-->

Class 12 History Chapter 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । Kingship, Caste & class

AHSEC Solution for Class 12 History Chapter 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ। Kingship, Caste & class. All the important questions answers are discussed in this article.

জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ 
Kingship, Caste and class


Class 12 History জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ। Kingship, Caste and class ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 History Chapter 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ। Kingship, Caste and class has been discussed in systematic way. There are approximately important 32 questions answers in this article.

1.  মৃচ্ছকটিকা নামৰ নাটকখন কোনে লিখিছিল? HS-2020

উত্তৰঃ- শুদ্ৰক


2. মহাভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান কি আছিল?

উত্তৰঃ- পাণ্ডৱৰ সৈতে দ্ৰৌপদীৰ বিবাহ।


3. কুৰুক্ষেত্র যুদ্ধৰ অৰ্জুনৰ ৰথৰ সাৰথি কোন আছিল। 

উত্তৰঃ- শ্রীকৃষ্ণ।


4. ঘটোত্‍কত কোন আছিল?

উত্তৰঃ-  হিড়িম্বা আৰু ভীমৰ পুতেক আছিল।


5. মাতঙ্গ কোন আছিল?

উত্তৰঃ- এজন চণ্ডালৰ পুত্ৰ। যিজন প্ৰকৃততে বোধিসত্ব অৰ্থাত্‍ বুদ্ধদেৱ আছিল।


6. চণ্ডাল সকলৰ কাম কি আছিল?

উত্তৰঃ- মৃত জীৱ-জন্তু পেলোৱা, মৃতদেহ সত্‍কাৰ কৰা আদি।


7. স্ত্ৰীধন মানে কি বুজা?

উত্তৰঃ- বিবাহৰ সময়ত পোৱা উপহাৰ।


8. ইতিহাসবিদ সকলে মহাভাৰতৰ কাহিনীভাগ কি দুটা প্ৰধান ভাগত ভাগ কৰিছে?

উত্তৰঃ- বৰ্ণনাত্মক আৰু উপদেশাত্মক।


9. ভাৰতীয় সমাজ সংৰচনা অন্যতম আধাৰ কি?

উত্তৰঃ- জাতি ব্যৱস্থা।


10. 'মুদ্ৰাৰাক্ষস' নাটকখন কোনে লিখিছিল?

উত্তৰঃ- বিশাখাদত্তই।


11. একলব্য কোন আছিল? 

উত্তৰঃ- তেওঁ এজন নিষাধ বা চিকাৰীৰ সন্তান আছিল। 


12. দ্রোণাচাৰ্য কোন আছিল? 

উত্তৰঃ- কৌৰৱ আৰু পাণ্ডৱৰ শিক্ষাগুৰু। 


13. দ্রোণাচাৰ্য্যই কাক শ্রেষ্ঠ ধনুর্বিদ হিচাবে প্রতিষ্ঠা কৰিব বিচাৰিছিল?

উত্তৰঃ- মধ্যম পাণ্ডৱ অর্জুনক।


14. সতবাহন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? 

উত্তৰঃ- গৌতমীপুত্র সাতকর্ণী। 


15. বৰ্ণৰ আধাৰত সমাজক কেইভাগত ভাগ কৰা হৈছে?

উত্তৰঃ- চাৰি ভাগত।


16. মৃচ্ছকটিকা নামৰ নাটকখনৰ ৰচনা কোনে কৰিছিল? 

উত্তৰঃ-শূদ্রক। 


17. বাঘসদৃশ পতি বুলি কাক অভিহিত কৰিছে? 

উত্তৰঃ- ভীমক। 


18. ঘটোৎকচ কাৰ পুত্ৰ আছিল?

উত্তৰঃ- ভীম আৰু হিড়িম্বাৰ|


19. মহাকাব্য মহাভাৰতখনৰ ৰচক কোন আছিল? 

উত্তৰঃ-ব্যাসদেৱ। 


20. দ্রৌপদীৰ পিতৃ কোন আছিল? 

উত্তৰঃ-পাঞ্চালৰাজ দ্রুপদ 


21. সংস্কৃত ব্যাকৰণ অষ্টাধায়ী কোনে ৰচনা কৰিছিল? 

উত্তৰঃ- পানিনীয়ে 


22. মনুস্মৃতি মতে পুত্ৰ থাকিলে কোনো ৰাজ্য জীয়েকে শাসন কৰাৰ অধিকাৰ আছিল নে?

উত্তৰঃ- নাই।


23. পাণ্ডৱসকলৰ মাতৃৰ নাম কি আছিল? 

উত্তৰঃ- কুন্তী। 


24. বিদূৰ কোন আছিল?

উত্তৰঃ- পাণ্ডু আৰু ধৃতৰাষ্ট্ৰৰ ভাতৃ আছিল। তেওঁ আছিল মহাজ্ঞানী।


25. মহাভাৰত গ্ৰন্থখনত কিমান সংখ্যক শ্লোক আছে? 

উত্তৰঃ- প্রায় ১ লাখৰো অধিক। 


26. সাতবাহন সকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?

উত্তৰঃ- গৌতমী পুত্ৰ শ্ৰী সাতকৰ্ণী। তেওঁ নিজকে ক্ষত্ৰিয় সকলৰ ধ্বংসকাৰী বুলিও উল্লেখ কৰিছে।


27. 'মনুস্মৃতি' কেতিয়া ৰচনা হৈছিল?

উত্তৰঃ- খ্ৰীষ্ট পূৰ্ব ২০০ ৰ পৰা খ্ৰীষ্টাব্দ ২০০ ৰ ভিৰতৰ ৰচনা হৈছিল।


27. কিয় আৰু কাৰ কাৰ মাজত মহাভাৰতৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰঃ- কৌৰৱ আৰু পাণ্ডৱৰ মাজত হস্তিনাপুৰৰ সিংহাসন আৰোহণৰ কাৰণে মহাভাৰতৰ যুদ্ধ হৈছিল।


28. মহাভাৰতৰ সমালোচনাত্মক সংস্কৰণৰ কাম কোনে কেতিয়া আৰম্ভ কৰিছিল?

উত্তৰঃ- ১৯১৯ খৃঃত প্ৰসিদ্ধ সংস্কৃত পণ্ডিত ভি. এচ. সুকথাঙ্কৰৰ নেতৃত্বত আৰম্ভ কৰিছিল। 


29. গোত্ৰৰ কেনেকৈ সৃষ্টি হৈছিল?

উত্তৰঃ- খৃঃপূঃ ১০০০ মানৰ পৰাই শ্ৰেণী বিভাজনৰ কাৰণে গোত্ৰ পদ্ধতিৰ প্ৰচলন হৈছিল।


30. পিতৃস্থানীয় সম্বন্ধ কাক কোৱা হয়?

উত্তৰঃ- স্বজনীয়তা সম্বন্ধবোৰ পিতৃৰ ফালৰ পৰা ধৰা হ'লে তেনে সম্বন্ধক পিতৃস্থানীয় সম্বন্ধ বুলি কোৱা হয়।


31. মাতৃস্থানীয় সম্বন্ধ কাক বোলা হয়?

উত্তৰঃ- স্বজনীয়তা সম্বন্ধবোৰ মাতৃৰ ফালৰ পৰা ধৰা হ'লে তেনে সম্বন্ধক মাতৃস্থানীয় সম্বন্ধ বুলি কোৱা হয়। 


32. বহিঃবিবাহ প্রথা বুলিলে কি বুজা?

উত্তৰঃ- কন্যা সন্তানক নিজ গোত্ৰৰ বাহিৰত বিয়া দিয়া প্রথাকে বহিঃবিবাহ প্রথা বুলি কোৱা হয়।


33. বংশ কাক বোলে? 

উত্তৰঃ- কেইবাপুৰুষৰ পাছত বহু সংখ্যক পৰিয়াল আৰু ব্যক্তিৰ সমষ্টিক বংশ বোলা হয়। 


34. অন্তৰ্বিবাহ কাক বোলে?

উত্তৰঃ- যিবোৰ পৰিয়ালৰ বিবাহ সাধাৰণতে নিজ জাতি, গোত্র, গাঁও আদিৰ ভিতৰত তেনে বিবাহক আন্তর্বিবাহ বোলা হয়।


35. জাতি (Caste) শব্দটো কেতিয়াৰ পৰা ব্যৱহাৰ হৈছিল? 

উত্তৰঃ- ষোল্ল শতিকাত ভাৰতলৈ অহা পর্তুগীজ সকলে ভাৰতীয়ক জাতি বুজাবলৈ Caste বা জাতি শব্দটো ব্যৱহাৰ কৰিছিল। 


36. বহুপতি আৰু বহুপত্নী বিবাহ কাক বোলে?

উত্তৰঃ- এজন পুৰুয়ে একাধিক পত্নী গ্ৰহণ কৰিলে বহু পত্নী বিবাহ আৰু এগৰাকী তিৰোতাই একাধিক পতি গ্ৰহণ কৰিলে বহুপতি বিবাহ বোলে।


37. সাতবাহন সকলে ভাৰতৰ ক'ত শাসন কৰিছিল?

উত্তৰঃ- খ্ৰীষ্ট পূৰ্ব প্ৰথম শতিকাৰ পৰা খ্ৰীষ্টাব্দ দ্বিতীয় শতিকা লৈ পশ্চিম ভাৰত আৰু দক্ষিণ ভাৰতত সাতবাহন সকলে শাসন কৰিছিল।


38. বিবাহ কেই প্ৰকাৰৰ উল্লেখ কৰা।

উত্তৰঃ- বিবাহ আঠ প্ৰকাৰৰ। সেই প্ৰকাৰ সমূহ হৈছে- ব্ৰাহ্ম বিবাহ, দৈৱ বিবাহ, অৰ্চ বিবাহ, প্ৰজাপত্য বিবাহ, গন্ধৰ্ব বিবাহ, ৰাক্ষস বিবাহ, অসুৰ বিবাহ আৰু পিশাচ বিবাহ।


39. গোত্ৰৰ দুটা বিশেষ নিয়ম উল্লেখ কৰা।

উত্তৰঃ- সেই নিয়ম দুটা হ'ল-

(১) কন্যাৰ বিবাহৰ পিছত পিতৃ গোত্ৰ ত্যাগ কৰি স্বামীৰ গোত্ৰ গ্ৰহণ কৰা আৰু 

(২) আনটো হ'ল সম-গোত্ৰীয় লোকৰ মাজত বৈবাহিক সমন্ধ স্থাপন নকৰা।


40. গান্ধাৰী কোন আছিল? তেওঁ দুৰ্যোধনক কি উপদেশ দিছিল? HS-2015

উত্তৰঃ- ধৃতৰাষ্ট্ৰৰ পত্নী তথা কৌৰৱৰ মাক। তেওঁ দুৰ্যোধনক শেষবাৰৰ কাৰণে যুদ্ধ নকৰিবৰ বাবে উপদেশ দিছিল।


41. মনুস্মৃতি অনুসৰি পুৰুষে কি কি উপায়েৰে সম্পত্তি আহৰণ কৰিব পাৰিছিল? HS-2022

উত্তৰঃ- মনুস্মৃতি অনুসৰি পুৰুষে সাত প্ৰকাৰৰ উপায়ৰ বৰ্ণনা কৰিছে- উত্তৰাধিকাৰী সূত্ৰে, বিচাৰী লোৱা, ক্ৰয় কৰি, জয় কৰি, বিনিয়োগ কৰি কাম কৰি আৰু সজ্জনৰ পৰা উপহাৰ হিচাপে।


42. দ্ৰোণ আৰু একলব্য কোন আছিল?

উত্তৰঃ- দ্ৰোণ আছিল কৌৰৱ আৰু পাণ্ডৱৰ শিক্ষাগুৰু।

একলব্য আছিল এজন নিষাধ তথা চিকাৰী সম্প্ৰদায়ৰ কোঁৱৰ আছিল।


43. গোত্ৰ কি? গোত্ৰ ব্যৱস্থাৰ উল্লেখযোগ্য বিধান দুটা কি কি? HS-2014

উত্তৰঃ- গোত্ৰ হ'ল ব্ৰাহ্মণ সকলৰ শ্ৰেণী বিভাগ।

এই ব্যৱস্থাৰ বিধান দুটা হ'ল- কন্যাৰ বিবাহৰ পিছত পিতৃ গোত্ৰ ত্যাগ কৰি স্বামীৰ গোত্ৰ গ্ৰহণ কৰা সমগোত্ৰীয় লোকৰ মাজত বৈবাহিক সম্বন্ধ স্থাপন নকৰা।


44. অন্তৰ্বিবাহ আৰু বহিৰ্বিবাহ কাক বোলে? HS-2018

উত্তৰঃ- যিবোৰ পৰিয়ালৰ বিবাহ কাৰ্য সাধাৰণতে নিজৰ জাতি গোত্ৰ গাঁও আদিৰ ভিতৰতে হয় তেনে বিবাহক অন্তৰ্বিবাহ বোলে। আনহাতে যি বিবাহ নিজৰ গোত্ৰ, পৰিয়ালৰ, বংশৰ বাহিৰত হয় তেনে বিবাহৰ বৰ্হিবিবাহ বোলে।  


45. স্বজনীয়তা কাক কোৱা হয়? 

উত্তৰঃ- পৰিয়ালৰ জৰিয়তে কিছুমান মানুহৰ মাজত যি সম্বন্ধৰ সৃষ্টি হয় বা যি সম্বন্ধই কিছুমান মানুহক এক সমূহ বা গোট হিচাবে বান্ধি ৰাখে তেনে সম্বন্ধকেই স্বজনীয়তা বুলি কোৱা হয়।


46. বর্ণধৰ্ম আৰু আদর্শ জীৱিকা কাক বোলা হয়?

উত্তৰঃ-ধর্মসূত্ৰ আৰু ধর্মশাস্ত্রসমুহে চাৰিওটা বর্ণই কৰিবলগীয়া কামসমুহৰ বর্ণনা কৰিছে। এই কামসমূহক বর্ণধর্ম বা আদর্শ জীৱিকা বুলি কোৱা হয়। 


47. কিয় আৰু কাৰ মাজত কুৰুক্ষেত্ৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰঃ- হস্তিনাপুৰ ৰাজ্যৰ সিংহাসন আৰোহণৰ প্রশ্নক লৈ কৌৰৱ আৰু পাণ্ডৱৰ মাজত এই যুদ্ধখন সংঘটিত হৈছিল। 


48. মহাভাৰতৰ সমালোচনামূলক সংস্কাৰৰ কাম কোনে কেতিয়া আৰম্ভ কৰিছিল?

উত্তৰঃ- ১৯১৯ চনত প্রসিদ্ধ সংস্কৃত পণ্ডিত ডি এচ সুকথাক্কৰৰ নেতৃত্বত এই কামটো আৰম্ভ হৈছিল। 


49. বহুপতি আৰু বহুপত্নী বিবাহ কাক বোলে?

উত্তৰঃ- এজন নাৰীয়ে বহুপতি বা স্বামী গ্রহণ কৰিলে, তেনে পদ্ধতিক বহুপতি বিবাহ বুলি কোৱা হয়।

আনহাতে এজন পুৰুষে বহু পত্নীৰ পাণিগ্রহণ কৰা বিবাহক বহু পত্নী বিবাহ বুলি কোৱা হয়।


50. দ্ৰোণ আৰু একলব্য কোন আছিল?

উত্তৰঃ- দ্রোণ পাণ্ডৱ আৰু কৌৰৱ সকলৰ শিক্ষাগুৰু আছিল। আনহাতে একলব্য আছিল এজন নিষাধ বা ব্যাধৰ সন্তান। একলব্যই মনে প্রাণে দ্রোণাচাৰ্য্যক গুৰু হিচাপে পাবলৈ ইচ্ছা কৰিছিল যদিও দ্রোণাচাৰ্য্যই তেওঁক শিষ্য হিচাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। 


51. পিতৃ প্ৰধান আৰু মাতৃ প্ৰধান পৰিয়ালৰ প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ- পিতৃ প্ৰধান পৰিয়ালৰ প্ৰধান* বৈশিষ্ট্য হ'ল- পিতৃৰ মৃত্যুৰ পিচত পুত্ৰ সমস্ত সম্পদ তথা সিংহাসনৰ উত্তৰাধিকাৰী হ'ব। আনহাতে মাতৃপ্ৰধান পৰিয়ালৰ প্ৰধান বৈশিষ্ট্য হ'ল- পৰিয়ালৰ সমস্ত সম্পদৰ উত্তৰাধিকাৰী হয় কন্যা সন্তান গৰাকী।

52. মনুস্মৃতি অনুসৰি মহিলাসকলে কি কি উপায়েৰে সম্পত্তি আহৰণ কৰিব পাৰে। HS-2022

উত্তৰঃ- মনুস্মৃতি অনুসৰি মহিলাসকলে ৬ প্ৰকাৰ নিয়মেৰে সম্পত্তি আহৰণ কৰিব পাৰে। সেই উপায়বোৰ হ'ল বিবাহৰ যোগেদি বা বিবাহৰ সময়ত পোৱা উপহাৰৰ যোগেদি, পিতৃৰ আৰু ভাতৃৰ পৰা পোৱা উপহাৰ স্বৰূপে। ইয়াৰ উপৰিও পৰবৰ্তীকালত পোৱা উপহাৰ তথা তেওঁৰ মৰমিয়াল স্বামীৰ পৰা পোৱা উপহাৰ। 


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022.


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »