-->

দ্বিতীয় বিশ্বৰ ভাঙোন । End of Bipolarity in Assamese

Questions Answers of AHSEC Solution for Class 12 Political Science দ্বিতীয় বিশ্বৰ ভাঙোন । End of Bipolarity. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান 

দ্বি-মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি

End of Bipolarity

                        Class 12 Political Science

Political Science দ্বিতীয় বিশ্বৰ ভাঙোন। End of Bipolarity ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science দ্বিতীয় বিশ্বৰ ভাঙোন । End of Bipolarity has been discussed in systematic way. There are approximately important 50 questions answers in this article.

1.  ছোভিয়েট ইউনিয়ন খণ্ডিত হৈ কিমানখন স্বাধীন ৰাষ্ট্ৰৰ গঠন হৈছিল? HS-2023

উত্তৰঃ- ১৫ খন।

2. কোনখন ৰাষ্ট্ৰৰ পতনক “দ্বিতীয় বিশ্ব”ৰ পতন হিচাবে জনা যায়? HS-2019, 2021

উত্তৰ:-ছোভিয়েট ইউনিয়ন


2 মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা উল্লেখ কৰা।

উত্তৰ:- গ্লাচনোষ্ট (Glasnost) আৰু পেৰেষ্ট্ৰোইকা (Parestroika)


3. কোন চনত বাৰ্লিন দেৱাল ভংগ হৈছিল?

উত্তৰ:- 1989 চনত


4. ৰাছিয়াত সমাজবাদী আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ:- 1917 চনত


5. কোন চনত ছোভিয়েট ইউনিয়নৰ ভাঙোন হৈছিল?

উত্তৰ:- 1991 চনত


7. কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ পৰিসমাপ্তি ঘটে?

উত্তৰ:- ছোভিয়েট ইউনিয়ন


8. ছোভিয়েট ইউনিয়নত কেইখন গণৰাজ্য আছে?

উত্তৰ:- 15 খন।


9. কোনজন নেতাই ছোভিয়েট ৰাছিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল?   HS-2016

উত্তৰ:- মিখাইল গৰ্বাচেভ


10. কি আদৰ্শৰ ওপৰত ৰাছিয়াৰ ৰাজনৈতিক ব্যবস্থা প্ৰতিষ্ঠিত?

উত্তৰ:- সমাজবাদ আদৰ্শ।


11. ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেখৰ নাম লিখা।

উত্তৰ:- ৰাছিয়া, বেলাৰুচ।


12. শুদ্ধ উত্তৰ বাচিওলিওৱা:

 (i) কোন চনত গৰ্বাচেভ ছোভিয়েট ৰাছিয়াৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল?

(a) 1989 চনত    (b) 1990 চনত

(c) 1987 চনত    (d) 1985 চনত

উত্তৰ:- (d) 1985 চনত


(ii) ছোভিয়েট ইউনিয়নৰ কোনখন গণৰাজ্যই প্ৰখম স্বাধীনতা ঘোষণা কৰিছিল?

(a) লিথুয়ানিয়াই    (b) লাটভিয়াই

(c) ডেগেস্তানে     (d) ইউক্ৰেন

উত্তৰ:- লিথুয়ানিয়াই


13. ছোভিয়েট ইউনিয়নৰ পতন কোনে আৰু কেতিয়া ঘোষণা কৰিছিল?

উত্তৰ:- 25 ডিচেম্বৰ, 1991 চনত মিখাইল গৰ্বাচেভে ঘোষণা কৰিছিল।


14. Glasnast-ৰ অৰ্থ ব্যাখ্যা কৰ।

উত্তৰ:- Glasnast-ৰ অৰ্থ হ’ল ব্যাপক স্বচ্ছতা। এই নীতিৰ জৰিয়তে গৰ্বাচেভে ছোভিয়েট সমাজৰ সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে অধিক স্বাচ্ছতা সৃষ্টি কৰিব বিচাৰিছিল। অৰ্থাত্‍ সেইবোৰক গাপ দি ৰাখিব বিচনা নাছিল।


15. Parestroika-ৰ অৰ্থ ব্যাখ্যা কৰ।

উত্তৰ:- Parestroika-ৰ অৰ্থ হ’ল পুনৰ নিৰ্মাণ। এই নীতিৰ জৰিয়তে গৰ্বাচেভে ছোভিয়েট ব্যৱস্থাটোক অধিকভাবে শৃংখলাবদ্ধ আৰু কৰ্মতত্প।ৰ কৰি তুলিব পৰা যায়।

  

16. ছোভিয়েট ইউনিয়ন ধ্বংস হৈ যোৱাৰ পিছত বিশ্ব ৰাজনীতিৰ ক্ষমতাৰ সম্পৰ্ক কি কি পৰিৱৰ্তিত হয়।

উত্তৰ:- (i) একক বিশ্ব মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উত্থান হয়।

    (ii) বিশ্ব অৰ্থনীতিত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন প্ৰক্ৰিয়াৰ সূচনা হয়।


17. ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ:- (ক) এক দলীয় ব্যবস্থা

      (খ) ৰাষ্ট্ৰ নিয়ন্ত্ৰিত অৰ্থনীতি


18. USSR-ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰ:- Union of Soviet Socialist Republics


19. CIS-ৰ সম্পূৰ্ণ ৰূপটো লিখা।   HS-2021

উত্তৰ:- Commonwealth of Independent States.


20. ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ দুটা ফলাফল লিখা।

উত্তৰ:-(ক) শীতল যুদ্ধৰ সংঘাতৰ অৱসান,

(খ) একক বিশ্ব মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰপ উত্থান।


21. ৰাষ্ট্ৰপতি মিখাইল গৰ্বাছেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম উল্লেখ কৰা।

উত্তৰ:- Glasnost (মুক্ত বাতাবৰণ) আৰু Perestroika (পুনৰ্গঠন)।


22. ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ দুটা কাৰণ লিখা।

উত্তৰ:- (ক) 1960-ৰ দশকৰ পৰা সংকটৰ ৰূপ লোৱা ছোভিয়েট অৰ্থনীতিৰ স্থবিৰতা।  

(খ) ব্যক্তিস্বাধীনতাৰ ওপৰত ছোভিয়েট ইউনিয়নে চলোৱা অৱদমন।


23. ছোভিয়েট ইউনিয়ন কেতিয়া এটা মহাশক্তি হৈ উঠিছিল?

উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধৰ পাছত।


24. ‘দ্বিতীয় বিশ্ব’ মানে কি বুজা?                HS-2014

উত্তৰ:- পূব ইউৰোপৰ দেশসমূহ যিসকলে সমাজবাদী ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যিকসলে Warsaw চুক্তি স্বাক্ষৰ কৰিছে এইবোৰ দেশসমূহক সমাজবাদী গোট বা ‘দ্বিতীয় বিশ্ব’ বোলে।


25. আঘাট নিৰাময় (Shock therapy) বা আতংক প্ৰতিকাৰৰ দুটা নেতিবাচক লিখা।

উত্তৰ:- (ক) ৰাছিয়াৰ প্ৰচলিত মুদ্ৰাৰ মূল্য দ্ৰুতগতিত হ্ৰাস হয়।

    (খ) প্ৰায় 90% উদ্যোগকেই ব্যক্তি বা কোম্পানীক বিক্ৰী কৰিবলগীয়া হয়।


26. তলত দিয়াবোৰৰ কোনটো ছোভিয়েট ইউনিয়ন খণ্ডিতকৰণৰ পৰিণতি নহয়?     HS-2017

(i) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজৰ মতাদৰ্শগত যুদ্ধৰ সমাপ্তি।  

(ii) CIS–ৰ জন্ম।

(iii) আন্তৰ্জাতিক ব্যৱস্থাত ক্ষমতাৰ ভাৰসাম্যতাৰ পৰিৱৰ্তন।

(vi) মধ্য প্ৰাচ্যত সংকট।

উত্তৰ:- মধ্য প্ৰাচ্যত সংকট।


27. ১৯৮৫ (1985) চনত ছোভিয়েট ইউনিয়নত _____ য়ে সংস্কাৰৰ সূচনা কৰিছিল। (খালী ঠাই পূৰণ কৰা)   HS-2020, 2022

উত্তৰ:- মিখাইল গৰ্বাচেভে।


28. কোনটো বৰ্ষত পাৰমাণৱিক নি:প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল?     HS-2015

উত্তৰ:- 1968 চনত।


29.  বাৰ্লিন দেৱালৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ আছিল? এই দেৱালৰ কেতিয়া পতন হয়? HS-2014

উত্তৰঃ- বাৰ্লিন দেৱালৰ দৈৰ্ঘ্য ১৫০ কি.মি.।

১৯৮৯ চনত এই দেৱালৰ পতন হয়।


30.  কোন চনত ৱাৰশ্ব' চুক্তিখন ভংগ হৈছিল?

উত্তৰঃ- ১৯৯১ চনত।


31. ছোভিয়েট ইউনিয়ন কি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল?

উত্তৰঃ- সাম্যবাদী আদৰ্শ।


32. USSRৰ সৃষ্টি কেতিয়া হৈছিল? 

উত্তৰঃ- ১৯১৭ চনত।


33.   ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল? HS-2016

উত্তৰঃ- মিখাইল গর্ভাচেভে।


34. ভাৰত আৰু ৰাছিয়াৰ মাজত সম্পর্ক বজাই আছে বুলি তুমি ভাবানে?

উত্তৰঃ- ভাবো। কিয়নো ৬০ খনতকৈ অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত ২০০২ চনৰ Strategic Agreement আধাৰত স্বাক্ষৰিত হৈছিল।


35.  ছোভিয়েট ৰাছিয়াৰ পতনৰ তাৎক্ষণিক কাৰণ কি আছিল?

উত্তৰঃ- ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে গর্বাচেভে ১৯৯১ চনৰ ২৫ ডিচেম্বৰত পদত্যাগ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়নৰ পতন হয়।


দীঘল প্ৰশ্নোত্তোৰ । Additional Questions' Answers

1. ছোভিয়েট ইউনিয়ন কিয় ভঙ্গ হৈছিল? বিশদভাৱে আলোচনা কৰা। HS-2013, 2015, 2017, 2019, 2021, 2022, 2024

উত্তৰ:- আন্তৰ্জাতিক ৰাজনীতিত সাতটা দশকৰো অধিক কাল ধৰি এনে গুৰুত্বপূৰ্ণ ফূমিকা পালন কৰি অহা ছোভিয়েট ইউনিয়নৰ ভাঙোন বিংশ শতিকাৰ আন্তৰ্জাতিক ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ ভিতৰত অন্যতম। ছোভিয়েট ইউনিয়নৰ ভাঙোন ছোভিয়েট ইউনিয়নৰ ভাঙোন অন্তৰালত বহুবোৰ কাৰণ নিহিত আছে। সেইবোৰ তলত আলোচনা কৰা হ’ল:-

(ক) প্ৰসাশণিক কাৰণ:- 

       মিখাইল গৰ্বাচেভে যিবোৰ সংস্কাৰ কৰিব বিচাৰিছিল বা প্ৰশাসনৰ ক্ষেত্ৰত যি শিথিলতা আনিব বিচাৰিছিল সেইবোৰ অতি লেহেম গতিত আগবাঢ়িছিল। ইয়াৰ ফলশ্ৰুতিত জনসাধাৰণ ধৈৰ্য্যচ্যুত আৰু নিৰাশ হৈ পৰিছিল। কাৰণ, তেওঁলোকৰ মতে ইমান লেহেম গতিত কামবোৰ আগবাঢ়়িলে তেওঁলোকে আশা কৰা অনুসৰি লাভৱান নহ’ব।  

(খ) ঐতিহাসিক কাৰণ:-

ছোভিয়েট ইউনিয়ন পতনৰ আন এটা কাৰণ হ’ল ঐতিহাসিক কাৰণ, ছোভিয়েট ইউনিয়নৰ কেতবোৰ স্বাধীন প্ৰজাতন্ত্ৰ হৈ গঠিত হৈছিল। গতিকে, এই প্ৰজাতন্ত্ৰবোৰৰ বহুত বিষয়ত বৈসাদৃশ্য আছিল আৰু ইয়াৰ বাবে প্ৰজাতন্ত্ৰবোৰৰ মাজত অভ্যন্তৰীণ সমস্যাই দেখা দিছিল।

(গ) জাতীয়তাবাদী উত্থানৰ কাৰণ:-

ছোভিয়েট ইউনিয়নৰ অংশীদাৰ ইউৰোপৰ প্ৰজাতন্ত্ৰবোৰ আৰু জয়জয়-ময়ময় অৱস্থাৰ প্ৰজাতন্ত্ৰবোৰ যেনে : ৰাছিয়া, বাল্টিক অঞ্চল, ইউক্ৰেইন আৰু জৰ্জিয়াৰ জাতীয়তাবাদীসকলৰ মতে তেওঁলোকে মধ্য এছিয়াৰ প্ৰজাতন্ত্ৰবোৰক ছোভিয়েট ইউনিয়নৰ অংশীদাৰ কৰি ৰখাৰ বাবে অধিক উচ্চ হাৰত আৰ্থিক সহায় দিবলগীয়া হয়। এইটোও ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ আন এটা কাৰণ।

(ঘ) সাৰ্বভৌমত্বৰ আকাংক্ষা:-   

          ছোভিয়েট ইউনিয়নৰ পতনৰ আন এটা কাৰণ হ’ল : ৰাছিয়া, বাল্টিক প্ৰজাতন্ত্ৰ (ইষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া) ইউক্ৰোইন, জৰ্জিয়া আৰু ছোভিয়েট ইউনিয়নৰ অংশ হিচাপে থকা বিভিন্ন প্ৰজাতন্ত্ৰবোৰৰ মাজত গঢ়ি উঠা জাতীয়তাবাদ আৰু সাৰ্বভৌমত্ব লাভৰ আকাংক্ষা।  

(ঙ) গৰ্বাচেভৰ সংস্কাৰমূলক নীতি:-

         মিখাইল গৰ্বাচেভৰ সংস্কাৰ ব্যৱস্থাইও ছোভিয়েট ইউনিয়ন পতন মাতি আনিছিল। তেখেতে দেশৰ জনগণক স্বাধীনতা, সমতা, জাতীয়তাবোধ, অৰ্থনৈতিক স্ব-নিৰ্ভৰশীলতা আদিৰ বিষয়ে অৱগত বা প্ৰস্তুত নকৰাকৈ ছোভিয়েট ইউনিয়নত তেওঁৰ বিখ্যাত Glasnost (ব্যাপক স্বচ্ছতা) আৰু Parestroika ৰ (পুনৰ নিৰ্মাণ) ধাৰণা কাৰ্যকৰী কৰিব বিচাৰিছিল।  

(চ) অৰ্থনীতি কাৰণ:- 

       পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তি হিচাপে ছোভিয়েট ইউনিয়ন আধিপত্য স্থাপনৰ বাবে ব্যয় কৰা সম্পদ আৰু ই দেশীয় অৰ্থনীতিত সৃষ্টি কৰা প্ৰচুৰ চাপ।


2. ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতিসমূহ আলোচনা কৰা। HS-2018, 2020

(অথবা) ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলাফলসমূহ চমুকৈ বৰ্ণনা কৰা। HS-2012

(অথবা) ছোভিয়েট ইউনিয়ন পতনৰ পিছত কি কি পৰিৱৰ্তন বিশ্ব ৰাজনীতিত হৈছিল সেই বিষয়ে আলোচনা কৰা।

উত্তৰ:- ছোভিয়েট ইউনিয়ন যাক ‘দ্বিতীয় বিশ্ব’ বুলি জনা যায়, হঠাতে ভাঙি পৰাত আৰু পূব-ইউৰোপত সমাজবাদী ব্যৱস্থাৰ অৱসান ঘটাত বিশ্বৰ ৰাজনীতিত এক গভীৰ প্ৰভাৱ পৰিছিল।

(i) শীতল যুদ্ধৰ অৱসান:- ছোভিয়েট ইউনিয়নৰ ভাঙোনে দ্বিমেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থা আৰু দুই মহাশক্তিৰ মাজত চলা শীতল যুদ্ধৰ অৱসান ঘটায়। ৱাৰ্শ্ব চুক্তিক 1991 চনত ভংগ কৰি দিয়া হয়। ফলত বিংশ শতিকাৰ সাতটা দশকৰো অধিককাল ধৰি চলি থকা যুদ্ধসদৃশ পৰিৱেশৰ পৰা আন্তৰ্জাতিক পাজনীতি মুক্ত হয়। বিশ্বত নতুন শান্তি স্থাপন হ’ল।

(ii) মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উত্থান:- ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত একক মহাশক্তি হিচাপে ৰৈ যোৱা মাৰ্কিন যুক্তৰাষ্ট্ৰই গোটেই বিশ্বত নিজা আধিপত্য প্ৰতিষ্ঠা কৰা আৰু আনটো হ'ল বিভিন্ন দেশে বিভিন্ন অঞ্চলত নিজা নিজা শিবিৰ নিৰ্মাণ কৰি আন্তৰ্জাতিক ৰাজনীতি বহুমেৰুসম্পন্ন (Multipolar) কৰি তোলা।

(iii) বহু নতুন ৰাষ্ট্ৰৰ উত্থান:- ছোভিয়েট ইউনিয়নৰ পতমৰ লগে লগে পৃথিৱীত বহুকেইখন স্বাধীন ৰাষ্ট্ৰয়ো জন্মলাঙ কৰিলে। ছোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত হৈ থাকোতেই বহুবোৰ গণৰাজ্যত জাতীয়তাবাদী চেতনা গঢ়ি উঠিছিল আৰু স্বাধীনতাৰ দাবীও অনুৰণিত হৈছিল। ছোভিয়েট ইউনিয়নৰ সংকট ঘনীভূত হোৱাৰ লগে লগে এনে দাবী আৰু অধিক তীব্ৰ হৈ উঠিল আৰু অৱশেষত ছোভিয়েট ইউনিয়নৰ ১৫ খন পৃথক স্বাধীন গণৰাজ্যত বিভক্ত হৈ পৰিল।

(iv) NATO-ত অংশগ্ৰহণ:- ছোভিয়েট ইউনিয়ন ভাঙোনৰ পিছত বহুত নতুন নতুন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছে আৰু ই প্ৰত্যেক ৰাষ্ট্ৰৰ নিজৰ নিজস্ব আশা-আকাংক্ষা আছে। তাৰে কিছুমান ৰাষ্ট্ৰসসূহে ইউৰোপীয় সংঘ (European Union)-ত যোগদান কৰি উত্তৰ আটলাণ্টিক চুক্তি (NATO)-ত অংশগ্ৰহণ কৰিছে। 

(v) বিশ্বায়ন প্ৰক্ৰিয়া আৰম্ভ:- ছোভিয়েট ইউনিয়ন ভাঙি পৰাৰ পাছত, বিশেষকৈ বিশ্বৰ একক মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উত্থানৰ পাছত নৱ্য-আন্তৰ্জাতিক অৰ্থব্যবস্থাৰ ধাৰণাটোৱেই অ-প্ৰাসংগিক হৈ পৰিছে। তাৰ পৰিৱৰ্তে পশ্চিমীয়া দেশসমূহৰ নিয়ন্ত্ৰণত চলা বিশ্বায়ন প্ৰক্ৰিয়াইহে তৃতীয়বিশ্বৰ দেশসমূহক গ্ৰাস কৰি পেলাইছে।

(vi) গোষ্ঠীনিৰপেক্ষতাৰ অপ্ৰাসংগিক:- ছোভিয়েট ইউনিয়নৰ ভাঙোন আৰু শীতল যুদ্ধৰ অৱসানে তৃতীয় বিশ্বই আন্তৰ্জাতিক ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা গোষ্ঠীনিৰপেক্ষ আন্দোলন অপ্ৰাসংগিক হৈ উঠে।


3. ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ প্ৰকৃতি বৰ্ণনা কৰা।

উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলন নেতৃত্ব দিয়াৰ পাছতো ছোভিয়েট ইউনিয়নৰ লগত 1971 চনত মৈত্ৰী চুক্তিত স্বাক্ষৰ কৰিছিল। শীতল যুদ্ধৰ অৱসান ঘটাৰ পাছতো ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাছিয়াৰ লগত ভাৰতবৰ্ষৰ সু-সম্পৰ্ক বৰ্তি আছে। ‘ভাৰত-ৰাছিয়া কূট-কৌশল চুক্তি, 2001’ (Indo-Russian Strategic Agreement, 2001) ৰ অংশ হিচাপে ভাৰতবৰ্ষ আৰু ৰাছিয়াই প্ৰায় 80 খনৰো অধিক দ্বি-পাক্ষীক চুক্তিত স্বাক্ষৰ কৰিছে। তলত সে বিষয়ে আলোচনা কৰা হ’ল:- 

i. অৰ্থনীতি সম্বন্ধীয়া (Economic relation):-

ছোভিয়েট ইউনিয়নে ভাৰতৰ চৰকাৰী খণ্ডৰ কোম্পানীবোৰত সাহায্য আগবঢ়াইছিল। ছোভিয়েট ইউনিয়নে ভাৰতৰ ভিলাই, বোকাৰো, বিশাখাপত্তনম আদি তীখা (steel) যোজনাকৰণত প্ৰযুক্তিবিদ্যা আৰু আৰ্থিক সাহায্য দি সহায় কৰিছিল। এনেদৰে ভাৰত গধুৰ বৈদ্যুতিক লীমিত (Bharat Heavy Electrical Ltd., BHEL) আদি যন্ত্ৰপাতি প্ৰস্তুত কৰা প্ৰকল্পতো কাৰিকৰী দিশত সহায় কৰিছিল। (ভাৰতবৰ্ষৰ যেতিয়া বৈদেশিক মুদ্ৰাৰ অভাৱ হৈছিল, তেতিয়া ছোভিয়েট ইউনিয়নে বৈদেশিক মুদ্ৰাৰ সলনি ভাৰতৰ মুদ্ৰা গ্ৰহণ কৰিছিল।)

ii. ৰাজনৈতিক সম্বন্ধীয়া (Political relation):-

ছোভিয়েট ইউনিয়নে কাশ্মীৰ বিষয়ত ৰাষ্ট্ৰসংঘত ভাৰতবৰ্ষক সমৰ্থন কৰিছিল। ভাৰতবৰ্ষৰ চীন আৰু পাকিস্তানৰ লগত হোৱা সংঘৰ্ষৰ সময়ত ছোভিয়েট ইউনিয়নে ভাৰতক সহায় কৰিছিল। অৱশ্যে, ভাৰতবৰ্ষইও ছোভিয়েট ইউনিয়নৰ বৈদেশিক নীতি সংকটপূৰ্ণ অৱস্থাত আওপকীয়াকৈ সমৰ্থন কৰিছিল।

iii. সামৰিক সম্বন্ধীয়া (Military relation):-

ভাৰতবৰ্ষই সৰহভাগ সামৰিক অস্ত্ৰ-শস্ত্ৰ ছোভিয়েট ইউনিয়নৰ পৰা লাভ কৰিছিল।  ছোভিয়েট ইউনিয়নে ভাৰতবৰ্ষৰ সৈতে যুটীয়াভাৱে বিভিন্ন সামৰিক যন্ত্ৰ-পাতি প্ৰস্তুত কৰাৰ বাবে চুক্তিত স্বাক্ষৰ কৰিছিল।

iv. সাংস্কৃতিক সম্বন্ধীয়া (Cultural relation):-

ভাৰতবৰ্ষৰ বোলছবিৰ নায়ক ৰাজকাপুৰ আৰু অমিতাভ বচ্ছনৰ নাম ৰাছিয়াৰ প্ৰতিঘৰ মানুহৰ মুখে মুখে শুনিবলৈ পোৱা যায়। ইয়াৰ প্ৰতিটো অঞ্চলতে হিন্দী গান শুনিবলৈ পোৱা যায়। ভাৰতবৰ্ষৰ বহুত কবি-সাহিত্যিক আৰু কলাকাৰে ছোভিয়েট ইউনিয়নে ভ্ৰমণ কৰিছিল। 


4. আঘাট নিৰাময় (Shock therapy) বা আতংক প্ৰতিকাৰ ব্যৱস্থাৰ অৰ্থ কি? HS-2013

উত্তৰ:- ৰাছিয়া, কেন্দ্ৰীয় এছিয়া তথা পূব ইউৰোপৰ দেশসমূহত সমাজবাদৰ পৰা পূঁজিবাদৰ দিশত হোৱা পৰিৱৰ্তন প্ৰক্ৰিয়া বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। পৰিৱৰ্তনৰ এই আৰ্হিটোক আতংক প্ৰতিকাৰ বা আঘাট নিৰাময় (Shock therapy) নামেৰে জনা গৈছিল।


5. আঘাট নিৰাময় (Shock therapy) বা আতংক প্ৰতিকাৰৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ:- আঘাট নিৰাময় (Shock therapy) বা আতংক প্ৰতিকাৰৰ চাৰিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল-

(ক) সমাজবাদী অৰ্থনীতিৰ পৰিৱৰ্তন:-

ৰাজহুৱা সম্পদৰ ব্যক্তিগতকৰণ কৰা হৈছিল আৰু সম্পত্তিৰ ব্যক্তিগত মালিকানাস্বত্বক স্বীকৃতি দিয়া হৈছিল।  সামূহিক খেতিৰ পাম ভাঙি পেলাই তাৰ ঠাইত ব্যক্তিগত খেতিৰ কামৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল।

(খ) মুক্ত বাণিজ্যিক অৰ্থনীতি:-

ছোভিয়েট ইউনিয়ন ভাঙি যোৱাৰ পাছত বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ উদ্যোগত সূচনা হোৱা সংস্কাৰে এই দেশসমূহৰ অৰ্থনীতিবিশ্ব অৰ্থনীতিৰ সৈতে সাঙুৰি পেলাইছিল আৰু মুক্ত বাণিজ্যৰ ওপৰত গুৰুত্ব দিছিল। 

(গ) বাণিজ্যিক মিত্ৰতা ভংগ:-

পূব ইউৰোপ তথা ছোভিয়েট ইউনিয়নৰ মাজত বিভিন্ন ধৰণৰ বাণিজ্যিক  ছোভিয়েট ইউনিয়ন ভাঙি যোৱাৰ পাছত বিশ্ববেংক তথা মুদ্ৰানিধিৰ উদ্যোগত সংস্কাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে বাণিজ্যিক মিত্ৰতাসমূহ ভাঙি পেলাই এই দেশসমূহৰ অৰ্থনীতিক পশ্চিমীয়া অৰ্থনীতিৰ সৈতে যুক্ত কৰি পেলোৱা হৈছিল।

(ঘ) স্ব-নিৰ্ভৰশীল অৰ্থনীতি:-

দেশীয় অৰ্থনীতিক বৈদেশিক প্ৰত্যক্ষ বিনিয়োগৰ বাবে মুকলি কৰি দিয়া আৰু দেশীয় মুদ্ৰক অন্য দেশৰ মুদ্ৰাৰ সৈতে সহজে অদল-বদল কৰিব পৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল। অৰ্থাত এই অৰ্থনীতিসমূহক বিশ্ব বাণিজ্য আৰু বিশ্ব অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল কৰি তোলা হৈছিল।


6. (Shock therapy) আঘাট নিৰাময় বা আতংক প্ৰতিকাৰৰ বাবে সূচনা কৰা কাৰ্যসূচীসমূহৰ ফলশ্ৰুতিৰ সম্পৰ্কে আলোচনা কৰা। 

(অথবা)  ই সাম্যবাদৰ পৰা পুঁজিবাদলৈ পৰিৱৰ্তনৰ উত্তম ব্যৱস্থানে? আঘাত নিৰাময়ৰ ফলাফলসমূহ লিখা।

উত্তৰ:- "আঘাট নিৰাময় বা আতংক প্ৰতিকাৰ" সৃষ্টি কৰা ভয়াৱহ পৰিণতিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল:

 (ক) উদ্যোগ ব্যৱস্থাৰ নি:শেষকৰণ:-

  ছোভিয়েট ইউনিয়নৰ সমাজবাদী অৰ্থব্যৱস্থাত ৰাষ্ট্ৰৰ পৃষ্টপোষকতাত গঢ়ি তোলা উদ্যোগসমূহক “আঘাট নিৰাময় বা আতংক প্ৰতিকাৰ” প্ৰক্ৰিয়াই সম্পূৰ্ণকৈ ধ্বংস কৰি পেলালে। ৰাছিয়াত বৃহত্‍ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ প্ৰায় 90% উদ্যোগকেই ব্যক্তি বা ব্যক্তিগত কোম্পানীক অতি কম মূল্যত বিক্ৰী কৰিবলগীয়া হয়। তাকে ইতিহাসত “বৃহত্তম গেৰেজ বিক্ৰি” নামেৰে জনা যায়।

(খ) মুদ্ৰাৰ মূল্য হ্ৰাস আৰু অভাৱনীয় মূল্যবৃদ্ধি:-

সমাজবাদৰ পৰা পুঁজিবাদলৈ হোৱা বিৱৰ্তন প্ৰক্ৰিয়াত ৰাছিয়াৰ প্ৰচলিত মুদ্ৰা ৰুবলৰ মূল্য দ্ৰুতগতিত হ্ৰাস হয়। অন্যহাতে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পালে। এনে পৰিস্থিতিত জনসাধাৰণে দীৰ্ঘদিন ধৰি ৰাখি থোৱা সঞ্চয় তত্‍কালীন অভাৱ পূৰণৰ বাবে খৰচ কৰিবলৈ বাধ্য হৈ পৰিল।

(গ) অৰ্থনীতিৰ অপৰাধীকৰণ:-

পুঁজিবাদী ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজনত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ অধীনস্থ গণৰাজ্যসমূহত অতদিনে বৰ্তি থকা সামাজিক কল্যাণৰ আধাৰ ভাঙি পেলোৱা হ’ল। গোটেই অৰ্থব্যৱস্থাটো ক্ৰমাগতভাৱে এটা অপৰাধী চক্ৰই নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে। এনে এক পৰিস্থিতিত ষ্টিগলিট্‌জে কোৱাৰ নিচিনাকৈ মধ্যবিত্ত শ্ৰেণীটো দৰিদ্ৰতাৰ বুকুত সোমাই পৰিছিল। 

(ঘ) স্বৈৰতন্ত্ৰী শাসন ব্যৱস্থাৰ বিকাশ:-

"আঘাট নিৰাময় বা আতংক প্ৰতিকাৰ"ৰ অভিয়ানৰ অন্যতম লক্ষ্য আছিল পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ অধীনস্থ অংগৰাজ্যসমূহ তথা পূব ইউৰোপৰ পূৰ্বৰ সমাজবাদী দেশসমূহত গণতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্তন কৰা। কিন্তু বাস্তৱ ক্ষেত্ৰত গণতান্ত্ৰিক ব্যৱস্থাই গা কৰি উঠাতকৈ কাৰ্যপালিকা বা ৰাষ্ট্ৰপতিৰ দ্বাৰা এক ধৰণৰ স্বৈৰতন্ত্ৰী শাসন ব্যৱস্থাহে বিকাশ হৈছিল।


7.   ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পৰা অহা নতুন ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা। HS-2014 

উত্তৰঃ- ছোভিয়েট ইউনিয়নৰ পতন হোৱা বাবে বহুতো নতুন ৰাষ্ট্ৰৰ জন্ম হয়। নতুনকৈ গঠন হোৱা এই ৰাষ্ট্ৰসমূহৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে। ইয়াৰে কিছুমান দেশে বিশেষকৈ Baltic আৰু পূৰ্ব ইউৰোপৰ দেশসমূহে Europian Unionৰ লগত থাকিবলৈ ইচ্ছা প্রকাশ কৰিNATOৰ সদস্যভুক্ত হ'ল। কেন্দ্ৰীয় এছিয়াৰ দেশসমূহে নিজ ভৌগোলিক অৱস্থানৰ সুবিধা গ্ৰহণ কৰি ৰাছিয়াৰ লগত ওচৰ সম্বন্ধ ৰক্ষাৰ উপৰিও পশ্চিমীয়া দেশ, চীন আৰু আমেৰিকাৰ লগত সু- সম্পৰ্ক ৰক্ষা কৰিবলৈ বিচাৰিলে। এনেদৰে আন্তৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্বকীয়তা বজাই ৰাখি বহুতো নতুন খেলুৱৈৰ জন্ম হ'ল যাৰ নিজস্ব অর্থনৈতিক, ৰাজনৈতিক ব্যৱস্থা আছে।

    ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্ৰসমূহত সাম্যবাদী শাসন ব্যৱস্থাৰ অৱসান ঘটায় পুঁজিবাদী গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল। ৰাছিয়াত অৰ্ধ-ৰাষ্ট্ৰপতীয় যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল আৰু তাৰ সংবিধান অনুসৰি ৰাষ্ট্ৰপতিজন হ'ল ৰাষ্ট্ৰ প্ৰধান। ৰাছিয়াৰ প্ৰশাসনিক ক্ষমতাৰ অধিকাৰী হ'ল প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত হোৱা মন্ত্ৰী পৰিষদ। প্ৰধানমন্ত্ৰীজনক ৰাষ্ট্ৰপতিয়ে সংসদৰ অনুমোদন ক্ৰমে নিয়োগ কৰে।

উল্লেখযোগ্য যে নতুনকৈ গঠিত হোৱা কিছুমান ৰাষ্ট্ৰই গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ আৰ্হি গ্ৰহণ কৰিছিল যদিও অতি খৰখেদাকৈ সংবিধানবোৰ প্ৰস্তুত কৰা বাবে দুৰ্বল সংসদ আৰু ক্ষমতাশালী প্ৰশাসনিক ৰাষ্ট্ৰপতিৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা পৰিলক্ষিত হৈছিল। উদাহৰণস্বৰূপে, মধ্য এছিয়াৰ উজবেকিস্তান আৰু তুৰ্কমেনিস্তান আদি ৰাষ্ট্ৰক ১০ বছৰৰ বাবে ৰাষ্ট্ৰপতিক ক্ষমতাত নিয়োগ কৰা হয় আৰু পিছৰ আন ১০ বছৰৰ বাবে কাৰ্যকাল বৃদ্ধি কৰি দিয়া হয়। এই ৰাষ্ট্ৰসমূহত আজিও ব্যৱস্থা বা ন্যায়পালিকাৰ স্বাধীনতা প্ৰৱৰ্তন কৰা হোৱা নাই।



8. ছোভিয়েট অর্থনীতিৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ- (১) ছোভিয়েট সংঘৰ চৰকাৰে ইয়াৰ জনসাধাৰণৰ বাবে জীৱনধাৰাৰ এক নূন্যতম মান থিৰাং কৰিছিল আৰু জনসাধাৰণক নিত্য প্রয়োজন হোৱা সকলোবোৰ সেৱা, যেনে- স্বাস্থ্য, শিক্ষা, শিশু-পালন আৰু অন্যান্য জনকল্যাণমূলক সেৱাৰ যোগান ধৰিছিল।

(২) ৰাষ্ট্ৰ তত্ত্বাৱধান, মালিকীস্বত্বৰ অন্যতম প্রধান বাহক আছিল আৰু দেশৰ সমগ্ৰ ভূমি আৰু অন্যান্য উৎপাদিত সামগ্রী নিয়ন্ত্ৰণ আৰু তত্ত্বাৱধান ৰাষ্ট্ৰৰ অধীনত আছিল।


9.  কোনবোৰ কাৰকে ছোভিয়েট ইউনিয়নত সংস্কাৰ আনিবলৈ গর্বাচভেক বাধ্য কৰাইছিল লিখা। HS-2023

উত্তৰঃ- ছোভিয়েট ইউনিয়নত সংস্কাৰ আনিবলৈ মিখাইল গর্বাচভেক তলৰ কাৰকবোৰে বাধ্য কৰাইছিলঃ-

(ক) প্ৰযুক্তি তথা বিকাশৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰিবৰ বাবে। 

(খ) পশ্চিমীয়া দেশসমূহৰ সৈতে গর্বাচেভে প্রতিযোগিতাত অৱতীৰ্ণ হ'বলৈ বিচাৰিছিল।

গ) ছোভিয়েট ইউনিয়নত বিভিন্ন গণৰাজ্যত গঢ়ি উঠা জাতিয়তাবাদী চেতনা আৰু স্বাধীনতাৰ হকে গঢ়ি উঠা আকাংক্ষা।

ঘ) 1960-ৰ দশকৰ পৰা সংকট ৰূপ লোৱা ছোভিয়েট অৰ্থনীতিৰ স্থবিৰতা।


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »

1 Comments:

Click here for Comments
Unknown
admin
October 19, 2022 at 4:37 PM ×

Very good effort to student.

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar