-->

Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । Thinkers, beliefs & buildings Cultural Development

AHSEC Solution for Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । Thinkers, beliefs & buildings Cultural Development. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ইতিহাস চতুর্থ অধ্যায়ঃ 

চিন্তাশীল লোকসকল বিষাম, গৃহ আৰু সাংস্কৃতিক বিকাশ

Thinkers, beliefs & buildings Cultural Development

Class 12 History - Chapter 4


জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ। Kingship, Caste and class ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । Thinkers, beliefs and buildings Cultural Development has been discussed in systematic way. There are approximately important 47 questions answers in this article.

1. সাঁচি স্তূপ ক'ত অৱস্থিত?

উত্তৰঃ- মধ্য প্ৰদেশৰ ভূপালৰ ওচৰৰ সাঁচীত অৱস্থিত।


2. সাঁচী স্তূপৰ সংৰক্ষণৰ লগত জড়িত দুজন শাসকৰ নাম লিখা।

উত্তৰঃ- ভূপালৰ শাসকদ্বয় ছাহজাহান বেগম আৰু তেওঁৰ উত্তৰাধিকাৰী জেহান বেগম।


3. চাহজাহান বেগম কোন ৰাজ্যৰ শাসক আছিল? 

উত্তৰঃ- ভূপাল। 


4. চাহজাহান বেগম কিমান চনৰপৰা কিমান চনলৈ শাসন কৰিছিল? 

উত্তৰঃ- ১৮৬৮ চনৰ পৰা ১৯০১ চনলৈ। 


5. জৈন ধৰ্মৰ প্রকৃত প্ৰৱৰ্ত্তক জন কোন?

উত্তৰঃ- ঋষভ। 


6. তীর্থাংকৰ কাক কোৱা হৈছিল? 

উত্তৰঃ- জৈনধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জড়িত হোৱা লোক সকল! 


7. জৈন ধৰ্মৰ কিমান নম্বৰৰ তীর্থাংকৰ মহাবীৰ আছিল? 

উত্তৰঃ- ২৪ তম। 


8. মহাবীৰৰ প্রকৃত নাম কি আছিল? 

উত্তৰঃ- বর্দ্ধমান।


9. বুদ্ধদেৱৰ ল'ৰালি কালৰ নাম কি আছিল? 

উত্তৰঃ- সিদ্ধার্থ। 


10. বুদ্ধ শব্দৰ অর্থ কি?

উত্তৰঃ- মহাজ্ঞানী। 


11. ভাৰতৰ প্ৰথম সংগ্রহালয় কোন চনত প্রতিষ্ঠা কৰিছিল? 

উত্তৰঃ- ১৮১৪ চনত। 


12. ১৮৩৪ চনত স্থাপন কৰা স্তুপ কোনে আবিষ্কাৰ কৰিছিল?

উত্তৰঃ- কানিংহামে।


13. বুদ্ধই তেওঁৰ প্ৰথম ধৰ্মৰ বাণী কোন ঠাইত প্রচাৰ কৰিছিল? 

উত্তৰঃ- সাৰনাথত। 


14. বৌদ্ধধৰ্মৰ হীনযান বিভাগটোৰ অন্য এটা নাম কি আছিল?

উত্তৰঃ-থেৰাবাদ।


15. বৌদ্ধধর্মক দুর্বল কৰা ফৈদ দুটাৰ নাম লিখা। 

উত্তৰঃ- থৰবাদী আৰু মহাসংযিকা। 


16. দুটা জটিল যজ্ঞৰ নাম লিখা।

উত্তৰঃ- ৰাজসূয় যজ্ঞ আৰু অশ্বমেধ যজ্ঞ।


17. সূত্র পিটকাৰ মূল বিষয়-বস্তু কি? 

উত্তৰঃ- ইয়াত দার্শনিক তত্ত্বৰ বিষয়ে অৱতাৰণা কৰিছিল। 


18. চৈত্য বুলিলে কি বুজা?

উত্তৰঃ- মৃতকৰ সমাধি। 


19. বুদ্ধদেৱে প্ৰথমতে কাৰ ওচৰত শৰণ লৈছিল? 

উত্তৰঃ- আবাড় কালামৰ ওচৰত।


20. নির্বাণৰ অর্থ কি? 

উত্তৰঃ- মুক্তি লাভ কৰাকে নির্বাণ বুলি কোৱা হয়।


21. খেৰী কাক কোৱা হয়? 

উত্তৰঃ-নির্বাণ আৰু মুক্তি পোৱা বৌদ্ধ মহিলা সকলক। 


22. গর্ভগৃহ কাক বোলা হয়? 

উত্তৰঃ- প্রাচীন ভাৰতৰ হিন্দু মন্দিৰবোৰৰ ভিতৰৰ কোঠাটো। 


23. গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল?

উত্তৰঃ- লুম্বিনী নামে ঠাইৰ 623 B.C.


24. বুদ্ধৰ জীৱন পথ সলনি কৰা তিনিটা গুৰুত্বপূর্ণ ঘটনা কি আছিল?

উত্তৰঃ- এজন বুঢ়ামানুহ, এজন ৰুগীয়া মানুহ আৰু এটা মৰাশ। 

25. বৌদ্ধ দৰ্শনৰ মতে পৃথিৱী খন কি?

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ মতে পৃথিৱী খনে ক্ষণস্থায়ী অণিকা আৰু সঘনাই পৰিৱৰ্তনশীল। তদুপৰি ই নিৰ্জীৱ বা অনন্ত।


26. বস্তুবাদ কি?

উত্তৰঃ- যিয়ে পাৰ্থিৱ বা বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰে সিয়ে বস্তুবাদ। 


27. দ্বীপবংশ পুথিখন কি? 

উত্তৰঃ- দ্বীপ বংশ পুথিখনত দ্বীপ (শ্রীলঙ্কাৰ) ইতিহাস বর্ণনা কৰা হৈছে। 


28.  নিৰ্বাণ মানে কি বুজা?

উত্তৰঃ- মানুহে দুখৰ পৰা মুক্তি লাভ কৰা।


29. কোনে সাঁচীৰ পূবফালৰ তোৰণখন ভাৰতৰ পৰা নিবলৈ বিচাৰিছিল আৰু তাক কেনেকৈ ৰক্ষা কৰা হ'ল?

উত্তৰঃ- ফৰাচীসকলে সাঁচীৰ পূবফালৰ তোৰণ খন নিবলৈ বিচাৰিছিল আৰু বেগম চাহজাহানে সেই কথাত সন্মতি দিয়া নাছিল।


30. ইলোৰা মন্দিৰৰ স্থাপত্যৰ বিশেষত্ব কি আছিল। 

উত্তৰঃ- মহাৰাষ্ট্রৰ ইলোৰা মন্দিৰটোৰ বিশেষত্ব হৈছে যে এটা শিলক কাটি কুটি প্রকাণ্ড মন্দিৰটো সজোৱা হৈছিল।


31. নিয়তিবাদ বুলিলে কি বুজা?

উত্তৰঃ- নিয়তিবাদত বিশ্বাসীসকলৰ মতে এই বিশ্বৰ সকলো কর্ম/ঘটনা পূর্বে নিদ্ধাৰিত কৰি থোৱা আছে। উদাহৰণ হিচাবে জন্মিলে মৰিবই লাগিব। ইয়াৰ কোনো বিকল্প নাই। 


32. বুদ্ধৰ জীৱন পথ সলনি কৰা তিনিটা গুৰুত্বপূৰ্ণ ঘটনা কি আছিল?

উত্তৰঃ- তেওঁ দেখিবলৈ পোৱা এজন বুঢ়া মানুহ, এজন ৰোগী আৰু এটা মৰাশই তেওঁৰ জীৱণ পথ সলাই দিছিল। সেই সময়ত তেওঁ উপলব্ধি কৰিছিল যে মানুহ দেহৰ জৰা, ব্যধি আৰু মৃত্যু আনিছিল।


33. প্ৰাচীন কালত কোন বিলাক ঠাই পবিত্ৰ বুলি গণ্য কৰা হৈছিল?

উত্তৰঃ- প্ৰাচীন কালৰে পৰা মানুহে কিছুমান ঠাই পবিত্ৰ বুলি গণ্য কৰিছিল। এইবোৰৰ ভিতৰত বিশেষ গছৰ সৈতে জড়িত ঠাই, অতুলনীয় শিল বা বিস্ময়কৰ প্ৰাকৃতিক সৌন্দৰ্যময় ঠাই ইত্যাদিয়েই প্ৰধান।


34. বৌদ্ধধৰ্মৰ লগত জড়িত চাৰিখন উল্লেখযোগ্য ঠাইৰ নাম লিখা।

উত্তৰঃ- লুম্বিনী য'ত বুদ্ধদেৱে জন্ম গ্ৰহণ কৰিছিল, বুদ্ধগয়া য'ত বুদ্ধই মহাজ্ঞান লাভ কৰিছিল, সাৰনাথ য'ত বুদ্ধই প্ৰথম ধৰ্মোপদেশ দিছিল আৰু কুশীনগৰ য'ত বুদ্ধই নিৰ্বান লাভ কৰিছিল।


35. মহাযান আৰু হীনযান পন্থীৰ মাজৰ দুটা পাৰ্থক্য লিখা।

উত্তৰঃ- মহাযান পন্থীসকলে বুদ্ধ আৰু বোধিসত্ত্বৰ মূৰ্তিপূজা কৰে আনহাতে হীনযান সকলে মূৰ্তি পূজা নকৰে। 

আনহাতে বৌদ্ধধৰ্মৰ নতুন চিন্তাধাৰাক মহাযান পন্থী বোলা হয় আৰু পুৰণা পৰম্পৰাত বিস্বাসীসকলক হীনযান বোলা হয়।


36. জৈন ধৰ্মৰ ভিক্ষু আৰু ভিক্ষুনীসকলে পালন কৰিব লগা পাঁচটা নীতি কি আছিল?

উত্তৰঃ- সেই কেইটা হ'ল- অহিংসা, সত্য কথা কোৱা, চুৰি নকৰা, ব্ৰহ্মচৰ্য পালন আৰু সম্পত্তি আহৰণৰ পৰা বিৰত থকা।


37. গৌতম বুদ্ধৰ মতে অষ্টমাৰ্গ যি প্ৰত্যেক বৌদ্ধধৰ্মী লোকে অনুসৰণ কৰিব লাগে- চমুকৈ লিখা। HS-2015

উত্তৰঃ- আসক্তি বিনাশৰ কাৰণে বুদ্ধদেৱে অষ্টমাগৰ কথা কৈছে। সেই অষ্টমাৰ্গ হ'ল- সত্‍ বাক্য, সত্‍ কাৰ্য, সত্‍ জীৱন, সত্‍ প্ৰচেষ্টা, সত্‍ চিন্তা, সত্‍ চেতনা, সত্‍ প্ৰতিজ্ঞা আৰু সত্‍ দৰ্শণ।


38. মহাবীৰৰ দুটা বাণী লিখা। HS-2016 

উত্তৰঃ- (১) জীৱিত বস্তু বিশেষকৈ মানুহ, জন্তু, গছ-গছনি আৰু কীট-পতঙ্গৰো অপকাৰ নকৰাটো জৈনধৰ্মৰ মূলমন্ত্ৰ।

(২) কৰ্মফলৰ অপবিত্ৰতাৰ পৰা মুক্ত হোৱাটোৱেই জৈন ধৰ্মৰ মূল কথা আছিল।


39. অজন্তাৰ চিত্রশিল্পত কি বিষয়ত শিল্পীসকলে মনোযোগ দিছিল আৰু তাৰ ভাস্কৰ্য্যবোৰৰ বিষয় বস্তু কি আছিল।

উত্তৰঃ- জাতকৰ গল্পবোৰৰ কাহিনী ভাগ তেওঁলোকে গ্রহণ কৰিছিল। গাঁৱলীয়া জীৱন শোভাযাত্রা, শ্রমজীৱী পুৰুষ আৰু মহিলা আৰু বিভিন্ন উৎসৱ বোৰেই আছিল ইয়াৰ বিষয়বস্তু। 


40. চৈত্য বুলিলে কি বুজা?

উত্তৰঃ- প্রাচীন কালৰ পৰা কিছুমান বিশেষ স্থানক পবিত্ৰ বুলি গণ্য কৰি অহা হৈছে। ইয়াৰ কাৰণ হৈছে ঠাইবোৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য, আচৰিত ধৰণৰ শিল। কালক্ৰমত এই ঠাইবোৰক কেন্দ্ৰ কৰি বহুতো মঠ মন্দিৰ গঢ়ি উঠিছিল। সেইবোৰক কেতিয়াবা কেতিয়াবা চৈত্য বুলি কোৱা হৈছিল।


41. সাঁচিক বিশ্ব ঐতিহ্যৰ স্থান কেতিয়া গ্ৰহণ কৰিছিল। 

উত্তৰঃ- ১৮৮৯ চনত সাঁচিক বিশ্ব ঐতিহ্যৰ স্থান (World Heritage Site) দিয়া হৈছিল। ইয়াৰ ফলত এই স্বীকৃতিয়ে বিশ্ববাসীক সাঁচি স্তুপৰ বিষয়ে নতুন নতুন বিষয়বস্তু আৰু তথ্য যোগান ধৰিছিল।


42. চৰকাৰে কোনখন আইন প্রণয়ণ কৰি আৰু কোন চনত সেইখন বিধিবদ্ধ কৰিছিল আৰু পুৰাতত্ত্ব  সামগ্রীবোৰক ৰক্ষণাবেক্ষণ দিছিল? 

উত্তৰঃ- ১৮৮৮ চনত আইন প্রণয়ণ কৰি এই বিষয়ত ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল। আইনখনৰ নাম আছিল ট্রেজাৰ ট্রোভ এক্ট (Treasure trove Act)। 


43. বৌদ্ধদর্শনৰ মতে পৃথিৱীখন কি? 

উত্তৰঃ- বৌদ্ধদর্শনৰ মতে পৃথিৱীখন স্থায়ী আৰু সঘনাই পৰিৱৰ্তনশীল। তদুপৰি ই নির্জীৱ। সেইবাবে ইয়াত স্থায়ী বা নিত্য বুলি কোনো কথা নাই। এই ক্ষণস্থায়ী পৃথিৱীত মানুহৰ জন্মই দুখৰ কাৰণ। কামনা বাসনা, তৃষ্ণা আসক্তি, মোহ প্রবৃত্তি আদিয়েই সেই দুখৰ কাৰণ। দুখ নিবাৰণৰ বাবে সঠিক পথ অনুসৰণ কৰিব লাগিব। 


44. জেমচ ফাৰ্গুচন আৰু আলেকজেণ্ডাৰ কানিংহাম ভাৰতৰ পুৰণি ইতিহাসত কি ধৰণে পৰিচিত? 

উত্তৰঃ- জেমচ ফাৰ্গুচনে ১৮৩৫ চনৰ পৰা ১৮৪২ চনলৈ ভাৰতৰ বিভিন্ন পুৰাতত্ত্ব বিভাগৰ ঠাইবোৰ নিজে গৈ জৰীপ কৰিছিল আৰু আলেকজেণ্ডাৰ কানিংহামে সাঁচিৰ ওপৰত বিস্তৰ তথ্য সংগ্রহ কৰি ভিলচা টোপ (Bhilsa tope) নামৰ কিতাপখন লিখি উলিয়ায়— ১৮৫৪ চনত।


45. বৌদ্ধধৰ্মৰ শিকনিসমূহৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ- বুদ্ধদেৱে তেওঁৰ অনুগামী সকলৰ কাৰণে বহুতো শিকনি (দিথৈ গৈছে। বুদ্ধৰ এই শিকনি সমূহ পিটকত পোৱা যায়, বিশেষকৈ মূক্ত পিটকত।

বুদ্ধৰ এই শিকনিসমূহৰ মতে পৃথিৱীখন ক্ষণস্থায়ী আৰু সঘনাই পৰিৱৰ্তনশীল। তদুপৰি ই নিৰ্জীৱ সেইবাবে ইয়াত স্থায়ী বা নিত্য বুলি একো নাই। এই ক্ষণস্থায়ী বিশ্বৰ ভিতৰত মানুহৰ জন্মই দুখৰ কাৰণ কামনা, বাসনা, তৃষ্ণা, আসক্তি মোহ আদি প্ৰকৃতি সেই দুখৰ কাৰণ। দুখ নিবাৰণৰ কাৰণে সঠিক পথ অনুসৰণ কৰিব লাগিব তেতিয়াহে মানৱ জীৱনে এই পাৰ্থিৱ কষ্টসমূহৰ পৰা মুক্ত হ'ব পাৰিব।

বৌদ্ধধৰ্মত ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে কোনো আলোচনা নাই, সমাজ সম্পৰ্কে বুদ্ধৰ ধাৰণা আছিল যে সমাজ মানুহৰ দ্বাৰা সৃষ্ট ভগৱানৰ দ্বাৰা নহয়। মানুহৰ নানা ধৰণৰ অভাৱ আছে আৰু সেই অভাৱবোৰ সমাজতহে পূৰণ কৰিব পাৰি। সেয়ে তেওঁ ৰাজন আৰু গৃহপতি সকল দয়াবান আৰু সদাচাৰী হ'বলৈ উপদেশ দিছে।

আনহাতে নিৰ্বান লাভ কৰাই বৌদ্ধ ধৰ্মৰ মূল কথা। মৃত্যুৰ পিছত আত্মাই পুনৰ জীৱন লাভ কৰে। পুনৰ জীৱন লাভ কৰিলেও আগৰ জীৱনৰ কৰ্মফল ভোগ কৰিব লগীয়া হয়। গতিকে পুনৰ জন্ম বন্ধ কৰিব পাৰিলেহে মানুহে দুখৰ পৰা মুক্তি পাব বা নিৰ্বান লাভ কৰিব। ইয়াৰ উপৰি বুদ্ধই আৰ্যসত্য বা পৰম সত্য বুলি চাৰিটা সত্যৰ কথা কৈছে। তদুপৰি আসক্তি বিনাশৰ কাৰণে বুদ্ধদেৱে অষ্টমাৰ্গৰ কথা কৈছে। সেই অষ্টমাৰ্গ হৈছে- সত্য বাক্য, সত্‍ কাৰ্য, সত্‍ জীৱন, সত্‍ প্ৰচেষ্টা, সত্‍ চিন্তা, সত্‍ চেতনা, সত্‍ প্ৰতিজ্ঞা আৰু সত্‍ দৰ্শন। বৌদ্ধ পৰম্পৰা অনুসৰি বুদ্ধ তেওঁৰ শিষ্যসকলৰ প্ৰতি অন্তিম উপদেশ আছিল- তোমালোক সকলো নিজেই নিজৰ জ্যোতি হোৱা কিয়নো তুমি নিজেই নিজৰ মুক্তিৰ পথ প্ৰশস্ত কৰিব লাগিব।

এইদৰে বুদ্ধদেৱে তেওঁৰ শিকণি সমূহৰ জড়িয়তে তেওঁৰ অনুগামী সকলৰ মাজত বিশ্ব ব্যাপি সমাদৰ লাভ কৰি আছে।


46. জৈন ধৰ্মৰ মূল নীতিসমূহৰ বিষয়ে কি জানা লিখা। HS-2013

উত্তৰঃ- জৈন ধৰ্মৰ মূল নীতিসমূহে জৈন ধৰ্মৰ অনুগামীসকল যথেষ্ট আকৰ্ষিত কৰি আহিছে। উল্লেখযোগ্য যে জৈনধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দৰ্শনটো হ'ল যে গোটেই পৃথিৱীখনেই সজীৱ, আনকি শিল আৰু প্ৰাণীৰো প্ৰাণ আছে। সৰ্বপ্ৰাণবাদ জৈনধৰ্মৰ প্ৰধান অংগ। জৈনধৰ্মৰ মতে গছ-গছনি, নদ-নদী, পৰ্বত-পাহাৰ আদি সকলো বস্তুৰে প্ৰাণ আছে। কেৱল প্ৰাণৰ প্ৰকাশ বেলেগ বেলেগ।

আনহাতে জীৱিত বস্তু বিশেষকৈ মানুহ, জন্তু, গছ-গছনি আৰু কীট-পতঙ্গৰো অপকাৰ নকৰাটো জৈন ধৰ্মৰ মূলমন্ত্ৰ। আচলতে জৈনধৰ্মই অহিংসা নীতিৰ ওপৰত গুৰুত্ব দিছিল যিটো ভাৰতীয় সকলো ধৰ্মৰ চিন্তাতেই পোৱা গৈছিল। 

জৈনধৰ্মৰ মতে মানুহে কৰ্মৰ যোগেদি জন্ম আৰু পুনঃজন্ম এই বৃত্তৰ মাজত ঘূৰি থাকে। কৰ্মফলৰ পৰা মুক্তি পাবলৈ হ'লে কৃচ্ছসাধন, উপবাস, তপস্যা আৰু অহিংসা নীতি পালনৰ কথা কৈছে। আসক্তিৰ পৰা মুক্ত হৈ সংযম, প্ৰায়চিত্ত আৰু ত্যাগময় জীৱন-যাপন কৰিলে কৰ্মফলৰ পৰা মুক্তি পাব পাৰি। কৰ্মফলৰ অপবিত্ৰতাৰ পৰা মুক্ত হোৱাটোৱেই জৈন ধৰ্মৰ মূল কথা আছিল।

উল্লেখযোগ্যযে জৈন ধৰ্মৰ সন্ন্যাসী আৰু তপস্বীসকলে পাঁচটা নীতি মানি চলিছিল- সেইকেইটা হ'ল- অহিংসা, সত্য কথা কোৱা, চুৰি নকৰা, ব্ৰহ্মচৰ্য পালন আৰু সম্পত্তি আহৰণৰ পৰা বিৰত থকা।

এইদৰে মহাবীৰৰ শিকনি সমূহ তেওঁৰ শিষ্যসকলে সংকলন কৰিছিল। এইবোৰ প্ৰায়ে (সাধুৰ) ৰূপত পোৱা গৈছিল যিবোৰে সাধাৰণ মানুহক যথেষ্ট আকৃষ্ট কৰিছিল।


47. স্তূপ সমূহ কিয় আৰু কেনেদৰে নিৰ্মাণ কৰা হৈছিল বৰ্ণনা কৰা। HS-2014

উত্তৰঃ- স্তূপ সমূহ বুদ্ধদেৱৰ স্মৃতি সংৰক্ষণৰ বাবে নিৰ্মাণ কৰা হৈছিল। এই স্তৃপসমূহ নিৰ্মাণ কৰাৰ উদ্দেশ্য আছিল যে কিছুমান ঠাই বুদ্ধৰ অৱশিষ্টৰ সৈতে জড়িত আছিল। যেনে- তেওঁৰ চিতাভষ্ম, অস্থি বা তেওঁৰ দ্বাৰা ব্যৱহৃত বস্তু তাত পুতি থোৱা হৈছিল এইবোৰ ঢাপ পাৰি দিছিল আৰু স্তূপ নামে জনা গৈছিল। এই স্তূপবোৰে বুদ্ধদেৱৰ অৱশিষ্ট বহন কৰাৰ বাবে পবিত্ৰ বুলি গন্য কৰা হৈছিল। গোটেই স্তূপবোৰক বুদ্ধদেৱ আৰু বৌদ্ধধৰ্ম দুয়োটাৰে প্ৰতিক বুলি পূজা কৰিছিল।

উল্লেখযোগ্যযে বৌদ্ধ সাহিত্য অশোক বন্দনা মতে অশোকে বুদ্ধদেৱৰ চিতাভষ্ম প্ৰত্যেকখন নগৰতে বিলাইছিল। কথিত আছে যে অশোকে দেশ জুৰি ৮৪০০০ স্তূপ নিৰ্মাণ কৰাইছিল। অৱশ্যে এই সংখ্যাটো অতিৰজ্ঞিত ঘেন ধাৰণা হয়। পৰৱৰ্তী সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰাৰ সময়ত বহুতো স্তূপ দেখাৰ কথা উল্লেখ কৰিছে, তাৰ ভিতৰত (ভাৰছট), সাঁচী, অমৰাৱতী, সাৰনাথ আদিয়েই প্ৰধান।

এই স্তূপবোৰ বিভিন্ন দান বৰঙনীৰ জড়িয়তে নিৰ্মাণ কৰিছিল কিছুমান দান সাতবাহন ৰজা সকলে আগবঢ়াইছিল। আন কিছুমান দান আগবঢ়াইছিল নিগমবোৰে, যেনে- সাঁচী স্তূপৰ এখন তোৰণৰ নিৰ্মাণৰ বাবে হাতী দাঁতৰ কাম কৰা শিল্পীসকলে ব্যয় বহন কৰিছিল। শ শ পুৰুষ মহিলাই আগবঢ়োৱা দান নাম সহ উল্লেখ কৰিছিল। ভিক্ষু আৰু ভিক্ষুণীসকলেও স্তূপ নিৰ্মাণৰ বাবে দান বৰঙণি আগবঢ়াইছিল।

48. স্তুপবোৰ কেনেকৈ আৰু কিয় নিৰ্মাণ কৰা হৈছিল, আচলোচনা কৰা। HS-2024

History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022.


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »