-->

সময় নীলমণি ফুকন । Time by Nilmani Phukan (Koka)

সময় 

নীলমণি ফুকন (ককা) 


1. সময় পাঠটিৰ লেখক কোন? 

উত্তৰঃ- সময় পাঠটিৰ লেখক হ'ল নীলমণি ফুকন। 


2. সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ- সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।


3. সময় কি গ্ৰাভিত ঘুৰে?

উত্তৰঃ- সময় বৃত্তাকাৰ গতিত ঘূৰে। 


4. কার্যক্ৰম অনুসৰি সময়ৰ ভাগবোৰ কেনেদৰে কৰা হৈছে?

(নাইবা) 

কিহৰ ওৰত ভিত্তি কৰি সময় ভাগ কৰা হয়?

উত্তৰঃ- কার্যক্ৰম অনুযায়ী সময়ক ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবোৰ হ'ল- যুগ কল্প আৰু শতাব্দী, মজলীয়া ভাণবোৰ হ'ল- ঋতু, বছৰ আৰু মাহ সৰু ভাগবিলাকেই দিন-ৰাতি আৰু প্ৰহৰ।


5. বেলিফুলৰ আন এটা নাম কি? 

উত্তৰঃ- বেলিফুলৰ আন এটা নাম হল সূর্যমুখী ফুল। 


6. সময়ৰ সৰু ভাগবোব কি কি?

উত্তৰঃ- সময়ৰ সৰু ভাগবোৰ হৈছে— দিন-ৰাতি, প্ৰহৰ। 


7. তোমাৰ পাঠত থকা কোনজন লেখকক 'ককা' বুলি কোৱা হয়? 

উত্তৰঃ- নীলমণি ফুকনক ককা বুলি কোৱা হয়। 


8. সময়ৰ ডাঙৰ ভাগবোৰ কি কি?

উত্তৰঃ- সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ কল্পা, শতাব্দী। 


9. সমযৰ দণ্ড, পল, অনুপলক কি বোলা হয়? 

উত্তৰঃ- সময়ৰ দণ্ড, পল, অনুপলক ভগ্নাংশ বোলা হয়।  


10. মানুহৰ এহেজাৰ যুগে ব্ৰহ্মাৰ কিমান দিন? 

উত্তৰঃ- মানুহৰ এক কল্প বা এহেজাৰ যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি।


11. সময়ৰ মজলীয়া ভাগবোৰ কি কি? 

উত্তৰঃ- সময়ৰ মজলীয়া ভাগবোৰ হৈছে- ঋতু, বছৰ আাৰু মাহ।


12. কি শক্তিৰ বলত মানুহে সময় নিৰূপণ কৌশল উলিয়াবলৈ ধৰে?

উত্তৰঃ- উদ্ভাৱিকা শক্তিৰ বলত মানুহে সময় নিৰূপণ কৌশল উলিয়াবলৈ ধৰে।


13. দ্বিগ্বিজয়ী নেপোলিয়নে কোনখন যুদ্ধত আৰু কিয় পৰাজিত হ'বলগা হৈছিল? ৱার্টাল যুদ্ধত কোন কিয় পৰাজিত হ'ব লগা হৈছিল?

উত্তৰঃ- ৱার্টালু যুদ্ধত নেপোলিয়নে, পাছৰপৰা বল দিয়া সেনা গৈ পোৱা পাঁচ মিনিট পলম হোৱা বাবে পৰাজিত হ'ব লগা হৈছিল। 


14. কল্প শব্দৰ অর্থ কি? 

উত্তৰঃ- হিন্দু শাস্ত্ৰমতে ব্ৰহ্মাৰ এদিন এৰাতি, এই কালৰ দৈৰ্য্য এহেজাৰ যুগ বা চাৰিশ বত্ৰিশ কোটি বছৰ। 


15. সময় কিহেৰে ধৰি ৰাখিব পাৰি?

উত্তৰঃ- কৰ্মৰ দ্বাৰা সময় ধৰি ৰাখিব পাৰি। 


16. সময়ৰ প্ৰকৃত যন্ত্ৰপাতি কি? 

উত্তৰঃ- সময়ৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কর্ম। 


17. ফেঁচুয়ে জালি দি কি জনায়? 

উত্তৰঃ- ফেঁচুয়ে জালি দি পোহৰ হ'বলৈ আৰু বেছিপৰ নাই বুলি জনায়। 


18. কল্পান্তৰ মানে কি? 

উত্তৰঃ- এটা কল্পৰ পৰা অন্য এটা কল্পলৈ পৰিৱর্তন হোৱাকে কল্পান্তৰ বোলে। 


19. বেলিঘড়ী কাক বোলে? বেলি ঘড়ীৰ যোগেদি কেনেকৈ সময় নিৰূপণ কৰিব পাৰি? 

উত্তৰঃ- বেলিফুল বা সূর্যমুখী ফুলকে বেলি ঘড়ী বোলে। 

বেলিফুল সূৰ্যৰ লগে লগে ঘূৰে। এই ফুলে ঘড়ীৰ কাটাডালৰ দৰে সূর্য থকা স্থানলৈ সময় নিৰূপণ কৰে। 


20. সপ্তসুৰ কি? 

উত্তৰঃ- সংগীতৰ সাতটা সুৰকে সপ্তসুৰ বোলে। সুৰ সাতটা হ'ল- সা ৰে গা মা পা ধা নি। 


21. নৈৰ সোঁতৰ লগত লেখকে সময়ক কিয় তুলনা কৰিছে? 

(নাইবা)

সময়ক কিয় নৈৰ সোঁতৰ লগত তুলনা কৰা হয়? 

উত্তৰঃ- নৈৰ সোঁত বিৰামহীন গাতিৰে বৈ থাকে। নৈৰ সোঁত কাৰো বাবে ৰৈ নাথাকে। ঠিক তেনেদৰে সময়ো নৈৰ সোঁতৰ দৰে কাৰো বাবে ৰৈ নাথাকে। সেয়েহে সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয়।


22. প্ৰাকৃতিক জগত বুলিলে কি বুজা?

উত্তৰঃ- সেউজীয়া গছ-গছনি, নানাৰঙী চৰাই-চিৰিকটি, পশু, কীট-পতঙ্গ, পর্বত-পাহাৰ, নদ-নদী, জান-জুৰি, নিজৰা, বায়ু-পানী, আকাশ, গ্ৰহ-নক্ষত্ৰ আদিক লৈ এই বিনন্দীয়া। জগতখনকেই প্ৰাকৃতিক জগত বুলি কোৱা হয়। 


23. জীৱ-জন্তুৰ আচৰণত কিদৰে সময় নিৰূপণ কৰিব পাৰি? 

উত্তৰঃ- জীৱ-জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। কেঁকোৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, কালিমাহী চৰাই ওলালে, কুলি-কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰায়ে কুটা কঢ়িয়ালে, ভেকুলীয়ে টোৰটোৰালে, একো একোটা ঋতুৰ গম পোৱা যায়। গৰুৱে চৰা ঠাইৰপৰা ধূলি উৰাই উলটি আহোঁতে গধুলি হোৱা দেখা যায়। শিয়ালে হোৱা দি দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়ে। ফেঁচুৱে জালি দি, টঙিত পাৰই ৰুণ দি জনায় পোহৰ হ'বলৈ আৰু বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে শোৱা ঢাৰি-পাটী এৰিবৰ উপক্ৰম কৰে। এইদৰে জীৱ-জন্তুৰ আচৰণত সময় নিৰূপণ কৰিব পাৰি। 


24. কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?

উত্তৰঃ- একো একোটা বিশেষ ঘটনা বা মানুহৰ কার্য কলাপৰ ওপৰত ভিত্তি কৰিও সময়ৰ ভাগ কৰিব পাৰি। ধর্ম, কলা, সাহিত্য আদি বিষয় বিলাকে সময়ৰ একো একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। এনে একোটা স্মৰণীয় ঘটনাৰ পৰাই শতাব্দ, খ্ৰীষ্টাব্দ, হিজৰি, শকাব্দ, চৈতন্যাব্দ ইত্যাদি সময়বিভাগৰ সৃষ্টি হৈছে। উদাহৰণস্বৰূপে খ্ৰীষ্টাব্দৰ কথা ক'ব পৰা যায়। খ্ৰীষ্টানসকলৰ পৰমপুৰুষ যীশুখ্ৰীষ্টৰ জন্মৰ সময়ৰপৰা খ্ৰীষ্টাব্দৰ হিচাপ আৰম্ভ হয়। শংকৰদেৱৰ সময়ৰপৰা শংকৰাব্দৰ হিচাপ আৰম্ভ হয়। 


25. লক্ষণাক্ৰান্ত মানে কি? 

উত্তৰঃ- লক্ষণাক্ৰান্ত শব্দটোৰ পোনপটীয়া অর্থটো হ'ল কিছুমান বিশেষ বিশেষ লক্ষণৰ দ্বাৰা সমৃদ্ধ। 

উদাহৰণস্বৰূপে সময়ৰ বিভিন্ন ভাগ যেনে যুগ, কল্প, শতাব্দী, ঋতু আদিক বিশেষ লক্ষণৰ দ্বাৰা বুজোৱা হয়। এই লক্ষণৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰিব পৰা যায়। হিন্দু শাস্ত্ৰমতে চাৰি যুগৰ লক্ষণ এনেদৰে নির্ণয় কৰি থোৱা আছে-

'সত্য যুগে ধ্যান

ত্ৰেতা যুগে যজ্ঞ

দ্বাপৰ যুগত পূজা

কলিত হৰিৰ কীর্তন বিনাই

আৱৰ নাহিকে দুজা' 

সেইদৰে খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুখ্ৰীষ্টৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীযে একো একোটা যুগৰ লক্ষণ। 


26. বিজ্ঞানৰ আৱিস্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পর্কে অৱগত হৈছিল? 

(নাইবা) 

''প্ৰাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়'' প্ৰাকৃতিক জগতৰ গতি-বিধিবোৰ কি কি? কেনেকৈ এই গতি-বিধিৰ দ্বাৰা সময় নিৰূপণ কৰিব পাৰি?

উত্তৰঃ- বিজ্ঞানৰ আৱিস্কাৰৰ আগতে মানুহে প্ৰকৃতি জগতৰ গতি-বিধি নিৰীক্ষণ কৰি সময় নিৰূপণ কৰিছিল। শীতকালৰ অন্তত প্ৰকৃতিখন যেতিয়া ফলেফুলে পল্লবে জাতিস্কাৰ হৈ পৰে তেতিয়াই মানুহে জানিছিল বসন্ত কালৰ আগমন ঘটিল। সেইদৰে পদুমৰ পাপৰি জাপ খালে সূর্য অস্ত যোৱাৰ সময় বুলি মানুহে ধাৰণা কৰিছিল। কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, কুলি-কেতেকীয়ে ইনালে-বিনালে মানুহে একো একোটা ঋতুৰ সম্ভেদ পাইছিল। 


27. তলৰ প্ৰশ্নকেইটাৰ অন্তর্নিহিত ভাব বিশ্লেষণ কৰাঃ- 

(ক) সময়ৰ টিকনিডল হেনো আগফালে-কথাষাৰৰ অন্তর্নিহিত ভাব বিশ্লেষণ কৰা। 

উত্তৰঃ- সময় যে গতিশীল আৰু অমূল্য ধন সেই কথাখিনিকে উক্ত কথাফাঁকিৰ মাজেদি ব্যক্ত হৈছে। মানুহৰ মূৰৰ টিকনিডাল পিছফালেহে থাকে। তাক টান মাৰি দিলে মূৰটো পিছফালে হালি যায়। কিন্তু সময়ৰ টিকনিডাল আগফালে ইয়াক টানিলে আগফালে হালি আহে। অর্থাৎ সময় তীব্ৰ বেগে আগুৱাই যায়। ইয়াক কোনোৱে বান্ধি ৰাখিব নোৱাৰে। ই সময়ৰ এক বিশেষত্ব। 

(খ) সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁই টকেই ডালত নাই।

উত্তৰঃ- সময়ৰ মূল্য কামেৰেহে নিৰূপণ কৰিব পাৰি। অর্থাৎ দেখাত যদিওঘড়ীৰ কাটা কেইডালে সময়ৰ কথা সোঁৱৰাই তথাপি কার্যক্ষেত্ৰতহে সময়ৰ গতি-বিধি ধৰিব পাৰি। সময়মতে কাম নকৰিলে মানুহে জীৱনত বহুত পস্তাব লগা হয়। বতৰ চাই কঠিয়া নেপেলালে জেঠৰ বৰ খৰত কঠিয়া সিঁচিলে গুণ নধৰে। চোৰে সিন্ধি দি ঘৰৰ মূল্যবান সম্পদ চুৰি কৰি নিয়াৰ পিছত সিন্ধিৰ মুখত চোৰ ধৰিবলৈ খাপ দি থাকিলে কোনো লাভ নহ'ব। সেয়ে কবিয়েও ৰিঙিয়াই গৈছে-

''পল পল দণ্ড কৰি সময় গৈছে উৰি

পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম 

বহু দূৰ আছে গতি সময় তাকৰ অতি

কৰিব লগীয়া আমি আছে বহু কাম'' 


ভাষা বিষয়কঃ 

ভাব সম্প্ৰসাৰণ কৰা। 

28. সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহু খাবৰে আশা কৰা মিছা। কথাষাৰৰ তাত্‍পৰ্য বিচাৰ কৰা।

উত্তৰঃ- ইয়াত 'শৰ' আৰু 'শৰপহু' দুটা ভিন্ন শব্দ -- - কাঁড়। 'শৰপহু' এবিধ প্ৰচও বেগী প্ৰাণী। ইয়াৰ -মাংশ (সুস্থিৰ) কিন্তু ইয়াৰ মাংস খাবলৈ পোৱাটো সহজ কথা নহয়। এই তীব্ৰ বেগী প্ৰাণীটোক চিকাৰ কৰা বৰ টান। সঠিক সময়ত শৰ নিক্ষেপ কৰিলেহে শৰ-পহুক ধৰাশায়ী কৰিব পৰা যায়। ঠিক তেনেদৰে মানুহেও ব্যৱহাৰিক জীৱনত সঠিক সময়ত কাম কৰিব পাৰিলেহে সুফল লাভ কৰিব পাৰে। সময়মতে কাম কৰিব নোৱাৰিলে মানুহে জীৱনত কেতিয়াও কৃতকার্যতা লাভ কৰি নোৱাৰে। 


29. ''সময় অমূল্য ধন'' কথাষাৰৰ তাৎপর্য লিখা।  

উত্তৰঃ- সময়ৰ জোখ কামেৰে নিৰ্দ্ধাৰণ কৰিবলৈ গৈ লিখকে উক্ত কথাষাৰ ব্যক্ত কৰিছে। সময় অমূল্য ধন। মানুহৰ জীৱনৰ বাবে সময় বৰ মূল্যবান। জীৱনত অলপো সময় অবাবত নকটাই সঠিকভাবে কাম কৰিলে জীৱনত উৎকর্ষ সাধন কৰিব পাৰি। ঘণ্টাত কুৰি মাইল যোৱা লৰী মটৰ এখনৰ উপার্জন ঘণ্টাত দুমাইল যোৱা গৰু গাড়ীখনৰ হ'ব নোৱাৰে। মানুহৰ জীৱনৰ মূল্যও কামেৰেহে নিৰ্ধাৰণ কৰা হয়। সেয়েহে কর্মী লোকসকলে অলপো সময় নষ্ট নকৰি সময়ৰ ভাগ কৰি কার্যতালিকা প্ৰস্তুত কৰে। তেওঁলোকে সকলো কাম সূচাৰুৰূপে ঠিক সময়ত সম্পাদন কৰে। সময়ৰ কাম সময়ত সম্পাদন কৰাজনে জীৱনত অধিক উন্নতি কৰিব পাৰে। তেওঁহে সময়ক মূলধনৰূপে ব্যৱহাৰ কৰিব জানে। মূলধন যেনেকৈ কোনো এটা কাম কৰিবলৈ সহজ কৰি দিয়ে ঠিক তেনেকৈ মূলধনস্বৰূপ অমূল্য সময়ে মানুহক সহজে নিজৰ কর্মক্ষেত্ৰ বহলোৱাত সহায় কৰি তাধিক উপাৰ্জনৰ পথো মুকলি কৰি দিয়ে।  


30. পাঠটিত থকা কেইটামান যুৰীয়া শব্দৰে বাক্য সাজা 

যন্ত্ৰ-পাতিঃ- সময়ৰ প্ৰকৃত যন্ত্ৰ পাতি হৈছে কৰ্ম।

দীঘল-চুটিঃ- ৰবৰৰ বস্তুবোৰ টানিলে সাধাৰণতে দীঘল-চুটি হয়।


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »