৰ ৰচক কোন? HS-2018

উত্তৰঃ- চিহাবুদ্দিন তালিচ।


16. আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত আছিল? 

উত্তৰঃ- শিৱসাগৰ জিলাৰ সৰাগুৰি চাপৰিত। 


17. হাজোৰ পুৰণি নাম কি?

উত্তৰঃ- কোচ হাজো। 


18. বৃটিছৰ বিৰুদ্ধে প্রথম বিদ্রোহ কৰা লোকজন কোন আছিল? 

উত্তৰঃ- গোমধৰ কোঁৱৰ। 


19. 1858 চনত বৃটিছে ফাঁচী দিয়া অসমৰ বিদ্ৰোহী দুগৰাকীৰ নাম লিখা?

উত্তৰঃ- মনিৰাম দেৱান আৰু পিয়লী বৰুৱা।


20. অসমত সংঘটিত হোৱা চিপাহী বিদ্রোহৰ মুখ্য নেতাজন কোন আছিল?

উত্তৰঃ- মণিৰাম দেৱান। 


21. মণিৰাম দেৱানক কোন সহযোগীৰ লগত ফাঁচি দিয়া হৈছিল? 

উত্তৰঃ- পিয়লি ফুকন। 


22. অসমৰ প্ৰথমজন বৃটিছ আয়ুক্ত (কমিচনাৰ) কোন আছিল? HS-2019

উত্তৰঃ- ডেভিদ স্কট।


23. পাণ্ডু কংগ্ৰেছৰ অভ্যর্থনা সমিতিৰ সভাপতি কোন আছিল? 

উত্তৰঃ- তৰুণ ৰাম ফুকন। 


24. বেৰি হোৱাইট মেডিকেল কলেজ ক'ত স্থাপন কৰা হৈছিল? 

উত্তৰঃ- ডিব্ৰুগড়ত। 


25. কোন চনত কানিংহাম চাৰ্কুলাৰ (জাননী) জাৰি কৰা হৈছিল? 

উত্তৰঃ- 1930 চনৰ মে' মাহত।


26. কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল? 

উত্তৰঃ- 1826 চনৰ ফেব্ৰুৱাৰী মাহত।  


27. 1853 চনত উজনি অসম ভ্ৰমণ কৰা ইংৰাজ বিচাৰক কোন আছিল? 

উত্তৰঃ- মফট মিলচ। 


28. অসমৰ ক'ত প্ৰথমে কৃষক বিদ্ৰোহ হৈছিল?

উত্তৰঃ- নগাওঁ জিলাৰ ফুলগুৰিত (১৮৬১) চনত।


29. চকৰিফেটী বুৰঞ্জীখনৰ ৰচক কোন আছিল?

উত্তৰঃ- নুমলি বৰগোহাঁই। 


30. 'অসমীয়া ল'ৰাৰ মিত্র' নামৰ গ্ৰন্থখন কোনে লিখিছিল? 

উত্তৰঃ- আনন্দৰাম ঢেকিয়াল ফুকনে। 


32. অৰুণোদয় নামৰ কাকতখন কোন ঠাইৰ পৰা প্রকাশিত হৈছিল? 

উত্তৰঃ- শিৱসাগৰৰ পৰা 


33. কোন চনত কটন কলেজ স্থাপন কৰা হৈছিল? 

উত্তৰঃ- 1901 চনত।


34. মহাত্মা গান্ধীয়ে কোন চনত প্ৰথম অসমলৈ আহিছিল?

উত্তৰঃ- 1921 চনত।।


35. স্বাধীনতাৰ পিচত অসমৰ প্রথম প্রধান মন্ত্রী কোন আছিল? 

উত্তৰঃ- গোপীনাথ বৰদলৈ। 


36. অসমৰ বৰ্তমানৰ মুখ্য মন্ত্রী কোন আছিল? 

উত্তৰঃ- হিমন্ত বিশ্বশৰ্মা।


37. প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি আছিল? HS-2016

উত্তৰঃ- ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰ পীঠ।


38. কেবিনেট মিচনৰ দুজন সদস্যৰ নাম উল্লেখ কৰা? HS-2020

উত্তৰঃ- লৰ্ড পেথিক লৰেন্স, ষ্টেফৰ্ড ক্ৰিপছ আৰু এ. ডি. আলেকজেণ্ডাৰ।


39. এতিয়ালৈকে আৱিস্কৃত সৰ্বাধিক পুৰণি আহোম মুদ্ৰা সমূহ কোনজন আহোম ৰজাৰ দিনৰ? HS-2020

উত্তৰঃ- চুতামালা ওৰফে জয়ধ্বস সিংহৰ দিনৰ।


40. অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল আৰু ইয়াৰ প্ৰথমখন অধিবেশনত কোনে সভাপতিত্ব কৰিছিল? HS-2014

উত্তৰঃ- অসম ছাত্ৰ সন্মিলন 1926 চনত গঠন হৈছিল। 

ইয়াৰ প্ৰথমখন অধিবেশন গুৱাহাটীত লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল।


42. অসহযোগ আন্দোলনৰ যিকোনো দুটা কাৰ্যসূচী লিখা। HS-2017

উত্তৰঃ- (১) বৃটিছ চৰকাৰে প্ৰদান কৰা উপাধি বা খিতাপ ভাৰতীয় সকলে ত্যাগ কৰিব লাগে। 

(২) চৰকাৰী সভাসমিতি, কৰ্ট-কাছাৰী বৰ্জন কৰিব লাগে। 


43. অগ্ৰহাৰ কি আছিল? HS-2019

উত্তৰঃ- প্ৰাচীন কামৰূপৰ প্ৰশাসনিক গোটৰ অন্যতম এটাৰ নাম হ'ল অগ্ৰহাৰ। প্ৰকৃততে অগ্ৰহাৰ মানে গাওঁবিলাক ব্ৰাহ্মণক মাটি বাৰী দান দিয়া লৈয়ে অগ্ৰহাৰ প্ৰথাৰ প্ৰচলন হৈছিল।


44. বুৰজ্ঞী কি? আহোম যুগত ৰচিত এখন বুৰজ্ঞীৰ নাম উল্লেখ কৰা। HS-2018

উত্তৰঃ- বুৰজ্ঞীবোৰ আছিল ৰাজ্যৰ কাৰ্যাৱলীৰ ধাৰাবাহিক বিৱৰণ। তদুপৰি ই জ্ঞানৰ ভঁৰাল হয় আৰু নজনা কথা জনাটোকে বুজায়। 

বুৰজ্ঞীখনৰ নাম হ'ল হস্তীবিদ্যাৰ্ণৱ।


45. আজান পীৰৰ আচল নাম কি আছিল? তেওঁক আজাৰ পীৰ নামেৰে কিয় জনা যায়?

উত্তৰঃ- শ্বাহ মিৰাণ। তেওঁ জিকিৰ আৰু জাৰিৰ মাধ্যমেৰে বৈষ্ণৱ গুৰু শংকৰ-মাধৱৰ কীৰ্ত্তন, নামঘোষা আৰু বৰগীতৰ সুৰেৰে অসমত ইছলাম ধৰ্মৰ প্ৰচাৰ চলাইছিল।


46. ব্ৰহ্মোত্তৰ আৰু ধৰ্মোত্তৰ মাটি কি?  HS-2018

উত্তৰঃ- আহোম প্ৰশাসনৰ সময়চোৱাত মন্দিৰ আৰু অন্য ধৰ্মীয় অনুষ্ঠাসমূহকো ভূমিদান দিয়া হৈছিল, যিবোৰক ধৰ্মোত্তৰ আৰু পিচত দেবোত্তৰ ভূমি অনুদান বুলিছিল। আনহাতে ব্ৰাহ্মনক দান দিয়া মাটিবাৰীক ব্ৰহ্মোত্তৰ বোলা হৈছিল।


47. গোমধৰ কোঁৱৰ কোন আছিল? তেওঁৰ এজন সহযোগী বিদ্ৰোহীৰ নাম লিখা। HS-2020

উত্তৰঃ- গোমধৰ কোঁৱৰ স্বৰ্গদেউ চুহুংমুঙৰ বংশধৰ ফেনা কোঁৱৰৰ পুত্ৰ যিজনে বৃটিছৰ বিৰুদ্ধে ১৮২৮ চনৰ নৱেম্বৰ মাহত প্ৰথমটো বিদ্ৰোহ কৰিছিল।

তেওঁৰ এজন সহযোগী বিদ্ৰোহীৰ নাম হ'ল ধনজয় বৰগোহাঁই।


48. ১৮৭৩ চনৰ অৰ্ন্তৱৰ্ত্তী সীমা নিয়ন্ত্ৰণ আইন বুলিনে কি বুজা? HS-2017

উত্তৰঃ- ১৮৭৩ চনৰ অৰ্ন্তৱৰ্ত্তী সীমা নিয়ন্ত্ৰণ আইন অনুসৰি ব্ৰিটিছ ৰাজ্যত বাস কৰা ভৈয়ামৰ অসমৰ লোকসকলে ডেপুটি কমিচনাৰে দিয়া অনুমতি পত্ৰ নোলোৱাকৈ পাহাৰীয়া অঞ্চলক ব্ৰিটিছ বান্ধি দিয়া সীমাৰেখা পাৰ হ'ব নোৱাৰা হ'ল।


49. ১৮৫৭ চনৰ বিদ্ৰোহত ধৰ্মীয় বিশ্বাসে বিদ্ৰোহীসকলক প্ৰভাৱান্বিত কৰিছিল নে? দুটা উদাহৰণ দিয়া। HS-2012, 2014

উত্তৰঃ- ১৮৫৭ চনৰ বিদ্ৰোহত ধৰ্মীয় বিশ্বাসে বিদ্ৰোহীসকলক প্ৰভাৱান্বিত কৰিছিল কিয়নো এনফিল্ড ৰাইফলৰ কাৰ্টুজৰ চৰ্বিত গো মাংস আৰু গাহৰি মাংসৰ কথাটোৱে হিন্দু আৰু মুছলমান চিপাহী বিদ্ৰোহীসকলক গভীৰ ভাৱে প্ৰভাৱান্বিত কৰিছিল আনহাতে ভাৰতীয় চিপাহীসকলক সাগৰ পাৰ কৰি অন্য দেশলৈ নিয়া প্ৰচেষ্টাইও এই ক্ষেত্ৰত গভীৰ ৰেখাপাত কৰে। 


50. ১৯ শতিকাত অসমত হোৱা কৃষক বিদ্ৰোহৰ কাৰণ কি? কৃষণ বিদ্ৰোহত ৰাইজমেল বিলাকৰ ভূমিকা নিৰ্ণয় কৰা। HS-2013

উত্তৰঃ- ১৯ শতিকাত অসমত হোৱা কৃষক বিদ্ৰোহৰ একাধিক কাৰণ আছিল। তাৰ ভিতৰত অন্যতম কাৰণ আছিল নতুন নতুন কৰ আৰু ভূমি ৰাজহ বৃদ্ধি। নতুন কৰ সমূহৰ ভিতৰত ১৮৫৮ চনৰ টিকট কৰ, ১৮৬০ ৰ আয়কৰ, আমদানি কৰ, হাবিৰ কাঠ, বাঁহ, খেৰ আদি ব্যৱহাৰৰ বাবদ অনুজ্ঞা কৰ, চৰ চাপৰি বা চৰনীয়া পথাৰত গৰু ম'হ চৰোৱাৰ বাবদ গ্ৰেজিং কৰ, আবকাৰী কৰ, সোণ কমোৱা নৈ মাছ ধৰা নৈ বিল ডাকত দি কৃষকৰ অৱস্থা, জুৰুলা কৰি পেলাইছিল। আনহাতে কৃষকৰ পৰা কৰ-কাটল সংগ্ৰহ কৰিলেও কৃষিৰ উন্নতিক বৃটিছ চৰকাৰে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আৰু দুৰ্ভিক্ষৰ সময়তো ৰায়তে চৰকাৰৰ পৰা সকাহ পোৱা নাছিল। এইবোৰ কাৰণত ৰাইজ বিতুষ্টহৈ ১৯ শতিকাত অসমত এলানি কৃষক বিদ্ৰোহৰ সূচনা কৰিছিল।

এই কৃষক বিদ্ৰোহত ৰাইজ মেলৰ ভূমিকা আছিল অপৰিসীম। উক্ত কৃষক বিদ্ৰোহৰ নেতৃত্ব লৈছিল ৰাইজ মেল বিলাকেই। ৰাইজ মেলবিলাক গাওঁবুঢ়া, দলৈ, গোসাঁই আদি সমাজৰ মুখীয়াল লোকসকলৰ তত্ত্বাৱধানত গঢ়ি উঠিছিল আৰু পৰিচালিত হৈছিল। এই মেলবোৰ গাওঁ পঞ্চায়তৰ দৰে একোখন গাঁৱতে সীমাবদ্ধ নাছিল, ই কেইবাখনো গাওঁ সামৰি গঠিত হৈছিল। ৰাইজমেলৰ অন্য এক বৈশিষ্ট্য হৈছে জাত-পাত আৰু সম্প্ৰদায় নিৰ্বিশেষে সকলোৱেই ইয়াত অংশগ্ৰহণ কৰিব পাৰিছিল ৰাইজ একত্ৰহৈ সমূহীয়া সিদ্ধান্ত লোৱা আৰু ই বিলাকক কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ গণতান্ত্ৰিক প্ৰশিক্ষণ এই ৰাইজমেলবোৰত পোৱা গৈছিল। উল্লেখযোগ্য যে নগাওঁ, কামৰূপ আৰু দৰংৰ কোনো কোনো ঠাইত ৰাইজ মেলে স্থানীয়ভাৱে চৰকাৰক অচল কৰি দিবলৈ সমৰ্থ হৈছিল। সেয়ে অসমৰ জাতীয় জাগৰণত ৰাইজ মেলবিলাকৰ গুৰুত্ব আছিল।


51. চিহাবুদ্দিন তালিছৰ টোকাৰ এটি বিবৰণ দিয়া? HS-2016

উত্তৰঃ- চিৰাবুদ্দিন তালিছৰ অসম সম্পৰ্কীয় বিৱৰণ অসমৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ দলিল। ১৬৬২-৬৩ খ্ৰীষ্টাব্দত মোগল সেনাপতি মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত চিহাবুদ্দিন তালিছ অসমলৈ আহিছিল। তেওঁৰ প্ৰকৃত নাম হ'ল ইবন মহম্মদ আলী আহমেদ।

উল্লেখযোগ্যযে তালিছ এজন অতি সুক্ষ্ম পৰ্যবেক্ষক আৰু দক্ষ লেখক আছিল। তেওঁ লিখা (ফাথিয়া-ই-ইব্ৰিয়া) নামৰ গ্ৰন্থখনত মীৰজুমলাৰ অসম অভিযান আৰু অসমৰ বহু কথা (বিশুদ্ধ) আৰু শুৱলা পাৰ্চী ভাষাত সন্নিবিষ্ট কৰা হৈছিল। তালিছ মিৰজুম লাৰ লগত গড়গাঁৱলৈকে আহিছিল সেয়ে তেওঁৰ লিখনিত জলবায়ু, জীৱ-জন্তু, ধাতু, মুদ্ৰা, ৰাজহ, শাসক সকলৰ নীতি নিয়ম, সামাজিক অৱস্থা ৰাজধানী গড়গাঁৱৰ বিস্তৃত বিৱৰণ পোৱা যায়।

এডৱাৰ্ড গেইটৰ 'A History of Assam' নামৰ গ্ৰন্থত তালিছৰ চোকাৰ সম্পূৰ্ণ ইংৰাজী অনুবাদ দিয়া আছে অসমৰ বিষয়ে তেওঁ লিখিছে- "অসম এখন হাবি জংঘলেৰে ভৰা ভয়াবহ ৰাজ্য। কলিয়াবৰৰ পৰা গড়গাঁৱলৈকে (ঘৰ-দুৱাৰ আৰু ফল-মূলেৰে ভৰা জুৰী সমূহ অবিৰতভাৱে দেখা গৈছিল আৰু ৰাস্তাৰ দুয়োটাৰে ওখ ওখ বাঁহ গছ আৰু ছাঁ দিয়া জোপোহা গছ আছে। ৰাজ্যখনত বিভিন্ন প্ৰজাতিৰ সুগন্ধি ঘৰুৱা দ্ৰব্য আৰু বনৰীয়া ফুল পোৱা যায়। ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চলবোৰৰ জলবায়ুয়ে দেশী বিদেশী উভয়কে শুজিছিল। বছৰৰ আঠমাহেই বৰষূণ হৈছিল আনকি শীতকালৰ চাৰিটা মাহতো বৰষূণ দিছিল। অতিপাত ঘামে বিদেশী সকলক জুৰুলা কৰিছিল। অসমত বংগ দেশৰ দৰে কুষ্ঠ, গোধ, চৰ্মৰোগ, গৰুল আদি মাৰাত্মক আৰু ঘিণ লগা বেমাৰ বিলাক হোৱা নাছিল।

তেওঁৰ বিৱৰণীত গড়গাঁও নগৰত থকা ৰাজকাৰেঙৰ বিষয়েও উল্লেখ আছে। এই বিষয়ে তেওঁ লিখিছে যে- "ৰজাই সাক্ষাত্‍ প্ৰদান কৰা ঘৰটোক হোলোং ঘৰ বোলা হৈছিল। ঘৰটো (১২০ হাত) বহল আছিল। ই চাৰিহাত (ঘেৰৰ) ৬৬ টা খুঁটাৰে সজা হৈছিল। খুঁটাবোৰ ইমান মিহিকৈ কটা যে এইবোৰ কুন্দত কটা যেন লাগে। ৰাজকাৰেংৰ কাৰুকাৰ্য আৰু কঠিত কটা চিত্ৰ ভাস্কাৰ্য বৰ্ণনাতীত। এনে কাৰু কাৰ্য খচিত বিৰল সৌন্দৰ্যৰ কাঠৰ ঘৰ বোধ হয় পৃথিৱীৰ কোনো মানুহে সাজি উলিয়াব নোৱাৰিব। ৰাজকাৰেংৰ চাৰিবেৰৰ নানা ধৰণৰ নকত্ৰ কটা কাঠৰ ছিলিং দিয়া আৰু তাৰ প্ৰতিফলনে চকু ছাট মাৰি ধৰে।" 

 এইদৰে ছিহাবুদ্দিন তালিছৰ অসম বিৱৰণ মধ্যযুগত অসমৰ সমাজ অৰ্থনীতি সংস্কৃতি আদিৰ এক গুৰুত্বপূৰ্ণ দলিল।


52. অসম বুৰঞ্জীৰ সমলসমূহৰ ওপৰত এট্ টোকা লিখা।  HS-2013

উত্তৰঃ- অসম বুৰঞ্জীৰ কিছুমান গুৰুত্বপূৰ্ণ সমল হ'ল- প্ৰত্নতাত্বিক সমল মুদ্ৰা, লিপি আৰু সাহিত্যিক সমল মধ্যযুগত অসম বুৰজ্ঞীৰ মূল প্ৰত্নতাত্বিক সমল সমূহ হ'ল- বিভিন্ন মঠ-মন্দিৰ, দৌল-দেৱালয়, ৰাজপ্ৰাসাদ, গড়, বাট-পথ, দলং, মৈদাম, সত্ৰ, নামঘৰ, মছজিদ, দৰগাহ ইত্যাদিৰ ভগ্নাংৱশেষসমূহ। এই বিলাক অধ্যয়নৰ যোগেদি সেই সময়ৰ শাৰীৰিক কৌশল, নিৰ্মাণৰ ব্যৱহাৰিক সামগ্ৰী, স্থাপত্য ভাস্কৰ্য সম্পৰ্কে তথ্য আহৰণ কৰিব পাৰি।

ঐতিহাসিক সমল হিচাপে লিপি সমূহৰ গুৰুত্ব অপৰিসীম এইবোৰৰ জড়িয়তে অতীতৰ ৰাজনৈতিক, সামৰিক আৰু আৰ্থ-সামাজিক জীৱনৰ নিৰ্ভৰযোগ্য উপাদান লাভ কৰাৰ উপৰিও কোনো ৰজাৰ ৰাজত্বকাল বা ঘটনাৰ সময় নিৰূপন আৰু কাল নিৰ্ণয়ত সহায় কৰে। আজিলৈকে পোৱা প্ৰাচীন ফালিসমূহৰ ভিৰতৰ ৰজা সুৰেন্দ্ৰ বৰ্মনৰ উমাচল শিলালিপিয়েই প্ৰথম। আনহাতে ১২০৫-০৬ খ্ৰীষ্টাব্দৰ উত্তৰ-গুৱাহাটীৰ কানাই-বৰশী শিলালিপিখন অসমৰ প্ৰাচীন আৰু মধ্যযুগৰ মাজৰ ব্যৱচ্ছেদ ৰেখা বুলি গন্য কৰিব পৰা যায়।

যিকোনো এখন দেশৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত মুদ্ৰাবোৰ অতি নিৰ্ভৰযোগ্য সমল। মুদ্ৰাৰ জৰিয়তে ৰজা সকলৰ ৰাজত্বৰ সময়, ৰাজ্যৰ সীমা দেশৰ অৰ্থনৈতিক অৱস্থা, ভাষা, ধৰ্ম আদি বিভিন্ন দিশৰ তথ্য আহৰণ কৰিব পৰা যায়। আহোমযুগৰ সকলোতকৈ পুৰণা মুদ্ৰা হ'ল স্বৰ্গদেউ চুক্লেংমুং গড়গঞা ৰজাৰ দিনৰ ৰূপৰ মুদ্ৰা। ইয়াৰ ভাষা টাই আহোম। এই মুদ্ৰাসমূহ আঠকোণীয়া আছিল। আনহাতে কোচ ৰজা সকলৰ মুদ্ৰাক "নাৰায়ণী মুদ্ৰা" বুলি কোৱা হৈছিল। এইবোৰ সাতকণীয়া আছিল।

মধ্যযুগৰ অসম বুৰঞ্জীৰ সমল সমূহৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ হ'ল- বুৰঞ্জী পুথিসমূহ। আহোমসকল অহাৰ পিচৰ পৰাহে বুৰজ্ঞী লিখা প্ৰথা প্ৰচলন হৈছিল। টাই ভাষাত বুৰজ্ঞী মানে হ'ল নজনা কথা জনাৰ ভঁৰাল বা মুৰ্খৰ শিক্ষাৰ ভঁৰাল। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চ্যুকাফাই দেশৰ সকলো আৱশ্যকীয় ঘটনা বুৰঞ্জীত সন্নিবিষ্ট কৰিবলৈ ৰাজসভাৰ পণ্ডিতসকলক আদেশ কৰিছিল। স্বৰ্গদেউ চুহুংমুং দিহিঙ্গীয়া ৰজাৰ দিনত প্ৰথমবাৰৰ বাবে অসমীয়াত বুৰঞ্জী লিখা হৈছিল। এই বুৰঞ্জীসমূহত কেৱল সেই যুগৰ ৰাজনৈতিক ঘটনা প্ৰবাহৰ বিষয়েহে বৰ্ণনা দাঙি ধৰিছে।

ধৰ্মীয় সাহিত্য সমূহৰ পৰাও অসমৰ ইতিহাস ৰচনাৰ যথেষ্ট সমল আহৰণ কৰা হৈছে। এই বৈদিক সাহিত্য সমূহৰ পৰা আৰ্য-অনাৰ্য সকলৰ মাজৰ সম্পৰ্কৰ বিষয়ে কিছু কথা জানিব পাৰি। ৰামায়ণ, মহাভাৰত দুয়োখন মহাকাব্যতেই প্ৰাগজ্যোতিষ-কামৰূপৰ ৰাজনৈতিক আৰু ভৌগোলিক বৰ্ণনা পোৱা যায়। পুৰাণ সমূহেও প্ৰাচীন অসমৰ ৰাজনৈতিক আৰু সাংস্কৃতিক বুৰঞ্জী অধ্যয়ণত সহায় কৰে। তান্ত্ৰিক বৌদ্ধশাস্ত্ৰ আৰু চৰিত পুথিসমূহো মধ্যযুগৰ বুৰঞ্জী ৰচনাৰ অন্যতম সমল। ষোল্লৰশ-ওঠৰশ শতিকাৰ অসমীয়া সমাজ আৰু সংস্কৃতিৰ সপোনস্বৰূপ এই চৰিত পুথি সমূহ অমূল্য ঐতিহাসিক সমল। ধৰ্মীয় সাহিত্য সমূহৰ পৰা অন্য ঐতিহাসিক উত্‍সৰ পৰা আহৰণ কৰিব নোৱাৰা ভালেমান তথ্য আহৰণ কৰিব পৰা হৈছে।

স্থাপত্য কলাও হ'ল অসম বুৰজ্ঞীৰ এক অন্যতম সমল। স্থাপত্যক একোটা জাতিৰ কাৰিকৰী প্ৰগতি, ৰুচি-অভিৰুচি, অৰ্থনৈতিক অৱস্থা, ধৰ্মীয় বিশ্বাস, সাংস্কৃতিক পৰমপৰা আদিৰ মাপ-কাটি বুলি ধৰা হয়। সেয়েহে ইতিহাসবিদসকলে এইবিধ সমলক আটাইতকৈ নিৰ্ভৰযোগ্য আহিলা হিচাপে স্বীকৃতি দি আহিছে। আহোম যুগৰ স্থাপত্য বিদ্যাৰ অৱদানক ঘাইকৈ তিনিটা ভাগত ভগাব পাৰি যেনে- (১) মঠ-মন্দিৰ (২) ৰাজ অট্টালিকা আৰু (৩) শিলাসাকোঁ। স্বৰ্গদেউ গদাধৰ সিংহই বনোৱা উমানন্দ মন্দিৰেই হ'ল প্ৰথম ইটাৰে নিৰ্মিত স্থাপত্য। আনহাতে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকাল আহোম স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হয়।

এইদৰে অসম বুৰঞ্জীৰ সমল সমূহে অসমৰ ইতিহাস অধ্যয়ণ কৰাত অতি গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে।


53. অসমত হোৱা প্ৰথমলানি বৃটিছ বিৰোধী বিদ্ৰোহৰ বিষয়ে চমুকৈ আলোচনা কৰা। HS-2024


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022.


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »