-->

Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ । Kings, farmers and towns

AHSEC Solution for Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ । Kings, farmers and towns. All the important questions answers are discussed in this article.

শাসক, কৃষ্ণক আৰু চহৰসমূহ লগতে প্ৰাচীন ৰাজ্যসমূহ আৰু অৰ্থব্যৱস্থা

Kings, farmers and towns with Early states and economics

Class 12 History ৰজা কৃষক আৰু নগৰসমূহ। Kings, farmers and towns ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 History Chapter 2 শাসক, কৃষ্ণক আৰু চহৰসমূহ লগতে প্ৰাচীন ৰাজ্যসমূহ আৰু অৰ্থব্যৱস্থা। Kings, farmers and towns with Early states and economics has been discussed in systematic way. There are approximately important 32 questions answers in this article.

1. ব্রাহ্মী আৰু খাৰোষ্ঠী লিপিৰ পাঠোদ্ধাৰ কোনে কৰিছিল? HS-2017 

উত্তৰঃ- ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুদ্ৰা তৈয়াৰ কৰা এজন বিষয়া জেমচ প্রিন্সেপে।


2.  'পিয়াদশী' নামে কোনজন মৌৰ্য সম্ৰাটক বুজা হৈছিল? 

উত্তৰঃ- সম্রাট অশোক। 


3. ভাৰতীয় লিপিসমূহ অধ্যয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতি কেতিয়া সাধন হৈছেল?

উত্তৰঃ- ১৮৩০ খৃঃত

 

4. গ্ৰীক শব্দ 'পেৰিপ্লাছৰ' অৰ্থ কি?

উত্তৰঃ- সমুদ্ৰ যাত্ৰা।

5. ইৰিথ্ৰিয়ান চি মানে কি?

উত্তৰঃ- লোহিত সাগৰ।

 

6. তামিল মহাকাব্যখনৰ নাম লিখা।

উত্তৰঃ- শিল্পাদিকৰম।


7. ষোল্ল মহাজনপদৰ বিষয়ে ক'ত উল্লেখ আছিল?

উত্তৰঃ- সমসাময়িক অন্যান্য বিৱৰণৰ উপৰিও প্ৰাচীন বৌদ্ধ আৰু জৈন গ্ৰন্থ সমূহত।


8. কেইখনমান আটাইকতৈ উল্লেখযোগ্য মহাজনপদৰ নাম লিখা।

উত্তৰঃ- বিজ্জি, মগধ, কোশল, কুৰু, পাঞ্চাল, গান্ধাৰ আৰু অৱন্তী।


9. 'গহপতি' শব্দটোৱে কি বুজা?

উত্তৰঃ- ক্ষুদ্ৰ খেতিয়ক আৰু বৃহত্‍ দমিদাৰ সকলক বুজাইছিল।


10. মহাজনপদ মানে কি?

উত্তৰঃ- প্ৰাচীন ভাৰতৰ কিছুমান ৰাজ্য।


11. আটাইতকৈ শক্তিশালী মহাজনপদখনৰ নাম লিখা।

উত্তৰঃ- মগধ


12. মগধৰ প্ৰাৰম্ভিক ৰাজধানীখনৰ নাম কি আছিল?

উত্তৰঃ- ৰাজগৃহ।


13. মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰঃ- চন্দ্ৰগুপ্ত মৌৰ্য (৩২১ খৃষ্ট পূৰ্ব)


14. প্ৰাচীন ভাৰতৰ আটাইতকৈ বিখ্যাত ৰজা কোন আছিল?

উত্তৰঃ- মৌৰ্য সম্ৰাট অশোক।


15. প্ৰাচীন ভাৰতৰবৰ্ষৰ কোন শাসকসকলে 'দেৱপুত্ৰ' বা 'দেৱতাৰ সন্তান' উপাধি গ্ৰহণ কৰিছিল?

উত্তৰঃ- কুষাণ শাসক সকলে।


16. হৰিসেন কোন আছিল?

উত্তৰঃ- গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজ্যসভাৰ কবি আছিল। তেওঁ এলাহাবাদ প্ৰশস্তিখন ৰচনা কৰিছিল।


17. গুপ্তযুগত ভাৰতবৰ্ষত উত্‍পাদন বৃদ্ধিৰ বাবে কি কি উপায় অৱলম্বন কৰিছিল?

উত্তৰঃ- (ক) হালবাই খেতি কৰা আৰু (খ) জলসিঞ্চনৰ ব্যৱহাৰ।


18. গুজৰাটৰ সুদৰ্শন হ্ৰদ কোনে নিৰ্মাণ কৰাইছিল?

উত্তৰঃ- শাক ৰজা ৰুদ্ৰদমনে।


19. গৃহপতি বা কুলপতি কাক বোলা হৈছিল?

উত্তৰঃ- পৰিয়ালৰ মূৰব্বী তথা প্ৰধান জনক গৃহপতি বোলা হৈছিল।


20. মগধৰ ৰাজধানী ৰাজগৃহৰ পৰা পাতলিপুত্ৰলৈ কেতিয়া স্থানান্তৰিত কৰা হৈছিল?

উত্তৰঃ- খ্ৰীষ্ট পূৰ্ব পঞ্চম শতিকাত।


21. Xuan-Zang কোন আছিল?

উত্তৰঃ- সপ্তম শতিকাত ভাৰতবৰ্ষলৈ অহা চীনা তীৰ্থযাত্ৰী।


22. হৰ্ষচৰিত কি?

উত্তৰঃ- সংস্কৃত ভাষাত ৰচনা কৰা হৰ্ষ চৰিত গ্ৰন্থখন কনৌজৰ ৰজা হৰ্ষবৰ্দ্ধনৰ জীৱনী গ্ৰন্থ। গ্ৰন্থখনৰ লিখক হৰ্ষবৰ্দ্ধনৰ ৰাজসভাৰ কবি বানভট্ট (খ্ৰীষ্টাব্দ ৭ শতিকা)


23. গণ বা সংঘৰাষ্ট্ৰ বুলিলে কি বুজা?

উত্তৰঃ- কিছুমান মহাজনপদত এক শ্ৰেণীৰ দুই-চাৰিজন লোকে শাসন কৰিছিল, যি বোৰক গণ বা সংঘৰাষ্ট্ৰ বুলি বুজা গৈছিল।


24. অগ্ৰহাৰ কি?

উত্তৰঃ- ব্ৰহ্মণসকলক দান কৰা ভূমিক অগ্ৰহাৰ বোলা হৈছিল। এই ভূমি বিনা কৰ-কাটলে পুৰুষানুক্ৰমে ভোগ কৰাৰ সুবিধা পাইছিল? 


25. ভাৰতত প্ৰথম সোণৰ মুদ্ৰা কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ- খৃষ্টাব্দ প্ৰথম শতিকাত কুশান সকলেই ভাৰতত প্ৰখম সোণৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল।


26. আটাইতকৈ আকৰ্ষণীয় সোণৰ মুদ্ৰা কোনে প্ৰচলন কৰিছিল?

উত্তৰঃ- গুপ্ত ৰজাসকলে।


27. আটাইতকৈ প্ৰচীন ভাৰতীয় লিপিবোৰ কি ভাষাত লিখা হৈছিল?

উত্তৰঃ- প্ৰাকৃত ভাষাত।


28. অশোকৰ ব্ৰাহ্মী লিপিৰ পাঠোদ্ধাৰ কোনে আৰু কেতিয়া কৰিছিল?

উত্তৰঃ- ১৮৩৮ খৃষ্টাব্দত জেমচ প্ৰিন্সচেনে 


29. দেৱনাম প্ৰিয় আৰু প্ৰিয়াদাসী কোন প্ৰাচীন ভাৰতীয় ৰজাৰ উপাধি আছিল?

উত্তৰঃ- সম্ৰাট অশোকৰ।


30. প্ৰতিবেদক কি?

উত্তৰঃ- প্ৰতিবেদক শব্দৰ অৰ্থ সংবাদ দাতা। প্ৰতিবেদক সকলে সকলো খবৰ ৰজাক খবৰ দি আছিল।


31. সম্ৰাট অশোকৰ আন এটা নাম কি আছিল?

উত্তৰঃ- দেৱনামপিয়া প্ৰিয়দাসী যিজনে ৰাজত্বকালৰ অষ্টম বৰ্ষত কলিংগ ৰাজ্য জয় কৰিছিল।


32. গিল্ড বা শ্ৰেণী কি?

উত্তৰঃ- কাৰিকৰ, শিল্পী, বিভিন্ন বস্তুৰ উত্‍পাদনকাৰী আৰু সদাগৰসকলৰ সংগঠনক গিল্ড বা শ্ৰেণী বোলা হৈছিল।


33. 'Punched Marked' মুদ্ৰ বুলিলে কি বুজা?

উত্তৰঃ- এই মুদ্ৰা খ্ৰীষ্ট পূৰ্ব ষষ্ঠ শতিকাত ব্যৱহিত প্ৰথম মুদ্ৰা। এই মুদ্ৰা তাম আৰু ৰূপেৰে নিৰ্মাণ কৰা হৈছিল। ই হ'ল এক ছাপ মৰা মোহৰ। ধাতুৰ ওপৰত ছাপ মাৰি দিয়াৰ বাবে এই বোৰক Punched Marked বুলি কোৱা হৈছিল।


34. 'NBPW' কি?

উত্তৰঃ- প্ৰাচীন ভাৰতীয় ধুনীয়া চিকচিকিয়াকৈ সজা মাটিৰ বাৰ্চন-বৰ্তনবোৰক 'Northern Black Polished Ware (NBPW)' বোলা হৈছিল।


35. 'Megaliths' কি?

উত্তৰঃ- Megaliths হ'ল বিস্তৃত শিলৰ গাঁঠনি দিয়াৰ ব্যৱস্থা। ই খৃষ্ট পূৰ্ব প্ৰথম সহস্ৰব্দৰ মধ্যৰ আৰু দক্ষিণ ভাৰতৰ মৃতদেহ সত্‍কাৰৰ ক্ষেত্ৰত নতুন ব্যৱস্থা।


36. প্ৰাচীন তামিল সংগম সাহিত্যৰ সাহিত্যত গ্ৰাম্য সমাজত বাস কৰা কি ভিন্ন শ্ৰেণীৰ লোক সকলৰ নাম লিখা।

উত্তৰঃ- বৃহত্‍ জমিদাৰ বা ভেল্লাৰ, হালোৱা বা উজহাভাৰ আৰু দাস বা আদিমাই আদি। 


37. প্ৰভাৱতী গুপ্ত কোন আছিল?

উত্তৰঃ- প্ৰভাৱতী গুপ্ত প্ৰাচীন ভাৰতৰ ইতিহাসৰ অন্যতম এজন উল্লেখযোগ্য ৰজা দ্বিতীয় চন্দ্ৰগুপ্ত জীয়েক আছিল।


38. মনুস্মৃতি কি?

উত্তৰঃ- সংস্কৃত ভাষাত ৰচিত মনুস্মৃতি হ'ল প্ৰাচীন ভাৰতৰ আটাইতকৈ প্ৰসিদ্ধ আইন বিষয়ক গ্ৰন্থ। এই গ্ৰন্থ খৃষ্ট পূৰ্ব দ্বিতীয় শতিকাৰ পৰা খ্ৰীষ্টাব্দত দ্বিতীয় শতিকাৰ ভিতৰতে ৰচনা কৰা হৈছিল।


39. লিপি কাক বোলে?

উত্তৰঃ- শিল, ধাতু নাইবা হস্তনিৰ্মিত পাত্ৰাদিব পৃষ্ঠ তথা বহিপাৰ্শ্বৰ কঠিন ভাগত খোদাই কৰা লেখনী সমূহকে লিপি বোলে। সাধাৰণতে লিপি সমূহত কৃৰ্তিত্ব, কাৰ্যকলাপ আৰু যিয়ে লিপিকাৰক নিয়োজিত কৰে সেই সকলৰ বিষয়ে লিখা হয়।


40. গুজৰাটৰ মুদৰ্শন হ্ৰদটো কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ- মৌৰ্য যুগৰ এজন স্থানীয় শাসকে নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত শক ৰজা ৰুদ্ৰদমনে নিজৰ খৰচত বিশাল সুদৰ্শন হ্ৰদটো নিৰ্মাণ কৰি উলিয়াইছিল।


41. ধৰ্মসূত্ৰ কি?

উত্তৰঃ- খৃঃপূঃ ষষ্ঠ শতিকাৰ পৰা ব্ৰাহ্মণসকলে সংস্কৃত গ্ৰন্থবোৰ ৰচনা কৰিছিল যিবোৰক ধৰ্মসূত্ৰ নামে জনা গৈছিল। এই ধৰ্মসূত্ৰবোৰে শাসকসকলৰ লগতে অন্যলোক সকলৰ কাৰণেও সামাজিক নিয়ম সমূহ নিৰ্ধাৰণ কৰিছিল।


42. প্ৰাচীন ভাৰতৰ ইতিহাসত কোন শতিকাক পৰিৱৰ্তনৰ যুগ বুলি অভিহিত কৰা হয়?

উত্তৰঃ-খৃঃপূঃ ষষ্ট শতিকাটোক পৰিৱৰ্তনৰ যুগ বুলি অভিহিত কৰা হয় কিয়নো এই যুগটোৰ লগতে প্ৰাচীন ৰাজ্যসমূহৰ গঠন প্ৰক্ৰিয়া, নগৰৰ বিকাশ ক্ৰমশঃ লোৰ ব্যৱস্থা মুদ্ৰাৰ বিকাশ আদি কথাবোৰ জড়িত হৈ আছে। বৌদ্ধ আৰু জৈন ধৰ্মৰ উত্‍পত্তিৰ উপৰিও এই যুগটোতে বিভিন্ন দাৰ্শনিক চিন্তাধাৰাৰো বিকাশ ঘটিছিল।


43. মৌৰ্য সাম্ৰাজ্যত নায়ক সকলৰ ভূমিকাৰ বিষয়ে লিখা।

উত্তৰঃ- মৌৰ্য সাম্ৰাজ্যত নায়ক সকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মৌৰ্য সাম্ৰাজ্যত নায়কসকল আছিল একো একোজন শক্তিশালী ব্যক্তি। তেওঁলোকৰ পদ বংশানুক্ৰমিক হ'বও পাৰে নহ'বও পাৰে। নায়ক সকলে তেওঁলোকৰ পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিছিল। নায়কৰ মুখ্য কাম আছিল বিশেষ ধৰ্মীয় অনুষ্ঠান পৰিচালনা কৰা যুদ্ধৰ সময়ত নেতৃত্ব দিয়া আৰু বিবাদ মীমাংসা কৰাটো নায়কসকলে তেওঁলোকৰ অনুগামী সকলৰ পৰা উপটোকন লৈছিল আৰু এইবোৰ প্ৰায়েই তেওঁলোকৰ সমৰ্থকসকলৰ মাজত ভাগ কৰি দিছিল। সাধাৰণতে এই নায়কসকলে চলোৱা নায়কতন্ত্ৰত কোনো সৈন্য আৰু বিষয়া নাছিল।


44. কি কি কাৰণত মগধ আটাইতকৈ শক্তিশালি মহাজনপদ আছিল?

(অথবা)

মগধৰ উত্থানৰ পাঁচটা কাৰণ উল্লেখ কৰা।

(অথবা) মগধৰ উত্থানৰ কাৰণ সমূহ উল্লেখ কৰা।  HS-2022

উত্তৰঃ- খৃঃপূঃ ষষ্ঠ শতিকাৰ পৰা চতুৰ্থ শতিকাৰ ভিতৰত মগধ কেইবাটাও কাৰণত আটাইতকৈ শক্তিশালী মহাজনপদ আছিল, সেই কাৰণসমূহ হ'ল-

(i) মগধ আছিল এখন প্ৰাকৃতি প্ৰদত্ত সুৰক্ষিত এখন নদীমাতৃক ৰাজ্য। ই অত্যন্ত সুৰক্ষিত আছিল কিয়নো ইয়াৰ চাৰিওফালে পাহাৰে আগুৰি আছিল। মগধৰ সাৰুৱা মাটিত হোৱা কৃষি উত্‍পাদনে ৰাজ্যখনলৈ সমৃদ্ধি কঢ়িয়াই আনিছিল।

(ii) মগধত খনিজ সম্পদ মূলতঃ লো প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। ই দেশৰ কৃষি উত্‍পাদনৰ পৰা যুদ্ধ বিগ্ৰহৰ অষ্ত্ৰ-শষ্ট্ৰ লৈকে বৃহত্‍ বৰঙণি আগবঢাইছিল। 

(iii) মগধৰ হাবিত প্ৰচুৰ পৰিমানে হাতী পোৱা গৈছিল আৰু এই হাতীৰে মগধৰ দুৰ্ভেদ্য হস্তী বাহিনী গঠন কৰা হৈছিল।

(iv) মগধত জলপাথৰ যোগেদি যাতায়ত সূচল হৈছিল বিশেষকৈ গংগা আৰু ইয়াৰ উপনৈ সমূহৰ যোগেদি আন্তঃ আৰু বৰ্হিঃ বাণিজ্য চলিছিল। যাৰ ফলস্বৰূপে মগধে বাণিজ্যত এক শক্তিশালী স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

(V) মুঠৰ ওপৰত মগধে লাভ কৰিছিল সুযোগ্য শক্তিশালী নেতা আৰু সৈন্যবাহিনী। উচ্চকাংক্ষী বিম্বিসৰস অজাতশক্ৰ, মহাপদ্ম নন্দ আৰু তেওঁলোকৰ মন্ত্ৰীসকলে ৰাজ্য শাসনৰ নীতিসমূহ কাৰ্যকৰী কৰাত সহায় কৰিছিল।

উপৰক্ত কাৰণসমূহৰ বাবেই মগধ আটাইতকৈ শক্তিশালী মহাজনপদত পৰিণত হৈছিল।


45. মৌৰ্য ইতিহাসৰ সমল সমূহৰ বিষয়ে চমুকৈ লিখা। 

(অথবা) মৌৰ্যসকলৰ ইতিহাসৰ সমলসমূহৰ বিষয়ে এটি টোকা লিখা।  HS-2024

উত্তৰঃ-মৌৰ্য ইতিহাসৰ সমল সমূহক থোৰতে দুটা ভাগত ভাগ কৰা হয়-

(১) লিখিত সমল

(২) প্ৰত্নতাত্বিক সমল

লিখিত সমল সমূহৰ ভিতৰত কৌটিল্যৰ অৰ্থশাস্ত্ৰ, মেগাস্থেনিছৰ ইণ্ডিকা, বৌদ্ধ আৰু জৈন সাহিত্য, পৌৰাণিক সাহিত্য, মুদ্ৰাৰাক্ষক আদিৰ নাম উল্লেখযোগ্য। সেইদৰে প্ৰত্নতাত্বিক সমলৰ ভিতৰত উল্লেখযোগ্য হ'ল অশোকাৰ শিলালিপি, স্তম্ভলিপি, গুহালিপি, স্থাপত্য ভাস্কৰ্যৰ ধ্বংসাৱশেষ সমূহ।

মৌৰ্য যুগৰ ইতিহাস পুনৰ ৰচনাৰ এক প্ৰধান সমল হ'ল কৌটিল্যৰ অৰ্থশাস্ত্ৰ। এই গ্ৰন্থৰ লিখক আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ মন্ত্ৰী তথা প্ৰধান পৰামৰ্শদাতা চাণক্য বা কৌটিল্য তথা বিষ্ণুগুপ্ত। এই পুথিখন মূলতঃ ৰাষ্ট্ৰবিজ্ঞান সম্পৰ্কীয় পুথি যদিও ইয়াত মৌৰ্যসকলৰ শাসন ব্যৱস্থা, ৰাজ কৰ্তব্য আদি ভালেমান বিষয় সন্নিবিষ্ট হৈছে।

আনহাতে ঐতিহাসিক পণ্ডিত মেগাস্থেনিছৰ 'ইণ্ডিকা' নামৰ পুতিখন মৌৰ্য যুগৰ ইতিহাস ৰচনাৰ আন এক মূল্যৱান সমল হিচাপে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ আহিছিল। দুৰ্ভাগ্যবশতঃ এই পুথিখনৰ মূলপাঠ পাবলৈ নাহে।

আনহাতে বৌদ্ধ আৰু জৈন সাহিত্যতো মৌৰ্য যুগ সমদ্ধে ভালেমান তথ্য সন্নিবিষ্ট হৈ আছে। বিশেষভাৱে উল্লেখযোগ্য বৌদ্ধ সাহিত্যৰ ভিতৰত দীপবংশস, মহাবংশ প্ৰাধন। জৈন সাহিত্যৰ ক্ষেত্ৰত পৰিশিষ্ট পাৰ্বনৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তদুপৰি কল্পসূত্ৰ, মহাভাগ্য, গাৰ্গী সংহিতাবিষ্ণু পুৰাণ, বিশাখা দত্তৰ মুদ্ৰাৰাক্ষস আদিত মৌৰ্য যুগৰ সমল হিচাপে যথেষ্ট মূল্যবান।

মৌৰ্য যুগৰ ইতিহাস ৰচনাৰ বাবে আটাইতকৈ মূল্যবান সমল হ'ল মহান সম্ৰাট অশোকৰ শিলালিপিসমূহ। অশোকে ধৰ্ম সম্পৰ্কে যি ধাৰণা কৰিছিল তাক প্ৰচাৰ কৰিবৰ কাৰণে এই শিলালিপি আৰু স্তম্ভ লিপিসমূহ ব্যৱহাৰ কৰিছিল। এইবোৰত জীৱ হত্যাৰ পৰা বিৰত থকা, বিলাসী জীৱন পৰিত্যাগ কৰা প্ৰাহ্মণ আৰু সন্ন্যাসীসকলৰ প্ৰতি দয়াশীল হোৱা দাস আৰু ভৃত্যৰ প্ৰতি মধুৰ ব্যৱহাৰ কৰা মান্যজনৰ প্ৰতিশ্ৰদ্ধাশীল হোৱা অন্য ধৰ্মৰ প্ৰতি সহিষ্ণতা প্ৰদৰ্শন কৰা নীতি ধৰ্মৰ প্ৰতি আগ্ৰহী হোৱা ইত্যাদি কথাবিলাক লিপিবদ্ধ কৰা হৈছিল।  

মূঠৰ ওপৰত অশোক আছিল প্ৰথম সম্ৰাট যিজনে প্ৰজাসকল আৰি ৰজা বিষয়াসকলৰ বাবে নিজৰ বাণীসমূহ শিলৰ উপৰিভাগত বা মৃশন স্তম্ভৰ গাত খোদিত কৰাইছিল।


46. মৌৰ্য সাম্ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ- মৌৰ্য সাম্ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা উন্নত মানদণ্ডৰ আছিল। অশোকৰ লিপি সমূহত উল্লেখ আছে যে মৌৰ্য সাম্ৰাজ্যখন পাঁচখন মুখ্য ৰাজনৈতিক কেন্দ্ৰ বা প্ৰদেশত বিভক্ত আছিল। সেই কেইখন আছিল ৰাজধানী পাতলিপুত্ৰ, তক্ষশীলা, উজ্জয়িনী তোশালী আৰু সুবৰ্ণগিৰি। অৱশ্যে ইতিহাসবিদ সকলে মতপ্ৰকাশ কৰিছে যে এই বিশাল সাম্ৰাজ্যখনত সমধৰ্মী প্ৰশাসনিক ব্যৱস্থা আছিল নে? মূলতঃ সাম্ৰাজ্যত অন্তৰ্গত অঞ্চলবোৰ ভিন্ন ধৰ্মী আছিল। আফগানিস্থানৰ পাৰ্ঞ্চ্য ভূ-খণ্ড আৰু উৰিষ্যাৰ উপকূল অঞ্চলৰ মাজত থকা প্ৰভেদ কল্পনা কৰিলেই এই কথা স্পষ্ট হ'ব। 

মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী আঞ্চল আৰু প্ৰাদেশিক কেন্দ্ৰবোৰত প্ৰাদেশিক কেন্দ্ৰবোৰত প্ৰশাসনিক নিয়ন্ত্ৰণ সম্ভৱতঃ আটাইতকৈ শক্তিশালী আছিল। এই কেন্দ্ৰবোৰ সাৱধানে নিৰ্বাচন কৰা হৈছিল কিয়নো তক্ষশীলা আৰু উজ্জায়িনী দূৰৱৰ্তী বাণিজ্যিক পথৰ কাষত অৱস্থিত আছিল আৰু সুৱৰ্ণগিৰি সম্ভৱতঃ কৰ্ণাটকৰ গুৰুত্বপূৰ্ণ সোণৰ খনি আছিল।

মৌৰ্য সাম্ৰাজ্যখনৰ স্থিতি মুদৃঢ় কৰিবৰ কাৰণে স্থলপথ আৰু জল-পথ দুয়োটা যোগাযোগ ব্যৱস্থাই প্ৰয়োজন আছিল। কেন্দ্ৰৰ পৰা প্ৰদেশবোৰলৈ যাত্ৰা কৰোতে কেইবা মাহৰ পৰিৱৰ্তে কেইবা সপ্তাহ লাগিছিল। এই কথাই ভ্ৰমণকাৰীসকলৰ সুৰক্ষাৰ সু-ব্যৱস্থা কৰা কথাকে সূচাইছিল। সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত সৈন্যবাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বিখ্যাত ভ্ৰমনকাৰী মেগাস্থেনিছে উল্লেখ কৰিছে যে ছয়খন উপসমিতিৰে গঠিত এখন সমিতিয়ে সৈন্যবাহিনী পৰিচালনাৰ সকলো কাম-কাজ তদাৰক কৰিছিল। উক্ত সমিতিৰ প্ৰথমখন উপসমিতি আছিল নৌ বাহিনীৰ দ্বিতীয়খন যাতায়ত তথা যানবাহন তৃতীয়খন পদাতিক সৈন্য, চতুৰ্থখন ঘোঁড়াৰ, পঞ্চমখন ৰথৰ আৰু ষষ্ঠখন হাতীৰ দায়িত্বত আছিল। দ্বিতীয় উপসমিতিখনে বিভিন্ন কাৰ্য সম্পাদন কৰিছিল যেনে- অস্ত্ৰ-শস্ত্ৰসমূহ কঢ়িয়াবৰ বাবে, গৰু গাড়ীৰ আৰু সৈন্য তথা পশুবোৰৰ খাদ্য দ্ৰব্যৰ যোগান ধৰিছিল। ইয়াৰ উপৰিও সৈন্যসকলৰ পৰিচাৰ্যৰ বাবে সেৱক আৰু শিল্পী কাৰিকৰ সকলক নিযুক্তি দিছিল।

এইদৰে সম্ৰাট অশোকে ধৰ্ম প্ৰচাৰৰ যোগেদি গোটেই সাম্ৰাজ্যখনত সংহতি স্থাপন কৰিবলৈ যত্ন কৰিছিল যদিও এই সাম্ৰাজ্যখন প্ৰায় ১৫০ বছৰ ধৰিহে বৰ্তী আছিল। তদুপৰি সাম্ৰাজ্যখনৰ বিস্তৃতি সমগ্ৰ উপমহাদেশ জুৰি নাছিল আনকি সীমান্তৱৰ্তী অঞ্চলসমূহৰ নিয়ন্ত্ৰনো সমধৰ্মী নাছিল।


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022.


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »

2 Comments

Click here for Comments
Xyz
admin
January 11, 2023 at 5:36 PM ×

Very good and helpful to the students of hs second year.

Reply
avatar
Manila
admin
January 15, 2023 at 6:56 AM ×

Bahut bahut xohayok. Thank you so much

Reply
avatar