-->

Class 12 Education : শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান । Educational Statistics

Questions Answers of AHSEC Solution for Class 12 Education : শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান । Educational Statistics. All the important questions answers are discussed in this article. 

শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান
Educational Statistics


শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞানৰ প্রশ্নোত্তৰ:-

    The questions answers of Class 12 Education : শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান । Educational Statistics has been discussed in systematic way. There are approximately important 50 questions answers in this article.

1. খালী ঠাই পূৰ কৰাঃ-
(ক) 'অনুমতি গড় পদ্ধতি'ৰে গড় নির্ণয় কৰা সূত্ৰটো লিখা    HS-2019
উত্তৰঃ-
(খ) তৃতীয় চতুর্থক আৰু প্ৰথম চতুর্থকৰ পাৰ্থক্যৰ মধ্যবিন্দু হৈছে _____।    HS-2012
উত্তৰঃ- মধ্যমা
(গ) বহুভুজৰ বাৰংবাতাসমূহ _____ ওপৰত উপস্থাপন কৰা হয়।    HS-2013
উত্তৰঃ- মধ্যবিন্দুৰ
(ঘ) অনুমতি গড় পদ্ধতিত AM হৈছে কোনো শ্রেণী অন্তৰালৰ _____।    HS-2014
উত্তৰঃ- মধ্যমান
(ঙ) ৰাশিৰ বিভাজন তালিকাত সর্বাধিক পুনৰাবৃত্তি ঘটা ৰাশিটোক _____ বুলি কোৱা হয়।    HS-2015
উত্তৰঃ- বহুলক
(চ) পৰিসংখ্যা বিজ্ঞানৰ প্ৰধান কাম হ'ল _____ আৰু তাক সংখ্যাৰ সহায়ত প্রকাশ কৰা।
উত্তৰঃ- সংখ্যামূলক তথ্য সংগ্রহ
(ছ) সর্বোচ্চ আৰু সর্বনিম্ন ৰাশিৰ ব্যৱধানক _____ বোলা হয়।
উত্তৰঃ- প্ৰসাৰ
(জ) স্তম্ভচিত্র অবিচ্ছিন্ন ভূমিৰ ওপৰত অঁকা কিছুমান _____ ৰ সমষ্টি।
উত্তৰঃ- দণ্ড
(ঝ) সকলোতে ব্যৱহৃত তিনিটা কেন্দ্রীয় প্রৱণতা হ'ল গড় _____ আৰু বহুলক।
উত্তৰঃ- মধ্যমা
(ঞ) আয়ত্ত চিত্ৰ হৈছে _____ ৰেখাচিত্র।
উত্তৰঃ- সৰল
(ট) বৃত্তচিত্ৰত বৃত্তটোত প্রয়োজন মতে _____ কৰা হয়।
উত্তৰঃ- খণ্ড খণ্ড
(ঠ) বহু ভুজত বাৰংবাতাবোৰ _____ অক্ষত অংকন কৰা হয়।
উত্তৰঃ- OY
(ড) কেন্দ্রীয় প্ৰৱণতাৰ জোখৰ পৰা ৰাশিসমূহ কেনেদৰে প্ৰসাৰিত হৈ থাকে তাক জানিবৰ বাবে ব্যৱহাৰ কৰা জোখক _____ বোলে।
উত্তৰঃ- ভেদ্যতা বা বিচ্যুতি
(ঢ) হিষ্টোগ্ৰামত প্ৰতিটো সমকোণী ত্রিভুজৰ ক্ষেত্রফল হ'ল _____ ৰ অনুপাতিক।
উত্তৰঃ- শ্রেণী অন্তৰালত থকা বাৰংবাৰতা
(ণ) _____ চিত্ৰ হৈছে এটা স্তম্ভ চিত্র যাৰ মাজত ব্যৱধান নাথাকে।
উত্তৰঃ- আয়ত
(ত) স্থানাকং জ্যামিতৰ মূল বস্তু হৈছে _____ সৰলৰেখা।
উত্তৰঃ- দুডাল
(থ) কেন্দ্রীয় প্রৱণতাৰ জোখ হিচাপে _____ নির্ণয় কৰোতে সকলো ৰাশি বিচাৰ কৰা হয়।        HS-2018
উত্তৰঃ- গড়

2. শুদ্ধ নে অশুদ্ধ লিখা ।
(ক) গড়ে সকলো ৰাশিকে প্রতিনিধিত্ব কৰে।
উত্তৰঃ- শুদ্ধ।
(খ) বহুভুজ হৈছে সৰল ৰেখাচিত্র।
উত্তৰঃ- শুদ্ধ।
(গ) গড় হৈছে কেন্দ্রীয় প্ৰৱণতাৰ এক বিশ্বাসযোগ্য জোখ।
উত্তৰঃ- শুদ্ধ।
(ঘ) লেখচিত্ৰৰ দ্বাৰা তথ্যসমূহ অতি সংক্ষেপে উপস্থাপন কৰিব পাৰি।
উত্তৰঃ- শুদ্ধ।
(ঙ) প্রসাৰ হৈছে কেন্দ্রীয় প্রৱণতা জোখ।
উত্তৰঃ- অশুদ্ধ।
(চ) প্রথম চতুর্থক এনে এটা ৰাশি যাৰ তলত সামগ্রী ৰাশিৰ ৭৫% থাকে।
উত্তৰঃ- অশুদ্ধ।
(ছ) কেন্দ্রীয় প্রৱণতাই সকলো সংখ্যাৰ প্রতিনিধি হিচাপে কাম নকৰে।
উত্তৰঃ- অশুদ্ধ।
(জ) মধ্যমান হৈছে শ্রেণী অন্তৰালৰ মাজৰ ৰাশি।
উত্তৰঃ- শুদ্ধ।
(ঝ) সর্বোচ্চ ৰাশি আৰু সর্বনিম্ন ৰাশিৰ মাজৰ ব্যৱধানক প্রসাৰ বোলে।
উত্তৰঃ- শুদ্ধ।
(ঞ) মধ্যমা চৰম মানৰ প্রতি সংবেদনশীল।
উত্তৰঃ- অশুদ্ধ।

3. পৰিসংখ্যা বিজ্ঞান কাক বোলে?
উত্তৰঃ- কোনো বিষয়ৰ সংখ্যামূলক তথ্য সংগ্রহ কৰি সেই তথ্য পৰীক্ষা, ব্যাখ্যা, বিশ্লেষণ, তুলনা আদিৰ দ্বাৰা কোনো তত্ত্বত উপনীত হোৱাৰ প্ৰণালীক সংখ্যাবিজ্ঞান বা পৰিসংখ্যা বিজ্ঞান বোলে।

4. এখন বিতৰণ তালিকাৰ 25% ৰাশি 10 ৰাশিটোৰ। তলত আৰু 25% ৰাশি 40 ৰাশিটোৰ ওপৰত আছে। বিভাজন তালিকাৰ চতুৰ্থক বিচ্যুতি নির্ণয় কৰা। HS-2018
উত্তৰঃ-

5. শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।    HS-2018
উত্তৰঃ- শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ দুটা ব্যৱহাৰ হ'ল—
(১) ছাত্র-ছাত্রীৰ অগ্ৰগতিৰ বুজ ল'বলৈ বিভিন্ন শৈক্ষিক আৰু মানসিক অভীক্ষা গঠন কৰাত পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ হয়।
(২) শিক্ষার্থীৰ ভৱিষ্যত সম্ভাৱনীয়তা সম্পর্কে নির্দেশনা আগবঢ়োৱা ক্ষেত্ৰতো শিক্ষকে পৰিসংখ্যা বিজ্ঞান ব্যৱহাৰ কৰে।

6. কেন্দ্রীয় প্ৰৱণতা কি? HS-2018 কেন্দ্রীয় প্রৱণতা পৰিমাপনৰ দুটা সুবিধা লিখা।     HS-2019
উত্তৰঃ- কেন্দ্রীয় প্রৱণতাই সমস্ত সংখ্যাৰ প্রতিনিধি হিচাপে কাম কৰে। অর্থাৎ কোনো বাৰংবাৰতা বিভাজনৰ কেন্দ্রীয় প্রৱণতা বুলি আমি ইয়াকে বুজো যে যি সংখ্যাই সেই বিভাজনৰ প্রকৃতি নির্দেশ কৰে বা যি সংখ্যাই সমগ্র বিভাজনৰ প্রতিনিধিৰূপে কাম কৰে। কেন্দ্রীয় প্রৱণতা সদায় কেন্দ্রীয় অৱস্থাসূচক।
নাইবা
সমাজত সংগৃহীত তথ্যসমূহৰ মাজত অসমতা বা বিভিন্নতা বা পৰিৱৰ্তশীলতা নাইবা স্থায়ীহীনতা পৰিলক্ষিত হয় যদিও ইহঁতৰ মাজত এক ঐক্য বা সাদৃশ্যৰ প্রবৃত্তি থকা দেখা যায়। এই তথ্য সামগ্ৰীসমূহৰ পৰা পোৱা মানাংকসমূহ সর্বোচ্চ আৰু সর্বনিম্ন মানাংকৰ মাজত বিস্তৃত হৈ থাকে। কিন্তু ইয়াৰ অধিক সংখ্যক বিস্তৃতিৰ মধ্যস্থানতহে অৱস্থান লৈ থাকে। এনেদৰে কেন্দ্রীভূত হোৱা প্রবৃত্তিকে কেন্দ্রীয় প্রৱণতা বোলে। কেন্দ্রীয় প্রৱণতাৰ পৰিমাপনৰ দুটা সুবিধা হৈছে— (১) কেন্দ্রীয় প্রৱণতা নির্ণয়ৰ দ্বাৰা যি দলৰপৰা সংখ্যা বা নম্বৰেবোৰ পোৱা গৈছে তাৰ এক সামগ্রিকৰূপ দেখা যায়।
(২) কেন্দ্রীয় প্রৱণতাৰ সহায়ত দুই বা ততোধিক দলৰ সংখ্যোবোৰৰ মাজত তুলনা কৰাটো সম্ভৱ হৈ পৰে।

8. শ্রেণী ব্যৱধান বুলিলে কি বুজা?
উত্তৰঃ- পৰিসংখ্যা বিজ্ঞানত সংগৃহীত তথ্যসমূহক প্রয়োজন অনুসৰি শ্রেণী বিভাজন কৰিবলগীয়া হয়। তথ্য সামগ্রী সংগ্রহ কৰাৰ পাছত সেইবোৰক বিভিন্ন শ্রেণীত ভাগ কৰি প্রতি শ্ৰেণীৰ অন্তর্গত ব্যক্তি বা বস্তুৰ মুঠ সংখ্যা উলিওৱা হয়। প্রতিটো শ্রেণীকে একো একোটা শ্রেণী ব্যৱধান বুলি কোৱা হয়। সকলোবোৰ শ্ৰেণী ব্যৱধান সমান দৈর্ঘ্যৰ হয়।
 
9. বাৰংবাৰতা বিভাজন তালিকা কি? এখন বাৰংবাতা বিভাজন তালিতা প্রস্তুত কৰণৰ ক্ষেত্ৰত কি কি মূলনীতি সন্নিৱিষ্ট হৈ থাকে?     HS-2019
উত্তৰঃ- সংগৃহীত সামগ্রী বা নম্বৰসমূহ শ্রেণীবিভাগ কৰি, উচ্চতম নম্বৰৰ বিভাগ আৰু নিম্নতম নম্বৰৰ বিভাগৰ মাজৰ অংশক প্রয়োজন অনুসৰি কেবাটাও শ্ৰেণীত বিভক্ত কৰা হয়। এই প্রত্যেক শ্রেণীবিভাগৰ অন্তৰ্গত বাৰংবাৰতা নির্ণয় কৰি যি তালিকা প্রস্তুত কৰা হয় তাকে বাৰংবাৰতা বিভাজন তালিকা বোলে।
        বাৰংবাৰতা বিভাজন তালিকা প্রস্তুত কৰিবলৈ হ'লে প্রথমে কেঁচা সামগ্রী সংগ্রহ কৰিব লাগিব আৰু তাৰ পিছত সেইবিলাকক বিভিন্ন শ্রেণীত ভাগ কৰি ল'ব লাগিব। শ্রেণী বিভাগ নকৰিলে বৃহৎসংখ্যক কেঁচা সামগ্রীক তুলনামূলকভাৱে অধ্যয়ন কৰি সিদ্ধান্ত লোৱাটো সম্ভৱ নহয়। এই খেলিমেলি আঁতৰ কৰিবলৈ কেঁচা সামগ্রীবোৰ উৰ্দ্ধক্রম বা অধঃক্রমে সজাই লোৱা হয়। এনে শৃংখলিত তালিকাৰ পৰা সহজে তথ্য পাব পাৰি।

10. পাইচিত্র কি?    HS-2018
উত্তৰঃ- পাইচিত্র হৈছে এক গুৰুত্বপূৰ্ণ ৰেখাচিত্র। পাইচিত্ৰত বৃত্ত এটাক প্রয়োজন অনুসৰি খণ্ড-খণ্ড কৰি লোৱা হয়। ইয়াৰ প্রত্যেক বৃত্তাংশই তথ্য ৰাশিৰ নির্দিষ্ট কোনো অংশক বুজায়।

11. উপস্থাপনীয় ৰেখাচিত্র কি কি?
উত্তৰঃ- কোনো পৰিমাণৰ দ্বাৰা প্রদত্ত ৰাশিবোৰক কেতবোৰ চিত্ৰৰ দ্বাৰা বুজালে তাকেই ৰেখাচৈত্রিক উপস্থাপন বুলি কোৱা হয়। উপস্থাপনীয় ৰেখাচিত্রসমূহ হ'ল— বাৰংবাৰতা বহুভুজ, আয়ত চিত্র, দণ্ডচিত্র আৰু কৌণিক বা পাইচিত্র।

12. দণ্ডচিত্র কি? HS-2018 ইয়াৰ ভাগসমূহ কি কি?
উত্তৰঃ- বাৰংবাৰতাৰ নির্দিষ্ট মান অনুসৰি সাধাৰণ ভূমিৰ ওপৰত থিয়কৈ বা পথালিকৈ অঁকা দণ্ডবোৰেই হৈছে দণ্ডচিত্র। দণ্ডচিত্ৰক দুটা ভাগত ভাগ কৰা হয়। যেনে— বিচ্ছিন্ন দণ্ডচিত্র আৰু অবিচ্ছিন্ন দণ্ডচিত্র। যেতিয়া বিভক্ত শ্রেণীসমূহ পৰস্পৰ বিচ্ছিন্ন হৈ থাকে, তেতিয়া বিচ্ছিন্ন স্তম্ভ চিত্র ব্যৱহাৰ হয়। আনহাতে আহৰিত ৰাশিসমূহ যদি অবিচ্ছিন্ন হয় তেনেহ'লে অবিচ্ছিন্ন স্তম্ভচিত্র বা দণ্ডচিত্র ব্যৱহাৰ কৰা হয়।

13. মধ্যমাক কিয় কেন্দ্রীয় প্ৰৱণতাৰ স্থানসূচক জোখ বুলি কোৱা হয়? সমূহিত ৰাশিৰ মধ্যমা নির্ণয়ৰ সূত্ৰটো লিখা।  HS-2018
উত্তৰঃ- মধ্যমাৰ ওপৰ অংশত আধা ৰাশি আৰু তলৰ অংশত আধা ৰাশি অৱস্থিত। সেয়েহে মধ্যমাক কেন্দ্রীয় প্রৱণতাৰ স্থানসূচক জোখ বুলি কোৱা হয়।    
        সমূহিত ৰাশিৰ মধ্যমা নির্ণয়ৰ সূত্ৰটো হ'ল HS-2014

14. সমূহিত ৰাশিৰ পৰা বহুলক আৰু মধ্যমা নির্ণয়ৰ সূত্র লিখা। HS-2012
উত্তৰঃ- বহুলক 3mdn - 2mean.


15. বহুভুজ আৰু আয়ত ক্ষেত্ৰৰ মাজৰ দুটা পার্থক্য লিখা। HS-2012, 2017, 2019
উত্তৰঃ- বহুভুজ আৰু আয়তক্ষেত্ৰৰ মাজত পার্থক্য তলত দিয়া হ’ল—
(ক) আয়ত চিত্ৰত প্ৰথম শ্ৰেণীৰ নিম্নসীমাৰ পৰা OY অক্ষৰ দিশত বাৰংবাৰতা সূচক চিহ্ন অনুসৰি লেখ কাগজত উপস্থাপন কৰা হয়। তাৰ পৰা অনুভূমিক দিশত প্রথম শ্ৰেণীৰ উচ্চসীমাত সুংযোগ কৰি অৰ্থ্যত্‍ শ্রেণী অন্তৰালৰ ওপৰত আয়ত অংকন কৰা হয় আৰু এই দৰে প্রত্যেকটো শ্রেণী অন্তৰালত একো একোটাআয়ত অংকন কৰাৰ দৰে বহুভূজত বেলেগ বেলেগ চিত্র অংকন কৰা নহয় বৰং শ্রেণী অন্তৰালৰ মধ্য বিন্দুৰ পৰা ‘Y’অক্ষৰ দিশত বাৰংবাৰতাৰ সূচক অনুসৰি লেখ কাগজত বহুওৱা বিন্দুসমূহ ৰেখাখণ্ডৰে সংযোগ কৰি বহুভূজ অংকন কৰা হয়।
(খ) বহুভূজ অংকনত প্রথম শ্ৰেণীৰ এটা পূর্ব শ্রেণী ল'বলগা হোৱাৰ দৰে আয়ত চিত্ৰত কোনো পূর্ব শ্ৰেণীৰ লোৱাৰ প্রয়োজন নাই।

16. বৃত্ত চিত্র কি? 18 বৃত্ত চিত্ৰৰ অংকন প্রণালী বর্ণনা কৰা।        HS-2012
উত্তৰঃ- বৃত্ত চিত্ৰৰ দ্বাৰা কিছুমান তথ্য প্রকাশ কৰিব পাৰি। এইক্ষেত্ৰত বৃত্তটোক প্রয়োজন মতে খণ্ড খণ্ড কৰি লোৱা হয়। ইয়াৰ প্রত্যেক বৃত্তাক্ষই তথ্যৰাশিৰ নির্দিষ্ট কোনো অংশ বা শিতানক বুজায় আৰু সেইমতে তথ্যবোৰৰ ভিন ভিনকৈ দেখুওৱা হয়।
    পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ হোৱা বৃত্তচিত্ৰত সমগ্র তথ্যসমূহ এটা বৃত্তৰ ভিতৰত বিস্তৃত হৈ থকা বুলি ধৰা হয়। প্রতিটো জোখৰ বা বৈশিষ্ট্যৰ মান নির্ণয় কৰা সংখ্যাবোৰ এটা বৃত্তৰ বৃত্তাংশৰ সহায়ত বুজোৱা হয়। তথ্যৰ গোটেই মানৰ কাৰণে কৌণিক চিত্ৰত 360° ধৰা হয়। তাৰ পাছত উপস্থাপন কৰিবলগীয়া তথ্যসমূহৰ সম অংশ পাবলৈ 360° কোণটো বিভিন্ন অংশত ভগোৱা হয় আৰু এই প্রতিটো ভাগেই ব্যক্তিগত তথ্যৰ সংখ্যাগত মান নিৰূপণ কৰে।

17. প্রথম চতুর্থক 61.44 আৰু চতুর্থক বিচ্যুতি 8.50। তৃতীয় চতুর্থক নির্ণয় কৰা।     HS-2013
উত্তৰঃ- প্রথম চতুর্থক (Q1) = 61.44
    চতুর্থক বিচ্যুতি (Q) = 8.50
⇒8.50 = Q3-61.44
⇒17 = Q3-61.44
⇒17+61.44 = Q3
⇒78.44 = Q3=78.44

18. তলৰ তথ্যসমূহৰ মধ্যমা নির্ণয় কৰা।     HS-2013
41, 43, 95, 56, 99, 49, 68, 58, 75, 72

উত্তৰঃ- মধ্যমা নির্ণয়ঃ
41, 43, 56, 58, 68, 72, 75, 95, 99
মধ্যমা     পঞ্চম ৰাশিটো হৈছে মধ্যমা। অর্থাৎ পঞ্চম ৰাশি 68 ইয়াৰ মধ্যমা।

19. (b) ৰাশিসমূহত 58 ৰাশিটোত সলনি 85 দিলে নতুন মধ্যমা কি হ'ব?
উত্তৰঃ- মধ্যমা নির্ণয়ঃ
41, 43, 56, 68, 72, 75, 85, 95, 99
মধ্যমা
পঞ্চম ৰাশিটো হৈছে মধ্যমা।
এই ৰাশিটো হ'ল 72।

20. বহুলক কি? এখন বিভাজনৰ M=35 আৰু | Mdn=43, বহুলক নির্ণয় কৰা। HS-2014
উত্তৰঃ- প্রদত্ত ৰাশিসমূহৰ ভিতৰত সকলোতকৈ বেছিবাৰ থকা ৰাশিকে বহুলক বোলা হয়।
বহুলক = 3 Mdn-2M
= 3x43 - 2x35
= 129 - 70
= 59.

21. এখন বিভাজনৰ তৃতীয় চতুর্থক হৈছে 60.44 আৰু চতুর্থক বিচ্যুতি হৈছে 6.5 বিভাজনখনৰ প্ৰথম চতুর্থক নির্ণয় কৰা।    HS-2015
উত্তৰঃ-
=6.5x2=60.44-Q1
⇒13 = 60.44-Q1
⇒Q1 = 60.44-13
⇒Q = 47.44
প্রথম চতুর্থক হৈছে = 47,44.

22. 10টা ৰাশিৰ গড় হৈছে 27 যদি ইয়াৰ পৰা এটা ৰাশি বাদ দিয়া হয়। তেতিয়া ইয়াৰ গড় 25, বাদ দিয়া ৰাশিটো উলিওৱা।    HS-2015
উত্তৰঃ- বাদ দিয়া ৰাশিটো হ'ল 45।

23. অনুমতি গড় পদ্ধতিৰে গড় নির্ণয় কৰা সূত্ৰটো লিখা। HS-2016
উত্তৰঃ- সূত্র ও গড়

24. এটা পৰীক্ষাত অৱতীৰ্ণ হোৱা 15 জন শিক্ষার্থীযুক্ত এটা শ্ৰেণীৰ 5 জন অনুতীৰ্ণ হৈছিল। উত্তীর্ণ শিক্ষার্থীসকলৰ নম্বসমূহ হৈছে— 40, 58, 48, 66, 78, 60, 70, 55, 44, 72 ইয়াৰ মধ্যমা নির্ণয় কৰা।     HS-2016
উত্তৰঃ- ক্রম অনুযায়ী সজোৱাত নম্বৰসমূহ হ'ব— 5 জন অনুত্তীর্ণ শিক্ষার্থী।
40, 58, 48, 66, 78, 60, 70, 55, 44, 72 অর্থাৎ অনুত্তীর্ণ শিক্ষার্থীৰ সৈতে 8th ৰাশিটো হ'ব 48 গতিকে মধ্যমা 48.

25. মধ্যমা কি? মধ্যমাৰ দুটা অসুবিধা লিখা। HS-2016
উত্তৰঃ- কেন্দ্রীয় প্রৱণতাৰ স্থানসূচক জোখটো হ'ল মধ্যমা। বিন্যস্ত সামগ্ৰীৰ মধ্যমা এনে এটা মান যি মানৰ ওপৰফালে মুঠ ৰাশিৰ আধাভাগ আৰু তললৈ বাকী আধা ভাগ থাকে। অর্থাৎ ৰাশিসমূহৰ সোঁমাজৰ ৰাশিয়েই হৈছে মধ্যমা।
    মধ্যমাৰ দুটা অসুবিধা হৈছে-
(১) মধ্যমাৰ কোনা বীজগণিতীয় মুল্য নাই।
(2) মধ্যমা নির্ণয় কৰোঁতে আটাইবোৰ ৰাশিৰ মান বিবেচনা কৰা নহয়।

26. গড় কি? এখন তালিকাৰ  fx = 1480 আৰু N=507 তালিকাখনৰ গড় নির্ণয় কৰা। HS-2017
উত্তৰঃ- গড় হৈছে কেন্দ্রীয় প্রৱণতা এক বিশ্বাসযোগ্য জোখ। ই পৰিসংখ্যা বিজ্ঞানৰ এটা প্রধান অংগ। গড় নির্ণয়ক সূত্ৰটো

27. কেন্দ্রীয় প্ৰৱণতাৰ স্থানসূচক জোখ কোনটো? HS-2017
উত্তৰঃ- কেন্দ্রীয় প্রৱণতাৰ স্থানসূচক জোখ হ'ল— গড়।

28. চতু র্থক বিচ্যুতি কি? এখন বিভাজনৰ Q3=78.43 আৰু Q1=61.44 চতুর্থক নির্ণয় কৰা ।HS-2017
উত্তৰঃ- সামগ্রী শ্ৰেণীৰ তৃতীয় চতুর্থক আৰু প্রথম চতুর্থকৰ পার্থক্যৰ মধ্য বিন্দুৱেই হৈছে চতুর্থক বিচ্যুতি।

29. কেন্দ্রীয় প্রৱণতৰ জোখ হিচাপে বহুলকৰ দুটা অসুবিধা লিখা। HS-2017
উত্তৰঃ- কেন্দ্রীয় প্রৱণতাৰ জোখ হিচাপে বহুলকৰ দুটা অসুবিধা হৈছে—
(১) বহুলকৰ সংজ্ঞা স্পষ্ট আৰু কটকটীয়া নহয়। কোনো বিভাজনৰ বহুলক নাথাকিবও পাৰে।
(২) বাৰংবাৰতা বিভাজনৰ শ্ৰেণী দৈর্ঘ্যৰ সলনি কৰিলে বহুলকৰ সলনি হ'ব পাৰে।

30. লেখচিত্ৰৰ দুটা প্ৰকাৰ উল্লেখ কৰা। HS-2019

উত্তৰঃ- (১) তথ্য পৰিৱেশ লেখচিত্ৰ আৰু
(২) তাৎপর্য নির্ণায়ক লেখচিত্র।

31. বাৰবাৰত কি? বাৰংবাৰতা বিভাজন তালিকা বিভিন্ন অংশসমূহ কি কি? HS-2012, 2017 বাৰংবাৰত বিভাজনৰ তালিকা কি? HS-2013, 2014
উত্তৰঃ- অবিন্যস্ত সংখ্যাবোৰক শৃংখলাবদ্ধভাৱে সজোৱাকে বাৰংবাৰতা বিভাজন বুলি কোৱা হয়। একোটা নির্দিষ্ট বাৰংবাৰতা বিভাজনৰ বাবে সকলো শ্রেণী ব্যৱধান সমান দৈর্ঘ্যৰ হোৱা উচিত। সংগ্রহ কৰা তথ্যসমূহ সু-শৃংখল কৰাৰ বাবে বাৰাংবাৰ বিভাজন হৈছে অতি সুবিধাজনক প্রক্রিয়া।
    বাৰংবাৰতা বিভাজন তালিকাৰ বিভিন্ন অংশসমূহ হ'ল–
(১) প্রথমতে সমগ্ৰ ৰাশিৰ পৰা সর্বোচ্চ আৰু সর্বনিম্ন নম্বৰ উলিয়াই প্ৰসাৰ নির্ণয় কৰিব লাগে।
(২) সৰ্বমুঠ ৰাশি কিমান আছে সেয়া উলিয়াব লাগে।
(৩) দাগ চিহ্নবোৰ বাৰংবাৰতা সংখ্যালৈ নিয়োগ কৰিলে মুঠ ৰাশি পোৱা যায়।
(৪) নম্বৰসমূহ বিভাজিত ৰূপত বিতৰণ কৰি প্রত্যেক নম্বৰৰ দাগ চিহ্ন দিব লাগে।

32. তলৰ বিভাজন তালিকাৰ পৰা চতুর্থক বিচ্যুতি নির্ণয় কৰা। HS-2019
    50-54........1
    45-49........4
    40-44........7
    35-39........5
    30-34........8
    25-29........10
    20-24........8
    15-19........5
    10-14........5
    5-9..........2
         ______
          N=55

উত্তৰঃ- শ্রেণী-অন্তৰাল     বাৰংবাৰতা     সঞ্চয়ী বাৰংবাৰতা
     50-54........1.........55
     45-49........4.........54
     40-44........7.........50
     35-39........5.........43
     30-34.... ...8.........38
     25-29........10........30
     20-24........8.........20
     15-19........5.........12
     10-14........5.........7
     5-9..........2..........2
        ----
        N=55

33. দণ্ডচিত্র কাক বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰা।    HS-2015
নাইবা
দণ্ডচিত্র কি? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? উদাহৰণ সহ ব্যাখ্যা কৰা (চিত্র আঁকা)।     HS-2017

উত্তৰঃ- দণ্ড বা স্বম্ভচিত্র অবিচ্ছিন্ন ভূমিৰ ওপৰত আঁকা কিছুমান স্তম্ভ বা দগুৰ সমষ্টি। স্তম্ভচিত্র আকোঁতে সাধাৰণতে উচচতাৰ ক্রম অনুসৰি ডাঙৰৰ পৰা সৰুলৈ অঁকা হয় আৰু এনেদৰে অঁকা স্তম্ভবোৰৰ মাজৰ ব্যৱধান সাধাৰণতে সমান হোৱা দৰকাৰ। সামগ্ৰীৰ মান আৰ উদ্দেশ্য অনুসাৰে স্তম্ভবিলাক ভূ-সমান্তৰালকৈ নাইবা থিয়কৈ অঁকা হয়। বাৰংবাৰতাৰ নির্দিষ্ট মান অনুসৰি সাধাৰণ ভূমিৰ ওপৰত অঁকা দ গুবোৰেই হৈছে দণ্ডচিত্র। দণ্ডচিত্ৰবোৰ থিয়কৈ বা পথালিকৈও আঁকিব পাৰি। দণ্ডচিত্র প্রতিটো দণ্ডৰ মাজৰ সমান ব্যৱধান থাকে।
    দণ্ডচিত্র দুটা ভাগত ভাগ কৰা হয়।
(১) বিচ্ছিন্ন দণ্ডচিত্র (২) অবিচ্ছিন্ন দণ্ডচিত্র। যেতিয়া বিভক্ত শ্রেণীসমূহ পৰস্পৰ বিচ্ছিন্ন হৈ থাকে, তেতিয়া বিচ্ছিন্ন স্তম্ভচিত্ৰ ব্যৱহাৰ কৰা হয়। আকৌ প্রাপ্ত তথ্যসমূহ যদি অবিচ্ছিন্ন হয়, তেনেহ'লে তাক অবিচ্ছিন্ন স্তম্ভচিনৰ দ্বাৰা পৰিৱেশন কৰা হয়।
    তলত দণ্ডচিত্র আঁকি দেখুওৱা হ'ল—


34. তলৰ তালিকাৰ পৰা মধ্যমা নির্ণয় কৰা। HS-2017
    শ্ৰেণী অন্তৰাল        বাৰংবাৰতা
    55-59        1
    50-54         1
    45-49        3
    40-44        4
    35-39        6
    30-34        7
    25-29        12
    20-24        6
    15-19        8
    10-14        2
              ____
                   N=10

উত্তৰঃ-
শ্রেণী অন্তৰাল     বাৰংবাৰতা     সঞ্চয়ী বৰবোৰতা
55-59     1    1
50-54     1    2
45-49     3    5
40-44     4    9
35-39     6    15
30-34     7    22
25-29     12    34
20-24     6    40
15-19     8    48
10-14    2    50
      ____
       N=50

35. তলৰ তালিকাৰ পৰা এটা আয়তক্ষেত্র অংকন কৰা।     HS-2013
    Class Interval    Frequency 
    35-39         9
    30-34        15
    25-29         20
    20-24        12
    15-19        10
    10-14        6
উত্তৰঃ-


36. তলৰ তালিকাৰ পৰা মধ্যমা নির্ণয় কৰা। HS-2013
উত্তৰঃ-
    শ্রেণী অন্তৰাল        বাৰংবাৰত
    75-79                        1
    70-74                         3
    65-69                         4
    60-64                       9
    55-59                    11
    50-54                    5
    45-49                    5
    40-44                     1
    35-39                    1
              ____
              N=40
উত্তৰঃ-
    শ্রেণী অন্তৰাল     বাৰংবাৰতা     সঞ্চয়ী বাৰংবাৰতা
    75-79    1    40
    70-74     3    39
    65-69     4    36
    60-64     9    32
    55-59     11    23
    50-54     5    12
    45-49     5    7
    40-44     1    2
    35-39    1    1
        ____
        N=40
মধ্যমা নির্ণয়ঃ মধ্যমা

37. বৃত্ত চিত্র কি? এখন প্রাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক, নাম ভর্তি তথ্যসমূহ বৃত্ত চিত্ৰত উপস্থাপন কৰা। HS-2018
    শ্রেণী         ছাত্র-ছাত্রীৰ সংখ্যা
    I        48
    II        40
    III        40
    IV        32

38. তলৰ বিভাজন তালিকাৰ পৰা চতুর্থক বিচ্যুতি নির্ণয় কৰা।
উত্তৰঃ-
শ্রেণী অন্তৰাল        বাৰংবাৰতা
50-54        4
45-49         2
35-44         6
35-39        8
30-34        2
25-29         6
20-24        4
15-19        4
10-14        4

উত্তৰঃ-
    শ্রেণী অন্তৰাল     বাৰংবাৰতা     সঞ্চয়ী বাৰংবাৰতা
    50-54    4    40
    45-49     2    36
    40-44     6    34
    35-39     8    28
    30-34     2    20
    25-29     6    20
    20-24     4    18
    15-19     4    8
    10-14    4    4
           ____
        N=40

39. তলত দিয়া তথ্যসমূহৰ পৰা এটা বাৰংবাৰতা বহুভুজ অংকন কৰা।

    শ্রেণী অন্তৰাল        বাৰংবাৰতা
    50-54        2
    45-49         4
    40-44        6
    35-39        10
    30-34         5
    25-29        3
উত্তৰঃ-
বাৰংবাৰতা বহুভুজ

40. অনুমতি গড় পদ্ধতিৰে তলৰ তালিকাৰ পৰা গড় নির্ণয় কৰা।     HS-2015
    শ্রেণী অন্তৰাল        বাৰংবাৰতা
    70-74         1
    65-69        3
    60-64        5
    55-59        6
    50-54         12
    45-49        5
    40-44         5
    35-39        1
    30-34        2
উত্তৰঃ-

41. বহুলক কি? এখন বিভাজনৰ গড় হৈছে 25 আৰু মধ্যমা হৈছে 30। বহুলক নির্ণয় কৰা। HS-2016
উত্তৰঃ- বহুলক কেন্দ্রীয় প্রৱণতাৰ তৃতীয় জোখ। সামগ্রী শ্ৰেণীত যিটো ৰাশি আটাইতকৈ বেছিবাৰ থাকে সেই ৰাশিটোৱেই হৈছে বহুলক।
    এখন বিভাজনৰ গড় হৈছে 25 আৰু মধ্যমা হৈছে 30। গতিকে বহুলক = 3mdn =2 Mean
                        =3X30-2X25
                        = 90 - 50

                        = 40
42. এখন প্রাথমিক বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ তলত দিয়া তথ্যসমূহ বৃত্তচিত্ৰৰ দ্বাৰা উপস্থাপন কৰা। HS-2016
    শ্রেণী        ছাত্র-ছাত্রীৰ সংখ্যা
    I        60
    II        55
    III        45
    IV        40

উত্তৰঃ-   

43. তলৰ বিভাজন তালিকাৰ পৰা চতুর্থক বিচ্যুতি নির্ণয় কৰা।    HS-2016
    শ্ৰেণী        বাৰংববিতা
    85-89        3
    80-84         7
    75-79         10
    70-74         8
    65-69        12
    60-64        10
    55-59        6
    50-54        4
             _____
            N=60

উত্তৰঃ-
শ্ৰেণী  অন্তৰাল        বাৰংবাৰতা    সঞ্চয়ী বাৰংবাৰতা
85 - 89     3    60   
80 - 84     7    57
75 - 79        10    50Q3 Lies here
70 - 74        8    40
65 - 69        12    32
60 - 64        10    20Q1 Lies here
50 - 54        4    10
          _____
            N=60

44. তলত দিয়া তালিকাৰ তথ্যসমূহৰ পৰা একে অক্ষৰেখা ব্যৱহাৰ কৰি এটা আয়তক্ষেত্ৰ আৰু বহুভূজ অংকন কৰা।    HS-2018
    শ্ৰেণী অন্তৰাল         বাৰংবাৰত
    45-49        2
    40-44         4
    35-39        8
    30-34         6
    25-29        5
    20-24        3
45. অনুমতি গড় পদ্ধতিৰ সহায়ত তলৰ বাৰংবাৰতা বিভাজন তালিকাৰ গড় নির্ণয় কৰা।    HS-2018
    শ্রেণী অন্তৰাল         বাৰংবাৰত
    40-44         5
    35-39        8
    30-34         8   
    25-29         10
    20-24        12
    15-19         6
    10-14        5
    5-9        3
    0-4        3
উত্তৰঃ-


Syllabus of Class 12 Education

1. CLASS 12 EDUCATION:SECONDARY EDUCATION OF INDIA & ASSAM । স্বাধীনোত্তৰ কালৰ ভাৰতবর্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

2. CLASS 12 EDUCATION: NON-FORMAL EDUCATION । অগতানুগতিক শিক্ষা

3. CLASS 12 EDUCATION: RECENT TRENDS IN EDUCATION । শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ

4. CLASS 12 EDUCATION: LEARNING । শিক্ষণ

5. CLASS 12 EDUCATION: MEMORY AND FORGETTING । স্মৃতি আৰু বিস্মৃতি

6. CLASS 12 EDUCATION: ATTENTION AND INTEREST মনোযোগ আৰু আগ্রহ (খ)

7. CLASS 12 EDUCATION: MENTAL HEALTH AND HYGIENE । মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

8. CLASS 12 EDUCATION: EDUCATIONAL STATISTICS । শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান


Albert B

M-7002564966

Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »

3 Comments

Click here for Comments
Unknown
admin
February 18, 2024 at 4:52 PM ×

Helpful answer to us.

Reply
avatar
Unknown
admin
March 22, 2024 at 10:12 AM ×

Thank you so much for this answer.

Reply
avatar