-->

Class 12 History Chapter 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through the eye of traveler

 AHSEC Solution for Class 12 History Chapter 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে। Through the eye of traveler. All the important questions answers are discussed in this article.

মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে
Through the eye of traveler


মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through the eye of traveler ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 History Chapter 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through the eye of traveler has been discussed in systematic way. There are approximately important 69 questions answers in this article.


1. পিটাৰ মুণ্ডী কোন আছিল?

উত্তৰঃ- ইংলেণ্ডৰ পৰিব্ৰাজক।


2. মাৰ্কপল কোন আছিল?

উত্তৰঃ- ভাৰত ভ্ৰমণ কৰা ইটালীৰ পৰিব্ৰাজক।


3. আৰৱী ভাষাত লিখা আলবেৰুণীৰ কিতাপখনৰ নাম কি? HS-2014, 2016

উত্তৰঃ- কিতাপ-উল-হিন্দ


4. আলবেৰূণীৰ জন্ম কেতিয়া হৈছিল? 

উত্তৰঃ- ১৯৭৩ চনত। 


5. আলবেণী কোন দেশৰ লোক আছিল? 

উত্তৰঃ- উজবেকিস্তানৰ। 


6. ইবনবটুতা কোন দেশৰ লোক আছিল? 

উত্তৰঃ- আফ্রিকা মহাদেশৰ মৰক্কো দেশ। 


7. ফ্রান্সকোচ বাৰ্ণিয়াৰ কোন দেশৰ লোক আছিল? 

উত্তৰঃ- ফৰাচী দেশ। 


8. ইবনবটুতাৰ ভ্ৰমণ বৃত্তান্তমূলক কিতাপখনৰ নাম কি? 

উত্তৰঃ- বিহলা। 


9. ইবনবটুতা ভাৰতলৈ অহা সময়ত কোনজন শাসক আছিল?

উত্তৰঃ- মহম্মদ বিন টোগলক। 


10. মানুহৰ মূৰটোক কোনে নাৰিকলৰ লগত তুলনা কৰিছিল? 

উত্তৰঃ- ইবনবটুতাই।


11. "চৰাই বাহৰ পৰা উৰিল" বুলি কোন জন ভ্ৰমণকাৰীক কোৱা হয়?

উত্তৰঃ- ইবনবটুতাক।


12. অসম আৰু বেংগল ভ্রমণ কৰা পৰিব্ৰাজকজন কোন আছিল?

উত্তৰঃ- ইবনবটুতা। 


13. চতুর্দ্দশ শতিকাত দিল্লী নগৰীক এখন বৃহৎ নগৰী বুলি কোনে কৈছিল? 

উত্তৰঃ- ইবনবটুতাই।


14. ইবনবটুতাক দিল্লীৰ কাজীপদত কোনে নিযুক্তি দিছিল?

উত্তৰঃ- দিল্লীৰ চুলতান মহম্মদ বিল টৌগলকে।


15. ইবনবটুতাক ভাৰতৰ বিচাৰক হিচাপে কোনে নিযুক্তি দিছিল?

উত্তৰঃ- মহম্মদ বিন টোগলকে। 


16. আচৰিত জাতি হিচাপে ভাৰতক কোনে অভিহিত কৰিছিল? 

উত্তৰঃ- আব্দুৰ ৰেজাক। 


17. আফনাচী নিকিটিক নিকিটিন কোন আছিল?

উত্তৰঃ- ৰাচিয়াৰ পৰিব্ৰাজক।


18. ৰিপ্লা কি?

উত্তৰঃ- আৰৱী ভাষাত লিখা ইবনবটুতাৰ ভাৰত ভ্ৰমণ বিষয়ত লিখা গ্ৰন্থ।


19. ইবনবটুতাৰ ভ্ৰমণকালত দিল্লীত থকা আটাইতকৈ ডাঙৰ দৰৱাজাখনৰ নাম কি?

উত্তৰঃ- বুলন্দ দৰৱাজা


20. 'Metrology' মানে কি?

উত্তৰঃ- জোখ-মাপ সম্পৰ্কীয় বিজ্ঞান।


21. "Travels in the Mughal Empire" নামৰ গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ- ফ্ৰাচোঁৱা বাৰ্ণিয়াৰে।


22. বার্ণিয়াৰৰ ভ্ৰমণ বৃত্তান্তমূলক কিতাপখনৰ নাম লিখা। 

উত্তৰঃ- "Travels in the Mughal Empire'.


23. কোনজন পৰিব্ৰাজকে ভাৰতৰ মোগল সাম্রাজ্যক ইউৰোপৰ শাসন ব্যৱস্থাতকৈ নিকৃষ্ট বুলি অভিহিত কৰিছিল? 

উত্তৰঃ- বার্ণিয়াৰ।


24. আলবেৰুণী কোন দেশৰ পৰা ভাৰতলৈ আহিছিল? 

উত্তৰঃ- উজবেকিস্তান।


25. ৰিহলাত উল্লেখ কৰা মতে ইবনবটুতাই কিমান বছৰ ধৰি ভ্ৰমণ কৰিছিল? 

উত্তৰঃ- প্রায় ৩০ বছৰ।


26. চীন দেশৰ বন্দৰ চহৰ জেটুন নামৰ ইবনবটুতাই ভ্ৰমণ কৰা চহৰখনৰ বর্তমানৰ নাম কি? 

উত্তৰঃ- কুৱানঝং।


27. ইবনবটুতাই সিন্ধু দেশৰ পৰা দিল্লী পাবলৈ কিমান দিন লাগিছিল? 

উত্তৰঃ- প্রায় ৫০ দিন।


28. মার্কো পলো কোন দেশৰ পৰা ভাৰতলৈ আহিছিল? 

উত্তৰঃ- ইটালী।


29. তেৰ শতিকাত ভাৰতলৈ অহা ইটালীৰ পৰিব্রাজকৰ নাম কি আছিল?

উত্তৰঃ- মার্কো পলো। 


30. খোজকাঢ়ি কঢ়িওৱা সংবাদ ডাকোৱালবোৰে এক মাইলত তিনিটা কেন্দ্রত উপস্থিত হয়- সেই কেন্দ্রটোক কি নামেৰে জনা যায়। 

উত্তৰঃ- দাৱা। 


31. কাৰ শাসনকালত বার্ণিয়াৰ ভাৰতলৈ আহিছিল? 

উত্তৰঃ- সম্রাট চাহজাহান আৰু ঔৰংজেৱৰ শাসনকালত। 


32. চৰাই বাহৰ পৰা উৰি গ'ল— কাক এনেদৰে কোৱা হৈছে? 

উত্তৰঃ- ইবনবটুতাৰ সুদীর্ঘ কালচোৱাক তেনেদৰে কোৱা হৈছে।


33. ৰুচ দেশৰ পৰা ভাৰত ভ্রমণলৈ অহা লোকজন কোন আছিল? 

উত্তৰঃ- আফানচি নিকিটিচ নিকিটিন। 


34. কুন্দন দৰৱাজা কোনখন আছিল? 

উত্তৰঃ- আটাইতকৈ ডাঙৰ আৰু ওখ কটেহপুৰ চিক্রিত অৱস্থিত দৰৱাজাখনক বুন্দন দৰৱাজা বোলা হয়।


35. আলবেৰুণীৰ মতে ভাৰতীয় সমাজ ব্যৱস্থাত কি কি বৰ্ণ আছে?

উত্তৰঃ- ব্ৰাহ্মণ সকল, ক্ষত্ৰিয় সকল, বৈশ্য সকল আৰু শূদ্ৰ সকল।


36. ইবনবটুতাই ভাৰতত কি দেখি আচৰিত হৈছিল?

উত্তৰঃ- উপযুক্ত ডাক ব্যৱস্থা দেখি আচৰিত হৈছিল।


37. ইবনবটুতাই উপমহাদেশখনত দেখা দুটা আচৰিত বস্তু কি আছিল?

উত্তৰঃ- ভাৰতৰ উপযুক্ত ডাক ব্যৱস্থা আৰু মাংগালোৰৰ এটা মন্দিৰ দেখি আচৰিত হৈছিল।


38. জন বেপ্তিষ্ট টেভাৰনিয়াৰ কোন আছিল?

উত্তৰঃ- ফৰাচী ৰত্ন ব্যৱসায়ী যিজনে ছয়বাৰকৈ ভাৰত ভ্ৰমন কৰিছিল।


39. সোতৰ শতিকাত ভাৰতলৈ অহা দুজন বিদেশী পর্যটকৰ নাম লিখা আৰু তেওঁ কোন দেশৰ পৰা আহিছিল? 

উত্তৰঃ- (ক) পিটাৰ মুন্দি তেওঁ ইংলেণ্ডৰ পৰা আহিছিল।

(খ) ফ্রাঙ্কোচ বার্ণিয়াৰ তেওঁ ফ্রান্সৰ পৰা আহিছিল। 


40. দুই প্ৰকাৰৰ ডাক ব্যৱস্থাৰ নাম লিখা।

উত্তৰঃ- ৰাজকীয় ঘোঁৰাৰে চলোৱা ঘোঁৰাৰ ডাক বা উল্ক আৰু খোজ-কাঢ়ি বা দৌৰি নিয়া ডাক।


41. বার্ণিয়াৰ মোগল ৰাজবংশত কাৰ চিকিৎসা কৰিছিল? তেওঁৰ ভাৰতত থকা সংগীজন কোন আছিল?

উত্তৰঃ- দাৰাস্তকো আৰু তেওঁৰ সংগীজন এজন আমেৰিকান নাগৰিক দানিচ মন্দ খান। 


42. তেৰ শতিকাত এজন আৰু চতুর্দশ শতিকাত মাত্ৰ এজনকৈ বিখ্যাত বিদেশী পৰিব্ৰাজক তেওঁলোকৰ নাম লিখা। 

উত্তৰঃ- তেৰ শতিকাত মার্কো পলো আহিছিল, তেওঁ ইটালীৰ পৰা আহিছিল। চতুর্দশ শতিকাত ইবনবটুতা, তেওঁ মৰক্কোৰ পৰা আহিছিল।


43. আলবেৰুণীৰ ভাৰত ভ্ৰমণৰ আচল উদ্দেশ্য কি আছিল? 

উত্তৰঃ- ভাৰতৰ হিন্দুসকলৰ লগত ধর্মীয় বিষয়ৰ আলোচনা কৰা আৰু তাৰ পৰা এই বিষয়ৰ তথ্যপাতি সংগ্রহ কৰা। 


44. আলবেৰুণীয়ে গ্রীক ভাষা নজনাকৈ কেনেকৈ গ্রীকৰ দার্শনিক প্লেটো আৰু এৰিষ্টটলৰ বিষয়ে জানিছিল।

উত্তৰঃ- গ্রীক দার্শনিকৰ ৰচনাবোৰ তেওঁ আৰবী ভাষাত অনূদিত গ্রন্থবোৰৰ পৰা পঢ়িছিল আৰু জানিছিল। 


45. বাৰ্ণিয়াৰ কোন মোগল সম্ৰাটৰ দিনত ভাৰত ভ্ৰমণ কৰিছিল?

উত্তৰঃ- মোগল সম্ৰাট ছাহজাহান আৰু ঔৰংগজেৱৰ দিনত। তেওঁ ভাৰতত (১০) বছৰ কাল আছিল।


46. বাৰ্ণিয়াৰৰ ভ্ৰমণ বৃত্তান্ত কোন কোন ভাষালৈ অনুবাদ কৰা হৈছে?

উত্তৰঃ-মূলতে ফৰাচী ভাষাত লিখা ভ্ৰমণ বৃত্তান্ত ক্ৰমে ইংৰাজী, ডাচ, জাৰ্মান আৰু ইতালী ভাষালৈ অনুবাদ কৰা হৈছে।


47. ইবনবটুতাৰ পদাংক অনুসৰণ কৰি ভাৰতলৈ অহা দুজন পৰ্যটকৰ নাম লিখা।

উত্তৰঃ- ১৪৪০ খ্ৰীষ্টাব্দত দক্ষিণ ভাৰত ভ্ৰমণ কৰা সমৰ খণ্ডৰ আব্দুৰ ৰজ্জাক আৰু ১৬২০ খ্ৰীষ্টাব্দত অহা মহম্মদ আলি বল্কী।


48. ইবনবটুতাই কিয় ভ্ৰমণ কৰি ভাল পাইছিল?

উত্তৰঃ- ভ্ৰমণবিলাসী ইবনবটুতাই নেদেখাক দেখা নজনাক জনাৰ দুৰ্বাৰ হেঁপাহত বহু দূৰ দূৰণিলৈ ভ্ৰমণ কৰি ভাল পাইছিল।


49. 'কাৰখানা' মানে কি?

উত্তৰঃ- কাৰখানা মানে মোগল যুগৰ ডাঙৰ ডাঙৰ আহল বহল ঘৰক বুজা গৈছিল। এইবোৰক কাৰখানাৰ লগতে মোগল শিল্পী সকলৰ কৰ্মশালা বুলি কোৱা হয়।


50. আলবেৰুণীয়ে ৰচনা কৰা কিতাপ দুখন কি আছিল? 

উত্তৰঃ- (ক) পতঞ্জলিৰ ব্যাকৰণখন আৰবীক ভাষালৈ আৰু (খ) ইউক্লিদৰ (গ্রীক ভাষাৰ গণিতৰ কিতাপখন) সংস্কৃত ভাষালৈ অনুবাদ কৰিছিল।  


51. মেটেৰোঞ্জি কি? এই বিষয়ত কোনজন পর্যটকে লিখিছিল? 

উত্তৰঃ- মেটেৰোঞ্জি হ'ল জোখ-মাখৰ বিজ্ঞান। এই বিষয়টোৰ ওপৰত আলবেৰুণীয়ে কিতাপ ৰচনা কৰিছিল।


52. বার্ণিয়াৰৰ ভাৰতৰ ভ্ৰমণকালত মোগল ৰাজ্যত কিমান বছৰ আছিল আৰু কোন ভাষাত ভ্রমণ বৃত্তান্তমূলক বিৱৰণীখন লিখিছিল? 

উত্তৰঃ- তেওঁ ১২ বছৰ (১৬৫৬-১৬৬৪) ভাৰতত আছিল। তেওঁৰ ভ্ৰমণ বৃত্তান্ত ফৰাচী ভাষাত লিখিছিল। 


53. আলবেৰুণীক কোনে বন্দী কৰি আনিছিল আৰু জীৱনৰ বাকী অংশ ক'ত কটাইছিল?

উত্তৰঃ- গজনীৰ চুলতানে। তেওঁ ৭০ বছৰ বয়সত (তেওঁৰ মৃত্যুৰ দিনলৈকে) গজনীক ভাল পাই তাতে থাকিবলৈ লৈছিল। 


54. চোলন কোন আছিল? তেওঁ কেতিয়া জন্ম গ্রহণ কৰিছিল? 

উত্তৰঃ- চোলন এজন এথেন্সৰ ৰাজনীতিজ্ঞ আৰু কবি আছিল। তেওঁ খ্রীষ্টপূর্ব ষষ্ঠ শতিকাত বিকাশ লাভ কৰিছিল।


55. আলবেৰুণীয়ে ভাৰত ভ্ৰমণ কাৰলত কি কি বাধাৰ সন্মুখীন হৈছিল?

উত্তৰঃ- (১) ভাষা (২) ভাৰতৰ বহুধাবিভক্ত ধৰ্ম আৰু ধৰ্মীয় ক্ৰিয়া-কাণ্ড সমূহ (৩) ভাৰতৰ মানুহ বিলাক অনৰ্থক অহংকাৰী আৰু সংকীৰ্ণমনা।


56. ইবনবটুতাই সিন্ধু প্রদেশ কোন চনত আহি উপস্থিত হয় আৰু কোন চনত তেওঁ নিজ দেশলৈ প্রত্যাগমন কৰে?

উত্তৰঃ- তেওঁ ১৩৩৩ চনত ভাৰতৰ সিন্ধু প্রদেশত প্ৰৱেশ কৰে আৰু ১৩৫৪ চনত নিজ দেশলৈ ঘূৰি যায়। ভাৰতত প্রায় ৩০ বছৰ কাল কটায়।


57. আলবেৰুণীয়ে গ্ৰীক দৰ্শনৰ বিষয়ে কেনেদৰে জ্ঞান অৰ্জন কৰিছিল?

উত্তৰঃ- আলবেৰুণীয়ে গ্ৰীক ভাষা নজনাকৈও আৰৱী ভাষালৈ অনুদিত গ্ৰন্থৰ যোগেদি প্লেটো আৰু আন গ্ৰীক দাৰ্শনিকসকলৰ লিখনিৰ লগত পৰিচিত হৈ জ্ঞান অৰ্জন কৰিছিল।


58. সোতৰ শতিকাৰ ভাৰতত ভাৰতীয় প্ৰজাসকলে চৰম দৰিদ্ৰতাৰ মাজত কাল কটোৱা বুলি দুজন বিদেশী পর্যটকে মন্তব্য দিছিল— তেওঁলোক কোন আছিল?

উত্তৰঃ- ইংলেণ্ডৰ পৰা পেলচাৰেট নামৰ পৰিব্রাজক আৰু ফ্ৰান্সৰ পৰা অহা ফ্রাকোচ বার্ণিয়াৰ। 


59. বাৰ্ণিয়াৰৰ মতে ভূমিৰ ওপৰত ৰাষ্ট্ৰৰ কু-প্ৰভাৱবোৰ কি আছিল?

উত্তৰঃ- বাৰ্ণিয়াৰে উপলব্ধি কৰিছিলযে ভূমিৰ ওপৰত ৰাষ্ট্ৰৰ অধিকাৰ, ৰাষ্ট্ৰ আৰু জনসাধাৰণ দুয়োপক্ষৰ কাৰণে হানিকাৰক আছিল। তেওঁ ভাবিছিল মোগল সাম্ৰাজ্যৰ সকলো ভূমিৰ অধিকাৰ আছিল সম্ৰাট আৰু সম্ৰাট এই ভূমি অভিজাত সকলৰ মাজত ভাগ কৰিছিল।


60. বাৰ্ণিয়াৰৰ মতে শিল্পীসকল তেওঁলোকৰ উত্‍পাদন বৃদ্ধিৰ বাবে কিয় অনিচ্ছুক আছিল?

উত্তৰঃ- শিল্পীসকল প্ৰতিদিনে পুৱা কাৰখানালৈ আহে আৰু দিনটো কামত ব্যস্ত থাকে আৰু সন্ধা নিজ ঘৰলৈ গুচি যায়। এনেদৰে এক নিৰ্দিষ্ট নিয়মানুবৰ্তিতাৰে তেওঁলোকৰ সময়বোৰ পাৰ হয় যে এই পৰিৱেশত জন্ম লোৱা কোনো লোকেই এই পৰিৱেশৰ উন্নতিৰ কাৰণে ইচ্ছুক নহয়।


61. ষষ্ঠদশ শতিকাত ভাৰতলৈ অহা আৰু ভ্ৰমণ বৃত্তান্ত লিখি থৈ যোৱা পৰিব্ৰাজক কেইজনৰ নাম লিখা। 

উত্তৰঃ- (ক) পর্তুগালৰ পৰা দুটি বৰকোচা

(খ) তুর্কীৰ পৰা অহা চেয়দী আলি ৰেইচ

(গ) স্পেইনৰ পৰা অহা এন্টেনো মনচেৰাট 


62. ১৭ শতিকাত ভাৰতৰ মাটিৰ গৰাকী কোন আছিল? ইউৰোপত মাটিৰ গৰাকী কেনেকুৱা আছিল? 

উত্তৰঃ- মোগল সাম্রাজ্যৰ মাটিৰ গৰাকী আছিল সম্রাট। সম্রাটে মাটিবোৰ নিজৰ আমোলা বিষয়াৰ মাজত ভগাই দিছিল। ইউৰোপত প্ৰজাসকলেই মাটিৰ গৰাকী আছিল। 


63. খ্ৰীষ্টাব্দ ১০-১৭ শ শতিকাৰ ভিতৰত উপমহাদেশখন ভ্ৰমন কৰা চাৰিজন ভ্ৰমনকাৰীৰ নাম লিখা। HS-2015

উত্তৰঃ- একাদশ শতিকাত উজবেকিস্থানৰ পৰা অহা আলবেৰুণী, চৌধ (১৪) শতিকাত উত্তৰ পশ্চিম আফ্ৰিকাৰ মৰক্কোৰ পৰা অহা ইবনবটুতা, সোতৰ (১৭) শতিকাত ফ্ৰান্সৰ পৰা অহা ফ্ৰান্সকোচ বাৰ্ণিয়াৰ আৰু ফৰাচী ৰত্ন ব্যৱসায়ী জন ব্যাপ্তিষ্ট টেৰ্ভানিয়াৰ।


64. আলবেৰুণীয়ে আৰবী ভাষাত কিতাপ কিয় ৰচনা কৰিছিল? 

উত্তৰঃ- যদিও বহুকেইটা ভাৰতীয় আৰু পশ্চিমীয়া ভাষা তেওঁ ভালদৰে জানিছিল আলবেৰুণীয়ে আৰবী ভাষাত কিতাপ ৰচনা কৰাত গুৰুত্ব দিছিল। ইয়াৰ মূলতে আছিল তেওঁৰ ৰচনাই ভাৰত উপদেশৰ সকলো লোকেই পঢ়িব পাৰে।


65. সংস্কৃত ভাষাৰ প্ৰতি আলবেৰুণীৰ অনুৰাগ কেনেকৈ সৃষ্টি হৈছিল।

উত্তৰঃ- আলবেৰুণী ঘজনীত বসবাস কৰি থাকোঁতে সংস্কৃত ভাষাত ৰচিত এষ্ট্রোনমি, গণিত আৰু চিকিৎসা বিজ্ঞানৰ কিতাপবোৰ আৰবী ভাষাত অনুদিত হোৱা কিতাপ পঢ়ি তাৰ বিষয়বস্তুৰ ওপৰত গভীৰ ৰাপ অনুভৱ কৰি সেইবোৰৰ মৌলিক বিষয়ৰ প্রতি আকৃষ্ট হয়।


66. আলবেৰুণীৰ লিখনিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ- সাধাৰণতে আলবেৰুণীয়ে এটা বিশেষ পদ্ধতিয়ে প্ৰতিটো অধ্যায় আৰম্ভ কৰিছিল। এটা প্ৰশ্নৰে আৰম্ভ কৰা অধ্যায়টোৱে প্ৰথমে সাংস্কৃতিক পৰম্পৰাৰে প্ৰশ্নটোৰ বৰ্ণনা দিয়াৰ পিছত আন সাংস্কৃতিৰ লগত তুলনামূলক আলোচনাৰে সামৰণি মাৰিছিল।

আনহাতে আৰৱী ভাষাত লিখা আলবেৰুণীয়ে খুব সম্ভৱ তেওঁৰ লিখাত উপমহাদেশখনৰ সীমান্তৱৰ্তী এলেকাৰ লোকসকলক বেছি গুৰুত্ব দিছিল।


67. আলবেৰুণীয়ে প্ৰাচীন পাৰ্চী সমাজ ব্যৱস্থাত কি কি চাৰিটা সামাজিক শ্ৰেণীৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ- (১) নাইট আৰু ৰাজকোঁৱৰসকল

(২) ভিক্ষু পুৰুহিত আৰু আইনজ্ঞসকল

(৩) চিকিত্‍সক, জ্যোতিৰ্বিদ আৰু আন বিজ্ঞানীসকল

(৪) খেতিয়ক সকল


68. মার্কোপলো আৰু ইবনবটুতাৰ ভ্ৰমণৰ পার্থক্য লিখা। 

উত্তৰঃ- মার্কো পলো আৰু ইবনবটুতা দুয়োজনাই চীন দেশ আৰু ভাৰত ভ্রমণ কৰিছিল আৰু দুয়োজনাই ভ্রমণ বৃত্তান্ত লিখি থৈ গৈছে। মার্কোপলো নিজৰ ৰাজ্য ভেনিচৰ পৰাই ভাৰতলৈ আহিছিল। ইবনবটুতাই অতি যত্ন সহকাৰে নতুন নতুন দেশৰ বিভিন্ন সংস্কৃতি, সংশয়, বিশ্বাসবোৰ বিৱৰণীত থুপ খুৱাই থৈছে। ইয়াৰ বাহিৰেও মার্কো পলো ভাৰতলৈ ত্রয়োদশ শতিকাত আহে আৰু ইবনবটুতাই চতুর্দশ শতিকাত আহিছিল।


69. চমুটোকা লিখা।

মোগল কাৰখানাঃ- ফৰাচী পৰিব্ৰাজক বাৰ্ণিয়াৰ বিৱৰণীৰ পৰা জনা যায়যে মোগল কাৰখানা হ'ল ডাঙৰ ডাঙৰ আহল বহল ঘৰ, যিবোৰ শিল্পীসকলৰ কৰ্মশালা বুলিও কোৱা হৈছিল। সম্ভৱতঃ বাৰ্ণিয়াৰেই একমাত্ৰ ইতিহাসবিদ যিজনে মোগল কাৰখানাৰ কাৰ্য প্ৰণালীৰ বিস্তৃত বিৱৰণ দিছে। বাৰ্ণিয়াৰ বিৱৰণ মতে কাৰখানা বিলাক আছিল ডাঙৰ ডাঙৰ আহল বহল ঘৰ। এই ঘৰ বিলাকৰ এটা ঘৰত গুনাৰ কাম কৰা শিল্পীয়ে এজন অধ্যক্ষৰ নিৰীক্ষণত কামত ব্যস্ত থাকে। আন এটাও সোনাৰি তৃতীয়টোত চিত্ৰকৰ, চতুৰ্থটোও লাৰ বাণিৰ্চ কৰা শিল্পী, পঞ্চমটোত বাঢ়ৈ, কুন্দশাল, দৰ্জী আৰু মুচী, ষষ্ঠটোত ৰেশম, মখমলৰ উত্‍পাদনৰ কাম কৰাসকল। শিল্পীসকল প্ৰতিদিনে পুৱা কাৰখানালৈ আহে আৰু দিনটো কামত ব্যস্ত থাকে আৰু সন্ধ্যা নিজ নিজ ঘৰলৈ গুচি যায়। এনেদৰে এক নিৰ্দিষ্ট নিয়মানুৱৰ্ত্তিতাৰে তেওঁলোকৰ সময়বোৰ পাৰ হয় যে এই পৰিবেশত জন্ম লোৱা কোনো লোকেই এই পৰিৱেশৰ উন্নতিৰ কাৰণে ইচ্ছুক নহয়।


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022.


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »