-->

Class 12 History Chapter 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । Kings & chronicles, Mughal Courts

AHSEC Solution for Class 12 History Chapter 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ। Kings & chronicles, Mughal Courts. All the important questions answers are discussed in this article.

 Kings & chronicles, Mughal Courts
ৰজাসকল আৰু পুনৰাবৃত্তবোৰ, মোগলৰাজ-দৰবাৰবোৰ
দশম অধ্যায়ঃ- সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ (১৬-১৭শ শতিকা)

Chapter 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ। Kings & chronicles, Mughal Courts ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Hisory Chapter 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ। Kings & chronicles, Mughal Courts has been discussed in systematic way. There are approximately important 39 questions answers in this article.

1. মোগল শব্দটো ক'ৰ পৰা আহিছে?
উত্তৰঃ- মঙ্গন্দোল শব্দৰ পৰা।

2. মোগল সাম্রাজ্যৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰঃ- বাবৰ।

3. কোন চনত আকবৰে সিংহাসনত বহিছিল?
উত্তৰঃ- ১৫৫৬ চনত।

4. চিপাহী বিদ্রোহৰ সময়ত মোগল সম্রাট কোন আছিল?
উত্তৰঃ- দিত্বীয় বাহাদুৰ চাহ।

5. মোগল সম্রাট কোনজনে আলমগীৰ উপাধি গ্রহণ কৰিছিল।
উত্তৰঃ- ঔৰংজেৱে।

6. মোগল দৰবাৰত কি ভাষাৰ প্ৰচলন হৈছিল?

উত্তৰঃ- পাৰ্চী ভাষা।

7. মোগলসকলৰ মাতৃভাষা কি আছিল?

উত্তৰঃ- তুর্কী ভাষা।

৪. আকবৰনামা কি ভাষাত লিখা হৈছিল?

উত্তৰঃ- পার্চী ভাষাত।

9. পাণ্ডুলিপি মানে কি বুজায়?
উত্তৰঃ- কোনো হাতে লিখা পুথি বা সংকলনক পাণ্ডুলিপি বুলি কোৱা হয়।

10. আকবৰনামাৰ লেখকজনৰ নাম কি আছিল?
উত্তৰঃ- আবুল ফজল।

11. বাদশ্বাহনামা কোনে লিখিছিল?
উত্তৰঃ- হামিদ লাহৰী।

12. জিজিয়া কৰ কোনে উঠাই দিছিল আৰু কেতিয়া?
উত্তৰঃ- ১৫৬৪ চনত আকবৰে উঠাই দিছিল।

13. কোনজন মোগল সম্রাটে ফটেহপুৰ চিক্রীত ৰাজধানী প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ- আকবৰে।

14. বুলন্দ দৰৱাজা কি?
উত্তৰঃ- গুজৰাট বিজয় স্মৰণীয় কৰাৰ কাৰণে আকবৰে ফটেহপুৰ চিক্ৰীৰ ঠিক সোঁমাজতে এখন বিশাল আকৃতিৰ দুৱাৰমুখ বা প্রবেশপথ নির্মাণ কৰাইছিল। ইয়াকে বুলন্দা দৰৱাজা বুলি কোৱা হয়।

15. কোন চনত আকবৰে লাহোৰলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল?
উত্তৰঃ- ১৫৮৫ চনত।

16. ভাৰত তখত বুলিলে কি বুজা?
উত্তৰঃ- মোগল ৰাজসিংহাসনৰ আন এটা নাম তখত।

17. খিলত মানে কি?
উত্তৰঃ- সম্রাটে পিন্ধা পুৰণি সন্মানিত পোছাকক খিলত বোলা হৈছিল।

18. হুমায়ুন নামাৰ ৰচক কোন?
উত্তৰঃ- হুমায়ুনৰ জীয়ৰী গুলবদন।

19. 'মনচব' শব্দৰ অর্থ কি আছিল?
উত্তৰঃ- স্থান বা পদমর্যাদাক বুজোৱা হৈছিল।

20. পাৰ্চী আৰু হিন্দী ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা ভাষাটোৰ নাম কি আছিল?

উত্তৰঃ- উর্দু ভাষা।

21. 'বাবৰৰ স্মৃতি' কি ভাষাত ৰচনা কৰা হৈছিল?
উত্তৰঃ- তুর্কী ভাষা।

22. কোন চনত আৰু কাৰ কাৰ মাজত দিত্বীয় পাণিপথৰ যুদ্ধ হৈছিল।
উত্তৰঃ- ১৫৫৬ চনত আকবৰ আৰু হিমুৰ মাজত দিত্বীয় পাণিপথৰ যুদ্ধ হৈছিল।

23. চাগতাই নামৰ মোগলসকল কোন বংশৰ লোক আছিল?

উত্তৰঃ- তেওঁলোক চেংগিজ খাঁৰ বংশধৰ আছিল।

24. চাৰতমালিম আৰু জমিনচ পদ্ধতি কোনে উদ্ভাৱন কৰিছিল?
উত্তৰঃ- সম্রাট চাহজাহানে।

25. ইউৰোপৰ পৰা অহা কোন লোকে ভাৰতলৈ পোন প্রথম বাৰৰ বাবে জলপথ আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ- ভাস্কো দা গামাই।

26. 
কোনে কেতিয়া এছিয়াটিক ছ'চাইটি গঠন কৰিছিল?
উত্তৰঃ- ১৭৮৫ চনত চাৰ জন উইলিয়ামৰ নেতৃত্বত এছিয়াটিক ছ'চাইটি গঠন কৰা হৈছিল।


27. মোগল যুগৰ কেইটামান অভিজাত শ্ৰেণীৰ নাম লিখা।
উত্তৰঃ- মোগল যুগৰ কেইটামান অভিজাত শ্রেণী হ'ল- তুৰানী, আফগানী, ৰাজপুত, দক্ষিণী আদি।

28. মোগলসকল কিয় নিজকে টাইমূৰী বুলি কৈছিল?
উত্তৰঃ- মোগল সকলে নিজকে টাইমুৰ বুলি চিনাকি দিছিল। কাৰণ তেওঁলোক তুর্কী আক্রমণকাৰী টাইমূৰৰ বংশধৰ আছিল।

29. আকবৰৰ ৰাজসভাৰ দুজন উল্লেখযোগ্য হিন্দু ৰাজবিষয়াৰ নাম লিখা?
উত্তৰঃ- আকবৰৰ ৰাজসভাৰ উল্লেখযোগ্য হিন্দু ৰাজবিষয়া দুজন আছিল- ৰাজা টোডৰমল আৰু ৰাজা মানসিংহ।

30. নষ্টালিক শৈলী কি?
উত্তৰঃ-

31. দুখন গুৰুত্বপূর্ণ মোগল সচিত্র পাণ্ডুলিপিৰ নাম লিখা।
উত্তৰঃ- দুখন উল্লেখযোগ্য মোগল পৱিত্ৰ পাণ্ডুলিপি আছিল-
(ক) আকবৰনামা আৰু
(খ) বাদচাহনামা।

32. মোগল শব্দটো ক'ৰপৰা উদ্ভৱ হৈছিল? মোগলসকলে নিজে এই শব্দটো ব্যৱহাৰ কৰিছিল নে?
উত্তৰঃ- মোগল শব্দটো মঙ্গল শব্দৰ পৰা আহিছে। এই নামটো এখন সাম্রাজ্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। কিন্তু মোগলসকলে তেওঁলোকৰ লেখাতি ব্যৱহাৰ কৰা নাছিল। তেওঁলোকৰ পিছত অনান্য লোকেহে এই শব্দটো ব্যৱহাৰ কৰিছিল।

33. মোগল সাম্রাজ্যৰ শ্রেষ্ঠ সম্রাট কোন আছিল? তেওঁৰ দুটা উল্লেখযোগ্য সফলতাৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ- মহামতি আকবৰ আছিল মোগল যুগৰ শ্ৰেষ্ঠ সম্রাট। তেওঁৰ দুটা উল্লেখযোগ্য সফলতা আছিল—
(ক) ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত ঐক্য স্থাপন।
(খ) ৰাজপুত সকলৰ লগত মিত্রতা স্থাপন।

34. মোগল যুগৰ ইতিহাসসমূহ ৰচনা কৰাৰ দুটা উদ্দেশ্য লিখা।
উত্তৰঃ- ইয়াৰ উদ্দেশ্য আছিল—
(ক) শাসকসকলৰ শাসনকার্যাৰ বিভিন্ন দিশসমূহৰ চিত্ৰ দাঙি ধৰা আৰু
(খ) সম্রাটক কেন্দ্ৰ কৰি সংঘটিত হোৱা ঘটনাৰাজি, ৰাজপৰিয়াল, দৰবাৰ আৰু অভিজাত সকল, যুদ্ধ আৰু প্রশাসনিক ব্যৱস্থাপনা আদি দেশসমূহৰ তথা সমাজৰ ওচৰত দাঙি ধৰা।

35. মোগল ইতিহাসৰ পৰা কি তথ্য আহৰণ কৰিব পাৰি?
উত্তৰঃ- মোগল যুগত ৰচিত ইতিহাসবোৰে সাধাৰণতে সম্রাটসকলৰ সম-সাময়িক ঘটনাৱলীৰ বিষয়ে বর্ণনা দিছিল। ইয়াৰ উপৰি এই ইতিহাসসমূহত মোগল যুগৰ ৰাজনৈতিক ব্যৱস্থাৰ প্রকৃত তথ্যবোৰ সন্নিবিষ্ট কৰা হৈছিল। এই ইতিহাসসমূহৰ তথ্যৰ পৰা সেই সময়ৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, আৰু ধর্মীয় জীৱনৰ বিভিন্ন দিশৰ বিষয়ে জানিব পাৰি।


36. আকবৰ নামা আৰু বাদশাহ নামাৰ ওপৰতএটা টোকা লিখা।

আকবৰ নামা আৰু বাদশাহ নামা চিত্র সম্বলিত মোগল ইতিহাসসমূহৰ ভিতৰতে সর্বাধিক প্রসিদ্ধ দুখন ইতিহাস। প্রত্যেকখন গ্রন্থৰে প্রায় ১৫০০খন সম্পূর্ণ বা দুই পৃষ্ঠা জোৰা যুদ্ধ, দুর্গ বেষ্টনী, চিকাৰ, স্মাৰক গৃহ নির্মাণ, দৰবাৰ ইত্যাদিৰ ছবি আছে।।

আকবৰ নামাৰ লিখক আবুল ফজল মোগল ৰাজধানী আগ্রাত ডাঙৰ দীঘল হৈছিল। আৰবী, ফাৰচী, গ্রীক দর্শন আৰু চুফীবাদৰ ওপৰত বিস্তৃত অধ্যয়ন থকা আবুল ফজল একেধাৰে এজন সু-সাহিত্যিক, তার্কিক, চিন্তাবিদ আৰু উলেমাসকলৰ বিৰোধী আছিল। এই গুণসমূহৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আকবৰে তেওঁক নিজৰ ৰাজনৈতিক উপদেষ্টা আৰু মুখপাত্র হিচাপে নিয়োগ কৰিছিল। ধর্মীয় গোড়ামিৰ পৰা ৰাজ্যখন মুক্ত কৰাটো আছিল সম্রাট আকবৰৰ অন্যতম প্রধান উদ্দেশ্য। দৰবাৰী ইতিহাসবিদ হিচাপে আবুল ফজলে আকবৰৰ শাসনৰ লগত জড়িত প্রশাসনিক বিধি সমূহক কেৱল বাস্তৱায়িত কৰাই নহয় বৰঞ্চ স্পষ্টভাৱে ব্যক্ত কৰিছে।

১৫৮৯ খৃঃত আৰম্ভ কৰি আবুল ফজলে সুদীর্ঘ ১৩ বছৰত আকবৰ নামৰ কাম সম্পূর্ণ কৰিছিল আৰু বহুবাৰ মূল পাঠৰ সংশোধন ঘটাইছিল। গ্রন্থখন বিভিন্ন ঘটনাৰ বাস্তৱ বিৱৰণ, শাসকীয় দস্তাৱেজ, বিভিন্ন গুণী-জ্ঞানী পণ্ডিতৰ মৌখিক প্রমাণ যেনে—সাক্ষী, সাক্ষাৎকাৰ ইত্যাদিৰ ওপৰত আধাৰিত আছিল।

আকবৰ নামা গ্রন্থখন তিনিটা অধ্যায়ত ভাগ কৰা হৈছে। ইয়াৰ প্ৰথম দুটা অধ্যায় ইতিহাস আৰু তৃতীয়টো অধ্যায় হ'ল 'আইন-ই-আকবৰী'। প্রথম অধ্যায়ত আদমৰ পৰা আৰম্ভ কৰি আকবৰৰ জীৱনৰ এক স্বর্গীয় কালচক্র (৩০ বছৰ)ৰ মানৱ জাতিৰ ইতিহাস বর্ণনা কৰা আছে। দ্বিতীয় অধ্যায়ত আকবৰৰ ৰাজত্বৰ ৪৬ বর্ষলৈ (১৬০১ খৃঃ) বর্ণনা কৰা আছে। ইয়াৰ ঠিক পিছৰ বছৰতে আবুল ফজলক ৰাজকুমাৰ ছেলিমৰ সহায়কাৰী বীৰ সিং বুন্দেলাই ষড়যন্ত্র কৰি হত্যা কৰে।

আকবৰ নামা গ্রন্থখনৰ উদ্দেশ্য আছিল আকবৰৰ ৰাজত্ব কালৰ পুংখানুপুংখ বিৱৰণ দিয়াটো। ইয়াত গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘটনাসমূহৰ সামাজিক বিৱৰণৰ পৰম্পৰা ৰক্ষা কৰি ঐতিহাসিক দৃষ্টিভংগীৰে দিয়া হৈছিল।


37. মোগল আমোলত পাণ্ডলিপি কেনেকৈ প্ৰস্তুত কৰা হৈছিল?

(অথবা) মোগল দৰবাৰত পাণ্ডুলিপি প্ৰস্তুত সম্পর্কে বহলাই লিখা। HS-2024

উত্তৰঃ- মোগল যুগৰ সকলো গ্রন্থই পাণ্ডুলিপি ৰূপত পোৱা গৈছে অর্থাৎ হাতেলিখা পুথি। পাণ্ডুলিপি ৰচনা কৰা মুখ্য কেন্দ্র আছিল শাহী কিতাপখানা। আচলতে কিতাপখানা শব্দটো পুথিভঁৰাল ৰূপত অনুবাদ কৰিব পাৰি। দৰাচল ই এক লিপিঘৰ আছিল য'ত সম্রাটৰ পাণ্ডুলিপিসমূহ সংগ্ৰহ কৰি ৰখা হৈছিল আৰু নতুন পাণ্ডুলিপিও প্ৰস্তুত কৰা হৈছিল।

পাণ্ডুলিপি ৰচনাৰ বিভিন্ন কামত বহুলোক জড়িত হৈ থাকে। কাগজ তৈয়াৰ কৰোতাসকলে পাণ্ডুলিপিৰ পৃষ্ঠাসমূহ তৈয়াৰ কৰিছিল। লেখাৰুৱে সুন্দৰ হাতৰ আখৰেৰে পাঠৰ নকল কৰিছিল, চিত্ৰকাৰসকলে পাঠৰ বিভিন্ন চিত্র আঁকিছিল। পৃষ্ঠাসমূহৰ উজ্বলতা বৃদ্ধিৰ কাৰণে এভাগে সোণপানী চৰোৱা কাম কৰিছিল আৰু সকলো পৃষ্ঠা একত্রিত কৰি সুন্দৰ আৱৰণ বা বেটুপাতেৰে কিতাপ আকাৰে বান্ধিবৰ কাৰণে শ্ৰমিকৰ প্ৰয়োজন হৈছিল। প্রস্তুত কৰা এই পাণ্ডুলিপিসমূহ বহু মূল্যৱান বৌদ্ধিক সম্পদ আৰু সৌন্দর্যৰ আকৰ আছিল। ৰাজকীয় পৃষ্ঠপোষকতাত লিখি উলিওৱা এই পাণ্ডুলিপিসমূহে মোগল সম্রাটসকলৰ শক্তি তথা জ্ঞান পিপাসু চৰিত্ৰৰ পৰিচয় বহন কৰিছিল।

পাণ্ডুলিপিসমূহৰ প্ৰস্তুত কৰ্মৰ লগত জড়িত সকলো কলা-কুশলীক পদমর্যাদা আৰু পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। বিশেষভাৱে লেখাৰু আৰু চিত্ৰকৰসকলে উচ্চ পদমর্যাদা আৰু সামাজিক প্রস্থিতি লাভ কৰিছিল। কিন্তু কাগজ নির্মাণ কৰোতা বা আন শিল্পীসকল সমাজত অৱহেলিত হৈয়ে ৰৈছিল।

সুন্দৰ হাতৰ আখৰেৰে লিখা কামটো অত্যন্ত গুৰুত্বপূৰ্ণ কৌশল বুলি বিবেচনা কৰা হৈছিল। পাণ্ডুলিপিসমূহত সুন্দৰ হস্ত লেখন কলাৰ উত্তম নিদর্শন আৰু শৈলী সংৰক্ষিত হৈ থকা দেখা যায়। ইয়াৰ প্ৰয়োগ ভিন ভিন শৈলীত কৰা হৈছিল। নষ্টালিক আছিল আকবৰৰ অন্যতম প্রিয় শৈলী। এইবিধ এবিধ তৰল শৈলী য'ত পথালি সমতল পিতত কলেমেৰে লিখা হৈছিল। কলমসমূহ ৫ৰ পৰা ১০ মি.মি. দীঘল জোঙা নিবযুক্ত আছিল। চিয়াঁহীত ডুবাই লিখা নিবসমূহ মাজত ফলা আছিল যাতে চিয়াঁহী সহজে বৈ যাব পাৰে।


38. মোগল দৰবাৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ-মোগল দৰবাৰৰ ভৌতিক ব্যৱস্থাপনাত সম্রাটজন সমগ্র সমাজৰ কেন্দ্রবিন্দু ৰূপত প্রতিবিম্বিত হৈছে। দৰবাৰৰ কেন্দ্রবিন্দু আছিল ৰাজসিংহাসন বা তখত। এই সিংহাসনে সম্রাটৰ কার্য প্রণালীক ভৌতিক ৰূপত প্ৰকাশ কৰিছিল। যাক এক্সিস মুণ্ডী (Axis Mundi) বা পৃথিৱীখন ধৰি ৰখা এটা স্তম্ভৰ ৰূপত কল্পনা কৰা হৈছিল। চন্দ্ৰতাপ আছিল সহস্রাব্দ জুৰি ভাৰতৰ ৰাজতন্ত্র প্রতীক আৰু ই সম্রাটসকলৰ উজ্জ্বলতাক সূৰ্যৰ উজ্জ্বলতাতকৈ পৃথক কৰিছিল বুলি বিশ্বাস কৰা হৈছিল।

সম্রাটক অভিবাদন প্রদান কৰোতেও এজন দৰবাৰীৰ প্ৰস্থিতি প্রকাশ পাইছিল। অতি আন্তৰিকতা পূর্ণভাৱে মূৰ দোঁৱাই হাউলি অভিবাদন জ্ঞাপন কৰাজনৰ প্ৰস্থিতিও আছিল উচ্চ। দণ্ডৱত প্রণাম বা সিজদা আছিল আত্মনিবেদনৰ আটাইতকৈ উচ্চতম পদ্ধতি। সম্রাট ছাহজাহানে দণ্ডৱত প্রণামৰ পৰিৱর্তে চাৰতসলিম আৰু জমিনবচ (ভূমি চুমা খোৱা) পদ্ধতিৰ প্রচলন কৰিছিল। চাৰতসলিম পদ্ধতিত ব্যক্তিজনে সোঁহাত ভূমিৰ পৰা ক্ৰমাৎ লাহে লাহে ওপৰলৈ তুলি তলুৱা শিৰত লগাই অভিবাদন জনাব লাগিছিল। এই তসলিম চাৰিবাৰ কৰা হৈছিল। সেয়ে চাৰতসলিম বুলিছিল। তসলিমৰ শব্দগত অর্থ আছিল আত্ম নিবেদন।

মোগল দৰবাৰত ৰাষ্ট্রদূতসকলৰ কাৰণেও সুস্পষ্ট নীতি নির্ধাৰণ কৰা হৈছিল। সম্রাটৰ সন্মুখত উপস্থিত হওঁতে এজন ৰাষ্ট্রদূতে অভিবাদন জ্ঞাপন কৰাটো সম্রাটে আশা কৰিছিল। এই অভিবাদন ৰাষ্ট্রদূতজনে অতি আন্তৰিকতাপূর্ণভাৱে হাউলি বা জমিনবচ পদ্ধতিৰে জনাব লাগিছিল, অথবা পাৰ্চী নিয়মেৰে বুকুত হাত থৈও জনাব পাৰিছিল। ইংলণ্ডৰ ৰজা প্রথম জেমছৰ প্রতিনিধি থমাছ ৰোৱে সম্রাট জাহাংগীৰৰ সন্মুখত ইউৰোপীয় ৰীতিৰে সামান্য হাউলি অভিবাদন জনাইছিল আৰু দৰবাৰত বহিবলৈ আসন বিচাৰি সকলোকে চমকিত কৰিছিল।

সম্রাটে তেওঁৰ দৈনন্দিন কাম-কাজ ৰাতিপুৱা সূর্যোদয়ৰ সময়তেই ভক্তি-গীত বা প্রার্থনাৰে আৰম্ভ কৰিছিল। তাৰপিছত পূবত থকা এটা সৰু বেলকনীত যাক ঝাৰোখা বোলা হৈছিল, তাত উপস্থিত হয়গৈ। বেলকনীৰ তলতে তেওঁৰ দৰ্শন পাবলৈ বহু মানুহ জুম বান্ধি অপেক্ষা কৰি থাকে। সেইসকলৰ ভিতৰত আছিল সৈনিক, ব্যৱসায়ী, শিল্পকাৰ, কৃষক আৰু বেমাৰী শিশুৰ সৈতে মহিলাসকল। এই ঝাৰোখা দর্শন ব্যৱস্থা সম্রাট আকবৰে উদ্ভাৱন কৰিছিল যাৰ উদ্দেশ্য আছিল জনমানসত সম্রাটৰ ৰাজকীয় কর্তৃত্বক স্বীকৃতি দিয়া আৰু বিস্তাৰ কৰা।


38. কিতাবখানা মানে কি?  HS-2022

উত্তৰঃ- কিতাবখানা মানে হ'ল পুথিভঁৰাল বা পাণ্ডুলিপি লিখা আৰু সংৰক্ষণ কৰা ঠাই। আচলতে কিতাবখানা হ'ল এক লিপিঘৰ য'ত সম্রাটৰ পাণ্ডুলিপিবোৰ সংগ্ৰহ কৰি ৰখা হৈছিল আৰু নতুন পাণ্ডুলিপি প্রস্তুত কৰা হৈছিল। তালৈকে পণ্ডিতসকলে সম্রাটৰ অনুমতি লৈ সংৰক্ষিত পাণ্ডুলিপিবোৰ চাব পাৰিছিল আৰু তথ্য সংগ্রহ কৰিব পাৰিছিল। কিতাবখানাই মোগলসকলৰ বিদ্যায়তনিক উৎকর্ষ সাধন কৰাত এটা গুৰুত্বপূর্ণ ভূমিকা লৈছিল।


39. আগহাচ শব্দই কি বুজায়?

উত্তৰঃ- সম্রাটসকলৰ শাসনকালত শ্রেণী বৈষম্য বৰ কটকটীয়া আছিল। সম্রাটসকলে কিছুমান লোকক সমমর্যাদা বা তেওঁলোকৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক অভিজাত শ্রেণীভুক্ত কৰিছিল। অভিজাত শ্ৰেণীৰ অন্তর্ভুক্ত নোহোৱা লোকৰ পৰা বিবাহ কৰোৱাসকলক আগহাচ বোলা হৈছিল। সম্রাটসকলে নিজৰ খেয়াল খুচি মতে ধুনীয়া ছোৱালীক বিয়া কৰাইছিল— তাত কোনো ধৰণৰ সামাজিক বাধা নাছিল। কিন্তু আগহাচসকলে ৰাজপ্রাসাদত অন্যান্য ৰাণীসকলৰ সৈতে সমমর্যাদা নাপাইছিল। তেওঁলোকৰ গৰ্ভত জন্ম পোৱা পুত্রয়ো ৰাজসিংহাসন দাবী কৰিব নোৱাৰিছিল।


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022.


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »