-->

Solved Question paper of Logic & Philosophy

 H.N.S / XII 1* Unit Test Examination - 2022

Logic & Philosophy Full Marks : 50

Time : 2 Hours 


1. অতি চমু উত্তৰ দিয়াঃ 1 x 12 = 12 

(a) প্রকৃত আগমনৰ মূল লক্ষণ কি?

উত্তৰঃ-অনুমানাত্মক জাঁপ


(b) কার্য-কাৰণ বিধি হ'ল আগমনৰ বস্তুগত ভিত্তি এইটো শুদ্ধ নে? 

উত্তৰঃ-অশুদ্ধ


(c) সাদৃশ্যমূলক অনুমানৰ সিদ্ধান্ত নিশ্চিত? কথাষাৰ সত্য নে? 

উত্তৰঃ-অশুদ্ধ


(d) কাৰণৰ পৰিমানগত কি নিয়মৰ ওপৰত প্রতিষ্ঠিত?

উত্তৰঃ- শক্তিৰ  অবিনশ্বৰতা নীতি


(e) প্রত্যক্ষতে বস্তু বিদ্যামান বুলি কোনে কৈছে? 

উত্তৰঃ-বস্তুগত ভাববাদ হেগেল।


(f) 'Essay concerning Human understanding' গ্ৰন্থখনৰ লিখক কোন? 

উত্তৰঃ- জন ল'ক


(g) আধুনিক দর্শনৰ প্ৰৱর্তক কোন? 

উত্তৰঃ- ডেকাৰ্ট


(h) বৈজ্ঞানিক বাস্তববাদৰ প্ৰৱর্তক কোন? 

উত্তৰঃ-জন লক


(i) "The Principles of human knowledge" গ্ৰন্থখনৰ লিখক কোন?

উত্তৰঃ-বাৰ্কলি


(j) তর্কবিজ্ঞানৰ আদৰ্শ কি? 

উত্তৰঃ- সত্যতা।


(k) নানা কাৰণবাদ কাৰণ সম্পর্কে এটা _______ধাৰণা। 

উত্তৰঃ- ভ্ৰান্তমূলক


(i)____প্ৰকৃতিয়ে একে আচৰণ কৰে। 

উত্তৰঃ- একে সময়ত একে পৰিস্থিত।


2. বৈজ্ঞানিক আগমন কাক বোলে? 2

উত্তৰঃ- যি আগমন অনুমানত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰুপতা বিধি  আৰু কাৰ্য-কাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পর্কে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় তাক বৈজ্ঞানিক আগমন বোলে৷


3. আগমনৰ বিৰোধভাষ বুলিলে কি বুজা? 2

উত্তৰঃ-   প্রকৃতিৰ একৰূপতা বিধি সম্বন্ধে মিলৰ পৰস্পৰ বিৰোধী মতবাদকে আগমনৰ বিৰোধাভাষ বুলিলে কোৱা হয়৷


4. কাৰণৰ যিকোনো দুটা গুণগত লক্ষণ কি? 2

উত্তৰঃ- (ক) কাৰণ আৰু কার্য পৰস্পৰ নিৰ্ভৰশীল।

(খ) কাৰণ আৰু কার্য দুয়োটাই বিশেষ সময়ত সংঘটিত হোৱা ঘটনা। 


5. প্রকৃত আগমন কাক বোলে? 2

উত্তৰঃ- যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰি, প্ৰকৃতিৰ একৰূপতাৰ বিধি আৰু কাৰ্য-কাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে এটা যথাৰ্থা সামান্য বচন প্ৰতিষ্ঠা কৰা হয় তাক প্রকৃত আগমন বোলে।


6. সৰল বাস্তৱবাদ বুলিলে কি বুজা? 2

উত্তৰঃ- সৰল বাস্তৱবাদ হৈছেবাস্তৱবাদৰ সবাতোকৈ সৰলতম প্ৰকাৰ। ই হৈছে বাহ্যিক জগতৰ বিষয়ে কৰা সাধাৰণ বা ব্যৱহাৰিক ধাৰণা অথবা এজন সাধাৰণ মানুহে কোনো এটা বাহ্যিক বস্তুৰ বিষয়ে কৰা ধাৰণা।


7. আগমনৰ আকাৰগত ভিত্তি বুলিলে কি বুজা?

উত্তৰঃ- উত্তৰঃ- বিশেষ বিশেষ দৃষ্টান্তবোৰৰ পৰা সামান্য সত্যত উপনীত হওঁতে আৰু ইয়াৰ আকাৰগত সত্যতা প্রতিষ্ঠা কৰিবলৈ হ'লে আগমনে যিবোৰ বিধি বা নিয়মৰ ওপৰত নিৰ্ভৰ কৰে, সেই বিধি বা নিয়মবোৰকে আগমনৰ আকাৰগত ভিত্তি বোলে। 


৪. কাৰণ  কাক বোলে? 2

উত্তৰঃ- এটা জটিল কার্য কোনো এটা কাৰণে অকলে সম্পাদন কৰিব নোৱাৰে। একাধিক কাৰণ সংযোজিত হৈ একেলগে ক্ৰিয়া কৰি কোনো এটা জটিল কার্য সম্পাদন কৰিলে, কাৰণবোৰ কাৰণ সমন্বয় বা কাৰণ সংযোজন বোলে।


9. আগমন আৰু নিগমনৰ চাৰিটা পার্থক্য লিখা। 4

উত্তৰঃ- আগমন আৰু নিগমনৰ মাজৰ তিনিটা পার্থক্য হ'ল— 

(ক) নিগমন অনুমানত মূলতঃ সার্বিক বা সামান্যৰ পৰা বিশেষত উপনীত হোৱা যায়। আনহাতে আগমন অনুমানত বিশেষৰ পৰা মূলতঃ সার্বিক সিদ্ধান্তবচনত উপনীত হোৱা যায়। 

(খ) নিগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত। ই আধাৰ বচন আৰু সিদ্ধান্তৰ বস্তুগতভাৱে জড়িত নহয়। আনহাতে, আগমন অনুমান বস্তুগত সত্যতাৰ লগত জড়িত। ইয়াৰ সিদ্ধান্তৰ বচন নিৰীক্ষণ আৰু পৰীক্ষণৰ দ্বাৰা সংগৃহীত আধাৰ বচনৰ ওপৰতে নিৰ্ভৰশীল। 

(গ) নিগমন যুক্তি বৈধ বা অবৈধ হ'ব পাৰে। কিন্তু আগমন যুক্তি ইয়াৰ আধাৰ বচনৰ শক্তি বা সামর্থ্য মূল্য অনুসাৰে সবল অথবা দুর্বল হয়।


10. এৰিষ্টটলৰ মতে কাৰণৰ প্ৰকাৰ কেইটা আৰু কি কি চমুকৈ আলোচনা কৰা। 4

উত্তৰঃ- কাৰণ সম্পৰ্কে এৰিষ্টটলৰ দৃষ্টিভংগী (Aristotles’ view of causation):- এৰিষ্টটলৰ মতে কাৰণৰ ধাৰনাটো এক জটিল প্ৰক্ৰিয়া৷ তেওঁৰ মতে নিম্নক্ত চাৰিটা উপাদানৰ জটিল সংমিশ্ৰণেই হৈছে কাৰণ৷ যেনে-

১) উপাদান কাৰণ(Material Cause)

২) আকাৰগত কাৰণ(Formal Cause)

৩) নিমিত্ত কাৰণ(Efficient Cause)

৪) পৰিণাম বা উদ্দেশ্য কাৰণ(Final Cause)

১) উপাদান কাৰণ(Material Cause):-যি উপাদান বা দ্ৰব্য বা পদাৰ্থৰে কার্য উৎপাদন কৰা হয় তাক উপাদান কাৰণ বোলে৷ যেনে-এখন কাপোৰ তৈয়াৰ কৰোতে শিপিনিয়ে ব্যৱহাৰ কৰা সূতাখিনি হৈছে উপাদান কাৰণ৷

২) আকাৰগত কাৰণ(Formal Cause):-কোনো কার্য উৎপন্ধ কোৰোতে উপাদান বা দ্ৰব্য বা পদাৰ্থৰ ওপৰত যি নতুন ৰূপ দিয়া হয় তাকে আকাৰগত কাৰণ বোলে৷ যেনে-শিপিনে সূতাৰপৰা এক বিশেষ ধৰণৰ ৰূপ দিহে কাপোৰখন তৈয়াৰ কৰে৷ এই ক্ষেত্ৰত কাপোৰখনত যি আকাৰগত কাৰণ৷

৩) নিমিত্ত কাৰণ(Efficient Cause):-কার্য এটা উৎপন্ধ কৰিবলৈ যি কৰ্তা বা শ্ৰম বা শক্তিৰ প্ৰয়োজন হয় তাকে নিমিত্ত কাৰণ বোলে৷ যেনে- কাপোৰখন তৈয়াৰ কৰিবলৈ যাওঁতে যি শ্ৰম বা শক্তি বা শিপিনিজনিয়েই হৈছে নিমিত্ত কাৰণ৷

৪) পৰিণাম বা উদ্দেশ্য কাৰণ(Final Cause):-যি উদ্দেশ্য আগত ৰাখি কোনো এটা কার্য উৎপন্ধ কৰা হয় তাকে পৰিণাম বা উদ্দেশ্য কাৰণ বোলে৷ যেনে- যি উদ্দেশ্যৰে কাপোৰ এখন তৈয়াৰ কৰা হয় সেই উদ্দেশ্যটোৱই উদ্দেশ্য কাৰণ৷


11. কাকতলীয় দোষ সম্পর্কে এটা সংক্ষিপ্ত টোকা লিখা। 4

উত্তৰঃ- কাকতালীয় দোষ(The fallacy of Post hoc ergo proper hog):-‘কাকতালীয় দোষ’ ‘কাৰণ’ সম্পকীয় এটা প্ৰধান দোষ৷ কোনো এটা ঘটনা বা কার্যৰ কোনো এটা চকুতলগা পূৰ্ববতী ঘটনা বা অংশক ‘কাৰণ’ বুলি ধৰি লোৱাৰ ফলত যি দোষ ঘটে তাকেই কাকতালীয় দোষ বুলি কোৱা হয়৷ ইয়াক পাশ্চাত্য তৰ্কবিজ্ঞানত ‘The fallacy of Post hoc ergo proper hog’ বুলি কোৱা হ’য়৷ ইয়াৰ আৰ্থ হৈছে-‘after this therefore on account of this’ অৰ্থাৎ ‘ইয়াৰ পিছতেই, গতিকে ইয়াৰ কাৰণেই’ উদাহৰণ স্বৰূপে-এটা কাউৰী তালগছত বহাৰ লগে লগেই তালটো গচৰপৰা সৰি পৰিল৷ তাকে দেখি নুমান কৰা হ’ল যে কাউৰী বহাটাৱেই তালটো সৰাৰ কাৰণ৷ কিন্তু আচলতে তালটো সৰি পৰাৰ কাৰণ ‘কাউৰী বহা’ নহ’য়৷ কোনো কাউৰী নবহিলেও তালটো এটা সময়ত গছৰ পৰা সৰি পৰেলেহেঁতন৷ তাল সৰাৰ প্ৰকৃত কাৰণ মাধ্যাকৰ্ষণ শক্তিহে৷ কাউৰী বহাটো তাল সৰাৰ এটা নিয়ত পূৰ্ববতী বা আকস্মিক ঘটনাহে৷ সেয়ে যিকোনো পূৰ্ববৰ্তী ঘটনাক অৰ্থাৎ নিয়ত পূৰ্ববৰ্তী ঘটনাক কাৰণ বুলি নুমান কৰাৰ ফলত যি দোষ ঘটে তাকেই ‘কাকতালীয় দোষ’ বুলি অভিহিত কৰা হ’য়৷


12. আত্মগত ভাৱবাদ বুলিলে কি বুজা? 'অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ' এই কথাষাৰ কোনে কৈছিল? ইয়াৰ অর্থ কি? 2 + 1 + 3 = 6 

উত্তৰঃ- যি মতবাদ অনুসৰি প্ৰত্যক্ষকাৰী মনৰ পৰা স্বতন্ত্র হিচাপে প্ৰকৃতিৰ অস্তিত্ব বিৰাজ নকৰে বুলি আৰু মানস পটত উপলব্ধি হ'লেহে কোনো বিষয়বস্তুৰ অস্তিত্ব বিৰাজ কৰে বুলি ধাৰণা পোষণ কৰা হয়, তাকে আত্মগত ভাৱবাদ বুলি কোৱা হয়।

'অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ' এই কথাষাৰ জর্জ বার্কলিয়ে কৈছিল। 

'অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ' এই কথাষাৰ অৰ্থঃ-বার্কলিৰ “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ” এই মতবাদৰ যুক্তিগত পৰিণতি হৈছে আত্মজ্ঞানবাদ। ঈশ্বৰ অথবা অসীম মনে বস্তুবোৰৰ প্রত্যক্ষকাৰী বুলি কোৱা বিষয়টোৱে বার্কলিৰ আত্মজ্ঞানবাদৰপৰা ৰক্ষা কৰা যেন দেখা যায়। কিন্তু দৰাচলতে ঈশ্বৰৰ অৱতাৰণাই বার্কলিৰ মতবাদৰ দুর্বলতাহে প্ৰমাণ কৰিছে। বিশুদ্ধ আত্মগত ভাৱবাদ গ্রহণযোগ্য নহয়। বার্কলিৰ সমালােচকসকলে প্রশ্ন কৰে যে বার্কলি যথার্থতে আত্মগত ভাৱবাদীনে বস্তুগত ভাৱবাদী? বার্কলিৰ ভাৱবাদৰ দ্বিতীয় পর্যায়টোত বস্তুগত ভাৱবাদৰ বৈশিষ্ট্য পৰিলক্ষিত হােৱা যেন অনুভৱ হয়। কিন্তু অধিকসংখ্যক সমালােচকে মত পােষণ কৰে যে, বার্কলিৰ বস্তুগত ভাৱবাদৰূপে অভিহিত কৰিব নোৱাৰি।

Or /অথবা

বস্তুনিষ্ঠ ভাৱবাদ কি? এই প্ৰকাৰৰ ভাৱবাদৰ চাৰিটা বৈশিষ্ট্য লিখা। 2 + 4 = 6 

উত্তৰঃ- যি মতবাদে সকলো বস্তু তাৰ ধাৰণাৰ লগত একে আকৌ যথার্থ জ্ঞান হ'ল ধাৰণাসমূহৰ তন্ত্ৰ বুলি মানে সেই মতবাদকে বস্তুগত ভাববাদ বোলে।

বস্তুনিষ্ঠ ভাৱবাদৰ চাৰিটা বৈশিষ্ট্যঃ-

(ক) পৰম ধাৰণা আৰু জগতৰ মাজত নিকট আন্তঃসম্পর্ক আছে। 

(খ) সকলোবোৰ সসীম ধাৰণা পৰম ধাৰণাৰ অন্তর্ভুক্ত। 

(গ) পৰম সত্তা বা পৰম ধাৰণা সজীৱ আৰু গতিশীল। 

(ঘ) পৰম সত্তাই সসীম জগতৰ মাধ্যমেৰে আত্মপ্রকাশ কৰে। 

(ঙ) জগতৰ অবিহনে পৰম সত্তা সম্পূর্ণ নহয়। আত্ম-চৈতন্য সঞ্চাৰৰ বাবে ই অপৰিহার্য।


13. অবৈজ্ঞানিক আগমনৰ মূল্য সম্পর্কে বহলাই লিখা। 6

উত্তৰঃ- অবৈজ্ঞানিক আগমনৰ মূল্য (Value of Unscientific Induction) : অবৈজ্ঞানিক আগমনত কেৱল অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা হয়। ইয়াত কার্য-কাৰণ সম্বন্ধ নির্ণয় কৰাৰ কোনো চেষ্টা কৰা নহয়। সেই কাৰণে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক, নিশ্চিত নহয়। তথাপি নিশ্চিত সিদ্ধান্তত উপনীত হোৱাৰ ক্ষেত্ৰত অবৈজ্ঞানিক আগমনৰ মূল্য স্বীকাৰ কৰিব লাগিব।

কিন্তু অবৈজ্ঞানিক অগমনৰ মূল্য সম্পর্কে তর্কবিজ্ঞানীসকলৰ মাজত মতভেদ দেখা যায়।

বেকনৰ মতে অবৈজ্ঞানিক আগমনৰ কোনো মূল্য নাই। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা অবৈজ্ঞানিক আগমন একেবাৰে মূল্যহীন। অবৈজ্ঞানিক আগমন কোনো মূল নিয়মৰ ওপৰত প্রতিষ্ঠিত নহয়। ইয়াত একধর্মী কেইটামান দৃষ্টান্তৰ পৰাই এটা সামান্য সিদ্ধান্তত উপনীত হোৱা যায়। 


Or /অথবা। 

অবৈজ্ঞানিক আগমন কাক বোলে? অবৈজ্ঞানিক আৰু বৈজ্ঞানিক আগমনৰ চাৰিটা বৈশিষ্ট্য লিখা। 6

উত্তৰঃ- যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ কিছুমান দৃষ্টান্ত পর্যবেক্ষণ কৰি কার্য-কাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ সেই পর্যবেক্ষণত পোৱা অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হ্য়, তাক অবৈজ্ঞানিক আগমন বোলে৷

        অবৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যঃ-

(ক) অবৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে।

(খ) অবৈজ্ঞানিক আগমনে এই সামান্য বচনটো বিশেষ বিশেষ বহুতো দৃষ্টান্ত পর্যৱেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্রতিষ্ঠা কৰে।

(গ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পর্যৱেক্ষণৰ ওপৰত নিৰ্ভৰশীল হ'লেও কেৱল পর্যৱেক্ষণৰ জৰিয়তে সিদ্ধান্তত সামান্য বচন প্রতিষ্ঠা কৰিব নোৱাৰি।

বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যঃ-

১) বৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে৷

২) বৈজ্ঞানিক আগমনে সিদ্ধান্ত পযৰবেক্ষণৰ ওপৰত নিৰ্ভৰশীল৷

৩) বৈজ্ঞানিক আগমনে এটা প্ৰধান বৈশিষ্ট্য হৈছৈ "আগমনাত্মক জাঁপ"৷


Syllabus of Class 12 Logic & Philosophy

1. আগমন আৰু ইয়াৰ প্ৰকাৰ । Induction & its kinds 

2.1 আগমনৰ ভিত্তি । Grounds of Induction

2.2 কাৰ্য-কাৰণ বিধি । THE LAW OF CAUSATION

2.3 আগমনৰ বস্তুগত ভিত্তি । MATERIAL GROUNDS OF INDUCTION

3. প্ৰকল্প । HYPOTHESIS

4. মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । MILL'S METHODS OF EXPERIMENTAL ENQUIRY

5. ভাৱবাদ । IDEALISM IN ASSAMESE

6. বাস্তৱবাদ । REALISM IN ASSAMESE

7. নীতিশাস্ত্র । ETHICS IN ASSAMESE

8. ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । RELIGION: ITS MEANING AND NATURE

9. পুৰুষাৰ্থ — তৰ্কবিজ্ঞান আৰু দৰ্শন

10. Solved Question paper of Logic & Philosophy


Mrs. Surekha Thakuria, M.A., B.Ed.

Post Graduate Teacher Logic & Philosophy,

H.N.Seminary Model HS School, Bagribari, Dhubri, Assam.

Previous
Next Post »

1 Comments:

Click here for Comments
Unknown
admin
January 28, 2023 at 7:32 AM ×

Thanks you sir

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar