-->

মৌলিক অধিকাৰ । Fundamental Right - একাদশ শ্ৰেণী

 

Questions Answers of AHSEC Solution for Class 11 Political Science : মৌলিক অধিকাৰ । Fundamental Right. All the important questions answers are discussed in this article.

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

মৌলিক অধিকাৰ
Fundamental Right

Class XI Political Science

Class 11 PolScience মৌলিক অধিকাৰ। Fundamental Right ৰ প্রশ্নোত্তৰ:-

            The questions answers of Class 11 Political Science : মৌলিক অধিকাৰ । Fundamental Right has been discussed in systematic way. There are approximately important 26 questions answers in this article.

1. মৌলিক অধিকাৰসমূহ অসীম নে?  HS-2018
উত্তৰ:- নহয়, মৌলিক অধিকাৰসমূহ অসীম নহয়।

2. অস্পৃশ্যতা বৰ্জন কৰা এক সমতাৰ অধিকাৰ/ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ/শোষণৰ বিৰুদ্ধে অধিকাৰ। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)      HS-2019
উত্তৰঃ-সমতাৰ অধিকাৰ

3. ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ দুটা লক্ষ্য উল্লেখ কৰা।  HS-2018
উত্তৰঃ-(ক) পঞ্চায়তীৰাজ ব্যৱস্থাৰ সৃষ্টি কৰা (অনুচ্ছেদ ৪০) আৰু
    (খ) ল’ৰা-ছোৱালী আৰু যুৱকসকলক শোষণ আৰু অৱহেলাৰ পৰা ৰক্ষা কৰা (অনুচ্ছেদ ৩৯)

4. সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজৰ দুটা পাৰ্থক্য লিখা।  HS-2019
উত্তৰঃ-(ক) সাধাৰণ অধিকাৰবোৰ সাধাৰণ আইন প্ৰণয়ন প্ৰক্ৰিয়াৰে বিধানমণ্ডে সংশোধন কৰিব পাৰে। আনহাতে, মৌলিক অধিকাৰবোৰ সংবিধান সংশোধনৰ দ্বাৰাহে পৰিৱৰ্তন কৰিব পৰা যায়।
(খ) সাধাৰণ অধিকাৰবোৰ সাধাৰণ আইনৰ দ্বাৰা সুৰক্ষিত আৰু বলবত্‍ কৰা হয়। আনহাতে, মৌলিক অধিকাৰবোৰ সংবিধানবোৰ ৰাষ্ট্ৰৰ সংবিধানৰ দ্বাৰা সুৰক্ষিত কৰা হয়।

5. ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছে।      HS-2018
উত্তৰঃ-1978 চনত সংবিধানৰ 44তম সংশোধনীৰ জৰিয়তে।

6. ভাৰতীয় সংবিধানৰ সন্নিবিষ্ট কোনটো অধিকাৰক সংবিধানৰ হৃদয়পিণ্ড আৰু আত্ম বুলি কোৱা হয়।     HS-2017
উত্তৰঃ-সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক।

7. ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত ৰাষ্ট্ৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভূক্ত কৰা হৈছে?     HS-2016
উত্তৰঃ-সংবিধানৰ চতুৰ্থ (IV) অধ্যায়ত

8. ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে?      HS-2015
উত্তৰঃ-সংবিধানৰ তৃতীয় (III) অধ্যায়ত

9. ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহ সংবিধানত সংযোজন কৰা হৈছে?  HS-2015
উত্তৰঃ-1976 চনৰ সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে।

10. বৰ্তমান ভাৰতীয় সংবিধানত কিমানবিধ মৌলিক অধিকাৰ আছে।  HS-2013
উত্তৰঃ- ৬ বিধ

11. ভাৰতীয় সংবিধানৰ সন্নিবিষ্ট দুটা মৌলিক অধিকাৰ উল্লেখ কৰা।  HS-2012
উত্তৰঃ-সমতাৰ অধিকাৰ আৰু স্বাধীনতাৰ অধিকাৰ

12. কোনে ‘সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক’ সংবিধানৰ হৃদয়পিণ্ড আৰু আত্ম বুলি কৈছে।
উত্তৰঃ-ড. বি.আৰ. আম্বেদকাৰ

13. ৰাষ্ট্ৰৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ বাদযোগ্য নে?  HS-2011
উত্তৰঃ-নহয়

14. মৌলিক অধিকাৰৰ এটা সংজ্ঞা দিয়া।  HS-2014
উত্তৰঃ-ড. দূৰ্গা দাস বসুৰ মতে “যেতিয়া এটা সাধাৰণ অধিকাৰ এখন সাধাৰণ আইনৰ দ্বাৰা সুৰক্ষিত কৰা হয়, সেই সময়তে মৌলিক অধিকাৰ হৈছে সেইটো অধিকাৰ যিটো দেশৰ সংবিধানৰ দ্বাৰা সুৰক্ষিত আৰু সুনিশ্চিত”।

15. অধিকাৰ বুলেলি কি বুজা?  HS-2011, 2012
উত্তৰঃ-লাস্কিৰ (Laski) মতে অধিকাৰ হৈছে সামাজিক জীৱনৰ চৰ্তাৱলী যাৰ অবিহনে কোনো ব্যক্তিৰেই ব্যক্তিত্বৰ সৰ্বোত্কৃধষ্ট বিকাশ সম্ভৱ নহয়।

16. মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট লিখা।  HS-2013
উত্তৰঃ-(ক) ভাৰতৰ সংবিধানত সন্নিবিষ্ট মৌলিক অধিকাৰসমূহ বাদযোগ্য। ব্যক্তি, অনুষ্ঠান নাইবা চৰকাৰৰ কোনো অংগই মৌলিক অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে।
(খ) মৌলিক অধিকাৰসমূহ সংবিধানৰ অপৰিহাৰ্য অংগ। এই অধিকাৰসমূহৰ সাধাৰণ আইন প্ৰণয়নৰ প্ৰক্ৰিয়াৰ পৰিৱৰ্তন নাইবা নোহোৱা কৰিব পৰা নাযায়।

17. গান্ধীবাদী নীতিসমূহৰ বিষয়ে চমুকৈ লিখা।  HS-2014
উত্তৰ:-(ক) পঞ্চায়তীৰাজ ব্যৱস্থা সৃষ্টি কৰা (অনুচ্ছেদ ৪০)
(খ) ব্যক্তিগতভাৱে নাইবা সমবায় ভিত্তিত কুটীৰ শিল্পৰ প্ৰসাৰণৰ ব্যৱস্থা কৰা। (অনুচ্ছেদ ৪৩)

18. নিৰ্দেশাত্মক নীতিৰ ভাগসমূহ কি কি?      HS-2014
উত্তৰ:-নিৰ্দেশাত্মক নীতিৰ ভাগসমূহ হ’ল— অর্থনৈতিক নীতি, গান্ধীবাদী নীতি, আন্তঃৰাষ্ট্ৰীয় নীতি আৰু বিবিধ নীতি।

19. ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ বৰ্ণনা কৰা। মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি নে?
উত্তৰ:- ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ তৃতীয় অধ্যায়ত লিপিবদ্ধ কৰা আছে। ভাৰতীয় নাগৰিকে ছয়বিধ মৌলিক অধিকাৰ ভোগ কৰিব পাৰে। সেইবোৰ হ'ল-
 (i) সমতাৰ অধিকাৰ(১৪ৰ পৰা ১৮ নম্বৰ অনুচ্ছেদলৈ):-আইনৰ দৃষ্টিত সকলো সমান, আইনৰ সম সুৰক্ষা, ধৰ্মৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি নিষিদ্ধ,ৰাজহুৱা দোকান, গা ধোৱা ঘাট, ভোজনালয় আদিত সম অধিকাৰ, নিয়োগৰ ক্ষেত্ৰত সমতা স্থাপন, অস্পৃশ্যতা বৰ্জন, শিক্ষাগত অধিকাৰৰ বাহিৰে আন উপাধি প্ৰদান নিষিদ্ধ আদি ইয়াৰ অৰ্ন্তগত।
 (ii) স্বাধীনতাৰ অধিকাৰ(১৯ৰ পৰা ২২নম্বৰ অনুচ্ছেদলৈ):-বাক্‌ আৰু মতামত প্ৰকাশৰ স্বাধীনতা, শান্তিপূৰ্ণ সমবেত হোৱাৰ স্বাধীনতা, সংস্থা আৰু সংঘ গঠন, জীয়াই থকাৰ অধিকাৰ আদি ইয়াৰ অৰ্ন্তগত।
 (iii) শোষণৰ বিৰুদ্ধে অধিকাৰ(২৩ৰ পৰা ২৪নম্বৰ অনুচ্ছেদলৈ):- এই অধিকাৰ মতে মানুহক ক্ৰয়-বিক্ৰয়, বিনা বেতনত নিয়োগ, জোৰ-জোলোম কৰি শ্ৰম আদায় কৰা নিষিদ্ধ কৰা হৈছে, ১৪বছৰৰ কম বয়সীয়া শিশুক বিপদসংকুল কামত নিয়োগ কৰা নিষিদ্ধ কৰিছে।
 (iv) ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ(২৫ৰ পৰা২৮নং অনুচ্ছেদলৈ):- নাগৰিকে নিজৰ ইচ্ছামতে ধৰ্মীয় কামত যোগদান, ধৰ্মীয় অনুষ্ঠান স্থাপন আৰু পৰিচালনা আদি ইয়াৰ অৰ্ন্তগত।
 (v) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ(২৯ৰ পৰা ৩০নং অনুচ্ছেদলৈ):- এই অধিকাৰ মতে চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত নামভৰ্তিৰ পৰা কোনো নাগৰিকক বঞ্চিত কৰিব নোৱাৰিব, ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে শিক্ষানুষ্ঠান স্থাপন কৰিব পাৰিব।
 (vi) সাংবিধানিক নিৰাময়ৰ অধিকাৰ(৩২ৰ পৰা ২২৬নং অনুচ্ছেদলৈ):-নিজৰ নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ নাগৰিকে যথোচিত ন্যায় বিচাৰি আৰু লেখ জাৰি কৰাৰ বাবে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে।
    মৌলিক অধিকাৰবোৰ সংশোধন কৰিব পাৰি যদিও সাধাৰণ আইন প্ৰণয়ন পদ্ধতিৰে সংশোধন কৰিব নোৱাৰি, ইয়াক সংশোধন কৰাৰ বাবে বিশেষ প্ৰক্ৰিয়া অবলম্বন কৰি সংবিধান সংশোধন কৰাৰ প্ৰয়োজন হয়।

20. ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ আলোচনা কৰা।
(অথবা) ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য লিখা।  HS-2016

উত্তৰ:- ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ হ'ল-
(ক) সংবিধান মানি চলা আৰু জাতীয় পতাকা,ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা।
(খ) স্বাধীনতা আন্দোলনত অনুপ্ৰেৰণা যোগোৱা মহান আদৰ্শক পোষন আৰু অনুসৰণ কৰা।
(গ) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা অক্ষুন্ন ৰখা।
(ঘ) দেশখনক ৰক্ষা কৰা।
(ঙ) সকলোৰে মাজত সমন্বয় আৰু ভ্ৰাতৃত্বভাবৰ সৃষ্টি কৰা।
(চ) আমাৰ মিশ্ৰিত সংস্কৃতিৰ মূল্যৱান ঐতিহ্যৰ ওপৰত মূল্য আৰোপ কৰা আৰু তাৰ সংৰক্ষণ কৰা।
(ছ) প্ৰাকৃতিক পৰিবেশ সংৰক্ষণ আৰু উন্নতি সাধন কৰা তথা জীৱিত প্ৰাণীৰ প্ৰতি দয়া প্ৰদৰ্শন কৰা।
(জ) বৈজ্ঞানিক দৃষ্টিভংগী, মানৱতাবাদ আৰু অনুসন্ধিৎসা তথা সংস্কাৰৰ মনোভাৱৰ বিকাশ সাধন কৰা।
(ঝ) ব্যক্তিগত আৰু সামূহিক সকলো দিশৰ উৎকৰ্ষ সাধনৰ বাবে যত্নৱান হোৱা।
(ঞ) অভিভাৱকসকলে তেওঁলোকৰ ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলক শিক্ষাগ্ৰহণৰ সুযোগৰ ব্যৱস্থা কৰা।

21. ভাৰতৰ সংবিধানত কি কি বিষয়ৰ স্বাধীনতাৰ অধিকাৰ দিয়া হৈছে? সেইবোৰৰ সীমাবদ্ধতাৰ বিষয়ে চমু আভাস দিয়া।
(অথবা) ভাৰতৰ সংবিধানত ১৯নং অনুচ্ছেদত সন্নিবিষ্ট দুটা অধিকাৰ উল্লেখ কৰা।  HS-2017
(অথবা) চমুটোকা লিখা: স্বাধীনতাৰ অধিকাৰ

উত্তৰ:- ভাৰতৰ সংবিধানত ১৯নং অনুচ্ছেদৰ পৰা ২২নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ সন্নিবিষ্ট আছে। এই অনুচ্ছেদৰ অধীনত বৰ্তমান ছয় প্ৰকাৰৰ অধিকাৰ অন্তৰ্ভুক্ত আছে। এই অধিকাৰসমূহ হ'ল-
(ক) কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা।
(খ) নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমৱেত হোৱাৰ স্বাধীনতা।
(গ) সংস্থা আৰু সংঘ গঠন কৰাৰ স্বাধীনতা।
(ঘ) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ।
(ঙ) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস আৰু স্থায়ীভাৱে থকাৰ অধিকাৰ।
(চ) যিকোনো চাকৰি নাইবা জীৱন নিৰ্বাহৰ উপায়, বাণিজ্য তথা ব্যৱসায় কৰিৰ অধিকাৰ। ইয়াৰ উপৰিও অভিযুক্ত বা আচামীৰ অধিকাৰ, জীয়াই থকাৰ আাৰু ব্যক্তি স্বাধীনতা ইয়াৰ অৰ্ন্তগত অধিকাৰ। এই অধিকাৰসমূহৰ কিছুমান সীমাবদ্ধতাও আছে। সেইবোৰ হ'ল-
(ক) স্বাৰ্থ আৰু সামাজিক শান্তি তথা নিৰাপত্তা, ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব তথা অখণ্ডতা ৰক্ষাৰ পৰিপন্থী হ'লে চৰকাৰে আইন প্ৰণয়ন কৰি ন্যায়সংগত তথা যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।
(খ) দেশত জৰুৰী অৱস্থা চলি থকা সময়ত এনেঅধিকাৰৰ ওপৰত চৰকাৰে বাধা আৰোপ কৰিলে, ন্যায় বিচাৰি আদালত ওচৰ চাপিব পৰা নাযায়।

22. ভাৰতীয় সংবিধানত উল্লেখ কৰা সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰৰ এটি টোকা লিখা।
উত্তৰ:- (ক) সংবিধানৰ ২৯ নং অনুচ্ছেদত ভাৰতবৰ্ষৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত বসবাস কৰা সকলো নাগৰিকৰ নিজৰ নিজৰ ভাষা, লিপি আৰু সংস্কৃতি ৰক্ষা কৰিব পৰা অধিকাৰৰ বিষয়ে বৰ্ণিত আছে।
(খ) সংবিধানৰ ৩০ নং অনুচ্ছেদত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে নিজৰ পছন্দ অনুসৰি শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰিব পাৰিব।

23. মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজত দুটা প্ৰভেদ লিখা।  HS-2011, 2015
উওৰ:- মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজত দুটা প্ৰভেদ হ'ল-
(ক) মৌলিক অধিকাৰসমূহ বাদযোগ্য, কিন্তু নিৰ্দেশক নীতিসমূহ বাদযোগ্য নহয়।
(খ) মৌলিক অধিকাৰত সন্নিবিষ্ট নথকা আৰ্থিক নীতিসমূহৰ কিছুমান নিৰ্দেশাত্মক নীতিত সন্নিবিষ্ট কৰি চৰকাৰক সেইবোৰ পালন কৰিবৰ বাবে নিৰ্দেশ দিছে।
(গ) মৌলিক অধিকাৰসমূহ জনসাধাৰণৰ উদ্দেশ্যে দিয়া হৈছে, আনহাতে নিৰ্দেশক নীতিসমূহ ৰাষ্ট্ৰৰ উদ্দেশ্যে দিয়া হৈছে।
(ঘ)  মৌলিক অধিকাৰ কাৰ্যকৰীকৰণৰ কাৰণে কোনো নতুন বিধিৰ দৰকাৰ নহয়, কিন্তু নিৰ্দেশক নীতিসমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰে নতুন বিধি প্ৰণয়ন কৰিবলগা হয়।

24. ভাৰতবৰ্ষৰ সংবিধানত লিপিবদ্ধ থকা অধিকাৰবোৰক কিয় মৌলিক অধিকাৰ বুলি কোৱা হয়? ব্যাখ্যা কৰা।
উত্তৰ:- ভাৰতবৰ্ষৰ সংবিধানত লিপিবদ্ধ থকা অধিকাৰবোৰক মৌলিক অধিকাৰ বুলি কোৱাৰ কাৰণ হ'ল - অধিকাৰবোৰ সংবিধানত লিপিবদ্ধ কৰা থাকে আৰু সাধাৰণ আইন প্ৰণয়ন পদ্ধতিৰে সংশোধন কৰিব নোৱাৰি। আনহাতে অধিকাৰবোৰক মৌলিক বুলি কোৱাৰ আন এটা কাৰণ হ'ল- এইবোৰ বাদযোগ্য অৰ্থাৎ ন্যায়ালয়ৰ জৰিয়তে বলবৎ কৰিব পৰা যায় আৰু ৰাষ্ট্ৰৰ সকলো শ্ৰেণীৰ নাগৰিকে উপভোগ কৰিব পাৰে। মৌলিক অধিকাৰবোৰ সংবিধানত লিপিবদ্ধ কৰি ৰখাৰ ফলশ্ৰুতিত চৰকাৰৰ বাবে অলংঘনীয় হয়।

25. সমতাৰ অধিকাৰৰ বিষয়ে চমুকৈ লিখা।   HS-2014
উত্তৰ:- সমতাৰ অধিকাৰ(১৪ৰ পৰা ১৮ নম্বৰ অনুচ্ছেদলৈ):-আইনৰ দৃষ্টিত সকলো সমান, আইনৰ সম সুৰক্ষা, ধৰ্মৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি নিষিদ্ধ, ৰাজহুৱা দোকান, গা ধোৱা ঘাট, ভোজনালয় আদিত সম অধিকাৰ, নিয়োগৰ ক্ষেত্ৰত সমতা স্থাপন, অস্পৃশ্যতা বৰ্জন, শিক্ষাগত অধিকাৰৰ বাহিৰে আন উপাধি প্ৰদান নিষিদ্ধ আদি ইয়াৰ অৰ্ন্তগত।

26. জনসাধাৰণৰ মৌলিক অধিকাৰসমূহ ৰক্ষণাবেক্ষণ কৰাৰ বাবে ন্যায়ালয়ে জাৰি কৰিব পৰা লেখবোৰ কি কি? সেইবোৰৰ প্ৰত্যেকটোৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:- জনসাধাৰণৰ মৌলিক অধিকাৰসমূহ ৰক্ষণাবেক্ষণ কৰাৰ বাবে ন্যায়ালয়ে বিভিন্ন লেখ জাৰি কৰিছে। সেইবোৰ হ'ল-
(ক) বন্দী স্থাপন:- এই লেখ অনুসৰি কোনো ব্যক্তিক যদি গ্ৰেপতাৰ কৰা হয়, তেন্তে তেওঁক বিচাৰকৰ সন্মুখত উপস্থিত কৰি গ্ৰেপ্তাৰ কৰাৰ উপযুক্ত কাৰণ দৰ্শাবৰ কাৰণে আটককাৰীৰ ওপৰত আদালতে নিৰ্দ্দেশ দিয়ে। সংশ্লিষ্ট আটককাৰীয়ে উপযুক্ত কাৰণ দেখুৱাব নোৱাৰিলে আটক হোৱা ব্যক্তিজনে মুক্তি লাভ কৰে।
(খ) পৰমাধিদেশ:- পৰমিধিদেশ হ'ল চৰকাৰ নাইবা চৰকাৰী বিষয়াক অসাংবিধানিক আইন প্ৰয়োগ কৰাৰ পৰা বিৰত থাকিবৰ বাবে জাৰি কৰা লেখ।
(গ) নিষেধাজ্ঞা:- উচ্চ ন্যায়ালয়ে নিম্ন আদালতবোৰক নিজৰ ক্ষমতাৰ ক্ষেত্ৰাধিকাৰ অতিক্ৰম কৰি কাম কৰাৰ পৰা বিৰত থাকিবৰ বাবে দিয়া নিৰ্দ্দেশ বা লেখক নিষেধাজ্ঞা বুলি কোৱা হয়।
(ঘ) উৎপ্ৰেষণ:- নিম্ন আদালতৰ বিচাৰাধীন হৈ থকা কোনো মোকৰ্দমাৰ সকলো বিৱৰণ আৰু সংশ্লিষ্ট কাগজ-পত্ৰ উচ্চ ন্যায়ালয়ত পঠিয়াই দিবৰ বাবে জাৰি কৰা লেখক উৎপ্ৰেষণ বোলা হয়।
(ঙ) কৈফিয়ৎ তলবী:-যদি কোনো ব্যক্তিয়ে অবৈধভাৱে নাইবা কৰ্তৃত্ববিহীনভাৱে কোনো পদবী দখল কৰি থাকে, তেতিয়া আদালতে ব্যক্তিজনক কৈফিয়ৎ তলবী জাৰি কৰিব পাৰে।


Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.

Previous
Next Post »

1 Comments:

Click here for Comments
Manila
admin
January 15, 2023 at 6:55 AM ×

Very helpful sir

Congrats bro Manila you got PERTAMAX...! hehehehe...
Reply
avatar