-->

Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

AHSEC Solution for Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution. All the important questions answers are discussed in this article.

ভাৰতীয় সংবিধান সংকলন

Framing the constitution


Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution has been discussed in systematic way. There are approximately important 58 questions answers in this article.

1. ১৮৮৫ চনত লাভ কৰা ভাৰতৰত প্ৰথমটো সৰ্বভাৰতীয় জাতীয় অনুষ্ঠানৰ নাম লিখা।

উত্তৰঃ- ভাৰতীয় জাতীয় কংগ্ৰেছ।


2. ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত জন্ম হৈছিল? 

উত্তৰঃ- ১৮৮৫ চনত। 


3. ভাৰতীয় জাতীয় কংগ্ৰেছ জন্মত আগভাগ কোনে লৈছিল?

উত্তৰঃ- এলান অক্টোভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত বৃটিছ বিষয়াই।


4. ইংলেণ্ডৰ কোনটো ৰাজনৈতিক দল ভাৰতীয় ৰাজনৈতিক সমস্যাৰ প্রতি সহানুভূতিশীল আছিল?

বা

ইংলেণ্ডৰ কোনটো ৰাজনৈতিক দল ভাৰতৰ সমস্যাৰ প্ৰতি সহানুভূতি আছিল?

উত্তৰঃ- বনুৱা দল (Labour Party)


5. তোমাৰ পাঠ্যপুথিত উল্লেখ থকা ইংলেণ্ডৰ বনুৱা দল (Labour Party)ৰ প্ৰধানমন্ত্ৰীজনৰ নাম লিখা।

উত্তৰঃ- লৰ্ড এট্‌লী


6. ভাৰতক স্বাধীনতা প্রদানত আগভাগ লোৱা ইংলেণ্ডৰ প্রধানমন্ত্রীজন কোন আছিল?

উত্তৰঃ- ক্লিমেন্ট এটলি (বনুৱা দল / Labour Party)


7. ১৯১৯ চনৰ কোনখন আইনে দ্বিসদনযুক্ত বিধানমণ্ডলৰ ব্যৱস্থা কৰিছিল?

উত্তৰঃ- মণ্টেগু চেমচ ফৰ্ড আইনে।


8. ভাৰতৰ সংবিধান সভাৰ সদস্যৰ মুঠ সংখ্যা কিমান আছিল?

উত্তৰঃ- ৩৮৯ জন। 


9. সংবিধান খচৰা সমিতিৰ সভাপতিজনৰ নাম লিখা।

উত্তৰঃ- ড° ভীমৰাও আম্বেদকাৰ


10. পৃথক ভোটাধিকাৰৰ সপক্ষে এটা যুক্তি দাঙি ধৰা।

উত্তৰঃ- ভাৰতৰ বিভিন্ন ক্ষুদ্ৰ জাতিসত্বাৰ বাবে ই উপযোগী।


11. জয়পাল সিং কোন জনগোষ্ঠীৰ লোক আছিল?

উত্তৰঃ- আদিবাসী প্ৰতিনিধি আছিল।


11. আৰ. ভি. ধুলেকাৰ কোন আছিল?

উত্তৰঃ- ইউনাইটেড প্ৰদেশৰ কংগ্ৰেছী সদস্য আছিল।


13. নিৰ্দেশাত্মক নীতি ভাৰতীয় সংবিধানৰ কোন অধ্যায়ত সন্নিৱিষ্ট আছে?

উত্তৰঃ- চতুৰ্থ অধ্যায়ত।


14. ভাৰতীয় সংবিধানে কিয় এক নাগৰিকত্বৰহে ব্যৱস্থা ৰাখে?

উত্তৰঃ- ভাৰতৰ ঐক্য আৰু সংহতিৰ কাৰণে। 


15. ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কোনটো গুৰুত্বপূৰ্ণ শব্দৰে আৰম্ভ কৰিছে?

উত্তৰঃ- 'আমি ভাৰতীয় সকলো লোকে.......'


16. স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰঃ- ড° ৰাজেন্দ্ৰ প্ৰসাদ।


17. ৰাষ্ট্ৰীয় ভাষা হিচাবে হিন্দুস্থানী ভাষাক কেতিয়াৰ পৰা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় বা উমৈহতীয়া ভাষা হিচাবে গ্রহণ কৰি আহিছিল।

উত্তৰঃ- ১৯৩০ দশকৰ পৰাই। 


18. সংবিধানৰ খচৰা প্ৰস্তাৱ কেতিয়া প্রকাশ পাইছিল?

উত্তৰঃ- ১৯৪৮ চনৰ জানুৱাৰী মাহত। 


19. কোন চনত স্বাধীন ভাৰতৰ প্ৰথমটো নির্বাচন অনুষ্ঠিত হৈছিল? 

উত্তৰঃ- ১৯৫২ চনত। 


20. ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছিল? 

উত্তৰঃ- তৃতীয় অধ্যায়। 


21. পৃথিৱীৰ ভিতৰত দীর্ঘতম সংবিধান হিচাবে কোনখন দেশৰ সংবিধানক স্বীকৃতি দিয়া হৈছে?

উত্তৰঃ- ভাৰতীয় সংবিধান। 


22. স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰীজন কোন আছিল? 

উত্তৰঃ- চৰ্দাৰ বল্লভভাই পেটেল। 


23. ভাৰত স্বাধীনতা লাভ হোৱাৰ সময়ত কিমানখন ৰাজকীয় বা দেশীয় ৰাজ্য আছিল? 

উত্তৰঃ- ৫৬৫ খন। 


24. ভাৰতীয় সংবিধান কোন চনত গ্ৰহণ কৰা হৈছিল? 

উত্তৰঃ- ১৯৪৯ চনৰ ডিচেম্বৰ মাহত। 


25. লর্ড মাউন্টবেটেনে ভাৰতৰ শেষ গভর্ণৰ জেনেৰেল হিচাবে কেতিয়া গ্ৰহণ কৰিছিল? 

উত্তৰঃ- ১৯৪৭ চনৰ ৩ জুন। 

25. ভাৰতত কংগ্ৰেছ আৰু লীগৰ মাজত বুজাপৰাৰে অন্তৱৰ্তী চৰকাৰ গঠন কৰা হৈছিল কেতিয়া? 

উত্তৰঃ- ১৯৪৬ চনৰ ১৬ জুন।


26. ইংলেণ্ডৰ প্ৰধান ৰাজনৈতিক দল দুটাৰ নাম কি আছিল?

উত্তৰঃ- (ক) বনুৱা দল আৰু (খ) সংৰক্ষণশীল দল। 


27. ইংলেণ্ডৰ বনুৱা দলে মন্ত্রীসভা গঠন কৰাৰ আগতে কোন দলে বৃটিছ সংসদত মন্ত্রীসভা গঠন কৰিছিল আৰু দলপতি কোন আছিল? 

উত্তৰঃ- (ক) সংৰক্ষণশীল দলে। (খ) তেওঁৰ নাম আছিল উইনস্টোন চার্চিল।


28. সংবিধান সভাৰ প্ৰথমখন বৈঠক ক'ত আৰু কোন চহৰত অনুষ্ঠিত হৈছিল?

উত্তৰঃ- সংবিধান সভাৰ প্ৰথমখন বৈঠকখন দিল্লীত ১৯৪৬ চনৰ ৯ ডিচেম্বৰ মাহত অনুষ্ঠিত হৈছিল। 


29. কোন চনত আৰু কোনে হিন্দুস্থানী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাবে গ্রহণ কৰিছিল? 

উত্তৰঃ- কংগ্ৰেছ দলে ১৯৩০ চনৰ দশকৰ পৰাই হিন্দুস্থানী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাবে গ্রহণ কৰিছিল।


30. সংবিধান সভাৰ দুগৰাকী মহিলা সদস্যাৰ নাম লিখা। 

উত্তৰঃ- ১। সৰোজিনী নাইডু আৰু ২। বিজয়লক্ষ্মী পণ্ডিত। 


31. ভাৰতৰ প্রথম প্রধানমন্ত্রী হিচাবে কোনে শপত গ্ৰহণ কৰিছিল? আৰু উপ প্রধানমন্ত্রী কোন আছিল? 

উত্তৰঃ- ১। পণ্ডিত জৱাহৰলাল নেহৰু- প্রধানমন্ত্রী।

২। চৰ্দাৰ বল্লভভাই পেটেল- উপ প্রধানমন্ত্রী। 


32. মহাত্মা গান্ধীৰ মৃত্যু সংঘটিত হৈছিল আৰু কোনে তাৰ বাবে দায়ী আছিল?

উত্তৰঃ- নাথুৰাম গডচে নামৰ এজন আততায়ীয়ে নিচেই ওচৰৰ পৰা ৩ জাঁই গুলি মহাত্মাৰ বুকুত নিক্ষেপ কৰিছিল। তাতেই তেওঁৰ মৃত্যু হৈছিল। 


33. সংবিধান সভাৰ দুজন সদস্যই কেন্দ্রীয় চৰকাৰ শক্তিশালী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল— তেওঁলোক দুজন কোন আছিল? 

উত্তৰঃ- (ক) গোপালস্বামী আয়েঙ্গাৰ আৰু

(খ) বালকৃষ শর্মা।


34. প্রস্তাৱনা বুলিলে কি বুজা? ইয়াৰ উদ্দেশ্যবোৰ কি আছিল?  

উত্তৰঃ- প্রস্তাৱনা সংবিধানৰ মূল অংশ নহয়। বৰং ইয়াক সংবিধানৰ বাটচ'ৰা বুলিহে ক'ব পাৰি। 


35. প্রস্তাৱক সংবিধানৰ আত্মা বুলি কিয় কোৱা হয়?  

উত্তৰঃ- সংবিধান এখন ৰাষ্ট্রৰ আর্থ সামাজিক আৰু ৰাজনৈতিক প্রগতিৰ দলিল স্বৰূপ। সংবিধানৰ প্ৰস্তাৱনাই এই প্রগতিৰ মাপকাঠী যিহেতু ই সংবিধানৰ আদর্শগত ভেটি। এই কাৰণেই ইয়াক সংবিধানৰ আত্মা বুলিও অভিহিত কৰা হয়। 


36. সংবিধান সভাৰ ৬ জন সদস্যই সংবিধান ৰচনাত অতি গুৰুত্বপূর্ণ ভূমিকা লৈছিল— তেওঁলোকৰ ভিতৰত ৩ জন কংগ্ৰেছৰ সদস্য আছিল। তেওঁলোক কোন আছিল? 

উত্তৰঃ- ১। জৱাহৰলাল নেহৰু। ২। বল্লভ ভাই পেটেল। ৩। ডঃ ৰাজেন্দ্র প্রসাদ। 


37. গুৰুত্বপূর্ণ ভূমিকা লোৱাৰ পিছত সংবিধান সভাৰ তিনিজন কংগ্ৰেছ সদস্যই স্বাধীন ভাৰতত কি পদবীত অধিষ্ঠিত হৈছিল? 

উত্তৰঃ- (i) জৱাহৰলাল নেহৰু- স্বাধীন ভাৰতৰ প্ৰধানমন্ত্রী। 

(ii) বল্লভভাই পেটেল— উপ প্রধানমন্ত্রী আৰু গৃহমন্ত্ৰী।

(iii) ডঃ ৰাজেন্দ্র প্রসাদ ভাৰতৰ প্ৰথম ৰাষ্ট্রপতি। 


38. সংবিধান সভাৰ ৰচনা কালত তিনিজন ব্যক্তিৰ অসামান্য যুক্তিয়ে আলোচনাত আগভাগ লৈছিল— তেওঁলোক কোন আছিল? 

উত্তৰঃ- (i) কে. এম. মুন্সি।

(ii) বি. আৰ. আম্বেদকাৰ।

(iii) আলাদি কৃষ্ণস্বামী আয়াৰ। 


39. সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? তেওঁক আইনমন্ত্রী হিচাবে পৰামর্শ দিয়া ব্যক্তিজন কোন আছিল? 

উত্তৰঃ- ভীমৰাও আম্বেদকাৰ খচৰা সমিতিৰ সভাপতি আছিল। তেওঁ ভাৰতৰ প্রথম আইনমন্ত্রী হিচাবে যোগদান কৰিছিল মহাত্মা গান্ধীৰ অনুৰোধত। তেওঁ এজন বিদগ্ধ উকীল আছিল। 


40. ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনক ভাৰত বিৰোধী আইন বুলি কোৱাৰ এটা যুক্তি দাঙি ধৰা।

উত্তৰঃ- প্ৰতিনিধিত্বমূলক চৰকাৰ গঠনৰ পোষকতা নকৰাত ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনক ভাৰত বিৰোধী আইন বুলি কোৱা হয়।


41. সংবিধানৰ ৰচনা সমিতিৰ সভাপতিৰ দায়িত্ব কাৰ হাতত আছিল? আৰু সংবিধান সভাক কৰা বিষয়া দুজন কোন আছিল?

উত্তৰঃ- ভীমৰাও আম্বেদাকাৰে সভাপতি হিচাবে ৰচনা সমিতিৰ কাৰ্য্যনির্বাহ কৰিছিল। সংবিধান সভাক সহায় কৰা বিষয়া দুজন আছিল- 

(i) বি. এন. ৰাও.- ভাৰত চৰকাৰৰ সাংবিধানিক উপদেষ্টা আৰু

(ii) এচ. এন. মুখার্জী.- মুখ্য ড্রাফটছমেন। 


42. ভাৰতৰ অস্পৃশ্যতা নিৰ্মূলৰ বাবে সংবিধান সভাই অনুমোদন জনোৱা দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ- (i) সকলো জাতি-জনগোষ্ঠীৰ বাবে হিন্দু মঠ-মন্দিৰসমূহৰ দুৱাৰ মুকলি কৰি ৰখা।

(ii) বিধানমণ্ডলৰ আসন আৰু চৰকাৰী চাকৰীৰ ক্ষেত্ৰ দলিত শ্ৰেণীৰ আসন সুৰক্ষিত কৰিব ব্যৱস্থা ৰখা।


43. সংবিধান সভাত ভাৰতৰ সমাজবাদীসকলে সংবিধান সভাত যোগদান কৰিবলৈ কিয় অনিচ্ছুক আছিল?

উত্তৰঃ- ভাৰতৰ সমাজবাদী দলৰ সদস্যসকলে ধৰি লৈছিল এই সংবিধানখন বৃটিছে বিচৰা ধৰণে কংগ্ৰেছ দলে ৰচনা কৰিবলৈ আগবাঢ়িছে। কিয়নো এই সংবিধানখনে কেতিয়াও স্বায়ত্ব শাসিত হ'ব নোৱাৰে। তাৰোপৰি ৮২ শতাংশ লোকেই কংগ্ৰেছৰ সদস্য আছিল। কংগ্ৰেছী লোকসকলে সমাজবাদৰ ওপৰত কোনো আস্থা নাছিল সেয়ে সমাজবাদীসকলে সংবিধান সভাত প্রথমতে যোগদান কৰিবলৈ অনিচ্ছুক আছিল। 


44. অন্তবর্তী চৰকাৰত মৰ্থীৰ সংখ্যা কিমান আছিল? তাৰে চাৰিজন মুছলিম সম্প্রদায়ৰ মন্ত্ৰীৰ নাম লিখা।

উত্তৰঃ- স্বাধীনতাৰ ঠিক আগে আগে অন্তবর্তী চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্য আছিল ১২ জন। তাৰ ভিতৰত মুছলিম সম্প্রদায়ৰ সদস্য সংখ্যা আছিল চাৰিজন। তেওঁলোক আছিল- (i) লিয়াকৎ আলি খান, (ii) আচক আলি, (iii) ফজনাফাৰ আলি খান। (iv) আব্দুৰ নিষ্টাৰ।


45. হিন্দী ভাষাৰ লগে লগে কিয় কিছুমান সদস্যই আন ভাষাকো মান্যতা প্রদান কৰিছিল— ব্যাখ্যা কৰা।

উত্তৰঃ- যদিও বেছিভাগ সদস্যই সংবিধান সভাত মত দাঙি ধৰিছিল যে সংবিধানে হিন্দীক ৰাষ্ট্রসভা হিচাবে গৃহীত কৰাৰ কাৰণে বিচাৰে কিন্তু আন কিছুমানে ইয়াৰ বিৰোধিতা কৰিছিল। ফলত এই বিতর্ক শেষ হ'ল যে দেৱনাগৰি লিপিত হিন্দীয়ে ৰাষ্ট্রভাষা বুলি সিদ্ধান্ত গ্রহণ কৰিছিল অৱশ্যে ১৫ বছৰ ইংৰাজীকে চৰকাৰী ভাষা হিচাবে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল। 


46. সংবিধান সভাত যোগদান কৰা কংগ্ৰেছসকলে কি ধৰণে বেলেগ বেলেগ মতাদৰ্শৰ সমর্থক আছিল লিখা। 

উত্তৰঃ- সংবিধান সভাৰ ৮২ শতাংশ লোক কংগ্ৰেছ দলৰ সদস্য আছিল। তেওঁলোকৰ ভিতৰত নিম্ন উল্লেখিত মতাদৰ্শৰ লোকসকল আছিল-

(i) কিছুমান সমাজবাদী আদর্শক প্রতি আস্থা ৰাখিছিল। 

(ii) কিছুমান ব্যক্তি সামন্তবাদৰ সমর্থক আছিল। তেওঁলোকে জমিদাৰসকলৰ পক্ষ লৈছিল।

(iii) কিছুমান সাম্প্রদায়িকতা ৰক্ষণাবেক্ষণ দিয়া প্রতিষ্ঠানবোৰক সমর্থন জনাইছিল।


47. সংবিধান সভাৰ সদস্যসকলৰ ভিতৰত আলোচনাৰ অন্তত কি কেইটা কথাত একমাত্র মিল নথকাটো পৰিলক্ষিত হৈছিল? 

উত্তৰঃ- ১। কি ভাষাত ভাৰতীয়সকলে কথা ক'ব।

২। কি ধৰণৰ অর্থনৈতিক বিষয়ৰ সিদ্ধান্ত। 

৩| কি ধৰণৰ ৰাজনৈতিক চিন্তাধাৰাই গ্ৰহণ কৰিব। 

৪। কি ধৰণৰ ম'ৰেল ভেল্যু গ্ৰহণ কৰিব।

সেয়ে সেইবোৰৰ ওপৰত বিশেষ ধৰণৰ আলোচনা কৰা হৈছিল সংবিধান সভাত। এজনৰ মত আন এজনে অতি বিচক্ষণতাৰে খণ্ডন কৰিছিল বা যুক্তিৰে তাৰ বিৰোধিতা কৰিছিল বা নাকচ কৰিছিল। 


48. ভাৰতৰ সমসাময়িক ৰাজনৈতিক পৰিস্থিতিয়ে সংবিধান ৰচনাত কেনে প্রভাৱ পেলাইছিল?

উত্তৰঃ- ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতেই সংবিধান ৰচনাৰ ক্ষেত্ৰত বহুতে সমস্যাৰ সৃষ্টি হৈছিল। কাৰণ বিভিন্ন প্রদেশৰ পৰা অহা প্রতিনিধিসকলে স্থানীয় সমস্যা আৰু স্বার্থৰ প্রতি লক্ষ্য ৰাখি তেনেদৰে সংবিধান হোৱাটো বিচাৰিছিল। সংবিধান সভাৰ মুঠ সদস্য আছিল ৩৮৯ জন। এই প্রতিনিধিসকলৰ সদস্যসকল কংগ্রেছী, সমাজবাদী, জমিদাৰী সাম্প্রদায়িক ধর্ম নিৰপেক্ষ আদি দল আৰু মতাদৰ্শৰ আছিল। ৰাজহুৱা সভাত উষ্ণ ভাষণ দিয়াত অভ্যস্ত সদস্যসকলৰ বহুতেই সংবিধান সভাত নানা যুক্তিৰ অৱতাৰণা কৰি অযথা জটিলতাৰ সৃষ্টি কৰিছিল। বহুতো সদসই যি সংবিধান ৰচনা কৰাৰ এই সভাত উপস্থিতি আছিল, তাৰ বহুতেই কি উদ্দেশ্য স্বাধীন ভাৰতৰ কাৰণে সংবিধান এখন প্রস্তুত কৰিবলৈ আহিছিল তাকে ভালদৰে বুজি পোৱা নাছিল। 


49. কিছুসংখ্যক মুছলমানে কিয় পৃথক নিৰ্বাচনৰ বিৰোধীতা কৰিছিল? দুটা কাৰণ দৰ্শোৱা।

উত্তৰঃ- (i) কিছুমান মুছলীমৰ মতে পৃথক নিৰ্বাচন আত্মহানি কাৰক, যিহেতু সেইটোৱেই সংখ্যালঘুসকলক সংখ্যাগৰিষ্ঠসকলৰ পৰা অকলশৰীয়া কৰিব।

(ii) সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘুসকল একেলগে দেশৰ ৰাজনৈতিক ব্যৱস্থাত অংশগ্ৰহণ কৰিলেহে সংখ্যালঘুসকল উপকৃত হ'ব।


50. সংবিধানৰ লক্ষ্য সম্পৰ্কত নেহৰুৱে আগবঢ়োৱা বক্তব্য ব্যাখ্যা কৰা।

উত্তৰঃ- ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ তাৰিখে জৱাহৰলাল নেহৰুৱে সংবিধান সভাত ভাৰতীয় সংবিধানৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কত মত প্ৰকাশ কৰিছিল। তেওঁৰ প্ৰস্তাৱত ভাৰতক স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰৰূপে দেখুওৱা হৈছিল। তেওঁৰ প্ৰস্তাৱত ভাৰতৰ নাগৰিকৰ ন্যায়, সমতা আৰু স্বাধীনতা নিশ্চিত কৰিবলৈ আৰু জনজাতি আৰু দলিতসকলৰ স্বাৰ্থৰ সুৰক্ষাৰ আশ্বাস দিবলৈ বিচৰা হৈছিল। নেহৰুৱে কৈছিল যে ভাৰতীয় সংবিধানৰ উদ্দেশ্য হ'ব গণতান্ত্ৰিক আদৰ্শ, সমাজবাদী অৰ্থনৈতিক ন্যায়, ভাৰতীয় জীৱনধাৰাৰ লগত খাপ খুৱাই ইয়াক প্ৰৱৰ্তন কৰিব লাগিব।


51. প্ৰদেশবিলাকক কিয় সবল কৰিব লাগে বুলি কোৱা হৈছিল?

উত্তৰঃ- কেন্দ্ৰীয় চৰকাৰক অধিক ক্ষমতাশালী কৰাৰ দৰে আন কিছুমান নেতাই প্ৰদেশবিলাকো শক্তিশালী হোৱাটো বিচাৰিছিল।

প্ৰাদেশিক চৰকাৰৰ ক্ষমতা বৃদ্ধিত গুৰুত্ব দি মাদ্ৰাজৰ কে. সন্থানমে কৈছিল যে কেন্দ্ৰৰ ক্ষমতা অধিক হ'লেহে ই শক্তিশালী হ'ব এইটো ভ্ৰান্ত ধাৰণাহে। অধিক দায়িত্বৰ বোজা দিলে কেন্দ্ৰীয় চৰকাৰে সুচাৰুৰূপে কাম-কাজ পৰিচালনা কৰিব নোৱাৰিব। দায়িত্ব পাতলাই দিলেহে কেন্দ্ৰ শক্তিশালী হ'ব। সেয়ে প্ৰদেশবিলাককো অধিক ক্ষমতা দিব লাগে বুলি তেওঁ মত পোষণ কৰিছিল। তেওঁ আৰু কৈছিল যে কেন্দ্ৰীয় পুঁজিলৈ অধিক ৰাজহৰ ব্যৱস্থা কৰিলে বা ৰাজ্যৰ আয়ৰ বাট সীমিত কৰিলে ৰাজ্যবিলাকে নিজস্বভাৱে উদ্যোগ গ্ৰহণ কৰিব নোৱাৰিব। তেওঁৰ মতে প্ৰদেশবিলাকে নিজৰ উন্নতিৰ বাবে বাৰে বাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পুঁজিৰ বাবে অনুৰোধ কৰি থাকিব লগা হোৱাটো উচিত নহয়। সন্থানমৰ যুক্তিত বেছিভাগ ৰাজ্যই একমত হোৱা দেখা গৈছিল।


52. মহাত্মা গান্ধীয়ে হিন্দুস্থানী ভাৰতৰ জাতীয় ভাষা হ'ব লাগে বুলি কিয় বিবেচনা কৰিছিল? HS-2022

উত্তৰঃ- (i) হিন্দী আৰু উৰ্দু ভাষাৰ সংমিশ্ৰণত হিন্দুস্তানী ভাষা গঢ়ি উঠিছিল। ই আছিল বেছিভাগ ভাৰতীয়ই সহজে বুজি পোৱা ভাষা আৰু লগতে হিন্দু-মুছলমান উভয়ে ব্যৱহাৰ কৰা ভাষা। সেয়ে, গান্ধীজীয়ে ইয়াক জাতীয় ভাষা কৰিবলৈ উপদেশ দিছিল।

(ii) এই ভাষাত ভালেমান আঞ্চলিক ভাষাৰ শব্দ সোমাই পৰিছিল। প্ৰয়োজন সাপেক্ষে তেওঁ আৰু বেছিকৈ অন্তৰ্ভূক্ত কৰিবলৈ পৰামৰ্শ দিছিল।

(iii) এই ভাষাত বহুতো বিদেশী ভাষাৰ শব্দও সোমাই পৰিছিল। আৰু ইংৰাজসকলেও কিছু পৰিমাণে ইয়াক বুজি পোৱা হৈছিল।

(iv) বহুতো লোকে হিন্দী নাইবা উৰ্দু ভাষাক জাতীয় ভাষা কৰাৰ সপক্ষে মত দিছিল। কিন্তু গান্ধীৰ মতে হিন্দী আছিল প্ৰাচীন সংস্কৃত মূলৰ আৰু উৰ্দু আছিল আৰবী মূলৰ। সেয়ে গান্ধীয়ে হিন্দী আৰু উৰ্দু ভাষাৰ মিশ্ৰিত ভাষা হিচাপে হিন্দুস্তানীৰ সপক্ষে যুক্তি দিছিল।


53. সংবিধান ৰচনা সমল হিচাপে প্ৰাক্ স্বাধীন কালৰ বৃটিছ পদক্ষেপবিলাক বিশ্লেষণ কৰা।

উত্তৰঃ- ১৯৪৬ চনত সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছিল আৰু সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল।

সংবিধান সভাত নানা যুক্তি-তৰ্কৰ অৱতাৰণা কৰি বহুতেই জটিলতাৰ সৃষ্টি কৰিছিল। বাতৰি কাকতৰ মাধ্যমেৰে ৰাজহুৱা মতেও সংবিধান সভাৰ আলোচনাত ঠাই পাইছিল। ভাষিক, ধৰ্মীয়, সংখ্যালঘু আৰু দলিতসকলে নিজ নিজ ধৰ্ম স্বাৰ্থ ৰক্ষণাবেক্ষণৰ বাবে কৰা মতামতেও সভাত গুৰুত্ব পাইছিল। নেহৰুৱে সংবিধানৰ প্ৰস্তাৱনা, ৰাষ্ট্ৰীয় পতাকা আকাৰ, ৰং, চক্ৰ আদিৰ বিষয়ে যুক্তিপূৰ্ণ মন্তব্য আগবঢ়াইছিল। ১৯৩৬ চনত কংগ্ৰেছ অধিবেশনে প্ৰাপ্তবয়স্ক ভোটৰ দ্বাৰা সংবিধান সভা আহ্বানৰ প্ৰস্তাৱ দিছিল।


54. এন. জি. ৰঙ্গই সংখ্যালঘুৰ সংজ্ঞা কেনেদৰে দিছিল?

উত্তৰঃ- ভাৰতৰ সংবিধানৰ লক্ষ্য সম্পৰ্কীয় প্ৰস্তাৱ সম্পৰ্কত সমাজবাদী নেতা এন. জি. ৰঙ্গই সংখ্যালঘুৰ অৰ্থই অৰ্থনৈতিক সংখ্যালঘুকহে বুজাব লাগে বুলি যুক্তি দাঙি ধৰিছিল। তেওঁৰ মতে অৰ্থনৈতিকভাৱে দুখীয়া আৰু নিঃস্বসকলেহে সংখ্যালঘু। ইয়াত কোনো জাতি-গোষ্ঠীৰ কথা আহিব নালাগে। সমাজত বঞ্চিত, শোষিত আৰু অৱদমিত লোকসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে। যিসকল ধনিক শ্ৰেণী আৰু জমিদাৰ শ্ৰেণীৰ দ্বাৰা শোষিত হৈ আহিছে, তেওঁলোকক সংখ্যালঘু হিচাপে গণ্য কৰিব লাগে। সেয়ে ৰঙ্গই প্ৰত্যেক নাগৰিককে আইনৰ সুৰক্ষা দিয়াটো কামনা কৰিছিল। তেওঁৰ মতে সাংবিধানিক ৰক্ষাকবচেহে এই লোকসকলক ৰক্ষা কৰিব পাৰিব। গান্ধীজীয়ে পৃথক ভোটাধিকাৰ ব্যৱস্থাৰ বিৰোধীতা কৰি কৈছিল যে এনে ব্যৱস্থাই এই লোকসকলক ভাৰতীয়ৰ পৰা পৃথক কৰি ৰাখিব।


55. জনজাতিসকলৰ স্বাৰ্থ সুৰক্ষাৰ অৰ্থে কি কি পৰামৰ্শ আগবঢ়োৱা হৈছিল?

উত্তৰঃ- সমাজবাদী নেতা এন. জি. ৰঙ্গ আৰু আধিবাসী প্ৰতিনিধি জয়পাল সিঙে জনজাতিসকলৰ সুৰক্ষাৰ কাৰণে কিছুমান পৰামৰ্শ আগবঢ়াইছিল।

ৰঙ্গৰ মতে জনজাতিসকলৰ নিজা নিয়ম-কানুন থাকে। কিন্তু গ্ৰামাঞ্চলত বাস কৰা জনজাতি লোকসকলৰ মাটি-বাৰী সুদখোৰ মহাজনে কাঢ়ি লৈছে আৰু তেওঁলোকক দাসৰ দৰে ব্যৱহাৰ কৰিছে। সেয়ে তেওঁলোকক সাংবিধানিক ৰক্ষাকবচ দিব লাগিব।

আধিবাসী প্ৰতিনিধি জয়পাল সিঙে মত পোষণ কৰি কৈছিল যে জনজাতি লোকসকলে যুগ যুগ ধৰি শোষিত হৈ আহিছে। জনজাতিসকল সংখ্যাৰে সংখ্যালঘু নহয়। কিন্তু তেওঁলোকে নিজকে সুৰক্ষা দিয়াত অপাৰগ। সেয়ে তেওঁলোকে সাংবিধানিক সুৰক্ষা পাব লাগে। কাৰণ তেওঁলোকক ভূমিহীন কৰা হৈছে। সুদখোৰ মহাজনসকলৰ দ্বাৰা গৃহহীন কৰা হৈছে। এনে ব্যৱস্থাৰ দ্বাৰা তেওঁলোকক বাকীসকলৰ পৰা পঞ্চিত কৰা হৈছে। সিঙে জাতি-জনজাতিসকলৰ মাজত মিলা-মিছা বিচাৰিছিল। তেওঁ পৃথক ভোটাধিকাৰ ব্যৱস্থা নিবিচাৰিলেও বিধানমণ্ডলত আদিবাসীৰ বাবে আসন সংৰক্ষণ বিচাৰিছিল। জে. নাগাপ্পা, কে. জি. খণ্ডকাৰ আদি নেতাসকল জনজাতিসকলৰ সম-অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।


56. পৃথক ভোটাধিকাৰ সম্পৰ্কত সংবিধান সভাত হোৱা আলোচনাৰ পৰ্যালোচনা কৰা।

উত্তৰঃ- সংবিধান সভাত আলোচনাৰ সময়ত সৰু সৰু জাতিসত্ত্বা জীয়াই ৰখাৰ বাবে বিভিন্ন পক্ষৰ পৰা দাবী উত্থাপিত হৈছিল। মাদ্ৰাজৰ বি. পকাৰ বাহাদুৰে বৃহত্‍ জাতিৰ গ্ৰাসত পৰি যাতে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিবোৰ ধ্বংস হৈ নাযায় তাৰ ওপৰত অধিক যোৰ দিছিল। তেওঁ যুক্তি দৰ্শাই কৈছিল নিজ নিজ গোষ্ঠীৰ প্ৰতিনিধিসকলেহে নিজৰ সমস্যাবোৰ সজোৰে উত্থাপন কৰিব পাৰিব। অৰ্থাত্‍ এজন মুছলমান প্ৰতিনিধিয়ে তেওঁৰ সমাজৰ সমস্যাবোৰ তেওঁহে উপলব্ধি কৰিব পাৰিব। ইয়াৰ বিপৰীতে অ-মুছলমান সদস্য এজনে সেই গোষ্ঠীৰ সমস্যাবোৰ নিশ্চয় উপলব্ধি কৰিব নোৱাৰে। সেয়ে তেওং পৃথক ভোটাধিকাৰ সজোৰে দাবী কৰিছিল।

ইয়াৰ বিপৰীতে জাতীয়তাবাদী সদস্যসকলে পৃথক ভোটাধিকাৰ ব্যৱস্থাৰ বিৰোধীতা কৰিছিল। তেওঁলোকৰ মতে পৃথক ভোটাধিকাৰ ব্যৱস্থাই সৰু সৰু গোষ্ঠীসমূহক সদায় পৃথক কৰি ৰাখিব। ফলত এই সৰু সৰু গোষ্ঠীসমূহ সকলো দিশৰ পৰা পিছপৰি ৰ'ব। এনে ব্যৱস্থাই বৃহত্‍ গোষ্ঠীসমূহে এনে সৰু সৰু গোষ্ঠীসমূহক শোষণৰ বাট মুকলি কৰিব বুলি জাতীয়তাবাদী সদস্যসকলে পৃথক ভোটাধিকাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিব লাগে বুলি যুক্তি দাঙি ধৰিছিল। জাতীয়তাবাদী সকলৰ মত গ্ৰহণ কৰা ব্যক্তিসকলৰ ভিতৰত উল্লেখযোগ্য আছিল গোবিন্দ বল্লভ পন্ট আৰু বেগম আইজাক ৰছুল। পন্টে মত পোষণ কৰি কৈছিল যে আমি সু-নাগৰিক হ'বলৈ হ'লে কেৱল নিজৰ কথা চিন্তা কৰিবলৈ বাদ দিব লাগিব। ৰছুলৰ মতে পৃথক ভোটাধিকাৰ ব্যৱস্থাই প্ৰধান সম্প্ৰদায়ৰ পৰা সংখ্যালঘুক বিচ্ছিন্ন কৰিব। শেষত ১৯৪৯ চনত বেছিভাগ মুছলমান সদস্যই পৃথক ভোটাধিকাৰৰ দাবী পৰিত্যাগ কৰিছিল।


57. কেন্দ্ৰীয় চৰকাৰক ক্ষমতাশালী কৰাৰ যুক্তিবোৰ কেনে আছিল?

উত্তৰঃ- সংবিধান সভাত কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰাৰ বাবেও কিছুমান নেতাই মত পোষণ কৰিছিল।

জৱাহৰলাল নেহৰুৱে দেশৰ অখণ্ডতা আৰু নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ হাতত অধিক ক্ষমতাৰ পোষকতা কৰিছিল। তেওঁ মতে দুৰ্বল কেন্দ্ৰীয় চৰকাৰ এখনে দেশৰ শান্তি নিশ্চিত কৰিব নোৱাৰে। বিভিন্ন প্ৰান্তৰ উমৈহতীয়া বিষয়বোৰৰ সমন্বয় ৰক্ষা কৰাটো কঠিন হ'ব। ইয়াৰ উপৰি আন্তৰ্জাতিক ক্ষেত্ৰতো সমগ্ৰ দেশখনৰ স্বাৰ্থ সুৰক্ষিত কৰাতো অসুবিধা আহি পৰিব। ড° ভীমৰাও আম্বেদকাৰেও কেন্দ্ৰীয় চৰকাৰ শক্তিশালী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ মতে দেশৰ চুকে-কোনে সঘনাই ঘটি থকা বিদ্ৰোহ, আন্দোলন তথা হিংসাত্মক ঘটনাবোৰৰ কথা মনত ৰখা উচিত। এনেবোৰ ঘটনাই ইতিমধ্যে দেশখনক বহুদূৰ পিছুৱাই নিছে। সাম্প্ৰদায়িক শক্তিৰ বাধা দিয়াৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰ শক্তিশালী হোৱাৰ ওপৰত তেঁও জোৰ দিছিল। 

গোপালস্বামী আয়েঙ্গাৰেও কেন্দ্ৰীয় চৰকাৰ শক্তিশালী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ নিজৰ মত পোষণ কৰি কৈছিল যে যিমান সম্ভৱ সিমান ক্ষমতা কেন্দ্ৰীয় চৰকাৰক দিব লাগে। ইউনাইটেড প্ৰভিন্সৰ বালকৃষ্ণ শৰ্মাই কৈছিল যে শক্তিশালী কেন্দ্ৰইহে দেশখনৰ সামূহিক স্বাৰ্থ ৰক্ষা কৰিব পাৰে। আসন আৰু সম্পদ সঠিকভাৱে পৰিচালনা কৰিব পাৰে।


58. ভাৰতৰ সমসাময়িক ৰাজনৈতিক পৰিস্তিতিয়ে সংবিধান ৰচনাত কেনে প্ৰভাৱ পেলাইছিল?

উত্তৰঃ- সংবিধান ৰচনাৰ পূৰ্বৰ সময়ছোৱা ৰাজনৈতিকভাৱে বিশৃংখল আছিল। ভাৰতবৰ্ষত এই সময়ছোৱা আছিল বৃহত্‍ আশা আৰু গভীৰ হতাশাৰ সময়। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হ'ল যদিও দেশখন দ্বি-খণ্ডিত হ'ল।

১৯৪২ চনৰ 'ভাৰত ত্যাগ' আন্দোলন আছিল ব্ৰিটিছৰাজৰ বিৰুদ্ধে চলোৱা জনপ্ৰিয় আন্দোলন আছিল। স্বাধীনতা অৰ্জনৰ বাবে সুভাষ চন্দ্ৰ বসুৰে চলোৱা সশস্ত্ৰ সংগ্ৰামো আছিল উল্লেখনীয়। তদুপৰি বম্বে আৰু অন্যান্য চহৰত 'ৰয়েল ইণ্ডিয়ান নেভি'ৰ ১৯৪৬ চনৰ বসন্তকালত হোৱা বিদ্ৰোহ আছিল উল্লেখনীয়। ১৯৪০ চনৰ শেষ ভাগৰ পৰা শ্ৰমিক আৰু বনুৱাসকল, কৃষকসকলৰ বিস্তৃত গণবিক্ষোভ আন্দোলন দেশৰ বিভিন্ন অংশত চলি আছিল।

ভাৰতৰ আগশাৰীৰ ৰাজনৈতিক দল কংগ্ৰেছ আৰু মুছলীম লীগে ধৰ্মীয় সমিলমিল আৰু সামাজিক একতা বিষয়ৰ মীমাংসাত উপনীত হোৱাত ব্যৰ্থ হৈছিল।

১৯৪৭ চনৰ ১৬ আগষ্ট, ভাৰতে স্বাধীনতা লাভ কৰা দিনটোত চাৰিওফালে আনন্দ আৰু আশাৰ জোঁৱাৰ উঠিছিল যদিও ভাৰতবৰ্ষত বাস কৰা বৃহত্‍সংখ্যক মুছলমান আৰু পাকিস্তানত বাস কৰা হিন্দু আৰু শিখসকল গভীৰ সংকটৰ মুখামুখি হৈছিল। 

ৰাজকীয় ৰাজ্যসমূহৰ স্থিতিক লৈও সেই সময়ত এক সমস্যাই দেখা দিছিল।

এনে এক ৰাজনৈতিক পৰিস্থিতিয়ে সংবিধান ৰচনাত সহায় কৰিছিল আৰু সংবিধানৰ সভা গঠিত হৈছিল। কিন্তু সভাত আলোচিত বা বিতৰ্কিত বিষয়সমূহ সম্পূৰ্ণ গোপনীয় আছিল আৰু বাহিৰত ঘটি থকা কথাবিলাকৰ লগত সংগতি ৰখা নাছিল।


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »