-->

Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

 AHSEC Solution for Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi and the nationalist movement. All the important questions answers are discussed in this article.

মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন
Mahatma Gandhi and the Nationalist Movement


মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi and the nationalist movement ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi and the nationalist movement has been discussed in systematic way. There are approximately important 49 questions answers in this article.

1. ভাৰতৰ জাতীয় আন্দোলনত সর্বাধিক প্ৰভাৱশালী ব্যক্তি কোন আছিল?

উত্তৰঃ- মহাত্মা গান্ধী।


2. গান্ধীজীৰ ৰাজনৈতিক গুৰু বুলি কাক কোৱা হয়?

উত্তৰঃ- গোপাল কৃষ্ণ গোখলেক।


3. আফ্রিকাৰ পৰা ভাৰতলৈ কোন চনত গান্ধীয়ে প্রত্যাৱৰ্তন কৰিছিল?

উত্তৰঃ- ১৯১৫ চনত।


4. কোন চনত বঙ্গভঙ্গ আন্দোলন বা স্বদেশী আন্দোলন আৰম্ভ হৈছিল?

উত্তৰঃ- ১৯০৫ চনত।


5. মুছলিম লীগৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ- ১৯০৬ চনত।


6. কোন চনত আনুষ্ঠানিকভাৱে অসহযোগ আন্দোলন আৰম্ভ কৰা হৈছিল?

উত্তৰঃ- ১৯২০ চনৰ ১ আগষ্টৰ পৰা।


7. কোন চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ আৰম্ভ হৈছিল?

উত্তৰঃ- ১৯১৬ চনত।


8. এনি বেচাণ্টৰ দ্বাৰা ভাৰতত হোমৰুল লীগ কেতিয়া প্রতিষ্ঠা কৰা হয়?

উত্তৰঃ- ১৯১৭ চনত।


9. জালিয়ানবালা বাগৰ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল?

উত্তৰঃ- ১৯১৯ চনত।


10. কোন চনত চেভাৰ্চৰ চুক্তিখন স্বাক্ষৰিত হৈছিল?

উত্তৰঃ- ১৯২০ চনত।


11. "Peasants and workers parks" নামৰ দলটো কোন চনত আৰম্ভ হৈছিল?

উত্তৰঃ- ১৯২৬ চনত বঙ্গদেশত।


12. কোন চনত ভাৰতীয় কংগ্ৰেছ দলে স্বাধীনতা দিবস পালন কৰিছিল?

উত্তৰঃ- ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটো।


13. কোন চনত গান্ধী-আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ- ১৯৩১ চনৰ জানুৱাৰী মাহত।


14. কোন চনত গান্ধী আৰউইন চুক্তি সম্পদিত হৈছিল?

উত্তৰঃ- ১৯৩১ চনৰ জানুৱাৰী মাহত। 


15. কোন চনত দ্বিতীয় ঘূৰনীয়া মেজ-মেল অনুষ্ঠিত হৈছিল?

উত্তৰঃ- ১৯৩১ চনৰ নবেম্বৰ মাহত। 


16. কোন চনত ভাৰত চৰকাৰ আইন প্রণয়ন কৰা হৈছিল?

উত্তৰঃ- ১৯৩৫ চনত।


17.  দ্বিতীয় মহাসমৰ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ- ১৯৩৯ চনৰ চেপ্তেম্বৰ মাহত।


18. কোন চনত ভাৰতত্যাগ আন্দোলন আৰম্ভ হৈছিল?

উত্তৰঃ- ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে।


19. 'পাকিস্তান' আঁচনি প্ৰথমে কোনে প্ৰস্তুত কৰিছিল?

উত্তৰঃ- 'পাকিস্তান' আঁচনি প্ৰথমে 'মুছলীম লীগে' প্ৰস্তুত কৰিছিল।


20. মুছলিম লীগে কেতিয়া আনুষ্ঠানিকভাৱে পাকিস্তানৰ দাবী কৰিছিল?

উত্তৰঃ- ১৯৪০ খ্ৰীষ্টাব্দত।


21. মুচলিম লীগে কেতিয়া প্রত্যক্ষ দিবস পালন কৰে?

উত্তৰঃ- ১৯৪৬ চনৰ ২৯ জুলাই তাৰিখত।


22. 'দ্বি-নাগৰিকত্ব নীতি' কোনে ঘোষণা কৰিছিল?

উত্তৰঃ- মহম্মদ আলী জিন্নাই।


23. ভাৰত বিভাজনৰ সময়ত আজিৰ বাংলাদেশৰ নাম কি আছিল?

উত্তৰঃ- পূৰ্ব বঙ্গ।


24. কোনে 'পাকিস্তান' শব্দটোৰ ৰূপ দিছিল?

উত্তৰঃ- কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়নৰ পঞ্জাৱৰ মুছলিম ছাত্ৰ ৰহমত আলীয়ে পাকিস্তান শব্দটোৰ ৰূপ দিছিল।


25. অসম এচ'চিয়েছনৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰঃ- প্ৰভাত চন্দ্ৰ বৰুৱা।


26. বিভাজন কৰি হ'লেও ভাৰত ত্যাগৰ ঘোষণা ইংলেণ্ডৰ কোনজন প্ৰধানমন্ত্ৰীয়ে কৰিছিল?

উত্তৰঃ- এটলীয়ে।


27. ক্লিমেন্ট এটলী কোন দল নেতা আছিল?

উত্তৰঃ- ইংলেণ্ডৰ বনুৱা দলৰ।


28. অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰঃ- লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল।


29. ভাৰতৰ খিলাপট আন্দোলনৰ দুজন নেতাৰ নাম লিখা।

উত্তৰঃ- মহম্মদ আলি আৰু চৌকত আলি। দুয়োজনাই আছিল ককাই-ভাই।


30. ১৮৫৭ লৈকে বৃটিছে কোন সম্প্ৰদায়ৰ পক্ষলৈ ভাৰত শাসন কৰিছিল?

উত্তৰঃ- ১৮৫৭ লৈকে বৃটিছে হিন্দু সম্প্ৰদায়ৰ পক্ষলৈ ভাৰত শাসন কৰিছিল।


31. ভাৰতক দুৰ্বল কৰি ৰাখি শাসন কৰি যাবলৈ বৃটিছে কি নীতি গ্ৰহণ কৰিছিল?

উত্তৰঃ- ভাৰতক দুৰ্বল কৰি ৰাখি শাসন কৰি যাবলৈ বৃটিছে 'বিভাজন আৰু শাসন' নীতি গ্ৰহণ কৰিছিল।


32. 'প্ৰত্যক্ষ সংগ্ৰাম'ৰ প্ৰস্তুৱ কোন চনৰ কোন তাৰিখে লোৱা হৈছিল?

উত্তৰঃ-  'প্ৰত্যক্ষ সংগ্ৰাম'ৰ প্ৰস্তুৱ ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে লোৱা হৈছিল। 


33. বিভাজন কালৰ অভিজ্ঞতাৰে লিখা এখন বিখ্যাত উপন্যাসৰ নাম লিখা।

উত্তৰঃ- খুচৱন্ত সিঙৰ 'Train to Pakistan' আৰু আটিয়া হুছেইনৰ 'Sunlight on broken column'।


34. ভাৰত বিভাজনৰ অভিজ্ঞতাৰে ৰচিত অসমৰ দুখন লিখনিৰ নাম উল্লেখ কৰা।

উত্তৰঃ- হোমেন বৰগোহাঞিৰ 'ইছমাইল ছেখৰ সন্ধানত' আৰু আব্দুল মালিকৰ 'বিভত্‍স বেদনা'।


35. বঙ্গদেশত চিৰস্থায়ী বন্দৱস্ত কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ- বঙ্গদেশত চিৰস্থায়ী বন্দৱস্ত ১৭৯৩ খ্ৰীষ্টাব্দত প্ৰৱৰ্তন কৰা হৈছিল। (লৰ্ড কৰ্ণৱালিছে)


36. ভাৰত বিভাজনৰ বিৰোধিতা কৰা দুজন কংগ্ৰেছ নেতাৰ নাম লিখা।

উত্তৰঃ- মহাত্মা গান্ধী আৰু খান আব্দুল গফৰ খান ওৰফে সীমান্ত গান্ধী।


37. গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ প্ৰব্ৰজনকাৰীক সকলো প্ৰকাৰে সহায় কৰা হিমাচল প্ৰদেশৰ চিকিত্‍সকজনৰ নাম লিখা।

উত্তৰঃ- হিমাচল প্ৰদেশ অৰ্থাত্‍ ধৰমপুৰৰ শিখ চিকিত্‍সকজনৰ নাম হৈছে- খুশাদউ সিং।


38. ভাৰত বিভাজনৰ ইতিহাসৰ কেইবিধমান মৌখিক সমল উল্লেখ কৰা।

উত্তৰঃ- মৌখিক সাহিত্য, স্মাৰক বা স্মৰণিকা, ডায়েৰী, বংশাৱলী, লিখিত টোকা আদি।


39. ভাৰতে স্বাধীনতাৰ পাছত আটাইতকৈ কি ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল?

উত্তৰঃ- সাম্প্ৰদায়িক অৰ্থাত্‍ হিন্দু-মুছলমানৰ সংঘৰ্ষৰ সমস্যা।


40. লাল-বাল-পাল নাম সমষ্টিৰ সম্পূর্ণ নাম কি আছিল?

উত্তৰঃ- লালা- লাজপট ৰায়।

পাল— বিপিন- চন্দ্র পাল।

বাল- বাল গঙ্গাধৰ তিলক


41. বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সভালৈ গান্ধীজীক কিয় নিমন্ত্রণ কৰা হৈছিল?

উত্তৰঃ- গান্ধীজীয়ে দক্ষিণ আফ্রিকাত আগবঢ়োৱা ৰাজনৈতিক বৰঙণিৰ বাবে এই সভালৈ নিমন্ত্রণ কৰা হৈছিল।


42. বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত দিয়া ভাষণত গান্ধীজীয়ে কি পৰামর্শ আগবঢ়াইছিল।

উত্তৰঃ- ভাৰতৰ উচ্চস্তৰৰ লোকসকলে শ্রমজীৱী জনসাধাৰণৰ কাৰণে যাতে চিন্তা কৰে তাৰ বাবে তেওঁ আহ্বান জনাইছিল আৰু পৰামৰ্শ আগবঢ়াইছিল।


43. ১৯৩৭ চনৰ বিশেষ তাৎপৰ্য্য কি আছিল?

উত্তৰঃ- ১৯৩৭ চনত ভাৰতৰ বৃটিছৰ শাসন কালতে প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত হয়। এই নির্বাচনত কংগ্ৰেছে এঘাৰখন প্রদেশৰ ভিতৰত ৭ খন প্রদেশত ক্ষমতা লাভ কৰে। লীগে ৪ খন প্রদেশতহে নিজৰ অধিপত্য বিস্তাৰ কৰিব পাৰিছিল।


44. দক্ষিণ আফ্রিকাত গান্ধীজীক মহাত্মা বুলি কিয় কোৱা হৈছিল?  

উত্তৰঃ- দক্ষিণ আফ্রিকাত বর্ণ বৈষম্যৰ বিৰুদ্ধে তীব্র প্রতিবাদ জনাইছিল। ইয়াৰ জৰিয়তে তেওঁ সকলো পন্থাৰ লোকৰ পৰা সমাদৰ লাভ কৰিছিল। এই কাৰণতে তেওঁক মহাত্মা নামে জনা গৈছিল।


45. ভাৰত বিভাজনৰ অভিজ্ঞতা মহিলাসকলৰ কেনে আছিল?

উত্তৰঃ- ভাৰত বিভাজনৰ সময়ত সমগ্ৰ দেশতে আইন শৃংখলাৰ তীব্ৰ অৱনতি ঘটিছিল। হিংসা, ধৰ্ষণ, লুটপাত আদিৰ দৰে জঘন্য ঘটনাই এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ নাৰীয়ে নিৰাপত্তাৰ অভাৱত আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। আনহাতে, নাৰী আৰু ভূমি ৰক্ষা কৰাটো কোনো কোনো কৃষক সমাজৰ পৰম্পৰা আছিল। তেওঁলোকে শত্ৰুৰ পৰা বচাব নোবাৰিলে নিজৰ সম্পদ নিজেই ধ্বংস কৰিছিল। ভাৰত বিভাজনৰ সময়ত ৰাৱালপিণ্ডিৰ এখন গাঁৱৰ ৯০ গৰাকী তিৰোতাই নিজৰ সন্মান বচাবৰ কাৰণে কুঁৱাত পৰি আত্মহত্যা কৰিছিল। এনেকুৱা বহুতো শিহৰণকাৰী ঘটনাৰাজিৰে মহিলাসকলৰ অভিজ্ঞতা পৰিপুষ্ট কৰিছিল।


 46. ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ অৱদান সম্পর্কে আলোচনা কৰা। HS-2024 marks-4


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022

Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »