-->

Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

AHSEC Solution for Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations. All the important questions answers are discussed in this article.

১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী 

1857 Revolt & its Representations


Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations has been discussed in systematic way. There are approximately important 49 questions answers in this article.

1.  ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?

উত্তৰঃ- লৰ্ড কেনিং।


2 ক'ত কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত ১৮৫৭ ৰ বিদ্ৰোহ আৰম্ভ হৈছিল? HS-2012, 2014, 2016

উত্তৰঃ- ১৮৫৭ খৃষ্টাব্দৰ ১০ মে'ত গৱৰ্ণৰ জেনেৰেল লৰ্ড কেনিংৰ দিনত মীৰাটত।


3. ১৮৫৭ ৰ বিদ্ৰোহ প্ৰকৃততে (ইংৰাজী) কোন তাৰিখে আৰম্ভ হৈছিল?

উত্তৰঃ- ১৮৫৭ খৃষ্টাব্দৰ ১০ মে'ত।


4. ১৮৫৭ চনৰ বিদ্রোহ আৰম্ভ হোৱাত মোগল সাম্রাজ্যৰ সম্রাট কোন?

উত্তৰঃ- দিত্বীয় বাহাদুৰ শ্বাহ।


5. দ্বিতীয় বাহাদূৰ ছাহ কোন আছিল?

উত্তৰঃ- শেষৰ জন মোগল সম্ৰাট তথা ১৮৫৭ ৰ বিদ্ৰোহৰ নেতা।


6. স্বত্ববিলোপ নীতি ভাৰতত কোন গভর্নৰ জেনেৰেল প্রচলন কৰিছিল?

উত্তৰঃ- লর্ড ডেলহাউচি। 


7. প্রথমে বৃটিছ বাহিনীক আক্রমণ কৰা লোকজন কোন অহল? 

উত্তৰঃ- মঙ্গল পাণ্ডে নামৰ চিপাহী এজন। 


8. ৰাণী লক্ষ্মী বাইৰ জন্ম ক'ত হৈছিল?

উত্তৰঃ- বাৰানসীত।


9. অধীনতামূলক চুক্তি কোনজন গভর্নৰ জেনেৰেলে অধীনতামূলক চুক্তি প্রয়োগ কৰিছিল?

উত্তৰঃ- লর্ড ৱেলচলিয়ে। 


10. ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ইংলেণ্ডৰ শাসক কোন আছিল?

উত্তৰঃ- মহাৰাণী ভিক্টোৰিয়া। 


11. ১৮৫৭ চনৰ বিদ্ৰোহক কোনে প্রথমতে ভাৰতীয় স্বাধীনতাৰ ৰণ বুলি কৈছিল?

উত্তৰঃ- বিনায়ক দামোদৰ সৰকাৰে।


12. চিনহাটৰ যুদ্ধত কৰ পৰাজয় হৈছিল? 

উত্তৰঃ- ইংৰাজবাহিনীৰ। 


13. কোন চনত সন্থল বা চাওতাল বিদ্রোহ আৰম্ভ হৈছিল?  

উত্তৰঃ- ১৮৫৫-৫৬ চনত। 


14. ৰাণী লক্ষী বাইৰ গিৰীয়েক কোন আছিল? 

উত্তৰঃ- ৰজা গঙ্গাধৰ ৰাও।


15. ভাৰতত প্ৰৱৰ্তন কৰা স্বত্ত্ব বিলোপ নীতি কেতিয়া নাকচ কৰা হয়? 

উত্তৰঃ- ১৮৫৮ চনৰ ১ নৱেম্বৰৰ দিনা।


16. লক্ষ্মীবাঈ কোন ৰাজ্যৰ ৰাণী আছিল?

উত্তৰঃ- ঝান্সী।

 

17. ভাৰতীয় শাসকে তোলনীয়া পুত্ৰ ৰখাৰ অধিকাৰ কেতিয়া লাভ কৰে? 

উত্তৰঃ- মহাৰাণী ভিক্তোৰিয়াৰ ঘোষণা পত্ৰৰ দ্বাৰাই। 


18. ভাৰতৰ শাসনভাৰ কোম্পনীৰ হাতৰ পৰা কাক দিয়া হৈছিল? 

উত্তৰঃ- ইংলেণ্ডৰ ৰাজমুকুটুৰ হাতলৈ। 


19. বিদ্রোহীসকলক সবল নেতৃত্ব দিব পৰা লোক কোন আছিল?  

উত্তৰঃ- ৰানী লক্ষ্মীবাঈ। 


20. তান্তিয়াটোপীক কোনে বিশ্বাসঘাটকতা কৰি ইংৰাজৰ হাতত সমর্পণ কৰে?

উত্তৰঃ- ৰাজপুত মানসিংহই। 


21. নানা চাহাবক পৰাস্ত কৰা বৃটিছ সেনাধ্যক্ষজন কোন আছিল? 

উত্তৰঃ- মেজৰ জেনেৰেল চাৰ হেডলাৰ।


22. ১৮৫৭ চনৰ বিদ্ৰোহৰ আগেয়ে কোঁৱৰ সিং কিহত ব্যস্ত আছিল? 

উত্তৰঃ- তেওঁ বিহাৰৰ এজন জমিদাৰ আছিল। 


23. ডঙ্কা শ্বাহৰ আচল নাম কি আছিল যিয়ে ভাৰতীয় জনগণক ইংৰাজৰ বিৰুদ্ধে জেহাদ বা ধর্মযুদ্ধৰ কাৰণে উচটনি দি ফুৰিছিল?  

উত্তৰঃ- মৌলৱী আহমদ উল্লা শ্বাহ।


24. হজৰত মহল কোন আছিল?

উত্তৰঃ- অযোধ্যাৰ নবাবৰ বিধবা পত্নীয়ে ১৮৫৭ চনৰ বিদ্রোহত ইংৰাজ সকলক তীব্র প্রত্যাহ্বান জনাইছিল।


25. ফিৰিঙ্গি শব্দটোৰ অর্থ কি?

উত্তৰঃ- ভাৰতত ইউৰোপৰ মানুহক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল। এই শব্দটো ফৰাচী শব্দ ‘Frank’ শব্দটোৰ পৰা আহিছে। এই শব্দটোৰ বিদেশী বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। 


26. চিপাহী বিদ্রোহ সংঘটিত হোৱা কেইখনমান মুখ্য চহৰৰ নাম লিখা।

উত্তৰঃ- মুখ্য চহৰবোৰ আছিল– দিল্লী, বোৰেলি, কাণপুৰ, লক্ষ্মে আজমগড় ঝান্সি, চাহৰানপুৰ, কলিকতা আদি ঠাই।


27. এনফিল্ড ৰাইফলৰ গুলী কিয় হিন্দুস্তানী সৈনিকে ব্যৱহাৰ কৰিব খোজা নাছিল?

উত্তৰঃ- কিয়নো এই ৰাইফলৰ গুলীৰ কাৰ্টিজবোৰত গৰু আৰু গাহৰিৰ চৰ্বি আছিল যিটো মুখেৰে কামূৰী  বন্দুকত ভৰাব লগা হৈছিল।


28. স্বত্ত্ববিলোপ নীতি কোনে আৰু কিয় প্ৰৱৰ্তন কৰিছিল?

(or) কোনে আৰু কি কাৰণে স্বত্ত্ববিলোপ নীতি প্রবর্তন কৰিছিল?

উত্তৰঃ- লৰ্ড ডেলহাউচীয়ে প্ৰৱৰ্তন কৰিছিল। এই নীতিৰ দ্বাৰা অপুত্ৰক অৱস্থা অথবা তোলনীয়া সন্তান থকা ৰজা বিলাক মৃত্যুমুখত পৰাৰ পিছত সেই ৰাজ্য সমূহ দখল কৰিছিল। 


29. কি পৰিস্থিতিত ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ সূত্রপাত হৈছিল? 

উত্তৰঃ- চিপাহী বিদ্রোহ সংঘটিত হোৱাৰ কিছুমান পৰিস্থিতি বা কাৰণৰ কথা উল্লেখ কৰিব পাৰি। এই কাৰণ কেইটা হ'ল - ৰাজনৈতিক কাৰণ, অর্থনৈতিক কাৰণ, সামাজিক কাৰণ আৰু সামৰিক বা ধর্মীয় কাৰণ। ইয়াৰে বিভিন্ন কাৰণত অতীষ্ঠ হৈ বৃটিছৰ বিৰুদ্ধে বিদ্রোহত নামিছিল। তেনেকৈয়ে ইয়াৰ সুত্রপাত হৈছিল। 


30. চিপাহী বিদ্রোহত মূখ্য ভূমিকা গ্ৰহণ কৰা কেইজনমান নেতা আৰু নেত্রীৰ নাম উল্লেখ কৰা।

উত্তৰঃ- চিপাহী বিদ্রোহ অংশ গ্রহণ কৰা মুখ্য নেতা আৰু নেত্রীসকল আছিল— দ্বিতীয় বাহাদুৰ শ্বাহ (দিল্লী)  ৰানী লক্ষ্মীবাঈ (ঝাঞ্চী) নানা চাহেব (কানপুৰ) বেগম হজৰত মহল (অযোধ্যা), কোৱৰ সিং (জগদীশপুৰ)  টাস্তিয়াটোপী (কাণপুৰ)।


31. কোম্পানীৰ শাসনৰ সময়ৰ তালুকদাৰসকল কোন আছিল? 

উত্তৰঃ- বৃটিছ কোম্পানীৰ শাসনৰ সময়ত ভাৰতত মাটিৰ মালিকসকলক তালুকদাৰ বোলা হৈছিল। তেওঁলোকে মাটৰ জমিদাৰী স্বত্ব পোৱাৰ লগে লগে ৰায়ত সকলৰ পৰা বহুতো সুবিধা পাইছিল। মাটিৰ খাজনা আদায় কৰি তেওঁলোকে নিজৰ ধন বৃদ্ধি কৰি সমাজত প্রতিপত্তি লাভ কৰিছিল। লগে লগে তেওঁলোকে সমাজত সম্ভান্ত ব্যক্তি হিচাবে পৰিগণিত হৈছিল।


32. চিপাহী বিদ্ৰোহৰ প্ৰসাৰৰ বিষয়ে লিখা।

উত্তৰঃ- চিপাহীবিদ্রোহ প্ৰথমতে মীৰাটত আৰম্ভ হৈছিল। কিন্তু পিছলৈ এই বিদ্রোহ উত্তৰভাৰত, পাঞ্জাৱৰ কিছু অংশ, নর্মদা নদীৰ দক্ষিণপাৰ, পশ্চিম বিহাৰ আৰু ৰাজপুতনা পশ্চিম অঞ্চললৈ এই বিদ্রোহে প্ৰসাৰতা লাভ কৰিছিল। ইয়াৰ কিন্তু প্রভাৱ অসমতো পৰিছিল।


33. চিপাহী বিদ্ৰোহৰ বিষয়ে জনাত কি কি উৎসই আমাক সহায় কৰিছে?

উত্তৰঃ- ইয়াৰ বিষয়ে জনাৰ বাবে আমি বৃটিছ চৰকাৰ নথিপত্র, ৰাজপত্রিত বিৱৰণ, বিদ্রোহীসকলৰ কিছুমান ঘোষণাপত্র আৰু তেওঁলোকৰ ভাৰতীয় ৰজা আৰু নেতাসকলৰ লগত চিঠিপত্ৰৰ আদান-প্রদান আদি উৎসই আমাক সহায় কৰি আহিছে। বৃটিছ সংসদৰ কিছুমান তথ্যয়ো প্রভুত পৰিমাণে তথ্য দাঙি ধৰিছে।


34. "এটা চেৰীফল যি এদিন আমাৰ মুখত পৰিবই" - এই বাক্যটোৰ লগত জড়িত কথাৰ তাৎপৰ্য্য বিশ্লেষণ কৰা। 

উত্তৰঃ- এই বাক্যটো ভাৰতৰ গভর্নৰ জেনেৰেল লর্ড ডেলহাউচিয়ে ১৮৬১ চনত কৈছিল। ভাৰতৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যি কোনো উপায়ে অযোধ্যা ৰাজ্যখন দখল কৰাৰ বিষয়ে সদায় আকাঙ্খা কৰি আহিছিল। এই ৰাজ্য উৎপাদনত সদায় আগৰণুৱা আছিল আৰু চৰকাৰ এই ৰাজ্যৰ পৰা অধিক পৰিমাণে ৰাজহ সংগ্ৰহ কৰিব পাৰিব বুলি ইংৰাজ সকলে আশা কৰিছিল। সেয়ে ডেলহাউচিয়ে এনেকৈ নিজৰ ভাৱ ব্যক্ত কৰিছিল। 


35. ইংৰাজে অযোধ্যা ৰাজ্যখন দখল কৰাৰ দুটা কাৰণ লিখ।

উত্তৰঃ- (i) অযোধ্যা ৰাজ্যৰ পৰা বৃটিছে যথেষ্ট পৰিমাণে কৰ সংগ্ৰহ কৰাৰ উপৰিও নীল আৰু কপাহ খেতিৰ ইয়াত যথেষ্ট পৰিমাণে উৎপাদন হৈছিল। 

(ii) অযোধ্যা ৰাজ্যখন ব্যৱসায়-বানিজ্যৰ প্রধান কেন্দ্ৰৰূপে পৰিগণিত হৈছিল। 


36. ডেলহাউচিয়ে প্রয়োগ কৰা স্বত্ববিলোপ নীতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা?

উত্তৰঃ- (i) এই নীতি অনুসৰি বৃটিছৰ অধীন বা বৃটিছ চৰকাৰৰ সৃষ্ট কোনো দেশীয় ৰাজ্যৰ ৰজা যদি অপুত্রক হৈ মৃত্যু হয় তেতিয়া সেই ৰাজ্যখন বৃটিছৰ অন্তর্ভুক্ত হব। 

(ii) বৃটিছ কর্তৃপক্ষৰ অনুমোদন অবিহনে কোনো তোলনীয় পুত্রই সেই ৰাজ্যৰ উত্তৰাধিকাৰীৰ স্বত্ব দাবী কৰিব নোৱাৰিব। 


37. ১৮৫৭ চনৰ বিদ্রোহত যুদ্ধত নিহত হোৱা নেতা-নেত্রী দুজন কোন আছিল। 

উত্তৰঃ- চৰকাৰী পক্ষত বহুতো ৰজা, নবাব আৰু বহুতো জমিদাৰ সকলে বিদ্রোহীৰ বিৰুদ্ধে যুদ্ধত লাগিছিল। এই ক্ষেত্ৰত বৃটিছ সেনাপতি হেভলক আৰু আউতৰামে বিশেষ ভূমিকা লৈছিল। ১৮৫৭ চনৰ বিদ্রোহত লিপ্ত হৈ পৰা নেতাসকলক চৰকাৰী বাহিনীয়ে গুলিয়াই হত্যা কৰিছিল। কিন্তু দুজন বিদ্রোহীয়ে সহজে বৃটিছৰ হাতত ধৰা দিয়া।


38. ভাৰতৰ সাধাৰণ শ্ৰেণীয়ে চিপাহী বিদ্রোহত অংশ গ্রহণ কৰাৰ কাৰণ কি আছিল?

উত্তৰঃ- বেছিভাগ লোকে চিপাহী বিদ্রোহত অংশ গ্রহণ কৰা নাছিল। তেওঁলোকে বৃটিছ চৰকাৰৰ কাৰ্যকলাপ আৰু বৃটিছ চৰকাৰে দেশত শক্তি বৰ্তাই ৰখাত বহুপৰিমাণে সন্তুষ্ট আছিল। কিন্তু তেওঁলোক জমিদাৰ আৰু সুদখোৱা লোকৰ হাতত সদায় শোষিত আছিল— তাৰপৰা মুক্ত হ'বৰ কাৰণে আশা কৰি এই বিদ্রোহত অংশ গ্রহণ কৰিছিল। 


39. চিপাহী বিদ্রোহ যে হঠাতে সংঘটিত হোৱা নাছিল তাৰ দুটা উদাহৰণ উল্লেখ কৰা।

উত্তৰঃ- চিপাহী বিদ্রোহ যে হঠাতে বা এদিনতে সংঘটিত হোৱা নাছিল— তাৰ দুটা কাৰণ হ'ল— 

(ক) ইংৰাজসকলৰ শোষণ নীতিৰ বিৰুদ্ধে বহুদিনৰ পৰাই জনসাধাৰণৰ ক্ষোভ পুঞ্জীভূত হৈ আছিল। 

(খ) চিপাহী বিদ্রোহৰ আগতে অর্থাৎ ১৭৬৩-১৮৫৬ চনৰ ভিতৰত ইংৰাজ সকলৰ শোষণ নীতিৰ বিৰুদ্ধে বহুতো বিদ্রোহ সংঘটিত হোৱাৰ উদাহৰণ পোৱা যায়। 


40. ডঙ্কা শ্বাহ কোন আছিল? এই নামেৰে কিয় বিখ্যাত হৈছিল? 

উত্তৰঃ- মৌলবী আহমদ উল্লা শাহ ডঙ্কা শ্বাহ হিচাবেহে বেছি জনাজাত আছিল।

তেওঁ কম বয়সতে মুছলমান সমাজৰ এজন ধর্মীয় নেতা হিচাবে প্রতিষ্ঠা লাভ কৰিছিল। ১৮৫৬ চনত তেওঁ গাঁৱে গাঁৱে জনসাধাৰণক ইংৰাজৰ বিৰুদ্ধে জেহাদ বা ধর্মযুদ্ধৰ বাবে অনুপ্ৰেৰণা দিছিল। তেওঁ এখন দোলাত উঠি ঘূৰি ফুৰিছিল। তেওঁ দোলাৰ আগে আগে আৰু ডবাবাদক সকল আৰু পিছে পিছে গৈছিল অনুগামীসকল। সেয়ে তেওঁক ডঙ্কা বা ডবা মৌলবী বুলি জনা গৈছিল। 


41. ১৮৫৭ চনৰ বিদ্রোহী সকলক কি ধৰণৰ শাস্তি বিহা হৈছিল?  

উত্তৰঃ- বৃটিছ চৰকাৰে বিদ্রোহ দমন কৰাৰ লগে লগে ইয়াত লিপ্ত থকা ভাৰতীয় নেতা সকলৰ ওপৰত শাস্তি বিহাৰ বাবে ইংলেণ্ডত ব্যাপক প্রচাৰ চলিছিল। কোম্পানীয়ে সেয়ে বহুতো ইংৰাজ বিষয়া আৰু সেনাসকলক হত্যা কৰাৰ অপৰাধত বিভিন্ন ধৰণে শাস্তি প্রদান কৰিছিল। তেওঁলোকৰ কিছুমানক মৃত্যুদণ্ড দি ফাঁচিকাঠত ওলোমালে আৰু বহুতক গুলীয়াই হত্যা কৰিছিল। তাৰে কিছুমানক দেশান্তৰিত কৰিছিল- কিছুমানক যাৱজ্জীৱনৰ বাবে কাৰাগাৰত নিক্ষেপ কৰিছিল। আন্দামান দ্বীপপুঞ্জত নিৰ্মাণ কৰা জেলত তেওঁলোকক ভৰাই থৈছিল। 


42. সুদখোৰ আৰু জমিদাৰসকলে কিয় চিপাহী বিদ্ৰোহৰ বিৰোধিতা কৰিছিল?

উত্তৰঃ- খেতিয়ক আৰু সাধাৰণ শ্ৰেণীৰ লোকসকলে ইংৰাজৰ লগতে সুদখোৰ আৰু জমিদাৰসকলক সদায় শোষনকাৰী হিচাবে গণ্য কৰিছিল। সেয়ে এই বিদ্রোহ সকল হলে তেওঁলোকৰ স্বাৰ্থত আঘাত পৰিব বুলিয়েই তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছিল।

দ্বিতীয়তে, সুদখোৰ আৰু জমিদাৰ সকলে ইংৰাজৰ লগত হাত মিলাই  চলি আহিছিল। সাধাৰণ শ্ৰেণীৰ জনসাধাৰণৰ প্রতি তেওঁলোকে সদায় অমনোযোগী আছিল। ইয়াৰ ফলত দুই শ্ৰেণীয়ে ইংৰাজৰ লগত সহযোগ কৰি চিপাহী বিদ্রোহ ব্যর্থ কাৰাৰ কাৰণে চেষ্টা চলাইছিল।


43. বিদ্ৰোহী চিপাহী সকলে কিয় আৰু কোন কোন দেশীয় শাসকক বিদ্ৰোহৰ নেতৃত্ব দিছিল?

উত্তৰঃ- ভাৰতীয় চিপাহী বিলাকে বিদ্ৰোহটো আৰম্ভ কৰিছিল যদিও কেইবাজনো দেশীয় শাসকে এই বিদ্ৰোহত নেতৃত্ব লৈছিল। তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য আছিল- মাৰাঠা পেছোৱা দ্বিতীয় বাজীৰাওৰ উত্তৰাধিকাৰী নানা চাহিব, ঝান্সী ৰাণী লক্ষ্মীবাই, বিহাৰৰ জগদীশপুৰৰ ৰাজপুত জমিদাৰ কোঁৱৰ সিং, অৱধৰ নৱাব ৱাজিদ আলি চাহৰ পুত্ৰ বিৰজিচ কাদিৰ, তান্তীয়া টোপি, অসমৰ মনিৰাম দেৱান। উল্লেখযোগ্য যে নানা চাহিব, লক্ষ্মী বাই, কোঁৱৰ সিং, বিৰজিচ কাদিৰে নিজ নিজ এলেকাত বিদ্ৰোহৰ নেতৃত্ব লৈছিল।


44. কি পৰিস্থিতিত ১৮৫৭ ৰ বিদ্ৰোহৰ সূত্ৰপাত হৈছিল?

উত্তৰঃ- বৃটিছৰ অৰ্থনৈতিক শোষণ জাতিভেদ, বৈষম্যমূলক আচৰণ, ভাৰতীয় সকলৰ ৰাজনৈতিক স্বাধীনতা হৰণ, ভাৰতীয় চিপাহীৰ ক্ষোভ, খ্ৰীষ্টান ধৰ্মৰ দ্ৰুত সম্প্ৰসাৰণ আদি বিভিন্ন কাৰণত ১৮৫৭ ৰ বিদ্ৰোহৰ পটভূমি ৰচিত হৈছিল। এই বিদ্ৰোহ একাধিক কাৰণত সূত্ৰপাত হৈছিল, যেনে- ৰাজনৈতিক কাৰণ, সামাজিক কাৰণ, ধৰ্মীয় কাৰণ, সামাজিক কাৰণ আৰু তত্‍কালীন কাৰণ। উল্লেখযোগ্যযে এই বিদ্ৰোহ আৰম্ভ কৰিছিল বৃটিছ সৈন্য বাহিনীত নিয়োজিত ভাৰতীয় সৈনিকসকলে। এই সৈনিক সকলে এনফিল্ড ৰাইফল ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল কিয়নো এই ৰাইফলটো চলাওঁতে তাৰ কাৰ্টিজটো মুখেৰে কামুৰি চৰ্বি সনা মূৰটো এৰুৱাই বন্দুকত ভৰাব লাগে। এই সৈনিকসকলৰ মাজত প্ৰচাৰ হ'লযে কাৰ্টিজ বোৰত সানি থোৱা চৰ্বিবোৰ গৰু আৰু গাহৰিৰ। এইটো তেওঁলোকেৰ ধৰ্ম নষ্ট কৰা চৰকাৰৰ ফন্দী বুলি ভাবি লোৱা হ'ল কিয়নো গৰু হিন্দু আৰু গাহৰি মুছলমানৰ অখাদ্য। সেয়ে অভক্ষ বস্তু চলেবলে খুৱাবলৈ লৈছে বুলি ভাৰতীয় সৈন্য বাহিনীৰ হিন্দু মুছলমান সৈন্যসকল বিক্ষোদ্ধ। হৈ পৰিল। এনে পৰিস্থিতিতে মংগল পাণ্ডে নামৰ এজন চিপাহীয়ে ইংৰাজ বিষয়া এজনক গুলীয়াই আহত কৰিছিল; যাৰ বাবে তেওঁক ইংৰাজে ফাঁচী দিছিল। তাৰ পিচৰ পৰাই ভাৰতীয় চিপাহী সকল ইংৰাজী বিৰোধী হৈ পৰি ১৮৫৭ খৃষ্টাব্দৰ ১০ মে' তাৰিখে মীৰাটত চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল। 


45. চিপাহী বিদ্ৰোহৰ বিদ্ৰোহীসকলৰ বিফলতাৰ কাৰণ সমূহ লিখা।

(অথবা) ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ আলোচনা কৰা। HS-2024

উত্তৰঃ- চিপাহী বিদ্ৰোহৰ বিদ্ৰোহীসকলৰ বিফলতাৰ কেইবাটাও কাৰণ আছিল। তাৰ ভিতৰত উল্লেখযোগ্য কাৰণ কেইটা হ'লঃ-

(i) বিদ্ৰোহী সামৰিক বা অসামৰিক নেতৃত্বৰ দুৰ্ব্বলতা তেওঁলোকৰ পৰাজয়ৰ কাৰণ। বিদ্ৰোহী নেতাসকলৰ ব্যক্তিগত সামৰিক বিচক্ষণতা থাকিলেও, সাংগঠনিক ব্যুপতিতা নাছিল আনহাতে বৃটিছৰ নেতাসকল আছিল সুদক্ষ আৰু অতি অভিজ্ঞ সমৰ নেতা।

(ii) এই বিদ্ৰোহৰ এক কেন্দ্ৰীয় নেতৃত্বৰ নিয়ন্ত্ৰণৰ অভাৱ ইয়াৰ বিফলতাৰ কাৰণ আছিল। উল্লেখযোগ্য যে এই বিদ্ৰোহৰ কেন্দ্ৰ এটা নহৈ প্ৰধানকৈ তিনিটা আছিল। যাৰবাবে ইটোৰ মাজত সিটোৰ সমন্বয়ৰ অভাৱ হৈছিল।

(iii) সামগ্ৰিকভাৱে সকলো জনসাধাৰণকে এই বিদ্ৰোহত জৰিত কৰিব পৰা নগ'ল, তদুপৰি কেইবাজনো দেশীয় ৰজাই বৃটিছৰ প্ৰতি আনুগত্যশীল হৈ থাকিল। এইদৰে ভাৰতৰ বৌদ্ধিক সমাজৰ তেতিয়াও বৃটিছৰ ওপৰত আস্থা আছিল।

(iv) বৃটিছৰ উন্নত সমৰ কলা, উন্নত যোগাযোগ ব্যৱস্থা, উন্নত প্ৰযুক্তিবিদ্যা আদি আছিল বিদ্ৰোহীসকল বিফল হোৱাৰ অন্যতম কাৰণ। যিহেতুকে বিদ্ৰোহীসকলৰ সমৰ কলা, অস্ত্ৰ-শস্ত্ৰ আওপুৰণী আছিল। উন্নত যোগাযোগ ব্যৱস্থাৰ বলতে কেম্পবেলৰ দৰে সেনা নায়কে বিদ্ৰোহী সকলক একত্ৰিত হ'বলৈ সুযোগ নিদি খণ্ড যুদ্ধত ব্যস্ত ৰাখি পৰাস্ত কৰাত সুবিধা হৈছিল। 


46. বিদ্ৰোহটো দমন কৰিবলৈ চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছিল? HS-2013

উত্তৰঃ- বিদ্ৰোহটো দমন কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। সেই পদক্ষেপসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল- নিজ ধাৰণাৰেই বশৱৰ্তী হৈ বৃটিছ বিলাকে বিদ্ৰোহী সকলৰ ওপৰত দমনমূলক ব্যৱস্থা লৈছিল। বিদ্ৰোহীসকলক দমন কৰিবলৈ বৃটিছ চৰকাৰে কেইবাখনো বৈষম্যমূলক আইন প্ৰণয়ন কৰিছিল। এনে পক্ষপাতমূলক আইন আৰু ইংলেণ্ডৰ পৰা অনা অতিৰিক্ত সৈন্যৰ সহায়ত বিদ্ৰোহটো দমন কৰিছিল। ইংৰাজ সকলে বিদ্ৰোহীসকলক দমন কৰিবলৈ সামৰিক শক্তিৰ বাহিৰেও কূটনৈতিক কৌশলৰো আশ্ৰয় লৈছিল। বিদ্ৰোহীসকলৰ বৰ্বৰতাৰ অতিৰঞ্জিত প্ৰচাৰ চলাইছিল যাতে ইংলেণ্ড আৰু ভাৰতৰ মানুহ বিদ্ৰোহীসকলৰ বিৰুদ্ধে যায়। আনহাতে বৃটিছৰ আনুগত্য সকলক পুৰস্কৃত কৰা হৈছিল।

তদুপৰি বিদ্ৰোহীসকলক বৰ্বৰভাৱে গুলিয়াই, জ্বলাই, শাৰী কৰাই বৰটোপেৰে উৰুৱাই, ফাঁচীদি ভৱিষ্যতে যাতে কোনো ভাৰতীয়ই বিদ্ৰোহ কৰিবলৈ সাহস নকৰে তাৰ ব্যৱস্থা কৰিছিল আৰু প্ৰদৰ্শন কৰিছিল। আনহাতে মানৱতা আৰু সহানুভৱতা দেখুৱাই বিদ্ৰোহীৰ ওপৰত সাধাৰণ ক্ষমাদান ঘোষণা কৰিছিল যাতে তেওঁলোকৰ প্ৰতি ভাৰতীয়সকল অনুৰক্ত হৈ থাকে।


47. ভাৰতৰ মানচিত্ৰ আঁকি ১৮৫৭ চনৰ বিদ্ৰোহৰ চাৰিটা প্ৰধান কেন্দ্ৰ দেখুওৱা। HS-2014, 2016

উত্তৰঃ- --


48. ১৮৫৭ ৰ বিদ্ৰোহৰ গুৰুত্ব আৰু প্ৰকৃতি বৰ্ণনা কৰা। HS-2014

উত্তৰঃ- ভাৰতবৰ্ষৰ ইতিহাসত ১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ যথেষ্ট গুৰুত্ব আছে। কিয়নো এই বিদ্ৰোহৰ গুৰুত্ব তথা ফলাফল সমূহ আছিল সূদূৰপ্ৰসাৰী। তাৰ ভিতৰত কেইটামান উল্লেখযোগ্য গুৰুত্ব তথা ফলাফল হ'ল-

(i) ইংৰাজ প্ৰশাসনে এই বিদ্ৰোহত বিজয়ী হ'লেও ইয়াৰ গুৰুত্ব উপলব্ধি কৰি ভৱিষ্যত্‍ কাৰ্যপন্থা নিৰ্দ্ধাৰণ কৰিছিল। এই বিদ্ৰোহৰ ঠিক পিচতেই ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰৰ বিভিন্ন দিশত থকা দুৰ্ব্বলতা অনুধাৱন কৰি ইংলেণ্ডৰ বৃটিছ চৰকাৰে ১৮৫৮ খৃষ্টাব্দত এখন আইন প্ৰণয়ন কৰি ভাৰতৰ শাসন ভাৰ নিজ হাতলৈ নিয়ে। এই ভাৰত চৰকাৰৰ আইনৰ যোগেদিয়েই মহাৰাণী ভিক্টোৰিয়াই ভাৰতৰ সৰ্বময় কৰ্তা হৈ পৰিল। ৰাণীৰ ভাৰতস্থ মুখ্য শাসক গৱৰ্ণৰ জেনেৰেলে 'ভাইচৰয়' উপাধি গ্ৰহণ কৰিলে। লৰ্ড কেনিঙক ভাইটৰয় আৰু গৱৰ্ণৰ জেনেৰেল হিচাপে ১৮৫৮ ৰ ১ নৱেম্বৰত ঘোষণা কৰা হয়।

(ii)  এই বিদ্ৰোহৰ পিচত সামাজিক ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰা) হৈছিল। গোৰ্খা, শিখ, জাত আৰু পাঞ্জাবী নিয়োগ কৰি সৈন্য বাহিনীটোত ব্ৰাহ্মণ  সৈন্যৰ প্ৰাধান্য নিঃশেষ কৰা হৈছিল। তদুপৰি বেঙ্গল আৰ্মিত ভাৰতীয় আৰু ইংৰাজ সৈন্যৰ অনুপাত ৩ : ২ লৈ হ্ৰাস কৰা হ'ল। হিলৈদাৰী বাহিনীৰ পৰা হিন্দুস্তানী সৈন্যক আঁতৰাই ইউৰোপীয় সৈন্যক ভৰ্তি কৰা হ'ল।

(iii)  দেশীয় ৰাজ্যবিলাকৰ আঞ্চলিক অখণ্ডতাৰ প্ৰতিশ্ৰুতি আৰু পুষ্য-পুত্ৰ ব্যৱস্থাক স্বীকৃতি দিয়া হ'ল। বিদ্ৰোহৰ সময়ত ইংৰাজক সমৰ্থন দিয়া গোৱালিয়ৰৰ সিদ্ধিয়া, বৰোদাৰ গাইকোৱাদ, ভূপালৰ বেগম আৰু হাইদৰাবাদৰ নিজামক সন্মানীয় উপাধিৰে বিভূষিত কৰা হ'ল। তেওঁলোকৰ কৰৰ বোজাও হ্ৰাস কৰা হ'ল আৰু ভূমি আৱণ্টনও দিয়া হ'ল। এওঁলোকক অধিক সুবিধা দিয়াত ক্ৰমান্বয়ে উচ্চ মধ্যবিত্ত আৰু শিক্ষিত মধ্যবিত্ত শ্ৰেণীটো বৃটিছৰ বিৰোধী হৈ পৰিছিল।

(iv) এই বিদ্ৰোহৰ প্ৰভাৱ ভাৰত চৰকাৰৰ বিত্ত আৰু ৰাজহ নীতিতো পৰে। বিদ্ৰোহৰ ফলত হোৱা আৰ্থিক ঘাটি পূৰাৱলৈ চৰকাৰে কৰ খাজনা বৃদ্ধি কৰিছিল। নতুনকৈ আয়কৰ আৰু লোন কৰ বহুৱায়।

(v) ভাৰতীয় পৰম্পৰা আৰু ধৰ্ম বিশ্বাস ধ্বংস কৰা বুলিও বিদ্ৰোহী সকল চৰকাৰৰ বিৰুদ্ধে গৈছিল। সেয়ে বিদ্ৰোহৰ পিচত চৰকাৰে ভাৰতীয় সামাজিক ব্যৱস্থাত হস্তক্ষেপ নকৰাৰ নীতি গ্ৰহণ কৰিছিল।

(vi) ১৮৫৭ খ্ৰীষ্টাব্দৰ এই তাত্‍পৰ্যপূৰ্ণ ঘটনাকে লৈ উত্‍কৃষ্ট শিল্পকলা, ইতিহাস সৃষ্টি হৈছিল। এইবিলাক ভাৰত বুৰঞ্জীৰ গুৰুত্বপূৰ্ণ সমল।

চিপাহী বিদ্ৰোহৰ প্ৰকৃতি আছিল সুদূৰপ্ৰসাৰী। ই আছিল ভাৰতবাসীৰ ইংৰাজৰ বিৰুদ্ধে প্ৰথম গুৰুত্বপূৰ্ণ ৰণ। সেয়েহে ইয়াক মহাবিদ্ৰোহ বুলিও আখ্যা দিয়া হয়। চিপাহী বিদ্ৰোহ হিচাপে ই আৰম্ভ হ'লেও তেওঁলোকৰ মাজতে ইয়াক সীমাবদ্ধ কৰি ৰখা ন'হল। এই বিদ্ৰোহৰ সময়ছোৱাত হিন্দু মুছলমানৰ মাজত কোনো বিবাদ দেখা নগৈছিল। বৃটিছ শাসকে হিন্দু-মুছলমানৰ মাজত বাৰে বাৰে বিভাজনৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰি ১৮৫৭ ৰ বিদ্ৰোহত ভাৰতৰ দুয়োটা প্ৰধান সম্প্ৰদায়ে একেলগে উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে থিয় দি ইতিহাসত উজ্জ্বল নিদৰ্শন দেখুৱাইছিল।

চিপাহীসকলৰ আহ্বানক্ৰমে ক্ষমতাচ্যুত প্ৰাক্তন সামন্ত শ্ৰেণীটোৰ লগতে ভূক্তভোগী জনসাধাৰণো ওলাই আহিছিল। সেইকাৰণে জেমচ আউট ৰামৰ দৰে ইংৰাজেও এই মহাবিদ্ৰোহক স্বাধীনতা যুদ্ধ আখ্যা দিছিল। বিনায়ক দামোদৰ সবৰকাৰে এই উত্থানক "প্ৰথম ভাৰতীয় স্বাধীনতা ৰণ" বুলি কৈছে। এই বিদ্ৰোহত সকলো ভাৰতীয় লোক জৰিত নহ'লেও সকলো শ্ৰেণীৰ লোকেই ইয়াত যোগ দিছিল। নেতাসকলক জাতীয় বীৰ হিচাপে স্বীকৃতি দিয়া হৈছিল।


49.  চমু টোকা লিখাঃ-

(i) ৰাণী লক্ষ্মীবাইঃ- ঝান্সীৰ ৰাণী ৰূপে খ্যাত লক্ষ্মীবাইয়ে বাৰাণসীত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ আন এটা নাম আছিল মোনিকৰ্ণিকা। তেওঁ গঙ্গাধৰ ৰাওৰ পত্নী আছিল। গঙ্গাধৰৰ মৃত্যুৰ পিছত তেওঁ ঝান্সী ৰাজ্যৰ অভিভাৱক শাসক হৈছিল কিন্তু বৃটিছে ৰাণী আৰু তোলনীয় পুত্ৰ দামোদৰ কোনোজনকে স্বীকৃতি দিয়া নাছিল। এনে পৰিস্থিতিত তেওঁ ১৮৫৭ ৰ বিদ্ৰোহত যোগ দি বৃটিছৰ বিৰুদ্ধে যায় আৰু ঝান্সীৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰে। মৌৰালীপুৰ যুদ্ধতো ইংৰাজ সৈন্যক ৰাণীয়ে পৰাস্ত কৰিছিল। বানপুৰ আৰু ছাহগড়ৰ ৰজা তেওঁৰ মিত্ৰ হোৱাত ৰাণীৰ শক্তি বৃদ্ধি পাইছিল। কাল্পীত তান্তীয়া টোপী আৰু ৰাও চাহেব তেওঁৰ লগ লাগিছিল। এইদৰে গোৱালিয়ৰত পেছোৱাৰ আধিপত্য প্ৰতিষ্ঠা কৰিছিল যদিও গোৱালিয়ৰৰ "কটাহ কি চৰাইৰ" যুদ্ধত আহত হৈ ৰাণীৰ মৃত্যু হৈছিল। ফল স্বৰূপে গোৱালিয়ৰ পুনৰ বৃটিছৰ হাতলৈ গৈছিল। বৃটিছ সামৰিক বিষয়া হাগ ৰজে ৰাণীৰ সাহস আৰু বীৰত্বৰ বিষয়ে কৈছিল- "best and the bravest military leader of the rebels".


(ii) কোঁৱৰ সিঙঃ- বিহাৰৰ জগদীশপুৰৰ ৰাজপুত জমিদাৰ আছিল কোঁৱৰ সিঙ। বৃটিছে শাসনকালত বিত্তীয় সংকটত পৰি জমিদাৰী হেৰুৱাব লগা কোঁৱৰ সিংৰ জন্ম হৈছিল ১৭৮২ খৃষ্টাব্দত। তেওঁ আৰাৰ বিদ্ৰোহীৰ লগ লাগি নিজকে ছাহাবাদৰ ৰজা ঘোষণা কৰিছিল। নানা চাহেব আৰু লক্ষ্ণৌত বিৰজীত কাদিৰৰ লগ লাগি আজমগড় দখল কৰি বৃটিছক পৰাস্ত কৰিছিল কিন্তু কোঁৱৰ সিঙে যুদ্ধত এখন হাত হেৰুৱাব লগা হৈছিল আৰু এই আঘাটতে তেওঁৰ মৃত্যু হৈছিল। ৭৫ বছৰ বয়সতো অতি বিক্ৰমেৰে যুদ্ধ দিয়া কোঁৱৰ সিঙৰ পিছত তেওঁৰ ভ্ৰাতৃ অমৰ সিঙে বিদ্ৰোহ অব্যাহত ৰাখিছিল।


(iii) তান্তীয়া টোপিঃ- তান্তীয়া টোপি চিপাহী বিদ্ৰোহৰ অন্যতম এজন নেতা আছিল। মধ্য ভাৰতত তেওঁৰ নেতৃত্বতে এই বিদ্ৰোহ সংঘতিত হৈছিল। তান্তীয়া ওৰফে ৰামচন্দ্ৰ পাণ্ডুৰাং নানা চাহাবৰ সহযোগী আছিল। তেওঁ প্ৰৱল বিক্ৰমেৰে উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত বৃটিছক আক্ৰমণ কৰিছিল আৰু গোৱালিয়ৰৰ দৰে নগৰ অধিকাৰ কৰিছিল আৰু নগৰ আৰু নমদা, খান্দেছ আৰু ৰাজস্থানত বৃটিছৰ বিৰুদ্ধে গেৰিলা যুদ্ধত অৱতীৰ্ণ হৈছিল। অৱশেষত তান্তীয়া সহযোগী (নাৰুৱাৰৰ) ৰজা মান সিঙৰ বিশ্বাসঘাট কৰাৰ বাবে বৃটিছৰ হাতত বন্দী হ'ব লগা হয়। ১৮৫৯ খৃষ্টাব্দৰ ১৮ এপ্ৰিলত তেওঁক ফাঁচী দিয়া হয়।


(iv) মনিৰাম দেৱানঃ- ১৮৫৭ চনত বিদ্ৰোহত মনিৰাম দেৱানে অসমত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। প্ৰথম অৱস্থাত তেওঁ বৃটিছৰ প্ৰশাসনত সেৱা আগবঢ়াইছিল কিন্তু পৰৱৰ্তী সময়ত বৃটিছে তেওঁ ভোগকৰি থকা সা-সুবিধা সমূহ কৰ্তন কৰাত তেওঁ বৃটিছ বিৰুধি হৈ পৰিছিল। শিৱসাগৰৰ চাৰিঙত জন্ম গ্ৰহণ কৰা প্ৰথম ভাৰতীয় চাহ খেতিয়ক মনিৰাম দেৱানে বৃটিছক খেদাই অসমত আহোম শাসন পুনৰ প্ৰতিষ্ঠাৰ কাৰণে গোপনে সশস্ত্ৰ বিদ্ৰোহৰ প্ৰস্তুতি চলাইছিল। তেওঁ বিহাৰত কোঁৱৰ সিঙৰ লগত যোগাযোগ ৰক্ষা কৰি অসমত থকা হিন্দুস্তানী সৈন্যবাহিনীৰ সহায় লাভ কৰিছিল। তেওঁ অসমত আহোম ৰাজকোঁৱৰ কন্দপেশ্বৰ সিংহক ৰাজপাতত বহুৱাবলৈ এখন আৰ্জি লৈ কলিকতাত থকা ইংৰাজ গৱৰ্ণৰ জেনেৰেলক লগ ধৰিবলৈ গৈছিল। তাৰ পৰাই অসমত চিপাহী বিদ্ৰোহ আৰম্ভ কৰিবলৈ কোৱা গোপন চিঠি আহি বৃটিছ বিষয়াৰ হাতত পৰিছিলহি। সেয়েহে তেওঁক কলিকতাতে গ্ৰেপ্তাৰ কৰি বিচাৰৰ ভেকো ভাওনা কৰি ১৮৫৮ খ্ৰীষ্টাব্দত ২৬ ফেব্ৰুৱাৰীত তেওঁ আৰু তেওঁৰ সহযোগী পিয়লী বৰুৱাক যোৰহাটত ফাঁচী দিছিল। 


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022.


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »