-->

Class 12 History Chapter 1 হৰাপ্পা সভ্যতা । Harappa Civilization

AHSEC Solution for Class 12 History Chapter 1 হৰাপ্পা সভ্যতা । Harappa Civilization. All the important questions answers are discussed in this article.

হৰাপ্পা সভ্যতা
Harappa Civilization

Class 12 History হৰাপ্পা সভ্যতা । Harappa Civilization ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 History Chapter 1 হৰাপ্পা সভ্যতা । Harappa Civilization has been discussed in systematic way. There are approximately important 32 questions answers in this article.

1. ভাৰতীয় পুৰাতত্ত্ব বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? HS-2014, 2016

উত্তৰঃ- চাৰ জন মাৰ্চাল


2. সিদ্ধু উপত্যকাৰ সভ্যতা প্ৰথমে ক'ত আৱিস্কাৰ হৈছিল? HS-2018

উত্তৰঃ- মহেঞ্জোদাৰোত আৰু হৰাপ্পাত।


3. ব্ৰাক্ষী আৰু খৰোষ্ঠী আখৰৰ পাঠ উদ্ধাৰ কোনে প্ৰথমে কৰে? HS-2017

উত্তৰঃ- জেমচ প্ৰিঞ্চিচচাপে।


4. কোনে কেতিয়া হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ- 1922 খৃঃত তিনিজন প্ৰত্নতত্ববিদ ক্ৰমে ৰাখাল দাস বেনাৰ্জী, দয়াৰাম চাহনী আৰু চাৰ জন মাৰ্চেলে খনন কাৰ্য চলাই হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল।

5. বৰ্তমান কোন কোন প্ৰদেশত হৰপ্পা সভ্যতাৰ নগৰ সমুহ আছিল?

উত্তৰঃ-পঞ্জাব, হাৰিয়ানা, গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশৰ একাংশত হৰপ্পা সভ্যতাৰ নগৰ সমুহ আছিল। তদুপৰি পাকিস্থানৰ সিন্ধু আলু বেলুচিস্থান প্ৰদেশতো এই সভ্যতাৰ নগৰ সমুহ আছিল।


6. হৰপ্পা আৰু মহেঞ্জোদাৰো ক'ত অৱস্থিত আছিল?

উত্তৰঃ- হৰপ্পা পঞ্জাৱৰ মণ্টগোমাৰী জিলাত মহেঞ্জোদাৰো সিন্ধু প্ৰদেশৰ লাৰাকানা জিলাত অৱস্থিত। উল্লেখযোগ্য যে এই দুয়োখন ঠাই বৰ্তমান পাকিস্তানৰ অন্তৰ্গত।  


7. 'মহেঞ্জোদাৰো' শব্দৰ অৰ্থ কি?

উত্তৰঃ- মৃতকৰ সমাধি।


8. হৰপ্পা সভ্যতাৰ প্ৰত্নতাত্বিক সমল সমূহৰ ভিতৰত অন্যতম প্ৰধান উল্লেখযোগ্য সমল সমূহ কি কি?

উত্তৰঃ- সৰু চেপেটা, বৰ্গক্ষেত্ৰ বা যিকোনো চতুৰ্ভূজ একোটাৰ দৰে শিল বা মোহৰ সমূহ হল অন্যতম প্ৰধান সমল।


9. ইতিহাসবিদ সকলৰ কাৰণে হৰপ্পা সভ্যতাৰ আটাইতকৈ সমাধান কৰিব নোৱাৰা সমস্যা কি?

উত্তৰঃ- ষ্টিয়েটাইট শিলেৰে নিৰ্মিত্ত শিল বা মোহৰ সমূহেই আছিল সমস্যা।


10. হৰপ্পা সভ্যতাৰ প্ৰত্নতাত্বিক সমল সমূহ কি কি?

উত্তৰঃ- আৱাসগৃহ, সাজ-সজ্জা, মাটিৰ বিভিন্ন ধৰণৰ পাত্ৰ, অস্ত্ৰ-শস্ত্ৰ হাতিয়াৰ ইত্যাদি।


11. হৰপ্পা সভ্যতাৰ বিকাৰ কেতিয়া হৈছিল?

উত্তৰঃ- খৃঃপূঃ ২৬০০-১৯০০ ৰ ভিতৰত।


12. হৰপ্পা সংস্কৃতিৰ মূল ভেটি কি আছিল?

উত্তৰঃ- কৃষিকাৰ্য।


13. হৰপ্পা সভ্যতাৰ কি কি প্ৰাণীৰ হাড় পোৱা গৈছে?

উত্তৰঃ- ঘোড়াৰ বাহিৰে সকলো প্ৰাণীৰে হাড় পোৱা গৈছে।


14. সিন্ধু উপত্যকা বা হৰপ্পা সভ্যতাৰ প্ৰধান বৈশিষ্ট্য কি?

উত্তৰঃ- নগৰ পৰিকল্পনা


15. হৰপ্পাৰ নগৰ সমূহৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য কি?

উত্তৰঃ- জল নিষ্ক্ৰাশন ব্যৱহাৰ বা নলা নিৰ্মাণ প্ৰণালী।


16. হৰপ্পা আৰু মহেঞ্জোদাৰোত আৱিষ্কৃত উল্লেখযোগ্য প্ৰত্নতাত্বিক নিদৰ্শন দুটা কি কি?

উত্তৰঃ- হৰপ্পাৰ বৃহত্‍ ৰাজহুৱা ভঁৰালটো আৰু মহেঞ্জোদাৰোবোৰ বৃহত্‍ ৰাজহুৱা স্নানাগাৰটো উল্লেখযোগ্য।


17. 'Archaeological Survey of India'ৰ ডাইৰেক্টৰ জেনেৰেল কোন আছিল?

উত্তৰঃ- জন মাৰ্শ্বেল।


18. "The Story of Indian Archaeology" নামৰ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ- এচ. এন. ৰয়।


19. ভাৰতৰ প্ৰথমদন পেছাদাৰী পুৰাতত্ববিদ কোন আছিল?

উত্তৰঃ- জন মাৰ্শ্বেল


20. হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতু সমূহ কি কি আছিল?

উত্তৰঃ- সোন, ৰূপ, তামস ব্ৰঞ্ছ, কাঁহ আদি ধাতু।


21. লোথালত ব্যৱহাৰ কৰা দুই প্ৰকাৰৰ ইটা কি কি আছিল?

উত্তৰঃ- ৰ'দত শুকোৱা ইটা আৰু পোৰা ইটা।


22. হৰপ্পাৰ শিল্প উদ্যোগৰ প্ৰধান স্থানসমূহ কি কি আছিল?

উত্তৰঃ- চানহুদাৰো, লোথাল, টোলভিৰা, নাগেশ্বৰ, বালাকোট আদি।


23. হৰপ্পা সভ্যতাৰ মূল খাদ্য শস্য সমূহ কি কি আছিল?

উত্তৰঃ- ঘেঁহু, গম, যৱ, বাৰ্লি, মটৰ, (কনীধান), চাউল উত্যাদি।


24. হৰপ্পা সভ্যতাৰ লিপি সমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ- (১) সৰহ সংখ্যক লিপিয়েই সংক্ষিপ্ত আছিল।

(২) লিপিসমূহত যথেষ্ট সংখ্যক চিহ্ন ব্যৱহাৰ কৰা হৈছে।

(৩) লিপিসমূহ সোঁ ফালৰ পৰা বাওঁ ফাললৈ লিখা। 


25. হৰপ্পাৰ জোখ-মাপ পদ্ধতিৰ দুটা হৈশিষ্ট্য লিখা।

উত্তৰঃ- (১) বৰ্গক্ষেত্ৰাকাৰ টুকুৰা বস্তু ওজন কৰিবলৈ ব্যৱহাৰ কৰিছিল, যিবোৰক (দগা) হিচাপে ব্যৱহাৰ কৰা হৈছিল।

(২) কম ওজনৰ দগাৰ মান যুগ্ম আৰু বেছি ওজনৰ দগাবোৰৰ মান দশমিক পদ্ধতি অনুসৰি নিৰ্ধাৰণ কৰা হৈছিল।


26. হৰপ্পা সভ্যতাৰ দুটা স্থানৰ নাম উল্লেখ কৰা। HS-2012

উত্তৰঃ- হৰপ্পা আৰু মহেঞ্জোদাৰো। (ঢোলাভাৰা আৰু লোথাল)


27. হৰপ্পা সভ্যতাৰ যিকোনো দুটা মূল বৈশিষ্ট্য উল্লেখ কৰা। HS-2013

উত্তৰঃ- (১) নগৰ পৰিকল্পনা (২) জল নিষ্কাশন ব্যৱস্থা বা নলা নিৰ্মাণ প্ৰণালী।


28. হৰপ্পা সভ্যতাৰ শস্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা সজুলি বিধৰ নাম কি আছিল? HS-2014

উত্তৰঃ- জাঁত (এটা শিলেৰে আনএটা শিল লগ লগাই কৰা পদ্ধতিটোক চেদেল কুৰেন (Saddle Querens) বোলা হৈছিল।


29. হৰপ্পা লোকসকলৰ জীৱন নিৰ্বাহৰ দুটা কৌশল লিখা। HS-2015

উত্তৰঃ- কৃষি কাৰ্য আৰু পশুপালন।


30. 'ভাৰতৰ পুৰাতত্ব জৰীপ' বিভাগৰ প্ৰথমজন সঞ্চালক কোন আছিল? HS-2012, 2013, 2016

উত্তৰঃ- আলেকজেণ্ডাৰ কানিংহাম


31. হৰপ্পা সভ্যতাৰ বাসিন্দা সকলৰ জীৱন নিৰ্বাহৰ কৌশল সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ- হৰপ্পা সভ্যতাৰ বাসিন্দাসকলৰ জীৱন নিৰ্বাহৰ কৌশল অনেক আছিল যদি হৰপ্পা সংস্কৃতিৰ মূল ভেঁটি আছিল কৃষিকাৰ্য। উল্লেখযোগ্য যে পুৰাতত্ববিদসকলে হৰপ্পা সভ্যতাৰ বাসিন্দাসকলৰ খাদ্যভ্যাস আৰু কৃষিকৰ্ম সম্পৰ্কে অনেক তথ্য উদ্ধাৰ কৰিছে।

এই সভ্যতাৰ মানুহে ঘেঁহু, গম, যব ৰাৰ্লি, মটৰ, কপাহ আদিৰ খেতি কৰিছিল। অৱশ্যে চাউলৰ ব্যৱহাৰৰ নিদৰ্শন তুলনামূলকভাৱে কম। লোথালত পোৱা চাউলৰ নমুনাৰ পৰা ধান খেতি কৰা হৈছিল বুলি কোৱা হয় যদিও সেয়া কৃষিজাত নে বনৰীয়া আছিল সেই বিষয়ে মতভেদ আছে। তদুপৰি হৰপ্পাত খেজুৰ, আঙুৰ আৰু তৰমুজ জাতীয় ফলো উত্‍পাদিত হৈছিল। আনহাতে হৰপ্পাৰ লোকসকলে আমিষ আৰু নিৰামিষ দুয়ো প্ৰকাৰৰ খাদ্যই খাইছিল। বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকতিৰ মঙহৰ উপৰি মাছ, কাছ আদি ভক্ষন কৰাৰো প্ৰমাণ পোৱা গৈছে। উল্লেখযোগ্যযে হৰপ্পাত ঘোঁৰাৰ বাহিৰে আন সকলো জন্তুৰে হাড় উদ্ধাৰ হৈছে। তদুপৰি গৰু, ম'হ, ভেড়া, ছাগলী, গাহৰি আৰু উটৰ জঁকা উদ্ধা গৈছে। এই সকলোবোৰ প্ৰাণীয়েই ঘৰচীয়া আছিল। মোহৰত ষাঁড়গৰুৰ প্ৰতীক ব্যৱহাৰ হোৱালৈ চাই গৰু যে প্ৰধান ঘৰচীয়া জন্তু আছিল সেই কথা অনুমান কৰা হয়। আনহাতে গাহৰি হৰিনা, ঘঁৰিয়ালৰ হাড়ো হৰপ্পাত উদ্ধাৰ কৰা হৈছে। হৰপ্পাবাসীৰ বাঘ, সিংহ আদি অন্যান্য বনৰীয়া জীৱ-জন্তুৰ লগতো পৰিচয় থকাৰ তথ্য পোৱা গৈছে। তদুপৰি হৰপ্পাবাসীয়ে সকলো প্ৰকাৰৰ মঙহ খোৱাৰৰ তথ্যও উদ্ধাৰ হৈছে। অৱশ্যে তেওঁলোকে এই মঙহ খাবলৈ জন্তু নিজে চিকাৰ কৰিছিল নে আনৰ ক'ৰবাৰ পৰা সংগ্ৰহ কৰিছিল এই কথা জনা নাযায়।

এইদৰে হৰপ্পাবাসীয়ে জীৱন নিৰ্বাহৰ কৌশল হিচাপে বিভিন্ন উপায় অৱলম্বন কৰিছিল। 


32. হৰপ্পা সভ্যতাত কৃষি প্ৰযুক্তি কেনেদৰে প্ৰয়োগ কৰিছিল সেই সম্পৰ্কে এটি টোকা লিখা।

উত্তৰঃ- হৰপ্পা সভ্যতাত কেনেধৰণৰ কৃষি প্ৰযুক্তি প্ৰয়োগ কৰি হৈছিল তাৰ সবিশেষ তথ্য উদঘাটন কৰিব পৰা হোৱা নাই। প্ৰত্নতাত্বিক সমলৰ ওপৰত ভিত্তি কৰি এই সম্পৰ্কে কিছু তথ্য উদ্ধাৰ কৰা হৈছে।

হৰপ্পাত উদ্ধাৰ হোৱা এটা মোহৰত জবকাৰ চিনৰ পৰা এইটো অনুমান কৰা হৈছে যে সেই সময়ত হৰপ্পাত জবকাৰে মাটি চাহ কৰা হৈছিল, কিন্তু এই চহোৱা মাটিত শস্য সিচাঁ হৈছিল নে নাই তাৰ তথ্য পোৱা নাই। হৰপ্পাত নাঙলৰ নিগৰ্দশনে প্ৰমাণ কৰে যে সিন্ধু সভ্যতাত হাল বাই খেতি কৰাৰ ব্যৱস্থা আছিল। আনহাতে চাল-মোহৰত ষাড় গৰুৰ প্ৰতীক ব্যৱহাৰ হোৱালৈ চাই গৰুক হাল বোৱা আৰু গাড়ী টনা কামত ব্যৱহাৰ কৰা বুলি অনুমান কৰা হয়। হৰপ্পা সভ্যতাত ষাড় গৰুৱে টনা গাড়ীৰ নমুনাত পোৱা গৈছে। চোলিস্থান আৰু বানাৱলীৰ মাটিৰে নিৰ্মিত নাঙলৰ আৰ্হি উদ্ধাৰ হৈছে। প্ৰত্নতাত্বিকসকলে ৰাজস্থানৰ কালিবংগমত প্ৰাৰম্ভিক হৰপ্পা সংস্কৃতিৰ লগত জতিত হৰপ্পা সংস্কৃতিৰ লগত জতিত চহোৱা মাটিৰ তথ্যও উদ্ধাৰ কৰিছে। চহোৱা ভূমিৰ সাৰলু সমূহে এটাই আনটোক সমকোনীকৈ কটা-কটি কৰা কথাটোৰ পৰা জনাগৈছে যে হৰপ্পা সভ্যতাত একে সময়তে দুবিধ বেলেগ বেলেগ শস্য উত্‍পাদন কৰা হৈছিল।

হৰপ্পা সভ্যতাৰ বাসিন্দা সকলে শস্য চপাবলৈ কি বস্তু ব্যৱহাৰ কৰিছিল এই সম্পৰ্কে জানিবলৈ পুৰাতত্ববিদ সকলে প্ৰয়াস কৰিছে। হৰপ্পা বাসীয়ে শস্য চপাবৰ কাৰণে কাঠৰ নাল লগোৱা শিলৰ মূৰ নে ধাতুৰ সৰঞ্জাম ব্যৱহাৰ কৰিছিল। তামৰ ঘোৰ খোৱা মূৰ আৱিষ্কাৰ হোৱা পৰা এইটো অনুমান কৰা হৈছে যে এইবোৰ সম্ভৱতঃ শস্য চপোৱা কামত ব্যৱহাৰ কৰা হৈছিল।

হৰপ্পাৰ অধিকাংশ ক্ষেত্ৰ অৰ্ধশুষ্ক স্থানত অৱস্থিত হোৱাৰ বাবে কৃষি কাৰ্যৰ কাৰনে জলসিঞ্চনৰ আৱশ্যক হৈছিল। আফগানিস্থানৰ চতুৰ্ঘাই নামে ঠাইত খালৰ অৱশিষ্ট পোৱা গৈছে কিন্তু পঞ্জাৱ বা সিন্ধুত এনে প্ৰমাণ নাই। জলসিঞ্চন সম্পৰ্কে অনুমান কৰা হৈছে যে সেই সময়ত কুঁৱাৰ পৰা পানী তুলি জলসিঞ্চন কৰা হৈছিল। ইয়াৰ উপৰিও গুজৰাটৰ ধলাভিৰাত জলাশয়ৰ তথ্য উদ্ধাৰ হোৱা লৈ চাই অনুমান কৰা খেতি পথাৰত যোগান ধৰা হৈছিল।

এইদৰে হৰপ্পা সভ্যতাত কৃষি প্ৰযুক্তিৰ ব্যৱস্থা কৰা হৈছিল। 


33. হৰপ্পা সভ্যতাৰ নলা-নৰ্মদা ব্যৱস্থাই নগৰ পৰিকল্পনাপ ইংগিত বহন কৰি বুলি তুমি ভাবানে? যুক্তি দৰ্শোৱা। HS-2015

উত্তৰঃ- হৰপ্পা সভ্যতাৰ নলা-নৰ্মদা ব্যৱস্থাই নগৰ পৰিকল্পনাৰ ইংগিত বহন কৰে বুলি ভাবো কিয়নো হৰপ্পা সভ্যতাৰ নলা-নৰ্মদা ব্যৱস্থাত নগৰ পৰিকল্পনাৰ প্ৰণালী সমূহ ব্যৱহাৰ কৰা হৈছিল। উল্লেখযোগ্যযে হৰপ্পা নগৰ সমূহৰ আটাইটকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল নলা নিৰ্মাণ প্ৰণালী।

এই সভ্যতাৰ বাটৰ কাষৰ নলাবোৰৰ ওপৰত শিলৰ নাইবা ইটাৰ ঢাকনী দি ৰখাৰ প্ৰমাণ পোৱা গৈছে। তেনে নলা পৰিষ্কাৰ কৰি ৰাখিবলৈ ঢাকনীৰ মাজেৰে মানুহ সোমাব পৰাকৈ একোটা ছিদ্ৰ ৰখা হৈছিল। এই সভ্যতাৰ নিম্ন নগৰ সমূহত লক্ষ্য কৰিলে দেখা যায় যে এই নগৰ সমূহৰ ৰাস্তা আৰু গলিসমূহ প্ৰায় গ্ৰিড (Grid) পদ্ধতিৰে তৈয়াৰ কৰা হৈছিল। ইয়াৰ ৰাস্তা সমূহ সমান্তৰাল আছিল আৰু পৰস্পৰে সমকোনী ভাৱে কটাকটি কৰিছিল। এই নিৰ্মাণ পদ্ধতিৰ পৰা ধাৰণা কৰা হৈছে যে প্ৰথমে নলাৰে সৈতে ৰাস্তাসমূহ নিৰ্মাণ কৰি পিছত ইয়াৰ কাষে-কাষে বিভিন্ন ধৰণৰ ভৱন আৰু গৃহ নিৰ্মাণ কৰা হৈছিল।

এই নগৰ নিৰ্মাণৰ পৰিকল্পনা অনুসৰি যদি ঘৰৰ লেতেৰা পানীবোৰ ৰাস্তাৰ নলাত পেলাব লগা হয়, তেনেহ'লে প্ৰত্যেক ঘৰৰ যিকোনো এখন দেৱাল ৰাস্তাৰ কাষত হোৱাটো জৰুৰী যাতে লেতেৰা পানী সহজে নলাত পেলাব পাৰি।

এই প্ৰাচীনতম প্ৰণালী অনুসৰি সকলো আৱাসৰ পানী ওলাই গৈ নলাত পৰিছিল আৰু সেই নলাৰ পানী ৰাস্তাৰ কাষৰ নলাত পৰিছিলগৈ। মুখ্য নলাসমূহ চিমেন্ট আৰু ইটাৰে নিৰ্মাণ কৰা হৈছিল আৰু নলাবোৰ ইটা বা শিলৰ ঢাকনী দি ৰখা হৈছিল যাতে নলাবোৰ পৰিষ্কাৰ কৰিব পৰা যায়। ঘৰৰ নলা সমূহৰ পানীৰ লগত যিবোৰ আৱৰ্জনা যায় সেইবোৰ বন্ধ কৰাৰ কাৰণে নলাৰ কিছুমান ঠাইত গাঁত খান্দি ৰখা হৈছিল আৰু তাৰ পৰাহে লেতেৰা পানীবোৰ ৰাস্তাৰ নলাত পৰিছিলগৈ। বৰ দীঘল নলাবোৰ নিৰ্দিষ্ট দূৰে দুৰে চাফা কৰাৰ ব্যৱস্থা আছিল। এই নলা-নৰ্দমাসমূহ কেৱল ডাঙৰ ডাঙৰ চহৰতেই নহয় বৰঞ্চ সৰু সৰু আৱাসিক অঞ্চলসমূহতো পোৱা গৈছে। গুজৰাটৰ লোথালত নলাসমূহ পোৰা ইটাৰে নিৰ্মাণ কৰাৰ প্ৰামণ পোৱা গৈছে। 

এইদৰে ওপৰক্ত আলোচনাৰ পৰা এই কথা স্পষ্ট হ'লযে হৰপ্পা সভ্যতাৰ নলা-নৰ্দমা ব্যৱস্থাই নগৰ পৰিকল্পনাৰ ইংগিত বহন কৰিছিল।


34. হৰপ্পা সভ্যতাৰ শিল্প উদ্যোগত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰীসমূহ কি কি আছিল আৰু এইবোৰ ক'ৰ পৰা কেনেদৰে সংগ্ৰহ কৰা হৈছিল?

উত্তৰঃ- হৰপ্পা সভ্যতাৰ শিল্প উদ্যোগত বিভিন্ন কেঁচা সামগ্ৰীবোৰৰ ভিতৰত মাটি, পাথৰ, কাঠ তথা ধাতু আদিয়েই প্ৰধান। মাটি স্থানীয় ভাৱেই পোৱা গৈছিল যদিও কাঠকে ধৰি আন উপাদানসমূহ সাৰুৱা অঞ্চলৰ বাহিৰৰ অনা হৈছিল। বস্তুসমূহ এঠাইৰ পৰা আন ঠাইলৈ নিবৰ বাবে গৰু গাড়ী ব্যৱহাৰ কৰা হৈছিল। সিন্ধু নদী আৰু ইয়াৰ উপনদীসমূহৰ নদীপথসমূহো যাতায়াতৰ ক্ষেত্ৰত ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে।

উল্লেখযোগ্যযে হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে শিল্প উদ্যোগত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰী বিভিন্ন উপায়েৰে সংগ্ৰহ কৰিছিল। উদাহৰণস্বাৰূপে নাগেশ্বৰ আৰু বালাকোটত বসতি স্থাপন কৰি শংখ সংগ্ৰহ কৰিছিল। সিন্ধু সভ্যতাৰ যুগত তাম, ব্ৰঞ্জ, ৰূপ আৰু সোনৰ ব্যৱহাৰ আছিল কাৰণে ৰাজস্থান আৰু আফগানিস্থানৰ পৰা তাম আমদাৰি কৰা হৈছিল। 

আফগানিস্থানৰ শ্ৰোতঘাইৰ পৰা নীলা ৰঙৰ মূল্যবান পাথৰ লেপিছ লাজুলিৰ সংগ্ৰহ কৰা হৈছিল। গুজৰাটৰ ভৰোচৰ পৰা কাৰ্নিলিয়ান, ৰাজস্থান আৰু উত্তৰ গুজৰাটৰ পৰা শ্বেত পাথৰ আৰু আন ধাতু ৰাজস্থানৰ পৰা সংগ্ৰহ কৰিছিল। সিন্ধু সভ্যতাবাসীয়ে নদীৰ বালিৰ পৰা সোণ সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰি দক্ষিণ ভাৰত আৰু আফগানিস্থানৰ পৰাও তেওঁলোকে সোন আমদাৰি কৰি অলঙ্কাৰ আদি তৈয়াৰ কৰিছিল। ৰাজপুতলা, দক্ষিণ ভাৰত, পাৰস্য আৰু আফগানিস্থান আদি অঞ্চলৰ পৰা সোণ আমদানি কৰা হৈছিল। ঠিকসেইদৰে বিদেশৰ পৰা মূল্যৱান পাথৰো আমদানি কৰাৰ ব্যৱস্থা কৰা হৈছিল। কেতিয়াবা তাম সংগ্ৰহ কৰিবৰ কাৰণে ৰাজস্থানৰ ক্ষেত্ৰী আৰু সোন সংগ্ৰহৰ কাৰণে কৰ্নাটকাৰ কোলাৰ পৰ্যন্ত অভিযান প্ৰেৰণ কৰিছিল।

প্ৰত্নতাত্বিক খননৰ পৰা এই কথা জানিব পৰা গৈছেযে হৰপ্পাবাসীয়ে আৰৱ উপদ্বীপৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত ওমানৰ পৰা তাম আমদাৰি কৰিছিল। মেছোপটেমিয়াত কিছু সংখ্যক হৰপ্পাৰ চীল, মোহৰ, দগা, পাল্লা আৰু মণি উদ্ধাৰ হোৱালৈ চাই সেই অঞ্চলৰ লগত হৰপ্পাবাসীৰ যোগাযোগ থকাটো প্ৰমাণ কৰে। আনহাতে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ মানুহে লোথাল বন্দৰেদি নিশ্চয় সাগৰীয় পথৰ বাণিজ্য চলাইছিল।

এইদৰে হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে শিল্প উদ্যোগত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰী সমূহ সংগ্ৰহ কৰিছিল।


32. হৰপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ আলোচনা কৰা। HS-2016, 2024

উত্তৰঃ- হৰপ্পা সভ্যতা তথা সিন্ধু সভ্যতাৰ পতনৰ কাৰণ সম্পৰ্কত ঐতিহাসিক সকলে বিভিন্ন মতামত দাঙি ধৰিছে। খৃঃপূঃ ২০০০ ৰ পিছত সিন্ধু সভ্যতাৰ বিলুপ্তি খৰতকীয়া হৈ পৰি মহেঞ্জোদাৰো আৰু হৰপ্পা নগৰীৰ অস্তিত্ব লোপ পাইছিল। হৰপ্পাবাসীয়ে পূৰ্বৰ বসতি স্থান এৰি অন্য ঠাইলৈ আঁতৰি গৈছিল। আনহাতে মেচোপটেমিয়া আৰু সিন্ধু সভ্যতাৰ মাজত বাণিজ্যিক সম্পৰ্ক নাইকিয়া হৈ পৰাৰ ফলত কৃষক, শিল্পী, বাঢ়ৈ শ্ৰমিক শ্ৰেণী জুৰুলা হৈ পৰিছিল। সেয়েহে একাংশ ঐতিহাসিকে ক'ব খোজে যে মেচোপটেমিয়াৰ লগত সিন্ধু সভ্যতাৰ বৈদেশিক বানিজ্য লোপ পোৱাত সিন্ধু সভ্যতাৰ নগৰ কেন্দ্ৰিক অৰ্থনীতিৰ পতন আৰম্ভ হৈছিল।

সিন্ধু সভ্যতাৰ পতনৰ অন্যতম কাৰণ হ'ল ভূ-প্ৰাকৃতিক পৰিৱৰ্তন। ঐতিহাসিকসকলৰ মতে সিন্ধু উপত্যকাৰ ভূমিৰ উৰ্বৰতা ক্ৰমাত্‍ কমি আহিছিল। স্বাভাৱিক বৃষ্টিপাতৰ তাৰতম্য ঘটিবলৈ লোৱাত নিশ্চয় কৃষিকাৰ্যত ব্যাঘাত জন্মিছিল আৰু বহু ঠাই মৰুভূমিলৈ পৰিৱৰ্তিত হৈছিল। এনে পৰিৱৰ্তনে জন-জীৱন বিপযস্ত কৰি তুলিছিল।

একাংশ ঐতিহাসিকে প্ৰাকৃতিক দুৰ্যোগ অৰ্থাত্‍ বানপানী, ভূমিকম্প বা মহামাৰীয়েই সিন্ধু সভ্যতা পতনৰ অন্যতম কাৰণ বুলি অবিহিত কৰিছে। বিশৃখলভাৱে পৰি থকা নৰ-কংকাল সমূহৰ পৰা অনুমান কৰিব পাৰিযে হঠাতে উদ্ভৱ হোৱা কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলতেই হয়তো এই সভ্যতাৰ চূড়ান্ত পতন ঘটিছিল।

সিন্ধু সভ্যতাৰ পতন সিন্ধু সভ্যতাবাসীয়ে জগৰীয়া আছিল কিয়নো হৰপ্পাবাসীয়ে ইয়াৰ পৰিবেশৰো যথেষ্ট ক্ষতিসাধন কৰিছিল। গছ-গছনি কাটি, জীৱ-জন্তু বধ কৰি অঞ্চলটোৰ জৈৱ-বৈচিত্ৰতাৰ ভাসসাম্যতা নষ্ট কৰাৰ ফলত সভ্যতা বিপদাপন্ন হৈ পৰিছিল। খাদ্য বস্তুৰ নাটনি, মাৰি-মৰক আদি কাৰণতো হৰপ্পাৰ অঞ্চলসমূহ জনশূন্য হৈ পৰিছিল।

প্ৰত্নতাত্বিক সমলৰ ভেঁটিতে একাংশ ঐতিহাসিকে ক'ব খোজেযে বহিঃ আক্ৰমণত সিন্ধু সভ্যতাৰ পতন ঘটিছিল। বহিঃ আক্ৰমনকাৰী বুলি কওতে বিতৰ্ক নোহোৱাকৈ থকা নাই। কিন্তু বৈদিক সাহিত্যৰ সাক্ষী আৰু খনন কাৰ্যৰ সহায়ত প্ৰায় সকলো ঐতিহাসিকে ক'ব খোজেযে এই বহিঃ আক্ৰমকাৰী সকল আছিল আৰ্য গোষ্ঠীৰ লোক। বুৰঞ্জীবিদ আৰ. ই. এম. হুইলাৰে ক'ব খোজেযে ইন্দ্ৰই আৰ্যসকলৰ প্ৰধান সেনাপতি হিচাৰে ঘোঁৰাত উঠি সিন্ধু সভ্যতাৰ নগৰবোৰ ধ্বংস কৰিছিল। গতিকে অনুমান কৰা যায়য়ে পৰি অহা সিন্ধু সভ্যতাৰ ওপৰত চূড়ান্ত বিপৰ্যয় জাপি দিছিল আৰ্য সকলে।

সৰ্বশেষত এই কথা ক'ব পাৰিযে এক শক্তিশালী একত্ৰীকৰণ শক্তিৰ কাৰণতেই সিন্ধু সভ্যতাৰ পতন ঘটিছিল। চীল, মোহৰ, মৃত্‍পাত্ৰ, লিপি, মণি আদিৰ অৱলুপ্তি মান বিশিষ্ট জোখ-মাপ পদ্ধতিৰ পৰিৱৰ্তে স্থানীয় পদ্ধতিৰ ব্যৱহাৰ, নগৰ সমূহৰ পতন আৰু পৰিত্যাগ আদিৰ পৰাই এই কথাৰ উমান পাব পাৰি।

ওপৰক্ত আলোচনাৰ পৰা এই কথা স্থাষ্ট হৈ পৰিল যে সিন্ধু সভ্যতাৰ পতনৰ বাবে ঐতিহাসিক সকলে একাধিক কাৰণ উল্লেখ কৰিলেও সিন্ধু সভ্যতাৰ ধ্বংসৰ কাৰণ এতিয়াও ৰহস্যাবৃত।


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022.


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »