-->

ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । Indian Economy (1950-1990)

ভাৰতীয় অর্থব্যৱস্থা (১৯৫০-১৯৯০) 
 Indian Economy (1950-1990)


1. কোন চনত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল? 

উত্তৰঃ- ১৯৫০ চনত।


2. ভাৰতবৰ্ষৰ পৰিকল্পনাৰ নির্মাতা কোন? 

উত্তৰঃ- প্রশান্ত চন্দ্র মহলানবিচ। 


3. মহলানবিচে প্ৰকাশ কৰা মুখপত্ৰখনৰ নাম কি? 

উত্তৰঃ- সংখ্যা।


4. কোন চনত নতুন অর্থনৈতিক নীতি প্রচলন কৰা হয়? 

উত্তৰঃ- ১৯৯১ চনত।


5. ভাৰতবৰ্ষত কোন চনত প্ৰথম ঔদ্যোগিক নীতি আৰম্ভ কৰা হয়?

উত্তৰঃ- ১৯৪৮ চনত। 


6. ভাৰতবৰ্ষৰ পৰিকল্পনাৰ কাৰ্যকাল কিমান বছৰ? 

উত্তৰঃ- পাঁচ বছৰ। 


7. জৱাহৰলাল নেহৰুক অধিক আকর্ষিত কৰা অর্থনৈতিক পদ্ধতিটো কি আছিল?

উত্তৰঃ- সমাজবাদ।


8. কি পৰিকল্পনাই পৰিপ্ৰেক্ষাত্মক পৰিকল্পনাৰ ভেটি ৰচনা কৰে?

উত্তৰঃ- পঞ্চবার্ষিক পৰিকল্পনাই।


9. পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? 

উত্তৰঃ- ভাৰতৰ প্ৰধান মন্ত্রী।


10. ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ (National Development Council) কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ- ১৯৫৯ চনত। 


11. 'People Plan' কোনে গঠন কৰিছিল? 

উত্তৰঃ- এম. এন. ৰয়।


12. 'স্বাধীনতাৰ পাছত ভাৰতবৰ্ষই পুঁজিবাদ আৰু সমাজবাদৰ উৎকৃষ্ট বৈশিষ্ট্যসমূহক সামৰা এটা অর্থনৈতিক ব্যৱস্থাৰ পট অংকন কৰিছিল।' -এই অর্থনৈতিক ব্যৱস্থাটো কি? 

উত্তৰঃ- মিশ্র অর্থ ব্যৱস্থা।


13. ভাৰতৰ পাঁচবিধ ৰপ্তানিজাত সামগ্ৰীৰ নাম উল্লেখ কৰা।

উত্তৰঃ- ভাৰতৰ চাৰিবিধ ৰপ্তানিজাত সামগ্ৰীৰ নাম হ'ল— চাহ, কফি, মৰাপাট, কপাহী সূতা।


14. লো আৰু তীখাৰ প্রকল্প থকা দুখন ঠাইৰ নাম উল্লেখ কৰা। 

উত্তৰঃ- (১) জামছেদপুৰ (২) কলিকতা।


15. নিটি আয়োগ কেতিয়া গঠন কৰা হয়? HS-2022 নিটি আয়োগৰ অধ্যক্ষ কোন? 

উত্তৰঃ- নিটি আয়োগ ২০১৫ চনত গঠন কৰা হৈছিল। 

নিটি আয়োগৰ অধ্যক্ষ হ'ল দেশ প্ৰধানমন্ত্ৰী।


16. বর্তমান বিশ্বত প্রচলিত তিনিটা অর্থনৈতিক ব্যবস্থা কি কি? 

উত্তৰঃ- বর্তমান বিশ্বত প্রচলিত তিনিটা অর্থনৈতিক ব্যৱস্থা হ'ল- পুঁজিবাদ, সমাজবাদ আৰু মিশ্র অর্থনৈতিক ব্যৱস্থা।


17. অৰ্থনৈতিক পৰিকল্পনা কি? ভাৰতৰ 'প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা'ৰ সময়ছোৱা উল্লেখ কৰা। 

উত্তৰঃ- এটা নির্ধাৰিত সময়ত কিছুমান সুনির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে এক কেন্দ্ৰীয় কর্তৃপক্ষ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদর্শনকেই অর্থনৈতিক পৰিকল্পনা বুলি কোৱা হয়। ১৯৫০ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী অধ্যক্ষ হিচাপে লৈ পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল তেতিয়াৰ পৰা পঞ্চবার্ষিক পৰিকল্পনাৰ অধ্যায় সূচনা হয়।

ভাৰতৰ 'প্ৰথম পঞ্চর্ষিক পৰিকল্পনা'ৰ সময়ছোৱা হ'ল ১৯৫১ চনৰ ১ এপ্ৰিলৰ পৰা ১৯৫৬ চনৰ ৩১ মার্চলৈ। 


18. শুদ্ৰ উদ্যোগ বুললে কি বজা? 

উত্তৰঃ- যিবোৰ উদ্যোগে তেওঁলোকৰ প্ৰব্যসমূহ সৰু সৰু উদ্যোগত উৎপাদন কৰাৰ পাছত যথাস্থানত বিতৰণ কৰে তেনে উৎপাদনকাৰী গোটসমূহক ক্ষুদ্ৰ উদ্যোগ বোলে। এনে উদ্যোগে সর্বোচ্চ ১ কোটি টকালৈকে বিনিয়োগ কৰিব পাৰে। যেনে-- বেফাৰী, ফ'টগ্ৰাফী, বিউটি পালাৰ ইত্যাদি। 


19. ফোন চনত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল? পৰিকল্পনা আয়োগৰ অধক্ষে কোন? 

উত্তৰঃ- ১৯৫০ চনত গঠন কৰা হৈছিল।

পৰিকল্পনা আয়োগৰ অধ্যক্ষ ভাৰতৰ প্ৰধান মন্ত্ৰী। 


20. বিস্ময়কৰ বীজ কি?

উত্তৰঃ- ধান আৰু ঘেঁহুৰ উচ্চ উৎপাদনক্ষম বীজক বিস্ময়কৰ বীজ বোলা হয়। সেউজ বিপ্লৱৰ সময়ত এনে বীজ ব্যৱহাৰ কৰা হৈছিল।


21. ভাৰতবৰ্ষই কিয় পৰিকল্পনা হাতত লৈছিল? 

উত্তৰঃ- ভাৰতীয় অর্থনীতিত দ্ৰুত উন্নয়নৰ দ্বাৰা ভাৰতীয়সকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ ভাৰতবৰ্ষই পৰিকল্পনা হাতত লৈছিল। 


22. সেউজ বিপ্লৱ কি? ভাৰতত কেতিয়া এই বিপ্লৱৰ সূচনা হয়।

উত্তৰঃ- আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষিখণ্ডৰ উৎপাদন বৃদ্ধি কৰাই হ'ল সেউজ বিপ্লৱ।

ভাৰতত ষাঠি দশকত এই বিপ্লৱৰ সূচনা হয়।


23. ভূমি সংস্কাৰ বুলিলে কি বুজা? 

উত্তৰঃ- প্ৰাচীন কালৰ পৰা চলি অহা ভূমি প্ৰথাৰ সংস্কাৰকে ভূমি সংস্কৰ বোলে। আমাৰ দেশতো সকলো কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু সকলো শ্ৰেণীৰ মানুহৰ সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে ভূমি সংস্কাৰৰ গুৰুত্ব উপলব্ধি কৰি স্বাধীনোত্তৰ কালৰে পৰা ভূমি সংস্কাৰ আইন প্ৰণয়ন কৰা হয়। 


24. ভাৰতীয় পৰিকল্পনাৰ নির্মাতা বুলি কাক কোৱা হয়? তেওঁ প্ৰকাশ কৰা মুখপত্ৰখনৰ নাম লিখা। 

উত্তৰঃ- মহলান বিশক ভাৰতীয় পৰিকল্পনাৰ নির্মাতা বুলি কোৱা হয়। 

তেওঁ প্ৰকাশ কৰা মুখপত্ৰখনৰ নাম হ'ল সংখ্যা। 


25. পৰিকল্পনাৰ কিয় লক্ষ্য থকা উচিত? 

উত্তৰঃ- নির্দিষ্ট সময়ত উপনীত হ'বলৈ পৰিকল্পনাৰ বিশেষ লক্ষ্য থকা উচিত। কিয়নো সীমিত সম্পদেৰে বিভিন্ন প্ৰয়োজন পূৰণ কৰাটো সম্ভৱ নহয়। সেয়েহে পৰিকল্পনাই আর্থিক উন্নয়ন বাবে প্ৰয়োজনীয় লক্ষ্য বাছি লয়। 


26. ৰাজ সাহার্য বুলিলে কি বুজা?

উত্তৰঃ- সাধাৰণ শ্ৰেণীৰ কৃষকসকলক অধিক উৎপাদনক্ষম বীজ, নতুন প্ৰযুক্তি বিদ্যা গ্ৰহণৰ জৰিয়তে উৎপাদনৰ উপাদান ক্ষমতা বৃদ্ধি কৰিবলৈ তেওঁলোকে ক্ৰয় কৰিব বিচৰা বস্তু বা সেৱাত চৰকাৰে যিটো অংশ সাহার্য হিচাপে প্ৰদান কৰে তাকে ৰাজ সাহার্য বোলে। 


27. মুঠ দেশীয় উৎপাদন বুলিলে কি বুজা?

উত্তৰঃ- এটা নির্দিষ্ট অর্থনৈতিক বছৰত দেশ এখনত উৎপাদিত হোৱা সকলো সামগ্ৰী আৰু সেৱাৰ বজাৰ মূল্যকেই 'মুঠ দেশীয় উৎপাদন' বুলি কোৱা হয়। 


28. বর্তমান বিশ্বত প্ৰচলিত তিনিবিধ অর্থনৈতিক ব্যৱস্থা কি কি?

উত্তৰঃ- (১) পুঁজিবাদী অর্থনৈতিক ব্যৱস্থা 

(২) সমাজবাদী অর্থনৈতিক ব্যৱস্থা আৰু 

(৩) মিশ্ৰ অর্থনৈতিক ব্যৱস্থা। 


29. কোন চনত মহলান বিশক ব্ৰিটিছ ৰয়েল ছ'চাইটিৰ সদস্য কৰা হৈছিল? 

উত্তৰঃ- ১৯৪৬ চনত মহলানবিশক ব্ৰিটিছ ৰয়েল ছ'চাইটিৰ সদস্য কৰা হৈছিল। 


30. উদ্যোগিক নীতি কি? কোন চনত ভাৰতত নতুন (অর্থনীতি) উদ্যোগিক নীতি প্ৰচলন কৰা হয়? 

উত্তৰঃ- দেশ এখনৰ উন্নয়নৰ লগত জড়িত সকলো কাম আৰু নীতি-নিয়মক উদ্যোগিক নীতি বুলি কোৱা হয়।

১৯৯১ চনত ভাৰতত নতুন উদ্যোগিকনীতি প্ৰচলন কৰা হয়। 


31. কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত কি আয়োগ গঠন কৰিছে? NITI আয়োগৰ সদস্যসকল কোন কোন? 

উত্তৰঃ- কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত NITI আয়োগ গঠন কৰিছে। NITI আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। আয়োগৰ অন্যান্য সদস্যসকল হ'ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল, ৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য কার্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল। 


32. ভাৰতবৰ্ষৰ পৰিকল্পনাৰ উদ্দেশ্যসমূহ আলোচনা কৰা। HS-2022 

উত্তৰঃ- ভাৰতীয় পৰিকল্পনাৰ উদ্দেশ্যসমূহ তলত আলোচনা কৰা হ'ল- (ক) আর্থিক উন্নয়নঃ- প্ৰতিটো পঞ্চবার্ষিক পৰিকল্পনাৰ আন আন উদ্দেশ্যৰ লগত অর্থনৈতিক উন্নয়নত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। অর্থনৈতিক উন্নয়নে যাতে স্বয়ংক্ৰিয়ভাৱে আয় বিতৰণৰ সমতা ৰক্ষাত সহায় কৰে তাৰ বাবে উন্নয়নৰ স্বার্থ পূৰণ হোৱাকৈ পৰিকল্পনাৰ জৰিয়তে সম্পদৰ সঞ্চালন কৰা হয় আৰু কার্যকাৰিতা মূল্যায়ন কৰা হয়।

(খ) আত্মনিৰ্ভৰশীলতাঃ- যিবোৰ বিষয়ত ভাৰতবৰ্ষ বিদেশৰ ওপৰত নিৰ্ভৰ কৰি থাকিবলগীয়া হয়, যেনে- খাদ্য-শস্য, মূলধানিক সা-সৰঞ্জাম, বিনিয়োজিত পূঁজি, মূল্যবান বস্তুৰ আমদানী, এইবোৰ দিশত দেশখন যাতে স্ব-নিৰ্ভৰশীল ৰূপে গঢ়ি তুলিব পাৰি তাৰ বাবে পৰিকল্পনা আয়োগে গুৰুত্ব দিয়ে।

(গ) নিবনুৱা দূৰীকৰণঃ- ভাৰতৰ এটা মূলসমস্যা হৈছে নিবনুৱা সমস্যা। এই সমস্যা হ্ৰাস কৰিবৰ বাবে প্ৰতিখন পৰিকল্পনাত নতুন নতুন আঁচনি সংযোজিত কৰি নিয়োগৰ পৰিমাণ বৃদ্ধি কৰাটোও এটা পৰিকল্পনা আয়োগৰ আন এটা উদ্দেশ্য।

(ঘ) দৰিদ্ৰতা দূৰীকৰণঃ- ভাৰতৰ আন এটা মৌলিক সমস্যা দৰিদ্ৰতা সমস্যা সমাধানৰ বাবে পঞ্চম পঞ্চবার্ষিক পৰিকল্পনাখনে এক উদ্দেশ্য হিচাপে গ্ৰহণ কৰিছিল৷ এনেদৰে দৰিদ্ৰতা দূৰীকৰণৰ বাবে বিভিন্ন আঁচনি প্ৰয়োগেৰে দৰিদ্ৰতা দূৰীকৰণৰ লক্ষ বান্ধি লৈছিল।

এইবোৰৰ উপৰিও এই পৰিকল্পনাই আয় বিতৰণৰ অসমতা, প্ৰযুক্তি বিজ্ঞানৰ আধুনিকীকৰণতো গুৰুত্ব দিছিল।  


33. ভাৰতৰ অর্থনৈতিক উন্নয়নত কুটীৰ আৰু ক্ষুদ্ৰ উদ্যোগৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ- ভাৰতৰ আর্থিক উন্নয়নত কুটীৰ আৰু ক্ষুদ্ৰ উদ্যোগে এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আহিছে। দেশৰ চুকে-কোণে অৱস্থিত এনে উদ্যোগে আমাৰ দেশৰ মুঠ শিল্পজাত বস্তুৰ এক বুজন অংশ উৎপাদন কৰে। আমাৰ এই উদ্যোগ খণ্ডৰ পৰা উৎপাদিত হোৱা প্ৰায় ৫০ ভাগ বস্তু আহে কুটীৰ ও ক্ষুদ্ৰ শিল্পসমূহৰ পৰা। কুটীৰ শিল্পসমূহে আমাৰ গাঁৱলীয়া ৰাইজৰ এক উপার্জনৰ বাট মুকলি কৰি আহিছে। ভাৰতত কৃষিকার্য মাত্ৰ কেইটামান মাহতহে চলে। আজৰি সময়খিনিত কৃষকসকলে ঘৰতে বহি নানা ধৰণৰ বস্তু তৈয়াৰ কৰি মুঠ উপাৰ্জনৰ পৰিমাণ বৃদ্ধি কৰে। কুটীৰ শিল্প মাটিহীন বা উপান্ত কৃষকৰো আর্থিক অৱস্থা টনকিয়াল কৰাত সহায়ক হৈ উঠে। পৰিসংখ্যাৰ পৰা দেখা গৈছে যে বৃহৎ উদ্যোগৰ তুলনাত ক্ষুদ্ৰশিল্পই অধিক নিয়োগৰ পৰিমাণ সৃষ্টি কৰে। ভাৰতৰ দৰে কম মূলধনৰ দেশ এখনত শ্ৰমিকত চহকী হোৱাৰ বাবে কুটীৰ শিল্পৰ বিকাশ ও বৃদ্ধিৰ জৰিয়তে দেশখনৰ আর্থিক উন্নয়নত যথেষ্ট সহায়ক হয়। বৃহৎ উদ্যোগৰ মালিকীস্বত্ব দুই চাৰিজন ব্যক্তিৰ ওচৰত থকাৰ বিপৰীতে কুটীৰ শিল্পসমুহৰ স্বত্ব হাজাৰজনৰ ওচৰত থাকে। যাৰ বাবে জাতীয় আয় আৰু সস্পদৰ এক ন্যায়সঙ্গত বিতৰণ হয়। কুটীৰ বা ক্ষুদ্ৰশিল্পৰ যোগেদি দেশৰ বিভিন্ন প্ৰান্তত থকা দক্ষ শ্ৰমিকসকলৰ দ্বাৰা অব্যৱহৃত সম্পদৰাজি ব্যৱহাৰৰ যোগেদি জাতীয় কার্যলৈ বৰঙণি দিয়াৰ লগতে নিয়োগৰ সুবিধা বৃদ্ধি, ৰপ্তানী বৃদ্ধিৰ দ্বাৰা দেশখনৰ উন্নতিত সহায়ক স্বৰূপ হয়। 


34. আমদানী বিকল্পকৰণে দেশীয় উদ্যোগসমূহক কিদৰে ৰক্ষণাবেক্ষণ দিব পাৰে? আলোচনা কৰা। 

উত্তৰঃ- আমদানী বিকল্পকৰণে ভাৰতৰ দৰে উন্নয়নশীল দেশৰ উদ্যোগৰ বিকাশ ও বৃদ্ধিত শক্তিশালী উদ্যোগৰ ভেটি গঢ়ি তোলাত সহায় কৰে। দ্ৰব্য সামগ্ৰীৰ ক্ষেত্ৰত দেশখনক স্ব-নিৰ্ভৰশীল হ'বলৈ শিকায়। এই প্ৰক্ৰিয়াই আভ্যন্তৰীণ বজাৰসমূহক সংৰক্ষিত কৰি ৰাখে আৰু ভাৰতীয় উদ্যোগজাতীয় সামগ্ৰীৰ বাবে বৃহৎ চাহিদাৰ সৃষ্টি কৰে। এইদৰে দ্রুতহাৰত উদ্যোগীকৰণ হৈ দেশত কর্মসংস্থান বৃদ্ধি হৈ নিবনুৱা সমস্যা দূৰ কৰে। দেশখনৰ স্ব-নিৰ্ভৰশীল কৰি তোলে দ্ৰব্য সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত। আয় আৰু সম্পদৰ মাজত থকা বিতৰণৰ বৈষম্য দূৰ কৰে। বৈদেশিক মুদ্ৰাৰ সঞ্চয় বৃদ্ধি হয়। সঞ্চয়ৰ যোগেদি অর্থনৈতিক বিকল্পমুখী উপাদানসমূহ যেনে- মূলধন সামগ্ৰী, আধুনিক প্ৰযুক্তিৰে আমদানী আৰু ৰপ্তানীও বৃদ্ধি কৰিব পৰা যায়। 


35. কৃষিখণ্ডত প্ৰৱৰ্তন কৰা ভূমি সংস্কাৰ ব্যৱস্থাৱলীৰ প্ৰয়োজনীয়তা উল্লেখ কৰা। 

উত্তৰঃ- কৃষিখণ্ডত ভূমি সংস্কাৰৰ প্ৰয়োজনীয়তা যথেষ্ট আছে। যিহেতু আমাৰ দেশত গৰিষ্ঠ জনসংখ্যাই গ্ৰাম্যাঞ্চলত বাস কৰে আৰু সকলোৱেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। গতিকে ভূমিসংস্কাৰ আঁচনিৰ কাৰ্যকৰী ব্যৱস্থাই গ্ৰাম্য জনসাধাৰণৰ মাজত আয় বিতৰণৰ বৈষম্য দূৰ কৰাত সহায় কৰিব। ভূমিহীন আৰু যথেষ্ট পৰিমাণৰ কৃষি ভূমি নথকা পৰিয়ালক ভূমিৰ নিগাজি আৱণ্টন দিব লাগে। ইয়াৰ বাবে কৃষিভূমি দখলৰ উচ্চতম সীমা বান্ধি দিয়া উচিত।

কৃষিভূমি পুনৰ আৱণ্টনৰ বাদেও কৃষি উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অর্থাৎ কৃষিভূমি সংস্কাৰৰ সহযোগীকার্য সূচী হিচাপে কৃষিভূমি উন্নয়নৰ বিভিন্ন ব্যৱস্থা যেনে- সাৰৰ যোগান, বীজ, পানীৰ যোগাল, ভূমি সংৰক্ষশ ইত্যাদিৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কৃষকক উপযুক্ত ঋণৰ যোগান, কৃষিজাত দ্ৰব্যৰ মজুতৰ সুবন্দৱস্তি, বজাৰ সম্প্ৰসাৰণ ইত্যাদিৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিত সহায় কৰিব লাগে। 


36. পৰিকল্পনাৰ সময়ত উদ্যোগিক উন্নয়নৰ বাবে ৰাজহুৱা খওক কিয় অগ্ৰণী ভূমিকা প্ৰদান কৰা হৈছে। 

উত্তৰঃ- ভাৰতবর্ষ যিহেতু এখন কৃষিপ্ৰধান দেশ হোৱাৰ লগতে এই দেশখন বনজ, খনি, মীন, তথা মানৱ সম্পদেৰে ভৰপুৰ। এই সম্পদসমূহক কেন্দ্ৰ কৰি উদ্যোগ আদি স্থাপনেৰে দেশৰ আর্থিক উন্নয়নৰ লগতে উদ্যোগিক উন্নয়ন হ'বলৈ হ'লে ৰাজহুৱা খণ্ডৰ এক অগ্ৰণী ভূমিকা আছে। এনে ধৰণৰ উদ্যোগে দেশৰ কৃষি, বনজ ও খনিজ সামগ্ৰীৰ উদ্‌ঘাটনত এক যথোচিত ব্যৱহাৰৰ প্ৰতিযোগিতা সৃষ্টিৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰাব পাৰে। ভাৰতীয় উদ্যোগত উৎপাদীত দ্ৰব্যসমূহ বিদেশলৈ ৰপ্তানী কৰি বৈদেশিক মুদ্ৰাৰ ভৰাল টনকিয়াল কৰিব পাৰে। উদ্যোগিক উন্নয়নে দেশখনত কর্মসংস্থাপন সৃষ্টিৰে নিবনুৱা সমস্যা সমাধানত সহায় কৰিব পাৰে। বিভিন্ন উদ্যোগৰ মাজত প্ৰতিযোগিতা বৃদ্ধি হয় যাৰ বাবে দেশীয় জনগণে নিম্নদামত দ্ৰব্য ক্ৰয়ৰ যোগেদি নিজৰ মানদণ্ড উন্নীত কৰিব পাৰে। দেশৰ কল্যাণ বৃদ্ধিৰ বাবে ৰাজহুৱা খণ্ডৰ অতি প্ৰয়োজন। 


37. কৃষিক্ষেত্ৰত প্ৰৱৰ্তন কৰা সেউজবিপ্লৱৰ ত্রুটিসমূহ উল্লেখ কৰা। HS-2022 

উত্তৰঃ- কৃষিক্ষেত্ৰত প্ৰৱৰ্তন কৰা সেউজবিপ্লৱৰ ত্রুটিসমূহ তলত উল্লেখ কৰা হ'ল—

(১) কৃষিৰ ব্যৱহাৰৰ ধৰণ সলনি হোৱাৰ বাবে আৰু এডোখৰ ভূমিতে বছৰি দুই তিনিবাৰ খেতি কৰা বাবে ভূমিৰ গুণা-গুণ অৱনমিত হৈছে। ভূমিৰ গুণাগুণ কমি যোৱাত ৰাসায়নিক সাৰৰ ব্যৱহাৰেও অৰিহণা যোগাইছে। কীটনাশক, অপতৃণনাশক ইত্যাদিৰ ব্যৱহাৰে ভূমিৰ জৈৱিক গুণ ম্লান কৰিছে। 

(২) সেউজ বিপ্লৱে জৈৱবৈচিত্র্যত ভাবুকি আনিছে। বহু কীট পতঙ্গ আৰু ইয়াক ৰক্ষা কৰি জীয়াই থকা চৰাই চিৰিকটিৰ অৱলুপ্তি হৈছে। লগতে এই কীটনাশকে জল প্ৰদূষণৰৰ সুচনা কৰিছে। 

(৩) ব্যাপক হাৰত জনসিঞ্চনৰ ব্যৱহাৰে অঞ্চল বিশেষত ভু-গৰ্ভত থকা খনিজ লৱণ পৃষ্ঠভাগলৈ উঠি অহাত সহায় কৰিছে আৰু ই ভূমিৰ গুণাগুণ অৱনমিত কৰিছে। 

(৪) সেউজ বিপ্লৱৰ সুবিধা সকলোকৃষকে সমানে ল'ব পৰা নাই। আধুনিক খৰছী কৃষি পদ্ধতি অৱলম্বন কৰিব পাৰিছে মাথো বৃহৎ কৃষিপামৰ মালিকসকলে। কৃষি পদ্ধতিৰ যান্ত্ৰিকীকৰণে নিবনুৱা সমস্যা বৃদ্ধি কৰিছে। ই গাঁৱৰ পৰা নগৰলৈ দৰিদ্ৰলোকৰ প্ৰৱর্জন বৃদ্ধি কৰি নগৰত বক্তি অঞ্চলৰ সম্প্ৰসাৰণ কৰি নতুন নতুন সমস্যাৰ সৃষ্টি কৰিছে।


38. ভাৰতৰ উদ্যোগিক নীতিৰ প্ৰতিবন্ধকতাসমূহ আলোচনা কৰা। 

উত্তৰঃ- উদ্যোগিক উন্নয়নত বাধা আৰোপ কৰা কাৰকসমূহৰ সাধাৰণতে অর্থনৈতিক, সামাজিক, জনসাংখ্যিক, প্ৰশাসনিক আৰু আন্তর্জাতিক এই কেইটা ভাগত ভগাব পাৰি। তথাপি মূল বাধাসমূহ তলত উল্লেখ কৰা হ'ল-

(১) ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনৰ উদ্যোগৰ সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় মূলধনৰ নাটনি। 

(২) যাতায়ত যোগাযোগ, শক্তি আৰু পৰিবহণৰ নিম্ন সুবিধা। 

(৩) মানৱ সম্পদত চহকী হ'লেও সুদক্ষ শ্ৰমিকৰ অভাৱ।

(৪) ভাৰতীয় সমাজত থকা কিছুমান পৰম্পৰা, ৰীতি-নীতি, যৌথ পৰিয়াল ব্যৱস্থা, ভাষা, ধর্মীয় কার্য কলাপ আদিও অর্থনৈতিক উন্নয়নত হেঙাৰ হয়। 

(৫) দ্রুতহাৰত জনসংখ্যা বৃদ্ধি তথা অত্যধিক জনসংখ্যাৰ হেঁচা উন্নয়নৰ আন এটা প্ৰধান বাধা। 

(৬) ভূমিৰ ওপৰত অত্যধিক হেঁচা। ছদ্মবেশী নিবনুৱা আদিৰ বাবে কৃষিৰ উৎপাদনক্ষমতা কমি উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ যোগান ধৰিব নোৱাৰে। যাৰ বাবে উদ্যোগৰ উৎপাদন যথোচিত নহয়। 

(৭) ভাৰতৰ দৰে অনুন্নত দেশখনত ৰাজনৈতিক, প্ৰশাসনিক আদি ব্যৱস্থাসমূহ অতিকৈ দুর্বল আৰু দুর্নীতিপৰায়ণ হোৱাৰ বাবে ই উদ্যোগৰ বিকাশৰ পৰিপন্থী হৈ পৰে। 

(৮) ভাৰতীয় অর্থনীতিত মুদ্ৰা, মূলধন, উৎপাদন কৌশল ইত্যাদিসমূহ দুর্বল। আনহাতে আমদানীৰ পৰিৱৰ্তে ৰপ্তানিৰ পৰিমাণ বৃদ্ধি সন্তোষজনক নহয়। 


39. ভাৰতৰ কৃষিখণ্ডই সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা। 

উত্তৰঃ- ভাৰতৰ কৃষিখণ্ডৰ সমস্যাসমূহ সমাধানৰ পৰামৰ্শৱলী— 

(১) ভূমি সংস্কাৰ আঁচনিক অধিক কার্যক্ষম ৰূপত ৰূপায়ণ কৰিব লাগে যাতে প্ৰকৃত কৃষকে কৃষিভূমিৰ মালিকীস্বত্ব লাভ কৰে। 

(২) কৃষকসলক উৎসাহিত কৰিব পৰাকৈ পৰিবহণ, যোগাযোগ, মজুত আৰু বিপণনৰ ব্যৱস্থা উন্নত কৰিব লাগিব। 

(৩) দৰিদ্ৰ কৃষকক সামৰি ল'ব পৰাকৈ আনুষ্ঠানিক ঋণ ব্যৱস্থা উন্নত কৰিব লাগিব। 

(8) ভূমিৰ ক্ষয়ীকৰণ প্ৰক্ৰিয়া আৰু পাৰিপাৰ্শ্বিক অৱনতি ৰোধ হোৱাকৈ বাগিছা ভিত্তিক খেতিৰ বাবে চৰকাৰে অনুপ্ৰেৰণাদায়ক আঁচনি গ্ৰহণ কৰিব লাগিব। 

(৫) সম্ভাব্য সকলো প্ৰকাৰৰ কৃষিভূমিলৈ জলসিঞ্চনৰ সুবিধাৰ সম্প্ৰসাৰণ ঘটাব লাগিব। 

(৬) আধুনিক পদ্ধতিত কৃষিকার্য সম্পাদন, মজুতকৰণ ইত্যাদিৰ বিষয়ে প্ৰশিক্ষণ স্থাপনেৰে প্ৰশিক্ষণ দিব লাগিব। 

(৭) কৃষকসকলৰ মনৰ পৰা ৰক্ষণশীল মনোভাৱ নাইকীয়া কৰিবলৈ প্ৰদর্শনীমূলক কৃষিপামসমূহ অধিক শক্তিশালী আৰু আকর্ষণীয় কৰি তুলিব লাগিব। 


40. ভাৰতৰ কৃষিব্যৱস্থাই সন্মুখীন হোৱা সমস্যাসমূহ আলোচনা কৰা। 

উত্তৰঃ- ভাৰতবর্ষ উন্নয়নশীল আৰু কৃষিপ্ৰধান দেশ হ'লেও কৃষিখণ্ডৰ বিকাশ ফলপ্ৰসু নহয়। আমাৰ দেশৰ কৃষি ব্যৱস্থাৰ প্ৰধান সমস্যাসমূহ তলত উল্লেখ কৰা হৈছে— 

(১) দেশখনৰ অধিকাংশ কৃষকেই দৰিদ্ৰ, অশিক্ষিত আৰু অদক্ষ হোৱাৰ বাবে তেওঁলোকে পুৰণিকলীয়া, পৰম্পৰাগত কৃষি পদ্ধতি ব্যৱহাৰেৰে কৃষি উৎপাদন বৃদ্ধি হোৱাত সহায় কৰিব নোৱাৰে। 

(২) কৃষিভূমি খণ্ডিত কৰণেও কৃষিৰ উৎপাদিকা শক্তি হ্ৰাস কৰিছে। 

(৩) কৃষিখণ্ডত অত্যধিক জনসংখ্যাৰ চাপঃ- দেশখনত কৃষি ভূমিৰ আকাৰ নির্দিষ্ট থকা অৱস্থাত দ্রুতগতিৰে বৃদ্ধি হোৱা বর্ধিত জনসংখ্যাই কৃষিৰ উৎপাদনত ব্যাঘাত জন্মাইছে।

(৪) দেশৰ ভূমি বিতৰণ ব্যৱস্থাটোও অনুৎপাদনমূলক। প্ৰকৃত কষকে মাটিৰ মালিকীস্বত্ব লাভ নকৰে বাবে স্বাভাৱিকতে তেওঁলোকৰ ভূমি সংৰক্ষণ, উন্নয়ন তথা কৃষিকৰ্মৰ প্ৰতি আগ্ৰহ কমি গৈ উৎপাদনত বিৰূপ প্ৰভাৱ পৰে।

(৫) দৰিদ্ৰ কৃষকসকলে সততে ঋণৰ ওপৰত আশ্ৰয় ল'ব লগা হয় যদিও আমাৰ দেশত পর্যাপ্ত ঋণৰ সুবিধা নথকাত

গ্ৰাম্য মহাজনৰ আশ্ৰয় ল'ব লগীয়া হয়। যাৰ বাবে কৃষকসকলৰ উপার্জিত ধন মহাজনক ঋণ মাৰোতই শেষ হয়। 

(৬) সমাজত চলি থকা পৰম্পৰাগত ৰীতিনীতি কু-সংস্কাৰ, ধর্মীয় ব্যৱস্থা ইত্যাদিবোৰো কৃষিৰ আন এক সমস্যা। 


41. ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল উদ্দেশ্য উল্লেখ কৰা। 

উত্তৰঃ- ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল উদ্দেশ্য হ'ল—

(১) দেশৰ অর্থনৈতিক উন্নয়নৰ হাৰ দ্রুত কৰা। 

(২) আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। 

(৩) আত্মনিৰ্ভৰশীলতা অর্জন কৰা। 


42. ১৯৯১ চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা উদ্যোগিক নীতি আলোচনা কৰা। 

উত্তৰঃ- ১৯৯১ চনৰ ঔদ্যোগিক নীতিক ভাৰতৰ ঔদ্যোগিক বাণিজ্যিক নীতিৰ আধাৰ হিচাপে গণ্য কৰা হৈছিল। এই নীতিমতে কিছুমান উদ্যোগৰ প্ৰতিষ্ঠা, উন্নয়ন আৰু সম্প্ৰসাৰণৰ দায়িত্ব অর্পণ কৰা হৈছিল কেৱল চৰকাৰীখণ্ডত, কিছুমান ব্যক্তিগত খণ্ডত এৰি দিয়া হৈছিল। নতুনকৈ উদ্যোগ স্থাপন কৰিবলৈ ব্যক্তিগত উদ্যোক্তাই চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰিব লাগিছিল। এই নীতিত এক মুক্ত আৰু উদাৰ ব্যৱস্থা প্ৰথাৰে উদ্যোগখণ্ডক প্ৰতিযোগী আৰু শক্তিশালী কৰিবলৈ বিচৰা হৈছিল। এই উদ্যোগনীতিৰ প্ৰধান নীতিসমূহ হ'ল- 

(১) কেইটামান উদ্যোগৰ বাবে বাকী উদ্যোগৰ অনুজ্ঞাপত্ৰ বাতিল কৰা। (২) এক চেতীয়া ব্যৱসায় আৰু নিষেধমূলক বাণিজ্যিক কার্যকলাপ আইনৰ অধীনস্থ কোম্পানীসমূহৰ সম্পদৰ সীমাবদ্ধতা দূৰীকৰণ। 

(৩) সাধাৰণ অংশত (ইকুইটি) বৈদেশিক বিনিয়োগৰ মাত্ৰা ৪০ শতাংশৰ পৰা ৫১ শতাংশলৈ বৃদ্ধি কৰা। 

(৪) ঔদ্যোগিক বিকাশৰ পথত থকা সকলো প্ৰশাসনীয় অন্তৰায় দূৰ কৰা। 

(৫) ৮ টা প্ৰধান উদ্যোগৰ বাদে ৰাজহুৱাখণ্ডৰ ওপৰত নতুনকৈ দৃষ্টিপাত কৰা। 

(৬) ব্যক্তিগতখণ্ডৰ পৰিসৰ বৃদ্ধি কৰা। (৭) উচ্চ অগ্ৰাধিকাৰ খণ্ডত বিদেশী বিনিয়োগ বৃদ্ধি কৰিবলৈ নতুন উদ্যোগ নীতিও ব্যৱস্থা কৰা হৈছে।


43. ঔপনিবেশিক শাসনকালত ভাৰতবৰ্ষৰ কৃষি অর্থনীতিৰ স্থবিৰতাৰ মূল কাৰণবোৰ উল্লেখ কৰা।*

উত্তৰঃ- ঔপনিৱেশিক শাসনকালত ভাৰতবৰ্ষৰ কৃষি খণ্ডই স্থবিৰতাত ভুগিছিল আৰু প্রায় সঘনাই ইয়াৰ অৱনতি ঘটিছিল। ইয়াৰ প্ৰধান কাৰণবোৰ তলত উল্লেখ কৰা হ'ল—

(১) বেংগল প্রেছিডেন্সিয়ে প্রণয়ন কৰা জমিদাৰী ব্যৱস্থাত কৃষিখণ্ডৰপৰা সৃষ্টি হোৱা লাভ কৃষকৰ পৰিবৰ্তে জমিদাৰসকলৰ হাতলৈহে গৈছিল। 

(২) জমিদাৰসকলে কৃষিৰ উন্নতিৰ বাবে কোনো উদ্যোগ হাতত লোৱা নাছ্লি।

(৩) কৃষকসকলৰ অর্থনৈতিক অৱস্থাৰ সম্পর্কে কোনোধৰণৰ বিবেচনা কৰাকৈ তেওঁলোকৰ পৰা খাজনা আদায় কৰা হৈছিল।

(৪) নির্দিষ্ট দিনত খাজনা আদায় দিব নোৱাৰিলে জমিদাৰসকলে ভূমিৰ অধিকাৰ হেৰুৱাব লগা হৈছিল।

(৫) নিম্ন মানৰ প্রযুক্তি, জলসিঞ্চনৰ অভাৱ আৰু তাকৰীয়া পৰিমাণৰ সাৰ প্ৰযোগ আদিয়ে কৃষকসকলৰ অৱস্থাৰ, অধিক অৱনতি ঘটাইছিল আৰু কৃষিৰ উৎপাদনশীলতা অতি নিম্ন পর্যায়লৈ নমোৱাত অৰিহণা যোগাইছিল।

(৬) ইংৰাজসকলে তেওঁলোকৰ উদ্যোগত খটুবাব পৰা মুদ্রা উপার্জনমুখী শস্যহে ভাৰতীয় কৃষকৰ দ্বাৰা উৎপাদন কৰাইছিল।

(৭) দেশখনৰ এক বৃহৎ পৰিমাণৰ অতি সাৰুৱা আৰু জলসিঞ্চন ব্যৱস্থা থকা কৃষিভূমি পাকিস্তানৰ হাতলৈ যোৱাৰ ফলত ভাৰতবৰ্ষৰ কৃষিখণ্ডৰ উৎপাদনৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।


Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »