-->

Class 12 Hisory Chapter 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । Peasants Zamindars and the state

AHSEC Solution for Class 12 Hisory Chapter 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ। Peasants Zamindars and the state. All the important questions answers are discussed in this article.


Peasants, Zamindars and the state
Agrarian society and the mughal empire
কৃষক জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্ৰাজ্য) খ্ৰীঃ ১৬-১৭ শতিকাৰ সময়লৈকে)

Class 12 Hisory Chapter 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ। Peasants Zamindars and the state ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Hisory Chapter 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । Peasants   Zamindars and the state has been discussed in systematic way. There are approximately important 42 questions answers in this article.

1. জমিদাৰসকলৰ আয়ৰ উত্‍স কি?  HS-2018

উত্তৰঃ- জমিদাৰসকলৰ আয়ৰ উত্‍স কৃষি আছিল।


2. মোগলসকলৰ ৰাজসভাত কি ভাষা ব্যৱহৃত হৈছিল? HS-2014

উত্তৰঃ- উৰ্দু


3. 'আকবৰনামা'ৰ লিখক কোন? HS-2016

উত্তৰঃ- আবুল ফজল


4. 'হুমায়ুন নামা' কোনে ৰচনা কৰিছিল? HS-2016, 2017

উত্তৰঃ- গুলবদন বেগম


5. আইন ই আকৰৰী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? HS-2018
উত্তৰঃ- আবুল ফজল।


6. কোনজন মোগল সম্রাটে ধঁপাতৰ ব্যৱহাৰ নিষেধ কৰিছিল?
উত্তৰঃ- সম্রাট জাহাঙ্গীৰে।

7. মুকদ্দমবা মণ্ডল কোন আছিল?
উত্তৰঃ- পঞ্চায়ত সভাপতিজন।


8. কোনজন মোগল সম্রাটৰ দিনত পাঞ্জাৱত ছাহজাহানৰ নলী খন্দা হৈছিল?
উত্তৰঃ- মোগল সম্রাট ছাহজাহানৰ সময়ত।

9. ক'ত প্রথমে ধপাতৰ খেতিৰ আৰম্ভ হৈছিল?

উত্তৰঃ- ১৭ শতিকাৰ প্ৰথম ভাগত দাক্ষিণাত্যত।

10. মালহাজদাশ সকল কোন আছিল?

উত্তৰঃ- মালহাজদাশ সকল নাৱৰীয়াসকলৰ বংশধৰ আছিল।

11. খিদমতৰ অর্থ কি?
উত্তৰঃ- সেৱা।

11. ভাৰতৰ ভূমি জৰীপ কৰা সম্ৰাট কোন আছিল?
উত্তৰঃ- মহামতি আকবৰ।

12. ৰাজহনীতিৰ সংস্কাৰত আগভাগ লোৱা বিষয়াজন কোন আছিল?
উত্তৰঃ- টোদৰ মল।

13. বাবৰৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ- বাবৰ নামা।

14. মজদুৰ শব্দটোৱে কি বুজাইছিল?

উত্তৰঃ- কৃষি কর্মৰ লগত জড়িত ব্যক্তিসকলক মজদুৰ বোলা হৈছিল।

15. পশ্চিম ভাৰতৰ দৰমহা নোপোৱা বা নিদিয়া শ্ৰমিকসকলক কি বোলা হৈছিল?
উত্তৰঃ- বেগাৰ।


15. কোনসকল কৃষকক ধনী আখ্যা দিয়া হৈছিল?
উত্তৰঃ- ১০ একৰ মাটিৰ গৰাকীৰ কৃষকসকলক।


16. পঞ্চায়ত প্রথা সমাজত চলাই ৰখা বাবদ হোৱা খৰচবোৰ কোনে বহন কৰিছিল?
উত্তৰঃ- সমাজৰ সকলোৱে পঞ্চায়ত পুঁজিলৈ বৰঙণি যোগাইছিল।

17. যিবোৰ মাটিত মাত্র বছৰত দুটা খেতিহে কৰিব পৰা হৈছিল তাক কি কোৱা হৈছিল?
উত্তৰঃ- দো ফচলা।

18. খেতিত নিয়োজিত কৃষক কি নামেৰে জনাজাত আছিল?
উত্তৰঃ- অসমিচ।

19. ধঁপাতৰ কোনজন সম্রাটে লক্ষ্য কৰিছিল আৰু কেতিয়া?

উত্তৰঃ- ১৬০৪ চনত সম্রাট আকবৰে।

20. মোগল সাম্রাজ্যৰ প্ৰশাসনীয় উপ সংমণ্ডলক কি বলা হৈছিল?

উত্তৰঃ- পৰগনা।

21. মিলকিয়াৎ মাটিবোৰ কোনে ভোগ দখল কৰিছিল?
উত্তৰঃ- মোগল সাম্রাজ্যৰ জমিদাৰসকলে।

22. আহোম সমাজত মাটিৰ ব্যৱহাৰ কৰিব দিয়াত ৰজাক সামৰিক সহায় যিয়ে কৰিছিল তেওঁলোকক কি বোলা হৈছিল?
উত্তৰঃ- পাইক।

23. ভাৰতবৰ্ষই কেতিয়া জমিদাৰী প্ৰথাটোৰ বিলোপ সাধন কৰিছিল?

উত্তৰঃ- স্বাধীনতাৰ পিছত।

24. আকবৰৰ শাসন কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া শেষ হৈছিল?
উত্তৰঃ- ১৫৫৬ চনৰ পৰা ১৬০৫ চনলৈ।

25. খেট বটই আৰু লাংবটাই পদ্ধতি মানে কি বুজা?
উত্তৰঃ- খেতবটাই মানে হ'ল শস্য সিঁচাৰ পিছতে ভূমি ভাগ কৰি লোৱা। আনহাতে লাংবটাই মানে হ'ল শস্য কটাৰ পিছত মুঠা বান্ধি দুয়োপক্ষৰ মাজত ভাগ বটোৱাৰা কৰা হয় আৰু নিজৰ নিজৰ ভাগখিনি নিজৰ ঘৰলৈ লৈ যোৱা হয়।

26. কুৱাৰ পৰা পানী তুলিবলৈ ব্যৱহাৰ কৰা দুবিধ যন্ত্রৰ নাম লিখা।

উত্তৰঃ- এনে দুবিধ যন্ত্র হ'ল কাঠৰ ঢেঁকী (টেকেলী) আৰু পাৰ্চীয়ান চকা।

27. পঞ্চায়তৰ মুখিয়ালসকলে সমাধা কৰা দুটা কাম উল্লেখ কৰা।

উত্তৰঃ- (ক) গাঁৱৰ আয়-ব্যয়ৰ হিচাবৰ তদাৰক কৰা।
(খ) গাঁৱত বাস কৰা বিভিন্ন জাতিসমূহৰ নিজস্ব পৰিসীমা ৰক্ষা কৰাৰ বিষয়ে তদাৰক কৰা।

28. জমা আৰু হাচিল বুলিলে কি বুজা?

উত্তৰঃ- মোগল যুগত ৰাজহ সংগ্ৰহৰ দুটা ব্যৱস্থা আছিল। এই ব্যৱস্থা দুটা হ'ল জমা আৰু হাচিল। জমা মানে ৰাজহ ধার্য্য কৰা আৰু হাচিল মানে হ'ল প্রকৃত ৰাজহ সংগ্ৰহৰ পৰিমাণ নিৰূপণ কৰা।

29. মোগল ৰাজবিষয়াসকলে কিয় কৃষি প্রধান সমাজখন নিজৰ নিয়ন্ত্রণত ৰাখিব বিচাৰিছিল?

উত্তৰঃ- সেই সময়ত কৃষিয়েই আছিল জনসাধাৰণৰ জীৱিকাৰ প্রধান উৎস লগতে চৰকাৰৰ ৰাজহো এই কৃষিৰ পৰাই সংগ্রহ কৰা হৈছিল। সেয়ে চৰকাৰৰ ৰাজহ নিয়মিতভাৱে আদায় কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছিল। কৃষকসকলক চৰকাৰৰ নিয়ন্ত্ৰণত ৰাখিলেহে ৰাজহ সঠিকভাৱে আদায় কৰিব পাৰিব বুলি চৰকাৰে বিশ্বাস কৰিছিল।

30. টোডৰ মলে উল্লেখ কৰা মতে মোগল যুগৰ মাটিৰ চাৰিটা ভাগ কি কি?

উত্তৰঃ- উৎপাদিকা শক্তিৰ ওপৰত নিৰ্ভৰ কৰি মোগল যুগত মাটিক চাৰিটা ভাগ কৰিছিল। সেই ভাগ কেইটা হ'ল পৰাউতি, পোলেজ, চাচৰ আৰু ব্ৰঞ্জৰ।

31. আইন ই আকবৰীত উল্লেখ কৰা মতে জমিদাৰসকলৰ সৈন্য বাহিনী কেনে ধৰণৰ আছিল?

উত্তৰঃ- আইন ই আকবৰীত উল্লেখ কৰা মতে জমিদাৰসকলৰ সৈত্য বাহিনী এনে ধৰণৰ ৩৮৪৫৫৮ অশ্বাৰোহী, ৪২৭৭০৫৭ পদাতিক, ১৮৬৩ হাতী, ৪২৬০ বৰটোপ আৰু ৪৫০০ খন নাও আছিল।

32. ক্ষুদ্র গণতন্ত্র কাক কোৱা হৈছিল?
উত্তৰঃ- ১৯শ শতিকাত ভাৰতীয় গাঁওসমূহক ক্ষুদ্র গণতন্ত্র বুলি ইংৰাজসকলে উল্লেখ কৰিছিল য'ত ভাতৃত্ববোধেৰে সামূহিক স্তৰত সম্পদ আৰু শ্ৰমৰ বিতৰণ কৰিছিল।

33. ক্ষুদ্র গণতন্ত্রত প্রধান অসুবিধাবোৰ কি আছিল?
উত্তৰঃ- গাঁওসমূহত সম্পত্তিৰ ব্যক্তিগত মালিকীস্বত্ব, জাতি আৰু শিল্পৰ ভিত্তিত বৈষম্য পৰিলক্ষিত হোৱা দেখা গৈছিল। কিছুমানে ইয়াক আঁতৰ কৰাৰ ব্যৱস্থা লৈছিল যদিও তেওঁলোকৰ দ্বাৰা দুখীয়া লোকসকল শোষণৰ বলি হ'ব লগাত পৰিছিল।

34. তৃতীয় পাণিপথৰ যুদ্ধখন কেতিয়া আৰু কাৰ মাজত সংঘটিত হৈছিল?
উত্তৰঃ- ১৭৬১ চনত তৃতীয় পাণিপথৰ যুদ্ধখন সংঘটিত হৈছিল। যুদ্ধখন হৈছিল আহমদ চাহ আৰু মাৰাঠাসকলৰ মাজত। যুদ্ধত মাৰাঠাসকল হাৰিছিল আৰু আহমদ চাহ আব্দালি জয়ী হৈছিল।

35. সম্রাট ঔৰংজেৱে মোগল সিংহাসন কিমান দিন নিজৰ দখলত ৰাখিছিল?
উত্তৰঃ- সম্রাট ঔৰংজেৱে সিংহাসনত বহিছিল ১৬৫৮ চনত আৰু সকলোকে চমক লগাই ১৭০৭ চনলৈ সিংহাসনত অধিষ্ঠিত হৈ আছিল।

36. শেষ মোগল সম্রাট কোন আছিল আৰু তেওঁৰ শেষ অৱস্থা কেনে হৈছিল?
উত্তৰঃ- দ্বিতীয় বাহাদুৰ চাহ মোগল সাম্রাজ্যৰ শেষ সম্রাট আছিল। ১৮৫৭ চনৰ চিপাহী বিদ্রোহত তেওঁ জড়িত থকাৰ প্রমান পাই ব্রিটিছসকলে তেওঁক কাৰাবন্দী কৰি ৰাখি ব্রহ্মদেশৰ জে'লত আৱদ্ধ কৰে। তাতেই তেওঁৰ মৃত্যু হয়।

37. বাবৰে কেনেকৈ আৰু কেতিয়া মোগল সাম্রাজ্য প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ- ১৫২৬ চনত দিল্লীৰ চুলতান ইব্রাহিমৰ লগত বাবৰে পানিপথ নামৰ ঠাইত যুদ্ধত অৱতীৰ্ণ হয়। যুদ্ধত ইব্রাহিমৰ পৰাজয় হয়। বিজয়ী বাবৰে তেতিয়া প্রথম মোগল সম্রাট হিচাবে দিল্লীৰ মচনদত বহে এইখনকে প্রথম পাণিপথৰ যুদ্ধ বোলা হৈছিল।



38. 
মধ্যযুগৰ ভাৰতবৰ্ষৰ পঞ্চয়তৰ ভূমিকা বিষয়ে চমুকৈ লিখা।

উত্তৰঃ- পঞ্চায়তত গাঁৱৰ প্রাপ্তবয়স্ক সন্মানীয় লোকসকল একত্ৰিত হৈছিল। তাত সম্পত্তিৰ ওপৰত বংশানুক্রমিক অধিকাৰ আছিল। পঞ্চায়তৰ সিদ্ধান্ত গাঁৱত সকলোৱেই মানি চলিব লাগিছিল। গাঁও পাতি বাস কৰা এখন গাৱত পঞ্চয়ততো ভিন্নতা দেখা গৈছিল। পঞ্চায়ত ব্যৱস্থা এনে এক অভিজাত তন্ত্র বা কুলীনাধীপত্য (Oligarchy) ব্যৱস্থা আছিল য'ত বিভিন্ন সম্প্রদায় আৰু জাতিৰ প্রতিনিধি আছিল।

পঞ্চায়তৰ সভাপতি আছিল এজন মুখিয়াল, তেওঁক মুক্কদম বা মণ্ডল বুলি জনা গৈছিল। গাঁৱৰ আত্মীয় লোকসকলে সর্বসম্মতি ক্রমে সভাপতি নির্বাচন কৰিছিল আৰু ইয়াৰ পিছত জমীদাৰৰ অনুমোদন ল'ব লগা হৈছিল। গাঁওবাসীৰ আস্থাভাজন হৈ থকালৈকে তেওঁ সভাপতি পদত অধিষ্ঠিত হৈ আছিল। ইয়াৰ অন্যথাই তেওঁক বৰ্খাস্ত কৰা হৈছিল। সভাপতিৰ মুখ্য কাম আছিল গাৱঁৰ আয়-ব্যয়ৰ হিচাপৰ তদাৰক কৰা। এই কামত তেওঁক গাণনিক বা পটোৱাৰীয়ে সহায় কৰিছিল। এই মণ্ডলসকল ঘোচখোৰ স্বভাৱৰ আছিল আৰু বহুসময়ত নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল। 

পঞ্চায়তৰ আয়ৰ উৎস আছিল প্রতেকজন গাঁওবাসীয়ে দিয়া ব্যক্তিগত খাজনা। সময়ে সময়ে গাঁওসমূহ ভ্ৰমণ কৰা জমীদাৰৰ বিষয়াসকলৰ আতিথ্যৰ খৰচ পঞ্চায়তৰ আয়ৰ পৰা কৰা হৈছিল। বাকী কিছু অংশ জনকল্যানমূলক কাম যেনে- বানপানীৰ সময়ত সাহায্য প্রদান, নদীবান্ধ নির্মাণ, খাল খন্দা ইত্যাদি কামত ব্যৱহাৰ কৰা হৈছিল।

পঞ্চায়তৰ আন এটা গুৰুত্বপূৰ্ণ কাম হ'ল গাঁৱত বাস কৰা বিভিন্ন জাতিসমূহৰ নিজস্ব পৰিসীমা ৰক্ষা কৰটো তদাৰক কৰা। পূব-ভাৰতত সকলো বিবাহকাৰ্য্য মণ্ডলৰ উপস্থিতিত সম্পন্ন কৰা হৈছিল। অর্থাৎ আমি ক'ব পাৰো যে জাতিসমূহক নীতি বিৰোধী কামৰ পৰা বাৰণ কৰিবৰ কাৰণে তেওঁলোকৰ আচৰণ বিধিৰ ওপৰত নজৰ ৰখাটো সভাপতিৰ দায়িত্ব আছিল। 

পঞ্চায়তে অপৰাধীক জৰিমনা বিহিছিল আৰু গুৰু দণ্ড হিচাপে নিজ জাতিৰ পৰা বহিষ্কাৰো কৰিছিল। বহিষ্কৃত লোকজনকো নির্দিষ্ট সময়ৰ কাৰণে গাঁও এৰি যাবলৈ কোৱা হৈছিল। এই সময়ছোৱাত তেওঁ নিজ জাতি আৰু কৃষি-বৃত্তিৰ অধিকাৰ হেৰুৱাব লগা হৈছিল। 

গাঁও পঞ্চায়তৰ উপৰি প্রত্যেক গাৱঁতে ভিন ভিন জাতিৰ জাতি পঞ্চায়ত আছিল। এই জাতি পঞ্চায়তবোৰ যথেষ্ট প্রভাৱশালী আছিল। ৰাজস্থানত জাতি পঞ্চায়তসমুহে বিভিন্ন জাতিৰ মাজৰ দেৱানী (civil) গোচৰসমূহ নিষ্পত্তি কৰিছিল। মাটিৰ দাবীদাৰসকলৰ গোচৰ নিষ্পত্তিকৰণ, বিবাহ জাতিগত নিয়ম অনুসৰি সম্পন্ন কৰা আৰু অনুষ্ঠানসমূহত ৰীতি-নীতি আচাৰ পালন কৰা ইত্যাদিৰ ওপৰত চকু দিছিল। এই পঞ্চায়তৰ ৰায়সমূহত ৰাজ্যই সহমত প্রকাশ কৰিছিল।


39. কৃষি প্রধান সমাজত মহিলাসকলৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ-বিভিন্ন সমাজসমূহ পৰ্যবেক্ষণ কৰিলে দেখা যায় যে উৎপাদন পদ্ধতিত পুৰুষ আৰু মহিলাসকলে কিছুমান নির্দিষ্ট ভূমিকা পালন কৰে। একেদৰে কৃষি প্রধান সমাজতো মহিলাসকলে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। কৃষি উৎপাদনত পুৰুষ-মহিলা উভয়ে কিছুমান নির্দিষ্ট কাম কৰিছিল। পুৰুষসকলে হাল বাইছিল, মহিলাসকলে শস্য সিঁচা, চপোৱা, নিৰোৱা আৰ শস্য জৰা-ফুকা কৰি চাফা কৰা কাম কৰিছিল।

সূতা কটা, কাপোৰ বোৱা, মাটিৰ বাচন তৈয়াৰ কৰিবলৈ মাটি চফা কৰা, পিটা, চিলাই কৰা, ফুল বছা আদি কাৰিকৰী কামসমূহ মহিলা শ্ৰমিকসকলৰ শ্ৰমৰ ওপৰত নিৰ্ভৰশীল আছিল। কোনো বস্তুৰ বাণিজ্যিকীকৰণ বৃদ্ধিৰ লগে লগে সেই বস্তুৰ উৎপাদনত মহিলাসকলৰ শ্ৰমৰ গুৰুত্বও বৃদ্ধি পায়। আচলতে কৃষিৰ লগত জড়িত কাৰিকৰ মহিলাসকলে আৱশ্যক হ'লে নিয়োগকর্তাৰ ঘৰত বা বজাৰতো কাম কৰিছিল।

শাৰীৰিক শ্ৰমৰ ওপৰত নিৰ্ভৰশীল কৃষি প্রধান সমাজ ব্যৱস্থাত সন্তান জন্ম দিব পৰা ক্ষমতাৰ কাৰণে মহিলাসকলক গুৰুত্বপূর্ণ সম্পদ বুলি বিবেচনা কৰা হৈছিল। তথাপি বিবাহিত মহিলাৰ সংখ্যা কম আছিল; কিয়নো পুষ্টিহীনতা, বাৰে বাৰে সন্তান প্রসৱ কৰা, সন্তান জন্ম দিওঁতে মৃত্যু হোৱা ইত্যাদি কাৰণত মহিলাৰ মৃত্যুৰ হাৰ বেছি আছিল। সেয়ে কৃষক আৰু কাৰিকৰী সমাজত 'কন্যা ধন' পৰিশোধৰ নীতি উদ্ভৱ হৈছিল যিটো সম্ভ্ৰান্ত শ্ৰেণীৰ মাজত নাছিল। বিবাহ বিচ্ছেদ হোৱা আৰু বিধবাৰ পুনৰ বিবাহ সামাজিকভাৱে স্বীকৃত আছিল।

সন্তান জন্ম দিয়াৰ স্বাৰ্থত মহিলাৰ ওপৰত পুৰুষৰ কর্তৃত্ব বজাই ৰখাতে গুৰুত্বপূৰ্ণ কথা আছিল। সাধাৰণতে ঘৰখনৰ মুখিয়ালজন পুৰুষ আছিল। এইদৰে মহিলাসকলক পৰিয়াল আৰু সম্প্রদায়ৰ পুৰুষসকলৰ কঠোৰ অধীনত ৰখা হৈছিল। মহিলাসকলে কৰা অপৰাধ বা বিশ্বাসঘাটকতাৰ কাৰণে তেওঁলোকক দৃষ্টান্তমূলক কঠোৰ শাস্তি বিহা হৈছিল।

পশ্চিম ভাৰতৰ ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰত মহিলাসকলে এই অত্যাচাৰ আৰু শোষণৰ ক্ষতিপূৰণ আৰু ন্যায় বিচাৰি পঞ্চায়তলৈ আৱেদন কৰাৰ তথ্য পোৱা গৈছে। বিবাহিত মহিলাসকলে স্বামীৰ হাতত নির্যাতিত হোৱা, পুৰুষসকলে পত্নীক বিশ্বাসঘাটকতা কৰা, আন মহিলাৰ লগত সম্পর্ক ৰখা, দ্বিতীয় বিবাহ কৰোৱা, নাইবা পৰিয়ালৰ ভৰণ-পোষণ নিদিয়াৰ অভিযোগ এই আৱেদনসমূহত উত্থাপন কৰিছিল। কিন্তু পুৰুষসকলে কৰা অপকৰ্মৰ কাৰণে তেওঁলোকক কোনো শাস্তি প্ৰদান কৰা হোৱা নাছিল।

ভূমি সম্পত্তি থকা সম্ভ্ৰান্ত পৰিয়ালত মহিলাসকলৰ সম্পত্তিৰ উত্তৰাধিকাৰী অধিকাৰ আছিল। উদাহৰণস্বৰূপে পঞ্জাৱত মহিলা (আনকি বিধবা)সকলে গাঁৱৰ মাটিৰ বজাৰত উত্তৰাধিকাৰী সূত্রে প্রাপ্ত সম্পত্তিৰ বিক্রীত ভাগ লৈছিল। হিন্দু আৰু মুছলমান মহিলাসকলে উত্তৰাধিকাৰী সূত্রে লাভ কৰা জমিদাৰী বিক্রী বা বন্ধকত ৰাখিব পাৰিছিল। ১৮শ শতিকাৰ বংগদেশত মহিলা জমিদাৰৰ কথা উল্লেখ আছে। সেই সময়ৰ এখন বিখ্যাত আৰু ডাঙৰ ৰাজাশাহী জমিদাৰী এগৰাকী স্ত্রীৰ অধীনত আছিল।


40. মোগল যুগত জমিদাৰসকলৰ ভূমিকা ব্যাখ্যা কৰা। HS-2022

উত্তৰঃ- জমীদাৰসকলৰ আয়ৰ উৎস কৃষি অফিল যদিও প্রত্যক্ষভাৱে কিন্তু এওঁলোক কৃষিৰ লগত জড়িত নাছিল। অজস্র ভূমি-সম্পত্তি আৰু ক্ষমতাৰ অধিকাৰী এই জমিদাৰসকলে সমাজত উচ্চ আসন লাভ কৰাৰ লগতে কিছুমান সামাজিক আৰু আর্থিক সা-সুবিধাও লাভ কৰিছিল। জমিদাৰসকলৰ উচ্চ আসন লাভ কৰাৰ এটা কাৰণ আছিল জাতি আৰু আনটো হ'ল তেওঁলোকে ৰাজ্যলৈ আগবঢ়োৱা কিছু সেৱা (খিদমত)।

জমিদাৰসকলৰ ক্ষমতাৰ উৎস আছিল তেওঁলোকৰ বিস্তৃত পৰিমাণৰ ব্যক্তিগত ভূমি, যাক মিল্কিয়ত বা সম্পত্তি বুলি কোৱা হৈছিল। মিল্কিয়ত ভূমিত তেওঁলোকৰ নিজৰ বাবে খেতি কৰা হৈছিল আৰু খেতি পথাৰত ভাৰাতীয়া বা গোলাম (বন্ধুৱা) শ্রমিকে কাম কৰিছিল। জমিদাৰসকলে তেওঁলোকৰ ভূমি সম্পত্তি নিজ ইচ্ছামতে কিনা-বেচা, বন্ধকত দিয়া বা আনৰ নামত হস্তান্তৰ কৰিবও পাৰিছিল।

ৰাজ্যৰ হৈ কৰ সংগ্ৰহ কৰাৰ অধিকাৰ প্ৰাপ্ত জমিদাৰসকলে বিত্তীয় ক্ষমতাও লাভ কৰিছিল। সৈনিসসকলৰ ওপৰত থকা অধিকাৰেও তেওঁলোকৰ ক্ষমতা বৃদ্ধিত সহায় কৰিছিল। বেছিভাগ জমিদাৰৰে অশ্বাৰোহী, অস্ত্ৰাধাৰী আৰু পদাতিক সৈন্যৰ একোটা গোটৰ সৈতে নিজস্ব দুৰ্গ আছিল।

সমসাময়িক তথ্যসমূহে কিছুমান জমিদাৰৰ উৎপত্তিৰ কাৰণ হিচাপে যুদ্ধ জয় বুলি ধাৰণা কৰিছে। শক্তিশালী সৈনিক চৰ্দাৰৰ দ্বাৰা দুখীয়া লোকসকলৰ ভূমি বেদখল কৰি জমিদাৰসকলে তেওঁলোকৰ পৰিসৰ বৃদ্ধি কৰিছিল। কিন্তু ৰাজ্য প্ৰশাসনৰ দ্বাৰা জমিদাৰক এনেকুৱা আক্ৰমণাত্মক নীতিৰ অনুমতি দিয়াৰ সম্বাৱনা খুবেই কম আছিল।

সমসাময়িক তথ্যসমূহত উল্লেখ থকা আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল জমিদাৰী ব্যৱস্থাৰ সুদৃঢ় কৰণৰ বাবে চলা মন্থৰ প্ৰক্ৰিয়া। এই সুদৃঢ়কৰণ প্ৰক্ৰিয়াটো কেইবা প্ৰকাৰে কৰা হৈছিল। যেনে নতুনকৈ পাম খোলা, স্বত্বাধিকাৰী হস্তান্তৰকৰণৰ যোগেদি, ৰাজ্যৰ আদেশ অনুযায়ী বা ক্ৰয়ৰ যোগেদি। প্ৰকৃততে এই ব্যৱস্থাৰ জৰিয়তে অপেক্ষাকৃতভাৱে 'নিম্ন' জাতিৰ লোকসকলকো জমিদাৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত হোৱাৰ সুবিধা দিয়া হৈছিল।

আন কিছুমান কাৰণ মিলি পৰিয়াল বা বংশ মৰ্য্যাদাৰ ওপৰত আধাৰিত জমিদাৰীয়েও নিজৰ স্থিতি সুদৃঢ়কৰণৰ সুবিধা পাইছিল। উদাহৰণ স্বৰূপে ৰাজপুত আৰু জাট সকলে এই ধৰণৰ ৰণনীতিৰে উত্তৰ ভাৰতৰ বৃহৎ বৃহৎ অঞ্চলত নিজৰ স্থিতি সুদৃঢ় কৰি লৈছিল। একেদৰে মধ্য আৰু দক্ষিণ-পশ্চিম বংগৰ কৃষি আৰু পশুপালক (সদগোপ)সকলৰ মাজতো শক্তিশালী জমিদাৰ শ্ৰেণীৰ সৃষ্টি হৈছিল।

জমিদাৰসকলে কৃষি উপযোগী ভূমি অধিগ্ৰহণত সদায় আগ ভাগ লৈছিল। বহু সময়ত কৃষি শ্রমিক সকলক খেতিৰ সা-সঁজুলি আৰু ঋণ দি কৃষি উপযোগী ভূমিত সংস্থাপন কৰিছিল। জমিদাৰী কিনা-বেচা প্রক্রিয়াই গাঁওসমূহত মুদ্ৰাৰ প্ৰচলন খৰতকীয়া কৰি তুলিছিল। ইয়াৰ উপৰিও জমিদাৰে নিজৰ মিল্কিয়তৰ উৎপাদিত শস্য বিক্ৰী কৰিছিল আৰু বজাৰ স্থাপন কৰি কৃষকসকলৰ উৎপাদিত শস্য ক্রয়-বিক্ৰয়ৰ সুবিধা কৰি দিছিল।

এইটো সত্য যে জমিদাৰসকল শোষক শ্ৰেণীৰ প্ৰতিনিধি আছিল। কিন্তু সময়ে সময়ে কৃষকসকলৰ প্ৰতি তেওঁলোকে পাৰম্পৰিক সহৃদয়তা, পৈতৃক স্নেহ আৰু পৃষ্ঠপোষকতা আগবঢ়াইছিল। দুটা তথ্যই এই কথা ভালদৰে বুজাত সহায় কৰে। প্ৰথমতে চুফী সন্তসকলে জাতিভেদ প্রথা আৰু অত্যাচাৰীসকলক নিন্দা কৰিছিল, কিন্তু এই চুফী সন্তসকলে জমিদাৰসকলক শোষক আৰু অত্যাচাৰী বুলি উল্লেখ নাই। দ্বিতীয়তে ১৭শ শতিকাৰ কৃষকসকলে ৰাজ্য আৰু সম্ৰাটৰ বিৰুদ্ধে যি কৃষক বিদ্ৰোহ কৰিছিল, সেইবোৰলৈ জমিদাৰসকলে সহায়ৰ হাত আগবঢ়াইছিল।


41. মোগল যুগত ভূমিৰাজহ ব্যৱস্থা বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ- মোগল যুগৰ অৰ্থনীতিৰ মেৰুদণ্ড আছিল ভূমি ৰাজহ আৰু কৃষি। সেয়ে মোগল যুগত কুষিৰ ওপৰত নিয়ন্ত্রণ বজাই ৰাখি দ্ৰুত গতিত বৃদ্ধিপোৱা সাম্রাজ্যৰ ৰাজহ নির্ধাৰণ আৰু সংগ্রহ কৰিবৰ কাৰণে এক শক্তিশালী প্রশাসনিক যন্ত্ৰৰ পুৰামাত্ৰাই আৱশ্যক হৈছিল। দেৱান নামৰ বিষয়াজন এই যন্ত্রৰ অংশীদাৰ আছিল আৰু ৰাজ্যৰ সমগ্ৰ ব্যৱস্থা চোৱা-চিতা কৰিছিল। এনেদৰে দেৱান আৰু ৰাজহ বিষয়াসকলে কৃষি জগতৰ লগত জড়িত হৈ পৰিল আৰু কৃষি সম্পর্কৰ এক নতুন ৰূপ প্ৰদান কৰিলে।

মোগল যুগত ৰাজহ নির্ধাৰণ কৰাৰ আগতে মাটি জৰীপ কৰা হৈছিল। উৎপাদিকা শক্তিৰ ওপৰত ভিত্তি কৰি ৰাজহৰ পৰিমাণ নির্ধাৰণ কৰা হৈছিল। মাটি জৰীপ কৰি কিমান দিনৰ পৰা মাটিত কি কি খেতি কৰা হৈছে, মাটি কিমান সাৰুৱা আদি নির্ধাৰণ কৰা হৈছিল। ভূমি ৰাজহ ব্যৱস্থা দুটা ভাগত বিভক্ত আছিল— প্ৰথমটো ৰাজহ নির্ধাৰণ আৰু দ্বিতীয়টো প্রকৃত ৰাজহ সংগ্রহ। জমা অর্থাৎ ৰাজহ ধার্য কৰা আৰু 'হাচিল' হ'ল প্রকৃত ৰাজহ সংগ্ৰহৰ পৰিমাণ। ৰাজহ অধিকাৰী বা আমিল গুজৰক সম্রাট আকবৰে নগদ ধনেৰে ৰাজহ সংগ্ৰহ কৰিবলৈ আদেশ দিছিল। অৱশ্যে উৎপাদিত শস্যৰ দ্বাৰা ৰাজহ আদায়ৰ ব্যৱস্থাও আছিল। ৰাজহ নির্ধাৰণ কৰাৰ সময়ত ৰাজ্যই নিজলৈ সৰহ ভাগ ৰাখিবলৈ সদায় যত্ন কৰিছিল। কিন্তু কেতিয়াবা কেতিয়াবা স্থানীয় পৰিস্থিতি সাপেক্ষে বাস্তৱিকতে নির্ধাৰিত পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰাটো সম্ভৱ নহৈছিল।  আকবৰৰ দিনত প্রত্যেকখন প্রদেশৰে কৃষিভূমি আৰু কৃষি উপযোগী ভূমি দুয়োবিধৰে জৰীপ কৰা হৈছিল। আইন-ই-আকবৰী গ্রন্থত এই সমগ্র ভূমিৰ একত্ৰিকৰণ সম্পর্কে উল্লেখ আছে। পিছৰ সম্ৰাটসকলৰ দিনতো ভূমি জৰীপ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। উদাহৰণ স্বৰূপে ১৬৬৫ খৃঃত সম্রাট ঔৰংগজেবে প্রতি গাঁৱত থকা কৃষকৰ সংখ্যা নির্ধাৰণ কৰিবৰ কাৰণে ৰাজহ বিষয়াসকলক নির্দেশ দিছিল। কিন্তু উপমহাদেশৰ এক বৃহৎ অঞ্চল হাবি-জংঘলেৰে ভৰি থকাৰ হেতু সকলো অঞ্চলতে জৰীপ সম্ভৱ হোৱা নাছিল।


42. আইন ই আকবৰী গ্ৰন্থৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ- সম্রাট আকবৰৰ নিৰ্দেশত আবুল ফজলে ৰচনা কৰা আইন-ই-আকবৰী গ্ৰন্থখন মোগল যুগৰ এক ঐতিহাসিক দলিল। প্রকৃততে গ্ৰন্থখন সম্রাট আকবৰে প্ৰশাসনৰ শ্ৰেণী বিভাজনৰ কাৰণে আৰম্ভ কৰা এটা ঐতিহাসিক প্রশাসনিক প্ৰকল্পৰ ফচল আছিল। পাঁচবাৰ সংশোধনৰ অন্তত সম্রাট আকবৰৰ ৰাজত্বৰ ৪২তম বৰ্ষত অর্থাৎ ১৫৯৮ খৃঃত গ্ৰন্থখন ৰচনাৰ কাম সম্পূৰ্ণ কৰা হয়। বাস্তৱিকতে আকবৰৰ ইতিহাস সংকলন প্ৰকল্পৰ অধীনত সংকলন কৰা ইতিহাস 'আকবৰ নামা' গ্ৰন্থখন তিনিটা ভাগত ভাগ কৰা হৈছিল। প্ৰথম দুটা খণ্ডত গ্ৰন্থখন ঐতিহাসিক তথ্য আৰু তৃতীয়টো খণ্ডত আইন-ই-আকবৰী। ইয়াত সাম্ৰাজ্যৰ নীতি-নিয়মৰ সংক্ষিপ্ত ৰূপ আৰু সাম্ৰাজ্যৰ এক গেজেট হিচাপে সংকলন কৰা হৈছিল।

গ্ৰন্থখনত দৰবাৰ আৰু প্ৰশাসন, সৈন্য আৰু সম্পদ, ৰাজহ আৰু উৎস, আকবৰৰ সাম্ৰাজ্যৰ ভৌগোলিক বিৱৰণ, জনসাধাৰণৰ সাহিত্যিক, সামাজিক, অর্থনৈতিক, সাংস্কৃতিক তথা ধৰ্মীয় ৰীতি-নীতিৰ বিস্তৃত বৰ্ণনা কৰা আছে। তদুপৰি আকবৰৰ প্ৰশাসনৰ সকলো বিভাগ আৰু প্ৰদেশ সম্পর্কে বিস্তৃত তথ্য দিয়াৰ লগতে বিভিন্ন প্ৰান্তৰৰ সূক্ষ্ম আৰু বিতৰ্কিত বিষয়সমূহৰো তথ্য সন্নিবিষ্ট হৈ আছে।

এই বৃহৎ পৰিমাণৰ তথ্যসমূহ পদ্ধতিগতভাৱে সংগ্ৰহ কৰা আৰু ক্ৰমানুসাৰে সজাই সংকলন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজকীয় কাম আছিল। গ্ৰন্থখনে আকবৰৰ বিস্তৃত সাম্ৰাজ্যখনত প্ৰচলিত বিভিন্ন ৰীতি-ৰীৱাজ, আচাৰ-ব্যৱহাৰৰ তথ্য দিয়ে। আইন-ই-আকবৰী গ্ৰন্থখনে আকবৰৰ সময়ৰ মোগল সাম্ৰাজ্যৰ এক প্ৰকৃত প্ৰতিচ্ছবি দাঙি ধৰে। সেয়ে গ্ৰন্থখনক মোগল যুগৰ অত্যন্ত গুৰুত্বপূৰ্ণ ঐতিহাসিক দস্তাৱেজ বুলিও ক'ব পাৰি। সি যি কি নহওক এইটো মনত ৰখা উচিত যে গ্ৰন্থখনত প্ৰতিফলিত হোৱা সকলো দিশ কেন্দ্ৰৰ পৰা অৰ্থাৎ ৰাজকীয় দৃষ্টিৰেহে চোৱা হৈছিল বা শীৰ্ষস্থানৰ পৰা দেখা সমাজখনৰ প্ৰতিচ্ছবিহে আছিল।

পাঁচভাগত বিভক্ত গ্ৰন্থখনৰ প্ৰথম তিনিটা ভাগত প্ৰশাসনিক বিৱৰণ দিছে। প্ৰথম ভাগ 'মঞ্জীল আবাদী'ত ৰাজ পৰিয়াল আৰু তেওঁলোকৰ ভৰণ-পোষণ সম্পর্কে বর্ণনা আছে। দ্বিতীয় ভাগ 'চিপহ আবাদী'ত সৈন্যবাহিনী, নাগৰিক প্ৰশাসন আৰু কৰ্মচাৰী সম্পৰ্কীয় বৰ্ণনা আছে। ইয়াতে মনচবদাৰ, বিদ্বান, কবি আৰু কলাকাৰ সকলৰ সংক্ষিপ্ত জীৱনীও অন্তর্ভুক্ত আছে। তৃতীয়ভাগ 'মুল্ক আবাদী'ত সাম্ৰাজ্যৰ প্ৰাদেশিক বিত্তীয় ব্যৱস্থা তথা ৰাজহৰ পৰিমাণ সম্পৰ্কে বৰ্ণনা আছে। ইয়াত বাৰখন প্ৰদেশৰ বৰ্ণনা আৰু লগতে প্ৰদেশবোৰৰ প্ৰশাসনিক তথা বিত্তীয় ব্যৱস্থা (চৰকাৰ, পৰগণা মহল)ৰ ভৌগোলিক, স্থলাকৃতিক (Topography) আৰু অৰ্থনৈতিক দিশৰ ৰেখাচিত্রসহ বিস্তৃত বিৱৰণ আছে। মুল্ক আবাদীত উত্তৰ ভাৰতৰ কৃষি সমাজৰ বহুল আৰু আকৰ্ষণীয় প্ৰতিচ্ছবি দাঙি ধৰা হৈছে। এইখণ্ডতে প্ৰতিখন প্ৰদেশৰ বিভিন্ন ভূমিৰ সৰ্বমুঠ জৰীপ এলেকা আৰু নিৰ্ধাৰিত ৰাজহ (জমা)ৰ উল্লেখ কৰিছে।

চতুৰ্থ আৰু পঞ্চম খণ্ডত ভাৰতীয় জনসাধাৰণৰ ধার্মিক, সাহিত্যিক আৰু সাংস্কৃতিক ৰীতি-ৰীৱাজ, আচাৰ-ব্যৱহাৰ সম্পর্কে বিস্তৃত বিৱৰণ দিছে। ইয়াৰ পৰা ১৬শ শতিকাৰ ভাৰতীয় সমাজৰ ধার্মিক, আৰ্থিক তথা সাংস্কৃতিক বিকাশৰ পূর্ণ প্রতিচ্ছবি পাব পাৰি। গ্ৰন্থখনৰ শেষত আকবৰৰ 'শুভ ভক্তি' আৰু  'শুভ কামনা'সমূহ সন্নিবিষ্ট কৰা হৈছে।

আইন-ই-আকবৰী গ্রন্থখন সমালোচনাৰ উৰ্দ্ধত নাছিল। ইতিহাসবিদসকলে এইক্ষেত্ৰত কিছুমান, আসোঁৱাহ আঙুলিয়াই দিছে। ইয়াৰ এটা আসোঁৱাহ হ'ল ইয়াৰ সংখ্যাগত তথ্যসমূহৰ বিষমতা।


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »