-->

Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । Colonialism and the country side

AHSEC Solution for Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । Colonialism and the country side. All the important questions answers are discussed in this article.

Colonialism and the country side

Exploring official Archives
উপনিবেশবাদ আৰু গ্ৰামাঞ্চল
চৰকাৰী দপ্তৰখানা চলাথ কৰি

History Chapter 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । Colonialism and the country side ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । Colonialism and the country side has been discussed in systematic way. There are approximately important 50 questions answers in this article.

 1. ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ কোন ৰাজ্যত প্ৰথমে উপনিৱেশ স্থাপন কৰিছিল?

উত্তৰঃ- বংগ দেশত (১৭৫৭ খ্ৰীষ্টাব্দত)


2. চিৰস্থায়ী বন্দোৱস্ত প্ৰৱৰ্তন কৰা গৱৰ্ণৰ জেনেৰেল জনৰ নাম লিখা।

উত্তৰঃ- লৰ্ড কৰ্ণৱালিচ।


3. চিৰস্থায়ী বন্দোৱস্ত কেতিয়া প্ৰৱতন হৈছিল? HS-2013, 2014, 2015

উত্তৰঃ- ১৭৯৩ চনত লৰ্ড কৰ্ণৱালিচে।


4. 'জোটদাৰ' সকল কোন আছিল?

উত্তৰঃ- চহকী খেতিয়ক।


5. পঞ্চম প্ৰতিবেদন কাক কোৱা হৈছিল?

উত্তৰঃ- পঞ্চম প্ৰতিবেদন হৈছে ১৮১৩ খৃষ্টাব্দত বৃটিছ সংসদত ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসন আৰু কাৰ্যক্ৰমৰ সম্পৰ্কত দাখিল কৰা প্ৰতিবেদন।


6. ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ কোন গৰাকী শাসনৰ অনুমতি লৈ ভাৰতত বেহা-বেপাৰ কৰিবলৈ আহিছিল?

উত্তৰঃ- ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬০০ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা অনুমতি লৈ।


7. ৰাজ মহল পাহাৰৰ স্থায়ী জনজাতি সকলক কি নামেৰে জনাহৈছিল?

উত্তৰঃ- পাহাৰীয়া।


8. ফ্ৰেন্সিচ বুকানন কোন আছিল?

উত্তৰঃ- বঙ্গৰ চিকিত্‍সা সেৱাৰ বৃটিছ চিকিত্‍সক।


9. কোনটো ৰাজহ ব্যৱস্থাত মধ্যভোগীৰ প্ৰাধান্য পৰিহাৰ কৰা হৈছিল?

উত্তৰঃ- ৰায়তৱাৰী ব্যৱস্থাত।


10. ১৮৬২ চনত ভাৰতৰ পৰা বৃটেইনে শতকৰা কিমান ভাগ কপাহ আমদানী কৰিছিল?

উত্তৰঃ- পচপন্ন হাজাৰ বেৰল।


11. ডেক্কান ৰায়ত কমিচনৰ ৰিপৰ্ট কোন চনত দাখিল কৰা হৈছিল?

উত্তৰঃ- ১৮৭৮ চনত।


12. লিমিটেছন ল' (Limitation Law) মতে ঋণ চুক্তিৰ ম্যাদ কিমান বছৰ হ'ব লাগে?

উত্তৰঃ- ১৮৫৯ চনত ইংলেণ্ডত প্ৰণয়ন কৰা এই আইন মতে ঋণ চুক্তিৰ ম্যাদ তিনিবছৰহে হ'ব লাগে।


13. ডেভিদ ৰিকাৰ্দোৰ বিখ্যাত কিতাপখনৰ নাম লিখা।

উত্তৰঃ- ১৮২১ খৃষ্টাব্দত প্ৰকাশিত Principles of Economy।


14. ১৮৪০ৰ দশকত কিয় বম্বেত খাজনা হ্ৰাস কৰা হৈছিল?

উত্তৰঃ- দুৰ্ভিক্ষৰ পিচত কৃষকৰ অৱস্থা তথা গ্ৰাম্য অৰ্থনীতি ভাগি পৰা দেখি আৰু কৃষি ক্ষেত্ৰ সম্প্ৰসাৰণৰ উদ্দেশ্যে খাজনা হ্ৰাস কৰা হৈছিল।


15. ১৮৫৭ চনত Cotton Supply Associations কিয় গঠন কৰা হৈছিল?

উত্তৰঃ- পৃথিৱীৰ সকলো উপযুক্ত ঠাইতে কপাহ উত্‍পাদনত উত্‍সাহ যোগোৱা বাবে।


15. An account of Assam (1807-14) নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ- বৃটিছ চিকিত্‍সক ফ্ৰেন্সিচ বুকানন।

16. চাওতালসকলে কেতিয়াৰ পৰা ৰংমহল পাহাৰৰ নামনি অঞ্চলত বসতি কৰিবলৈ লৈছিল?
উত্তৰঃ- ১৮০৩ চনত।

17. কোন চনত দাক্ষিণাত্যত কৃষক বিদ্রোহ সংঘটিত হৈছিল?
উত্তৰঃ- ১৮৭৮ চনত।

18. বোম্বে অঞ্চলত দুর্ভিক্ষ কেতিয়া দেখা গৈছিল?
উত্তৰঃ- ১৮৩২-৩৪ চনত।

19. কোন চনত আমেৰিকাৰ গৃহ যুদ্ধৰ সূচনা হৈছিল?
উত্তৰঃ- ১৮৬২-৬৪ চনত।

20. ১৮৫৭ চনত 'Cotton Supply Association' কিয় গঠন কৰা হৈছিল?
উত্তৰঃ- পৃথিৱীৰ সকলো ঠাইতে কপাহ উৎপাদনৰ উৎসাহ যোগাবলৈ এই সংগঠনৰ সৃষ্টি হৈছিল।

21. বোম্বে অঞ্চলত প্ৰথম ৰাজহ নিষ্পত্তিৰ কেতিয়া সম্পূর্ণ কৰা হৈছিল?
উত্তৰঃ- ১৮১৮ চনত।

22. চাওতালসকলৰ বিদ্রোহ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ- ১৮৫৫-৫৬ চনত।

23. আমেৰিকা গৃহ যুদ্ধৰ সময়ত ইয়াৰ ৰাষ্ট্রপতি কোন আছিল?
উত্তৰঃ- আব্রাহাম লিঙ্কন।

24. 'The Deccon Riots Commission' ৰ প্রতিবেদন বৃটিছ সাংসদ কেতিয়া দাখিল কৰিছিল?
উত্তৰঃ- ১৮৭৮ চনত।

25. 'Manchester Cotton Company' নামৰ সংস্থাটোৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ- ১৮৫৯ চনত।


26. লর্ড কর্ণৱালিচে বংগদেশত চিৰস্থায়ী বন্দৱস্ত ভাৰতৰ আৰু কোন কোন ৰাজ্যত প্রয়োগ কৰিছিল?

উত্তৰঃ- এই ব্যৱস্থাৰ সম্প্ৰসাৰণ বিহাৰ আৰু উৰিষ্যাতো প্রয়োগ কৰা হৈছিল।


27. সূর্যাস্ত আইন বুলিলে কি বুজা?
উত্তৰঃ- এই আইন অনুসৰি কোম্পানীয়ে নির্দিষ্ট দিনৰ সূর্যাস্তৰ আগেয়ে নির্ধাৰিত পৰিমাণৰ খাজনা দিয়াত ব্যর্থ হ'লে সেই জমিদাৰী নিলামত দিয়াৰ ব্যৱস্থা আছিল। ইয়াকে সূর্যাস্ত আইন বুলি জনা গৈছিল।

28. জোটদাৰসকলৰ আন নাম দুটা কি আছিল?

উত্তৰঃ- তেওঁলোকৰ আন দুটা নাম আছিল – হাৱালদাৰ আৰু গন্তিদাৰ বা মণ্ডল।


29. চাওতাল বিদ্রোহ কেতিয়া আৰম্ভ হৈছিল আৰু ইয়াৰ ফলশ্রুতি কি হৈছিল?
উত্তৰঃ- চাওতাল বিদ্রোহ ১৮৫৫-৫৬ চনত সংঘটিত হৈছিল আৰু ইয়াৰ ফলশ্ৰুতিত চাওতাল পৰগণা স্থাপিত কৰা হৈছিল।

30. 
ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বংগদেশত কোন চনৰ পৰা শাসন আৰম্ভ কৰিছিল? কোম্পানীয়ে কোন কোন মহাদেশত বেহা-বেপাৰ চলাইছিল?

উত্তৰঃ- ১৭৬০ চনৰ মাজভাগৰ পৰা আৰু কোম্পানীৰ বেহা-বেপাৰ কৰা দেশতকেইখন হ'ল ভাৰত আৰু চীন।


31. 
মহাৰাজ মেহতাব চান্দ কোন আছিল? বৃটিছক কি ধৰণে তেওঁ সহায় কৰিছিল?  

উত্তৰঃ- মহাৰাজ মেহতাব চান্দ বর্ধমানৰ ৰজা আছিল— যেতিয়া চিৰস্থায়ী বন্দৱস্তি প্রথা বংগদেশত চলাইছিল। তেওঁ বৃটিছসকলক চাওতাল বিদ্রোহ আৰু ১৮৫৭ চনৰ চিপাহী বিদ্রোহত সহায় কৰিছিল।


32. জোটদাৰসকল কেনেকৈ ধনী হৈছিল?
উত্তৰঃ- জোটদাৰসকলে প্ৰচুৰ মাটি নিজৰ কৰি লৈছিল। সেই মাটিবোৰত ৰায়তসকলক আধিয়াৰ হিচাপে নিয়োগ কৰি, খেতিত উৎপাদিত সামগ্ৰীৰ আধা ভাগ নিজে দাবী কৰা মতে লৈছিল আৰু তেনেকৈ ধনী আৰু প্রতিপত্তিশীল হৈ পৰিছিল।

33. চাহুকাৰসকল কোন আছিল?
উত্তৰঃ- দাক্ষিণাত্যৰ বণিক আৰু ঋণদাতাসকলক চাহুকাৰ বোলা হৈছিল। তেওঁলোকে নিজৰ অঞ্চলৰ ৰায়তসকলক সুদৰ বিনিময়ত ধন ধাৰে দি যথেষ্ট ধৰণে সুদ আদায় কৰিছিল। তেওঁলোকে অতি কম মূল্যত ৰায়তৰ উৎপাদিত দ্রব্যবোৰ কিনি ৰাখি পিছলৈ বেছি দামত বিক্ৰী কৰিছিল আৰু যদি ৰায়তে বিচাৰে সুদৰ বিনিময়ত ধন ধাৰে দিছিল।

34. পঞ্চম প্রতিবেদনখনক তেনেকৈ কিয় কোৱা হয় আৰু ইয়াক কত দাখিল কৰা হৈছিল?
উত্তৰঃ- বৃটিছ সংসদত দাখিল কৰা প্রতিবেদনৰ এইখন ৫ নং সংখ্যা আছিল। ইয়াক সেয়ে তেনেদৰে কোৱা হয়। বৃটিছ সংসদত ১৮১৩ চনত এই। প্রতিবেদনখন দাখিল কৰিছিল— কোম্পানীয়ে ভাৰতৰ চলোৱা শাসন ব্যৱস্থাৰ বিষয়ে খৰচি মাৰি আলোচনা কৰা হৈছিল।

35. উপনিবেশীসকলে চাওতালক কি ধৰণে শান্ত হ'ব বুলি ভাবিছিল ?
উত্তৰঃ- কোম্পানীয়ে ভাগলপুৰ আৰু বীৰভূম জিলাৰ পৰা প্ৰায় ৫৫০০ বর্গ মাইল আগুৰি লৈ পৰগণা স্থাপিত কৰি সেই অঞ্চলত কিছুমান নতুন আইন বিধিবদ্ধ কৰি তেওঁলোকক শান্ত কৰিব পাৰিব বুলি আশা কৰিছিল।

36. জমিদাৰসকলে নিজা ব্যৱস্থা কেনেকৈ বাহাল ৰাখিছিল?
উত্তৰঃ- জমিদাৰসকলে বাহিৰৰ পৰা অহা লোকে জমিদাৰী যদি চৰকাৰী নিলামতো কিনি লয়, তেন্তে বাহিৰৰ লোকক সেই সুবিধা দিব বিচৰা নাছিল। জমিদাৰসকলে লাঠিয়ালসকলৰ দ্বাৰা নতুনকৈ জমিদাৰী ক্ৰয় কৰা মানুহক খেদি পঠিয়াইছিল। আনকি ৰায়তসকলেও তেওঁলোকে নতুন জমিদাৰসকলক মানি ল'ব খোজা নাছিল। ফলত চৰকাৰে চেষ্টা কৰাৰ পিছতো পুৰণি জমিদাৰসকলৰ নিজৰ ক্ষমতাত বাহাল থাকিছিল।

36. জমিদাৰী বিক্রীক পিছত প্ৰজা আৰু জমিদাৰসকলে কেনে অনুভৱ কৰিছিল?
উত্তৰঃ- ৰায়ত সকলে য'ত খেতি কৰি আছিল, সেই মাটিবোৰৰ ওপৰত তেওঁলোকে নিজে প্রজা হিচাপে থাকিবলৈ ভাল পাইছিল আৰু সেয়ে নতুন জমিদাৰক তাত খোপনি পুতিবলৈ নিদিছিল। আনহাতে জমিদাৰসকলৰ হাতৰ পৰা জমিদাৰী কাঢ়ি লোৱাৰ পিছত তেওঁলোকৰ ক্ষমতা হেৰুওৱা কথাটো জমিদাৰসকলে ভাবিবই পৰা নাছিল।
 
37. জমিদাৰসকল কেনেকৈ সমাজত প্রতিপত্তিশীল হৈয়েই থাকিল।  
উত্তৰঃ- কলিকতাত জমিদাৰসকলৰ দুর্দশা ঊনৈশ শতিকাৰ প্রথমার্ধত দেখা দিয়া দ্রব্যৰ নাটনি আৰু লগতে ইয়াৰ মূল্য অভাৱনীয়ভাৱে হ্রাস হোৱাত তেওঁলোকে বহু কষ্টৰ সন্মুখীন হ'ব লগাত পৰিছিল। কোনোৰকমে তেওঁলোকে ১৭৯০ চন অতিক্রম কৰাৰ পিছত জমিদাৰসকলৰ সমস্যা বহু পৰিমাণে হ্রাস পালে। ইতিমধ্যে কোম্পানীয়ে জমিদাৰসকলৰ বছৰি দিব লগা ধনৰ পৰিমাণে শিথিল কৰি দিলে। গাঁওবিলাকত জমিদাৰসকলৰ ক্ষমতা তেতিয়া বৃদ্ধি পালে।

38. জোটদাৰ আৰু মণ্ডলসকলে কিয় জমিদাৰসকলক সহায় কৰা নাছিল?
উত্তৰঃ- জমিদাৰসকলে ঠিকমতে খাজনা কোম্পানীক দিব নোৱৰাৰ বাবে তেওঁলোকে কোম্পানীৰ ওচৰত ধৰুৱা হৈছিল। এই চেগতে যিহেতু জমিদাৰৰ ক্ষমতা ক্ৰমাৎ কমি আহিছিল, সেয়ে স্থানীয় ধনী জোটদাৰ আৰু মণ্ডলসকলে নিজৰ প্রতিপত্তি বঢ়াবৰ বাবে জমিদাৰসকলক সহায় কৰা নাছিল।

39. পুনেত ৰায়ত বিদ্রোহ কিয় সূচনা হৈছিল?
উত্তৰঃ- মহাজন আৰু সুদখোৰসকলৰ শোষণৰ বিৰুদ্ধে এই বিদ্রোহ হৈছিল। কোম্পানীয়ে এই বিদ্ৰোহৰ কাৰণ উদঘাটন কৰাৰ কাৰণে বোম্বে চৰকাৰক নির্দেশ দিয়ে। 'দাক্ষিণাত্য সংঘর্ষ আয়োগ' নামৰ আয়োগে ১৮৭৮ চনত ইয়াৰ প্রতিবেদন কোম্পানীৰ ওচৰত দাখিল কৰে।

40. 
বঙ্গৰ জোটদাৰ বিলাক কিয় বা কেনেকৈ ক্ষমতাশালী হৈছিল?

উত্তৰঃ- বঙ্গৰ জোটদাৰ বিলাক একাধিক কাৰণত ক্ষমতাশালী হৈছিল। এওঁলোকৰ ক্ষমতা স্থানীয় লোকৰ ওপতৰ জমিদাৰতকৈ বেছিহে দেখা গৈছিল। জমিদাৰবোৰ সাধাৰণতে নগৰীয়া অঞ্চলত বাস কৰিছিল, আনহাতে জোটদাৰবোৰে ৰাইজৰ মাজত থাকি ৰাইজক প্ৰভাৱাম্বিত কৰিব পাৰিছিল। আনকি তেওঁলোকে ৰায়তক জমিদাৰৰ পৰা বিচ্ছিন্ন কৰিবলৈ শক্তি প্ৰয়োগ কৰিছিল। জমিদাৰৰ কৰ্মচাৰীয়ে ৰায়তৰ পৰা অৰ্থ সংগ্ৰহৰ বাবে কৰা চেষ্টা ৰায়তৰ সহায়লৈ তেওঁলোকে ব্যৰ্থ কৰিব পাৰিছিল। জোটদাৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে তেওঁলোকৰ কথাহে শুনিছিল। তদুপৰি জমিদাৰক খাজনা শোধাওতে অযথা পলম কৰিছিল।


41. চাওতালসকল কোন আৰু কোন ঠাইত তেওঁলোকে বসতি বিস্তাৰ কৰিছিল?
উত্তৰঃ- চাওতালসকল বংগদেশৰ জনজাতীয় লোক আছিল। তেওঁলোকে গঞ্জুৰীয়া পাহাৰীয়া অঞ্চলত ঊনৈশ শতিকাৰ প্ৰথম ভাগৰ পৰা বসতি কৰি আছিল।

42. আগষ্টাচ ক্লিভলেণ্ড (Augustus Cleveland) কোন আছিল আৰু পাহাৰীয়াসকলৰ বিষয়ে কি ব্যৱস্থা লৈছিল?
উত্তৰঃ- আগষ্টাচ ক্লিভলেণ্ড (Augustus Cleveland) ভাগলপুৰ জিলাৰ কলেক্ট আছিল আৰু তেওঁ ৰাজমহল পাহাৰৰ পাহাৰীসকলক বুজাই বৰাই তেওঁলোকক বহু পৰিমাণে বৃটিছসকলৰ লগত বুজা পৰাৰ বাবে চেষ্টা কৰিছিল।

43. পাহাৰীসকলৰ মাজত কোৰ আৰু নাঙলে কি বুজাইছিল?
উত্তৰঃ- পাহাৰীসকলে বৃটিছ কোম্পানীৰ বশ্যতা সহজে মানি লোৱা নাছিল সেয়ে পাহাৰ অঞ্চলত গছ-বন চাফ কৰি কোৰ ব্যৱহাৰ কৰি খেতি কৰিছিল আৰু পাহাৰৰ নামনিত জংঘল আঁতৰাই তাত নাঙলৰ ব্যৱহাৰৰ যোগেদি খেতি কৰিছিল।

44. পাহাৰীসকলে ৰাজামহল পাহাৰৰ ওপৰ খণ্ডত কিয় থাকিবলৈ লৈছিল?
উত্তৰঃ- ৰাজমহল পাহাৰৰ পৰা বাহিৰৰ লোকসকলক প্ৰথমতে খেদি পঠিওৱাৰ ব্যৱস্থা কৰিছিল যদিও তেওঁলোকক নিজৰ বাসস্থানৰ পৰা খেদি পঠিওৱাত


45. জোটদাৰ বিলাকে জমিদাৰৰ কৰ্তৃত্ব কেনেকৈ উলাই কৰিছিল? HS-2014

উত্তৰঃ- জোটদাৰ বিলাকে ৰাইজৰ মাজত থাকি ৰাইজক প্ৰভাৱিত কৰিব পাৰিছিল। আনকি তেওঁলোকে ৰায়তক জমিদাৰৰ পৰা বিচ্ছিন্ন কৰিবলৈ শক্তি প্ৰয়োগ কৰিছিল। জমিদাৰৰ কৰ্মচাৰীয়ে ৰায়তৰ পৰা অৰ্থ সংগ্ৰহৰ বাবে কৰা চেষ্টা ৰায়তৰ সহায়লৈ তেওঁলোকে ব্যৰ্থ কৰিব পাৰিছিল।


46. পাহাৰীয়া বিলাকে বহিৰাগতক কেনেদৰে গ্ৰহণ কৰিছিল?

উত্তৰঃ- পাহাৰীয়া বিলাকে তেওঁলোকৰ বাসভূমিলৈ সোমোৱা বিদেশীক সন্দেহ কৰিছিল আৰু তেওঁলোকৰ জীৱন পদ্ধতি সলনি কৰি আৰু অৰন্য ভূমি কাঢ়ি লৈ জীৱন ধাৰণৰ উপায় সমূহ ধ্বংস কৰিবলৈ অহা বুলি ভাবিছিল।


47. বৃটিছ শাসনৰ বিৰুদ্ধে সন্থাল সকলে কিয় বিদ্ৰোহ কৰিছিল?

উত্তৰঃ- বৃটিছ শাসনকালত সন্থাল সকলে নিজেই বুজি উঠিলযে তেওঁলোকে জংঘল চাফা কৰি উলিওৱা খেতি মাটি লাহে লাহে তেওঁলোকৰ হাতৰ পৰা এৰ খাই গৈছে। আনহাতে জমিদাৰে মাটিৰ ওপৰত খাজনা লগাইছে, সুদখোৰ মহাজনে উচ্চহাৰত সুদ ল'বলৈ ধৰিছে আৰু ঋণ পৰিশোধ কৰিব নোৱাৰিলে মাটি কাঢ়ি লৈছে। তেওঁলোকৰ ভূমিত জমিদাৰে কৰ্তৃত্বও স্থাপন কৰিছিল। সেয়েহে ১৮৫০ৰ দশকলৈ সস্থাল সকলে জমিদাৰ, সুদখোৰ মহাজন আৰু চৰকাৰৰ বিৰুদ্ধে নিজৰ ৰাজ্য প্ৰতিষ্ঠাৰ অৰ্থে বিদ্ৰোহ ঘোষণা কৰিছিল।


48. ঋণদিয়া মহাজনৰ বিৰুদ্ধে দক্ষিণাত্যৰ লোক সকলে কিয় বিদ্ৰোহ কৰিছিল?

উত্তৰঃ- ঋণ দিয়া মহাজনৰ বিৰুদ্ধে দক্ষিণাত্যৰ লোক সকলে একাধিক কাৰণত বিদ্ৰোহ কৰিছিল। বৃটিছ চৰকাৰৰ কৰ বৃদ্ধি, জমিদাৰৰ মহাজনৰ শোষণ ইয়াৰ প্ৰধান কাৰণ আছিল। উল্লেখযোগ্যযে বৃটিছে বঙ্গত চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তন কৰিছিল যদিও দক্ষিণাত্যত বেলেগ ব্যৱস্থা চলিছিল। চিৰস্থায়ী খাজনা ব্যৱস্থাত এজন জমিদাৰে জমি লীজত দি তাৰ পৰা হোৱা ৰাহিৰে চলি থকা প্ৰৱণতা দেখা গৈছিল।  


49. চিৰস্থায়ী বন্দোৱস্তৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ- বৃটিছে ভূমি ৰাজহ সংগ্ৰহ কৰাটোৱেই মূল লক্ষ্য হিচাপে লৈ ভাৰতবৰ্ষত শাসনৰ পাতনি মেলিছিল। বৃটিছৰ বাবে ভাৰতৰ ভূমি ৰাজহ সংগ্ৰহ নিয়মীয়া হোৱাটো বাঞ্চনীয় আছিল। সেয়েহে ১৭৮৬ খৃষ্টাব্দত ভাৰতৰ গৱৰ্ণৰ ডেনেৰেল হৈ অহা লৰ্ড কৰ্ণৱালিচে জমিদাৰ সকলৰ লগত দহ বছৰৰ কাৰণে মাটিৰ বন্দোৱস্তি দিয়ে।

১৭৯৩ খৃষ্টাব্দৰ ২২ মাৰ্চৰ পৰা গৃহ চৰকাৰৰ সন্মতিলৈ বংগ, বিহাৰ আৰু উৰিষ্যাৰ কিছুমান অঞ্চলত ৰাজহ বন্দোৱস্তী চিৰস্থায়ী বুলি কৰ্ণৱালিচে ঘোষণা কৰিছিল। এইটোৱেই বংগত প্ৰৱৰ্তন কৰা কৰ্ণৱালিচৰ চিৰস্থায়ী বন্দোৱস্ত। এই ব্যৱস্থা মতে জমিদাৰ সকল মাটিৰ গৰাকী হ'ল আৰু যিমান দিনলৈকে তেওঁলোকে খাজনা শোধাই থাকিব, সিমান দিনলৈকে জমিদাৰী তেওঁলোকে ভোগ কৰি থাকিব পাৰিব। জমিদাৰে চৰকাৰক দিব লগা খাজনা বছৰৰ নিৰ্দ্ধাৰিত দিনৰ ভিতৰত চৰকাৰী কোষাগাৰত জমা দিব। ৰায়তক একোখনকৈ পট্টা দিয়াৰো ব্যৱস্থা কৰা হয়। পট্টাত দিব লগা খাজনাৰ পৰিমাণ উল্লেখ থাকে। এইদৰে বংগ চুবাৰ জমিদাৰ সকলে বছৰি দিব লগা ৰাজহৰ স্থায়ী পৰিমাণ নিশ্চিত কৰা হৈছিল।

চিৰস্থায়ী বন্দোৱস্তৰ দ্বাৰা কৰ্ণৱালিছে চৰকাৰী ভূমি ৰাজহ নীতি কিছু সুস্থিৰ অৱস্থালৈ আনিছিল যদিও ইয়াৰ কিছুমান ইতিবাচক আৰু নেতিবাচক দিশও আছিল বিশেষকৈ চিৰস্থায়ী বন্দোৱস্তই কোম্পানীয়ে বছৰি পাবলগীয়া ভূমি ৰাজহ সম্পৰ্কত নিশ্চিত হৈছিল যদিও এই ব্যৱস্থাৰ দ্বাৰা অধিকাংশ জমিদাৰে নিৰ্ধাৰিত পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব নোৱাৰি নিজৰ ভূমি সম্পতি হেৰুৱাব লগা হৈছিল।


50. ৰায়তৱাৰী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ- ইংৰাজ প্ৰশাসনত ৰায়তৱাৰী ব্যৱস্থা হ'ল প্ৰশাসক আৰু ৰায়ত বা কৃষকৰ লগত এক প্ৰত্যক্ষ চুক্তি, য'ত কৃষকে ৰাজহৰ এটা অংশ চৰকাৰক ৰাজহ হিচাপে দিব, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰাজহৰ নিৰিখ সলনি হ'ব, চৰকাৰী বিষয়াই ৰাজহ সংগ্ৰহৰ মূল দায়িত্বত থাকিব আৰু কৃষকৰ মাটিৰ পট্টা দিয়া হ'ব। এই ব্যৱস্থাকে ৰায়তবাৰী ব্যৱস্থা বোলা হৈছিল। ১৯ শতিকাৰ প্ৰথম ভাগৰ পৰা মাদ্ৰাজ প্ৰদেশৰ বিভিন্ন অঞ্চলত ইয়াক পৰীক্ষামূলক ভাৱে প্ৰৱৰ্তন কৰা হৈছিল। পৰৱৰ্তী সময়চোৱাত ইয়াক বোম্বাই, সিন্ধু প্ৰদেশ, অসম আদি অঞ্চলক এই ব্যৱস্থাৰ অধিন কৰা হৈছিল।

উল্লেখযোগ্যযে এই ব্যৱস্থাত চৰকাৰৰ লগত কৃষকৰ খাজনা সম্পৰ্কত প্ৰত্যক্ষ সম্পৰ্ক স্থাপিত হৈছিল আৰু ৰাজহ সংগ্ৰহৰ পৃথক ব্যৱস্থা কৰি লোৱা হৈছিল। সকলো ভূমিৰ জৰীপ কৰি উত্‍পাদন অনুযায়ী খাজনা স্থিৰ কৰা হৈছিল, কৃষকক পট্টা দিয়াৰ ব্যৱস্থা কৰি মাটিৰ দাগ নম্বৰ দিয়া হৈছিল। চৰকাৰী পঞ্জীয়ন খাটাত মাটিৰ গৰাকীৰ নাম লিপিবদ্ধ কৰা হৈছিল।

তদুপতি এই ব্যৱস্থাত খেতিয়কে নিজৰ ভূমিৰ ওপৰত অধিকাৰ লাভ কৰাৰ উপৰি উত্তৰাধিকাৰ আৰু হস্তান্তৰৰ স্বাধীনতা লাভ কৰিছিল আৰু চৰকাৰৰ প্ৰত্যক্ষ ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়াত জৰিত হৈছিল। এই ব্যৱস্থাৰ দ্বাৰা মধ্যভোগীৰ প্ৰাধান্য পৰিহাৰ কৰা হ'ল আৰু আশা কৰা হৈছিল চৰকাৰৰ হাতলৈ অধিক খাজনা যাব আৰু কৃষি উত্‍পাদন বাঢ়িব। কিন্তু উপনিবেশিক শাসনৰ তলত এই ব্যৱস্থাইও কৃষকৰ সমস্যা সম্পূৰ্ণৰূপে সমাধা কৰিব পৰা নাছিল।


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »

1 Comments:

Click here for Comments
Unknown
admin
December 22, 2022 at 9:34 AM ×

Thank you sir

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar