-->

Class 12 Economics: Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতিৰ সূচনা

Class 12 Economics: Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

Class 12 Economics, সমষ্টিবাদী অর্থনীতিৰ সূচনা। ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অৰ্থবিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমৰ "সমষ্টিবাদী অর্থনীতিৰ সূচনা"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
Class 12 Economics "Introductory Macro Economics" Question and Answer Assam | HS 2nd Year Economics Question and Answer Assam | HS 2nd Year Economics Suggestion and Notes Solution Assam.

1. অর্থবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়।
উত্তৰঃ- আদাম স্মিথক।

2. SEBI-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ- Securities and Exchange Board of India.

3. সমষ্টিবাদী অর্থবিজ্ঞান কি? HS-2015, 2018
উত্তৰঃ- সমষ্টিবাদী অর্থনীতি সমষ্টিগত সমস্যাসমূহক লৈ গঠিত। এনে অর্থনীতিত ডাঙৰ ডাঙৰ অর্থনৈতিক সমস্যাসমূহ আলোচনা কৰা হয়। অর্থনীতিৰ যিটো বিভাগত সৰ্বমুঠ অর্থনৈতিক চলক তথা উপাদানসমূহৰ বিষয়ে আলোচনা কৰা হয় তাকে সমষ্টিবাদী অর্থনীতি বোলে।

4. "The General Theory of Employment, Interest and Money" নামৰ গ্ৰন্থখন কোনে লিখিছিল।
উত্তৰঃ- ১৯৩৬ চনত জে. এম. কেইন্সে লিখিছিল।

5. সাধাৰণ সন্তুলন কি?
উত্তৰঃ- সাধাৰণ ভাৰসাম্যতা বা সন্তুলন হ'লে এনে এক অৱস্থা য'ত বজাৰত যোগান আৰু চাহিদা পৰস্পৰ সমান হয়।

6. ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতিৰ সম্পর্ক কি?
উত্তৰঃ- সমষ্টিবাদী অর্থবিজ্ঞানৰ ভিত্তি হৈছে ব্যষ্টিবাদী অর্থবিজ্ঞান। কাৰণ সামগ্রীক অর্থনীতি ক্ষুদ্র আর্থিক একক যেনে ব্যক্তি, প্রতিষ্ঠান আৰু বজাৰ হিচাপে গ্ৰহণ কৰা হয়।

7. বহিঃখণ্ডৰ অৰ্থ কি?
উত্তৰঃ- বহিঃখণ্ডৰ অৰ্থ হ'ল- দেশীয় অর্থনীতিৰ লগত বিশ্বৰ আন দেশৰ সৈতে থকা অর্থনৈতিক লেনদেন।

8. আমদানি বুলিলে কি বুজা?
উত্তৰঃ- দেশ এখনে আন এখন দেশৰ পৰা সামগ্রী ক্রয় কৰাকে আমদামি বুলি কোৱা হয়।

9. সমষ্টিবাদী অর্থবিজ্ঞানৰ বিকল্প নাম কি?
উত্তৰঃ- আয় বিশ্লেষণ।

10. সমষ্টিবাদী অর্থনৈতিক চলকৰ যিকোনো দুটা উদাহৰণ দিয়া।    HS-2017
উত্তৰঃ- সমষ্টিবাদী অর্থনৈতিক চলকৰ উদহৰণবোৰ হ'ল- ৰাষ্ট্ৰীয় আয়, নিয়োগ, মুদ্রাস্ফীতি, বিনিয়োগ আদি।

11. এখন ৰাষ্ট্রৰ অর্থনৈতিক কার্যসমূহ উল্লেখ কৰা।
উত্তৰঃ- ৰাষ্ট্র এখনৰ অর্থনৈতিক কার্যসমূহ হ'ল—
(১) জনকল্যাণমূলক কাম
(২) শিক্ষাৰ বিস্তাৰ কৰা
(৩) জনস্বাস্থ্যৰ সেৱাৰ বিস্তাৰ কৰা
(৪) আইন প্রণয়নৰ দ্বাৰা সামাজিক ন্যায় প্রতিষ্ঠা কৰা
(৫) ৰাষ্ট্রৰ আন্তঃগাঁথনি তৈয়াৰ কৰা।

12. পুঁজিবাদী অর্থনীতিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।।
উত্তৰঃ- পুঁজিবাদী অর্থনীতিৰ টাৰিটা বৈশিষ্ট্য হ'ল—
(১) পুঁজিবাদী অর্থনীতিত উৎপাদনৰ ব্যৱস্থা ব্যক্তিৰ অধীন।
(২) অর্থনৈতিক সিদ্ধান্তসমূহ পুঁজিপতিসকলে গ্রহণ কৰে।
(৩) এই ব্যৱস্থাত শ্ৰমিকসকলে নিজৰ ইচ্ছামতে কাম বিচাৰি লৈ উপার্জন কৰিব পাৰে।
(৪) পুঁজিবাদী ব্যৱস্থাত ৰাষ্ট্ৰৰ কোনো হস্তক্ষেপ নাথাকে।

13. সমষ্টিবাদী অর্থনীতি জড়িত থকা ক্ষেত্ৰসমূহ উল্লেখ কৰা।     HS-2019
উত্তৰঃ- সমষ্টিবাদী অর্থনীতিয়ে প্ৰসাৰতা লাভ কৰা ক্ষেত্রসমূহ হৈছে-
(১) ৰাষ্ট্ৰীয় আয়ঃ- সমষ্টিবাদী অর্থনীতিৰ প্ৰধান ক্ষেত্র হৈছে ৰাষ্ট্ৰীয় আয়- ইয়াত দেশৰ জাতীয় উৎপাদনত দৰকাৰী উপাদানৰ বিষয়ে ব্যাখ্যা কৰা হয়। ইয়াত জাতীয় উৎপাদনত ব্যৱহাৰ হোৱা উপাদান আৰু আয়ৰ হ্রাস বৃদ্ধিৰ কাৰণসমূহৰ ব্যাখ্যা আগবঢ়োৱা হয়।
(২) অর্থনৈতিক বিকাশঃ- সমষ্টিবাদী অর্থনীতিয়ে দেশ এখনৰ অর্থনৈতিক বিকাশৰ বিষয়ে সামগ্রিকভাৱে অধ্যয়ন কৰে। এই অর্থনীতিত জাতীয় আয় বৃদ্ধিয়ে কেনেকৈ অর্থনৈতিক বিকাশ ঘটায় সেই বিষয়ে সমষ্টিবাদী অর্থনীতি অধ্যয়ন কৰা হয়।
(৩) মুদ্রাস্ফীতিঃ- অর্থনৈতিক অৱস্থাৰ দ্রুত পৰিৱর্তনৰ ফলত দেশ এখনত মুদ্ৰস্ফীতিৰ নিচিনা ঘটনা ঘটে। এনে অৱস্থাত মুদ্রাস্ফীতিয়ে কেনেকৈ দেশৰ অর্থনৈতিক অবস্থান উত্থান-পতনত প্ৰভাৱ পেলায়, সেয়াই সমষ্টিবাদী অৰ্থনীতিৰ অধ্যয়নৰ বিষয়।
(৪) পৰিশোধৰ সমতা আৰু বিনিময়ৰ হাৰঃ- দেশ এখনৰ অর্থনৈতিক অৱস্থাৰ বিষয়ে অধ্যয়ন কৰিলে দেখা যায় যে বিভিন্ন কাৰণত এখন দেশ আনদেশৰ ওপৰত নিৰ্ভৰশীল। এই ক্ষেত্ৰত সমষ্টিবাদী অধ্যয়নৰ দ্বাৰা দেশ এখনৰ আন দেশৰ লগত থকা বাণিজ্যিক লেনদেনৰ বাবে প্ৰণালীবদ্ধ হিচাপ পৰিশোধৰ সমতা ৰক্ষা কৰে। সেইটোহে আমদানি-ৰপ্তানিৰ বিষয়সমুহ সমষ্টিবাদী অর্থবিজ্ঞানত বহলভাৱে অধ্যয়ন কৰা হয়। ইয়াৰ উপৰিও বিনিময় হাৰ অর্থাৎ বাণিজ্যিক লেনদেনত দেশৰ বিনিময় ক্ষেত্ৰত দেখা দিয়া আসোঁৱাহসমুহ এই অর্থনৈতিক বিজ্ঞানৰ আলোচ্য বিষয়।

14. সমষ্টিগত অর্থনীতিৰ প্ৰধান চাৰিটা খণ্ডৰ বৰ্ণনা কৰা।
উত্তৰঃ- সমষ্টিগত অর্থনীতিৰ প্ৰধান চাৰিটা খণ্ড হ'ল—
(১) চৰকাৰী খণ্ডঃ- চৰকাৰে আইন প্রণয়ন কৰি আইনসমূহ কার্যকৰী কৰি জনসাধাৰণক ন্যায় প্রদান কৰাৰ উপৰিও চৰকাৰে কৰ ধার্য কৰা, আন্তঃগাঁথনি উন্নয়ন, শিক্ষা, স্বাস্থ্য সেৱা প্রদান আদিৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ লগতে কেতিয়াবা উৎপাদন কার্যও পৰিচালনা কৰে।
(২) ব্যক্তিগত ব্যৱসায়িক প্রতিষ্ঠানঃ- ব্যৱসায়িক প্রতিষ্ঠানসমূহে উৎপাদন কৰে আৰু উদ্যোক্তাই হৈছে ব্যৱসায়িক প্রতিষ্ঠান সর্বময় কর্তা। এই খণ্ডৰ মূল লক্ষ্য হৈছে লাভ অর্জন। উদ্যোক্তাই নিজস্বভাৱে শ্ৰম আৰু মূলধন নিয়োগ কৰি বজাৰৰ বাবে উৎপাদন কৰে আৰু উৎপাদিত দ্রব্যৰ পৰা সর্বোচ্চ লাভ অর্জনৰ চেষ্টা কৰে।
(৩) পৰিয়াল খণ্ডঃ- ই হ'ল ব্যক্তিৰ সমষ্টি, যিয়ে উৎপাদন, উপভোগ আদিৰ সিদ্ধান্ত গ্রহণ কৰাৰ উপৰিও ব্যক্তিগত প্রতিষ্ঠানৰ বাবে বজাৰৰ সৃষ্টি কৰে। এই খণ্ডই চৰকাৰী বিভাগসমূহতো শ্ৰমৰ যোগান ধৰে। আনকি উৎপাদন প্রতিষ্ঠানসমূহৰ স্বত্তাধিকাৰী হিচাপে ইহঁতে কার্যনির্বাহ কৰে। পৰিয়ালবোৰে সঞ্চয় কৰাৰ লগতে চৰকাৰক কৰ প্ৰদান কৰে।
(৪) বৈদেশিক খণ্ডঃ- বিশ্ব প্রায় সকলোবোৰ দেশেই কম-বেছি পৰিমাণে বৈদেশিক খণ্ডৰ লগত জড়িত। কোনো দেশেই আত্মনিৰ্ভৰশীল নহয়। সমষ্টিগত অর্থবিজ্ঞানত এই বাহ্যিক খণ্ড বৰ গুৰুত্বপূর্ণ। বৈদেশিক খণ্ডৰ বাণিজ্য দুই প্রকাৰৰ— আমদানি আৰু ৰপ্তানি। ইয়াৰ উপৰিও বৈদেশিক ৰাষ্ট্ৰসমূহৰ পৰা ঘৰুৱা দেশলৈ মূলধন আহে বা ঘৰুৱা দেশে বৈদেশিক ৰাষ্ট্ৰসমূহলৈ মূলধন ৰপ্তানি কৰে।


Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »