-->

Class 12 History Chapter 7 ভক্তি চুফি পৰম্পৰা । Bhakti Sufi Traditions

AHSEC Solution for Class 12 History Chapter 7 ভক্তি চুফি পৰম্পৰা । Bhakti Sufi Traditions. All the important answers are discussed in this article.

ভক্তি আৰু চুফী পৰম্পৰা, ধাৰ্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধৰ্মীয় গ্ৰন্থ (খ্ৰীঃ ৮ম শতিকাৰ পৰা ১৮শ শতিকালৈ)


History Chapter 7 ভক্তি চুফি পৰম্পৰা । Bhakti Sufi Traditions ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 History Chapter 7 ভক্তি চুফি পৰম্পৰা । Bhakti Sufi Traditions has been discussed in systematic way. There are approximately important 48 questions answers in this article.

1. কবীৰৰ উল্টাবাঁসী ৰচনাসমূহ কি আছিল?

উত্তৰঃ- দোহা।


2. মচনবী মানে কি?

উত্তৰঃ-মচনবী মানে হৈছে পদমৰ্যাদা।


3. তান্ত্ৰিক ধৰ্ম মানে কি?

উত্তৰঃ- দেৱী আৰাধনা পদ্ধতিক তান্ত্ৰিক ধৰ্ম বোলে।


4. মীৰাবাঈ কোন আছিল?

উত্তৰঃ- মীৰাবাঈ সম্ভৱতঃ ভক্তি পৰম্পৰাৰ সকলোতকৈ প্ৰসিদ্ধ মহিলা কবি আছিল।


5. যোগীসকল কোন আছিল?

উত্তৰঃ- যোগীসকল আছিল- গোড়া ব্ৰাহ্মণ্য ধৰ্মৰ বাহিৰত থকা ধৰ্মীয় নেতা।


6. 'জিম্মি' মানে তুমি কি বুজা?

উত্তৰঃ-'জিম্মি' মানে হৈছে সুৰক্ষিত প্ৰজা।


7. দুজন বিখ্যাত চুফী সন্তৰ নাম লিখা।

উত্তৰঃ-চিষ্টি খানকাহ আৰু আব্দুল কাদিৰী জিলানী।


8. সগুণ ভক্তি কি আছিল? HS-2016, 2017 

উত্তৰঃ- যি সকল ভক্তই কোনো অৱতাৰী পুৰুষক বা মূর্ত্তিক পূজা কৰে তেওঁলোকৰ ভক্তিক সগুণ ভক্তি বুলি কোৱা হয়। 


9. নির্গুণ ভক্তি কাক কোৱা হয়? HS-2016, 2017

উত্তৰঃ- যি সকল ভক্তই নিৰাকাৰ পৰম পুৰুষৰ ওচৰত নিজকে সমর্পণ কৰে— তাকেই নিগুণ ভক্তি বোলা হয়। 


10. মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰচাৰ কৰা ধর্ম আন কি নামেৰে জনাজাত আছিল? 

উত্তৰঃ- ভাগৱতী ধর্ম আৰু মহাপুৰুষীয়া ধর্ম। 


11. নিন্দায়ত সকল কোন? 

উত্তৰঃ- মহাদেৱ শিৱৰ উপাসক সকল। 


12. উলেমা সকল কোন আছিল? 

উত্তৰঃ- মুছলমান সকলৰ ধর্মগুৰু আৰু ইচলামী শিক্ষা ব্যৱস্থাৰ লগত জড়িত পণ্ডিত সকল। 


13. খোয়াজ মইনুদ্দিনৰ দৰসাই পৰিভ্ৰমণ কৰা প্রথম জন কোন আছিল? 

উত্তৰঃ- মহম্মদ বিন টোগলক।


14. জাহানাৰা কোন আছিল?

উত্তৰঃ- মোগল সম্রাট চাহজাহানৰ জীয়ৰী। 


15. শিখ ধৰ্মৰ প্ৰবৰ্ত্তক কোন আছিল?

উত্তৰঃ- গুৰু নানক। 


16. শিখ ধৰ্মৰ প্রথম গ্রন্থ কোনখন আছিল? 

উত্তৰঃ- আদি গ্রন্থ চাহিব।


17. কবীৰৰ অনুসৰণকাৰী সকলক কি বুলি কোৱা হয়? 

উত্তৰঃ- কবীৰপন্থী।


18. শিখ গুৰু নানকৰ পৰৱৰ্তী গুৰু হিচাবে কাক নিয়োগ কৰা হৈছিল?

উত্তৰঃ- অঙ্গদক।


19. শিখ ধৰ্মৰ গুৰুবানী কাক কোৱা হৈছিল?

উত্তৰঃ- পঞ্চম শিখ গুৰুৱে তেওঁৰ আগৰ চাৰিওজনৰ গুৰুৰ বাণীবোৰ একত্ৰিত কৰা সংকলন। 


20. শিখ ধৰ্মৰ ৫ম গুৰু কোন আছিল? 

উত্তৰঃ- গুৰু অৰ্জুনদেৱ।


21. কবীৰৰ মাক কোন ধর্ম অনুসৰণকাৰী আছিল? 

উত্তৰঃ- হিন্দুধর্মৰ।


22. হিন্দু শব্দৰ উত্‍পত্তি ক'ৰ পৰা হৈছিল?

উত্তৰঃ- পাৰ্চী ভাষাৰ পৰা।


23. জগন্নাথৰ মূৰ্ত্তিত কোন দেৱতাক বুজায়? 

উত্তৰঃ- জগতৰ গুৰু অর্থাৎ বিষ্ণু। 


24. ধাতৱ মূর্তি তৈয়াৰ কৰাত উদগনি দিয়া চোল বংশৰ ৰজা জন আছিল?

উত্তৰঃ- প্ৰথম পৰান্তক। 


25. কৰ্ণাটকৰ বীৰ শৈৱ পৰম্পৰা কোনে আৰম্ভ কৰিছিল?

উত্তৰঃ- খ্ৰীষ্টাব্দ বাৰশ শতিকাত বাসৱনাই


26. কবীৰ বীজ কি?

উত্তৰঃ- কবীৰ সংকলিত বাণীসমূহক 'কবীৰ বীজ' নামেৰে জনা যায়।


27. কুটাগাৰশালা কিয় বিখ্যাত? HS-2017

উত্তৰঃ- বিহাৰৰ কৈশানীত স্থাপিত হোৱা বৌদ্ধ মঠ এটাৰ নাম। এইটো বিখ্যাত আনন্দস্থপৰ নিচেই ওচৰতে অৱস্থিত।


28. গুৰু নানকে কোন চনত আৰু ক'ত জন্ম পাইছিল। HS-2016 

উত্তৰঃ- তেওঁৰ ১৪৬৯ চনত জন্ম হয় আৰু বর্তমান পাকিস্তানৰ অন্তৰ্গত ৰবি নদীৰ ওচৰৰ নানাকানত চাহিব নামৰ গাঁৱত জন্ম হৈছিল। 


29. নয়নাৰপন্থীসকলে কিয় জৈন আৰু বৌদ্ধসকলৰ বিৰোধিতা কৰিছিল?

উত্তৰঃ-নয়নাৰপন্থীসকলে জৈন আৰু বৌদ্ধসকলৰ বিৰোধিতা কৰিছিল কাৰণ তেওঁলোকৰ ইষ্ট দেৱতা শিৱক সৰ্বোচ্চ বুলি জ্ঞান কৰিছিল।


30.নাথপন্থীসকল কোন আছিল?

উত্তৰঃ- ব্ৰাহ্মণসকলে সমাজত লাভ কৰা ক্ষমতা আৰু সমাজৰ প্ৰচলিত শ্ৰেণী বিভাজনৰ বিৰুদ্ধে আন্দোলন কৰা লোকসকলক নাথপন্থী বুলি কোৱা হয়।


31. মাতৃগৃহ বাসস্থান বুলিলে কি বুজা?

উত্তৰঃ- বিবাহৰ পিছত কোনো মহিলাই নিজৰ ল'ৰা-ছোৱালী আৰু স্বামীৰ সৈতে নিজ মাতৃৰ ঘৰত বসবাস কৰিবলৈ লোৱা কাৰ্যবোৰক মাতৃগৃহ বাসস্থান বুলি কোৱা হয়। 


32. খাৱজা মইনুদ্দিনৰ দৰগাহ জনপ্ৰিয় হোৱাৰ দুটা কাৰণ লিখা।

উত্তৰঃ- (ক) শ্বেইখ মইনুদ্দিন চিপ্টিৰ সদাচাৰিতা আৰু ধৰ্মনিষ্ঠা,

(খ) চিপ্টি উত্তৰাধিকাৰীসকলৰ মহানতা।


33. 'আলৱাৰ' আৰু 'নয়নাৰ'সকল কোন আছিল?

উত্তৰঃ- তামিলনাডুত আৰম্ভ হোৱা ভক্তি আন্দোলনৰ দুটা নেতৃত্ববহনকাৰী দলেই আছিল- 'আলৱাৰ' আৰু 'নয়নাৰ'সকল। আলৱাৰসকল আছিল বিষ্ণুভক্ত নয়নাসকল আছিল শিৱভক্ত।


32   চুফী আৰু ভক্তি পৰম্পৰাৰ সাদৃশ্য লিখা।

উত্তৰঃ- চুফী আৰু ভক্তি পৰম্পৰাৰ বৈশিষ্ট্য হৈছে- অনৈক্যৰ মাজত ঐক্য। ভগৱানক নিত্য-নৈমিত্তিক উপাসনা দুয়োটা পৰম্পৰাৰে বিশেষত্ব। অহিংসা চুফী আৰু ভক্তি পৰম্পৰাৰ বিশেষত্ব।


33. জিয়াৰৰ পৰম্পৰাক কিয় উচ্চ বুলি কোৱা হয়?

উত্তৰঃ-জিয়াৰৰ পৰম্পৰাক উচ্চ বুলি কোৱা হৈছে- পীৰসকলৰ দৰগাহলৈ তীৰ্থযাত্ৰা কৰিছিল ভক্তসকলে আৰু তেওঁলোকৰ মৃত্যু বাৰ্ষিকীত শদ্ধা জনাবলৈ যোৱাটো এটা নীতিত পৰিণত হৈছিল।


34. ৰবিদাস কোন আছিল?

উত্তৰঃ- ৰবিদাস কবীৰৰ সমসাময়িক ভক্তি আন্দোলনৰ প্ৰচাৰক আছিল। তেওঁ নিৰাকাৰ ভগৱানৰ অস্তিত্বৰ ওপৰত বিশ্বাস কৰিছিল। তদুপৰি তেওঁ পুনৰ জন্মৰ ওপৰতো বিশ্বাস কৰিছিল। তেওঁৰ মতে শুদ্ধ অন্তৰেৰে ভগৱানক বিচাৰিলে মোক্ষ বা মুক্তি লাভ কৰিব পাৰি।


35. বে-চাৰিয়া আৰু বা-চাৰিয়া চুফী পৰম্পৰাৰ মাজত থকা সাদৃশ্যসমূহ কি কি আছিল?

উত্তৰঃ- চৰিয়তক অৱজ্ঞা কৰাসকলক চুফী পৰম্পৰাত বে-চৰিয়ত বোলা হয়।

চৰিয়ত পালন কৰাসকলক বা-চাৰিয়ত বোলা হয়। চুফীৰ পৰা তেওঁলোকে নিজকে পৃথক কৰি ৰাখিছিল।


36. সম্প্ৰদায়সমুহৰ সমন্বয়ৰ যোগেদি ইতিহাসবিদসকলে কি অৰ্থ প্ৰকাশ কৰিছে উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ- সম্প্ৰদায়সমূহৰ সমন্বয় যোগেদি ইতিহাসবিদসকলে পৰম্পৰাগত পৰিৱৰ্তুনৰ ৰূপৰেখা প্ৰস্তুতকৰণত সহায় কৰিছে। বিভিন্ন মন্দিৰৰ গঠন শৈলী, আকৃতি-প্ৰকৃতিয়ে ইয়াৰ নিৰ্মাতা আৰু তেওঁলোকৰ ধ্যান-ধাৰণা, আস্থা, ব্যৱবহাৰ বিষয়ে সম্যক ধাৰণা দিয়াত সহায় কৰিছে।


37. মছজিদ স্থাপত্য কলাত বিশ্বজনীন আৰু স্থানীয় পৰম্পৰাৰ কিমানদুৰ সংমিশ্ৰণ ঘটিছে?

উত্তৰঃ- এক বিশ্বজনীন ধৰ্মৰ লগত স্থানীয় আচাৰ-বিধিৰ জটিল সংমিশ্ৰণৰ সৰ্বোত্তম উদাহৰণ মছজিদ নিৰ্মাণৰ স্থাপত্য কলাত পৰিলক্ষিত হয়। মছজিদ স্থাপত্য কলা বিশ্বজনীন আছিল। যেনে- মক্কাৰ ফালে মুখ কৰি নামাজ পঢ়া, মেহৰাত আৰু মিনাৰসমূহৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বৈশিষ্ট্য লক্ষ্য কৰা যায়।


38. ভক্তিমাৰ্গৰ 'স-গুণ' আৰু'নিৰ্গুণ' ধাৰা বুলিলে কি বুজা?

উত্তৰঃ- ইতিহাসবিদসকলে ভক্তি পৰম্পৰাক দুটা মুখ্য ভাগত ভাগ কৰিছে। প্ৰথমটো 'স-গুণ' অৰ্থাত্‍ মাৰাত্মক আৰু দ্বিতীয়টো 'নিৰ্গুণ' অৰ্থাত্‍ নিৰাকাৰ ভগৱান।

প্ৰথমটো ভাগত বিষ্ণু, শিৱ, তেওঁলোকৰ অৱতাৰ আৰু দেৱীসকলৰ মূৰ্তি ৰূপত পূজা অৰ্চনা কৰা হৈছিল। দ্বিতীয়টো ভাগত অমূৰ্ত ভগৱানক নিৰাকাৰ ৰূপত উপাসনা কৰা হৈছিল।


39. আলৱাৰ, নয়নাৰ আৰু বীৰ শৈৱসকলৰ জাতি ব্যৱস্থা সম্পৰ্কে ধাৰণা কেনে আছিল?

উত্তৰঃ- আলৱাৰ আৰু নয়নাৰসকলে জাতিভেদ প্ৰথা, যাগ-যজ্ঞপূৰ্ণ ব্ৰহ্মণ্য ৰীতি-নীতি, পুৰোহিতৰ প্ৰাধান্য হ্ৰাস কৰিবলৈ বিচাৰিছিল। তেওঁলোকে ধৰ্ম, বৰ্ণ, জাতি, পুৰুষ-মহিলা নিৰ্বিশেষে সকলোকে ভগৱানৰ অৰ্চনা কৰাৰ অধিকাৰ প্ৰদান কৰিছিল।

বীৰ শৈৱসকলো জাতি ব্যৱস্থা আৰু ব্ৰাহ্মণ্য হিন্দু ধৰ্মত থকা অস্পৃশ্যতাৰ ঘোৰ বিৰোধী আছিল।


40. ৰামানন্দৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ- ৰামানন্দৰ জন্ম এলাহাবাদত হৈছিল। তেওঁ ৰাম আৰু সীতাৰ উপাসক আছিল। তেওঁ হিন্দী ভাষাত নিজৰ ধৰ্ম প্ৰচাৰ কৰিছিল। জাতি, ধৰ্ম নিৰ্বিশেষে সকলোকে তেওঁ নিজৰ শিষ্য কৰি লৈছিল। হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ সকলো লোকই তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিব পাৰিছিল। তেওঁৰ মতে ঈশ্বৰ ভক্তি কৰিবৰ বাবে ব্ৰাহ্মণ কুলত জন্মলাভ কৰিছিল যদিও তেওঁ ধৰ্মৰ গোড়ামি ভাল পোৱা নাছিল। তেওঁৰ প্ৰধান বাৰজন শিষ্য আছিল। ইয়াৰ ভিতৰত কবীৰ আছিল প্ৰধান শিষ্য। উল্লেখযোগ্যযে বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক ৰামানুজৰ শিষ্য আছিল ৰামানন্দ।


41. সুৰদাস আৰু তুলসীদাসৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ- ১৬ শতিকাত ভক্তি আন্দোলনক জনপ্ৰিয় কৰি তোলাৰ দিশত সুৰদাস আৰু তুলসীদাসৰ বৰঙণিও আছিল অতি উল্লেখযোগ্য। তেওঁলোক দুয়োজনে সগুণপন্থী আছিল। যেনে- সুৰদাস শ্ৰীকৃষ্ণ ভক্ত হোৱাৰ বিপৰীতে তুলসীদাস ৰামভক্ত আছিল। তেওঁলোক দুয়োজনে নিজে গুৰুৰ প্ৰশংসাৰে বহুতো কবিতা ৰচনা কৰিছিল। সুৰদাসে ৰচনা কৰা ভক্তিমূলক গীতসমূহ বৰ্তমানেও মানুহৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰি আহিছে।


42. মহান পৰম্পৰা আৰু লঘু পৰম্পৰা বুলিলে কি বুজা? এই নামাকৰণ কোনে কৰিছিল?

উত্তৰঃ- সমাজশাস্ত্ৰবিদ ৰবাৰ্ট ৰেডক্লিফে ১২শ শতিকাত 'মহান' আৰু 'লঘু' এই দুই ধাৰণাৰ সৃষ্টি কৰিছিল।

তেওঁ মতে কৃষকসকলে সমাজৰ প্ৰভুত্বশালী শ্ৰেণী, যেনে- পুৰোহিত আৰু শাসকসকলে পালন কৰা কৰ্মকাণ্ড আৰু পদ্ধতিক অনুসৰণ কৰিছিল। এই কৰ্মকাণ্ড 'মহান পৰম্পৰা' আখ্যা দিয়া হৈছে।

আনহাতে, একে সময়তে কৃষকসকলে প্ৰভুত্বশালী শ্ৰেণী পালন নকৰা কিছুমান স্থানীয় আচৰণবিধিকো পালন কৰে যাক 'লঘু পৰম্পৰা' আখ্যা দিয়া হৈছে।


43. ভক্তি আৰু চুফী পৰম্পৰাত আঞ্চলিক ভাষাসমূহ প্ৰয়োগ কৰাৰ কাৰণ কি?

উত্তৰঃ- ভক্তি আৰু চুফী পৰম্পৰাগত আঞ্চলিক ভাষাসমূহ প্ৰয়োগ কৰাৰ কাৰণ আছিল- সৰ্বসাধাৰণ লোকসকলে এই পৰম্পৰাবোৰ বিষয়ে সু-স্পষ্টকৈ জনাটো। আঞ্চলিক ভাষাৰ ব্যৱহাৰ জনসাধাৰণৰ মাজত পূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু এই ধৰ্মীয় পৰম্পৰাবোৰৰ বিষয়ে সু-স্পষ্টকৈ জনাটো। আঞ্চলিক ভাষাৰ ব্যৱহাৰে জনসাধাৰণৰ মাজত পূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু এই ধৰ্মীয় পৰম্পৰাবোৰে এক সু-দৃঢ় স্থান অধিকাৰ কৰিছিল।


44. প্ৰাৰম্ভিক ভক্তি পৰম্পৰাৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ-  (ক) প্ৰাৰম্ভিক ভক্তি পৰম্পৰাৰ বিশেষত্ব হৈছে- বৈচিত্ৰতা।

(খ) ভক্তিবাদীসকলে যাগ-যজ্ঞপূৰ্ণ ব্ৰাহ্মণ্য ৰী়তি-নীতিত গুৰুত্ব নিদি পুৰোহিত তথা ব্ৰাহ্মণৰ প্ৰাধান্য হ্ৰাস কৰিবলৈ বিচাৰিছিল।

(গ) ইতিহাসবিদসকলে প্ৰাৰম্ভিতক ভক্তি পৰম্পৰাক দুটা ভাগত বিভক্ত কৰিছে- সগুণ বা সাকাৰাত্মক আৰু নিৰ্গুণ বা নিৰাকাৰ। প্ৰথমটো ভাগত বিষ্ণু, শিৱ বা অন্যান্য দেৱ-দেৱীক মূৰ্তি ৰূপত পূজা-অৰ্চনা কৰা হৈছিল আৰু দ্বিতীয়টো ভাগত ভগৱানক নিৰাকাৰ ৰূপত উপাসনা কৰা হৈছিল।


45. ভক্তি পৰম্পৰাৰ বিকাশ সম্পৰ্কে এটি টোকা লিখা।

উত্তৰঃ- প্ৰাৰম্ভিক ভক্তি আন্দোলন খ্ৰীষ্টাব্দ ষষ্ঠ শতিকাত তামিলনাডুত আলৱাৰ আৰু নয়নাৰসকলৰ নেতৃত্বত আৰম্ভ হৈছিল। আলৱাৰসকল আছিল বিষ্ণুভক্ত আৰু নয়নাৰসকল আছিল শিৱভক্ত। তেওঁলোকে বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি তামিল ভাষাত ইষ্ট দেৱতাৰ শুণানুকীৰ্তন)কৰি ফুৰিছিল। তেওঁলোকৰ পৰিভ্ৰমণ কালত কিছুমান পূণ্যস্থানক তেওঁলোকৰ আৰাধ্য দেৱতাৰ আৱাসস্থল বুলি ঘোষণা কৰিছিল। পিছলৈ এই স্থানসমূহতে বিশাল মন্দিৰসমূহ নিৰ্মাণ কৰা হ'ল আৰু ই কালক্ৰমত তীৰ্থস্থানলৈ ৰূপান্তৰিত হৈ পৰিল।

আলৱাৰ আৰু নয়নাৰসন্তসকলে জাতিভেদ প্ৰথা, যাগ-যজ্ঞপূৰ্ণ ব্ৰাহ্মণ্য ৰীতি-নীতি, পুৰোহিতৰ প্ৰাধান্য আদি হ্ৰাস কৰিবলৈ বিচাৰিছিল। তেওঁলোকে জাতি, ধৰ্ম, বৰ্ণ, পুৰুষ-মহিলা নিৰ্বিশেষে সকলোকে ভগৱানৰ অৰ্চনা কৰাৰ অধিকাৰ প্ৰদান কৰিছিল। সেয়ে ব্ৰহ্মণৰ পৰা শিল্পী, কৃষক, সাধাৰণ শ্ৰেণীৰ লোকসকল আনকি অস্পৃশ্যসকলেও তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ প্ৰতি আকৰ্ষিত হৈছিল।

ভক্তি পৰম্পৰাত 'স্ত্ৰী ভক্ত'সকলেও গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিল।

ক্ৰমাগতভাৱে উত্তৰ ভাৰতলৈও এই পৰম্পৰা সম্প্ৰসাৰিত হৈছিল। 


45. চুফী পৰম্পৰাৰ বিকাশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা আৰু খানকাহ আৰু ছিলছিলাৰ বিষয়ে কি জানা লিখা?

উত্তৰঃ- মধ্যযুগত চুফীবাদ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় শক্তি আছিল। ইছলামৰ প্ৰাৰম্ভিক শতাব্দী কেইটাতে ধৰ্মীয় তথা ৰাজুনৈতিক সংস্থা খিলাফতৰ গোড়ামি আৰু জড়বাদৰ বিৰুদ্ধে কিছু আধ্যাত্মিক লোকৰ মাজত বৈৰাগ্য আৰু ৰহস্যবাদী চিন্তাৰ উদ্ৰেক হয়। ইয়াকে চুফীবাদ বুলি কোৱা হৈছিল।

প্ৰকৃততে চুফীবাদ গোড়া ইছলামৰ বিৰুদ্ধে এক বিদ্ৰোহ আছিল।

চুফীবাদ ১৯শ শতিকাত মুদ্ৰিত এটা ইংৰাজী শব্দ। চুফীবাদৰ ইছলামীয় প্ৰতিশব্দ হৈছ-  ('তচউফ')। ইতিহাসবিদসকলৰ মতে এই শব্দটো 'চুৰ্ফ' শব্দৰ পৰা আহিছে, যাৰ অৰ্থ (ঊণ)। ই চুফীসকলে পিন্ধিবৰ কাৰণে ব্যৱহাৰ কৰা খহটা  ঊণৰ কাপোৰৰ কথা সূচায়।

আন এচাম পণ্ডিতৰ মতে চুফী শব্দটো 'চাফ'ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে- চফা বা পৰিষ্কাৰ। আনহাতে, পয়গম্বৰ মছজিদৰ বাহিৰত ধৰ্মীয় কথা আলোচনা কৰাৰ স্থান 'চোফা'ৰ পৰাও 'চুফী' শব্দটোৰ উত্‍পত্তি হোৱা বুলি বহুতো ক'ব খোজে। 

চুফীবাদৰ বৈশিষ্ট্যসমূহ হৈছে-

(i) এওঁলোকে ধৰ্মীয় পৰিভাষা আৰু ধৰ্মতত্ত্ববিদসকলৰ দ্বাৰা কৰা কোৰণ আৰু চুন্নাৰ বৌদ্ধিক ব্যাখ্যাসমূহৰ সমালোচনা কৰিছিল।

(ii) তেওঁলোকে ইয়াৰ বিপৰীতে মুক্তি আৰু প্ৰাপ্তিৰ কাৰণে ঈশ্বৰক ভক্তি আৰু তেওঁৰ আদৰ্শসমূহ পালন কৰাত গুৰুত্ব আৰোপ কৰিছিল।

(iii) মহাপুৰুষ বুলি ধাৰণা কৰা পয়গম্বৰ মহম্মদৰ জীৱন অনুসৰণ কৰা।

(iv) তেওঁলোকৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত কোৰাণৰ ব্যাখ্যা কৰা।

১৯শ শতিকালৈকে চুফীবাদে কোৰণ আৰু চুফী মতবাদৰ সৈতে এক পূৰ্ণ বিকশিত আন্দোলনৰূপে আত্মপ্ৰকাশ কৰিছিল। সংস্থাগত দৃষ্টিৰে চুফীসকলে নিজকে এক সংগঠিত সম্প্ৰদায় খান কাহ হিচাপে প্ৰতিষ্ঠিত কৰিলে। খান কাছৰ নিয়ন্ত্ৰণ শ্বেইখ আৰু পীৰ বা মুৰ্শীদৰ হাতত আছিল। তেওঁ তেওঁৰ শিষ্যসকলক খান কাহত ভৰ্তি কৰিছিল আৰু উত্তৰাধিকাৰী নিয়োগ কৰিছিল। তেৱেঁই আধ্যাত্মিক ব্যৱহাৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰিছিল। তদুপৰি খানকাহৰ ভিতৰত থকা লোকসকলৰ পৰস্পৰ সম্বদ্ধ তথা শ্বেইখ আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ সীমা নিয়ন্ত্ৰণ কৰিছিল।

১২শ শতিকাৰ আশে-পাশে ইছলাম সমাজত চুফী ছিলছিলাৰ গঠন হৈছিল। ছিলছিলাৰ শব্দগত অৰ্থ শিকলি, যি গুৰু আৰু শিষ্যৰ মাজত এক নিৰৱচ্ছিন্ন সম্পৰ্কৰ ইংগিত বহন কৰে। এই সম্পৰ্ক আধ্যাত্মিকভাৱে পয়গম্বৰ মহম্মদৰ লগত জড়িত হৈ আছে। ইয়াৰ মাধ্যমেৰেই আধ্যাত্মিক শক্তি আৰু আৰ্শীবাদ ভক্তসকললৈ প্ৰেৰণ কৰা হৈছিল। ছিলছিলাত দীক্ষাৰ ব্যৱস্থা আছিল। চুলি খুৰাই ফটা বস্ত্ৰ পিন্ধি নিষ্ঠা আৰু ভক্তিৰ শপত বাক্য পাঠ কৰি দীক্ষা গ্ৰহণ কৰিব লাগিছিল।

সৰহ সংখ্যক চুফী ছিলছিলাৰেই নাম তেওঁলোকৰ  (প্ৰতিষ্ঠাতাৰ) নামৰ পৰাই উদ্ভৱ হৈছিল। যেনে- আব্দুল কাদিৰী জিলানী নামেৰে কাদিৰী।


46. চুফী সন্ত আৰু ৰাজ্যৰ মাজত সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ- মধ্যযুগত চুফীবাদ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় শক্তি আছিল। ১২শ শতিকাৰ শেষাৰ্ধত ভাৰতলৈ অহা চুফী সম্প্ৰদায়সমূহৰ ভিতৰত চিষ্টি সম্প্ৰদায় প্ৰভাৱশালী আছিল। চুফী সন্তসকলৰ দৰগাহত তীৰ্থ কৰাটো এক প্ৰচলিত ৰীতি আছিল। ইয়াৰ দ্বাৰা তেওঁলোকে আধ্যাত্মিক আৰ্শীবাদ বিচাৰিছিল।

চুফীসকলে ৰাজ্যৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছিল। তেওঁলোকে ৰাজনৈতিক বিষয়াসকলে আগবঢ়োৱা দান-অনুদান গ্ৰহণ কৰিছিল। চুলতানে খানকাহসমূহৰ কৰমুক্ত ভূমি অনুদান দিছিল আৰু দাতব্য ন্যাস প্ৰতিষ্ঠা কৰিছিল।

চিষ্টিসকলে ধন আৰু সম্পদ দুয়োটাকে দান হিচাপে গ্ৰহণ কৰিছিল। দানসমূহ তেওঁলোকে তাত্‍ক্ষণিক অভাৱ-অভিযোগ পূৰণ, যেনে- খাদ্য, বস্ত্ৰ, বাসস্থান আৰু ছামা আদিৰ কামত খৰচ কৰিছিল। তেওঁলোকৰ ধৰ্ম নিষ্ঠা, পাণ্ডিত্য, দয়া, ক্ষমা, ঐশ্বৰিক গুণৰ মহিমাই তেওঁলোকৰ সমৰ্থন পাবৰ কাৰণে সততে যত্নপৰ হৈছিল।

তুৰ্কীসকলে দিল্লী চুলতানী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সময়ত উলেমাসকলে চৰিয়তৰ প্ৰয়োগ কৰিব খোজা কাৰ্যক চুলতানসকলে বাধা আৰোপ কৰিছিল। কিয়নো, তেওঁলোকে জানিছিল যে, ৰাজ্যৰ অধিকাংশ প্ৰজাই আছিল- অমুছলমান। এই সময়ত তেওঁলোকে আধ্যাত্মিক জ্ঞানৰ অধিকাৰী, আল্লাৰ নিকটাত্মীয় আৰু উলেমাসকলে কৰা চৰিয়তৰ ব্যাখ্যাৰ বিৰোধী চুফী সন্তসকলৰ সহায় লৈছিল।

বহু সময়ত সম্ৰাট আৰু চুফীসকলৰ মাজত সংঘাতৰো সৃষ্টি হৈছিল। নিজৰ নিজৰ পদ মৰ্যাদা আৰু ক্ষমতাৰ দোহাই দি দুয়োজনে অৰ্থাত্‍ চুলতান আৰু চুফীসন্তসকলে তেওঁলোকৰ প্ৰতি কিছুমান আচাৰ পালনত বিতুষ্ট হৈ পৰিছিল।

আন চুফী পৰম্পৰা যেনে দিল্লী চুলতানী আমোলৰ সুৰহাৰ্ৱাদি আৰু মোগল আমোলৰ নক্সবন্দীসকলো ৰাজ্যৰ লগত জড়িত আছিল। অৱশ্যে তেওঁলোকৰ ৰাজ্যৰ লগত সম্পৰ্ক চিষ্টিসকলতকৈ বেলেগ আছিল। তেওঁলোকে দৰিদ্ৰ জীৱন-যাপন কৰাটো বিশ্বাস কৰা নাছিল। তেওঁলোকে কিছু ক্ষেত্ৰত ৰাজ্যৰ সেৱাত আত্ম নিয়োগ কৰিছিল আৰু ধৰ্মীয় তথা আন বিভিন্ন পদবীত অধিষ্ঠিত হৈছিল।


47. ভক্তি পৰম্পৰাৰ কেইজনমান সন্তৰ বিষয়ে লিখা।

উত্তৰঃ- কবীৰঃ- সম্ভৱতঃ ১৪শ আৰু ১৫শ শতিকাৰ সময়ছোৱাৰ আটাইতকৈ তাত্‍পৰ্যপূৰ্ণ এজন ধৰ্মীয় সন্ত আছিল কবীৰ। কবীৰ এগৰাকী ব্ৰহ্মণ বিধৱাৰ অবৈধ সন্তান আছিল। তেওঁক এগৰাকী নিৰু নামৰ এজন মুছলমান তাঁতীয়ে লালন-পালন কৰিছিল। ৰামানন্দৰ প্ৰধান বাৰজন শিষ্যৰ ভিতৰত কবীৰ প্ৰধান শিষ্য আছিল। কবীৰৰ বাণীসমূহ তিনিটা বিশিষ্ট কিন্তু পৰস্পৰ বিৰোধী পৰম্পৰাই সংকলন কৰিছিল। কবীৰৰ সংকলিত বাণীসমূহক 'কবীৰ বীজ' নামেৰে জনা যায়। এই গ্ৰন্থখন কবীৰপন্থীসকলৰ দ্বাৰা বাৰাণসী আৰু উত্তৰ প্ৰদেশৰ আন আন ঠাইত সংৰক্ষিত হৈ আছে। কবীৰৰ গ্ৰন্থাৱলীসমূহ ৰাজস্থানৰ দাদুপবন্থীসমূহৰ সৈতে জড়িত। তেওঁৰ ভালেমান পদ 'আদি গ্ৰন্থ চাহিব'তো সংকলন কৰা হৈছে। কবীৰৰ দোহাসমূহ বিভিন্ন ভাষা, যেনে- স্থানীয় দোৱানত আৰু কিছুমান নিৰ্গুণ কবিসকলে গোৱা বিশেষ ভাষা 'সন্ত ভাষা'ত ৰচনা কৰা হৈছিল। আন কিছুমানক উল্টাবাঁসী নামেৰেও জনা যায়। এই প্ৰকাৰৰ লিখনিত দৈনন্দিন অৰ্থসমূহক ওলোটা ভাৱত প্ৰকাশ কৰা হৈছিল। এই উল্টাবাঁসী ৰচনৰি তাত্‍পৰ্য পৰম সত্যৰ স্বৰূপ হিচাপে বুজি পোৱাতে কঠিন আছিল। 'ফুল অবিহনে পদুম ফুলা', 'সমুদ্ৰত জুই' আদি অভিব্যঞ্জনা কবীৰ ৰহস্যবাদী অনুভূতিৰ প্ৰকাশ আছিল।

পৰম সত্যক বৰ্ণনা কৰিবলৈ বিভিন্ন পৰম্পৰাৰ সহায় লোৱাটো কবীৰৰ দোহাসমূহৰ অন্যতম প্ৰধান বৈশিষ্ট্য। মুছলমান পৰিয়ালত ডাঙৰ-দীঘল হোৱা কবীৰৰ চিন্তাত স্বাভাৱিকতে হিন্দু আৰু মুছলমান উভয় ধৰ্মৰে বিশ্বাসৰ সমল নিহিত আছিল। তেওঁৰ আদৰ্শত হিন্দু আৰু মুছলমানৰ মাজত ঐক্য সাধনত সৰ্বাধিক প্ৰচেষ্টা দেখা যায়। তেওঁৰ মতে, হিন্দু আৰু মুছলমান একে মাটিৰে গঢ়া দুটা পাত্ৰ।

গুৰুনানকঃ- গুৰু নানকৰ জন্ম হৈছিল অধ্যুষিত পঞ্জাৱ প্ৰদেশৰ ৰাভা নদীৰ পাৰৰ নানক চাহিব নামে গাঁৱৰ এটি হিন্দু বণিক পৰিয়ালক ১৪৬৯ খ্ৰীষ্টাব্দত। তেওঁ পাৰসী ভাষাত অধ্যয়ন কৰিছিল আৰু গাণনিক প্ৰশিক্ষণ লৈছিল।

তেওঁৰ ধৰ্মমতসমূহ তেওঁৰ ভজন আৰু উপদেশসমূহত নিহিত হৈ আছে। তেওঁ ধৰ্মত একেশ্বৰবাদৰ প্ৰতিফলন দেখিবলৈ পোৱা যায় আৰু নিৰ্গুণ ভক্তিত প্ৰাধান্য দিছিল। আন্তৰিকভাৱে ভগৱানক উপাসনা কৰা আৰু চিত্ত শুদ্ধি ৰখা এইটোৱেই আছিল তেওঁৰ ধৰ্মৰ মূলকথা। বাবা গুৰু নানকৰ কাৰণে পৰম পুণ্য 'ৰৱ'ৰ কোনো লিংগ বা আকাৰ নাই, তেওঁ নিৰাকাৰ। তেওঁ 'ৰৱ'ক উপাসনাৰ কাৰণে সৰলপন্থা হিচাপে নিৰন্তৰ ভগৱানৰ নাম জপ কৰিবলৈ উপদেশ দিছিল। পাঞ্জাৱী ভাষাত 'শব্দ'ৰ মাধ্যমেৰে তেওঁ শব্দসমূহক বিভিন্ন ভাগত পৰিৱেশন কৰিছিল। তেওঁৰ লগত তেওঁৰ অনুগামী মাৰদানাই সংগত কৰিছিল 'ৰাবা'।

বাবা গুৰু নানকে কোনো নতুন ধৰ্ম প্ৰচাৰ কৰিব বিচৰা নাছিল, কিন্তু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ অনুগামীসকলে নিজৰ আচাৰ-ব্যাৱহাৰ, ৰীতি-নিতি সু-সংগঠিত কৰি নিজকে হিন্দু-মুছলিম দুয়োটাৰ পৰা পৃথক কৰি শিখ হিচাপে চিহ্নিত কৰিলে।

48. চুফী পৰম্পৰাৰ ইতিহাস পুনঃ নির্মাণৰ সমলসমূহৰ বিষয়ে এটি টোকা লিখা। 

উত্তৰঃ- বিভিন্ন মূৰ্ত্তি, ভাস্কৰ্য্য আদিয়ে সেই যুগৰ ইতিহাসৰ ভাল সাক্ষ্য দিয়ে। সেই সময়ৰ চিন্তাধাৰা, লোক বিশ্বাস আৰু সেইবোৰ মানুহে কি ধৰণে ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকৰ নিত্য ব্যৱহাৰ্য্য সামগ্রী আদিয়ে ধর্মীয় ৰীতি নীতিত সহায় কৰিছিল। ইয়াৰ বাহিৰেও বিভিন্ন বিষয়ৰ ওপৰত যুগুতোৱা লিখনি আদিয়ো ইয়াৰ বহু সাক্ষ্য দিছিল। কিয়নো সেইবোৰ বিভিন্ন ভাষা আৰু বিভিন্ন উপাদানত সন্নিবিষ্ট কৰি ৰখা হৈছিল। আজিৰ সমাজে সেইবোৰক ভালকৈ চালি জাৰি চাই তাত নতুন সম্ভেদ পাইছে। বুদ্ধিদীপ্ত ইতিহাসবিদে তাৰ পৰাই নিজৰ প্রয়োজনীয় সমলবোৰ বাছি উলিয়াই লয়। কিছুমান ব্যক্তিয়ে নিজৰ আভিজ্ঞতাৰ পৰাই হওক বা অন্যান্য লোকৰ পৰা শুনিয়েই হওক তাক নিজৰ কামত লগাকৈ ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ বিশ্লেষণ বা পুনৰ বিশ্লেষণ কৰি নিজৰ নিজৰ মতামত আগবঢ়াব পাৰে।


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022.


Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »