-->

পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । Environmental & Sustainable Development

 পৰিৱেশ আৰু বহনক্ষম উন্নয়ন 
Environmental and Sustainable Development


1. বিশ্বৰ মুঠ লোৰ আকৰ ভাণ্ডাৰৰ কিমান শতাংশ ভাৰতবৰ্ষত আছে? 

উত্তৰঃ- 20 শতাংশ।


2. পৃথিৱীৰ মুঠ ভৌগোলিক খণ্ডৰ কিমান শতাংশ ভাৰতবৰ্ষই আৱৰি আছে?

উত্তৰঃ- 2.5 শতাংশই। 


3. পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ ভাৰতত আছে? 

উত্তৰঃ- 17. শতাংশ। 


4. মুঠ পশুধনৰ কিমান শতাংশ ভাৰতবৰ্ষত আছে? 

উত্তৰঃ- 20 শতাংশ। 


5. C.N.Gৰ সম্পূৰ্ণ ৰূপ কি? 

উত্তৰঃ- Compressed Natural Gas.   


6. কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ পৰিষদ (Central Pollution Control Board) কেতিয়া স্থাপন কৰিছিল?

উত্তৰঃ- 1974 চনত। 


7. ভাৰতবৰ্ষৰ বছৰি কিমান ভূমি খছে? 

উত্তৰঃ- দেশখনত বছৰি 5.3 লক্ষ্য কোটি ভূমি খহে।

 

8. অ'জন অৱক্ষয় বুলিলে কি বুজা? 

উত্তৰঃ- ষ্টে'টস্ফিয়াৰত অ'জনৰ পৰিমাণ হ্ৰাস হোৱা পৰিঘটনাক অ'জন অৱক্ষয় বোলে। 


9. বিশোষণ ক্ষমতা বুলিলে কি বুজা? 

উত্তৰঃ- প্ৰদূষণৰ পৰা সৃষ্টি হোৱা অৱনমনক পৰিৱেশৰ আত্মীয়কৰণ কৰাৰ ক্ষমতাক 'বিশোষণ ক্ষমতা' বোলে।


10. 'আপ্পাকো' কি? 

উত্তৰঃ- ‘আপ্পাকো' শব্দৰ অৰ্থ হ'ল সাৱটি ধৰা। ''আপ্পাকো'' আছিল কর্ণাটকৰ পৰিৱেশ ৰক্ষা কৰাৰ এটা আন্দোলন।


11. গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুজিবলৈ আন্তঃৰাষ্ট্ৰীয় চুক্তি ক'ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ- 1997 চনত জাপানৰ কিয়ত' (Kyoto)ত অনুষ্ঠিত জাতিসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পর্কীয় সন্মিলন এখনত গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুজিবলৈ আন্তঃৰাষ্ট্ৰীয় চুক্তি গ্রহণ কৰা হৈছিল।


12. নবীকৰণযোগ্য সম্পদ বুলিলে কি বুজা?

উত্তৰঃ- অৱক্ষয় বা নিঃশেষ হোৱাৰ সম্ভৱনাক নুই কৰি যিবোৰ সম্পদ ব্যৱহাৰ কৰিব পাৰি সেইবোৰ সম্পদক নবীকৰণযোগ্য সম্পদ বোলে।


13. নবীকৰণযোগ্য সম্পদৰ উদাহৰণ দিয়া। 

উত্তৰঃ- অৰণ্যৰ গছ-গছনি, সাগৰৰ মাছ। 


14. অ-নবীকৰণযোগ্য সম্পদ বুলিলে কি বুজা

উত্তৰঃ- যিবোৰ সম্পদ উদ্ঘাটন আৰু ব্যৱহাৰৰ ফলত নিঃশেষ তেনেবোৰ সম্পদক অনবীকৰণযোগ্য সম্পদ বুলি কোৱা হয়।


15. অ-নবীকৰণযোগ্য সম্পদৰ উদাহৰণ দিয়া। 

উত্তৰঃ- জীৱাশ্ম, ইন্ধন।


16. তলত দিয়াবোক নবীকৰণযোগ্য অনবীকৰণযোগ্য সম্পদত শ্রেণীবিভাজন কৰা।

(i) গছ (i) মাছ (i) পেট্রলিয়াম (iv) কয়লা (v) লোৰ আঁকৰ (vi) পানী 

উত্তৰঃ- নবীকৰণযোগ্য সম্পদবোৰঃ- (i) গছ (ii) মাছ (vi) পানী। 

অনবীকরণযোগ্য সম্পদবোৰঃ- (ii) পেট্রলিয়াম (iv) কয়লা (v) লোৰ আঁকৰ।


17. সম্পদৰ পুনৰ সৃষ্টিৰ হাৰতকৈ উদ্‌ঘাটনৰ হাৰ অধিক হ'লে কি হ'ব? 

উত্তৰঃ- সম্পদৰ পুনৰ সৃষ্টিৰ হাৰতকৈ উদ্‌ঘাটনৰ হাৰ অধিক হ'লে প্ৰয়োজনীয় সম্পদৰ নাটনিয়ে দেখা দিয়াৰ পাৰিৱেশিক সমস্যাৰ সৃষ্টি হ'ব।


18. পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা। 

উত্তৰঃ- কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বুলি কোৱা হয়। চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবলৈ প্ৰয়োজন হোৱা সকলো উপাদানকে পৰিৱেশে সামৰি লয়। 


19. পৰিৱেশৰ কেইটামান জৈৱিক আৰু অজৈৱিক উপাদানৰ কথা উল্লেখ কৰা। 

উত্তৰঃ- পৰিৱেশৰ কেইটামান জৈৱিক উপাদান হ'ল- জীৱ-জন্তু, মীনক্ষেত্ৰ, সকলো চৰাই, বননি আদি।

পৰিৱেশৰ কেইটামান অজৈৱিক উপাদান হ'ল— মাটি, পানী আৰু বায়ু আদি।


20. ভাৰতবৰ্ষত ভূমিস্খলনৰ বাবে কিমান পৰিমাণৰ নাইট্ৰ'জেন, ফচফৰাছ আৰু পটাছিয়াম হেৰুৱালগীয়া হয়? 

উত্তৰঃ- ভূমিস্খলনৰ বাবে ভাৰতবৰ্ষই ০.৮ নিযুত টন নাইট্ৰ'জেন, ১.৮ নিযুত টন ফচফৰাছ আৰু ২৬.৩ নিযুত টন পটাছিয়াম হেৰুৱাবলগীয়া হয়। 


21. পৰিৱেশ বুলিলে কি বুজা? 

উত্তৰঃ- ফৰাচী শব্দ Environ বা Environes আৰু ইংৰাজী Enviroment ৰ অৰ্থ হ'ল— to surround বা চৌপাশ। প্ৰজাতি এটাই প্ৰকৃতিৰ সৈতে শান্তিপূর্ণভাৱে সহৱস্থান কৰি স্বাভাৱিক জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় পৰিস্থিতিকে পৰিৱেশ বোলে।


22. তলত দিয়াবোৰৰ নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদত শ্ৰেণীবিভাজন কৰা- 

(ক) মাছ (খ) গছ (গ) কয়লা (ঘ) পানী (ঙ) প্ৰেট্ৰ'লিয়াম (চ) আকৰ। 

উত্তৰঃ- নবীকৰণযোগ্য সম্পদ- (ক) মাছ (খ) গছ (ঘ) পানী। 

অনবীণযোগ্য সম্পদ- (গ) কয়লা (ঙ) পেট্ৰলিয়াম (চ) আকৰ। 


23. গোলকীয় উষ্ণতাৰ কাৰণসমূহ উল্লেখ কৰা। HS-2022 

উত্তৰঃ- গোলকীয় উষ্ণতাৰ কাৰণসমূহ হ'ল—

(ক) বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বুদ্ধি। 

(খ) জন্তুৰ বৰ্জিত দ্ৰব্যই সৃষ্টি কৰা মিথেন গেছ। 

(গ) নির্বননীকৰণ। 

(ঘ) কয়লা আৰু পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ দহন। 

(ঙ) জীৱাষ্ম ইন্ধন ব্যৱহাৰত অৰিহণা যোগোৱা গৰু-ম'হৰ সংখ্যা বৃদ্ধি।


24. পৰিৱেশৰ কার্যাৱলীবোৰ কি কি? 

উত্তৰঃ- পৰিৱেশৰ কার্যাৱলীবোৰ হ'ল— 

(ক) পৰিৱেশে জৈৱ বৈচিত্ৰতাৰ সৃষ্টি কৰে। 

(খ) পৰিবেশে সম্পদৰ যোগান ধৰে। 

(গ) পৰিবেশে পেলনীয়া আৱৰ্জনাবোৰ ভূমিৰ লগত মিহলি কৰি দিয়ে। 

(ঘ) পৰিবেশে প্ৰাকৃতিক সৌন্দর্যৰ সৃষ্টি কৰে। 


25. গোলকীয় উত্তাপ বৃদ্ধি কি? গোলকীয় উত্তাপ বৃদ্ধি কিদৰে ৰোধ কৰিব পাৰি, লিখা। 

উত্তৰঃ- প্ৰাকৃতিক তথা মানৱসৃষ্ট কাৰণত নতুন নতুন উপাদান বায়ুমণ্ডলত সংযোজিত হ'ব ধৰিছে আৰু ই বায়ুমণ্ডলৰ অৱস্থাৰ পৰিমাণ বৃদ্ধি হৈছে আৰু পৃথিৱী পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি মহাকাশলৈ ঘূৰি যোৱাত বাধাপ্ৰাপ্ত হৈছে। ফলত পৃথিৱীৰ উত্তাপ দিনে দিনে বৃদ্ধি পাইছে। ইয়াকে গোলকীয় উত্তাপ বৃদ্ধি বোলে।

গোলকীয় উত্তাপ ৰোধৰ কেইটামান উপায় হ'ল– 

(ক) বনাঞ্চল ধ্বংস ৰোধ কৰিব লাগিব। 

(খ) ৰেফ্ৰিজাৰেটৰ, এয়াৰ কুলাৰ আদিত ক্লৰ'ফ্লৰ'কার্বনৰ বিকল্পৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। 

(গ) পোহনীয়া জন্তু, শস্য আদিৰপৰা নিৰ্গত মিথেন গেছৰ পৰিমাণ কম কৰিব লাগিব। 

(ঘ) জীৱাষ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব।   


26. ভূমিৰ অৱনমনৰ কাৰণসমূহ উল্লেখ কৰা। 

উত্তৰঃ- ভূমিৰ অৱনমনৰ কাৰণবোৰ হ'ল— 

(ক) জীৱ-জন্তুৰ খাদ্য আৰু ইন্ধনৰ বাবে ঘাঁহ-বনৰ ব্যৱহাৰ। 

(খ) অৰণ্যভূমি বেদখল 

(গ) বনজুই আৰু চৰণীয়া পথাৰৰ মাত্ৰাধিক ব্যৱহাৰ। 

(ঘ) সাৰ আৰু ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ। 

(ঙ) ঝুমখেতি। 

(চ) অসঙ্গত শস্যাৱর্তন 

(ছ) অসঙ্গত জলসিঞ্চন ব্যৱস্থা।


27. গোলকীয় উষ্ণতাৰ কু-প্ৰভাৱসমূহ উল্লেখ কৰা।

(নাইবা) 

গোলকীয় উত্তাপ বৃদ্ধিৰ তিনিটা ফলাফল লিখা। 

উত্তৰঃ- গোলকীয় উষ্ণতাৰ কু-প্ৰভাৱসমূহ তলত উল্লেখ কৰা হ'ল– 

(১) গোলকীয় উষ্ণতাৰ বাবে সঘনাই বতৰৰ পৰিৱর্তন হৈ থাকে। যাৰ বাবে বায়ু মণ্ডলত বিভিন্ন ধৰণৰ কু-প্ৰভাৱ পৰি ধুমুহা, প্ৰখৰ গৰম, বৰষুণ, বানপানী আদি হয়। 

(২) এইবোৰৰ ফলত বায়ুমণ্ডল তথা বতাহ প্ৰদূষণ যুক্ত হয়।

(৩) উষ্ণতাৰ বাবে মেৰু অঞ্চলৰ বৰফ গলি সমুদ্ৰপৃষ্ঠৰ উর্ধগামী গতি সৃষ্টি হয়।

(৪) বিভিন্ন ধৰণৰ ছাল, চকু আৰু দুৰাৰোগ্য ৰোগৰ সৃষ্টি হয়। 

(৫) পৰিৱেশ প্ৰদূষিত হৈ জীৱ-জন্তুৰ মৃত্যু হোৱাৰ লগতে কিছুমান জীৱ-জন্তু বিলুপ্তি হব ধৰিছে। 

(৬) উষ্ণ গৰমৰ বাবে সাগৰৰ পানী এচিডযুক্ত হৈ পৰাৰ লগতে পানীৰ উষ্ণতাও বাঢ়ে।  


28. ভাৰতবৰ্ষৰ পৰিৱেশৰ সমস্যাসমূহ কি কি? 

উত্তৰঃ- ভাৰতবৰ্ষৰ পৰিৱেশৰ সমস্যাসমূহ হ'ল— 

(১) বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি। 

(২) জৈৱ-বৈচিত্ৰৰ ক্ষতি সাধন। 

(৩) আৱৰ্জনাৰ দ'ম বৃদ্ধি। 

(৪) ভূমিৰ অৱনমন। 

(৫) বিশুদ্ধ খোৱা পানীৰ নাটনি। 

(৬) যানবাহনৰ পৰা প্ৰদূষণ সৃষ্টি হৈ বায়ুমণ্ডল দূষিতকৰণ। 


29. ভাৰতবৰ্ষত বহণক্ষম উন্নয়নৰ বাবে কেইটামান পদক্ষেপ উল্লেখ কৰা। HS-2022 

উত্তৰঃ- ভাৰতৰ বহণক্ষম উন্নয়নৰ বাবে ল'ব পৰা পদক্ষেপসমূহ তলত উল্লেখ কৰা হ'ল– 

(১) পৰিৱেশ বহণক্ষমতাৰ ভিতৰত জনসংখ্যা সীমিতকৰণ। 

(২) প্ৰযুক্তিমূলক প্ৰগতি নিয়োজিত আহিলা। 

(৩) নবীকৰণযোগ্য সম্পদসমূহ বহণক্ষম ভিত্তিত আহৰণ কৰা উচিত। 

(৪) অ-নবীকৰণযোগ্য সম্পদসমূহৰ অৱক্ষয়ৰ হাৰ নবীকৰণযোগ্য বিকল্প সৃষ্টিৰ হাৰতকৈ অধিক হ'ব নালাগে। 

(৫) প্ৰদূষণৰ উদ্ভৱ হোৱা অদক্ষতাসমূহ শুধৰাব লাগে৷  


30. পৰিৱেশিক সমস্যা কি? পৰিৱেশিক সমস্যাৰ ভৌগোলিক ভাগবোৰ ব্যাখ্যা কৰা। 

উত্তৰঃ- মানুহৰ অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধি, বিজ্ঞান-প্ৰযুক্তিৰ অত্যধিক ব্যৱহাৰে পৰিৱেশৰ ওপৰত হেঁচাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ ফলত এক নতুন সমস্যাৰ সৃষ্টি হৈছে। এই সমস্যাবোৰ মূলত পৰিৱেশৰ লগত সম্পর্কিত কাৰণেই সমস্যাবোৰক পাৰিৱেশিক সমস্যা বোলা হয়।

যেনে— অৰণ্য ধবংস, অত্যধিক পশুচাৰণ, গোলকীয় উত্তাপ বৃদ্ধি। ভৌগোলিক সমস্যা বুলি ক'লে আমি তিনিটা ভাগত ভাগ কৰিব পাৰে। সেইকেইটা হ'ল– (১) স্থানীয় সমস্যা। (২) আঞ্চলিক সমস্যা। (৩) গোলকীয় সমস্যা।

উৎপত্তিৰ ফালৰ পৰা যিবোৰ সমস্যা একেটা এলেকাতে সীমাবদ্ধ হৈ থাকে, সেইবোৰক স্থানীয় সমস্যা বোলে। যিবোৰ একো একোটা ভৌগোলিক অঞ্চল জুৰি বিয়পি থাকে তাক আঞ্চলিক সমস্যা বোলে। আকৌ যিবোৰ গোটেই পৃথিৱীতে বিয়পি পৰে তাকে গোলকীয় সমস্যা বোলে।


31. অর্থনৈতিক উন্নয়ন পৰিৱেশ বিনষ্ট হোৱাৰ এটা কাৰণ নেকি? তোমাৰ উত্তৰৰ সপক্ষে যুক্তিযুক্ততা আগবঢ়োৱা। HS-2022 

উত্তৰঃ- অর্থনৈতিক উন্নয়নে পৰিৱেশ বিনষ্ট কৰে। আনহাতে উন্নয়নো আমাৰ অতি প্ৰয়োজন। অর্থনৈতিক উন্নয়ন কৰিবলৈ বিভিন্ন উদ্যোগ আদি স্থাপন কৰিবলগীয়া হয়। এই উদ্যোগিকৰণৰ বাবে কল-কাৰখানাৰ ধোঁৱাই চৌপাশৰ। পৰিৱেশ দূষিত কৰে। উদ্যোগিকৰণৰ ফলত নগৰীকৰণ হৈ জনবহুলতাৰ বাবেও পৰিৱেশ নষ্ট হয়। তথাপি আমাৰ মৌলিক সমস্যাসমূহ যেনে— নিবনুৱা, দৰিদ্ৰতা আদি সমাধানেৰে মানুহৰ জীৱন ধাৰণ ও জীয়াই থকাৰ মানদণ্ড বৃদ্ধিৰে অর্থনৈতিক উন্নয়নৰ অতি প্ৰয়োজন। গতিকে কিবা এটা পাবলৈ হ'লে কিবা এটা ত্যাগ বা অনিষ্ট হ'বই। তাৰ বাবে চৰকাৰ বা জনসাধাৰণে উচিত ব্যৱস্থা ল'ব লাগিব। উদ্যোগৰ মালিক সকলো সজাগ হ'ব লাগিব। কিয়নো আমাক উন্নয়ন যেনেকৈ প্ৰয়োজন প্ৰাকৃতিক প্ৰৰিৱেশৰৰ প্ৰয়োজন। প্ৰাকৃতিক পৰিৱেশ ধ্বংস হলে মানৱ জাতিৰ লগতে জীৱজগতৰৰ বিস্তৰ ক্ষতি হ'ব। ইয়াৰোপৰি জনবহুলতাৰ বাবে পেলনীয়া বস্তু, জাৱৰ-জোঁথৰ, প্লাষ্টিক আদিয়ে বিভিন্ন নদ-নদী, জলাহ আদি প্ৰদূষিত কৰি কৃত্ৰিম বানপানীৰো সৃষ্টি কৰে। ইয়াৰ বাবে বেমাৰ-আজাৰৰ পৰিমাণ বৃদ্ধি হয়। আধুনিক প্ৰযুক্তিৰে প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্যতা ৰাখিব পৰা পদ্ধতিবোৰ ব্যৱহাৰ কৰি আমাৰ পৰিৱেশ বিশুদ্ধ কৰি ৰাখিব লাগে। এই ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰা উচিত।


32. চমুটোকাঃ- 

(ক) নবীকৰণযোগ্য সম্পদঃ- পৃথিৱীত পোৱা প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্ৰমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নবীকৰণযোগ্য বা পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয়। যেনে- সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযোগ্য সম্পদ। এই সম্পদবোৰ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয়।


(খ) অনবীকৰণযোগ্য সম্পদঃ- যিবোৰ সম্পদ অতিমাত্ৰা ব্যৱহাৰ তথা নানান প্ৰাকৃতিক নাইবা মানৱজনিত কাৰণত চিৰকালৰ বাবে বিলুপ্ত হৈছে বা বিলুপ্ত হ'ব পাৰে বা যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনবীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলে। উদাহৰণ স্বৰূপে- কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে— তাম, সোণ, চূণশিল, লো, ৰূপ আদি)।


(গ) ব্রুণ্ডট্‌ল্যাণ্ড আয়োগঃ- বিশ্বৰ পাৰিৱেশিক সমস্যাসমূহ অধ্যয়ন কৰিবলৈ আৰু এইবোৰৰ নিৰাময়ৰ বাবে কার্যসূচীৰ প্ৰস্তাৱ আগবঢ়াবলৈ 1983 চনত সন্মিলিত ৰাষ্ট্ৰসংঘই স্থাপন কৰা এখন আয়োগ। এই আয়োগে এখন প্ৰতিবেদন আগবঢ়াইছিল। বহনক্ষম উন্নয়নৰ ধাৰণা সম্পর্কে এই আয়োগে আগবঢ়োৱা সংজ্ঞা অতি জনপ্ৰিয় আৰু গোটেই বিশ্বজুৰি ইয়াক ব্যৱহাৰ কৰা হয়।(ঘ) বহনক্ষম উন্নয়নঃ- বর্তমান পৃথিৱীৰ দেশসমূহৰ মাজত অর্থনৈতিক প্ৰগতি লাভৰ যি প্ৰতিযোগিতাৰ আৰম্ভ হৈছে সিয়ে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। পৰিৱেশৰ ধ্বংসই পৃথিৱীৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি মাতি আনিছে। পৃথিৱীৰ উষ্ণতা প্ৰতি শতিকাতেই বৃদ্ধি হ'বলৈ ধৰিছে। তাৰ ফলত গোলকীয় উষ্ণতা সমস্যাৰ উদ্ভৱ হৈছে। জৈৱ-বৈচিত্র্য হ্ৰাস, জলবায়ু পৰিৱৰ্তন আদি অলেখ সমস্যাই পৰিৱেশ বিনষ্ট কৰিছে।

অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে সেই উদ্দেশ্য আগত ৰাখি ১৯৮৭ চনত (Brundtland) আয়োগে অবিৰত বা বহনক্ষম উন্নয়ন (Sustainable Development)ৰ ধাৰণাটো দাঙি ধৰিছিল। এই আয়োগক পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগ বুলিও জনাজাত। এই আয়োগৰ মতে যি অর্থনৈতিক উন্নয়নৰ দ্বাৰা বর্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ'ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যত প্ৰজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় সেই অর্থনৈতিক উন্নয়নেই হ'ল অবিৰত বা বহনক্ষম অর্থনৈতিক উন্নয়ন। 


Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »