-->

ভুল বাক্যৰ শুধৰণি । HSLC Sentence correction in assamese

 

 

ভুল বাক্যৰ শুধৰণি । HSLC Sentence correction


1. আমি বজাৰ যাম। HSLC-2002, 2008
উত্তৰঃ-আমি বজাৰলৈ যাম।

2. এই ষ্টেচনত গাড়ী আধা ঘণ্টা থামে।
উত্তৰঃ-এই ষ্টেচনত গাড়ী আধা ঘণ্টা ৰয়।

3. তুমি কালি যেনে তেনে যাবা। HSLC-2020
উত্তৰঃ-তুমি কাইলৈ যেনে তেনে যাবা।

4. বিহুত তোমাক গামোচা এখন পঠিয়াম। HSLC-2019
উত্তৰঃ-বিহুত তোমালৈ গামোচা এখন পঠিয়াম।

5. তোমাৰ দেউতা আহিছে। HSLC-2018
উত্তৰঃ-তোমাৰ দেউতাৰা আহিছে।

6. মই কালি তেজপুৰ যাম। HSLC-2017
উত্তৰঃ-মই কাইলৈ তেজপুৰলৈ যাম।

7. মই তোমাক ৰখি থাকিম। HSLC-2016
উত্তৰঃ- মই তোমালৈ ৰৈ থাকিম।

8. এইখন দশম মান শ্ৰেণীৰ পাঠ্য। HSLC-2009
উত্তৰঃ-(i) এইখন দশম শ্ৰেণীৰ পাঠ্য।
উত্তৰঃ-(ii) এইখন দশম মানৰ পাঠ্য।

9. কাইলৈ এটা বজাত আহিবা।
উত্তৰঃ-কাইলৈ এক বজাত আহিবা।

10. কেঁচুৱাটোৰ টোপনি আহিছে।
উত্তৰঃ-কেঁচুৱাটো টোপনি গৈছে।

11. সি মোক গালি দিছে।
উত্তৰঃ-সি মোক গালি পাৰিছে।

12. সি অহাকালি গুৱাহাটীলৈ যাব।
উত্তৰঃ-সি কাইলৈ গুৱাহাটীলৈ যাব।

13. সি যোৱাকালি গুৱাহাটীলৈ গৈছিল।
উত্তৰঃ-সি কালি গুৱাহাটীলৈ গৈছিল।

14. সি ঠেহ পাতি বিছনাত শুই আছে।
উত্তৰঃ-সি ঠেহ পাতি পাটীত শুই আছে।

15. যা হওক সি ঠিক সময়ত আহি ওলালহি।
উত্তৰঃ-যি কি নহওঁক সি ঠিক সময়ত আহি ওলালহি।

16. সি কামৰ পৰা আহি ভাত খাব ধৰিছে।
উত্তৰঃ-সি কামৰ পৰা আহি ভাত খাবলৈ ধৰিছে।

17. মই কাইলৈ যোৰহাট যাম।
উত্তৰঃ-মই কাইলৈ যোৰহাটলৈ যাম।

18. তোমালোক আটাইবিলাক আহিবা।
উত্তৰঃ-তোমালোক আটায়ে আহিবা।

19. তেওঁ ভাল গায়।
উত্তৰঃ-তেওঁ ভালকৈ গায়।

20. ৰাইজসকলক উদ্দেশ্য কৰি সি কথাটো ক'লে।
উত্তৰঃ-ৰাইজক উদ্দেশ্য কৰি সি কথাটো ক'লে।

21. তুমি অথনি যাবা।
উত্তৰঃ-তুমি অথনিকৈ যাবা।

22. মোটৰ ওপৰত কথাটো সত্য।
উত্তৰঃ-মুঠৰ ওপৰত কথাটো সত্য।

23. মই ভাত খায় স্কুল গ'লোঁ। HSLC-2000
উত্তৰঃ-মই ভাত খাই স্কুললৈ গ'লোঁ।

24. মোৰ মূৰ বিষাইছে। HSLC-2004
উত্তৰঃ-মোৰ মূৰটো বিষাইছে।

25. প্ৰধান শিক্ষকক লগ কৰিলা নে?
উত্তৰঃ-প্ৰধান শিক্ষকক লগ ধৰিলা নে?

26. তোমাৰ দেউতাই কিয় চাহ নাখাই? HSLC-2000
উত্তৰঃ-তোমাৰ দেউতাৰাই কিয় চাহ নাখায়?

27. ল'ৰাজন এইমাত্ৰ ঘৰত গ'ল। HSLC-2006
উত্তৰঃ-লৰাজন এইমাত্ৰ ঘৰলৈ গ'ল।

28. তেওঁ সিংহাসনত আহৰণ কৰিলে। HSLC-2009
উত্তৰঃ-তেওঁ সিংহাসনত আৰোহণ কৰিলে।

29. বৰুৱাৰ ৰচনাৰ ভাষাবোৰ শুৱলা। HSLC-2009
উত্তৰঃ-বৰুৱাৰ ৰচনাৰ ভাষা শুৱলা।

30. প্ৰধান শিক্ষকক লগ কৰি কথাটো জানি অহিবা। HSLC-2006
উত্তৰঃ-প্ৰধান শিক্ষকক লগ ধৰি কথাটো জানি অহিবা।

31. ৰংবং অহাকালি ডিফুলৈ যাব। HSLC-2001
উত্তৰঃ-ৰংবং কাইলৈ ডিফুলৈ যাব।

32. তোমাৰ মা ঘৰত আছেনে? HSLC-2001, 2004, 2015
উত্তৰঃ-তোমাৰ মাৰা ঘৰত আছেনে?

33. তোমাৰ দেউতা ঘৰত আছেনে? HSLC-2002, 2006, 2013
উত্তৰঃ-তোমাৰ দেউতাৰা ঘৰত আছেনে?

34. চাৰিটা বজাৰ লগে লগে আমি যাম। HSLC-2002
উত্তৰঃ-চাৰি বজাৰ লগে লগে আমি যাম।

35. চাৰ্যেসিং কালি হামৰেঙলৈ যাব। HSLC-2002
উত্তৰঃ-চাৰ্থেসিং কাইলৈ হামৰেঙলৈ যাব।

36. সভাখন গাম্ভীৰ্যতাপূৰ্ণ হৈছিল। HSLC-2002
উত্তৰঃ-সভাখন গাম্ভীৰ্যপূৰ্ণ হৈছিল।

37. মই স্কুললৈ যাবৰ বাবে বাছ ৰখি আছোঁ।
উত্তৰঃ-মই স্কুললৈ যাবৰ বাবে বাছ অহালৈ অপেক্ষা কৰি আছোঁ।

38. সি কালিলৈকে ঘৰ পালেহি।
উত্তৰঃ-সি কালি ঘৰ পালেহি।

39. আমি কেইটা বজাত যাত্ৰা আৰম্ভ কৰিম?
উত্তৰঃ-আমি কেই বজাত যাত্ৰা আৰম্ভ কৰিম?

40. তোমাৰ মাৰ ঘৰ ক'ত?
উত্তৰঃ-তোমাৰ মাৰাৰ ঘৰ ক'ত?

41. মোৰ মনত তেৱেঁই ডাঙৰ মানুহ।
উত্তৰঃ-মোৰ মানত তেৱেঁই ডাঙৰ মানুহ।

42. ভেঁটফুল ৰাতি ফুটে।
উত্তৰঃ-ভেঁটফুল ৰাতি ফুলে।

43. এতিয়া বজাৰ যাম। HSLC-2000
উত্তৰঃ-এতিয়া বজাৰলৈ যাম।

44. তুমি যাবানে নাই? HSLC-2003
উত্তৰঃ- তুমি যাবানে?

45. মই দশমমান শ্ৰেণীত পঢ়ো। HSLC-2003
উত্তৰঃ- মই দশম শ্ৰেণীত পঢ়ো।

46. শেৱালী ফুল ৰাতি ফুটে। HSLC-2003
উত্তৰঃ- শেৱালী ফুল ৰাতি ফুলে।

47. তোমাৰ মামা ঘৰত আছেনে? HSLC-2003
উত্তৰঃ- তোমাৰ মামায়েৰ ঘৰত আছেনে?

48. কালি এটা বজাত আহিবা। HSLC-2004, 2008
উত্তৰঃ- কাইলৈ এক বজাত আহিবা।

49. ভেঁটফুল ৰাতি ফুটে। HSLC-2004
উত্তৰঃ- ভেঁটফুল ৰাতি ফুলে।

50. কাইলৈ মই গুৱাহাটী যাম। [HSLC-2006]
উত্তৰঃ- কাইলৈ মই গুৱাহাটীলৈ যাম।

51. এতিয়া তিনিটা বাজিছে। [HSLC-2006]
উত্তৰঃ- এতিয়া তিনি বাজিছে।

52. সি মোক গালি দিছে। [HSLC-2006, 2008, 2011]
উত্তৰঃ-সি মোক গালি পাৰিছে।

53. তাৰ মূৰ বিষাইছে। [HSLC-2007]
উত্তৰঃ-তাৰ মূৰ কামূৰিছে।

54. মই এতিয়া বজাৰ যাম। [HSLC-2007,2010]
উত্তৰঃ-মই এতিয়া বজাৰলৈ যাম।

55. আজি বাৰটা বজাত পৰীক্ষা শেষ হ'ব। [HSLC-2007, 2010, 2012, 2014]
উত্তৰঃ-আজি বাৰ বজাত পৰীক্ষা শেষ হ'ব।

56. কালি এবাৰ আহিবাচোন। [HSLC-2007]
উত্তৰঃ-কাইলৈ এবাৰ আহিবাচোন।

57. কাণী বুঢ়ীটো মৰিল। [HSLC-2007]
উত্তৰঃ-কাণী বুঢ়ীজনী মৰিল।

58. সেয়া তোমাৰ দেউতা। [HSLC-2007]
উত্তৰঃ-সেয়া তোমাৰ দেউতাৰা।

59. তাৰ চকু উঠিছে। [HSLC-2008, 2011]
উত্তৰঃ-তাৰ চকু নামিছে।

60. মই এতিয়া বজাৰ যাওঁ। [HSLC-2009]
উত্তৰঃ-মই এতিয়া বজাৰলৈ যাওঁ।

61. তুমি দশম মান শ্ৰেণীত পঢ়া। [HSLC-2010]
উত্তৰঃ-তুমি দশম শ্ৰেণীত পঢ়া।

62. সাধাৰণ মানুহৰ মনত গাঁওবুঢ়াই বৰ ডাঙৰ মানুহ।
উত্তৰঃ-সাধাৰণ মানুহৰ মনত গাওঁবুঢ়াই বৰ ডাঙৰ।

63. সি ভাত খায় স্কুল গ'ল। HSLC-2010
উত্তৰঃ-সি ভাত খাই স্কুললৈ গ'ল।

64. পৰীক্ষাৰ শেষত মোক লগ কৰিবা। HSLC-2010
উত্তৰঃ-পৰীক্ষাৰ শেষত মোক দেখা কৰিবা।

65. সি কালি গুৱাহাটীলৈ যাব। HSLC-2010
উত্তৰঃ-সি কাইলৈ গুৱাহাটীলৈ যাব।

66. এতিয়া দহটা বাজিছে। HSLC-2011
উত্তৰঃ-এতিয়া দহ বাজিছে।

67. ভাত খায় স্কুললৈ যাবা। HSLC-2011, 2013
উত্তৰঃ-ভাত খাই স্কুললৈ যাবা।


68. তুমি বজাৰ যাবানে? HSLC-2012
উত্তৰঃ- তুমি বজাৰলৈ যাবানে নোযোৱা?

69. তুমি ভাত খায় স্কুল যাবা।
উত্তৰঃ-তুমি ভাত খাই স্কুললৈ যাবা

70. সি কলকাতাত যাব। HSLC-2014
উত্তৰঃ-সি কলকাতালৈ যাব।

71. তুমি মোক কিয় এইদৰে গালি দিছা? HSLC-2014
উত্তৰঃ-তুমি মোক কিয় এইদৰে গালি পাৰিছা?

72. এই কিতাপখন মোৰ কোনো কামত নালাগে।
উত্তৰঃ-এই কিতাপখন মোৰ কোনো কামত নাহে।

73. এনেয়ে এইদৰে গালি দিব নাপায়।
উত্তৰঃ-এনেয়ে এইদৰে গালি পাৰিব নাপায়।

74. একাদশীত ভাত খাবলৈ নাপায়।
উত্তৰঃ-একাদশীত ভাত খাব নাপায়।

75. এতিয়া তিনিটা বাজিছে।
উত্তৰঃ-এতিয়া তিনি বাজিছে।

76. এতিয়া বজাৰ যাম।
উত্তৰঃ-এতিয়া বজাৰলৈ যাম।

77. দেউতাকে ক'লে, মই নাযাওঁ।
উত্তৰঃ-দেউতাকে ক'লে যে তেওঁ নাযায়।

78. যোনে যাব খোজে যাব পাৰা।
উত্তৰঃ-যিয়ে যাব খোজে যাব পাৰে।

79. সি ক'লে যে মই অহাকালি গুৱাহাটীলৈ যাম।
উত্তৰঃ-যি ক'লে যে মই কাইলৈ গুৱাহাটীলৈ যাম।

80. এই কিতাপখন মোৰ কি কামত আহিব?
উত্তৰঃ-এই কিতাপখন মোৰ কি কামত লাগিব?

81. খৰচৰ অভাৱত সি পঢ়িব এৰিছে।
উত্তৰঃ-খৰচৰ অভাৱত সি পঢ়িবলৈ এৰিছে।

82. তোমাৰ কিতাপটো মোক দিবানে?
উত্তৰঃ-তোমাৰ কিতাপখন মোক দিবানে?

83. কলিকাতালৈ যোৱা গাড়ী দুপৰীয়া চাৰে এটাত এৰে।
উত্তৰঃ-কলিকাতালৈ যোৱা গাড়ী দুপৰীয়া ডেৰ বজাত এৰে।

84. তাক ইমানকৈ গালি দিছ কেলৈ?
উত্তৰঃ-তাক ইমানকৈ গালি পাৰিছ কেলৈ?

85. অনুগ্ৰহ কৰি সভাপতিত্বৰ আসন গ্ৰহণ কৰকহি।
উত্তৰঃ-অনুগ্ৰহ কৰি সভাপতিৰ আসন গ্ৰহণ কৰকহি।

86. ছোৱালীজনীয়ে ভাত বনাই আছে।
উত্তৰঃ-ছোৱালীজনীয়ে ভাত ৰান্ধি আছে।

87. একাদশীত ভাত খাবলৈ নাপায়।
উত্তৰঃ-একাদশীত ভাত নাখায়।

88. মই কাইলৈ গুৱাহাটী যাম।
উত্তৰঃ-মই কাইলৈ গুৱাহাটীলৈ যাম।

89. সি অথনি যাব।
উত্তৰঃ-সি এতিয়া যাব।

90. তাৰ গাখন বৰ গৰম।
উত্তৰঃ-তাৰ গাটো বৰ গৰম।

91. তোমাৰ  দেউতা  ঘৰত  আছেনে?
উত্তৰঃ- তোমাৰ দেউতাৰা  ঘৰত  আছেনে? 

92. এতিয়া  বজাৰ  যাম৷ 
উত্তৰঃ- এতিয়া বজাৰলৈ  যাম৷ 

93. সি কলিকতাত  যাব৷
উত্তৰঃ- সি কলিকতালৈ যাব৷

94. ৰাম যদু মধু আহিব তুমি আহিবানে পাৰিলে আহিবাই
উত্তৰঃ- ৰাম, যদু আৰু মধু আহিব! তুমি আহিবানে? পাৰিলে আহিবা।

95. মই যোৱাকালি বৰপেটালৈ গৈছিলোঁ। HSLC- 2024
উত্তৰঃ- মই কাইলৈ বৰপেটা লৈ গৈছিলো।


অসমীয়া ব্যকৰণ । Assamese Grammar:-

              
             
           

              














Hindi Grammar :
         विपरीतार्थक या विलोम शब्द



English Grammar
           Voice Change
            Voice Change 2
           Degree of Comparison
          Vocabulary
          Preposition 
             Preposition 2
          Determiner 
          Narration 
             Narration 2
            NARRATION 3
            Narration Rules
         Correct Tense 
            Correct Tense 2
          Translation
            HSLC Sentence Correction
           PRESENT INDEFINITE TENSE 


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Previous
Next Post »

3 Comments

Click here for Comments
Xyz
admin
October 24, 2022 at 11:27 AM ×

তোমাৰ দেউতাই কিয় চাহ নাখাই৷ -- বাক্যটো শুদ্ধ কৰি দিয়ক ছাৰ।

Reply
avatar
Manila
admin
January 15, 2023 at 6:51 AM ×

Thank you for this Post.

Reply
avatar
Unknown
admin
July 28, 2023 at 4:56 PM ×

Helpful and thank you.

Reply
avatar