-->

Solved question paper of History HS 2nd year 2022

AHSEC Solution for Question paper of HS second year History 2022 by Jugajit Bora. All the important questions answers are discussed in this article.

Solved question paper
History HS 2nd year 2022

ইতিহাসৰ সকলো প্ৰশ্ন উত্তৰ:-

ইতিহাসৰ 2022 সকলো প্ৰশ্ন উত্তৰ তলত আলোচনা কৰা হ'ল।

1. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা। (যিকোনো বাৰটা) ১x১২=১২ 

ক) সিন্ধু সভ্যতা প্রথমে ক'ত আৱিষ্কাৰ হৈছিল? 

উত্তৰঃ- মহেঞ্জোদাৰত আৰু হৰপ্পাত আৱিষ্কাৰ হৈছিল। 

খ) প্রথম মহাজনপদৰ নাম লিখা। 

উত্তৰঃ- মগধ হ'ল প্রথম মহাজনপদ। 

গ) হৰপ্পা সভ্যতাৰ স্থানসমূহত পোৱা এবিধ শস্যৰ নাম লিখা। 

উত্তৰঃ- এবিধ প্রধান শষ্য হ'ল ঘেঁহু। 

ঘ) চকৰীফেঁটা বুৰঞ্জী কোনে প্রণয়ন কৰিছিল? 

উত্তৰঃ- নুমলী বৰগোহাঁয়ে ৰচনা কৰিছিল।

ঙ) কোনজন আহোম ৰজাৰ শাসনকালত গুৱাহাটীত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ- গদাধৰ সিংহৰ শাসন কালত নির্মাণ কৰা হৈছিল। 

চ) প্রথম গৰাকী মহিলা ভিক্ষুসী কোন আছিল? 

উত্তৰঃ- বুদ্ধৰ ধানমাক মহাপ্রজাপতি গৌতমী প্রথম মহিলা ভিক্ষুসী আছিল।

ছ) আহোম ৰাজ সিংহাসনত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? 

উত্তৰঃ- ফুলেশ্বৰী কুঁৱৰী বা 'বৰৰজা' আইছল প্রথম গৰাকী মহিলা। 

জ) 'ৰিহ্‌লা'ৰ লেখক কোন? 

উত্তৰঃ- ইবনবটুতা আছিল ইয়াৰ লিখক। 

ঝ) মোগল ৰাজকুমাৰ দ্বাৰা চিকোৰ ব্যক্তিগত চিকিৎসক কোন আছিল? 

উত্তৰঃ- ফ্রাংকো বার্ণিয়াৰ আছিল ব্যক্তিগত চিকিৎসক। 

ঞ) আকবৰৰ প্রিয় পাণ্ডুলিপি শৈলীৰ নাম লিখা। 

উত্তৰঃ- নষ্টালিক আছিল আকবৰৰ প্রিয় শৈলীৰ নাম।

(ট) ভাৰতবৰ্ষত প্ৰথমখন ইংৰাজ উপনিবেশৰ নাম লিখা। 

উত্তৰঃ- বংগদেশ আছিল প্রথমখন উপনিবেশ।

ঠ) কোন চনত ইংৰাজ সকলে ভাৰতবৰ্ষত সতীদাহ প্রথা বিলুপ্ত কৰিছিল? 

উত্তৰঃ- ১৮২৯ চনত এই প্রথা বিলুপ্তি সাধন হৈছিল।

ড) কোনে ১৮৫৭ চনৰ বিদ্রোহক ভাৰতৰ প্রথম স্বাধীনতা সংগ্রাম আখ্যা দিছিল?

উত্তৰঃ- বিনায়ক দামোদৰ সবৰকাৰে এনেদৰে অভিতি কৰিছিল।

ঢ) কোন চনত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল?

উত্তৰঃ- ১৯১১ চনত স্থানান্তৰিত কৰা হৈছিল। 

ণ) জোনাকীৰ প্রথম সম্পাদক কোন আছিল? 

উত্তৰঃ- চন্দ্র কুমাৰ আগৰৱালা আছিল প্রথম জন সম্পাদক। 

ত) ভাৰতবৰ্ষত প্রথম ৰেলপথ কেতিয়া আৰম্ভ হৈছিল? 

উত্তৰঃ- ১৮৫৩ খৃঃত আৰম্ভ হৈছিল। 


2. তলত দিয়া প্রশ্নসমূহৰ চমু উত্তৰ দিয়া (যিকোনো বাটা) : ২x১২=২৪ 

ক) হৰপ্পা সভ্যতাৰ যিকোনো দুটা বৈশিষ্ট উল্লেখ কৰা। 

উত্তৰঃ- হৰপ্পা সভ্যাতৰ দুটা বৈশিষ্ট্য হ'ল— 

 (i) সাগৰীয়া পাথৰে জনসাধাৰণে বাণিজ্যিক সম্পর্ক স্থাপন কৰিছিল।

(ii) মাটিৰে তৈয়াৰ কৰা মূর্তিৰ আৱিষ্কাৰৰ পৰা সেই যুগত জনসাধাৰণে মূর্তি পূজা কৰাৰ প্ৰমাণ অনুমান কৰিব পাৰি।


খ) হৰপ্পা সভ্যাতাৰ যিকোনো দুটা ক্ষেত্র (ঠাই)ৰ নাম লিখা। 

উত্তৰঃ-  (i) সিন্ধু আৰু (ii) বেলুচিস্থান


গ) ৰাজস্থানৰ ক্ষেত্ৰী অঞ্চল আৰু কৰ্ণাটকৰ গোলাৰৰ পৰা তাৰ বাসিন্দাসকলে কি ধাতু সংগ্রহ কৰিছিল?

উত্তৰঃ- ৰাজস্থানৰ ক্ষেত্ৰী অঞ্চলৰ পৰা তাম আৰু কৰ্ণাটকৰ কোলাৰৰ পৰা সোণ সংগ্ৰহ কৰিছিল।


ঘ) অসমৰ ক'ত আৰু কেতিয়া প্রথম কৃষক বিদ্রোহ সংঘটিত হৈছিল?

উত্তৰঃ- ১৮৬১ খৃঃত নগৱাৰ ফুলগুৰিত ইংৰাজৰ বিৰুদ্ধে অসমত প্ৰথমটো কৃষক বিদ্রোহ সংঘটিত হৈছিল। এই বিদ্রোহক সাধাৰণতে ফুলগুৰিৰ ধেৱা বা কৃষক বিদ্রোহ বুলি জনা যায়।


ঙ) মহাযান কি?

উত্তৰঃ- মহাযান শব্দৰ অৰ্থ হ'ল মহানবাহন। বুদ্ধৰ দৰ্শন তেনেদৰে কোৱা হৈছিল। বুদ্ধ আৰু বোর্ধিস বৰ মূর্তি পূজা কৰাটো মহাযান মন্ত্রীসকলৰ এক প্রধান অংগ আছিল। এই নতুন চিন্তা ধাৰাক মহাযান বুলি কোৱা হৈছিল।


চ) মীৰজুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? তেওঁৰ লগত অহা লিখজনৰ নাম লিখা।

উত্তৰঃ- ১৬৬২ খৃঃত মীৰজুমলাই অসম আক্ৰমণ কৰিছিল। তেওঁৰ লগত অহা লিখকজন হ'ল চিহাবুদ্দিন তালিছ।


ছ) ক্ষত্রিয়সকলৰ আদর্শ জীৱিকা কি?

উত্তৰঃ- কৰ্মৰ ভেটিত প্রাচীন কালৰ পৰা সমাজ ব্যৱস্থা চাৰিটা ভাগত ভাগ হয়। এই ভাগবোৰৰ ভিতৰত ক্ষত্রিয়সকল অন্যতম। ক্ষত্রিয়সকলৰ আদর্শ জীৱিকা আইছল জ্ঞান দিয়া, শাসন কৰা, প্ৰতিৰক্ষা আৰু যুদ্ধবিগ্রহ কৰা। 


জ) লিপিসমূহৰ পৰা পোৱা তথ্যৰ যিকোনো দুটা সীমাবদ্ধতাৰ বিষয়ে লিখা।

উত্তৰঃ- ক) আখৰবোৰ ভালদৰে খোদিত নকৰাৰ ফলত ইয়াক পোঢ়াতো কঠিন আছিল।

খ) আখৰবোৰ নষ্ট হৈ যোৱাৰ ফলত ইয়াৰ প্রকৃত পাঠোদ্ধাৰ সম্ভৱ নহয়।


ঝ) আবুলফজলে চিত্ৰক কিয় ভেলকীবাজী বুলি কৈছিল?

উত্তৰঃ- ইতিহাসবিদ আবুলফজল ভাষাতৰ চিত্ৰকলা হ'ল এক ভেলকী বাজী বা যাদুকলা। কাৰণ তেওঁৰ বাবে এই ছবিবোৰ বা চিত্র (শিল্পবোৰ ইমান সজীৱন আছিল যে নির্জীৱ বস্তুবোৰ যেন চিত্ৰকৰসকলৰ হাতৰ পৰশত জীৱন্ত ৰূপ গ্রহণ কৰিছিল। 


ঞ) কিতাবখানা বুলিলে কি বুজা?

উত্তৰঃ- উত্তৰঃ- কিতাবখানা মানে হ'ল পুথিভঁৰাল বা পাণ্ডুলিপি লিখা আৰু সংৰক্ষণ কৰা ঠাই। আচলতে কিতাবখানা হ'ল এক লিপিঘৰ য'ত সম্রাটৰ পাণ্ডুলিপিবোৰ সংগ্ৰহ কৰি ৰখা হৈছিল আৰু নতুন পাণ্ডুলিপি প্রস্তুত কৰা হৈছিল। তালৈকে পণ্ডিতসকলে সম্রাটৰ অনুমতি লৈ সংৰক্ষিত পাণ্ডুলিপিবোৰ চাব পাৰিছিল আৰু তথ্য সংগ্রহ কৰিব পাৰিছিল। কিতাবখানাই মোগলসকলৰ বিদ্যায়তনিক উৎকর্ষ সাধন কৰাত এটা গুৰুত্বপূর্ণ ভূমিকা লৈছিল।


ট) মধ্যযুগৰ ভাৰতবৰ্ষৰ যিকোনো দুজন চুফী সন্তৰ নাম লিখা।

উত্তৰঃ- মধ্যযুগৰ ভাৰতবৰ্ষৰ দুজন চুফী সন্ত হ'ল শেইখ মইনুদ্দিন চিষ্টি আৰু মোৱাজা কুতুবুদ্দিন বখ্‌তিয়াৰ বাকী।


ঠ) 'জিম্মী' আৰু 'জিজিয়া' কি?

উত্তৰঃ- জিম্মী শব্দৰ অৰ্থ হ'ল সুৰক্ষিত প্রধা। আনহাতে জিজিয়া হ'ল মোগল যুগত হিন্দুসকলৰ ওপৰত আৰোপ কৰা অবিধ কৰ ব্যৱস্থা।


ড) বিজয় নগৰ সাম্রাজ্য কোনে আৰু কেতিয়া প্রতিষ্ঠা কৰিছিল? 

উত্তৰঃ- সংগম নামৰ এজন ব্যক্তিৰ দুই পুত্র হৰিহৰ আৰু বুক্কই ১৩৩৬ খৃঃত বিজয়নগৰ ৰাজ্য প্রতিষ্ঠা কৰিছিল।


ঢ) শ্বেত নগৰ আৰু কৃষ্ণ নগৰ কি?

উত্তৰঃ- বগা বা শ্বেতাঙ্গ নগৰ আৰু কলা বা কৃষ্ণাঙ্গ নগৰ বুলিলে সাধাৰণতে দুবিধ সুকীয়া নগৰৰ অৱস্থিতিক বুজায়। অর্থাৎ বগা নগৰ মানে ইউৰোপীয়সকলৰ আৱাসিক নগৰ বা চহৰ আছিল। আনহাতে কলাক কৃষাঙ্গ নগৰ বুলিলে তথাকথিত কলা বা ভাৰতীয় লোকসকলৰ আৱাসিক নগৰ বা চহৰৰ কথা বুজায়।

চিপাহী বিদ্ৰোহৰ পাছত ইংৰাজসকলে কিছু পৰিমাণে নিৰাপত্তাজনিত সমস্যাত ভুগিছিল। সেয়া তেওঁলোকে ভাৰতীয়সকলৰ পৰা কিছু পৰিমাণে পৃথকে কাম কৰাৰ কিছুমান আৱাসিক অঞ্চল গঢ়ি তুলিছিল। এই উদ্দেশ্যে। পুৰণি নগৰবোৰৰ পাশ্ববর্তী চাৰণভূমি তথা খেতিপথাৰবোৰ নাইকিয়া কৰা হৈছিল। চিভিল লাইন নামেৰে নগৰীয়া শূন্যস্থান কিছুমানৰ সৃষ্টি কৰা হৈছিল। ইয়াৰ পিছৰ পৰা ইউৰোপীয় বগা বা শ্বেতাঙ্গ লোকসকলে এইবোৰ ঠাইত বাস কৰিবলৈ লৈছিল। লগতে ইউৰোপীয় আদেশাধীন ভাৰতীয় সৈন্য বাহিনীবোৰক কিছুমান নিৰাপদ উপনিৱেশ ৰূপে গঢ়ি তোলা হৈছিল। আহল-বহল আলি, বিশাল কাঠগৰাবোৰৰ মাজে মাজে বঙলাবোৰ, সেনা শিবিৰ মৈদাম আৰু গীর্জাঘৰৰ সৈতে এনে এলেকা বা চহৰবোৰ ইউৰোপীয়সকলৰ কাৰণে একোখন নিৰাপদ স্বৰ্গলৈ ৰূপান্তৰিত কৰা হৈছিল।

ইয়াৰ বিপৰীতে কলা বা কৃষ্ণাঙ্গ অঞ্চলত বাস কৰা ভাৰতীয়সকলৰ সামাজিক অৱস্থা অতি শোচনীয় আছিল। ইংৰাজৰ দৃষ্টিত কৃষ্ণাঙ্গ অঞ্চলবোৰ আছিল বেমেজালি, অৰাজকতা, পুতিগন্ধময়তা আৰু বেমাৰ আজাৰৰ প্রতীক ফলত এই অঞ্চলবোৰ সততে নানা ধৰণৰ মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছিল।


ণ) মহাত্মা গান্ধীয়ে হিন্দুস্থানী ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা হ'ব লাগে বুলি কিয় বিবেচনা কৰিছিল?

উত্তৰঃ- (i) হিন্দী আৰু উৰ্দু ভাষাৰ সংমিশ্ৰণত হিন্দুস্তানী ভাষা গঢ়ি উঠিছিল। ই আছিল বেছিভাগ ভাৰতীয়ই সহজে বুজি পোৱা ভাষা আৰু লগতে হিন্দু-মুছলমান উভয়ে ব্যৱহাৰ কৰা ভাষা। সেয়ে, গান্ধীজীয়ে ইয়াক জাতীয় ভাষা কৰিবলৈ উপদেশ দিছিল।

(ii) এই ভাষাত ভালেমান আঞ্চলিক ভাষাৰ শব্দ সোমাই পৰিছিল। প্ৰয়োজন সাপেক্ষে তেওঁ আৰু বেছিকৈ অন্তৰ্ভূক্ত কৰিবলৈ পৰামৰ্শ দিছিল।

(iii) এই ভাষাত বহুতো বিদেশী ভাষাৰ শব্দও সোমাই পৰিছিল। আৰু ইংৰাজসকলেও কিছু পৰিমাণে ইয়াক বুজি পোৱা হৈছিল।


ত) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ দুগৰাকী নৈত্ৰীৰ নাম লিখা।

উত্তৰঃ- চিপাহী বিদ্ৰোহৰ দুগৰাকী নেত্রীৰ নাম হ'ল ঝান্সিৰাণী লক্ষ্মীবাঈ আৰু অযোধ্যাৰ বেগম হজৰত মহল।


থ) কোন চনত প্রত্যক্ষ সংগ্ৰামৰ আহ্বান জনাইছিল? ইয়াৰ বাবে কোনটো দিশ বাচি লোৱা হৈছিল?

উত্তৰঃ- ১৯৪৬ চনত প্রত্যক্ষ সংগৰামৰ আহ্বান জনাইছিল। ইয়াৰ বাবে ১৬ আগষ্টৰ দিনটো বাচি লোৱা হৈছিল। 


3. নিম্ন লিখিত প্রশ্নসমূহৰ উত্তৰ দিয়া (যিকোনো দহটাৰ) : ৪x১০=৪০ 

ক) হৰপ্পীয় সভ্যতাৰ নগৰ সমূহৰ আচঁনিৰ বিষয়ে বিৱৰণ দিয়া।

উত্তৰঃ- হৰপ্পা বা সিন্ধু উপত্যকাৰ সভ্যতাৰ প্রধান বৈশিষ্ট্য হ'ল নগৰ পৰিকল্পনা বা নগৰৰ আঁচনি। খনন কাৰ্যৰ উদ্ধাৰ হোৱা নগৰসমূহৰ অন্যতম নগৰখন হ'ল মহেঞ্জদাৰো। এই নগৰসমূহ সুন্দৰ আঁচনি বা পকিল্পনাৰে নিৰ্মাণ কৰা হৈছিল। এই নগৰ সমূহৰ সাধাৰণতে ওখ ঠাইত নির্মাণ কৰা হৈছিল। ইয়াৰোপৰি চাপৰ অঞ্চলতো নগৰ নির্মাণ কৰা হৈছিল। পূৰাতত্ববিদ সকলে এই আবাসিক অঞ্চলসমূহক ক্ৰমে দুর্গ আৰু নিম্ম নগৰ বুলি নামাকৰণ কৰিছে। ঘৰ আৰু দুর্গবোৰ কেঁচা ইটাৰে নিৰ্মাণ কৰা হৈছিল। সেই কাৰণে এইবোৰ সাধাৰণতে ওখ ঠাইত নির্মাণ কৰিছিল। দুর্গসমূহ ওখ বেৰেৰে আবৃত আছিল, ফলত দুর্গবিলাক নিম্মন নগৰ অঞ্চলৰ পৰা পৃথক হৈ পৰিছিল। কিছুমান ঘৰ ওখ মঞ্চৰ ওপৰত নিৰ্মাণ কৰা হৈছিল, যিবোৰ ভেটিৰ কাম কৰিছিল। উল্লেখ্যযোগ্য যে এইবোৰ নিৰ্মাণৰ কাৰণে বৃহৎ সংখ্যক শ্ৰনমকৰ আৰু বহুদিনৰ প্রয়োজন হৈছিল। ঘৰ আৰু দুর্গবোৰ পৰিপাটিকৈ নিৰ্মাণ কৰা হৈছিল। নগৰ অঞ্চলৰ পৰা পানী ওলাই যোৱাৰ কাৰণে সুন্দৰ নলাৰ ব্যৱস্থা কৰা হৈছিল।


খ) আহোম সকলৰ শাসন ব্যৱস্থাৰ এটি চমু বিৱৰণ দিয়া। 

উত্তৰঃ- 


গ) 'মনুস্মৃতি'ৰ মতে পুৰুষ আৰু নাৰীয়ে কেনেদৰে সম্পত্তি আহৰণ কৰিব পাৰে?

উত্তৰঃ- মনুস্মৃতি অনুসৰি পুৰুষে সাত প্ৰকাৰৰ উপায়ৰ বৰ্ণনা কৰিছে- উত্তৰাধিকাৰী সূত্ৰে, বিচাৰী লোৱা, ক্ৰয় কৰি, জয় কৰি, বিনিয়োগ কৰি কাম কৰি আৰু সজ্জনৰ পৰা উপহাৰ হিচাপে।

        মনুস্মৃতি অনুসৰি মহিলাসকলে ৬ প্ৰকাৰ নিয়মেৰে সম্পত্তি আহৰণ কৰিব পাৰে। সেই উপায়বোৰ হ'ল বিবাহৰ যোগেদি বা বিবাহৰ সময়ত পোৱা উপহাৰৰ যোগেদি, পিতৃৰ আৰু ভাতৃৰ পৰা পোৱা উপহাৰ স্বৰূপে। ইয়াৰ উপৰিও পৰবৰ্তীকালত পোৱা উপহাৰ তথা তেওঁৰ মৰমিয়াল স্বামীৰ পৰা পোৱা উপহাৰ।

ঘ) মহাভাৰতত দেখা পোৱা সমাজ ব্যৱস্থাৰ বিষয়ে লিখা।

উত্তৰঃ- মহাভাৰতৰ জৰিয়তে সেই সময়ৰ ভাৰতৰ সমাজ ব্যৱস্থাৰ বিষয়ে জানিব পাৰি। সমাজ ব্যৱস্থা পিতৃ প্রধান আছিল। অৱশ্য স্বজনীয় সম্বন্ধ মাতৃৰ ফালৰ পৰা ধৰি ল'লে তেনে স্বপজনীয়তাক মাতৃ স্থানীয় বুলি কোৱা হয়। সমাজত পুৰুষ আৰু মহিলাই নানা উপায়ে সম্পত্তি আহৰণ কৰিব পাৰিছিল। কৰ্মৰ ভেঁটিত সমাজ ব্যৱস্থা চাৰি শ্ৰেণীত বিভক্ত আছিল। পুৰুষৰ সমানে নাৰীয়েও সমাজত তেনে স্থান লাভ কৰিছিল।

প্রায় সকলো ৰাজবংশই পিতৃ প্রধান আদর্শ অনুসৰণ কৰিছিল। অৱশ্যে পৰিস্থিতি অনুসৰি এনে প্ৰথাৰ ব্যতিক্রমো ঘটিছিল। উদাহৰণ স্বৰূপে কোনো ৰজা অপুত্রক হ'লে তেওঁৰ ভাতৃয়ে সিংহাসন লাভ কৰিছিল। আনকি কেতিয়াবা আত্মীয় স্বজনেও তেনে সুবিধা লাভ কৰিছিল।

নাৰীয়েও সিংহাসন লাভ কৰাৰ উদাহৰণ আছে। প্ৰভাৱতীগুণ্ড হ'ল তেনে উদাহৰণ পৰিয়ালতন্ত্রী আৰু কন্যা সন্তানে উচ্চ মর্যদা লাভ কৰিছিল। কন্যা সন্তানক উচিত পাত্ৰৰ লগত বিয়া দিছিল। সেই সময়ৰ পৰাই পিতৃ গোত্র আৰু মাতৃ গোত্ৰৰ ধাৰণাৰ ৰচনা হৈছিল। গোত্র অনুসৰি বিবাহ কার্য সম্পাদন হৈছিল।


ঙ) মগধৰ উত্থানৰ কাৰণ সমূহ উল্লেখ কৰা। 

উত্তৰঃ- খৃঃপূঃ ষষ্ঠ শতিকাৰ পৰা চতুৰ্থ শতিকাৰ ভিতৰত মগধ কেইবাটাও কাৰণত আটাইতকৈ শক্তিশালী মহাজনপদ আছিল, সেই কাৰণসমূহ হ'ল-

(i) মগধ আছিল এখন প্ৰাকৃতি প্ৰদত্ত সুৰক্ষিত এখন নদীমাতৃক ৰাজ্য। ই অত্যন্ত সুৰক্ষিত আছিল কিয়নো ইয়াৰ চাৰিওফালে পাহাৰে আগুৰি আছিল। মগধৰ সাৰুৱা মাটিত হোৱা কৃষি উত্‍পাদনে ৰাজ্যখনলৈ সমৃদ্ধি কঢ়িয়াই আনিছিল।

(ii) মগধত খনিজ সম্পদ মূলতঃ লো প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। ই দেশৰ কৃষি উত্‍পাদনৰ পৰা যুদ্ধ বিগ্ৰহৰ অষ্ত্ৰ-শষ্ট্ৰ লৈকে বৃহত্‍ বৰঙণি আগবঢাইছিল। 

(iii) মগধৰ হাবিত প্ৰচুৰ পৰিমানে হাতী পোৱা গৈছিল আৰু এই হাতীৰে মগধৰ দুৰ্ভেদ্য হস্তী বাহিনী গঠন কৰা হৈছিল।

(iv) মগধত জলপাথৰ যোগেদি যাতায়ত সূচল হৈছিল বিশেষকৈ গংগা আৰু ইয়াৰ উপনৈ সমূহৰ যোগেদি আন্তঃ আৰু বৰ্হিঃ বাণিজ্য চলিছিল। যাৰ ফলস্বৰূপে মগধে বাণিজ্যত এক শক্তিশালী স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

(V) মুঠৰ ওপৰত মগধে লাভ কৰিছিল সুযোগ্য শক্তিশালী নেতা আৰু সৈন্যবাহিনী। উচ্চকাংক্ষী বিম্বিসৰস অজাতশক্ৰ, মহাপদ্ম নন্দ আৰু তেওঁলোকৰ মন্ত্ৰীসকলে ৰাজ্য শাসনৰ নীতিসমূহ কাৰ্যকৰী কৰাত সহায় কৰিছিল।

উপৰক্ত কাৰণসমূহৰ বাবেই মগধ আটাইতকৈ শক্তিশালী মহাজনপদত পৰিণত হৈছিল।


চ) বুদ্ধৰ শিকনিসমূহৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ- বৌদ্ধ ধৰ্মৰ মূল শিকনিসমূহ তলত উল্লেখ কৰা ধৰণে আলোচনা কৰিব পাৰি -

মৰম, স্নেহ, পৰোপকাৰ, অহিংসা, সততা আৰু ইন্দিয় জয়- এইকেইটা হ'ল বুদ্ধদেৱৰ ধৰ্মৰ মূলমন্ত্র। তেওঁৰ মতে মানুহৰ দুখ কষ্টৰ ঘাই কাৰণ হ'ল অজ্ঞতা আৰু আসক্তি। এই দুই গুণৰ কাৰণে মানুহৰ পুনর্জন্ম ৰোধ কৰাৰ পথটো সম্ভৱ হয়। অক্ষতা আৰু আসক্তিয়ে হ'ল মানুহৰ অতৃপ্ত কামনা। অতৃপ্ত কামনাই হ'ল মানুহৰ জীৱনৰ দুখ-কষ্টাৰ কাৰণ। সৎকৰ্মৰ জৰিয়তে আত্মাৰ উন্নতি সাধন কৰি নির্বাণ লাভ নাইবা পুনর্জন্মৰ পৰা মুক্তি লাভ কৰা সম্ভৱ হয়।

নির্বাণ লাভ কৰাৰ কাৰণে বুদ্ধদেৱৰ চাৰিটা মহৎ সত্য পথ দেখুৱাই দিছে। 

(i) দুঃখ : মানৱ জীৱনত কষ্ট থাকিবই আৰু দুখ-কষ্ট ব্যাধি মানুহ মাত্রেই ভোগ কৰিব। 

(ii) দুঃখ সমুদায় : প্রত্যেক দুখৰেই কোনো এটা সমুদায় বা কাৰণ আছে। এই কাৰণ হ'ল ইন্দ্রিয় তৃপ্তি বা ভোগ বিলাসৰ প্ৰতি থকা আকর্ষণ আৰু ইয়াৰ ফলতে পুনর্জন্ম।

(iii) দুঃখ নিবোধ : এই দুখ-কষ্ট মেচান কৰাৰ উপায় হ'ল – ত্যাগ, মহৎ ত্যাগ।

(iv দুঃখ নিবোধৰ উপায় : বৌদ্ধ ধৰ্মৰ মতে মানুহ জন্ম নোলোৱাকৈ থাকিব পাৰিলে দুখ-কষ্টৰ পৰা হাত সাৰিব পাৰি।

বুদ্ধদেৱে নির্মাণ বা মুক্তিলাভ কৰাৰ কাৰণে অষ্টাংগিক মার্গৰ অর্থাৎ আঠটা পন্থা অৱলম্বনৰ পথ দিছে। এই আঠটা পন্থা হ'ল - সত্‍‌বাক্য, সৎ চিন্তা, সৎ শ্রম, সৎ দৃষ্টি, সৎ আদর্শ, সৎ ব্যৱহাৰ, সৎ মনোবৃত্তি আৰু সৎ জীৱন। বুদ্ধৰ মতে, এই আঠটা পন্থা অনুসৰণ কৰিব পাৰিলে মানুহে প্রকৃত জ্ঞান লাভ কৰাৰ উপৰিও পুনর্জন্মৰ পৰা নির্বাণপ্রাপ্ত হ'ব। নির্মাণ বা মুক্তি লাভ কৰাই হ'ল বৌদ্ধধৰ্মৰ মূল লক্ষ্য।

প্রাংগিক মার্গৰ উপৰিও বুদ্ধদেৱে আৰু বহুতো উপদেশ দিছিল যে - মিছা কথা, নোকোৱা, চুৰি নকৰা, কাকো হিংসা নকৰা ইত্যাদি। বৌদ্ধধর্মত ভগৱান আৰু দেৱ-দেৱীৰ অস্তিত্ব স্বীকাৰ কৰা হৈছিল। বৌদ্ধধর্মত জাতিভেদ প্রথা নাই। বৌদ্ধধর্মত সংঘ অপৰিহাৰ্য হৈ পৰিছিল। জাতিভেদবিহীনভাৱে এই সংঘত ২৫ বছৰ ওপৰৰ সকলো পক্ষৰ লোকেই সভ্য হিচাপে অংশগ্রহণ কৰিব পাৰিছিল। কঠিন নিয়মানুবর্তিতাৰ মাজেৰে জীৱন-যাপন কৰাটো সকলো সভ্যৰ কর্তব্য আছিল। ভিক্ষুসকলে সংঘৰ প্রতি আনুগত্য প্রকাশ কৰাটো বাধ্যতামূলক হিচাপে পৰিগণিত হৈছিল। 


ছ) বিজয় নগৰৰ দুর্গ নির্মাণ সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ-  বিজয়নগৰ ৰাজ্যৰ অন্যতম বৈশিষ্ট্য হ'ল দুর্গ নির্মাণ কাৰ্য্য। বিজয়নগৰ ৰাজ্যৰ বেছিভাগ ঠাই দুর্গসদৃশ বিশাল প্রাচীৰেৰে আগুৰা আছিল। সেই সময়ত পাৰস্যৰ ৰাষ্ট্রদূত ৰাজ্জাকৰ মতে বিজয়নগৰ ৰাজ্যৰ এনে কাৰুকার্য পৃথিৱীৰ আন ক'তে পোৱা নগৈছিল। তেওঁ উল্লেখ কৰা মতে শাৰীশাৰীকৈ থকা সাতখন দুর্গসদৃশ প্রাচীৰে গোটেই নগৰখন আগুৰি ৰাখিছিল। চহৰৰ উপৰিও ইয়াৰ কৃষিভূমি আৰু ইয়াৰ সমীপত থকা জংঘলসমূহো এনে প্রাচীৰেৰে ঘেৰি ৰখা হৈছিল। আচৰিত কথা যে ইয়াৰ নির্মাণশৈলী তেনে সাধাৰণ বিধৰ আছিল। চিমেন্ট বা কোনো মচলা ব্যৱহাৰ নকৰাকৈ চেপেটা শিলবোৰ এটাৰ ওপৰত আন এটাৰ ওপৰত লিপিত খুৱাই ৰখা হৈছিল। এনেদৰে নিৰ্মাণ কৰা প্ৰাচীৰৰ বেৰ মাজে মাজে কিছুমান শক্তিশালী প্রৱেশদ্বাৰ ৰখা হৈছিল।

ৰাজ্যখন সুৰক্ষিত কৰি ৰখাৰ কাৰণে খুব সম্ভৱ দুৰ্গবোৰ নির্মাণ হৈছিল। কাৰণ কোনো বৈদেশিক আক্ৰমণৰ মাজত শত্রুপক্ষৰ সৈন্যসকলক এনে দুৰ্গৰ ভিতৰত আবদ্ধ কৰি ৰাখি দুর্বল কৰি পেলোৱা হৈছিল। কোনো দীঘলীয়া যুদ্ধৰ সময়ত যাতে খাদ্যৰ অভাৱ নহয়- তাৰবাবে এই দুৰ্গৰ ভিতৰত কৃষিভূমি আৰু খাদ্যসামগ্ৰীৰ ভঁড়ালবোৰ ৰখা হৈছিল বুলি অনুমান কৰা হয়।


জ) চুফী পৰম্পৰাৰ ইতিহাস পুনঃ নির্মাণৰ সমলসমূহৰ বিষয়ে এটি টোকা লিখা। 

উত্তৰঃ- বিভিন্ন মূৰ্ত্তি, ভাস্কৰ্য্য আদিয়ে সেই যুগৰ ইতিহাসৰ ভাল সাক্ষ্য দিয়ে। সেই সময়ৰ চিন্তাধাৰা, লোক বিশ্বাস আৰু সেইবোৰ মানুহে কি ধৰণে ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকৰ নিত্য ব্যৱহাৰ্য্য সামগ্রী আদিয়ে ধর্মীয় ৰীতি নীতিত সহায় কৰিছিল। ইয়াৰ বাহিৰেও বিভিন্ন বিষয়ৰ ওপৰত যুগুতোৱা লিখনি আদিয়ো ইয়াৰ বহু সাক্ষ্য দিছিল। কিয়নো সেইবোৰ বিভিন্ন ভাষা আৰু বিভিন্ন উপাদানত সন্নিবিষ্ট কৰি ৰখা হৈছিল। আজিৰ সমাজে সেইবোৰক ভালকৈ চালি জাৰি চাই তাত নতুন সম্ভেদ পাইছে। বুদ্ধিদীপ্ত ইতিহাসবিদে তাৰ পৰাই নিজৰ প্রয়োজনীয় সমলবোৰ বাছি উলিয়াই লয়। কিছুমান ব্যক্তিয়ে নিজৰ আভিজ্ঞতাৰ পৰাই হওক বা অন্যান্য লোকৰ পৰা শুনিয়েই হওক তাক নিজৰ কামত লগাকৈ ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ বিশ্লেষণ বা পুনৰ বিশ্লেষণ কৰি নিজৰ নিজৰ মতামত আগবঢ়াব পাৰে।


ঝ) মহান আৰু লঘু পৰম্পৰা দুটাৰ নামাকৰণ কোনে আৰু কিয় কৰিছিল? মহান আৰু লঘু পৰম্পৰা দুটাই কি বুজায়?

উত্তৰঃ- সমাজশাস্ত্রবিদ ৰবাৰ্ট ৰেডক্লিফে বাৰ শতিকাৰ এখন কৃষক সমাজৰ সাংস্কৃতিক আচৰণৰ বৰ্ণনা দিবলৈ গৈ 'মহান' আৰু 'লঘু' পৰম্পৰা নামৰ দুটা ধাৰণাৰ সৃষ্টি কৰিছিল।

কৃষকসকলে সমাজৰ প্ৰভূত্বশালী শ্রেণী যেনে – পুৰোহিত আৰু শাসক সকলে পালন কৰা কমকাণ্ড পদধিতিতিক 'মহান' পৰম্পৰাক বুজাইছিল। আনহাতে, প্ৰভাৱশালী লোকসকলে পালন নকৰা যিবিলাক পৰম্পৰা কৃষকসকলে পালন কৰিছিল সেই পৰম্পৰাক 'লঘু' পৰম্পৰা বুলি বুজাইছিল। অৱশ্যে সময়ৰ লগে লগে এই দুয়োটা পম্পৰাৰ পৰিৱর্তনো ৰেডক্লিফে লক্ষ্য কৰিছিল।


ঞ) মোগল যুগত জমিদাৰসকলৰ ভূমিকা সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ- জমীদাৰসকলৰ আয়ৰ উৎস কৃষি অফিল যদিও প্রত্যক্ষভাৱে কিন্তু এওঁলোক কৃষিৰ লগত জড়িত নাছিল। অজস্র ভূমি-সম্পত্তি আৰু ক্ষমতাৰ অধিকাৰী এই জমিদাৰসকলে সমাজত উচ্চ আসন লাভ কৰাৰ লগতে কিছুমান সামাজিক আৰু আর্থিক সা-সুবিধাও লাভ কৰিছিল। জমিদাৰসকলৰ উচ্চ আসন লাভ কৰাৰ এটা কাৰণ আছিল জাতি আৰু আনটো হ'ল তেওঁলোকে ৰাজ্যলৈ আগবঢ়োৱা কিছু সেৱা (খিদমত)।

জমিদাৰসকলৰ ক্ষমতাৰ উৎস আছিল তেওঁলোকৰ বিস্তৃত পৰিমাণৰ ব্যক্তিগত ভূমি, যাক মিল্কিয়ত বা সম্পত্তি বুলি কোৱা হৈছিল। মিল্কিয়ত ভূমিত তেওঁলোকৰ নিজৰ বাবে খেতি কৰা হৈছিল আৰু খেতি পথাৰত ভাৰাতীয়া বা গোলাম (বন্ধুৱা) শ্রমিকে কাম কৰিছিল। জমিদাৰসকলে তেওঁলোকৰ ভূমি সম্পত্তি নিজ ইচ্ছামতে কিনা-বেচা, বন্ধকত দিয়া বা আনৰ নামত হস্তান্তৰ কৰিবও পাৰিছিল।

ৰাজ্যৰ হৈ কৰ সংগ্ৰহ কৰাৰ অধিকাৰ প্ৰাপ্ত জমিদাৰসকলে বিত্তীয় ক্ষমতাও লাভ কৰিছিল। সৈনিসসকলৰ ওপৰত থকা অধিকাৰেও তেওঁলোকৰ ক্ষমতা বৃদ্ধিত সহায় কৰিছিল। বেছিভাগ জমিদাৰৰে অশ্বাৰোহী, অস্ত্ৰাধাৰী আৰু পদাতিক সৈন্যৰ একোটা গোটৰ সৈতে নিজস্ব দুৰ্গ আছিল।

সমসাময়িক তথ্যসমূহে কিছুমান জমিদাৰৰ উৎপত্তিৰ কাৰণ হিচাপে যুদ্ধ জয় বুলি ধাৰণা কৰিছে। শক্তিশালী সৈনিক চৰ্দাৰৰ দ্বাৰা দুখীয়া লোকসকলৰ ভূমি বেদখল কৰি জমিদাৰসকলে তেওঁলোকৰ পৰিসৰ বৃদ্ধি কৰিছিল। কিন্তু ৰাজ্য প্ৰশাসনৰ দ্বাৰা জমিদাৰক এনেকুৱা আক্ৰমণাত্মক নীতিৰ অনুমতি দিয়াৰ সম্বাৱনা খুবেই কম আছিল।

সমসাময়িক তথ্যসমূহত উল্লেখ থকা আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল জমিদাৰী ব্যৱস্থাৰ সুদৃঢ় কৰণৰ বাবে চলা মন্থৰ প্ৰক্ৰিয়া। এই সুদৃঢ়কৰণ প্ৰক্ৰিয়াটো কেইবা প্ৰকাৰে কৰা হৈছিল। যেনে নতুনকৈ পাম খোলা, স্বত্বাধিকাৰী হস্তান্তৰকৰণৰ যোগেদি, ৰাজ্যৰ আদেশ অনুযায়ী বা ক্ৰয়ৰ যোগেদি। প্ৰকৃততে এই ব্যৱস্থাৰ জৰিয়তে অপেক্ষাকৃতভাৱে 'নিম্ন' জাতিৰ লোকসকলকো জমিদাৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত হোৱাৰ সুবিধা দিয়া হৈছিল।

আন কিছুমান কাৰণ মিলি পৰিয়াল বা বংশ মৰ্য্যাদাৰ ওপৰত আধাৰিত জমিদাৰীয়েও নিজৰ স্থিতি সুদৃঢ়কৰণৰ সুবিধা পাইছিল। উদাহৰণ স্বৰূপে ৰাজপুত আৰু জাট সকলে এই ধৰণৰ ৰণনীতিৰে উত্তৰ ভাৰতৰ বৃহৎ বৃহৎ অঞ্চলত নিজৰ স্থিতি সুদৃঢ় কৰি লৈছিল। একেদৰে মধ্য আৰু দক্ষিণ-পশ্চিম বংগৰ কৃষি আৰু পশুপালক (সদগোপ)সকলৰ মাজতো শক্তিশালী জমিদাৰ শ্ৰেণীৰ সৃষ্টি হৈছিল।

জমিদাৰসকলে কৃষি উপযোগী ভূমি অধিগ্ৰহণত সদায় আগ ভাগ লৈছিল। বহু সময়ত কৃষি শ্রমিক সকলক খেতিৰ সা-সঁজুলি আৰু ঋণ দি কৃষি উপযোগী ভূমিত সংস্থাপন কৰিছিল। জমিদাৰী কিনা-বেচা প্রক্রিয়াই গাঁওসমূহত মুদ্ৰাৰ প্ৰচলন খৰতকীয়া কৰি তুলিছিল। ইয়াৰ উপৰিও জমিদাৰে নিজৰ মিল্কিয়তৰ উৎপাদিত শস্য বিক্ৰী কৰিছিল আৰু বজাৰ স্থাপন কৰি কৃষকসকলৰ উৎপাদিত শস্য ক্রয়-বিক্ৰয়ৰ সুবিধা কৰি দিছিল।

এইটো সত্য যে জমিদাৰসকল শোষক শ্ৰেণীৰ প্ৰতিনিধি আছিল। কিন্তু সময়ে সময়ে কৃষকসকলৰ প্ৰতি তেওঁলোকে পাৰম্পৰিক সহৃদয়তা, পৈতৃক স্নেহ আৰু পৃষ্ঠপোষকতা আগবঢ়াইছিল। দুটা তথ্যই এই কথা ভালদৰে বুজাত সহায় কৰে। প্ৰথমতে চুফী সন্তসকলে জাতিভেদ প্রথা আৰু অত্যাচাৰীসকলক নিন্দা কৰিছিল, কিন্তু এই চুফী সন্তসকলে জমিদাৰসকলক শোষক আৰু অত্যাচাৰী বুলি উল্লেখ নাই। দ্বিতীয়তে ১৭শ শতিকাৰ কৃষকসকলে ৰাজ্য আৰু সম্ৰাটৰ বিৰুদ্ধে যি কৃষক বিদ্ৰোহ কৰিছিল, সেইবোৰলৈ জমিদাৰসকলে সহায়ৰ হাত আগবঢ়াইছিল।


ট) পাহাৰীয়াসকলে জীৱন নির্বাহৰ বাবে অৰণ্যবোৰ কেনেদৰে ব্যহহাৰ কৰিছিল? 

উত্তৰঃ- 


ঠ) ঊনবিংশ শতিকাত বৃটিছসকলক কি কি বিবেচনাই ভাৰত নগৰ পৰিকল্পনাত প্ৰভাৱ পেলাইছিল?

উত্তৰঃ- 


ঢ) ভাৰতীয় সকলে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচী কেনেকৈ ৰূপায়িত কৰিছিল?

উত্তৰঃ-


ণ) চিৰস্থায়ী বন্দোৱস্ত কি আছিল? জমিদাৰ সকল নির্ধাৰিত খাজনা জমা দিয়াত কিয় ব্যর্থ হৈছিল?

উত্তৰঃ- লর্ড কর্ণৱালিচৰ আগলৈ ভাৰতত ইংৰাজ সকলে মাটিৰ খাজনা আদায়ৰ ক্ষেত্ৰত কোনো সুসংহত নিয়ম বা ব্যৱস্থা নাছিল। ইয়াৰ ফলত ভূমিৰাজহ প্রশাসনৰ ক্ষেত্ৰত বিফলতাই দেখা দিছিল। সেয়ে খাজনা আদাৰ ক্ষেত্ৰত এটি সুসংহত নীতি উদ্ভাৱনৰ কাৰণে লর্ড কর্ণৱালিছে ১৭৯৩ খৃঃৰ ২২ মার্চ তাৰিখে জমিদাৰ সকলৰ লগত ৩২ বছৰৰ কাৰণে এটি মাটিৰ বন্দোবস্তি নিয়ম প্রযোজ্য কৰে। এই ব্যৱস্থাকে চিৰস্থায়ী বন্দোবত্ত বুলি জনা যায়।

জমিদাৰসকলে নির্ধাৰিত সময়ত খাজনা দিয়াত ব্যর্থ হোৱাৰ কাৰণবোৰ হ'ল—

ক) জমিদাৰ সকলে মাটিৰ উন্নতিৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাছিল। ফলত তেওঁলোকে কৃষকৰ পৰা নির্ধাৰিত পৰিমাণৰ কৰ সংগ্ৰহ কৰাত ব্যৰ্থ হৈছিল।

খ) আগতে ভবা মতে কৃষকৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নহ'ল। ফলত তেওঁলোকে জমিদাৰক নির্ধাৰিত পৰিমাণৰ খাজনা দিবলৈ সময় নহ'ল।

গ) এনে অৱস্থাৰ ফলত জমিদাৰে চৰকাৰক ঋণ পৰিশোধ কৰাত ব্যৰ্থ হৈছিল। ফলত বহুতো জমিদাৰে তেওঁলোকৰ জমিদাৰিত্ব হেৰুৱাব লগা হৈছিল। 


ত) মৌলিক উৎস বুলিলে কি বুজা? ভাৰত বিভাজন বুৰঞ্জী প্রণয়ত মৌলিক উৎসই কেনেদৰে সহায় কৰে?

উত্তৰঃ- 


থ) মোগল ৰাজপৰিয়ালত মহিলাসকলৰ ভূমিকা সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ- 


4. তলৰ পাঠাংশবোৰ ভালদৰে পঢ়া আৰু প্ৰশ্নৰোৰৰ উত্তৰ দিয়া। ৬x৩=১৮ 

ক) পুৰুষ আৰু মহিলাই কিদৰে সম্পত্তি আহৰণ কৰিব পাৰে।

মনুস্মৃতিয়ে পুৰুষসকলৰ উপাৰ্জনৰ ক্ষেত্ৰত মুঠতে যি সাতটা উপায় ঘোষণা কৰিছে সেইকেইটা হ'ল - উত্ৰাধিকাৰী সূত্রে, বিচাৰি তথা অনুসন্ধান কৰি উলিওৱা, ক্রয়, বিজয়, কোনো কামত ধন খটুৱা, কর্ম আৰু সজনৰ পৰা উপহাৰ গ্রহণ।

নাৰীৰ ক্ষেত্ৰত এনে মুঠ ছয়টা উপায়ৰ অন্যতম হ'ল : (বিবাহৰ সময়ত) অগ্নিক সাক্ষী কৰি আগবঢ়োৱা সম্পদ, শোভাযাত্রা কৰি কইনা অনাৰ সময়ত নাবা মৰমচেনেহৰে দিয়া বিভিন্ন উপহাৰ, পিতৃ-মাতৃ আৰু ভাতৃৰ পৰা প্রাপ্ত ধন-সোণ আদি, ইয়াৰ উপৰি (বিবাহৰ পাচত) প্রাপ্ত উপহাৰ আৰু 'মৰমিয়াল' স্বামীয়ে যি দিয়ে সকলোবোৰ নাৰীৰ সম্পদ বুলি ধৰা হয়।

    প্রশ্নসমূহঃ- 

ক) পুৰুষ আৰু নাৰীয়ে কি কি উপায়েৰে সম্পদ আহৰণ কৰিব পাৰিছিল? 4

উত্তৰঃ-  (i) পুৰুষসকলে সম্পত্তি আহৰণ কৰাৰ উপায়বোৰ আছিল (খ) উত্তৰাধিকাৰী সূত্রে, বিচাৰ তথা অনুসন্ধান কৰি উলিওৱা (গ) ক্রয় (ঘ) বিক্রয় (ঙ) কোনো কার্যত ধন প্রয়োগ কৰি আৰু (চ) আত্মীয় সজ্জনৰ পৰা উপহাৰ গ্ৰহণৰ যোগেদি।

(ii) মহিলা সকলে সম্পত্তি আহৰণৰ উপায়বোৰ হ'ল — (ক) অগ্নিক সাক্ষী কৰি আগবঢ়োৱা সম্পদ (খ) মৰম-চেনেহৰ মাজেৰে পোৱা বা আগবঢ়োৱা সম্পদ (গ) পিতৃ-মাতৃ আৰু ভাতৃৰ পৰা পোৱা ধন-সোণ (ঘ) বিবাহৰ পিছত পোৱা সম্পদ (ঙ) স্বামীৰ পোৱা উপহাৰ।


খ) সম্পদ আহৰণৰ উপায়বোৰে পুৰুষ আৰু মহিলাক পৃথক কৰিছে বুলি তুমি ভাবানে? যদি ভাবা, কেনেকৈ? 2

উত্তৰঃ- সমাজ ব্যৱস্থা চলি আছে সেই সময়ৰ সামাজিক ব্যৱস্থা আৰু নিয়ম অনুসৰি। সেয়ে, সেই সময়ত চলি থকা প্রচলিত নিয়ম মতে পুৰুষ আৰু মহিলাৰ মাজত পৃথক নীতি প্রযোজ্য হোৱা বুলি নিশ্চয় ধৰি ল'ব নোৱাৰি। অৱশ্যে বর্তমান সমাজ ব্যৱস্থা অনসৰি এনে নীতি সমাজত প্ৰচলিত হৈ অহা নাই। 


খ) ভাষা আৰু লিপিঃ

  উত্তৰঃ-  অশোকৰ সৰহভাগ লিপিৰ ভাষা প্রাকৃত যদিও উপ-মহাদেশখনৰ উত্তৰ-পশ্চিমৰ লিপিৰ ভাষা আছিল আৰামিক আৰু গ্ৰীক। আৰামিক হ'ল প্রাচীন বেবিলনীয় সাম্রাজ্যত বহুলভাৱে প্ৰচলিত ভাষা। অধিকসংখ্যক আকৃত লিপি ব্রাহ্মী আখৰেৰে লিখা হৈছিল যদিও উত্তৰ-পশ্চিমাঞ্চলত খৰোষ্ঠী আখৰো ব্যৱহৃত হৈছিল। আফগানিস্তানৰ লিপিসমূহত আৰামিক আৰু গ্ৰীক আখৰ দেখা গৈছিল।

ক) লিপি ইতিহাসৰ কি সমল অন্তর্ভুক্ত? 

উত্তৰঃ- ক) লিপি ইতিহাসৰ প্রত্নতাত্বিক সমলৰ অন্তর্ভুক্ত।

খ) অশোকৰ লিপিসমূহ কি কি ভাষাত লিখা হৈছিল? 

উত্তৰঃ- খ) অশােকৰ প্ৰায়বোৰ লিপিৰ ভাষা আছিল প্রাকৃত।

গ) অশোকৰ লিপিসমূহত কি কি আখৰ ব্যৱহৃত হৈছিল? 

উত্তৰঃ- গ) অশোকৰ অধিক সংখ্যক লিপিত ব্রাহ্মী আখৰেৰে লিখা হৈছিল। অৱশ্যে পশ্চিম অঞ্চলত খৰোষ্ঠী আখৰো ব্যৱহৃত হৈছিল। আনহাতে আফগানিস্থানৰ লিপি সমূহত আৰামিক আৰু গ্ৰীক আখৰ ব্যৱহাৰ কৰা দেখা গৈছিল।


গ) ভূমিৰ খাজনা : টকা নে শস্যৰ মাধ্যমত : ভূমি ৰাজহ সংগ্ৰহৰ বিষয়ে আইইআকবৰী : 

আমিল গুজাৰসকলক অকল টকা মাধ্যমতেই খাজনা সংগহ নকৰ লগতে শস্যৰ মাধ্যমতো খাজনা সংগ্রহ কৰাৰ ব্যৱস্থাটো চালু ৰাখিবলৈ কোৱা হৈছে। পিচৰ বিধ খজনা বিভিন্ন উপায়েৰে সংগ্ৰহ কৰা হৈছিল। প্রথমতে, কানকুত, হিন্দীত কানৰ অর্থ শস্য আৰু কৃতৰ অর্থ পৰিমাণ নিৰূপণ কৰা... এই ক্ষেত্ৰত কিবা সন্দেহৰ অৱকাশ থাকিলে শস্য চপাই তাক তিনিটা ভাগত ভাগ কৰা হয়— ভাল, মধ্যম আৰু নিকৃষ্ট। এই বিভাজনৰ দ্বাৰা সন্দেহ দূৰ কৰা হয়। মাজে মাজে আকৌ ভূমিৰ বেছ বা মূল্য নিৰূপণ কৰিও সেইটো কৰা হয়, সেই ব্যৱস্থাই সঠিক খাজনা পোৱাত সহায় কৰে। দ্বিতীয়টো হ'ল বাতাই বা ভাওলী, শস্য চপোৱাৰ পিছত সেইবোৰ মজুত কৰি ৰাখি তাক চুক্তি সর্তে অংশীদাৰৰ মাজত তেওঁলোকৰ উপস্থিতিতে ভাগ কৰা হয়। সেই ক্ষেত্ৰত অৱশ্যে সেইবাজনো চতুৰ পৰিদৰ্শকৰ প্ৰয়োজন হয়। অন্যথা অসৎ প্রবৃত্তিৰ আৰু ভুপা লোকে প্রাতৰণা কৰাৰ অৱকাশ থাকে। তৃতীয়তে, খেত বাতাই, ইয়াত। শস্যৰ বীজ সিচাৰ পিচত শস্য ক্ষেত্ৰত বিভাজন কৰা হয়। চতুর্থত, লাং-বাতাই, ইয়াত শস্য কটাৰ পাচত দম কৰি থয় তাৰ পিছত তেওঁলোকৰ মাজত ভাগ কৰি লয়। তেনেদৰে ভাগ বটোৱাৰা কৰাৰ পিছত প্ৰতিজনে নিজৰ অংশটো লাভ ৰূপে ঘৰলৈ নিয়ে।

ক) আমিল-গুজাৰসকলি কোন?

উত্তৰঃ- আমিল গুজাৰসকল ৰাজহ অধিকাৰী আছিল।

খ) ভূমি ৰাজহ কি মাধ্যমত সংগ্রহ কৰা হৈছিল?

উত্তৰঃ- ভূমি ৰাজহ কানকুট বা আদামকে সংগ্রহ কৰা হৈছিল।

গ) কি কি পদ্ধতিৰ শস্যৰে ভূমি ৰাজহ সংগ্ৰহ কৰা হৈছিল?

উত্তৰঃ- শস্যক উত্তম, মধ্যম আৰু অধম এই তিনিটা ভাগত ভাগ কৰি ৰাজহ সংগ্রহ কৰা হৈছিল। দ্বিতীয়তে শস্য চপাই একে ঠাইতে গোটাই উভয় পথাৰ অনুসৰি সাপেক্ষে শস্যৰ ৰাজহ সংগ্ৰহ কৰা হৈছিল। শস্য সিঁচাৰ আগতে ভূমি ভাগ কৰিও ৰাজহ সংগ্রহ কৰা হৈছিল। শেষত শস্যৰ মুঠাবোৰ ভাগ কৰি ৰাজহ সংগ্ৰহৰ ব্যৱস্থা কৰিছিল।

অথবা

ঘ) 'বাদচাহ নামাৰ' ভ্ৰমণঃ

মূল্যবান পাণ্ডুলিপি উপাহৰ হিচাপে দান কৰাটো ভোগলকলৰ প্রচলিত কূটনৈতিক পৰম্পৰা আছিল। তাকেই অনুসৰণ কৰি অযোধ্যাৰ নবাবে ইংলেণ্ডৰ ৰজা তৃতীয় জর্জক ১৭৯৯ চনত সচিত্র বাদছাহ নামাখন উপহাৰ দিছিল। তেতিয়াৰে পৰা সেইখন ইংলেণ্ডৰ ৰাজকীয় সংগ্রহালয়ত, বর্তমান ইউণ্ডছেৰ ৰাজপ্রাসদত, সংৰক্ষিত কৰি ৰখা হৈছে। ১৯৯৪ চনত সংৰক্ষম কার্যৰ বাবে বন্ধোৱা পাণ্ডুলিপিবিলাক পৃথক কৰাৰ প্রয়োজন হৈছিল। সেইটো কৰোতে তাত সন্নিৱিষ্ট কৰা চিত্ৰবোৰ প্ৰদৰ্শন কৰাৰ বাবে সম্ভৱ হৈ পৰিছিল। আৰু পোন প্রথমবাৰৰ বাবে ১৯৯৭ চনত বাদছাহ নামাৰ চিত্ৰবোৰ নতুন দিল্লী, লণ্ডন আৰু ৱাশিংটনত পতা প্রদর্শনীত প্রদর্শন কৰা হৈছিল।

ক) 'বাদছাহ নাম' কোনে আৰু কিয় লিখিছিল?     ২

উত্তৰঃ- ক) আবুল হামিদ লাহিৰীয়ে আকবৰৰ শাসনকালৰ ইতিহাস উল্লেখ কৰি বাদছাহ নামাখন লিখি উলিয়াইছিল। তিনিটা অধ্যায়ত লিপিবদ্ধ কৰা বাদছাহ নামা আছিল এখন চৰকাৰী ইতিহাস।

খ) ১৭৯৯ চনত কোনে, কাক আৰু কিয় 'বাদছাহ নামা' উপহাৰ দিছিল?

উত্তৰঃ- ১৭৯৯ খৃঃত অযোধ্যাৰ নবাবে সচিত্র বাদছাহ নামা গ্রন্থখন ইংলেণ্ডৰ সম্রাট দৃতীয় জর্জক উপহাৰ হিচাপে দিছিল।

গ) বাদছাহ নামাৰ চিত্ৰবোৰ ক'ত ক'ত প্রদর্শিত হৈছিল?

উত্তৰঃ- ১৯৯৭ চনৰ প্ৰথমবাৰৰ বাবে বাদছাহ নামৰ চিত্ৰ সমূহ দিল্লী, লণ্ডন আৰু ৱাশিংটনত পতা প্রদর্শনীত প্রদর্শন কৰা হৈছিল।


ঙ) প্রকৃত সংখ্যলঘুসকল এইখন দেশৰ জনসাধাৰণ :

জৱাহলাল নেহৰুৱে উত্থাপন কৰা উদ্দেশ্যমূলক প্ৰস্তাৱটোক আদৰণি জনাই এন জি ৰাঙ্গাই কৈছিল। 

-'ছাৰ, সংখ্যালঘুৰ বিষয়ে বহুতো কথা-বতৰা হ'ল। প্রকৃত সংখ্যালঘু কোন? তথাকথিত পাকিস্তান প্রদেশৰ হিন্দুসকল, শিখসকল আনকি মুছলিমসকলো নহয়, প্রকৃত সংখ্যালঘুসকল হ'ল দেশখনৰ জনসাধাৰণ। এই মানুহখিনি এতিয়ালৈকে অৱহেলিত আৰু নিষ্পেষিত আৰু অদনমিত লোক। সেইবাবে সাধাৰণ সামাজিক অধিকাৰ সুবিধাখিনিও গ্ৰহণ কৰিবলৈ সমৰ্থ নহয়, অৱস্থাটো কেনেকুৱা? তুমি জনজাতি অঞ্চললৈ যোৱা- আইনমতে, তেওঁলোকে নিজ পৰম্পৰাগত নিয়ম-কানুন, তেওঁলোকৰ জনজাতীয় আইনমতে, তেওঁলোকৰ মাটি তেওঁলোকৰ পৰা বিচ্ছিন্ন কৰি নিব নোৱাৰে। তথাপি আমাৰ সদাগৰসকল এই জনজাতি এলেকাসমূহলৈ গৈ মুকলি বজাৰৰ নামত তেওঁলোকৰ মাটি কাঢ়ি লয়। এই দৰে যদিও তেওঁলোকৰ মাটি কাঢ়ি লোৱাটো আহ্ন বিৰোধী, তথাপিও বেপাৰীসকলে জনজাতীয় লোকসকলক বিভিন্ন প্ৰকাৰৰ চুক্তিপত্ৰৰ যোগেদি বেলেগ বেলেগ ধৰণৰ দাসহিচাপে ব্যৱহাৰ কৰি আছে, আৰু এইটো বংশানুক্রমে চুক্তিবদ্ধ দাসত্বলৈ ৰূপান্তৰিত কৰিছে৷ এতিয়া আমি সাধাৰণ গাঁওবাসীৰ ওচৰলৈ যাও- তালৈ টকা ধাৰে দিয়া লোকসকলে জেপত টকা লৈ যায় আৰু গাঁওবাসীকলক তেওঁলোকৰ জেপৰ ভিতৰত ৰাখিবলৈ সক্ষম হয়। তাত স্বয়ম্ভু মাটিৰ মালিক, জমিদাৰ আৰু মালগুজাৰৰ লগতে বেলেগে বেলেগ প্রকাৰৰ লোকসকল আছে, যিসকলে এই দুখীয়া গাঁওবাসীক শোষণ কৰিবলৈ সমৰ্থ হৈছে। তাতে এই মানুহবিলাকৰ আনকি প্রাথমিক শিক্ষাও নাই। এওঁলোকেই প্রকৃত সংখ্যালঘু যিসকলক সুৰক্ষা আৰু সুৰক্ষাৰ বাবে আশ্বাসৰ দৰকাৰ তেওলোক আৱশ্যকীয় সুৰক্ষা দিবৰ কাৰণে আমাৰ এই প্ৰস্তাৱটোতকৈ বহুদ বেছি কর্মপন্থাৰ দৰকাৰ।

প্রশ্নসমুহঃ- 

ক) এন জি ৰাংগাৰ মতে প্রকৃত সংখ্যালঘু কোন?

উত্তৰঃ- এন জি ৰাংগাৰ মতে দেশখনৰ জনজাতিয়েই হ'ল প্রকৃত সংখ্যালঘু।

খ) তেওঁলোক কিয় প্রকৃত সংখ্যালঘু?

উত্তৰঃ- তেওঁৰ মতে এইলোকসকল সংখ্যালঘু বুলি কোৱাৰ কাৰণ হ'ল (ক) এই লোকসকল অৱহেলিত, নিষ্পেষিত আৰু অৱদমিন লোক। (খ) তেওঁলোকৰ সকলো অধিকাৰ থকা সত্ত্বেও মহাযান বা সদাগৰসকলে এই লোকসকলকৰ ভূমি অধিগ্রহণ কৰি আহিছে। (গ) ইয়াৰ ফলত এই লোকসকল দাসদ্বলৈ অৱনমিত হৈছে।

গ) তেওঁলোকক কিয় সুৰক্ষাৰ প্রয়োজন?

উত্তৰঃ- এন জি ৰাঙ্গাৰাজনৰৰ মতে তেওঁলোকক সুৰক্ষা দিব লাগে। কাৰণ - (ক) এই লোকসকলৰ সমাজৰ কোনো নিৰাপত্তা আৰু ব্যক্তি স্বাধীনতা নাছিল। (খ) মাটিৰ মালিক বা ধনীক শ্ৰেণীৰ দ্বাৰা তেওঁলোক শোষিত হৈ আহিছে। (গ) আটাইতকৈ উল্লেখযোগ্য যে এই লোকসকলৰ বেছিভাগেই হ'ল অশিক্ষিত লোক। এনে অৱস্থাত তেওঁলোকক চৰকাৰৰ ফালৰ পৰা সুৰক্ষা প্রদান কৰি তেওঁলোকক প্রকৃত নাগৰিক হিচাপে বাস কৰাৰ সুবিধা দিয়াৰ খুবেই প্রয়োজন।


অথবা 

চ) অষ্টাদশ শতিকাৰ মাজভাগৰপৰা পৰিৱৰ্তনৰ এটা নতুন পর্যায় আৰম্ভ হৈছিল। ব্যৱসায় বাণিজ্য অন্যান্য ঠাইলৈ স্থানান্তৰিত হোৱাত সপ্তদশ শতিকাত গঢ়ি উঠা চুৰাট, মুছলিপটনম আৰু ঢাকাৰ দৰে বাণিজ্যিক কেন্দ্রসমূহৰ অৱনতি ঘটিল। ১৭৫৭ চনৰ পলাশীৰ যুদ্ধৰ পাছপৰা বৃটিছসকলে ক্রমান্বয়ে ৰাজনৈতিক নিয়ন্ত্রণ আহৰণ কৰিলে। তদুপৰি ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্যৱসায় বাণিজ্যৰ সম্প্রসাৰণ আৰু বম্বেৰ দৰে উপনিবেশিক বন্দৰ মহানগৰৰ দ্রুত উত্থান ঘটিল, ইহঁত উপনিৱেশিক প্রশাসন আৰু সামৰিক শক্তিৰো কেন্দ্রস্থল হৈ পৰিল। নতুন নতুন ঘৰ-দুৱাৰ আৰু অনুষ্ঠান প্রতিষ্ঠানসমূহ গঢ় লৈ উঠিল আৰু নগৰীয়া অঞ্চলসমূহ নতুন ৰূপত শংখলিত কৰি তোৰা হ'ল। ন ন বৃদ্ধি গঢ়ি উঠিল আৰু উপনিৱেশিক মহানগৰসমূহলৈ দলে দলে মানুহ আগমন ঘটিল। ১৮০০ চন মানলৈ জনসংখ্যাৰ ফালৰ পৰা এইবোৰ ভাৰতৰ বৃহত্তম মহানগৰত পৰিণত হ'ল।

প্রশ্নসমূহঃ- 

ক) সপ্তদশ শতিকাৰ গঢ়ি উঠা বাণিজ্যিক কেন্দ্রসমূহৰ কিয় অৱনতি ঘটছিল?

উত্তৰ- ক) ব্যৱসায় বাণিজ্য অন্যান্য ঠাইলৈ স্থান্তৰিত হোৱাৰ ফলত সপ্তদশ শতিকাত গঢ় লৈ উঠা বাণিজ্যিক কেন্দ্র সমূহৰ অৱনতি ঘটিছিল।

খ) নতুন অর্থনৈতিক ৰাজধানীসমূহৰ উত্থানৰ কাৰণবোৰ কি কি আছিল?

উত্তৰঃ- ১৭৫৭ চনৰ পলাচী যুদ্ধৰ পিছত ইংৰাজে ভাৰতত ৰাজনৈতিক অধিকাৰ লাভ কৰাৰ ফলত কোম্পানীৰ ব্যৱসায় বাণিজ্যিৰ সম্প্ৰসাৰণ ঘটিল। ইয়াৰ লগে লগে অর্থনৈতিক ৰাজধানী ৰূপে মাদ্রাজ (চেন্নাই), কলিকতা (কলকাতা) আৰু বোম্বে (মুম্বাই) উত্থান ঘটিল।

গ) নতুনকৈ গঢ় লৈ উঠা মহানগৰসমহৰ বৈশিষ্ট্যবোৰ কি কি আছিল?     

উত্তৰঃ-  এই নগৰসমূহৰ প্রধান বৈশিষ্ট্যবোৰ হ'ল – (ক) নতুন নতুন ঘৰ-দুৱাৰৰ সৃষ্টি হ'ল। (খ) নতুন নতুন প্রতিষ্ঠানৰ জন্ম হয়। (গ) ফলত এই নগৰ সমূহলৈ জনস্রোত আৰম্ভ হয়। (ঘ) ফলত এই নগৰবোৰ অত্যধিক জনসংখ্যাৰ ঠাইৰূপে পৰিগণিত হয়।


ছ) ভাৰতবৰ্ষৰ এখন মেপ আঁকি তলত দিয়া ঠাইসমূহ চিহ্নিত কৰাঃ- গুৱাহাটী, দিল্লী আৰু কলকতা।

উত্তৰঃ-



অথবা 

জ) ভাৰতবৰ্ষৰ এখন মেপ আঁকি যিকোনো তিখিন মহাযান পদৰ স্থান নির্ণয় কৰা।

উত্তৰঃ-


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. CLASS 12 HISTORY CHAPTER 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 REVOLT & ITS REPRESENTATIONS


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »

1 Comments:

Click here for Comments
Unknown
admin
March 3, 2023 at 10:26 AM ×

Thank you sir.this questions help us our history exam.

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar