-->

Class IX Assamese: অন্ধবিশ্বাস আৰু কু-সংস্কাৰ । Andhabiswas aru ku-xanskar

অন্ধবিশ্বাস আৰু কু-সংস্কাৰ

জয়ন্ত মাধৱ বৰা


1. কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম বৃটিছৰ অধীন হয়?

উত্তৰঃ- ১৮২৬ খ্ৰীষ্টাব্দত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছত অসম বৃটিছৰ অধীন হয়। 


2. জয়ন্ত মাধৱ বৰাৰ ৰচিত দুখন গল্পপুথিৰ নাম লিখা।

উত্তৰঃ- জয়ন্ত মাধৱ বৰাৰ ৰচিত দুখন গল্পপুথিৰ নাম হ'ল- ১) যুদ্ধভূমি আৰু (২) জাকৈয়া ছোৱালী। 


3. জয়ন্ত মাধৱ বৰাৰ ৰচিত দুখন উপন্যাসৰ নাম লিখা। 

উত্তৰঃ- জয়ন্ত মাধৱ বৰাৰ ৰচিত দুখন উপন্যাসৰ নাম হ'ল- (১) অমৃত আৰু (২) আজান ফকীৰ। 


4. জয়ন্ত মাধৱ বৰাই কেতিয়া আৰু কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে? 

উত্তৰঃ- জয়ন্ত মাধৱ বৰাই ২০১৭ চনত "মৰিয়াহোলা" উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। 


5. অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকলে কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? 

উত্তৰঃ- অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুৰ বাবে মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল। 


6. অন্ধবিশ্বাস মানে কি বুজা? ই সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে? 

উত্তৰঃ- যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় আকৌ যিবোৰ মানুহৰ মাজত থকা ধাৰণাক বিজ্ঞানে অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে তেনেবোৰ বিশ্বাস আৰু ধাৰণাই হৈছে অন্ধবিশ্বাস। অতীজৰেপৰা আমাৰ সমাজখন অন্ধবিশ্বাসে আৱৰি থকাৰ বহুতো উদাহৰণ আছে। অন্ধবিশ্বাসে কু-সংস্কাৰৰ জন্ম দিয়ে। কু-সংস্কাৰ সমাজৰ প্ৰগতিৰ প্ৰধান অন্তৰায়। অন্ধবিশ্বাস আৰু কু-সংস্কাৰে মানুহৰ সভ্যতাক গতিশীলতা প্ৰদান কৰাৰ পৰিৱর্তে স্থিতাঅৱস্থালৈ নিয়ে। অজ্ঞতাৰ ফলত মানুহ অন্ধবিশ্বাসী হয়। মানুহৰ এই দুর্বলতাক একাংশ চতুৰ মানুহে নিজৰ স্বার্থ সিদ্ধিৰ বাবে উৰা বাতৰি প্ৰচাৰ কৰি সমাজত নানা অথন্তৰ ঘটায়। ভূত-প্ৰেত, যখিনী-ডাইনী, সোপাধৰা, বুঢ়া ডাঙৰীয়া, তন্ত্ৰ-মন্ত্ৰত বিশ্বাস আদি অন্ধবিশ্বাসে মানুহক ভীতিগ্ৰস্থ কৰে আৰু আইন শৃংখলা ভংগৰ পৰিস্থিতিৰ উদ্ভৱ হয়। কেতিয়াবা কেতিয়াবা উপযুক্ত বিজ্ঞান সন্মত চিকিৎসকক অৱজ্ঞা কৰাৰ প্ৰৱণতাই অনেক মানুহক মৃত্যু মুখলৈ ঠেলি দিয়ে। ডাইনীৰ দৰে অমূলক আৰু ভ্ৰান্ত বিশ্বাসত গুৰুত্ব দি একাংশ মানুহ হত্যাকাৰীৰূপেও চিহ্নিত হয়। মানুহে মানৱতা পাহৰি পশুৰ দৰে আচৰণ কৰে। এইদৰে অন্ধবিশ্বাসে সমাজত নানা সামাজিক সমস্যাৰ সৃষ্টি কৰি মানৱ সভ্যতাৰ বাবে ভয়ংকৰ অভিশাপ হৈ পৰিছে।


6. কি কি কাৰণত অন্ধবিশ্বাস, কু-সংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়?  

উত্তৰঃ- অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল— 

(১) প্ৰকৃত জ্ঞানৰ অভাৱত মানুহ কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বশৱর্তী হয়। ভোগ-বিলাস আৰু সস্তীয়া আনন্দ আহৰণৰ প্ৰৱণতাই মানুহক কৃচ্ছ্ৰ সাধনাৰ পৰা বহু দূৰলৈ আঁতৰাই আনে যদিও জীৱনৰ সর্বশ্ৰেষ্ঠ সাধনাই কৃচ্ছ্ৰ সাধনা। অধ্যয়ন বিমুখতাই মানুহৰ মাজত অনিয়ন্ত্ৰিত আবেগৰ সৃষ্টি কৰে আৰু সমাজত বিশৃংখল পৰিৱেশ সৃষ্টি হোৱাত অৰিহণা যোগায়। (২) ভোগসর্বস্ব জীৱন, আধ্যয়নবিমুখ মন আৰু অগভীৰ চিন্তাৰে কোনো মানুহে ইতিবাচক দৃষ্টিভংগীৰে কোনো ঘটনা বা বিষয় চিন্তা কৰিব নোৱাৰে ফলত সমাজৰ ভাল কথাবোৰ বেয়া কথাবোৰৰ মাজত হেৰাই গৈ গোটেই সমাজ ব্যৱস্থাকে পংগু কৰি পেলায়। এনে ধৰণৰ দৃষ্টিভংগীৰে গঢ়ি উঠা সমাজত বাস কৰা সকলো মানুহক নেতিবাচক দৃষ্টিভংগী লৈ কাম কৰিবলৈ উদ্‌গনি দিয়ে। 

(৩) সাধাৰণতে সমাজৰ নেতৃস্থানীয় লোকক সমাজ বা দেশৰ ভাল কাম কৰিবলৈ দায়িত্ব দিয়া হয়। কিন্তু কেতিয়াবা দেখা যায় যে সেইসকলে নিজৰ স্বার্থ সিদ্ধিৰ বাবে নেতিবাচক কামত লিপ্ত হয়। সেই সকল লোকৰ বহুত অনুগামীও থাকে। তেওঁলোকৰ ক্ষতিকাৰক কৰ্মই তেওঁলোকৰ অনুগামীসকলকো একে ধৰণৰ সমাজৰ ক্ষতি কাৰক কাম কৰাত অনুপ্ৰাণিত কৰে। 

(৪) নজনা কথা জনা আৰু আন ঠাইৰ বা অঞ্চলৰ মানুহৰ লগত ভাৱ বিনিময় কৰাত ভ্ৰমণ এক উপযুক্ত মাধ্যম যি মানুহৰ মনৰ পৰিধি বৃদ্ধি কৰে। শিক্ষাৰ অন্যতম অংগ ভ্ৰমণৰ প্ৰতি অনীহাই মানুহক ঠেক মনৰ আৰু অন্ধবিশ্বাসী তথা কু-সংস্কাৰী হোৱাৰ পথহে সুগম কৰে। যোগাযোগ ব্যৱস্থাৰ অসুবিধায়ো ইয়াত অৰিহণা যোগায়। 

(৫) নিজ স্বার্থ সিদ্ধিৰ বাবে কিছুমান অসৎ লোকে উৰাবাতৰি প্ৰচাৰৰ দ্বাৰা সমাজত অন্ধবিশ্বাস বিয়পায়। এওঁলোকৰ চতুৰালিত এই অন্ধবিশ্বাসবোৰ কিছুমান শিক্ষিতলোকেও সত্য বুলি মানি ল'বলগা হয়। এনে দুষ্ট প্ৰকৃতিৰ মানুহৰ চালনাত সমাজ ভীতিগ্ৰস্ত আৰু অস্থিৰ হৈ পৰে। কিয়নো উৰাবাতৰিয়ে মানুহক উত্তেজিত কৰি তোলে। এনে ধৰণৰ উৰাবাতৰি আৰু অন্ধবিশ্বাসৰ পৰা কোনো মানুহ বাছি নাযায় কিয়নো সেইবোৰ কথা যুক্তি সহকাৰে বিবেচনা কৰিব নোৱাৰে। অর্থাৎ যুক্তিক মূল্যহীন বুলি ভৱা সমাজত উৰাবাতৰিয়ে অন্ধবিশ্বাস আৰু কু-সংস্কাৰক সমাজত মেলি দিয়ে।

(৬) কর্মবিফলতা আৰু বিনা কষ্টে ভোগ বিলাসত মত্ত হ'বলৈ বিচৰা মানুহ সহজে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বশৱৰ্তী হয়। 

(৭) অন্ধবিশ্বাস আৰু কু-সংস্কাৰত পৰা নপৰা নিৰ্ভৰ কৰে মানুহৰ মনোবৃত্তিৰ ওপৰত। বিজ্ঞানমনস্কতা আৰু এটা যুক্তিবাদী মনৰ গৰাকী নহ'লে মানুহ এই কু-অভ্যাসৰ বলি হয়। মানুহৰ মনোবৃত্তি বিজ্ঞানৰ যুক্তিৰ আধাৰত প্ৰতিষ্ঠিত নহ'লে। তেনেধৰণৰ মানুহৰ মাজত সহজে অন্ধবিশ্বাস আৰু কু-সংস্কাৰে বাহ লয়। 


7. অন্ধবিশ্বাস, কু-সংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব লাগে? 

উত্তৰঃ- মানুহৰ মাজত সজাগতা আনি অন্ধবিশ্বাস আৰু কু-সংস্কাৰ নিয়ন্ত্ৰণ কৰিব পাৰি। অন্ধবিশ্বাস আৰু কু-সংস্কাৰে কেনেকৈ এখন সমাজ পংগু কৰিব পাৰে বা বর্তমানৰ আধুনিক সমাজ এখন কেনেকৈ এই ব্যাধিৰ দ্বাৰা আদিম সমাজৰ স্তৰলৈ অৱনমিত হ'ব পাৰে এইবোৰ মানুহৰ মাজত প্ৰচাৰ কৰি অন্ধবিশ্বাস আৰু কু-সংস্কাৰ নিয়ন্ত্ৰণ কৰা যায়। ইয়াৰ বাবে কেৱল আলোচনা, সভা আৰু শুভাযাত্ৰা আদিত আবদ্ধ নাথাকি বোলছবি, চুটি তথ্য চিত্ৰ বা প্ৰচাৰ মাধ্যমৰ সহায়ত মানুহক অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ক্ষতিকাৰক দিশসমূহ বুজাব পাৰি। প্ৰচাৰ মাধ্যমৰ দ্বাৰা সকলোৱে অৱধাৱন হ'ব পাৰিব যে ডাইনী বা সোপাধৰাৰ দ্বৰে অন্ধবিশ্বাসৰ সুযোগ লৈ এচাম স্বার্থপৰলোকে সমাজত হত্যাৰ দ্বাৰে অমানৱীয় আৰু অসামাজিক কাম কৰি আছে। বিদ্যালয় আৰু মহাবিদ্যালয়ত তর্ক প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ভয়াবহতা সম্পর্কে জ্ঞান দিব পাৰি। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথিত এই বিষয়বোৰ অন্তর্ভুক্তিয়ে সমাজৰ ব্যাধিস্বৰূপ এই অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সমাজৰ পৰা আঁতৰ কৰাত ফলপ্ৰসু ভূমিকা ল'ব পাৰে। 


8. 'ডাইনী', 'সোপাধৰা'—এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছুলোকে এই বিষয়দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহুলোকে বিশ্বাস কৰি লয়। ইয়াৰ কাৰণ কি কি? 

উত্তৰঃ- 'ডাইনী' আৰু 'সোপাধৰা'—এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছুমানলোকে নিজস্বার্থ সিদ্ধিৰ বাবে এইবোৰৰ উৰাবাতৰি প্ৰচাৰ কৰে। এনে অপপ্ৰচাৰৰ দ্বাৰা সমাজক সন্ত্ৰাসিত কৰি তেওঁলোকে ইচ্ছা অনুসৰি কাৰোবাৰ ওপৰত প্ৰতিশোধ পূৰণ কৰে। সামাজিক, মনস্তাত্ত্বিক জাগৰণৰ অভাৱৰ ফলত মানুহ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ উৰাবাতৰি বিশ্বাস কৰিবলৈ লয়। এই দুর্বলতাক চতুৰ মানুহে উৰাবাতৰি প্ৰচাৰেৰে মানুহক বশ কৰি লয় আৰু কেতিয়াবা কেতিয়াবা মানুহৰ এই দুর্বলতা তেওঁলোকৰ আয়-উপার্জনৰ আহিলা হয়। বিজ্ঞান মনস্কতাৰ অভাৱ আৰু যুক্তিৰে কোনো ঘটনা বা কথা বিচাৰ কৰিব নোৱাৰা মানুহে সহজে এই উৰাবাতৰি বিলাক বিশ্বাস কৰি লয়। যি মানুহৰ মনোবৃত্তি বিজ্ঞানৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিতে নহয় তেনে মানুহে 'ডাইনী' অথবা 'সোপাধৰা' প্ৰসংগত প্ৰচাৰ হোৱা উৰাবাতৰিক সহজে বিশ্বাস কৰে। 


9. ব্যাখ্যা কৰাঃ- 

(ক) 'অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱী আটাইতকৈ গধুৰ বোজা।'

উত্তৰঃ- উক্ত বাক্যাংশ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ জয়ন্ত মাধৱ বৰাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ নামৰপাঠটিৰ পৰা তুলি অনা হৈছে।

লিখকে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিষয়ে ক'বলৈ যোৱাৰ প্ৰাৰম্ভিক স্তৰতে ভাৰতৰ ভূতপূর্ব ৰাষ্ট্ৰপতি শিক্ষাবিদ ড° সর্বপল্লী ৰাধাকৃষ্ণণে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ওপৰত তেখেতে দিয়া উক্ত উক্তিৰে আৰম্ভ কৰিছে।

ড° ৰাধাকৃষ্ণণে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ গোটেই পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা বুলি অনুভৱ কৰিছিল। লিখকৰ মতে ড° কৃষ্ণণে এসময়ত পৃথিৱীৰ গধুৰ বোজা বুলি চিনাক্ত কৰা এই ব্যাধি একবিংশ শতিকাৰ বাবেও অভিশাপ হৈ আছে বুলি আক্ষেপ কৰিছে। জ্ঞান বিজ্ঞানৰ চৰম শিখৰত আৰোহণ ৰা বুলি দাবী কৰা আমাৰ মানৱ সমাজ এতিয়াও অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰা মুক্ত নহয়। এই মাৰাত্মক ব্যাধিয়ে প্ৰেম, মানৱতা, সমতা আদি মানৱীয় প্ৰমূল্যসমূহক এতিয়াও আঘাত কৰি আছে। পৃথিৱীৰ প্ৰায়বোৰ দেশৰ মানুহ এই ব্যাধিত আক্ৰান্ত। আমাৰ দেশ তথা ৰাজ্যও অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বলি হৈ আছে। এতিয়াও অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু ইয়াৰ পৰা উৎপাদিত উৰাবাতৰিয়ে দেশ আৰু সমাজত হত্যা, সন্ত্ৰাস আদি ঘটনা হ্ৰাস পোৱাৰ পৰিৱর্তে বৃদ্ধিহে কৰিছে। আমাৰ ৰাজ্যখনতো 'ডাইনী', 'সোপাধৰা' আদিৰ সন্দেহত মানুহৰ হত্যা এতিয়াও চলি আছে। পৃথিৱীৰ ভিতৰত সভ্য বুলি দাবী কৰা উন্নত দেশবোৰো অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰা মুক্ত হোৱা নাই। গতিকে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ আজিৰ আধুনিক পৃথিৱীৰ বাবেও গধুৰ বোজাৰূপে চিহ্নিত হৈ আছে। 


9. (খ) সংঘাত এক জীৱন পদ্ধতি। 

উত্তৰঃ- উক্ত ব্যাক্যাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত 'অন্ধবিশ্বাস আৰু কু-সংস্কাৰ' নামৰ পাঠটিৰ পৰা অনা হৈছে।

ইয়াত লিখক জয়ন্ত মাধব বৰাই অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ নেতিবাচক দিশবোৰ আলোচনা কৰোতে সংস্কাৰক এক জীৱন পদ্ধতি বুলি উল্লেখ কৰিছে।

লিখকৰ মতে যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰাই এখন সুস্থ সমাজ গঢ়াত অৰিহণা যোগায় সেইবোৰেই হৈছে সংস্কাৰ। এই সংস্কাৰৰ বশৱৰ্তী হৈ মানুহে উন্নতৰ পৰা উন্নত সমাজ গঢ়িব পাৰে। মানৱ সভ্যতাক সংস্কাৰে তৰাম্বিত কৰে। সমাজক স্থিতাৱস্থাৰ পৰা গতিশীল অৱস্থালৈ নিয়ে সংস্কাৰে। সংস্কাৰে মানুহক যুক্তিৰ আধাৰত চলিবলৈ শিকায়

আৰু জনসাধাৰণৰ মাজত সামাজিক মনস্তাত্ত্বিক জাগৰণ সৃষ্টি কৰে। এনে সমাজে দোপতদোপে উন্নতিৰ জখলাৰে আগুৱায়। সমাজত চলা সংস্কাৰসমূহ মানুহৰ স্বভাৱ চৰিত্ৰত ফুটি উঠে। মুঠৰ ওপৰত এখন সুস্থ সমাজৰ নীতি-নিয়ম সেই সমাজৰ মানুহ স্বাভাৱিকভাৱে পালন কৰাৰ ফলত সেইবোৰ এক সাধাৰণ জীৱন পদ্ধতিৰূপে পৰিগণিত হয়। যিখন সমাজত সংস্কাৰ জীৱন পদ্ধতি বুলি স্বীকৃত নহয় সেইখন সমাজ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ দ্বাৰা আক্ৰান্ত হয়। উৰাবাতৰিয়ে এনেকুৱা সমাজ ব্যৱস্থাক থানবান কৰি সমাজৰ শান্তি শৃংখলা বিঘ্নিত কৰে। 


9. (গ) 'মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।' 

উত্তৰঃ- উক্ত ব্যাক্যাংশ আমাৰ পাঠ্যপুথিৰ 'অন্ধবিশ্বাস আৰু কুসংস্কাৰ' নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে।

ইয়াত জয়ন্ত মাধব বেৰাই মানুহ অন্ধবিশ্বাসী হোৱাৰ কাৰণবোৰ বিচাৰি গৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

শিক্ষাক অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰা মুক্তি পোৱাৰ প্ৰধান আহিলা বুলি কোৱা হয়। কিন্তু দেখা গেছে বর্তমান সময়ত আনুষ্ঠানিক শিক্ষা লাভ কৰা মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে কিন্তু সেই অনুপাতে অধ্যয়নশীল মানুহৰ অভাৱ ঘটিছে। বর্তমান অসমতেই শিক্ষিতৰ হাৰ ৭৩.১৮ শতাংশ। এইদৰে পৃথিৱীৰ সকলো স্থানতে শিক্ষিতৰ হাৰ পূর্বতকৈ বহুত বৃদ্ধি পাইছে। কিন্তু তথাপিও মানুহ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰা মুক্তি পোৱা নাই। শিক্ষিত মানুহেও আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি উৰাবাতৰিক প্ৰশ্ৰয় দিয়া দেখা যায়। ইয়াৰ কাৰণ হ'ল মানুহ আধুনিক শিক্ষাৰে শিক্ষিত হ'লেও জ্ঞানী হোৱা নাই। অনুরূপভাৱে পৃথিৱীত শিক্ষা অবিহনেও মানুহ জ্ঞানী হ'ব পাৰে। তেওঁলোকে যুক্তি সহকাৰে কোনো ঘটনা সঠিকৰূপে বিশ্লেষণ কৰিবলৈ সক্ষম। বর্তমান ভোগবাদে শিক্ষাক জ্ঞান আহৰণৰ আহিলাৰ পৰিৱর্তে চাকৰি লাভৰ পথলৈ ৰূপান্তৰ কৰিছে। জ্ঞান অর্জনৰ বাবে মানুহক এটা অধ্যয়ন পিপাসু মনৰ প্ৰযোজন। অধ্যয়ন অবিহনে মানুহ জ্ঞানী হ'ব নোৱাৰে আৰু কোনো এটা ঘটনাৰ সঠিক বিশ্লেষণ কৰিব নোৱাৰি আৱেগৰ বশৱৰ্তী হৈ সমাজত বিশৃংখল, অপ্ৰীতিকৰ পৰিৱেশ আদিৰ সৃষ্টিত অৰিহণা যোগায়। কৃচ্ছ্ৰ সাধনাই হৈছে জীৱনৰ সর্বশ্ৰেষ্ঠ সাধনা। মানুহ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হ'লেও সস্তীয়া আনন্দ লাভৰ প্ৰৱণতাই এই সাধনাৰ পৰা মানুহক নিলগ কৰিছে। কিয়নো তেওঁলোক অধ্যয়নবিমুখী হৈছে। প্ৰকৃত শিক্ষিত হ'বলৈ মানুহৰ অধ্যয়ন লাগিব তেতিয়াহে মানুহ জ্ঞানী হ'ব আৰু নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰা নিজক আৰু সমাজক ৰক্ষা কৰিব পাৰে। 


10. বিপৰীত শব্দ লিখাঃ- 

ইতিবাচক- নেতিবাচক,

যোগাত্মক- ঋণাত্মক, 

সৎ- অসৎ, 

সক্ষম- অক্ষম, 

উচিত- অনুচিত, 

অভিশাপ-আশীর্বাদ। 


11. অর্থ লিখাঃ- 

প্ৰতিকূলতা= বিপৰীত অৱস্থা, 

অবাঞ্চিত= বাঞ্ছা নকৰা, 

অপদেৱতা= অপকাৰ সধা দেৱতা, ভূত-প্ৰেত, গুজব= উৰাবাতৰি, 

প্ৰমূল্য= মানদণ্ড, 

বড়ি= পিল। 


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »