-->

Class 12 Economics- Open Economy । মুক্ত অর্থনীতি


Open Economy । মুক্ত অর্থনীতি

 Class 12 Economics, Open Economy : Macro Economics। মুক্ত অর্থনীতি : সমষ্টিবাদী অর্থবিজ্ঞান। ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অৰ্থবিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমৰ "মুক্ত অর্থনীতি : সমষ্টিবাদী অর্থবিজ্ঞান"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
Class 12 Economics "Open Economy : Macro Economics" Question and Answer Assam | HS 2nd Year Economics Question and Answer Assam | HS 2nd Year Economics Suggestion and Notes Solution Assam.


1. মুক্ত অর্থনীতিৰ সংজ্ঞা দিয়া।
উত্তৰঃ- যি আর্থিক ব্যৱস্থাত আন্তর্জাতিক আর্থিক ব্যৱস্থাৰ সৈতে দুখন বা ততোধিক দেশৰ অর্থনৈতিক সংযোগ স্থাপন হয় তাকে মুক্ত অর্থনীতি বোলা হয়।

2. মুদ্ৰাৰ মূল্য হ্রাস কি?
উত্তৰঃ- যেতিয়া বৈদেশিক মুদ্রাৰ তুলনাত ঘৰুৱা মুদ্ৰাৰ মূল্য কমি যায় তেতিয়া মুদ্ৰাৰ মূল্য হ্রাস হয়।

3. মুদ্ৰাৰ মূল্য বৃদ্ধি কি?
উত্তৰঃ- মুদ্ৰাৰ মূল্য বৃদ্ধি হ'লে বৈদেশিক মুদ্রাৰ তুলনাত দেশীয় মুদ্ৰাৰ মূল্য বৃদ্ধি হয় অর্থাৎ একেখিনি দেশীয় মুদ্ৰাৰ বিপৰীতে অধিক মূল্যৰ বৈদেশিক মুদ্রা পাব পাৰি।

4. ৰুদ্ধদ্বাৰ আর্থিক ব্যৱস্থা কি?
উত্তৰঃ- যি আর্থিক ব্যৱস্থাত আন্তর্জাতিক অর্থনীতিৰ সৈতে কোনো সম্পর্ক নাথাকে সেই আর্থিক ব্যৱস্থাটোৱেই হৈছে ৰুদ্ধদ্বাৰ আর্থিক ব্যৱস্থা।

5. মুদ্ৰাৰ অৱমূল্যায়ন কি?     HS-2016
উত্তৰঃ- বিদেশী মুদ্রাৰ ঘৰুৱা মুদ্রামূল্য বৃদ্ধি পালে মুদ্ৰাৰ অৱমূল্যায়ন ঘটা বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমেৰিকান ডলাৰৰ বাবে অধিক ভাৰতীয় টকা দিব লগা হ'লে টকাৰ অৱমূল্যায়ন বা মূল্য হ্রাস ঘটা বুলি কোৱা হয়।

6. অদৃশ্যমান বাণিজ্য কি?    HS-2014, 2017
উত্তৰঃ- স্পর্শ কৰিব নোৱাৰা আৰু হস্তান্তৰ অযোগ্য সামগ্ৰীৰ (যেনে সেৱাকর্য) লেনদেনেই হ'ল অদৃশ্যমান বাণিজ্য।

7. যেতিয়া প্রদত্ত আমদানি কার্যঃ M=5=+04 Y হয়, তেতিয়া আমদানিৰ প্রতি প্রান্তিক আসক্তি কি হ'ব?
উত্তৰঃ- প্রান্তিক আমদানিৰ আসক্তি (প্রৱণতা) হ'ব -04।

8. হস্তান্তৰযোগ্য ব্যয় কি?     HS-2013, 2019
উত্তৰঃ- এখন দেশৰ বাসিন্দাসকলে মুক্তভাৱে যিবোৰ লাভ কৰে আৰু যাৰ বিনিময়ত বর্তমান আৰু ভৱিষ্যতেও কোনো মূল্য প্রদান কৰিব নালাগে তেনেবোৰ প্রাপ্তিক হস্তান্তৰ পৰিশোধ বা হস্তান্তৰয়োগ্য ব্যয় বোলে। যেনে- উপহাৰ, দান।

9. বৈদেশিক বিনিময় হাৰৰ সংজ্ঞা দিয়া। HS-2015, 2017
উত্তৰঃ- যি হাৰত দুখন দেশৰ মুদ্রা বিনিময় কৰা হয় তাক বৈদেশিক বিনিময় হাৰ বোলা হয়। এই হাৰত এখন দেশৰ ৰপ্তানি আৰু আমদানিৰ মূল্য নির্ধাৰণ কৰা হয়।

10. বৈদেশিক লেনদেনৰ সমতা কি?    HS-2013, 2018
উত্তৰঃ- যি ব্যৱস্থাপকৰ দ্বাৰা বৈদেশিক লেনদেনৰ ঘাটি হৈছে নে ৰাহি হৈছে নির্ণয় কৰিব পৰা আৰু ঘাটি বা ৰাহি দূৰ কৰিব পৰা যায় তাকে বৈদেশিক লেনদেনৰ সমতা বোলে।

11. এখন দেশৰ পৰিশোধ সমতাত ভাৰসাম্যহীনতা সৃষ্টি কৰা চাৰিটা উপাদান উল্লেখ কৰা।        HS-2019
উত্তৰঃ- (১) বাণিজ্যচক্ৰৰ উত্থান-পতন।
(২) ৰাজনৈতিক অস্থিৰতা।
(৩) জনসংখ্যা বৃদ্ধি।
(৪) উন্নয়নশীল আঁচনি।

12. মুদ্ৰাৰ অৱমূল্যায়ন আৰু মুদ্ৰাৰ বহি মূল্যৰ হ্রাসকৰণৰ মাজত পার্থক্য দেখুওৱা।     HS-2018
উত্তৰঃ- (১) মুদ্ৰাৰ অৱমূল্যায়ন আৰু মুদ্ৰাৰ বৰ্হিমূল্য হ্রাসকৰণ এই দুয়োটাই হ'ল এখন দেশৰ মুদ্ৰাৰ মূল্যৰ হ্রাস-বৃদ্ধিৰ লগত জড়িত এটা বিষয়।
(২) মুদ্ৰাৰ অৱমূল্যায়ন হ'ল যেতিয়া এখন দেশৰ চৰকাৰে দেশখনৰ মুদ্ৰামূল্য হ্রাস কৰাৰ বাবে সিদ্ধান্ত লয় আৰু এনে সময়ছোৱাত চৰকাৰে বিনিময়হাৰ স্থিৰ ৰাখিবৰ বাবে যিমান প্রয়োজন সিমানখিনি এনেমুদ্রা ক্রয়-বিক্রয় কৰে।
    আনহাতে মুদ্ৰাৰ বৰ্হিমূল্য হ্রাসকৰণ হ'ল যেতিয়া এখন দেশৰ অৰ্থনীতিত বিনিময় হাৰৰ অৱনতি ঘটে আৰু দেশখনৰ মুদ্ৰাৰ মূল্য অন্যদেশৰ তুলনাত কমি যায়।
(৩) অৱমূল্যায়ন হ'ল এটা স্থিৰ বিনিময় হাৰ। এই হাৰৰ অনুপাত চৰকাৰৰ সিদ্ধান্তক্রমেহে হ্রাস কৰিব পাৰি।
    কিন্তু বৰ্হিমূল্যৰ হ্রাস হ'ল এটা ভাসমান বিনিময় হাৰ। Globable Investment Market সেয়েহে অন্যদেশৰ লগত তুলনা কৰি বিনিময় হাৰ কি হ'ব সিদ্ধান্ত লয়। চৰকাৰ বা কেন্দ্রীয়বেংকে ইয়াৰ ওপৰত নিয়ন্ত্রণ কৰিবৰ বাবে চেষ্টা কৰে যদিও অৱশেষত মুক্ত বজাৰে (free market) হে এই বিনিময় হাৰ নিৰ্দ্ধাৰণ কৰে।
(৪) এই দুয়োটা ব্যৱস্থাই অর্থনীতিৰ ওপৰত এটা দীঘলীয়া প্ৰভাৱ পেলায়।

13. স্থিৰ আৰু পৰিৱৰ্তনীয় বিনিময় হাৰৰ মাজৰ পার্থক্য লিখা।    HS-2016, 2022
উত্তৰঃ- (১) স্থিৰ বিনিময় হাৰত এখন দেশে মুদ্ৰাৰ বৈদেশিক বিনিময় হাৰ চৰকাৰীভাৱে এটা নির্দিষ্ট হাৰত নিৰ্ধাৰণ কৰি তাক যথেষ্ট সময়ৰ বাবে বাহাল ৰাখিলে পৰিৱৰ্তনশীল বিনিময় হাৰ নির্ধাৰণৰ ক্ষেত্ৰত কেন্দ্রীয় বেংকৰ হস্তক্ষেপৰ পৰিৱর্তে বিনিময় মুদ্ৰাৰ চাহিদা আৰু যোগানৰ পৰিৱর্তনৰ ভিত্তিত মুক্তভাৱে বিনিময় হাৰ নিৰ্ধাৰণ হয়।
(ক) স্থিৰ বৈদেশিক বিনিময় হাৰে দেশৰ আমদানি আৰু ৰপ্তানিত বাণিজ্যৰ সম্প্ৰসাৰণ ঘটায়।
(খ) স্থিৰ বিনিময় হাৰে আভ্যন্তৰীণ অর্থনৈতিক স্থিৰতা বজাই ৰখাত সহায় কৰে।
(গ) স্থিৰ বিনিময় হাৰে বিদেশী বিনিয়োগক উদ্‌গনি যোগায়।

14. বৈদেশিক বাণিজ্যৰ লেনদেনৰ ভাৰসাম্যহীনতা দূৰীকৰণৰ তিনিটা উপায় উল্লেখ কৰা।
উত্তৰঃ- বৈদেশিক বাণিজ্যৰ লেনদেনৰ ভাৰসাম্যহীনতা দূৰীকৰণৰ তিনিটা উপায় হ'ল—
(১) আমদানি আৰু ৰপ্তানি নীতিৰ পৰিৱৰ্তন
(২) মুদ্ৰাৰ যোগান পৰিৱৰ্তন
(৩) দ্ৰব্যৰ মূল্য আৰু অর্থনৈতিক কাম-কাজ পৰিৱর্তন।

15. পৰিৱৰ্তনশীল বিনিময় হাৰৰ চাৰিটা সুবিধা উল্লেখ কৰা।
উত্তৰঃ- পৰিৱৰ্তনশীল বিনিময় হাৰৰ চাৰিটা সুবিধা হৈছে-
(১) পৰিৱৰ্তনশীল বিনিময় হাৰে এখন দেশৰ বৈদেশিক বাণিজ্যৰ লেনদেনৰ ভাৰসাম্যতা নির্ণয় কৰে।
(২) এই বিনিময় হাৰ বাহাল থাকিলে কেন্দ্রীয় বেংকে আন্তঃর্জাতিক সংৰক্ষণৰ প্রয়োজনীয়তাক নোহোৱা কৰে।
(৩) এই হাৰে বিভিন্ন দেশৰ কাৰেন্সীৰ নাটনি আৰু বহিঃজনিত সমস্যা সমাধান কৰাত সহায় কৰে।
(৪) বাণিজ্য ব্যৱস্থা সুচাৰুৰূপে চলাত আৰু মূলধনৰ চলাচলত থকা বাধাসমূহ আঁতৰ কৰাত পৰিৱর্তনশীল বিনিময় হাৰে সহায় আগবঢ়ায়।

16. বৈদেশিক বাণিজ্যৰ লেনদেন পৰিশোধৰ মূলধন হিচাপত কি কি বিষয় অন্তর্ভুক্ত কৰা হয়?
উত্তৰঃ- বৈদেশিক বাণিজ্যৰ লেনদেন পৰিশোধৰ মূলধন হিচাপত অন্তর্ভুক্ত বিষয়সমূহ হৈছে– বৈদেশিক ঋণ, বিদেশী লোক বা প্রতিনিধিৰ মূলধন বিনিয়োগ, বিদেশী লোক বা প্রতিষ্ঠানক সম্পদ বিক্রী, বিদেশী প্রতিষ্ঠানক দিয়া ঋণ, বিদেশত মূলধন বিনিয়োগ, বিদেশৰ পৰা সম্পদ ক্রয় আদি।

17. 'ব্রিটোন উড্‌চ' পদ্ধতিটো বর্ণনা কৰা।
উত্তৰঃ- 'ব্রিটন উড্‌চ' পদ্ধতি হৈছে স্থিৰ বিনিময় হাৰ পদ্ধতি। আমাৰ দেশত পূর্বৰ পৰা চলি অহা 'ব্রিটোন উড্‌চ' পদ্ধতিৰ ভিত্তিত ব্রিটেনৰ লগত থকা সৰ্ম্পকৰ বাবে ভাৰতীয় টকাক 'পাউণ্ড ষ্টাৰলিং'ৰ লগত শিথিল কৰা হৈছে। এই পদ্ধতিৰ মূল কথাখিনি হৈছে—
(১) বিভিন্ন দেশৰ মুদ্রাবোৰ আমেৰিকান ডলাৰৰ লগত সম্পর্কিত কৰা হয়। 35 টা আমেৰিকান ডলাৰক এক অউনচ্‌ সোণৰ সমান বুলি ধৰা হয়।
(২) দুটা প্রচলিত মুদ্ৰাৰ মাজত সোণক চূড়ান্ত সমতাৰ একক হিচাপে লোৱা হয়।
(৩) আমেৰিকান ডলাৰক স্থিৰ মূল্যত স্বর্ণমূল্য প্রদান কৰা হয়।

18. বৈদেশিক লেনদেনত চলিত হিচাপৰ এটি উদাহৰণ দিয়া।
উত্তৰঃ- ৰপ্তানিকৃত আৰু আমদানিকৃত দ্রব্য।

19. বৈদেশিক বিনিময় হাৰ নির্ণয়কাৰী কাৰকসমূহ উল্লেখ কৰা।
উত্তৰঃ- বৈদেশিক বিনিময় হাৰ নির্ণয়কাৰী কাৰকসমূহ তলত উল্লেখ কৰা হ'ল— (১) লাভৰ উদ্দেশ্য (২) আয় (৩) সুতৰ হাৰ (৪) দীর্ঘকালীন বিনিময় হাৰ আৰু ক্রয় ক্ষমতাৰ সমতা স্থাপন।

20. বৈদেশিক বাণিজ্যৰ লেনদেনত ঘাটিৰ উদ্ভৱ হ'লে সেই ঘাটি পূৰণ কৰাৰ দুটা উপায় উল্লেখ কৰা।
উত্তৰঃ- বৈদেশিক বাণিজ্যৰ লেনদেনত ঘাটিৰ উদ্ভৱ হ'লে সেই ঘাটি পূৰণ কৰাৰ দুটা উপায় হৈছে– (১) বিদেশী মুদ্ৰাৰ সঞ্চয় হ্রাস কৰা আৰু (২) আন্তর্জাতিক মুদ্রা নিধিৰ পৰা ঋণ লোৱা।

21. পৰিৱৰ্তনশীল ব্যয় কি? গড় পৰিৱৰ্তনশীল ব্যয় ৰেখা (AVC) কিয় U আকৃতিৰ?     HS-2019
উত্তৰঃ- উৎপাদন ব্যৱস্থাত উৎপাদনৰ পৰিমাণ হ্রাস-বৃদ্ধিৰ লগত যিবোৰ উপাদানৰ খৰচ হ্রাস-বৃদ্ধি হৈ থাকে তাকে পৰিৱৰ্তনীয় ব্যয় বোলে। যেনে—কেঁচা মাল। 

22. ৰুদ্ধ অর্থনীতিত ঘৰুৱা দ্ৰব্যৰ প্ৰতি চাহিদাৰ উৎসসমূহ উল্লেখ কৰা।
উত্তৰঃ- ৰুদ্ধ অর্থনীতিত ঘৰুৱা দ্রব্যৰ প্রতি চাহিদাৰ উৎসসমূহ হ'ল— (১) উপভোগ (2) চৰকাৰী ব্যয় আৰু (৩) ঘৰুৱা বিনিয়োগ।

23 'ব্রিটন উড্‌চ সমজ' বুলিলে কোন দুটা আন্তর্জাতিক অনুষ্ঠানক বুজায়?
উত্তৰঃ- ব্রিটন উড্‌চ যমজ বুলিলে আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি আৰু বিশ্ব বেংকক বুজায়।

24. লেনদেনৰ পৰিশোধ সমতাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ- লেনদেনৰ পৰিশোধ সমতাৰ চাৰিটা বৈশিষ্ট্য হৈছে-
(১) লেনদেনৰ পৰিশোধ সমতা হ'ল এখন দেশৰ লগত বিশ্বৰ আন আন দেশৰ লেনদেনৰ এক প্রণালীবদ্ধ হিচাপ।
(২) এই হিচাপ প্ৰতি বছৰে কৰা হয়।
(৩) এই হিচাপ দ্বিপাক্ষিক আৰু এই হিচাপত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দেনা আৰু পাওনা অন্তর্ভুক্ত কৰা হয়।
(৪) BOP সদায় ভাৰসাম্য হোৱাটো প্রয়োজন।

25 স্থিৰ বিনিময় হাৰৰ দুটা সুবিধা লিখা।     HS-2015, 2022
উত্তৰঃ- যেতিয়া এখন দেশে নিজ দেশৰ মুদ্ৰাৰ বৈদেশিক বিনিময় হাৰ নিৰ্ধাৰণ কৰে আৰু তাক যথেষ্ট সময়ৰ বাবে বাহাল ৰাখে তেনে হাৰক স্থিৰ বিনিময় হাৰ বোলে।
(ক) স্থিৰ বৈদেশিক বিনিময় হাৰে দেশৰ আমদানি আৰু ৰপ্তানিত বাণিজ্যৰ সম্প্ৰসাৰণ ঘটায়।
(খ) স্থিৰ বিনিময় হাৰে আভ্যন্তৰীণ অর্থনৈতিক স্থিৰতা বজাই ৰখাত সহায় কৰে।
(গ) স্থিৰ বিনিময় হাৰে বিদেশী বিনিয়োগক উদ্‌গনি যোগায়।

26. বৈদেশিক বাণিজ্যৰ লেনদেনৰ ভাৰসাম্যহীনতা দূৰীকৰণৰ তিনিটা উপায় উল্লেখ কৰা।
উত্তৰঃ- বৈদেশিক বাণিজ্যৰ লেনদেনৰ ভাৰসাম্যহীনতা দূৰীকৰণৰ তিনিটা উপায় হ'ল–
(১) আমদানি আৰু ৰপ্তানি নীতিৰ পৰিৱৰ্তন
(২) মুদ্ৰাৰ যোগান পৰিৱৰ্তন
(৩) দ্ৰব্যৰ মূল্য আৰু অর্থনৈতিক কাম-কাজ পৰিৱর্তন।
 
27. পৰিৱৰ্তনশীল বিনিময় হাৰৰ চাৰিটা সুবিধা উল্লেখ কৰা।
উত্তৰঃ- পৰিৱর্তনশীল বিনিময় হাৰৰ চাৰিটা সুবিধা হৈছে-
(১) পৰিৱৰ্তনশীল বিনিময় হাৰে এখন দেশৰ বৈদেশিক বাণিজ্যৰ লেনদেনৰ ভাৰসাম্যতা নির্ণয় কৰে।
(২) এই বিনিময় হাৰ বাহাল থাকিলে কেন্দ্রীয় বেংকে আন্তঃর্জাতিক সংৰক্ষণৰ প্রয়োজনীয়তাক নোহোৱা কৰে।
(৩) এই হাৰে বিভিন্ন দেশৰ কাৰেন্সীৰ নাটনি আৰু বহিঃজনিত সমস্যা সমাধান কৰাত সহায় কৰে।
(৪) বাণিজ্য ব্যৱস্থা সুচাৰুৰূপে চলাত আৰু মূলধনৰ চলাচলত থকা বাধাসমূহ আঁতৰ কৰাত পৰিৱর্তনশীল বিনিময় হাৰে সহায় আগবঢ়ায়।

28. বৈদেশিক বাণিজ্যৰ লেনদেন পৰিশোধৰ মূলধন হিচাপত কি কি বিষয় অন্তভুক্ত কৰা হয়?
উত্তৰঃ- বৈদেশিক বাণিজ্যৰ লেনদেন পৰিশোধৰ মূলধন হিচাপত অন্তর্ভুক্ত বিষয়সমূহ হৈছে- বৈদেশিক ঋণ, বিদেশী লোক বা প্রতিনিধিৰ মূলধন বিনিয়োগ, বিদেশী লোক বা প্রতিষ্ঠানক সম্পদ বিক্রী, বিদেশী প্রতিষ্ঠানক দিয়া ঋণ, বিদেশত মূলধন বিনিয়োগ, বিদেশৰ পৰা সম্পদ ক্রয় আদি।

29. 'ব্রিটোন উড্‌চ' পদ্ধতিটো বর্ণনা কৰা।
উত্তৰঃ- 'ব্রিটন উড়চ' পদ্ধতি হৈছে স্থিৰ বিনিময় হাৰ পদ্ধতি। আমাৰ দেশত পূর্বৰ পৰা চলি অহা 'ব্রিটোন উড্‌চ' পদ্ধতিৰ ভিত্তিত ব্রিটেনৰ লগত থকা সৰ্ম্পকৰ বাবে ভাৰতীয় টকাক 'পাউণ্ড ষ্টাৰলিং'ৰ লগত শিথিল কৰা হৈছে। এই পদ্ধতিৰ মূল কথাখিনি হৈছে—
(১) বিভিন্ন দেশৰ মুদ্রাবোৰ আমেৰিকান ডলাৰৰ লগত সম্পর্কিত কৰা হয়। 35 টা আমেৰিকান ডলাৰক এক অউনচ্‌ সোণৰ সমান বুলি ধৰা হয়। (২) দুটা প্রচলিত মুদ্ৰাৰ মাজত সোণক চূড়ান্ত সমতাৰ একক হিচাপে লোৱা হয়।
(৩) আমেৰিকান ডলাৰক স্থিৰ মূল্যত স্বর্ণমূল্য প্রদান কৰা হয়।
(৪) ডলাৰ সাপেক্ষে এখন দেশৰ মুদ্ৰাই স্বর্ণ সাপেক্ষে সেই মুদ্ৰাৰ মূল্য নির্দেশ কৰে।
(৫) আন্তঃৰাষ্ট্রীয় মুদ্রা নিধি সাপেক্ষে এখন দেশৰ মুদ্ৰাৰ সমতা মূল্য পৰিৱৰ্তন সম্ভৱ কৰে।

30. লেনদেনৰ উদ্ধৃত্তৰ স্বতন্ত্র লেনদেন আৰু অন্তর্ভুক্ত লেনদেনৰ পার্থক্য লিখা।    HS-2015, 2017
উত্তৰঃ- এখন দেশৰ বৈদেশিক লেনদেনৰ পৰিশোধৰ সমতাৰ অৱস্থাৰ লগত কোনো সম্পর্ক নৰখাকৈ যেতিয়া দেশখনৰ আন্তর্জাতিক অর্থনৈতিক লেনদেন সম্পন্ন হয় তেনেবোৰ লেনদেনক স্বতন্ত্র লেনদেন বুলি কোৱা হয়। উদাহৰণস্বৰূপে কেৱল লাভ অর্জনৰ উদ্দেশ্যে কৰা লেনদেন। যদি এখন দেশৰ বৈদেশিক বাণিজ্যৰ স্বতন্ত্র প্রাপ্তিবোৰ ইয়াৰ স্বতন্ত্র প্রদানতকৈ অধিক কম হয়, তেন্তে ইয়াৰ পৰিশোধৰ সমতা (BOP) ৰ ৰাহি ঘাটি বুলি কয়। আনহাতে, ব্যৱস্থাপক লেনদেনবোৰ স্বতন্ত্র লেনদেনবোৰৰ প্ৰকৃত ফলাফলৰ দ্বাৰা নির্ধাৰণ কৰা হয়। দেশ এখনৰ আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ বিবৃতিৰ পৰিণতি হিচাপে ব্যৱস্থাপক লেনদেনবোৰ সংঘটিত। ধৰা হ'ল ভাৰতৰ লেনদেন বিবৃতি বা পৰিশোধৰ সমতাই 1000 নিযুত ডলাৰ ঘাটি দেখুৱাইছে। তেতিয়া ভাৰতে সেই ঘাটিৰ পৰিমাণ ঋণ হিচাপে ল'ব লাগিব। এই পৰিমাণৰ ঋণ কিন্তু স্বতন্ত্র লেনদেনবোৰৰ ফলত সৃষ্টি হোৱা ঘাটিৰ কাৰণেহে উৎপত্তি হৈছে বাবে ই হ'ল ব্যৱস্থাপক লেনদেন। গতিকে বৈদেশিক লেনদেনৰ ঘাটি হৈছে নে ৰাহি হৈছে সেয়া ব্যৱস্থাপক লেনদেনৰ দ্বাৰা নির্ণয় কৰা যায়। এই ব্যৱস্থাপক লেনদেনবোৰে ঘাটি বা ৰাহি দূৰ কৰি এখন দেশৰ লেনদেনৰ বিবৃতিক সমতালৈ অনা হয়।

31. প্রচলিত ভাসমান বিনিময় হাৰ কি? ব্যাখ্যা কৰা।
উত্তৰঃ- ১৯৭১ চনৰ পৰা প্ৰায়বোৰ দেশত পৰিচালিত ভাসমান বিনিময় হাৰ পদ্ধতিৰ প্ৰচলন হৈছে। ই এটা স্থিৰ বিনিময় হাৰ পদ্ধতি আৰু পৰিৱৰ্তনশীল বিনিময় হাৰ পদ্ধতিৰ সংমিশ্রণ। এই ব্যৱস্থাক 'লেতেৰা ভাসমান' বুলিও কোৱা হয়। এনে পদ্ধতিক এখন দেশৰ মুদ্ৰাক বৈদেশিক বিনিময় বজাৰত ভাঁহিবলৈ দিয়া হয় আৰু বজাৰ শক্তি অনুসৰি বিনিময় হাৰ নির্ণয় কৰা হয়। অৱশ্যে এই ব্যৱস্থাত সম্পূৰ্ণৰূপে চৰকাৰী হস্তক্ষেপ নথকাটো নুবুজায়। প্রয়োজন সাপেক্ষে বিনিময় হাৰৰ উত্থান-পতন ৰোধ কৰিবলৈ দেশৰ কেন্দ্রীয় বেংকে হস্তক্ষেপ কৰিব পাৰে। কেন্দ্রীয় বেংকে বৈদেশিক মুদ্ৰাৰ ক্রয়-বিক্রয়ৰ ওপৰত হস্তক্ষেপ কৰি বিনিময় হাৰৰ গতিশীলতাক সুচল ৰাখিবলৈ প্রচেষ্টা লয়। এনে বহ্যৱস্থাৰ বাবে চৰকাৰী লেনদেনবোৰ শূন্যৰ সমান নহয়।

32. স্বর্ণমান ব্যৱস্থাত কিদৰে বিনিময় হাৰ নিৰ্ধাৰণ হয়?
উত্তৰঃ- 1870 চনৰ পৰা 1914 চনলৈ পৃথিৱীত বিনিময় হাৰ পদ্ধতি হিচাপে স্বর্ণমান পদ্ধতি প্রচলিত আছিল। স্বর্ণমান ব্যৱস্থা এক স্থিৰ বিনিময় হাৰ পদ্ধতি। এই ব্যৱস্থাত সকলোবোৰ দেশৰ মুদ্ৰাৰ মূল্য সোণৰ মানত প্ৰকাশ কৰা হয়। ইয়াত অংশগ্ৰণকাৰী প্ৰতিখন দেশে নিজ নিজ দেশৰ মুদ্রা এক স্থিৰ মূল্যত সোণৰ মানত ৰূপান্তৰ কৰাত নিষিদ্ধ প্রদান কৰিছিল। বৈদেশিক বাণিজ্যত অংশগ্রহণ কৰা দেশসমূহৰ মুদ্রা সোণৰ হ'ব পাৰে বা অন্য ধাতুৰ হ'লেও ইয়াক সোণলৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা থাকে। এই ব্যৱস্থাত বিনিময় হাৰৰ স্থিৰতা ৰক্ষা হৈছিল। দুয়োখন বিশ্ব মহাসমৰৰ অন্তৱৰ্তীৰ কালত আন্তর্জাতিক বাণিজ্যৰ ক্ষেত্ৰত অস্থিৰতা আৰু অনিশ্চয়তাই দেখা দিছিল। ফলত স্বর্ণমান ব্যৱস্থা অচল হৈ পৰিছিল আৰু মুদ্রাস্ফীতিয়ে দেখা দিছিল।

33. পৰিৱৰ্তনশীল বিনিময় হাৰ নিৰ্ধাৰণত ফটকা ব্যৱসায়ৰ ভূমিকা ব্যাখ্যা কৰা।
উত্তৰঃ- বৈদেশিক বিনিময় হাৰৰ পৰিৱৰ্তনশীলতা ফটকা ব্যৱসায়ৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ বৈদেশিক মুদ্ৰাৰ মূল্য বৃদ্ধি হ'লে ইয়াৰ ফলত অধিক লাভৰ আশাত মানুহে সেই মুদ্রা অধিক পাবলৈ বিচাৰে। ফলত বৈদেশিক মুদ্ৰাৰ চাহিদা দেশত বৃদ্ধি পায়। উদাহৰণস্বৰূপে টকাৰ তুলনাত ডলাৰৰ মূল্য বৃদ্ধি হ'বলৈ ধৰিলে মানুহে ডলাৰ জমা ৰাখিবলৈ ইচ্ছা কৰিব। এনে প্রত্যাশাত ডলাৰৰ চাহিদা বৃদ্ধি কৰিব। ডলাৰৰ এনে বৰ্দ্ধিত চাহিদাই টকা আৰু ডলাৰৰ বিনিময় হাৰ বৃদ্ধিৰ অন্যতম কাৰণ হিচাপে বিবেচিত হয়। এনেদৰে ফটকা ব্যৱসায়ীসকলে ভৱিষ্যতে অধিক লাভৰ আশাত প্রচলিত কোনো বিশেষ মুদ্ৰাৰ চাহিদা বৃদ্ধি কৰে। এইদৰে কোনো বিশেষ মুদ্ৰাৰ চাহিদা বৃদ্ধিৰ ফলত সেই মুদ্ৰা আৰু অন্য দেশৰ মুদ্ৰাৰ মাজৰ বৈদেশিক বিনিময় হাৰৰ পৰিৱৰ্তন হয় আৰু এই ক্ষেত্ৰত চাহিদাই বিশেষ গুৰুত্ব লাভ কৰে।


24. পৰিশোধৰ সমতা আৰু বাণিজ্যৰ সমতাৰ দুটা পার্থক্য লিখা।    HS-2020, 2022 

উত্তৰঃ- পৰিশোধৰ সমতা আৰু বাণিজ্যসমতাৰ দুটা পার্থক্য হৈছে- 

(১) লেনদেন পৰিশোধ সমতা হ'ল এখন দেশৰ লগত বিশ্বৰ আন আন দেশসমূহৰ লেনদেন বাণিজ্যৰ এক প্রণালীবদ্ধ হিচাপ। বাণিজ্যিক সমতা হ'ল এখন দেশৰ লগত বিশ্বৰ অন্যান্য দেশসমূহৰ আমদানী-ৰপ্তানীৰ এক প্রণালীবদ্ধ হিচাপ। 

(২) পৰিশোধ সমতাত সকলোধৰণৰ দৃশ্যমান আৰু অদৃশমান সামগ্রী সামৰি লোৱা হয়। আনহাতে বাণিজ্যিক সমতাত দ্রব্য সামগ্ৰীসমূহৰ ওজন, অৱস্থা আদিও জানিব লাগিব।


 Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »