-->

Class 12 Economics: Government Functions and Scope । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

Class 12 Economics- Government Functions and Scope । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

 

ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অৰ্থবিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমৰ "চৰকাৰী কার্যাৱলী আৰু পৰিসৰ"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
Class 12 Economics Question and Answer Assam | HS 2nd Year Economics Question and Answer Assam | HS 2nd Year Economics Suggestion and Notes Solution Assam.


1. শূন্য প্রাথমিক ঘাটি কি?     HS-2019
উত্তৰঃ- শূন্য প্রাথমিক ঘাটিঃ- যেতিয়া ৰাজকোষীয় ঘাটি আৰু Interest of Payment সমান হয় তাকে শূন্য প্রাথমিক ঘাটি বোলে।

2. প্রত্যক্ষ কৰৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ- আয় কৰ, সম্পত্তি কৰ।

3. অনা-কৰ ৰাজহৰ উদাহৰণ দিয়া।    HS-2014, 2016
উত্তৰঃ-মাচুল, সুদ, জৰিমনা, বিদেশী অনুদান।

4. মূলধনী ব্যয়ৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ-অংশপত্র বিনিয়োগ।

5. চৰকাৰী বাজেট কি?
উত্তৰঃ- আগন্তুক বিত্তীয়বৰ্ষৰ বাবে চৰকাৰৰ ৰাজহ আৰু ব্যয়ৰ তথ্য সম্বলিত হিচাপেই হৈছে চৰকাৰী বাজেট।

6. পৰোক্ষ কৰৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ- G.S.T.

7. ৰাজস্ব নীতি কি?
উত্তৰঃ- অর্থনৈতিক সুস্থিৰতা ৰক্ষা কৰাৰ বাবে চৰকাৰে সময়ে সময়ে কৰ হাৰ আৰু ব্যয় আঁচনিসমূহৰ পৰিৱৰ্তন কৰি থাকে। আকৌ চৰকাৰে ব্যয়, ৰাজহ, ঋণ আদি নিয়ন্ত্রণ ব্যৱস্থাৰে দেশৰ সকলো ধৰণৰ সম্পদক ব্যৱহাৰ তথা নিয়োগৰ দ্বাৰা উপার্জন, মূল্যস্তৰ, নিয়োগ আদিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে ইয়াকেই ৰাজস্ব নীতি বুলি কোৱা হয়।
 
8. ৰাজহ ঘাটি কি?    HS-2015
উত্তৰঃ-চৰকাৰৰ ৰাজহ প্রাপ্তিতকৈ ৰাজহ ব্যয় অধিক হ'লে তাক ৰাহজ ঘাটি বুলি কোৱা হয়।

9. চৰকাৰে কেতিয়া ঘাটি বাজেট সৃষ্টি কৰে?
উত্তৰঃ- দেশ এখনৰ অর্থনীতিত চাহিদাৰ অভাৱ ঘটি নিবনুৱাৰ অৱস্থিতিত যেতিয়া ভাৰসাম্য লাভ কৰে তেতিয়া চৰকাৰে এই সমস্যা সমাধানৰ বাবে পৰিকল্পিত আঁচনি যুগুত কৰে। ইয়াকে ঘাটি বাজেট বোলে আৰু সেই অৱস্থাতে ঘাটি বাজেটৰ সৃষ্টি হয়।

10. ৰাজহ বাজেট কি?
উত্তৰঃ- চৰকাৰে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণক দেশৰ উন্নয়নৰ বাবে ব্যয় কৰাৰ আঁচনি গ্ৰহণ কৰে। ইয়াকেই ৰাজহ বাজেট বুলি কোৱা হয়।

11. সন্তুলিত বাজেট গুণক কি?
উত্তৰঃ-সন্তুলিত বাজেট গুণক হ'ল আয় বৃদ্ধি আৰু কৰ সংগ্ৰহৰ দ্বাৰা চৰকাৰী ব্যয় বৃদ্ধিৰ অনুপাত। সন্তুলিত বাজেট গুণকৰ মূল্য সদায় একৰ সমান।

12. কৰ ৰাজহৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ-আয় কৰ আৰু নিগম কৰ।

13. চৰকাৰী বাজেটৰ ভাগ দুটা কি কি?
উত্তৰঃ- (১) ৰাজহ বাজেট (২) মূলধনী বাজেট। 

14. বাজেট মানে কি?
উত্তৰঃ- কোনো এক বিত্তীয় বছৰৰ কোনো অনুষ্ঠানটোৰ আয় আৰু ব্যয়ৰ এক বার্ষিক প্রতিবেদনেই হৈছে বাজেট।

15. বাজেট ঘাটি আৰু বাণিজ্যিক ঘাটিৰ সংজ্ঞা দিয়া।    HS-2018, 2019
উত্তৰঃ- বাজেট ঘাটিঃ- যেতিয়া চৰকাৰৰ বার্ষিক বাজেটত ধার্য কৰা মুঠ ৰাজহুৱা (TR) মান মুঠ ব্যয়ৰ (TE) মানতকৈ কম হয়। তেনে বাজেটক ঘাটি বাজেট বুলি কোৱা হয়।
    বাণিজ্য ঘাটিঃ- এখন দেশৰ অৰ্থনীতিত যেতিয়া আমদানীৰ পৰিমাণ বৃদ্ধি হৈ ৰপ্তানীৰ পৰিমাণ কমি যায় তেতিয়া তাকেই বাণিজ্য ঘাটি বুলি কোৱা হয়।

16. বাজেট ঘাটিৰ তিনিটা প্ৰকাৰ কি কি? HS-2019
উত্তৰঃ- বাজেট ঘাটিৰ তিনিটা প্ৰকাৰ (১) ৰাজহ ঘাটি (২) ৰাজকোষীয় ঘাটি (৩) প্রাথমিক ঘাটি।

17. চৰকাৰৰ বন্টনমূলক কার্য মানে কি?
উত্তৰঃ- ব্যক্তিগত ব্যয়যোগ্য আয় প্রভাৱিত হোৱাকৈ চৰকাৰে কৰ সংগ্রহ, হস্তান্তৰিত পৰিশোধ আদিৰ জৰিয়তে চৰকাৰে আয় বিতৰণ কৰে। ইয়াকেই চৰকাৰৰ বন্টনমূলক কার্য বোলে।

17. পৰিকল্পনা বহির্ভূত ব্যয় বুলিলে কি বুজা? HS-2022
উত্তৰঃ- পৰিকল্পনা বহির্ভূত ব্যয় বুলিলে সাধাৰণতে প্রশাসন, অর্থনৈতিক উন্নয়ন আৰু সামাজিক সেৱাৰ বাবে যিবোৰ ব্যয় কৰা হয় তাকে বুজায়।

18. ৰাজহুৱা দ্রব্য কি?    HS-2018
উত্তৰঃ- ৰাজহুৱা দ্রব্যঃ স্থানীয় আৰু দেশৰ প্রশাসনে সামূহিকভাৱে মালিকীস্বত্বৰ অধিকাৰী হোৱা সকলোবোৰ ৰাজহুৱা বা সামাজিক সম্পত্তিকে ৰাজহুৱা দ্রব্য বোলে। যেনে— ঘৰ-দুৱাৰ, শিক্ষানুষ্ঠান, ৰে'লপথ ইত্যাদি।

19. চৰকাৰী ৰাজহৰ উৎস কি কি?
উত্তৰঃ- চৰকাৰী ৰাজহৰ প্রধান উৎসবোৰ হৈছে– কৰ, বাণিজ্যিক ৰাজহ মাচুল, দান-বৰঙনি, জৰিমনা, ঔদ্যোগিক প্রতিষ্ঠানৰ পৰা হোৱা লাভ চৰকাৰী সম্পর্কিত আয় আদি।

20. মূলধনী ব্যয়ৰ দুটা ভাগ কি কি?
উত্তৰঃ- পৰিকল্পিত মূলধনী ব্যয় আৰু পৰিকল্পনা বর্হিভূত মূলধনী ব্যয়।

21. স্ব-ইচ্ছামূলক ৰাজকোষীয় নীতি মানে কি?
উত্তৰঃ- চৰকাৰে অর্থনৈতিক সুস্থিৰতা ৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে কৰৰ হাৰ আৰু ব্যয় আঁচনিসমূহৰ পৰিৱর্তনৰ বাবে লোৱা ব্যৱস্থাকে স্ব-ইচ্ছামূলক ৰাজকোষীয় নীতি বুলি কোৱা হয়।

22. ৰাজহ প্রাপ্তি আৰু মূলধনী প্রাপ্তিৰ মাজৰ দুটা পার্থক্য লিখা।    HS-2019
উত্তৰঃ- (১) ৰাজহ প্রাপ্তি হ'ল এটা হ্রস্বকালীন প্রক্রিয়া। ইয়াৰ উপকাৰিতা এটা বিত্তীয় পৰিসৰৰ ভিতৰতে উপভোগ কৰিব পাৰি। আনহাতে, মূলধন প্রাপ্তি হ'ল এটা দীর্ঘকালীন প্রক্রিয়া। সেয়েহে ইয়াৰ ফলাফল বহু বছৰ ধৰি ভৱিষ্যতলৈকে উপভোগ কৰিব পাৰি।
(২) ৰাজহ প্রাপ্তিয়ে সম্পত্তি বা চৰকাৰী দেনা-পাওনা বৃদ্ধি বা হ্ৰাস কৰিব নোৱাৰে। কিন্তু মূলধন প্রাপ্তিয়ে সা-সম্পত্তিৰ মূল্য হ্রাস কৰে আৰু চৰকাৰী দেনা-পাওনাসমূহৰ মূল্য বৃদ্ধি কৰে।

23. চৰকাৰী ঋণৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ- চৰকাৰী ঋণৰ দুটা উদ্দেশ্য হ'ল—
(১) ঘাটি বাজেট পূৰণ কৰা।
(২) দেশৰ উন্নয়নমূলক প্রকল্পসমূহ ৰূপায়ন কৰা।

24. "বাজেট আয় অসমতা আঁকৰ দৰে" -ব্যাখ্যা কৰা।
উত্তৰঃ- চৰকাৰে বাজেটৰ জৰিয়তে অর্থনীতিত কৰ আৰু ব্যয় ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাই আয় অসমতা হ্রাস কৰিব পাৰে। দুখীয়া শ্ৰেণীৰ পৰিৱর্তে চৰকাৰে ক্রমবৰ্দ্ধমান হাৰত কৰ আৰোপ কৰিলে ধনী শ্রেণীৰ লোকসকলৰ কৰ প্ৰদানৰ মাত্রা বৃদ্ধি পায়। সেইদৰে বিলাসী সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰিলে ধনী শ্ৰেণীৰ লোকৰ পৰা চৰকাৰে অধিক কৰ আদায় কৰিব পাৰে। এইদৰে সমাজত অর্থনৈতিক বৈষম্য আঁতৰ কৰা যায়।

25. পৰোক্ষ কৰৰ দুটা গুণ (সুবিধা) উল্লেখ কৰা।     HS-2017
উত্তৰঃ- পৰোক্ষ কৰৰ দুটা গুণ বা সুবিধা হ'ল—
(ক) কৰদাতাসকলৰ বাবে পৰোক্ষ কৰ প্ৰদান কৰাটো বিশেষভাৱে সুবিধাজনক কিয়নো এনে কৰ দ্ৰব্যৰ লগত অন্তর্ভুক্ত হৈ থাকে আৰু দ্রব্য ক্রয় কৰাৰ সময়ত ইয়াত কম হাৰত প্ৰদান কৰিব লাগে। এই ক্ষেত্ৰত কৰ কৰাতাৰ বাবে পৰোক্ষ কৰ বোজাস্বৰূপ নহয়।
(খ) পৰোক্ষ কৰৰ আন এক সুবিধা হ'ল ই সমাজৰ সকলো শ্ৰেণীৰ লোকক সামৰি ল'ব পাৰে। কম উপার্জনকাৰী তথা দৰিদ্ৰ শ্ৰেণীৰ লোকেও পৰোক্ষ কৰ আদায় দিব লাগে বাবে এই ব্যৱস্থাত চৰকাৰে অধিক কৰ সংগ্ৰহ কৰিব পাৰে।

26. দুবিধ বাণিজ্যিক ৰাজহৰ উদাৰহণ দিয়া।
উত্তৰঃ- দুবিধ বাণিজ্যিক ৰাজহ হৈছে-
(১) ডাক সেৱাৰ বিনিময়ত আহৰণ কৰা ৰাজহ।
(২) ৰেল সেৱাৰ পৰা আহৰণ কৰা ৰাজহ।

27. প্রত্যক্ষ কৰৰ দুটা অসুবিধা উল্লেখ কৰা।
উত্তৰঃ- প্রত্যক্ষ কৰৰ দুটা অসুবিধা হ'ল– (১) প্রত্যক্ষ কৰৰ নিৰিখ বেছি হ'লে কৰাতাসকলে কৰ ফাঁকিৰ আশ্রয় লয়।
(২) প্রত্যক্ষ কৰ দেশৰ মুষ্টিমেয় লোকে আদায় কৰিব লাগে। এই কৰৰ জৰিয়তে চৰকাৰৰ সীমিত পৰিমাণৰ ৰাজহ সংগ্রহ হয়।

28. কৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ- কৰৰ দুটা বৈশিষ্ট হ'ল–
(১) কৰ দেশলৈ আগবঢ়োৱা এক বাধ্যতামূলক বৰঙনি।
(২) কৰ চৰকাৰী ৰাজহৰ প্রধান উৎস।

29. পৰোক্ষ কৰৰ দুটা অসুবিধা উল্লেখ কৰা।     HS-2017
উত্তৰঃ- পৰোক্ষ কৰৰ দুটা অসুবিধা হ'ল—
(১) পৰোক্ষ কৰ সমতাৰ নীতিৰ ওপৰত প্রতিষ্ঠিত নহয়। দৰিদ্ৰ লোকেও সমানে এই কৰ দিব লাগে।
(২) পৰোক্ষ কৰৰ জৰিয়তে নিশ্চয়তাৰ নীতি পূৰণ কৰিব নোৱাৰি। কোনো দ্রব্যৰ ওপৰত আৰোপ কৰা কৰৰ পৰা কিমান ৰাজহ সংগ্রহ হ'ব সি নিশ্চিত নহয়।

30. পৰিকল্পনা বহির্ভূত ব্যয়ৰ তিনিটা উদাহৰণ দিয়া।     HS-2018
উত্তৰঃ- অপৰিকল্পিত ব্যয় বা পৰিকল্পনা বর্হিভূত ব্যয়ৰ তিনিটা উদাহৰণ হৈছে—
(১) প্ৰতিৰক্ষা ব্যয়
(২) চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু বানচ
(৩) ৰাজ সাহার্য।

31. ৰাজহুৱা সামগ্ৰী আৰু ব্যক্তিগত সামগ্রী পার্থক্য লিখা।    HS-2015, 2017
উত্তৰঃ- ৰাজহুৱা সামগ্ৰী আৰু ব্যক্তিগত সামগ্ৰীৰ মাজৰ পার্থক্য হ'ল—
(১) ৰাজহুৱা সামগ্রীবোৰৰ কোনো মূল্য নিদিয়াকৈ ব্যৱহাৰ কৰিব পাৰি আনহাতে, ব্যক্তিগত সামগ্রী ব্যৱহাৰ কৰিলে উপভোক্তাই মূল্য পৰিশোধ কৰিব লাগে।
(২) ৰাজহুৱা সামগ্ৰীৰ উপভোগ মুক্ত আৰু অপ্রতিদ্বন্দ্বিতামূলক কিন্তু ব্যক্তিগত দ্রব্য উপভোগত উপভোক্তাৰ মাজত প্রতিদ্বন্দ্বিতা থাকে।
(৩) ৰাজহুৱা সামগ্রী সকলোৰেই উপভোগ্য কিন্তু ব্যক্তিগত সামগ্রী উপভোগ ব্যক্তিগত।

32. ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ৰ মাজত পার্থক্য উল্লেখ কৰা।
উত্তৰঃ- ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ৰ মাজত পার্থক্য হৈছে-
    ৰাজহ ব্যয় হৈছে চৰকাৰৰ সকলো প্ৰকাৰৰ চলিত ব্যয় যিবোৰে কোনো সম্পদ সৃষ্টি নকৰে। উদাহৰণস্বৰূপে প্রশাসনিক ব্যয়, ৰাজহুৱা খণ্ডৰ ব্যৱসায় পৰিচালনাৰ ব্যয়।
    আনহাতে, সকলো প্ৰকাৰৰ মূলধনী সামগ্ৰীৰ ওপৰত হোৱা ব্যয়ক মূলধনী ব্যয় বোলে। উদাহৰণস্বৰূপে ভূমি, যন্ত্র-পাতি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, আচবাব পত্র আদি সংগ্রহ কৰাৰ বাবে কৰা ব্যয়। এই ব্যয়ে সম্পদ সৃষ্টি কৰে।

33. চৰকাৰী ঘাটি আৰু চৰকাৰী ঋণৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা।    HS-2013
উত্তৰঃ- চৰকাৰে বাজেটৰ ঘাটি পূৰণৰ বাবে আভ্যন্তৰীণ বা বৈদেশিক উৎসৰ পৰা ঋণ লয়। গতিকে চৰকাৰী ঘাটি আৰু ঋণৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে। ঘাটিক পুঁজিৰ প্রবাহ হিচাপে ধৰিব পাৰি আৰু ইয়াক ঋণৰ মজুতৰ লগত যোগ কৰা হয়। যদি চৰকাৰে বছৰৰ পাছত বছৰ ধৰি ঋণ লৈ থাকে তেতিয়া ঋণৰ ওপৰত অধিক সুদ প্রদান কৰিবলগীয়া হয়। চৰকাৰে প্রদান কৰিবলগীয়া এই সুদৰ পৰিমাণেও ৰাজহুৱা ঋণলৈ বৰঙনি যোগায়।
    চৰকাৰী ঋণ হ্রাস পালে বিনিয়োগ হ্রাস পায়। কাৰণ চৰকাৰে বন্ধকীপত্র বিক্ৰীৰ জৰিয়তে জনসাধাৰণৰ পৰা ঋণ সংগ্ৰহ কৰিলে অর্থনীতিৰ মুঠ সঞ্চয়ৰ এক বৃহৎ অংশ চৰকাৰৰ হাতলৈ যায়। যদি চৰকাৰী ঘাটি উৎপাদন বৃদ্ধিৰ লক্ষ্যত সফল হয় তেতিয়া দেশত আয় বৃদ্ধি পাব আৰু ফলত সঞ্চয়ো বৃদ্ধি হ'ব। চৰকাৰে আন্তঃগাঁথনিত বিনিয়োগ কৰিলে আৰু ইয়াৰ বিনিয়োগৰ প্রতিদানৰ হাৰ সুদৰ হাৰতকৈ বেছি হ'লে ভৱিষ্যত প্রজন্মই তাৰ ভোগৰ সুবিধা পাব। এনে ক্ষেত্ৰত সেইবোৰ ঋণক বোজা বুলি ধৰা নহয়।

34. ৰাহি বাজেট, ঘাটি বাজেট আৰু সুষম বাজেটৰ অর্থ প্রকাশ কৰা।
উত্তৰঃ- চৰকাৰী চলিত ব্যয়তকৈ সংগৃহীত চৰকাৰী ৰাজহ অধিক হ'লে সেই বাজেটক ৰাহি বাজেট বুলি কোৱা হয়।
    চৰকাৰৰ চলিত হিচাপৰ ৰাজহতকৈ ব্যয় অধিক হ'লে তাক ঘাটি বাজেট বোলে।
    বাজেটত চলিত ৰাজহ আৰু চলিত ব্যয় সমান হ'লে সমীকৃত বাজেট বা ভাৰসাম্য বাজেট বা সুষম বাজেট বোলা হয়।
 

35. প্রত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ পার্থক্য লিখা।    HS-2019
উত্তৰঃ- প্রত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজৰ পার্থক্য হ'ল—
(১) প্রত্যক্ষ কৰৰ সংঘাত বা বোজা প্রথমজন ব্যক্তিৰ ওপৰত পৰে। আনহাতে, পৰোক্ষ কৰ বোজা এজন ব্যক্তিয়ে আন এজন ব্যক্তিলৈ ঠেলি পঠিয়াব পাৰে।
(২) প্রত্যক্ষ কৰ সাধাৰণতে ক্রমবৰ্দ্ধমান প্ৰকৃতিৰ আনহাতে, পৰোক্ষ কৰ ক্রমহ্রাসমান প্ৰকৃতিৰ।
(৩) প্রত্যক্ষ কৰ স্থায়ী কিন্তু পৰোক্ষ কৰ অস্থায়ী। প্রত্যক্ষ কৰৰ পৰা আহৰণ কৰা ৰাজহ পৰোক্ষ কৰৰ তুলনাত কম।

36. কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ মাজৰ পার্থক্য লিখা।
উত্তৰঃ- কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ মাজৰ পার্থক্য হৈছে—
(১) কৰ ৰাজহ বাধ্যতামূলক আনহাতে অনাকৰ ৰাজহ বাধ্যতামূলক নহয়।
(২) কৰ ৰাজহত ব্যক্তিৰ ত্যাগৰ বিষয়টো জড়িত হৈ থাকে কিন্তু অনাকৰ ৰাজহৰ প্ৰদানৰ বিনিময়ত চৰকাৰৰ পৰা বিশেষ সুবিধা পোৱা যায় সেয়েহে ইয়াত ত্যাগৰ প্রশ্ন নাথাকে।
(৩) কৰ ৰাজহ প্রদান কৰাৰ বিনিময়ত কৰদাতাই চৰকাৰৰ পৰা কোনো প্রত্যক্ষ সা-সুবিধা দাবী কৰিব নোৱাৰে। কিন্তু অনাকৰ ৰাজহ প্রদান কৰাৰ বিনিময়ত কৰদাতাই বিশেষ সুবিধা লাভ কৰে বা দাবীও কৰিব পাৰে।
(৪) চৰকাৰী আয়ৰ বৃহৎ অংশৰ কৰ ৰাজহৰ পৰা আহে। কিন্তু চৰকাৰী আয়ত অনাকৰ ৰাজহৰ অৰিহণা কম।

37. চৰকাৰী ৰাজহ ব্যয় কেইটা আৰু কি কি?
উত্তৰঃ- চাৰিটা আৰু এইকেইটা হ'ল—
(ক) পৰিকল্পিত ব্যয়
(খ) পৰিকল্পনা বহির্ভুত ব্যয়
(গ) বিকাশমুখী ব্যয়
(ঘ) অবিকাশমুখী ব্যয়।

38. পৰিকল্পিত ব্যয় আৰু অপৰিকল্পিত ব্যয়ৰ পার্থক্য লিখা।     HS-2014
উত্তৰঃ- পৰিকল্পিত ব্যয় বুলিলে এটি বছৰৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ অধীনৰ কাৰ্যসূচীত কৰিবলগীয়া ব্যয়ক বুজায়। ই হৈছে অর্থনীতিৰ বিভিন্ন খণ্ডৰ লগত জড়িত কেন্দ্রীয় পৰিকল্পনাৰ কাৰ্যসূচীত ৰূপায়ন কৰা ব্যয়।
    আনহাতে চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ লগত সম্পর্কহীন অথচ প্রয়োজনীয় ব্যয়সমূহক অপৰিকল্পিত ব্যয় বোলে।
    সাধাৰণতে পৰিকল্পনা ব্যয়তকৈ পৰিকল্পনা বহির্ভূত ব্যয় অধিক।

39. ৰাজহ ঘাটি বুলিলে কি বুজায়? ৰাজহ ঘাটিৰ ফলত উদ্ভৱ হোৱা তিনিটা পৰিস্থিতি ব্যাখ্যা কৰা। HS-2016, 2018, 2019
উত্তৰঃ- চৰকাৰৰ বাজেটৰ ৰাজহ শিতানত অন্তর্ভুক্ত হোৱা মুঠ ব্যয়তকৈ যদি ৰাজহ আয় বা ৰাজহ প্রাপ্তিৰ পৰিমাণ কম হয়। তেতিয়া তাক ৰাজহ ঘাটি বুলি আখ্যা দিয়া হয়।
ৰাজহ ঘাটিৰ ফলত উদ্ভৱ হোৱা তিনিটা পৰিস্থিতি হ'ল—
(ক) যেতিয়া চৰকাৰৰ ৰাজহ ঘাটি হয়, তেতিয়া চৰকাৰৰ সঞ্চয় আৰু বিনিয়োগ ক্ষমতা হ্রাস পায়।
(খ) এনে পৰিস্থিতিত চৰকাৰী বিনিয়োগ আৰু উপভোগ ব্যয়ৰ বাবে প্রয়োজন হোৱা ধন সংগ্রহ কৰিবলৈ চৰকাৰে দেশীয় আৰু বিদেশী নাগৰিক তথা বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ ল'বলৈ বাধ্য হয়।
(গ) চৰকাৰে গ্ৰহণ কৰা এই ঋণ আৰু ঋণৰ বাবে দিবলগা সুদৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলস্বৰূপে চৰকাৰে চৰকাৰী ব্যয় কর্তন কৰিব লগা হয়। যিহেতু ৰাজহ ব্যয়ৰ এটা প্রধান অংশই হৈছে প্রতিশ্রুতিবদ্ধ ব্যয়, সেয়েহে এনেকুৱা ব্যয় কমাব নোৱাৰি। এনে ক্ষেত্ৰত চৰকাৰে প্ৰায়ে উৎপাদনশীল মূলধন ব্যয় বা কল্যাণকামী ব্যয়, হ্ৰাস কৰিবলগা হয়। ইয়াৰ ফলত দেশৰ অর্থনৈতিক বৃদ্ধিৰ হাৰ নিম্নগামী হয় আৰু ই দেশৰ সামগ্ৰীক কল্যাণ সাধনত প্রতিকূল প্ৰভাৱ পেলায়।

40. চৰকাৰী ৰাজহৰ প্রধান উপাদানসমূহ কি কি? চমুকৈ ব্যাখ্যা কৰা।     HS-2014, 2016
উত্তৰঃ- চৰকাৰী ৰাজহৰ উৎসসমূহ তলত আলোচনা কৰা হ'ল–
(১) কৰঃ- কৰ চৰকাৰী ৰাজহৰ প্রধান উৎস। কৰৰ জৰিয়তে সংগ্রহ কৰা ৰাজহক কৰ ৰাজহ বুলি কোৱা হয়। ই হৈছে এক বাধ্যতামূলক বৰঙনি। কৰ প্ৰদান কৰা কৰদাতাই এই কৰ আদায় দিয়া বাবে কোনো প্রত্যক্ষ সুবিধা দাবী কৰিব নোৱাৰে। কৰ ৰাজহ দুই প্রকাৰৰ। (ক) প্রত্যক্ষ কৰ (খ) পৰোক্ষ কৰ।
(২) বাণিজ্যিক ৰাজহঃ- চৰকাৰী উৎপাদন প্রতিষ্ঠান বা উদ্যোগৰ পৰা দ্রব্য-সামগ্রী অথবা সেৱা বিক্ৰী কৰি আহৰণ কৰা কৰকে বাণিজ্যিক কৰ বুলি কোৱা হয়। এই কৰ চৰকাৰী ৰাজহৰ অন্যতম উৎস।
(৩) জৰিমনাঃ- ন্যায় প্রশাসন, তথা আইন-শৃংখলা অৱমাননা কৰাৰ বাবে চৰকাৰে কোনো ব্যক্তি বা প্রতিষ্ঠানৰ পৰা আদায় কৰা জৰিমনা চৰকাৰী ৰাজহৰ অন্তর্ভুক্ত।
(৪) মাচুলঃ- কিছুমান বিশেষ চৰকাৰী সেৱা লাভ কৰাৰ বাবে কোনো ব্যক্তি বা প্রতিষ্ঠানৰ পৰা চৰকাৰে আদয় কৰা মাচুল চৰকাৰী ৰাজহৰ এটা উৎস। এই মাচুল আদায় দিয়াজনে চৰকাৰৰ পৰা বিশেষ সুবিধা দাবী কৰিব পাৰে।
(৫) দান আৰু অনুদানঃ- দেশীয় আৰু বৈদেশিক প্রতিষ্ঠান, ব্যক্তি তথা চৰকাৰে সংস্থা আদিৰ পৰা লাভ কৰা দান-অনুদানেই চৰকাৰী ৰাজহৰ উৎস।
(৬) দেশীয় সম্পদঃ- দেশীয় সম্পদ যেনে খনিজ সম্পদ, জলজ সম্পদ আদি প্রাকৃতিক সম্পদৰ পৰা হোৱা আয়ক চৰকাৰী ৰাজহত ধৰা হয়।

41. চৰকাৰী ঋণ বোজা নে ব্যাখ্যা কৰা।
উত্তৰঃ- চৰকাৰে কেতিয়াবা ঘাটি বাজেট পূৰণ কৰিবলৈ বা বিশেষ কোনো উন্নয়নমূলক আঁচনি ৰূপায়ন কৰিবলৈ প্ৰয়োজনীয় ধন ঋণ হিচাপে গ্ৰহণ কৰে। এই ক্ষেত্ৰত চৰকাৰে সাধাৰণতে নিজ দেশৰ ব্যক্তি বা প্রতিষ্ঠানৰ পৰা আৰু অন্য ৰাষ্ট্রৰ পৰা, বা আন্তর্জাতিক সংস্থাৰ পৰা ঋণ লয়। ঘৰুৱা ঋণ আৰু বৈদেশিক ঋণৰ মাজত পার্থক্য আছে। আভ্যন্তৰীণ ঋণৰ প্ৰকৃত বোজা নাথাকে। কাৰণ এই ঋণ পৰিশোধ কৰিবলৈ চৰকাৰে কৰৰ যোগেদি সম্পদ আহৰণ কৰে। দেশৰ কৰদাতাই যি পৰিমাণৰ সম্পদ হেৰুৱায়, ঋণদাতাই সেই পৰিমাণৰ সম্পদ লাভ কৰিব। অর্থাৎ দেশৰ সম্পদ এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ হস্তান্তৰ হয়। এই ঋণে দেশৰ কোনো বিশেষ ক্ষতি নকৰে। দেশৰ সম্পদ দেশৰ ভিতৰতে থাকে কোনো বাহিৰা দেশলৈ নাযায়।
    কিন্তু বৈদেশিক ঋণ এখন চৰকাৰৰ বাবে প্রকৃত বোজা। কাৰণ এনে ঋণ বিদেশৰ পৰা লোৱা হয়। এনে ঋণৰ সুদ পৰিশোধ কৰোতে দেশৰ সম্পদ বিদেশলৈ গমন কৰে আৰু ফলত দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ কৰিব পাৰে আৰু কর্ম সংস্থাপন সংকুচিত হয়। গতিকে ৰাষ্ট্র এখনে আর্থিক জোৰা মাৰি বৈদেশিক ঋণৰ ওপৰত অধিক নিৰ্ভৰশীল হোৱা উচিত নহয়। অৱশ্যে এই ঋণৰ দ্বাৰা বাকী দেশত উৎপাদনমুখী কাম তৰান্বিত হয় তেন্তে এই বৈদেশিক ঋণৰ বোজাৰূপে চিনাক্ত নহয়।

42. চৰকাৰী ৰাজহ আৰু ব্যয় ব্যৱস্থাৰে সাধিত দুটা কার্য ব্যাখ্যা কৰা।    HS-2015
উত্তৰঃ- যেতিয়া চাহিদা আৰু যোগানৰ বজাৰ প্ৰক্ৰিয়াৰ দ্বাৰা সম্পদৰ সুস্থ আবণ্টন সম্ভৱ নহয় তেতিয়া বাজেট প্রক্রিয়াৰ দ্বাৰা চৰকাৰে সামাজিক আৰু অর্থনৈতিক কল্যাণৰ বাবে সম্পদৰ পুনবণ্টন কৰিব পাৰে। বাজেটৰ জৰিয়তে চৰকাৰে ব্যক্তিগত প্রয়োজনলৈ সম্পদৰ স্থানান্তৰ ঘটাব পাৰে। সাধাৰণতে এই কাম দুটা উপায়েৰে কৰা হয়- কৰ আৰু চৰকাৰী ব্যয়। ক্রমবর্ধমান হাৰত প্রত্যক্ষ কৰ আৰোপ কৰি বাজেটৰ জৰিয়তে সমাজৰ দৰিদ্ৰ শ্ৰেণীলৈ অধিক সম্পদ আবণ্টিত কৰা যায়। সেইদৰে খোৱা পানী, পৰিবহণ, স্বাস্থ্যসেৱা আদি কামত অধিক ব্যয় কৰিলেও দুখীয়া শ্রেণীক অধিক পৰিমাণে উপকৃত কৰিব পৰা যাব।
    চৰকাৰে উপযুক্ত কৰ আৰু ব্যয় নীতিৰ দ্বাৰা সমাজত ন্যার্য আয় বিতৰণ কৰি এই কাম সমাধা কৰিবলৈ চেষ্টা কৰে। চৰকাৰে হস্তান্তৰযোগ্য দেনা আৰু কৰ সংগ্ৰহৰ দ্বাৰা ব্যক্তিগত ব্যয়যোগ্য আয়ৰ পৰিৱৰ্তন ঘটাই আয় বিতৰণৰ ৰূপান্তৰ ঘটাব পাৰে আৰু ইয়াকে চৰকাৰৰ বিতৰণ বোলা হয়।

43. আভ্যন্তৰীণ ঋণ আৰু বৈদেশিক ঋণৰ মাজৰ পার্থক্য লিখা।
উত্তৰঃ- আভ্যন্তৰীণ ঋণ আৰু বৈদেশিক ঋণৰ মাজৰ পার্থক্য হৈছে—
(১) আভ্যন্তৰীণ ঋণ দেশ এখনৰ ভৌগোলিক পৰিসীমাৰ ভিতৰৰ ব্যক্তি বা প্রতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা হয় আনহাতে, বৈদেশিক ঋণ বিদেশী চৰকাৰ বা বিদেশী প্রতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা হয়।
(২) আভ্যন্তৰীণ ঋণ দেশীয় মুদ্ৰাৰ মানতে পৰিশোধ কৰা হয়। আনহাতে, বৈদেশিক ঋণ বিদেশী ৰাষ্ট্রৰ মুদ্ৰাৰ মানত পৰিশোধ কৰিব লাগে।
(৩) আভ্যন্তৰীণ ঋণ চৰকাৰৰ বাবে কম বোজা হয় আনহাতে, বৈদেশিক ঋণ চৰকাৰৰ বাবে বোজাস্বৰূপ।


44. চৰকাৰী বাজেটৰ উপাদানবোৰ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ- চৰকাৰী বাজেটৰ দুটা উপাদান থাকে— ৰাজহ বাজেট আৰু মূলধনী বাজেট।

ৰাজহ বাজেটত চৰকাৰে সংগ্ৰহ কৰা ৰাজত্ব আৰু ৰাজহ ব্যয়ৰ বিষয়ে উল্লেখ থাকে। চৰকাৰী ৰাজহ দুই প্রকাৰৰ- কৰ ৰাজহ আৰু অনাকৰ ৰাজহ। কৰ ৰাজহ প্রত্যক্ষ কৰ আৰু পৰোক্ষ কৰ হ'ব পাৰে। প্রত্যক্ষ কৰৰ বোজা আৰু ভাৰ একেজন ব্যক্তিৰ ওপৰত পৰে। পৰোক্ষ কৰৰ বোজা এজন ব্যক্তিৰ ওপৰত আৰু ভাৰ অন্য এজন ব্যক্তিৰ ওপৰত পৰে। অনাকৰ ৰাজহৰ ভিতৰত মাচুল, বাণিজ্যিক ৰাজহ, জৰিমনা, চৰকাৰী সম্পত্তিৰ আয়, বিশেষ খাজনা, ৰাজগামী, দান আৰু অনুদান, ঋণ গ্রহণ, মাটি বিত্ত আদি।

মূলধনী বাজেটত মূলধনী সা-সম্পত্তি সংগ্রহ, বিক্ৰীৰ মাধ্যমত চৰকাৰে সংগ্ৰহ কৰা আয়-ব্যয়সমূহ অন্তর্ভুক্ত হয়। মূলধনী প্রাপ্তিত ঋণৰ পুনৰ প্রাপ্তি, ঋণ আৰু অন্যান্য দেনা, অন্যান্য প্রাপ্তি যেনে- ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিৰ্বিনিয়োগ কৰণ এনে ধৰণৰ প্রাপ্তি। মূলধনী ব্যয় হ'ল যি ব্যয়ে সম্পদ সৃষ্টি অথৱা সেৱা হ্রাস কৰে। ভূমি ক্রয়ত হোৱা ব্যয়, ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল, বিদেশী চৰকাৰ, ৰাজহুৱা প্রতিষ্ঠান ইত্যাদিক দিয়া ঋণো মূলধনী ব্যয়।


45. চৰকাৰী ঋণে বোজা আৰদান কৰেনে? ব্যাখ্যা কৰা।

উত্তৰঃ- চৰকাৰী ঋণ দেশীয় বা বৈদেশিক হ'ব পাৰে। দেশীয় ঋণৰ ক্ষেত্ৰত চৰকাৰে দেশৰ নাগৰিক বা বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ লয়। এনে ঋণৰ প্রকৃত বোজা নাই বুলি ক'ব পাৰি। এই ঋণ পৰিশোধ কৰিবলৈ কৰৰ যোগেদি সম্পদ আহৰণ কৰা হয়। কৰদাতাই যি পৰিমাণৰ সম্পদ হেৰুৱায়, ঋণদাতাই সেই পৰিমাণৰ সম্পদ লাভ কৰে। অর্থাৎ দেশৰ সম্পদ এটা শ্ৰেণীৰ হাতৰপৰা আন এটা শ্ৰেণীৰ হাতলৈ স্থানান্তৰিত হ'ব। কিন্তু দেশীয় ঋণৰ প্রকৃত বোজা আছে। ঋণ দিওতা শ্ৰেণীটো সাধাৰণতে আঢ্যৱন্ত শ্ৰেণীৰ হয় আৰু কৰ দিওঁতা শ্ৰেণীটো চহকী আৰু দুখীয়া শ্ৰেণীৰ হয়। গতিকে দুখীয়া শ্রেণীৰ পৰা কৰযোগে সংগ্ৰহ কৰা সম্পদ চৰকাৰে ধনী শ্রেণীটোৰ ঋণ পৰিশোধ কৰাত ব্যৱহাৰ কৰিলে ধনী-দুখীয়াৰ মাজৰ বৈষম্য বৃদ্ধি পাব আকৌ কৰৰ যোগেদি সংগৃহীত সম্পদৰ জৰিয়তে ঋণৰ সুদ আদায়ৰ ব্যৱস্থা কৰিলে ৰাইজৰ কৰ্ম, সঞ্চয় আৰু বিনিয়োগ ক্ষমতা হ্রাস পাব।

বৈদেশিক ঋণৰ ক্ষেত্ৰত চৰকাৰে বিদেশী নাগৰিক আৰু বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ সংগ্রহ কৰে। এই ঋণৰ ক্ষেত্ৰত দেশৰ সম্পদ এখন দেশৰ পৰা আন এখন দেশলৈ স্থানান্তৰ হয়। দেশখনৰ আর্থিক কল্যাণ হ্রাস পায়।

গতিকে ৰাজহ্বা ঋণৰ বোজা থাকিলেও অর্থনৈতিক উন্নয়নৰ বাবে ইয়াৰ প্রয়োজনীয়তা আছে। কিন্তু বৈদেশিক ঋণৰ ওপৰত অধিক নির্ভৰশীলতা কাম্য নহয়।


 Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »