-->

Class 12 History Chapter 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । An imperial capital Vijayanagar

 AHSEC Solution for Class 12 History Chapter 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ। An imperial capital Vijayanagar. All the important answers are discussed in this article.


An imperial capital Vijayanagar

এখন সাম্রাজ্যিক ৰাজধানী : বিজয়নগৰ


Class 12 History Chapter 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ। An imperial capital Vijayanagar ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 History Chapter 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । An imperial capital Vijayanagar has been discussed in systematic way. There are approximately important 48 questions answers in this article.

1. বিজয়নগৰ আৰু কি নামেৰে জনাজাত আছিল? 

উত্তৰঃ- হাম্পী।


2. হাম্পীৰ কোনে প্রথমতে আৱিষ্কাৰ কৰে?

উত্তৰঃ- ভাৰতৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইঞ্জিনিয়াৰ কর্ণেল মেকঞ্জিয়ে। 


3. হাম্পীৰ ধ্বংসাৱশেষ কোন চনত প্রথমে আৱিষ্কাৰ কৰা হয়। 

উত্তৰঃ- ১৮০০ চনত।


4. তালিকোটৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? 

উত্তৰঃ- ১৫৬৫ চনত। 


5. কোন চনত হাম্পী বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাবে ঘোষিত হৈছিল? 

উত্তৰঃ- ১৯৭৬ চনত।


6. তালিকোটৰ যুদ্ধৰ ফলাফল কি আছিল?  

উত্তৰঃ- বিজয়নগৰ সাম্রাজ্যৰ পতন। 


7. বিজয়নগৰ সাম্রাজ্যৰ উপাস্য দেৱীৰ নাম কি আছিল? 

উত্তৰঃ- পম্পা দেৱী


8. বিজয়নগৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? 

উত্তৰঃ- হৰিহৰ আৰু বুস্কা নামৰ দুজন ভাতৃ।


9. কোনজন ৰজাক বিজয়নগৰ সাম্রাজ্যৰ শ্ৰেষ্ঠ ৰজা বুলি ধৰা হৈছিল? 

উত্তৰঃ- কৃষ্ণদেৱ ৰায়।


10. বিজয়নগৰ ৰাজ্যৰ প্ৰথমটো ৰাজবংশ কোনটো আছিল? 

উত্তৰঃ- সংগম বংশ। 


11. যিটো মন্দিৰত বিজয়নগৰৰ ৰজা আৰু পৰিয়ালবৰ্গইহে প্রৱেশ কৰিব পাৰিছিল সেই মন্দিৰটোৰ নাম কি আছিল? 

উত্তৰঃ- হাজাৰা ৰাম মন্দিৰ। 


12. বিজয়নগৰ হাস্পী নামৰ বাহিৰেও আন এটা নামেৰে প্রখ্যাত হৈছিল সেই নামটো কি? 

উত্তৰঃ- কর্ণাটক সমৰাজ্যসু।


13. বিজয়নগৰৰ কোনসকল লোকে নিজে ৰায় উপাধি লৈছিল? 

উত্তৰঃ- বিজয়নগৰ ৰাজ্যৰ ৰজাসকলে। 


14. বিজয়নগৰ ৰাজ্যৰ আটাইতকৈ সুন্দৰ ভৱনটোৰ নাম কি আছিল? 

উত্তৰঃ- কমল মহল 


15. বিজয়নগৰৰ ৰাজবংশৰ শেষৰটোৰ নাম কি আছিল?

উত্তৰঃ-অৰবিন্দ বংশ।


16. কোন পশ্চিমীয়া শক্তিয়ে বিজয়নগৰৰ পতনত সহায় কৰিছিল? 

উত্তৰঃ- পর্তুগীজসকলে। 


17. বিজয়নগৰ সাম্রাজ্যখনৰ নামৰ বাহিৰেও আৰু কাক বুজোৱা হৈছিল?

উত্তৰঃ- ৰাজধানীখনৰ নামকো বুজোৱা হৈছিল। 


18. হৰিহৰ আৰু বুক্কাই কোন চনত বিজয়নগৰ সাম্রাজ্য স্থাপন কৰিছিল? 

উত্তৰঃ- ১৩৩৬ চনত।


19. কৃষ্ণ দেৱৰাজ কোন বংশৰ ব্যক্তি আছিল? 

উত্তৰঃ-তুলুভা বংশ। 


20. ডমিনগো পেজ নামৰ ভ্ৰমণকাৰীজন কোন দেশৰ পৰা ভাৰতলৈ আহিছিল?

উত্তৰঃ- পর্তুগাল।


21. কৃষ্ণ দেৱ ৰায় এজন বিখ্যাত সম্রাট হোৱাৰ উপৰিও তেওঁক আৰু কি বিষয়ৰ এজন বিখ্যাত লোক আছিল? 

উত্তৰঃ- এজন কবি হিচাপে। 


22. বিৰুপাক্ষ কোন আছিল?

উত্তৰঃ- বিৰুপাক্ষ শিৱৰ এটা ৰূপ আছিল।


23. বিৰুপাক্ষ বুলিলে কাক বুজোৱা হৈছিল? 

উত্তৰঃ- শিৱ বা মহাদেৱ। 


24. কৃষ্ণদেৱ ৰায়ে ৰচনা কৰা বিখ্যাত কবিতা পুথিখনৰ নাম কি আছিল? 

উত্তৰঃ- অমুক্ত মালাদা। 


25. তালিকোট যুদ্ধক আৰু এটা নামেৰে জনা যায় নামটো কি? 

উত্তৰঃ- ৰাক্ষান তাংগাড়ি। 


26. কৃষ্ণ দেৱ ৰায় এজন বিখ্যাত সম্রাট হোৱাৰ উপৰিও তেওঁক আৰু কি বিষয়ৰ এজন বিখ্যাত লোক আছিল? 

উত্তৰঃ- এজন কবি হিচাপে।


27. ৰাজকীয় কেন্দ্ৰৰ বিখ্যাত মঞ্চ দুখনৰ নাম কি আছিল?

উত্তৰঃ- সভামণ্ডপ আৰু মহানৱমী ডিব্বা।


28. বিজয়নগৰ সাম্রাজ্যই কোন দুটা চুবুৰীয়া বংশৰ লগত সদায় কাজিয়াত লিপ্ত হৈ আছিল? 

উত্তৰঃ- উৰিষ্যাৰ ভকতক ৰাজ্য আৰু দাক্ষিণাত্যৰ চুলতানসকলৰ লগত। 


29. বিজয়নগৰ সাম্রাজ্যৰ আটাইতকৈ শক্তিশালী ৰজা কোন আছিল আৰু তেওঁ কোন ৰাজবংশৰ লোক আছিল? 

উত্তৰঃ- কৃষ্ণদেৱ ৰায় আছিল বিজয় নগৰৰ সর্বশ্রেষ্ঠ ৰজা। তেওঁ তুলুভা বংশৰ বংশধৰ আছিল।


30. ৰামৰায় কোন আৰু কাৰ হাতত পৰাস্ত হৈছিল? 

উত্তৰঃ- ৰামৰায় আছিল বিজয় নগৰৰ মুখ্যমন্ত্রী। তেওঁৰ অধীনত বিজয়নগৰৰ সৈন্য বাহিনীয়ে একেলগে বিজাপুৰ আহমেদনগৰ আৰু গোলকুণ্ডাৰ


31. কোনে, কেতিয়া বিজয়নগৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ- মৌখিক সাহিত্য আৰু পুৰালিপিৰ সাক্ষ্য মতে সংগম নামৰ এজন ব্যক্তিৰ পুত্ৰদয় হৰিহৰ আৰু বুক্কই ১৩৬৫ খ্ৰীষ্টাব্দত বিজয়নগৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।


32. হাজাৰা মন্দিৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ- (ক) বিজয়নগৰ ৰাজ্যৰ সকলোবোৰ মন্দিৰৰ ভিতৰত অন্যতম আকর্ষণীয় মন্দিৰ আছিল। 

(খ) এই মন্দিৰৰ ভিতৰত অকল ৰজা আৰু পৰিয়ালৰ লোকেহে প্রৱেশ কৰিব পাৰিছিল আৰু পূজা-অর্চনা কৰিব পাৰিছিল। 


33. গজপতি, অশ্বপতি আৰু নৰপতি বুলি কোন ৰাজবংশক বুজোৱা হৈছিল। 

উত্তৰঃ- গজপতিৰ অৰ্থ আছিল হস্তীকলৰ অধিপতি। তেওঁলোক আছিল বিজয় নগৰৰ চুবুৰীয়া শক্তিশালী ৰাষ্ট্ৰ উৰিষ্যাৰ ৰাজবংশ। দক্ষিণ চুলতানসকলক অশ্বপতি বোলা হৈছিল আৰু বিজয়নগৰৰ ৰায়সকলক নৰপতি বোলা হৈছিল। 


34. বিজয়নগৰ শাসন কৰা ৰাজবংশ কেইটাৰ নাম লিখা।

উত্তৰঃ- বিজয়নগৰ শাসন কৰা ৰাজবংশ কেইটাৰ নাম হৈছে- সংগম বংশ, চালুভা বংশ, তুলুভা বংশ আৰু আৰবিন্দু বংশ।


35. বিজয়নগৰৰ ৰজাই অমৰ নায়কসকলক কেনেকৈ নিয়ন্ত্ৰণ কৰিছিল?

উত্তৰঃ- বিজয়নগৰৰ ৰজাই অমৰ নায়কসকলক ওপৰত নিজৰ নিয়ন্ত্ৰণ ৰজাই ৰাখিবৰ কাৰণে এখন কাৰণে এখন প্ৰদেশৰ পৰা আন এখন প্ৰদেশলৈ স্থানান্তৰিত কৰিছিল।


36. কোনে, কেতিয়া বিজয়নগৰ সাম্ৰাজ্যৰ পুনৰ উদ্ধাৰ কৰিছিল?

উত্তৰঃ- বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন ইঞ্জিনিয়াৰ তথা পুৰাতত্ববিদ কৰ্ণেল কলিন মেকেঞ্জীয়ে ১৮০০ খ্ৰীষ্টাব্দত বিজয়নগৰ সাম্ৰাজ্যৰ পুনৰ উদ্ধাৰ কৰিছিল।


37. বিজয়নগৰ সম্পৰ্কে জানিবলৈ দুটা সমলৰ নাম লিখা।

উত্তৰঃ- বিজয়নগৰ সম্পৰ্কে জানিবলৈ দুটা সমলৰ নবাম হৈছে- লিপি আৰু সমসাময়িক সাহিত্য।


38. বিজয়নগৰ ভ্ৰমণ কৰা দুজন বিদেশী পৰ্য়টকৰ নাম লিখা।

উত্তৰঃ- বিজয়নগৰ ভ্ৰমণ কৰা দুজন বিদেশী পৰ্য়টকৰ নাম হৈছে- পাৰস্যৰ ৰাষ্ট্ৰদূত আব্দুৰ ৰাজ্জাক আৰু ইটালীৰ নিকলকন্টি।


39. বিজয়নগৰ হাম্পী নামে কেনেকৈ জনাজাত হ'ল?

উত্তৰঃ- ১৭শ শতিকাৰ শেষ ভাগত বিজয়নগৰ সাম্ৰাজ্যৰ পতন ঘটিছিল। কিন্তু কৃষ্ণা) তুংগভদ্ৰাৰ দোৱাৰ অঞ্চলৰ বাসিন্দাসকলে 'হাম্পী' নামেৰে সাম্ৰাজ্যক মনত ৰাখিছিল। হাম্পী নামটো স্থানীয় দেৱী 'পম্পা'ৰ পৰা উদ্ভৱ হৈছে বুলি বিশ্বাস কৰা হয়। পিছত ১৮০০ খ্ৰীষ্টাব্দত বৃষ্টিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পুৰাতত্বাবাদ কৰ্ণেল কলিনে মেকেঞ্জীয়ে হাম্পী চহৰৰ ধ্বংসাৱশেষ আৱিস্কাৰ কৰে।


40. হাজাৰ ৰাম মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ- হাজাৰ ৰাম মন্দিৰ বিজয়নগৰ অৱস্থিত। 

ইয়াৰ দুটা বৈশিষ্ট্য উল্লেখ হৈছেঃ- (ক) মন্দিৰৰ দেৱালত ৰামায়ণৰ কাহিনীৰ দৃশ্য খোদিত আছে।

(খ) এই মন্দিৰত ৰজা আৰু তেওঁৰ পৰিডয়ালৰ লোকহে প্ৰৱেশ কৰিব পাৰিছিল।


41. মহানৱমী ডিব্বাত অনুষ্ঠিত ক্ৰিয়া কাণ্ডসমূহৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ- বিজয়নগৰৰ সকলোতকৈ ওখ স্থানসমূহৰ ভিতৰত এঠাইত মহানৱমী ডিব্বা নামৰ বিশাল মঞ্চখন অৱস্থিত আছিল। ই প্ৰায় ১১০০০ বৰ্গ ফুটা এটা ভেঁটিৰ ওপৰত অৱস্থিত আৰু ইয়াৰ উচ্চতা হৈছে ৪০ ফুট বৰ্গ। ইয়াত কাঠৰ গাঁথনিৰ দিয়াৰ স্বাক্ষ্যৰ পোৱা গৈছে। এই মঞ্চৰ ভেঁটিত বিভিন্ন ধৰণৰ টিত্ৰ খোদিত কৰা হৈছিল।


42. বিজয়নগৰ পানীৰ সমস্যা কিদৰে পুৰণ কৰা হৈছিল আলোচনা কৰা।

উত্তৰঃ- বিজয়নগৰ সামাজ্যৰ বিশেষত্ব আছিল উত্তৰ-পূব দিশত বৈ যোৱা তুংগভদ্ৰা নদীৰ দ্বাৰা সৃষ্ট এক প্ৰাকৃতিক জলধাৰা। এই জলধাৰাবোৰৰ কাষে কাষে বান্ধ নিৰ্মাণ কৰি বিভিন্ন আকৃতিৰ জলাশয় নিৰ্মাণ কৰা হৈছিল। পানীৰ সমস্যা পূৰনৰ বাবে বৰষুণৰ পানীও সংৰক্ষণ কৰি চহৰবোৰলৈ বোৱাই নিয়াৰ ব্যৱস্থা কৰা হৈছিল।


43. প্ৰাচীৰৰ ভিতৰত কৃষি ভূমিসমূহ অৱস্থিত হোৱাৰ কাৰণে কি সুবিধা আৰু অসুবিধা হৈছিল?

উত্তৰঃ- প্ৰাচীৰৰ ভিতৰত কৃষি ভূমিসমূহ অৱস্থিত হোৱাৰ কাৰণে সুবিধা আৰু অসুবিধা দুয়োটাই হৈছিল। এই ব্যৱস্থাৰ দ্বাৰা খেতি-বাতিৰ যথোপচিত ৰক্ষণা-বেক্ষণ হৈছিল। শস্যৰ বৃহত্‍ ভঁৰালে এই কথা প্ৰমাণ কৰে। কিন্তু প্ৰাচীৰৰ ভিতৰত কৃষিভূমি অৱস্থিত হোৱাৰ বাবে সাধাৰণ জনগণে লঘোণত মৰিবলগীয়া হৈছিল আৰু মাহ মাহ, বছৰ বছৰ ধৰি সামৰিক অৱৰোধ কৰিও উচিত ফল পোৱা নাছিল।


44. বিজয়নগৰ প্ৰশাসন ব্যৱস্থাত ৰায় আৰু নায়কসকল কোন আছিল?

উত্তৰঃ- বিজয়নগৰ সামাজ্যৰ ৰজাসকলে নিজকে ৰায় বুলি পৰিচয় দিছিল। কৃষ্ণদেৱ ৰায় এই সাম্ৰাজ্যৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজা আছিল।

বিজয়নগৰ সাম্ৰাজ্যৰ তেলেগু আৰু কানাড়া ভাষী সেনাধ্যক্ষ বা সেনাধিনায়কসকলক সাধাৰণতে নবায়ক বুলি জনা গৈছিল। তেওঁলোকে সৈন্যবাহিনী আৰু দুৰ্গবোৰৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বজাই ৰাখিছিল। সেনাধিনায়কসকলে ৰজাৰ অধিকাৰ সুদৃঢ় কৰিবৰ বাবে মাজে মাজে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিছিল। অৱশ্যে নায়কসকলে মাজে মাজে বিদ্ৰোহী আচৰণ কৰিছিল। কিন্তু বিদ্ৰোহী নায়কসকলক ৰজাই কঠোৰ হাতেৰে দমন কৰিছিল। 


45. হাম্পীৰ ভগ্নাশেষসমূহ অধ্যয় কৰিবলৈ কি কি পদ্ধতি ব্যৱহাৰ কৰা হৈছে?

উত্তৰঃ- ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন ইঞ্জিনিয়াৰ তথা পুৰাতত্ববিদ কৰ্ণেল কলিন মেকেঞ্জীয়ে ১৮০০ খ্ৰীষ্টাব্দত 'হাম্পী' চহৰৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰে। এই ভগ্নাৱশেষসমূহ অধ্যয়ন কৰিবলৈ তেওঁ কিছুমান পদ্ধতি গ্ৰহণ কৰিছিল। প্ৰথমমতে তেওঁ এই স্থানৰ জৰীপ মেপ তৈয়াৰ কৰে। দ্বিতীয়তে তেওঁ বীৰুপাক্ষ মন্দিৰৰ পুৰোহিত আৰু 'পম্পা' দেৱীৰ স্মৃতিৰ ওপৰত ভিত্তি কৰি সৰহ সংখ্যক প্ৰাথমিক তথ্য সংগ্ৰহ কৰিছিল। পিছলৈ ১৮৫৬ খ্ৰীষ্টাব্দত ফটোগ্ৰাফাৰসকলে এই ভগ্নাৱশেষসমূহৰ ফটো সংগ্ৰহ কৰে আৰু এইবোৰ ইতিহাসবিদসকলক বিজয়নগৰ সাম্ৰাজ্যৰ ইতিহাস অধ্যয়নত সহায় কৰে। ১৮৩৬ খ্ৰীষ্টব্দৰ আৰম্ভণীতে পম্পাদেৱীৰ আৰু অন্যান্য মন্দিৰসমূহৰ ভালেসংখ্যক লিপি উদ্ধাৰ কৰা হয়। ইতিহাসবিদসকলে বিদেশী লিখকৰ টোকা, তেলেগু, কানাড়া, তামিল আৰু সংস্কৃত ভাষাৰ সাহিত্যৰ ওপৰত নিৰ্ভৰ কৰি বিজয়নগৰ সাম্ৰাজ্যৰ ইতিহাস পুনৰুদ্ধাৰ কৰিছে। শেষত মিঃ চুৱেলৰ A Forgotten Empire নামৰ পুথি আৰু ৰাজবংশাৱলীসমূহেও এই দিশত সহায় কৰি আহিছে।


46. বিজয়নগৰৰ পতনৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ- বিজয়নগৰৰ পতনৰ কাৰণসমূহ হ'ল-

(i) বিজয়নগৰ সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা আছিল কৃষ্ণদেৱ ৰায়। তেওঁৰ দিনতে এই সাম্ৰাজ্যখন শীৰ্ষ স্থান লাভ কৰিছিল। কিন্তু তেওঁৰ পিছৰ শাসকসকল দুৰ্বল হোৱা বাবে ক্ৰমে সাম্ৰাজ্যখন দুৰ্বল হৈ পৰিছিল।

(ii) বিজয়নগৰ শাসক আৰু দক্ষিণাত্যৰ চুলতানসকলৰ মাজত হোৱা ৰাজনৈতিক আকাংক্ষাৰ সমীকৰণৰ সাল-সলনি। 

(iii) শক্তিশালী বিজয়নগৰৰ ৰাজবনৈতিক দাবীদাৰ সকলৰ ভিতৰত বহু ৰাজবংশ আৰু সেনাধক্ষ্যও আছিল। কৃষ্ণদেৱ ৰায়ৰ মৃত্যৰ পিছত বিজয়নগৰৰ উত্তৰাধিকাৰী বিবাদত হস্তক্ষেপ কৰিছিল বীজাপুৰৰ চুলতান। 

(iv) বিজয়নগৰ সাম্ৰাজ্য আৰু চুলতানী সামাজ্যই পৰস্পৰে পৰস্পৰক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব বিচাৰিলে।

(v) ৰামাৰায়ে দাক্ষিণাত্য চুলতানৰ মাজত চলি থকা প্ৰতিদ্বন্দ্বতাৰ সুবিধা লৈ তেওঁকক ব্যৱহাৰ কৰি মুছলমানৰ শক্তি বিনষ্ট কৰিছিল। তাৰ ফলত আটাইকেইখন মুছলমান ৰাজ্য একত্ৰিত হৈ বিজয়নগৰৰ পতন নিশ্চিত কৰিলে।

47. বিজয় নগৰৰ দুর্গ নির্মাণ সম্পর্কে আলোচনা কৰা।  HS-2022

উত্তৰঃ-  বিজয়নগৰ ৰাজ্যৰ অন্যতম বৈশিষ্ট্য হ'ল দুর্গ নির্মাণ কাৰ্য্য। বিজয়নগৰ ৰাজ্যৰ বেছিভাগ ঠাই দুর্গসদৃশ বিশাল প্রাচীৰেৰে আগুৰা আছিল। সেই সময়ত পাৰস্যৰ ৰাষ্ট্রদূত ৰাজ্জাকৰ মতে বিজয়নগৰ ৰাজ্যৰ এনে কাৰুকার্য পৃথিৱীৰ আন ক'তে পোৱা নগৈছিল। তেওঁ উল্লেখ কৰা মতে শাৰীশাৰীকৈ থকা সাতখন দুর্গসদৃশ প্রাচীৰে গোটেই নগৰখন আগুৰি ৰাখিছিল। চহৰৰ উপৰিও ইয়াৰ কৃষিভূমি আৰু ইয়াৰ সমীপত থকা জংঘলসমূহো এনে প্রাচীৰেৰে ঘেৰি ৰখা হৈছিল। আচৰিত কথা যে ইয়াৰ নির্মাণশৈলী তেনে সাধাৰণ বিধৰ আছিল। চিমেন্ট বা কোনো মচলা ব্যৱহাৰ নকৰাকৈ চেপেটা শিলবোৰ এটাৰ ওপৰত আন এটাৰ ওপৰত লিপিত খুৱাই ৰখা হৈছিল। এনেদৰে নিৰ্মাণ কৰা প্ৰাচীৰৰ বেৰ মাজে মাজে কিছুমান শক্তিশালী প্রৱেশদ্বাৰ ৰখা হৈছিল।


48. ভিথালা স্বামী মন্দিৰৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ- বিজয়নগৰ ৰাজ্যৰ উল্লেখযোগ্য মঠ-মন্দিৰৰ ভিতৰত এক উল্লেখযোগ্য মন্দিৰ আছিল ভিথালা স্বামীৰ মন্দিৰ। ভিথালা হল বিষ্ণুৰ আন এটা ৰূপ। সেয়ে এইটো এটা বিষ্ণু মন্দিৰ আছিল আৰু মহাৰাষ্ট্রৰ লোকসকলে ইয়াতে পূজা কৰিছিল। এই মন্দিৰটোতো ৰাজ্যৰ আন মন্দিৰৰ দৰে বহুতো সভাঘৰ আছিল। ৰথৰ আকৃতিত নিৰ্মাণ কৰা এই মন্দিৰৰ স্থাপত্য আৰু নির্মাণ কাৰ্য্য আছিল অতুলনীয়। ইয়াৰ ভাস্কর্যশৈলীয়ে বিজয়নগৰত গঢ় লৈ উঠা ভাস্কর্য বিদ্যাৰ নির্দিষ্ট বৈশিষ্ট্য আৰু উচ্চ মানদণ্ডৰ কথাকে প্রমাণ কৰে।

মন্দিৰত ৰথৰ বাৰে বেলেগ ৰাস্ত আছিল। যিটো গোপুৰমৰ পৰা মন্দিৰলৈ পোন আছিল। এই ৰাস্তাবোৰ চেপেটা শিলেৰে নির্মিত আছিল আৰু ইয়াৰ দুয়োপাৰে স্তম্ভযুক্ত মণ্ডপ আছিল। এই মণ্ডপবোৰত ব্যৱসায়ীসকলে ব্যৱসায় কৰিছিল।

ৰাজ্যখন সুৰক্ষিত কৰি ৰখাৰ কাৰণে খুব সম্ভৱ দুৰ্গবোৰ নির্মাণ হৈছিল। কাৰণ কোনো বৈদেশিক আক্ৰমণৰ মাজত শত্রুপক্ষৰ সৈন্যসকলক এনে দুৰ্গৰ ভিতৰত আবদ্ধ কৰি ৰাখি দুর্বল কৰি পেলোৱা হৈছিল। কোনো দীঘলীয়া যুদ্ধৰ সময়ত যাতে খাদ্যৰ অভাৱ নহয়- তাৰবাবে এই দুৰ্গৰ ভিতৰত কৃষিভূমি আৰু খাদ্যসামগ্ৰীৰ ভঁড়ালবোৰ ৰখা হৈছিল বুলি অনুমান কৰা হয়।


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022.


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »