-->

সংবিধান । Constitution in Assamese - একাদশ শ্ৰেণী

 

Questions Answers of AHSEC Solution for Class 11 Political Science : সংবিধান । Constitution. All the important questions answers are discussed in this article.

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

সংবিধান
Constitution

Class XI Political Science

সংবিধানৰ প্রশ্নোত্তৰ:-

            The questions answers of Class 11 Political Science : সংবিধান । Constitution has been discussed in systematic way. There are approximately important 67 questions answers in this article.

1. এখন সংবিধান জনসাধাৰণৰ মৌলিক পৰিচয়। (সত্য নে অসত্য লিখা)        HS-2019
উত্তৰঃ- সত্য

2. অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল?     HS-2019
উত্তৰঃ- 1946 চনৰ 9 ডিচেম্বৰত।

3. ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল?     HS-2018, 2012, 2016
উত্তৰঃ- ড° বি. আৰ. আম্বেদকাৰ

4. ভাৰতীয় সংবিধানৰ এটা উত্সস উল্লেখ কৰা।     HS-2018
(অথবা) ভাৰতীয় সংবিধানৰ দুটা প্রধান উৎস লিখা।     HS-2011

উত্তৰঃ- (ক) ভাৰত শাসন আইন, 1935
           (খ) বৃটেইনৰ শাসনব্যৱস্থা।

5. সংবিধান এখনৰ দুটা কাৰ্য উল্লেখ কৰা।     HS-2019
(অথবা) সংবিধানৰ এটা কার্য কি?      HS-2012

উত্তৰঃ- (ক) সিদ্ধান্ত গ্ৰহণকাৰী ক্ষমতা নিৰ্দিষ্টকৰণ
           (খ) চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা।

6. ভাৰতীয় সংবিধানৰ সভাৰ সভাপতি কোন আছিল?      HS-2017
উত্তৰঃ-ড. ৰাজেন্দ্ৰ প্ৰসাদ

7. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদক ‘ৰাজ্যসমূহৰ সংঘ’ বুলি কোৱা হয়?     HS-2016
উত্তৰঃ-1 নং অনুচ্ছেদক।

8. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা এটা আদর্শ উল্লেখ কৰা।     HS-2017
 (অথবা) সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত এটা ন্যায়ৰ নাম লিখা।        HS-2013

উত্তৰঃ- সামাজিক ন্যায়

9. ভাৰতীয় সংবিধানখন কোনে তৈয়াৰ কৰিছিল?     HS-2012
উত্তৰঃ- সংবিধান সভাই।

10. ভাৰতৰ দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?     HS-2015
উত্তৰঃ- নাই

11. ভাৰতীয় সংবিধান গতিশীল। (শুদ্ধ নে অশুদ্ধ)         HS-2015
উত্তৰঃ- শুদ্ধ


12. সংবিধান বুলিলে কি বুজা?          HS-2014
উত্তৰঃ-সংবিধান হ’ল সেইবোৰ নিয়মৰ সমষ্টি যাৰ দ্বাৰা চৰকাৰ ক্ষমতা, শাসিতৰ অধিকাৰ আৰু শাসক আৰু শাসিতৰ মাজৰ সম্পৰ্ক স্থিৰ কৰা হয় (চি.এফ. ষ্ট্ৰং)।

13. প্ৰস্তাৱনা কি?         HS-2011
উত্তৰঃ-প্ৰস্তাৱনা হ’ল কোনো এখন সংবিধানৰ কিছুমান আদৰ্শ, লক্ষ্য আৰু উদ্দেশ্যৰ ঘোষণাপত্ৰ যাৰ দ্বাৰা দেশৰ লক্ষ্য-উপদ্দেশ্যসমূহ প্ৰকাশ পায়।

14. ইংলেণ্ড আৰু আমেৰিকাৰ পৰা ভাৰতীয় সংবিধানে কি কি গ্ৰহণ কৰিছে?     HS-2012
উত্তৰঃ-ভাৰতীয় সংবিধানে ইংলেণ্ড সংবিধানৰ পৰা সংসদীয় পদ্ধতিৰ চৰকাৰ আৰু আমেৰিকাৰ সংবিধানৰ পৰা মৌলিক অধিকাৰ গ্ৰহণ কৰিছে।

15. ভাৰতীয় সংবিধানত কেইটা অধ্যায়, অনুচ্ছেদ আৰু অনুসূচী আছে।     HS-2012
উত্তৰঃ- 22 টা অধ্যায়, 395 টা অনুচ্ছেদ আৰু 12 টা অনুসূচী আছে।

16. সংবিধান সভাৰ দুজন সদস্যৰ নাম লিখা।     HS-2013
উত্তৰঃ-(ক) কে. এম. মুন্সি
 (খ) চৰ্দাৰ বল্লভ ভাই পেটেল

17. সংবিধানৰ দুটা বৈশিষ্ট্য লিখা।     HS-2014
উত্তৰঃ- (ক) দীৰ্ঘতম সংবিধানঃ-ভাৰতৰ সংবিধানখন বৰ দীঘল। সম্ভৱতঃ পৃথিৱীৰ ভিতৰত এইখন দীৰ্ঘতম সংবিধান। ইয়াত 22 টা অধ্যায়, 395 টা অনুচ্ছেদ আৰু 12 টা অনুসূচী আছে।
(খ) লিখিত সংবিধানঃ- ভাৰতৰ সংবিধানখন এখন লিখিত সংবিধান। সংবিধান ৰচনা কৰাৰ কাৰণে এখন সংবিধান সভা গঠন কৰা হৈছিল। এই সভাৰ সভাপতি আছিল ড. ৰাজেন্দ্ৰ প্ৰসাদ।

18. ভাৰতীয় সংবিধানৰ দুটা সীমাবদ্ধতা লিখা।     HS-2016
উত্তৰঃ-(ক) ভাৰতীয় সংবিধানত কেন্দ্ৰক অধিক প্ৰাধান্যতা দিয়া হৈছে, যাৰ ফলত কেন্দ্ৰ স্বেচ্ছাচাৰী হৈ উঠিব পাৰে।
(খ)ভাৰতীয় সংবিধানে নাগৰিকক মৌলিক অধিকাৰ প্ৰধান কৰিছে যদিও এই অধিকাৰক প্ৰয়োজন সময়ত বাতিল কৰিব পাৰি।

19. সংবিধানৰ দুটা কার্য লিখা।     HS-2017
উত্তৰঃ-(ক) সমন্বয় আৰু আশ্বাস প্ৰদান কৰেঃ-ভাৰতবৰ্ষৰ দৰে বিভিন্ন প্ৰকৃতিৰ, শ্ৰেণীৰ, ধৰ্মৰ, ভাষা-ভাষীৰ, সংস্কৃতিৰ মানুহ বাস কৰা দেশত সমন্বয় আৰু আশ্বাস প্ৰদানৰ বাবে সংবিধানৰ প্ৰয়োজন।
(খ) সিদ্ধান্ত গ্ৰহণকাৰীৰ ক্ষমতা স্পষ্ট কৰি দিয়েঃ-সংবিধানে স্পষ্ট কৰি দিয়ে কেনে ধৰণৰ চৰকাৰ গঠিত হ’ব। ইয়ে চৰকাৰৰ বিভিন্ন অঙ্গ বা অনুষ্ঠানবিলাকৰ ক্ষমতা, কামৰ পৰিসীমা কাৰ্যাৱলী নিৰ্দিষ্ট কৰি দিয়ে।

21. ভাৰতীয় সংবিধান প্ৰস্তুত কৰিবলৈ কিমান সময় লাগিছিল?
উত্তৰঃ- 2 বছৰ, 11 মাহ, 18 দিন

22. সংবিধানৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।     HS-2014
উত্তৰঃ- (ক) দীৰ্ঘতম সংবিধানঃ-ভাৰতৰ সংবিধানখন বৰ দীঘল। সম্ভৱতঃ পৃথিৱীৰ ভিতৰত এইখন দীৰ্ঘতম সংবিধান। ইয়াত 22 টা অধ্যায়, 395 টা অনুচ্ছেদ আৰু 12 টা অনুসূচী আছে।
(খ) লিখিত সংবিধানঃ- ভাৰতৰ সংবিধানখন এখন লিখিত সংবিধান। সংবিধান ৰচনা কৰাৰ কাৰণে এখন সংবিধান সভা গঠন কৰা হৈছিল। এই সভাৰ সভাপতি আছিল ড. ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধানৰ খঠৰা (Draft) কৰিবলৈ ড. বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা কমিটি (Drafting Committee) গঠন কৰা হৈছিল।
(গ) আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে কঠিন সংবিধানঃ-ভাৰতবৰ্ষৰ সংবিধানখন নমনীয়ও নহয় আৰু কঠিনো নহয়। ইয়াক নমনীয় সংবিধান আৰু কঠিন সংবিধানৰ এক অপূৰ্ব সংমিশ্ৰণ বুলিব পাৰি। সংবিধানৰ বিভিন্ন অনুচ্ছেদ তিনিটা উপায়েৰে সংশোধন কৰিব পাৰি।
(ঘ) সংবিধানৰ প্ৰাধান্যঃ- সংবিধানেই সমুদায় ৰাষ্ট্ৰীয় ক্ষমতা আৰু নাগৰিক অধিকাৰৰ উত্স। ই ৰাষ্ট্ৰ সৰ্বোত্তম আইন। ভাৰতৰ উচ্চতম ন্যায়ালয় সংবিধানৰ ৰক্ষক। দেশৰ কোনো ব্যক্তিয়েই সংবিধান বিৰোধী কাম কৰিব নোৱাৰে।
(ঙ) সংসদীয় পদ্ধতিৰ সংবিধানঃ-ভাৰতবৰ্ষত ৰাষ্ট্ৰপ্ৰধানজনক ৰাষ্ট্ৰপতি বোলা হয়, যদিও ৰাষ্ট্ৰপতি শাসিত চৰকাৰৰ প্ৰচলন নাই, ইয়াত সংসদীয় পদ্ধতিৰ চৰকাৰৰ ব্যৱস্থাহে আছে। সংসদীয় পদ্ধতিৰ চৰকাৰত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানৰ মাজত প্ৰভেদ থাকে।


23. জৱাহৰলাল নেহেৰুৰ উদ্দেশ্য প্ৰস্তাৱৰ দুটা মূল দিশ লিখা।     HS-2018
উত্তৰঃ-জৱাহৰলাল নেহৰুৰ উদ্দেশ্য সম্বলিত প্ৰস্তাৱ" নীতি তলত উল্লেখ কৰা হ'ল-
(ক) ভাৰতবৰ্ষক এখন স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা আৰু ইয়াৰ ভৱিষ্যতৰ শাসন-ব্যৱস্থাৰ কাৰণে এখন সংবিধান প্ৰণয়ন কৰা।
(খ) সংখ্যালঘু,অনুন্নত আৰু জনজাতি লোকসকল তথা অনগ্ৰসৰ আৰু অন্যান্য পিচপৰা শ্ৰেণীভুক্তলোকৰ প্ৰতি সুৰক্ষা প্ৰদান কৰা হ'ব।
(গ) সাৰ্বভৌম স্বাধীন ভাৰতবৰ্ষ, ইয়াৰ অংগ ৰাজ্যসমূহ আৰু চৰকাৰৰ অংগসমূহে ক্ষমতা আৰু কৰ্তৃত্ব জনসাধাৰণৰ পৰা লাভ কৰিব।
    (ঘ) দেশখনে বিশ্বশান্তি আৰু জনগণৰ কল্যাণৰ কাৰণে সম্পূৰ্ণৰূপে আৰু ইচ্ছানুসৰি অৰিহণা আগবঢ়াব।

24. সংবিধানৰ প্ৰস্তাৱনাৰ ওপৰত এটা টোকা লিখা।     HS-2011 marks-4
উত্তৰঃ-লিখিত সংবিধানত প্ৰস্তাৱনা সন্নিবিষ্ট কৰা হয় যদিও প্ৰস্তাৱনা সংবিধানৰ অংশ নহয়; ইয়াক আদালতৰ জৰিয়তে সাব্যস্ত কৰিব নোৱাৰি। অৰ্থাত্ প্ৰস্তাৱনাত উল্লেখ থকা আদৰ্শসমূহ বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ ব্যৱস্থা নকৰিলেও চৰকাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল’ব পৰা নাযায়। সেয়েহে ইয়াক অৰ্থহীন যেন লাগে।
    পিছে এনে ধাৰণাৰ যুক্তিসংঙ্গত ভিত্তি থকা বুলি ধৰি ল’ব নোৱাৰি। সংবিধানৰ কোনো অংশই কেতিয়াবা কোনো বিষয়ে স্পষ্ট বা গ্ৰহণযোগ্য সিদ্ধান্ত দিব নোৱাৰিলে, প্ৰস্তাৱনাৰ প্ৰতি লক্ষ্য কৰা হয়। প্ৰস্তাৱনাই ভাৰতৰ উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক সংবিধানৰ প্ৰকৃত উদ্দেশ্য ব্যাখ্যা কৰাত সহায় কৰিছে। প্ৰস্তাৱনাত উল্লেখ থকা লক্ষ্য আৰু আদৰ্শৰ ভিত্তিত আদালতে ৰায় দিয়াৰ উদাহৰণ পোৱা যায়। গতিকে প্ৰস্তাৱনাই ন্যায়াধীশসকলৰ বাবে ন্যায় বিচাৰ কৰাত অতি আৱশ্যকীয় দলিল হিচাপে কাম কৰি আহিছে।
    আমাৰ দেশৰ সংবিধানত সন্নিবিষ্ট কৰা প্ৰস্তাৱনাটোৰ আসোঁৱাহ হ’ল যে ই বিচাৰযোগ্য নহয়। অৰ্থাত্‍ প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা আদৰ্শসমূহ আদালতৰ জৰিয়তে সাব্যস্ত কৰিব পৰা নাযায়।

25. ভাৰতৰ সংবিধানৰ চাৰিটা উৎস লিখা।
উত্তৰ:- ভাৰতৰ সংবিধানৰ চাৰিটা উৎস হ'ল-
(ক) ভাৰত চৰকাৰৰ আইন:-পৰাধীন ভাৰতৰ আইনবিলাকৰ ভিতৰত ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ ভাল ভাল সমলবোৰ আনি আমাৰ সংবিধানত সন্নিবিষ্ট কৰা হৈছে।
(খ) বৃটিছ সংবিধান:-সংবিধান প্ৰণেতাসকলে বৃটিছ সংসদীয় শাসন ব্যবস্থাক অনুকৰণ কৰি ভাৰতবৰ্ষৰ কেন্দ্ৰ আৰু ৰাজ্যসমূহত সংসদীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। ভাৰতৰ সংসদীয় শাসন ব্যৱস্থা বৃটিছ সংবিধানৰ প্ৰত্যক্ষ প্ৰভাৱ বুলি ক'ব পাৰি।
(গ) অন্যান্য সংবিধানৰ প্ৰভাৱঃ-বৃটিছ সংবিধানৰ উপৰিও অন্যান্য দেশৰ সংবিধানৰ প্ৰভাৱ ভাৰতীয় সংবিধানৰ ওপৰত প্ৰতিফলিত হৈছে। আমেৰিকা, কানাডা, ফ্ৰান্স, আয়াৰলেণ্ড আদি দেশৰ সংবিধানত প্ৰতিফলিত হৈছে।  
    (ঘ)স্বাধীনতা আন্দোলন:-ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত স্বাধীনতা আন্দোলনৰ প্ৰভাৱ যথেষ্ট দেখিবলৈ পোৱা যায়। পণ্ডিত জৱাহৰলাল নেহৰুৰ "উদ্দেশ্য সম্ভলিত প্ৰস্তাৱ"টো ভাৰতীয় সংবিধান ৰচনা কৰাৰ মূল আধাৰ হিচাপে গ্ৰহণ কৰিছিল।

26. ভাৰতীয় সংবিধানৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰঃ-ভাৰতীয় সংবিধানৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰ তলত আলোচনা কৰা হ’ল—
(ক) সংবিধানৰ প্ৰাধান্যতাঃ-যুক্তৰাষ্ট্ৰত সংবিধানক দেশৰ মৌলিক আইন বুলি কোৱা হয় যদিও ভাৰতীয় সংসদে সংবিধানৰ ‘মূল গাঁথনিৰ’ বাহিৰে সকলো অংশ সংশোধন কৰিব পাৰে। এয়াক ভাৰতীয় সংবিধানৰ এটা অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য বুলি ক’ব পাৰি।
(খ) এক-নাগৰিকত্বঃ-যুক্তৰাষ্ট্ৰত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা থাকে। ভাৰতৰ সংবিধানে দেশৰ নাগৰিকসকলক দ্বি-নাগৰিকত্ব প্ৰদান কৰা নাই। ভাৰতত ৰাজ্যিক নাগৰিকত্বৰ ব্যৱস্থা নাই।
(গ) উচ্চ-সদনত অসমান প্ৰতিনিধিত্বঃ-যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় আইনসভাৰ দ্বিতীয় সদনত ৰাজ্যসমূহৰ সমান প্ৰতিনিধিত্ব থাকে। কিন্তু ভাৰতৰ আইনসভাৰ উচ্চ সদনত সম-প্ৰতিনিধিত্ব নাই।
(ঘ) ৰাজ্যপালৰ নিযুক্তিঃ-যুক্তৰাষ্ট্ৰীয় বিধানমতে ৰাজ্যৰ মূৰব্বী ৰাজ্যপালগৰাকীক সেই ৰাজ্যৰ জনসাধাৰণে নিৰ্বাচিত কৰিব লাগে। কিন্তু ভাৰতত সেই নীতি প্ৰযোজ্য নহয়। 


পাঠ্যপুথি ভিত্তিৰ প্ৰশ্নোত্তৰ (Textual Answer Questions)
অতি চমু উত্তৰৰ প্ৰশ্ন (Very Short Answer Questions)
১. কাৰ পৰামর্শ মতে সংবিধানসভা গঠন কৰা হৈছিল?

উত্তৰঃ- মানোবেন্দ্ৰনাথ ৰায়

২। ভাৰতৰ সংবিধানখন কিয় ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল?
উত্তৰঃ- ভাৰতীয় জাতীয় কংগ্ৰেছে ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতত 'পূৰ্ণ স্বৰাজ'ৰ দাবী উত্থাপন কৰিছিল। সেইবাবে ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল।

৩। সমাজত সংবিধানৰ কাম কি?
উত্তৰঃ- সংবিধানৰ প্ৰথম আৰু প্ৰধান কামটো হৈছে সমাজৰ সকলো লোকৰ মাজত সমন্বয়ৰ নিশ্চয়তা প্ৰদান ব্যৱস্থা কৰা। এইদৰে সংবিধানে এখন ৰাষ্ট্ৰৰ ভৱিষ্যতৰ গতিপথ সুনিশ্চিত কৰি ৰাখে।

৪। ভাৰতীয় সংবিধান কি ধৰণেৰে প্ৰস্তুত কৰা হৈছিল?
উত্তৰঃ-সংবিধান সভাৰ সদস্যসকলক নিৰ্বাচনৰ যোগেদী নিৰ্বাচিত কৰি সংবিধান ৰচনা কৰা হৈছিল।

৫। ভাৰতীয় সংবিধানৰ দুটা উৎস উল্লেখ কৰা।

উত্তৰঃ-(ক) ভাৰত শাসন আইন, 1935
(খ) বৃটিছ সংবিধান

৬। ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্যৰ নাম লিখা।
উত্তৰঃ- (ক) দীৰ্ঘতম সংবিধান
(খ) লিখিত সংবিধান
(গ) সংবিধানৰ প্ৰাধান্য

৭। চৰকাৰৰ ক্ষমতাৰ ওপৰত দুটা সীমাৱদ্ধতা উল্লেখ কৰা।
উত্তৰঃ-(ক) মৌলিক অধিকাৰ
(খ) ক্ষমতাৰ পৃতকীকৰণ

৮। জনসাধাৰণৰ মৌলিক পৰিচয়ে কি বুজায়?

উত্তৰঃ- সংবিধানৰ প্ৰস্তাৱনা

৯। সংবিধান এখন সফল হোৱাৰ দুটা কাৰণ লিখা।
উত্তৰঃ-

১০। উদ্দেশ্য প্রস্তাৱ (Objective Resolution)-ৰ দুটা দিশ উল্লেখ কৰা।
উত্তৰঃ-(ক) ভাৰতবৰ্ষক এখন স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা আৰু ইয়াৰ ভৱিষ্যতৰ শাসন-ব্যৱস্থাৰ কাৰণে এখন সংবিধান প্ৰণয়ন কৰা।
(খ) সংখ্যালঘু, অনুন্নত আৰু জনজাতি লোকসকল তথা অনগ্ৰসৰ আৰু অন্যান্য পিচপৰা শ্ৰেণীভুক্তলোকৰ প্ৰতি সুৰক্ষা প্ৰদান কৰা হ'ব।

১১। সংবিধানৰ খচৰা কমিটিৰ দুজন সদস্যৰ নাম লিখা।
উত্তৰঃ- কে.এম. মুন্সী আৰু ছৈয়দ মহম্মদ ছাদুল্লা

১২। সংবিধান সভাৰ দুখন কমিটি কি কি?
উত্তৰঃ- (ক) সঞ্চালক কমিটি (Steering Committee)
(খ) উপদেষ্টা কমিটি (Committee on the order of Business)

১৩৷ ভাৰতীয় সংবিধানখন এখন জীৱন্ত দলিল নে?
উত্তৰঃ- হয়

১৪। লক্ষ্য নির্ধাৰকমূলক প্রস্তাৱনাৰ দুটা নীতি লিখা।
উত্তৰঃ- সামাজিক ন্যায় আৰু অৰ্থনীতি ন্যায়

১৫। ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? ই কেতিয়াৰ পৰা কাৰ্যকৰী হয়?
উত্তৰঃ- ভাৰতীয় সংবিধানখন ১৯৪৯ চনত ২৬ নভে গ্ৰহণ কৰা হৈছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হৈছিল।

১৬। 'ভাৰতৰ সংবিধানখন এখন ধাৰ কৰা সংবিধান'– মন্তব্য দিয়া।।
উত্তৰঃ-

বস্তুনিষ্ঠ প্রশ্নাৱলীঃ
A. উত্তৰ দিয়া (Give Answers) :
১। কোনবিধ কার্য সংবিধান অন্তর্ভুক্ত নহয়?
(ক) নাগৰিকৰ সুৰক্ষাৰ অধিকাৰ
(খ) চৰকাৰৰ অন্তৰ্গত বিভিন্ন বিভাগৰ ক্ষমতা
(গ) প্রতিভাসম্পন্ন ব্যক্তি ক্ষমতালৈ অহা
(ঘ) মত প্রকাশৰ অধিকাৰ

উত্তৰঃ-(গ) প্রতিভাসম্পন্ন ব্যক্তি ক্ষমতালৈ অহা

২। তলত উল্লেখ কৰা কোনবোৰ যুক্তিয়ে সংসদতকৈ সংবিধানৰ কর্তৃত্ব বেছি নির্ধাৰণ কৰে?
(ক) সংসদ গঠনৰ আগতে সংবিধান ৰচনা কৰা হৈছিল।
(খ) সাংসদসকলতকৈ সংবিধান প্রণেতাসকল বেছি প্রখ্যাত নেতা।
(গ) সংবিধানে সংসদ গঠন আৰু ক্ষমতা নির্ধাৰণ কৰে।
(ঘ) সংসদে সংবিধান সংশোধন কৰিব নোৱাৰে।

উত্তৰঃ-(গ) সংবিধানে সংসদ গঠন আৰু ক্ষমতা নির্ধাৰণ কৰে।

৩। সংবিধান সম্পর্কে তলত উল্লেখ কৰা বাক্যবোৰ সঁচা নে মিছা?
(ক) সংবিধান চৰকাৰ গঠন ক্ষমতা সম্পর্কে লিখিত দলিল।

উত্তৰঃ-মিছা
(খ) গণতান্ত্রিক ৰাষ্ট্ৰৰ কাৰণেহে সংবিধানৰ প্রয়োজন।
উত্তৰঃ-মিছা
(গ) সংবিধান কেৱল আইনগত দলিলহে, ইয়াৰ কোনো আদর্শ আৰু গুৰুত্ব নাই।
উত্তৰঃ-মিছা
(ঘ) সংবিধানে নাগৰিকক নতুনত্ব প্রদান কৰে।
উত্তৰঃ-সঁচা

৪। ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত নিম্নলিখিত সিদ্ধান্তবিলাক সঁচা নে মিছা যুক্তি দর্শোৱাঃ
(ক) সংবিধান সভাই ভাৰতীয় নাগৰিকক প্রতিনিধিত্ব কৰা নাই কিয়নো তেওঁলোকক সকলো নাগৰিকে নির্বাচিত কৰা।

উত্তৰঃ- মিছা
(খ) সংবিধান প্রণয়নৰ সময়ত সংবিধানৰ বুনিয়াদী ৰূপৰেখা সম্পর্কে নেতাসকলৰ মাজত সহমত থকাৰ কাৰণে কো জটিল সমস্যাৰ সৃষ্টি হোৱা নাছিল।
উত্তৰঃ- সঁচা
(গ) ভাৰতীয় সংবিধান অন্যান্য দেশৰ সংবিধানৰ আলমত ৰচনা কৰাৰ বাবে ইয়াৰ কোনো মৌলিকতা নাই।
উত্তৰঃ- মিছা
(ঘ) কোনখন আঁচনিৰ জৰিয়তে সংবিধান সভা গঠন কৰা হৈছিল?
উত্তৰঃ- কেবিনেট মিশ্বন আঁচনিৰ জৰিয়তে সংবিধান সভা গঠন কৰা হৈছিল।

৫) ভাৰতীয় সংবিধানৰ আধাৰত তলত উল্লেখ কৰা সিদ্ধান্ত সম্পৰ্কত দুটাকৈ উদাহৰণ দিয়াঃ

(ক) ভাৰতীয় সংবিধানখন বিচক্ষণ নেতাৰ দ্বাৰা প্রণয়ন কৰা হৈছে বাবে তেওঁলোকক ভাৰতীয় নাগৰিকে সন্মান কৰে।
উত্তৰঃ-
(খ) সংবিধানে যি উপায়ে ক্ষমতাৰ বিতৰণ কৰিছে তাক অদল-বদল কৰাত প্রতিবন্ধকতা আছে।
উত্তৰঃ-
(গ) সংবিধান দেশৰ জনসাধাৰণৰ আশা আৰু আকাংখ্যাৰ কেন্দ্রবিন্দু।
উত্তৰঃ-
(ঘ) সংবিধান সভাৰ অস্থায়ী সভাপতি কাক নির্বাচিত কৰা হৈছিল।
উত্তৰঃ- ড. সচ্ছিদানন্দ সিন্‌হা

৬) সংবিধান সভাৰ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰঃ- ১৯৪৬ চনত

৭) সংবিধান সভাৰ অস্থায়ী সভাপতি কাক নির্বাচিত কৰা হৈছিল?
উত্তৰঃ- ড. সচ্ছিদানন্দ সিন্‌হা

৮। সংবিধান সভাৰ প্রথম বৈঠক কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ- 1946 চনৰ ৯ ডিচেম্বৰত।

৯। সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল?
উত্তৰঃ- ড. ৰাজেন্দ্ৰ প্ৰসাদ

১০। আমাক সংবিধান এখন কিয় লাগে এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ- সংবিধানত সাধাৰণতে নাগৰিকৰ কেতবোৰ অধিকাৰ লিপিবদ্ধ কৰা থাকে। এই অধিকাৰবোৰ লিপিবদ্ধ থকা বাবে অলংঙঘনীয় হয়।

১১। এখন সংবিধানে জনসাধাৰণৰ মৌলিক পৰিচয় দাঙি ধৰে নে? (হয় নে নহয় লিখা)
উত্তৰঃ- হয়

১২। সংবিধান হৈছে দেশৰ সর্বোচ্চ আইন যাক সকলো নাগৰিকে মানি চলিবলৈ বাধ্য। (হয় নে নহয় লিখা)
উত্তৰঃ- হয়

শুদ্ধ উত্তৰ বাছি উলিওৱা (Chose the correct answers) :
১। তলত উল্লেখ কৰা ভাৰতীয় সংবিধানৰ কোনটো ব্যৱস্থা বিতর্ক নোহোৱাকৈ গৃহীত হৈছিল?
(ক) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ
(খ) মৌলিক অধিকাৰ
(গ) ৰাষ্ট্র পৰিচালনাৰ নির্দেশক নীতি
(ঘ) সংসদীয় গণতন্ত্র

উত্তৰঃ- সংসদীয় গণতন্ত্র

২। সংবিধান সভাৰ নির্বাচন কিহৰ ভিত্তিত অনুষ্ঠিত হৈছিল?
(ক) সার্বজনীন ভোট ব্যৱস্থা
(খ) সম ভোটাধিকাৰ
(গ) সাম্প্রদায়িক ভিত্তিত
(ঘ) মনোনয়নৰ জৰিয়তে

উত্তৰঃ- সম ভোটাধিকাৰ

৩। স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ-জেনেৰেল কোন আছিল?
(ক) পণ্ডিত জৱাহৰলাল নেহৰু
(খ) চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী
(গ) লর্ড মাউন্টবেটেন
(ঘ) ডঃ বি. আৰ. আম্বেদকাৰ

উত্তৰঃ- লর্ড মাউন্টবেটেন

৪। প্রথম অৱস্থাত সংবিধানসভা সার্বভৌম সন্থা উচ্চ স্থান নাছিল কিন্তু পিছলৈ ই সার্বভৌম সংস্থা হয়।

(ক) ১৫ জুলাই ১৯৪৬ চন         (খ) ১৫ আগষ্ট ১৯৫০ চন
(গ) ২৬ জানুৱাৰী ১৯৫০ চন        (ঘ) ৯ ডিচেম্বৰ ১৯৪৬ চন

উত্তৰঃ-২৬ জানুৱাৰী ১৯৫০ চন

উত্তৰ দিয়া (Give answer)
১। সংবিধান মানে কি?

উত্তৰঃ- সংবিধান হ’ল সেইবোৰ নিয়মৰ সমষ্টি যাৰ দ্বাৰা চৰকাৰ ক্ষমতা, শাসিতৰ অধিকাৰ আৰু শাসক আৰু শাসিতৰ মাজৰ সম্পৰ্ক স্থিৰ কৰা হয় (চি.এফ. ষ্ট্ৰং)।

২। সংবিধানে চৰকাৰৰ ক্ষমতা সীমিত কৰে নে?
উত্তৰঃ- কৰে

৩। বৃটিছ সংবিধানৰ পৰা লোৱা ভাৰতীয় সংবিধানৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ- নিৰ্বাচনী ব্যৱস্থা

৪। ভাৰতীয় সংবিধানৰ খচৰা কোনে প্রস্তুত কৰিছিল?
উত্তৰঃ-ডঃ বি.আৰ. আম্বেদকাৰৰ নেতৃত খচৰা কমিটিয়ে।

৫। লক্ষ্য নির্ধাৰকমূলক প্ৰস্তাৱটো সংবিধান সভাত কোনে দাঙি ধৰিছিল।
উত্তৰঃ- জৱাহৰলাল নেহৰু


Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan, MIL Assamese, Environment (Assamese)
Previous
Next Post »

8 Comments

Click here for Comments
Mini S
admin
May 22, 2022 at 12:39 PM ×

ছাৰ,আপোনাৰ প্ৰশ্নোত্তৰসমূহ বেলেগতকৈ কিছু বেলেগ।সাৱলীলতা আপোনাৰ প্ৰশ্নোত্তৰসমূহৰ এক বিশেষত্ব। আপোনাৰ অহোপুৰুষাৰ্থ কষ্ট সাৰ্থক হওক।

Reply
avatar
Unknown
admin
October 28, 2022 at 11:31 AM ×

very helpful for students of Higher Secondary.

Reply
avatar
Manila
admin
January 15, 2023 at 6:55 AM ×

Very very useful for us.

Reply
avatar
Unknown
admin
July 28, 2023 at 4:59 PM ×

Good work and very helpful

Reply
avatar
Unknown
admin
August 28, 2023 at 9:40 AM ×

Very good and helpful

Reply
avatar