-->

Class 12 Economics: Comparative Development Experiences

Comparative Development Experiences of India and it's neighbours
ভাৰতবৰ্ষ আৰু ইয়াৰ প্ৰতিৱেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা



1. খালী ঠাই পূৰ কৰাঃ- 

(ক) চীনৰ মুঠ কৃষি ভূমিৰ পৰিমাণ ভাৰতৰ মুঠ কৃষি ভূমিৰ শতকৰা ______ ভাগ।

উত্তৰঃ- 40 

(খ) চীনৰ মানৱ উন্নয়নৰ নিৰ্দেশকসমূহ ______ তুলনাত আগবঢ়া। 

উত্তৰঃ- ভাৰত আৰু পাকিস্তানৰ

(গ) চীনৰ মুঠ কৃষিভূমিৰ পৰিমাণ ভাৰতৰ মুঠ কৃষি ভূমিৰ শতকৰা ______। 

উত্তৰঃ- ৪০ ভাগ

(ঘ) পাকিস্তানত প্ৰথম পাঁচ বছৰীয়া পৰিকল্পনা ______ আৰম্ভ হয়? 

উত্তৰঃ- ১৯৫৬ চনত

(ঙ) Great Leap Forward (GLF) অভিযান ______ আৰম্ভ হয়।

উত্তৰঃ- ১৯৫৮ চনত


2. ভাৰতবৰ্ষৰ দুখন চুবুৰীয়া দেশৰ নাম লিখা। 

উত্তৰঃ- (১) পাকিস্তান আৰু (2) চীন।


3. পুথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশ কোনখন?

উত্তৰঃ- চীন। 


4. আন্তর্জাতিক বাণিজ্যত ভাৰতৰ ৰপ্তানিৰ পৰিমাণ কিমান?

উত্তৰঃ- ০.০৮ শতাংশ। 


5. ভাৰত, চীন, পাকিস্তান— এই তিনিখন দেশৰ কোনখন দেশ ভৌগোলিক পৰিসৰত ডাঙৰ? 

উত্তৰঃ- চীন।


6. ভাৰতৰ দশম পঞ্চবার্ষিক পৰিকল্পনাৰ সময়কাল উল্লেখ কৰা।

উত্তৰঃ- ২০০২-০০৭ চন। 


7. চীনৰ মুঠ ঘৰুৱা উৎপাদনলৈ কোন খণ্ডই সর্বাধিক বৰঙনি যোগায়?

উত্তৰঃ- নির্মাণ খণ্ডই।  


8. চীন দেশত কেতিয়া প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হয়? 

উত্তৰঃ- ১৯৪৯ চনত।  


9. চীনত কোন চনত প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হয়?

উত্তৰঃ- ১৯৫৩ চনত। 


10. চীনদেশৰ অর্থনৈতিক সংস্কাৰ কেতিয়া হৈছিল? 

উত্তৰঃ- ১৯৭৮ চনত হৈছিল।


11. চীন দেশৰ দশম পৰিকল্পনাৰ সময়ছোৱা লিখা। 

উত্তৰঃ- ২০০১-২০০৬ চনত। 


12. চীন, ভাৰতবৰ্ষ আৰু পাকিস্তান এই তিনিখন দেশৰ ভিতৰত কোনখন দেশৰ জনবসতিৰ ঘনত্ব আটাইতকৈ বেছি?

উত্তৰঃ- চীন দেশৰ।  


13. ২০০৩ চনত চীনত প্ৰসূতি মৃত্যুৰ হাৰ কিমান আছিল? 

উত্তৰঃ- এখলাখ শিশুৰ জন্ম হওঁতে প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ আছিল ৫০ গৰাকী।


14. চীনদেশৰ সর্বহাৰাৰ সাংস্কৃতিক বিপ্লৱ কোনে আৰু কেতিয়া আৰম্ভ কৰে? 

উত্তৰঃ- ১৯৬৫ চনত মাও চে তুঙে সাংস্কৃতিক বিপ্লৱ আৰম্ভ কৰে। 


15. পাকিস্তানে কেতিয়া স্বাধীনতা লাভ কৰে? 

উত্তৰঃ- ১৯৪৭ চনৰ ১৪ আগষ্টত।


16. কোন চনত পাকিস্তানত অর্থনৈতিক সংস্কাৰ আঁচনি হাতত লোৱা হয়? 

উত্তৰঃ-১৯৮৮ চনত হাতত লোৱা হয়।


17. পাকিস্তানত প্ৰথম পাঁচ বছৰীয়া পৰিকল্পনাটো কি নামেৰে পৰিচিত? 

উত্তৰঃ- Medium Term Plan.


18. পকিস্তানৰ জনসংখ্যা ভাৰত বা চীনৰ জনসংখ্যাৰ কিমান অংশ? 

উত্তৰঃ- দহভাগৰ এভাগ।


19. ২০০৫ চনৰ পাকিস্তানত হোৱা ভূমিকম্পৰ ফলত কিমান মানুহৰ মৃত্যু হৈছিল। 

উত্তৰঃ- ৭৫০০০ লোকৰ মৃত্যু হৈছিল। 


20. ভাৰত আৰু পাকিস্তানৰ অর্থনৈতিক নীতিৰ এটা সাদৃশ্য লিখা। HS-2022 

উত্তৰঃ- দুয়োখন দেশে ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডৰ সহাৱসস্থানেৰে মিশ্ৰ অর্থব্যৱস্থাৰ আহি অনুসৰণ কৰে।


21. কোন চনত পাকিস্তানত মূলধনজাত সামগ্ৰীৰ উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয়? 

উত্তৰঃ- ১৯৭০ চনত ৰাষ্ট্ৰীয়কৰণ কৰা হয়। 


22. পকিস্তানৰ জনসংখ্যা ভাৰত বা চীনৰ জনসংখ্যাৰ কিমান অংশ? 

উত্তৰঃ- দহভাগৰ এভাগ।


23. চীন, ভাৰতবৰ্ষ আৰু পাকিস্তান এই তিনিখন দেশৰ ভিতৰত কোনখন দেশৰ জনবসতিৰ ঘনত্ব আটাইতকৈ বেছি?

উত্তৰঃ- চীন দেশৰ।


24. GLF মানে কি আৰু ইয়াৰ উদ্দেশ্য কি? 

উত্তৰঃ- GLF মানে গোটেই দেশতে প্ৰচুৰ পৰিমাণৰ উদ্যোগীকৰণ কৰাই এই অভিযানৰ উদ্দেশ্য আছিল।


24. চীনদেশৰ সর্বহাৰাৰ সাংস্কৃতিক বিপ্লৱ কোনে আৰু কেতিয়া আৰম্ভ কৰে? 

উত্তৰঃ- ১৯৬৫ চনত মাও চে তুঙে সাংস্কৃতিক বিপ্লৱ আৰম্ভ কৰে।


25. পৃথিৱীত বসবাস কৰা প্ৰতি ছয়জন লোকৰ ভাৰত আৰু চীনৰ লোকৰ সংখ্যা কিমান?

উত্তৰঃ- পৃথিৱীত বসবাস কৰা প্ৰতি ছয়জন লোকৰ এজন ভাৰতীয় আৰু এজন চীন দেশৰ। 


26. ভাৰত আৰু পাকিস্তানে গ্ৰহণ কৰা পৰিকল্পনাৰ প্ৰধান কৌশল কি?

উত্তৰঃ- এক বৃহৎ ৰাজহুৱা খণ্ডৰ সৃষ্টি কৰা আৰু সামাজিত উন্নয়নৰ বাবদ ৰাজহুৱা ব্যয় বৃদ্ধি কৰা।


27. চীন দেশত জনসংখ্যা বৃদ্ধিৰ নিম্ন হাৰৰ কাৰণ কি? 

উত্তৰঃ- ১৯৭০ দশকৰ শেষ ভাগত চীন দেশত 'এটি সন্তানৰ নীতি' গ্ৰহণৰ বাবে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ নিম্ন।


28. ২০০৩ চনত চীনত প্ৰসূতি মৃত্যুৰ হাৰ কিমান আছিল? 

উত্তৰঃ- এখলাখ শিশুৰ জন্ম হওঁতে প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ আছিল ৫০ গৰাকী। 


29. ২০০৩ চনত চীন, ভাৰত আৰু পাকিস্তানৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা কিমান আছিল? 

উত্তৰঃ- ২০০৩ চনত ভাৰত, চীন আৰু পাকিস্তানৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা আছিল নিম্নৰূপ। ভাৰত : ৩৪.৭%, চীন : ১৬.৬% পাকিস্তান : ১৩.৪%.


30. শীতল যুদ্ধৰ পৰৱৰ্তীকালত বিশ্বৰ বিভিন্ন দেশে নিজৰ আর্থিক দিশটো টনকীয়াল কৰিবলৈ গঠন কৰা আঞ্চলিক আৰু গোলকীয় জোঁটবোৰ কি কি? 

উত্তৰঃ- (১) ছার্ক (SAARC) 

(2) ইউৰোপীয়ান ইউনিয়ন (EU) 

(3) আছিয়ান (ASEAN) 

(৪) জি-৮ (G-8) 

(৫) জি-20 (G-20) আদি।


31. জি-৮ সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা। 

উত্তৰঃ- জি-৮ৰ সদস্যসমূহ হ'ল- ফ্ৰান্স, কানাডা, ইটালী, জার্মানী, জাপান আমেৰিকা, গ্ৰেড ব্ৰিটেইন আৰু ৰাছিযা। ইয়াৰ মূল বৈশিষ্ট্য হ'ল দেশকেইখনৰ মুৰব্বী আৰু শীর্ষবিষয়াসকলৰ বার্ষিক বৈঠক। অৱশ্যে বছৰৰ বিভিন্ন সময়ত ইয়াৰ আন আন বৈঠকসমূহ বহি থাকে।


32. ছাৰ্ক (SAARC) কি? 

উত্তৰঃ- (South Asian Association of Regional Cooperation, (SAARC) দক্ষিণ এছিয়াৰ এঠখন দেশক সামৰি পাৰস্পৰিক বুজা-পৰা, বন্ধুত্ব আৰু সহযোগিতাৰ আধাৰত সদস্যদেশসমূহৰ আর্থ-সামাজিক প্ৰগতি, সুনিশ্চিত কৰাৰ উদ্দেশ্যে গঠিত এটা সংগঠন। ইয়াৰ সহযোগী সদস্যদেশবোৰ হ'ল- ভূটান, মালদ্বীপ, ভাৰত, নেপাল, শ্ৰীলংকা, আফগানিস্তান আৰু পাকিস্তান। 


33. ব্যক্তি স্বাতন্ত্ৰৰ নির্দেশকৰ সংজ্ঞা দিয়া। ইয়াৰ কেইটামান উদাৰহণ দিয়া। 

উত্তৰঃ- ব্যক্তি স্বতন্ত্ৰতা হৈছে এটা সূচক, যাৰ জৰিয়তে সমাজৰ গণতন্ত্ৰ এখনত দেশৰ ৰাজনৈতিক, সামাজিক কোনো সিদ্ধান্ত গ্ৰহণত দেশৰ নাগৰিকসকলে কি হাৰত অংশ গ্ৰহণ কৰিব বিচাৰে তাৰ জোখ লোৱা হয়। যেনে— (ক) দেশৰ নাগৰিকসকলক কিমান পৰিমাণৰ সাংবিধানিক সুৰক্ষা দিব পাৰিছে। (খ) দেশৰ আইন আৰু বিচাৰ ব্যৱস্থাই কিমান দেশৰ নাগৰিক কিমান স্বাধীনতা প্ৰদান কৰিব পাৰিছে। 


34. চীনত ১৯৭৮ চনত গ্ৰহণ কৰা অর্থনৈতিক সংস্কাৰসমূহ কি কি? 

উত্তৰঃ- ১৯৭৮ চনত চীন অর্থনৈতিক সংস্কাৰ হৈছিল। কেইবাটাও দিশত এই সংস্কাৰ আৰম্ভ কৰিছিল। কৃষি, বৈদেশিক বাণিজ্য, বিনিয়োগ দৰ ব্যৱস্থা আদিত নতুন সংস্কাৰ আনিছিল। ব্যক্তিগত খণ্ডৰ ব্যৱসায় প্ৰতিষ্ঠান, নগৰ আৰু গাঁও অঞ্চলৰ ব্যৱসায় প্ৰতিষ্ঠান, স্থানীয় সমবায়ৰ দ্বাৰা পৰিচালিত বা যৌথ অংশীদাৰী প্ৰতিষ্ঠানসমূহক নিজাববীয়াকৈ উৎপাদনৰ কর্তৃত্বও এৰি দিয়া হৈছিল। এইদৰে ব্যৱসায়ীক ক্ষেত্ৰখন দেশখনৰ চকেকোণে সম্প্ৰসাৰিত কৰিছিল। ৰাজহুৱা উদ্যোগসমূহক মুখামুখীকৈ প্ৰতিযোগীতা কৰিবলৈ এৰি দিয়া হৈছিল। দেশী ও বিদেশী বাণিজ্যত থকা বাধাসমূহ শিথিল কৰি দিছিল। দ্বৈত দৰ ব্যৱস্থাৰ জৰিয়তে সামগ্ৰীসমূহৰ দাম দুই ধৰণেৰে নিৰ্দ্ধাৰিত কৰি কৃষক আৰু উদ্যোগ গোটসমূহক কিনা-বেচাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছিল। বিদেশী বিনিয়োগকাৰীসকলক আকর্ষিত কৰিবৰ কাৰণে অর্থনৈতিক মণ্ডল গঠন কৰি দিছিল।


35. জনসাংখ্যিক গাঁথনিৰ নিৰ্দেশকসমূহৰ ভিত্তিত ভাৰত, চীন আৰু পাকিস্তানৰ এটি তুলনামূলক টোকা প্ৰস্তুত কৰা।     HS-2022 

উত্তৰঃ- পৃথিৱীত বাস কৰা প্ৰতি ছজন লোকৰ এজন ভাৰতীয় আৰু আনজন হ'ল চীনদেশীয়। ভাৰত, চীন, পাকিস্তানৰ জনসংখ্যা তুলনা কৰিলে পাকিস্তানৰ জনসংখ্যা তেনেই তাকৰ, লগতে ভাৰত বা চীনৰ জনসংখ্যাৰ দহভাগৰ এভাগ। ভূ-খণ্ডৰ দিশৰ পৰা চীনৰ ভূ-খণ্ড সবাতোকৈ ডাঙৰ। চীনৰ জনবসতিৰ ঘনত্বও কম। জনসংখ্যা বৃদ্ধিৰ দিশৰ পৰা চালে পাকিস্তানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি। ভাৰত দ্বিতীয় স্থানত আৰু চীন তৃতীয় স্থানত। চীনত ১৯৭০ দশকৰ শেষভাগত আৰম্ভ কৰা 'এটি সন্তান'ৰ নীতিয়ে চীনৰ জনসংখ্যাৰ জন্মহাৰ বহুত কমাই আনে। লিংগ অনুপাতৰ দিশৰ পৰা চালে তিনিখন দেশতে লিংগ অনুপাত নিম্ন আৰু ই মহিলাৰ প্ৰতিকুল। প্ৰজননৰ হাৰত চীনত ক্ৰমে ভাৰত আৰু পাকিস্তানতকৈ কম। পাকিস্তান আৰু চীন নগৰীকৰণো ভাৰততকৈ অধিক। ভাৰতৰ মুঠ জনসংখ্যাৰ ২৮ শতাংশ লোকে নগৰত বাস কৰে।


36. ১৯৫৮ চনত চীনত গ্ৰহণ কৰা Great Leap Forward অভিযানৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ- চীনত গুৰুত্বপূর্ণ অর্থনৈতিক খণ্ড, উদ্যোগ, ভূমি আদি খণ্ডবোৰ কিছুমান গাইগুটীয়া ব্যক্তিয়ে একদলীয় প্ৰজাতন্ত্ৰ দিনত অধিকাৰ কৰি আছিল। সেইবোৰ চৰকাৰে নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ ১৯৫৮ চনত Great Leap Forward অভিযান আৰম্ভ কৰে। এই অভিযানৰ লক্ষ্য আছিল গোটেই দেশব্যাপী প্ৰচুৰ পৰিমাণৰ উদ্যোগীকৰণ। জনসাধাৰণক গাঁৱৰ চুকে-কোণে উদ্যোগ প্ৰতিষ্ঠাৰ বাবে উৎসাহ যোগোৱা হৈছিল। গাঁও অঞ্চলসমূহত ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰজা সংঘসমূহ আৰম্ভ কৰা হৈছিল। এনে সংঘসমূহত মানুহে সামূহিকভাৱে খেতি কৰিছিল। ১৯৫৮ চনত গোটেই দেশত প্ৰায় ২৬,০০০ মান কৃষক সমাজক সামৰি সংঘ আছিল।

এই অভিযানৰ ফলত চীনৰ অর্থনৈতিক অৱস্থা টনকিয়াল হোৱাৰ পৰিৱর্তে তাত দুর্ভিক্ষ আৰু মহামাৰীয়ে দেখা দিছিল যাৰ বাবে ৩০ৰ পৰা প্ৰায় ৪৫ নিযুত চীনা নাগৰিকৰ মৃত্যু হৈছিল। শ্ৰমিক শক্তি কমি যোৱাৰ বাবে উন্নয়নৰ সকলো পৰিৱেশ বিধস্ত হৈছিল।

ইয়াৰ উপৰিও ৰাছীয়াই চীনৰ উদ্যোগীকৰণত সহায় কৰিবলৈ পঠোৱা দক্ষ শ্ৰমিকসকলক ওভোটাই লৈ যোৱাৰ বাবে চীনৰ উদ্যোগীকৰণত বাধা পৰি অর্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। 


37. চীনত গ্ৰহণ কৰা 'এটি সন্তান নীতি'ৰ তাৎপর্য কি? 

উত্তৰঃ- UNৰ তথ্য অনুসৰি 2022 চনৰ 14 মার্চলৈ 144 কোটিৰো অধিক জনসংখ্যাৰে চীন, পৃথিৱীৰ সর্ববৃহৎ জনসংখ্যাৰ দেশ। দীর্ঘ সময়ৰ আগৰ পৰাই বাঢ়ি থকা চীনৰ এই বর্ধিত জনসংখ্যাই দেশখনৰ সামাজিক, অর্থনৈতিক, পাৰিৱেশিক আদি বিভিন্ন দিশত বেয়া প্ৰভাৱ পেলাই আছিল। এই জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ চীনা চৰকাৰে 1980 চনৰ পৰা 2015 চনলৈ জন্মৰহাৰ নিয়ন্ত্ৰণৰ বাবে One Child Policy বা 'এটি সন্তান নীতি'' এই আঁচনিখন কার্যকৰী কৰে। এটা সময়ত এই নীতিৰ ফলত জনসংখ্যা কমি এটি সুস্থ সামাজিক অর্থনৈতিক বাতাবৰণ সৃষ্টি হৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰ প্ৰভাৱ কিছু বেয়া হৈছিল।

চীনৰ লেহেমীয়া গতিৰে বৃদ্ধি পোৱা জনসংখ্যাই পিছৰ কেইদশকত প্ৰমাণ কৰিলে যে চীনত যুৱকৰ তুলনাত বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি পাইছিল। পুৰুষ-মহিলাৰ যি অনুপাত সেইয়াও অনকূল নাছিল। জন্মহাৰ একেবাৰে কমি আহিছিল। কম সংখ্যাক শ্ৰমিকেৰে দেশৰ সকলো বিভাগক সুৰক্ষা দিবলৈ সক্ষম নোহোৱা হৈ পৰিছিল। 


38. পাকিস্তানত এই অর্থনৈতিক বৃদ্ধিৰ হাৰ মন্থৰ আৰু দৰিদ্ৰতা বৃদ্ধিৰ কাৰণসমূহ কি কি? HS-2022

উত্তৰঃ- আর্থিক উন্নয়নৰ লগত দৰিদ্ৰতা ওতঃপ্ৰোতভাৱে জড়িত। আর্থিক উন্নয়ন হ'লে দৰিদ্ৰতা হ্ৰাস নহয়। পাকিস্তানত অধিক উন্নয়নৰ হাৰ একেবাৰে নিম্ন যাৰ বাবে দেশখনত দৰিদ্ৰতা দীর্ঘম্যাদী হৈ আছে।

পাকিস্তানৰ এই অর্থনৈতিক বৃদ্ধি কমি থকাত সামাজিক কোনো সিদ্ধান্ত গ্ৰহণত দেশৰ নাগৰিকৰ কিছুমান কাৰণ আছে— 

(১) প্ৰথমে শক্তি সম্পদৰ নাটনি কথা ক'ব লাগিব। দীর্ঘদিন ধৰি অবৰ্দ্ধিত হাৰত স্থবিৰ হৈ থকা শক্তিখণ্ডৰ বাবে অর্থনৈতিক বৃদ্ধিৰ বাবে ই এক প্ৰত্যাহ্বান হৈ পৰিছে। 

(২) দেশখনৰ উমি উমি জ্বলি থকা সন্ত্ৰাঘাদ দীর্ঘদিন ধৰি উন্নয়নত বাধা দিয়াৰ লগতে আর্থিক দিশতো দেশখনক জুৰুলা কৰিছে। 

(৩) দুর্বল প্ৰশাসনৰ বাবে দেশৰ বৃহৎ মূলধনী ব্যৱসায় সমূহ কিছুসংখ্যক পুঁজিপতিৰ হাতত কেন্দ্ৰীভূত হোৱাৰ বাবে দেশৰ নাগৰিকসকলৰ মাজত আর্থিক অসমতাৰ পৰিমাণ বৃদ্ধি হৈছে।

এই উন্নয়নৰ প্ৰভাৱ পেলোৱা আন বহুতো কাৰক আছে যাৰ বাবে দেশত দৰিদ্ৰতাৰ পৰিমাণ বৃদ্ধি হৈ আছে।

1.86% ৰে পাকিস্তান উচ্চ জন্মহাৰৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত প্ৰথম দেশ। ইয়াৰ বাদে কম শিক্ষিত লোক, দুর্বল আন্তঃগাঁথনি, অদক্ষ মানৱসম্পদ, উচ্চ দেশী-বিদেশী ঋণৰ বোজা, ৰাজকোষীয় ঘাটি, ধর্মীয় ৰীতি-নীতি, দুর্নীতি, অনুন্নত কৃষি ব্যৱস্থা, সম্পদৰ অসফল বিতৰণ আদি বিভিন্ন সমস্যাই দেশখনৰ দৰিদ্ৰতাত সহায় কৰিছে।


Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »

1 Comments:

Click here for Comments
Unknown
admin
January 2, 2023 at 8:27 PM ×

Thank you sir ❤️❤️❤️

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar