-->

ভাৰতত মানৱ মূলধন গঠন । Human Capital Formation in India

Human Capital Formation in India
ভাৰতত মানৱ মূলধন 


1. ভাৰতৰ স্বাক্ষৰতাৰ হাৰ কিমান?

উত্তৰঃ- ভাৰতৰ স্বাক্ষৰতাৰ হাৰ 2001 চনৰ লোকপিয়ল মতে 65.38 শতাংশ।


2. ভাৰতত গাঁৱৰপৰা চহৰলৈ হোৱা প্ৰব্ৰজনৰ অন্যতম কাৰণ কি? 

উত্তৰঃ- নিবনুৱা সমস্যা।


3. প্ৰব্ৰজনৰ বাবে হোৱা খৰচ মানৱ মূলধন গঠনৰ উৎস হয়নে? 

উত্তৰঃ- হয়। 


4. ১৯৬৪-৬৬ চনত শিক্ষা আয়োগৰ মতে মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ ব্যয় শিক্ষাখণ্ডত কৰিব লাগে? 

উত্তৰঃ- অতি কমে ৬ শতাংশ।


5. ২০০৪-২০০৫ চনৰ কেন্দ্রীয় বাজেটত সকলো কেন্দ্রীয় কৰৰ ওপৰত কিমান শতাংশ শিক্ষা উপকৰ নিৰ্ধাৰণ কৰা হৈছে?

উত্তৰঃ- ২ শতাংশ।


6. ২০০০ চনত প্রাপ্তবয়স্ক সাক্ষাৰতাৰ হাৰ (১৫ বছৰৰ ওপৰৰ ব্যক্তিৰ) কিমান?

উত্তৰঃ- ১১৩.৮ শতাংশ।


7. শিক্ষাৰ ক্ষেত্ৰত জনমূৰি ব্যয় সর্বোচ্চ হোৱা ঠাইখনৰ নাম কি? 

উত্তৰঃ- লাক্ষাদ্বীপত (৩৪৪০ টকা)। 


8. শিক্ষাৰ ক্ষেত্ৰত কোন ৰাজ্যত জনমূৰি ব্যয় সর্বনিম্ন?

উত্তৰঃ- বিহাৰত (৩৮৬ টকা)


9. কোন চনত ১৪ বছৰৰ তলৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰা হৈছে?

উত্তৰঃ- ২০০২ চনৰ ডিচেম্বৰ মাহত।


10. ভৌতিক মূলধন কি?

উত্তৰঃ- চকুৰে মনিব পৰা আৰু চুই চাব পৰা মূলধনকেই ভৌতিক মূলধন বোলে।


11. মানৱ মূলধন আৰু ভৌতিক মূলধনৰ মাজত থকা এটা সাদৃশ্য উল্লেখ কৰা। 

উত্তৰঃ- মানৱ মূলধন আৰু ভৌতিক মূলধন দুয়োবিধৰে সময়ৰ লগত অৱক্ষয় হয়। 


12. মানৱ মূলধন গঠনৰ উৎস কি কি?

উত্তৰঃ- শিক্ষা বৃত্তিত, প্রশিক্ষণত, স্বাস্থ্য, প্ৰব্ৰজন আৰু তথ্যত বিনিয়োগ মানৱ মূলধন গঠনৰ উৎস।


13. মানৱ মুলধন কি?

(নাইবা) মানৱ সম্পদ গঠনৰ মূল উৎস কি? HS-2022 

উত্তৰঃ- মানৱ মূলধন বুলিলে এখন দেশৰ মুঠ উৎপাদনক্ষম লোকসকলক বুজা যায়।

শিক্ষা, স্বাস্থ্য, প্রশিক্ষণ, প্ৰব্ৰজন, শ্রম বজাৰৰ তথ্য আদি মানৱ মূলধন গঠনৰ মুল উৎস। 


14. ভাৰতৰ মুঠ ব্যয়ৰ শিক্ষাৰ ওপৰত কৰা ব্যয়ৰ পৰিৱৰ্তনৰ তথ্য দাঙি ধৰা। 

উত্তৰঃ- 1952-2002 সময়ৰ ভিতৰত মুঠ ব্যয়ৰ ভিতৰত শিক্ষাৰ শিতানত 7.92 শতাংশৰ পৰা 13.7 শতাংশলৈকে বৃদ্ধি হৈছে। 


15. মানৱ মূলধনে কি বুজায়? 

উত্তৰঃ- মানৱ মূলধনে শ্ৰমৰ বর্ধিত উৎপাদনশীলতাক বুজায়, যি এক দক্ষতা আৰু ভৱিষ্যতৰ আয়ৰ উৎস বৃদ্ধিৰ প্রত্যাশাৰে ক্ৰা চিন্তাপ্রসু বিনিয়োগ সিদ্ধান্ত ফলাফল।


16. দেশ এখনৰ শৈক্ষিক সাফল্য নির্দেশকসমূহ কি কি? 

উত্তৰঃ- (ক) প্রাপ্তবয়স্ক সাক্ষৰতাৰ হাৰ 

(খ) প্রাথমিক শিক্ষা সমাপ্তিৰ হাৰ 

(গ) যুৱ সাক্ষৰতাৰ হাৰ।


17. ভাৰতবৰ্ষত শিক্ষা আহৰণৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য কিয় দেখা যায়? 

উত্তৰঃ- ভাৰতৰ ৰাজ্যসমূহৰ মাজত শিক্ষাৰ ক্ষেত্ৰত জনমূৰি ব্যয়ৰ যথেষ্ট পার্থক্য দেখা যায়। লাক্ষাদ্বীপত জনমূৰি শিক্ষা ব্যয় সর্বোচ্চ ৩৪৪০ টকা আৰু বিহাৰত এই হাৰ ৩৮৬ টাকা মাত্র। এই বাবেই ৰাজ্যসমূহৰ মাজত শিক্ষা আহৰণৰ ক্ষেত্ৰত পার্থক্য দেখা যায়। 


18. ভৌতিক মূলধনৰ চাৰিটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ- (১) ভৌতিক মূলধন অন্য সামগ্রী বিক্ৰী কৰাৰ দৰে বিক্ৰী কৰিব পাৰি। 

(২) ভৌতিক মূলধন চকুৰে মনিব আৰু চুই চাব পাৰি। 

(৩) ভৌতিক মূলধন ইয়াৰ গৰাকীৰ পৰা পৃথক কৰিব পাৰি। 

(৪) আমদানিৰ দ্বাৰা ভৌতিক মূলধন গঠন কৰিব পাৰি।


19. শিক্ষা আৰু স্বাস্থ্যখণ্ডক নিয়ন্ত্রণ কৰা দুটাকৈ চৰকাৰী প্রতিষ্ঠানৰ নাম উল্লেখ কৰা। 

উত্তৰঃ- শিক্ষাখণ্ডক নিয়ন্ত্রণ কৰা দুটা চৰকাৰী প্রতিষ্ঠান হ'ল-

(১) বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)। 

(২) ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদ (N.C.E.R.T.) 

স্বাস্থ্যখণ্ডক নিয়ন্ত্রণ কৰা দুটা চৰকাৰী প্রতিষ্ঠান হ'ল— 

(১) ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR) 

(২) স্বাস্থ্য মন্ত্রালয়। 


20. মানৱ মূলধনৰ চাৰিটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ- (১) মানৱ মূলধন মানুহৰ শৰীৰ আৰু মনৰ ভিতৰত গঠিত হয়। এই মূলধনক দুভাগত ভাগ কৰিব পাৰি। (ক) মানৱ মূলধন আৰু (খ) ভৌতিক মূলধন, মানৱ মূলধন দৃশ্যমান নহয়। কিন্তু ভৌতিক মূলধন দৃশ্যমান, ভৌতিক মূলধন মানৱ মূলধনৰ ভেটি।

(২) মানৱ মূলধন হ'ল মানৱ সম্পদৰ বিকাশ, ই হ'ল এক সচেতন বিনিয়োগৰ ফলশ্রুতি। 

(৩) মানৱ মূলধন বিভিন্ন দেশৰ মাজত চলমান নহয়। বিভিন্ন কাৰণ যেনে— জাতি, সংস্কৃতিৰ ভিন্নতাৰ বাবে ইয়াৰ চলমানতাও বাধা থাকে। 

(৪) মানৱ মূলধন গঠন হয় সামাজিক আৰু আর্থিক ব্যৱস্থাৰ প্ৰকৃতিৰ লগত সামঞ্জস্য থকা নীতি নিয়মৰ লগত। 

(৫) মানৱ মূলধন বজাৰত বিক্ৰী কৰা নহয়।


21. এজন ব্যক্তিৰ বাবে বৃত্তিগত প্রশিক্ষণ লোৱাৰ প্রয়োজন আছে নে? 

উত্তৰঃ- দেশ এখন উন্নয়নত সকলোধৰণৰ বৃত্তিধাৰী লোকৰ অৱদানৰ প্ৰয়োজন আছে। বিভিন্ন লোকে বিভিন্ন বৃত্তিৰে জীয়াই থাকে যেনে- শিক্ষক, উকীল, ডাক্টৰ, ইঞ্জিনিয়াৰ, ৰাজনীতিবিদ, অর্থনীতিবিদ, বৈজ্ঞানিক ইত্যাদি। এনে বিভিন্ন শ্ৰেণীৰ লোকসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত, প্রশিক্ষণেৰে দক্ষতাপূর্ণ কৰি তুলিলে তেওঁলোকৰ পৰা অধিক উৎপাদন বা লাভ পাব পাৰি। বৃত্তিগত শিক্ষাই নিজৰ নিজৰ বৃত্তিত মানৱ সম্পদসমূহক অধিক উৎপাদনমুখী কৰি তোলে। বৃত্তিগত শিক্ষা, প্রশিক্ষণে নতুন নতুন প্রযুক্তি আঁচনি সদ্য চালিতা বা ভৱিষ্যতে আহিবলগা পদ্ধতিসমূহৰ সম্ভেদ দিয়ে। বৃত্তিমূলক শিক্ষাই মানুহক কৰ্মৰ প্রতি অধিক সচেতন, শৃংখলাবদ্ধ কৰি তোলে। ইয়াৰ মাজৰ পৰাই বহুত লোক ওলাই আহি বিভিন্ন গৱেষণা, নতুন নতুন আৱিষ্কাৰ আৰু উদ্ভাৱনেৰে দেশখনক সহায় কৰে।


22. মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজৰ পার্থক্য সমূহ লিখা। 

উত্তৰঃ- (১) মানৱ মূলধন এটা ঠেক ধাৰণা। আনহাতে মানৱ উন্নয়নৰ ধাৰণাটো বহল অৰ্থত ব্যৱহাৰ কৰা হয় দুয়োটাৰ মাজত ওতঃপ্রোত সম্বন্ধ আছে।

(২) মানৱ মূলধন অবিহনে মানৱ উন্নয়ন সম্ভৱ নহয়। মানৱ মূলধন ব্যৱহাৰ কৰি উচ্চ-উৎপাদন কার্যৰে অর্থনৈতিক উন্নয়ন সাধিত হয়। মানুহৰ জনকল্যাণ বৃদ্ধিৰ বাবে মানৱৰ শিক্ষা, দক্ষতা, প্রশিক্ষণ, অভিজ্ঞতা, জনমূৰি আয় বৃদ্ধি, জীৱনৰ মানদণ্ড, জীয়াই থকাৰ প্রত্যাশা আদিত বৃদ্ধিৰ প্রচেষ্টা থাকিব লাগিব। 

(৩) মানৱ মূলধন হৈছে শিক্ষা, স্বাস্থ্য, প্রশিক্ষণ আদিত বিনিয়োগ বৃদ্ধিৰে মানৱৰ উৎপাদিকা শক্তি বৃদ্ধি কৰা। আনহাতে এই উৎপাদিকা শক্তিৰে মানৱৰ উন্নয়ন ঘটাই দেশৰ অর্থনৈতিক উন্নয়ন তথা জনকল্যাণ সাধন কৰিব পাৰি।

মানুহে যেতিয়া বেছিকৈ লিখিব পঢ়িব জানিব, আইন, প্রযুক্তি শিক্ষা পাব, উচ্চ প্রশিক্ষণ পাব তেতিয়া এই সকলৰ মাজৰ পৰাই ভাল গৱেষক, চিকিৎসক, সাহিত্যিক, ইঞ্জিনিয়াৰ আদিৰ দৰে মূল্যবান মানৱ সম্পদৰ সৃষ্টি হৈ দেশৰ অর্থনৈতিক উন্নয়ন দ্রুততৰ হ'ব। 


23. এটা জাতিৰ উন্নয়নৰ বাবে শিক্ষা এক গুৰুত্বপূর্ণ সমল হ'ব পাৰে নে? ব্যাখ্যা কৰা। 

উত্তৰঃ- (১) এখন দেশ বা এটা জাতিৰ উন্নয়নৰ বাবে শিক্ষাৰ গুৰুত্বপূর্ণ ভূমিকা আছে। এই মূলধনৰ প্রধান উপকৰণ হ'ল দক্ষতা বৃদ্ধি। শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰি উৎপাদনক্ষম শ্ৰমৰ যোগান বৃদ্ধিত সহায় কৰে। 

(২) শিক্ষাই বিভিন্ন বৃত্তি যেনে— শিক্ষক, বিদ্যালয়ৰ গৃহ নির্মাণ, পাঠ্যপুথি প্রকাশন আদিত নিবৃত্ত হোৱাত সহায় কৰে। 

(৩) চৰকাৰী বেচৰকাৰী সকলো বিভাগত খালী হোৱা কর্ম সংস্থাপন সমূহ পূৰ্ণ হোৱাত সহায় কৰে। 

(৪) মানুহৰ প্রগতিশীল মনোভাৱ গঢ়লৈ উঠাত শিক্ষাই সহায় কৰি মানুহৰ মনৰ পৰা অন্ধবিশ্বাস আঁতৰাই উৎপাদন প্রক্রিয়া ও জীৱন প্রক্রিয়া ফলপ্রসু কৰি তোলে আৰু জনসংখ্যা সমস্যা সমাধানত সহায় কৰে। 

(৫) নিৰক্ষৰতকৈ সাক্ষৰ সকলে অধিক আয় উৎপাদন কৰিব পাৰে। 

(৬) শিক্ষাই কাৰিকৰী কৌশলৰ প্রগতি। শিক্ষাই উন্নয়ন আৰু গৱেষণাৰ পথ মুকলি কৰে। গৱেষণাৰ জৰিয়তে প্রযুক্তি, চিকিৎসা, কাৰিকৰী দিশৰ জ্ঞান বৃদ্ধি হয়। 


24. ভাৰতবৰ্ষত শিক্ষা আহৰণৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য কিয় দেখা যায়? 

উত্তৰঃ- শিক্ষাৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য বুলিলে ইংৰাজ শাসনৰ পৰা আৰম্ভ কৰিয়েই এই বৈষম্যবোৰ হৈ আহিছে। ইয়াৰ বাদেও ভৌগোলিক অৱস্থিতি, পৰিৱেশ, জুনমূৰী আয় ও ব্যয়ৰ বিশাল পার্থক্য, স্বাস্থ্য সেৱাৰ সুবিধা, শিক্ষাৰ ক্ষেত্ৰত কৰা আন্তঃগাঁথনিমূলক ব্যয় আদিয়েও এনে বৈষম্যৰ সৃষ্টি কৰিছে। 

শিক্ষিত সমাজ অর্থনৈতিক উন্নয়নৰ ভেটিস্বৰূপ। প্রাথমিকৰ পৰা প্রাপ্তবয়স্কলৈ শিক্ষাৰ প্ৰসাৰত বৈষম্য আছে। দেশৰ উন্নয়নৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকৰেই অৱদান প্রয়োজনীয়। চৰকাৰে প্রাথমিক শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দি মাধ্যমিক শিক্ষাত কম গুৰুত্ব দিয়াটোও এটা বৈষম্য। স্ত্রী-শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ কিছুমান ৰাজ্যই কম গুৰুত্ব দিয়া বাবে প্রয়োজনীয় মানৱ মূলধনৰ অভাৱ হয়। চৰকাৰৰ এই বৈষম্য বিভিন্ন আঁচনিসমূহৰ গুৰুত্ব আৰু আকাংক্ষিত ব্যয়ৰ পৰাই বুজিব পাৰি। 1964-66ৰ শিক্ষা আয়োগে ধার্য কৰা মুঠ ঘৰুৱা উৎপাদনৰ 5 শতাংশৰ ঠাইত 2006 চনত 4 শতাংশ লৈ কমি যোৱাহে দেখা গৈছে। ইয়াৰ বাহিৰেও বিভিন্ন ৰাজ্যৰ ক্ষেত্ৰত কৰা শিক্ষাৰ জনমুৰি ব্যয়ও বেলেগ বেলেগ। চৰকাৰী শিক্ষাৰ আঁচনিসমূহ বিভিন্ন ৰাজ্যত সমভাৱে প্রয়োগ হোৱা নাই। ৰাজ্য বিলাকৰ মাজত থকা ৰাজনৈতিক আৰু প্রশাসনিক দুর্নীতিবোৰেও শিক্ষাৰ সম্প্ৰসাৰণত বাধা দিয়ে। 


25. শিক্ষা আৰু স্বাস্থ্য বিষয়ত বিভিন্ন প্ৰকাৰৰ চৰকাৰী হস্তক্ষেপৰ সপক্ষে যুক্তি আগবঢ়োৱা।

উত্তৰঃ- (১) শিক্ষা আৰু স্বাস্থ্যৰ উন্নতিৰ প্রয়োজনীয়তাখিনি চৰকাৰে পূৰণ কৰিব লাগে। যিহেতু স্বাস্থ্যৰ যতন আৰু শিক্ষা লাভ নাগৰিকৰ মৌলিক অধিকাৰ বুলি বিবেচনা কৰা হয়। সেয়েহে চৰকাৰে শিক্ষাৰ প্রয়োজন থকা নাগৰিক, সমাজৰ পিছপৰা দৰিদ্ৰ জনসাধাৰণক বিনামূলীয়া শিক্ষা আৰু স্বাস্থ্যসেৱা আগবঢ়াব লাগে। 

(২) নিজৰ দেশৰ পৰা উচ্চ অৰ্হতা সম্পন্ন মানৱ সম্পদসমূহৰ বৰ্হিগমন ৰোধ কৰাত চৰকাৰে ব্যৱস্থা ল'ব লাগে। 

(৩) চৰকাৰৰ শিক্ষাদান প্রক্রিয়াটো আসোঁৱাহমুক্ত কৰি উন্নয়নমুখী ভাৱধাৰাৰে সুস্থ কৰিব লাগে। শিক্ষাৰ উদ্দেশ্য কেৱল ডিগ্রী প্রদানতে সীমাবদ্ধ নাৰাখি বৃত্তিমুখী তথা কর্ম অভিজ্ঞতাৰ ভিত্তিত জ্ঞান আহৰণত গুৰুত্ব দি দক্ষ মানৱ সম্পদ গঢ়াত অনুপ্ৰেৰণা যোগাব লাগে। 

(৪) শিক্ষা হৈছে এটা সামাজিক সেৱা। ইয়াৰ বিকাশ কৰাটো কল্যাণকামী ৰাষ্ট্রৰ এটা প্রধান দায়িত্ব। দেশৰ দৰিদ্ৰ জনসাধাৰণক বিনামূলীয়া বা নিম্ন মূল্যত শিক্ষা দানৰ সুবিধা প্রদান কৰাই শিক্ষাৰ প্রতি জনসাধাৰণক আকর্ষণ কৰাব লাগে। 

(৫) দেশৰ অনুন্নত অঞ্চলবোৰত প্রাথমিক স্বাস্থ্য আৰু শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চশিক্ষা ল'বপৰাকৈ শিক্ষানুষ্ঠান নির্মাণ, শিক্ষক নিযুক্তি, শিক্ষক প্রশিক্ষণ, চিকিৎসালয় নির্মাণ চিকিৎসকৰ পৰিমাণ বৃদ্ধি ইত্যাদিৰ ওপৰত গুৰুত্ব বৃদ্ধি কৰিব লাগে। 

(৬) অৰ্হতা আৰু জ্ঞান বৃদ্ধিৰ মাধ্যম হৈছে শিক্ষা। শিক্ষা আৰু স্বাস্থ্যবান মানৱ সম্পদেহে এখন দেশৰ প্রাপ্ত সম্পদৰাজি বিকাশ আৰু ব্যৱহাৰৰ সাৰ বৃদ্ধি কৰি অর্থনৈতিক উন্নয়ন খৰতকীয়া কৰি তুলিব পাৰে। সেয়েহে চৰকাৰে যথেষ্ট পৰিমাণে শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰিব লাগে। 


26. মানৱ মূলধন সৃষ্টিত সন্মুখীন হোৱা সমস্যাবোৰ সমাধানৰ কাৰণে কিছু পৰামৰ্শ আগবঢ়োৱা। 

উত্তৰঃ- ভাৰতৰ দৰে উন্নয়নশীল দেশত মানৱ মূলধন সৃষ্টিত সন্মুখীন হোৱা সমস্যাবোৰ দূৰ কৰিবলৈ তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগিব। 

(১) জনসংখ্যা বৃদ্ধি ৰোধ কৰিবৰ বাবে উপযুক্ত নীতি গ্রহণ কৰিব লাগিব যাতে চৰকাৰে নূন্যতম সুবিধাৰ বিপৰীতে চৰকাৰী পূঁজিৰ গুৰু অংশ মানৱৰ নামত ব্যয় কৰিব পাৰে তাৰ বাবে জনসংখ্যাৰ পৰিমাণ হ্রাস কৰাটো চৰকাৰৰ এটা নীতি হিচাপে থাকিব লাগিব। 

(২) মানৱ মূলধন উন্নয়নৰ বাবে দেশৰ পৰিবহণ, যোগাযোগ আদিৰো উন্নতি ঘটাব লাগিব। দুখীয়া লোকসকলে শিক্ষা, স্বাস্থ্য আদিৰ সুবিধাসমূহ কম খৰচতে ল'বলৈ সাজু হ'ব লাগিব। 

(৩) শ্রম শক্তিৰ আকাৰ নির্দিষ্ট থকাৰ সময়ত দক্ষতা বৃদ্ধি কৰিব পাৰিলে মানৱ সম্পদৰ বিকাশ সাধন হ'ব। ইয়াৰ কাৰণে কর্মকালীন প্রশিক্ষণ, ভ্রমণ ইত্যাদিৰ ব্যৱস্থা কৰিব লাগিব। 

(৪) মানৱ মূলধন সৃষ্টিৰ বাবে কেৱল শিক্ষা ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰাৰ লগতে একে সয়তে গুণগতমানৰো উন্নতি সাধন কৰিব লাগিব। অর্থাৎ উচ্চ স্তৰত কেৱল সু-নাগৰিক হোৱাৰ শিক্ষাৰ বিপৰীত বিজ্ঞান আৰু প্রযুক্তিগত শিক্ষা আকর্ষনীয় হোৱাকৈ ব্যৱস্থা থাকিব লাগিব যাতে গৱেষণা আৰু অধ্যয়নৰ সুবিধা বাঢ়ে। 

(৪) শিক্ষা ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰে ফলপ্রসু কৌশল হাতত ল'ব লাগিব। শিক্ষাৰ জৰিয়তে মানুহক প্রগতিশীল মনোভাব গঢ়ি তোলাৰ লগতে স্বাস্থ্যৰ প্রতি সচেতন কৰি তুলিব লাগিব। 

(৫) মানৱ মূলধনৰ বিকাশৰ বাবে চিকিৎসা ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু গুণগত দিশত উন্নতি সাধন কৰাৰ উপৰিও এই চিকিৎসাৰ সুবিধা সমূহ গাঁও আৰু নগৰ নির্বিশেষে ঘোষক বিতৰণৰ ব্যৱস্থা কৰিব লাগিব।


Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »

1 Comments:

Click here for Comments
Unknown
admin
January 2, 2023 at 8:25 PM ×

Thank you sir ❤️❤️

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar