-->

Class 12 Economics: National Income Accounting । জাতীয় আয় গণনা

 Class 12 Economics, National Income Accounting । জাতীয় আয় গণনা


 ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অৰ্থবিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমৰ "ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয়"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
Class 12 Economics Question and Answer Assam | HS 2nd Year Economics Question and Answer Assam | HS 2nd Year Economics Suggestion and Notes Solution Assam.


1. কি অৱস্থাত এখন দেশৰ GDP, GNP ৰ সমান হ'ব পাৰে?    HS-2019
উত্তৰঃ- যেতিয়া বিদেশৰ পৰা পোৱা উপাদানৰ নিগুট আয় শুন্য (0) হয় তেনে অৱস্থাত GDP, GNPৰ সমান হয়।

2. আয়ৰ চক্ৰীয় প্রবাহত উদ্ভৱ হোৱা যিকোনো দুটা সুৰুঙাৰ বিষয়ে উল্লেখ কৰা। HS-2019
উত্তৰঃ- আয়ৰ চক্ৰীয় প্রবাহ প্রক্রিয়াটো ব্যাখ্যা কৰোতে কেইটামান অভিধাৰণা ধৰি লোৱা হৈছে। যদি এই অভিধাৰণাসমূহ উঠাই লোৱা হয় তেতিয়া এই প্রক্রিয়াটো ব্যাখ্যা কৰিবলৈ অসুবিধা হয়। এই সুৰুঙা দুটা হ'ল—
(১) আয়ৰ পৰা সঞ্চয় হোৱা নাই।
(২) আন্তর্জাতিক বাণিজ্য সম্পাদিত হোৱা নাই, বুলি এই আর্থিক ব্যৱস্থাটোত ধৰি লোৱা হৈছে।

3. চূড়ান্ত দ্ৰৱ্যৰ সংজ্ঞা দিয়া।  HS-2014, 2018
উত্তৰঃ- কোনো এক অর্থনীতিত উৎপাদিত দ্রব্যৰ যিখিনি দ্রব্য অথবা সেৱা চূড়ান্ত উপভোগৰ বাবে ব্যৱহাৰ কৰা হয়, তাকে 'চূড়ান্ত দ্রব্য' বোলে।

4. মধ্যৱৰ্তীৰ দ্ৰব্য কি?     HS-2015, 2018
উত্তৰঃ- অন্যান্য দ্রব্য উৎপাদন কৰিবলৈ যিবোৰ দ্রব্য ব্যৱহাৰ কৰা হয় তেনেবোৰ দ্ৰব্যক মধ্যৱর্তী দ্রব্য বোলা হয়। যেনে— কাপোৰ উৎপাদনৰ বাবে কপাহৰ ব্যৱহাৰ।

5. ভোগ্য সামগ্রী কাক বোলে?  HS-2018
উত্তৰঃ- যিবোৰ দ্ৰব্য আৰু সেৱাকার্য এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰবাৰ সেইখিনি দ্ৰব্য আৰু সেৱা ব্যৱহাৰ কৰিব নোৱাৰি সেইবোৰ সামগ্রীকে ভোগ্য সামগ্রী বোলে।

6. স্বতন্ত্র ভাগ ব্যয় মানে কি? HS-2018
উত্তৰঃ- এজন ভোক্তাই তেওঁৰ হাতত ব্যক্তিগত ব্যয়যোগ্য আয় (DPI) নথকা অৱস্থাতো জীৱন ধাৰণৰ বাবে প্রয়োজনীয় কিছুমান অত্যাৱশ্যকীয় সেৱা সামগ্রী ভোগ কৰিবৰ বাবে খৰচ কৰিবলগীয়া হয়। এনে ভোগত কৰা ব্যয়য়েই স্বতন্ত্র ভোগ ব্যয়।

7. সৰ্বমুঠ বিনিয়োগ কি?
উত্তৰঃ- মূলধনজাত সামগ্ৰীৰ মুঠ পৰিমাণকেই সৰ্বমুঠ বিনিয়োগ বোলে।

8. প্রবাহ মানে কি?
উত্তৰঃ- উৎপাদন আয় বা লাভালাভৰ পৰিমাণ এক নির্দিষ্ট পৰিমাণৰ সময়ৰ সৈতে জড়িত হৈ থাকে। উৎপাদন আয় আৰু লাভৰ ক্ষেত্ৰত এইটোৱেই হ'ল প্রবাহ। 


9. উৎপাদন বা মূল্য সংযোজিত পদ্ধতি কি?  
উত্তৰঃ- এই পদ্ধতিত মুঠ অন্তিম ব্যৱহাৰপযোগী সা-সামগ্ৰীৰ মুঠ পৰিমাণ নির্ণয় কৰা হয়।

10. স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা?
উত্তৰঃ- কোনো এক ভিত্তি বছৰৰ দৰ সূচীৰ অনুসৰি গণনা কৰা ৰাষ্ট্ৰীয় আয়েই হৈছে স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয়।

11. অৱক্ষনন কি?    HS-2015
উত্তৰঃ- বাৰম্বাৰ উৎপাদন কার্যত ব্যৱহাৰ কৰাৰ ফলত মূলধনী সামগ্ৰীসমূহৰ ক্ষমতাৰ হৰণ-ভগন হয় যাৰ বাবে মেৰামতিৰ প্রয়োজন হয়। এই মেৰামতিৰ বাবে প্রয়োজন হোৱা অথবা বিকল হৈ পৰা সামগ্রী নতুনকৈ বদলাবৰ বাবে হোৱা ব্যয়কে হৰণ-ভগন ব্যয় বা অৱক্ষনন বুলি কোৱা হয়।

12. ক্ষয়-ক্ষতিৰ বানচ কি?
উত্তৰঃ- মুঠ বিনিয়োগৰ পৰা মূলধনৰ চলিত ক্ষয়-ক্ষতিৰ বাবদ যি পৰিমাণৰ মূল্য বাদ দিব লগা হয়, সেই অংশটোকে 'ক্ষয়-ক্ষতিৰ বানচ' বুলি কোৱা হয়।

13. সৰ্বমুঠ বিনিয়োগ কি?
উত্তৰঃ- উৎপাদন প্রতিষ্ঠান এটাত ব্যৱহৃত মূলধনজাত সামগ্ৰীৰ মুঠ পৰিমাণেই হৈছে 'সৰ্বমুঠ বিনিয়োগ'।

14. ব্যক্তিগত ব্যয়যোগ্য আয় কি?    HS-2018
উত্তৰঃ- ব্যক্তিগত ব্যয়যোগ্য আয় (PDI) : ব্যক্তিসকলে তেওঁলোকৰ আয়ৰ সকলোখিনি উপভোগত ব্যয় নকৰি তাৰে এটা অংশ চৰকাৰক প্রত্যক্ষ কৰ (যেনে— আয়কৰ, সম্পত্তি কৰ আদি) হিচাপে প্ৰদান কৰে। এনে ধৰণৰ প্রত্যক্ষ কৰ প্রদান কৰাৰ পাছত আয়ৰ যি অংশ তেওঁলোকৰ হাতত খৰচৰ বাবে ৰাখে তাকে ব্যক্তিগত ব্যয়যোগ্য আয় বোলে।

15. বিনিয়োগ সামগ্রীৰ সংজ্ঞা দিয়া। HS-2018
উত্তৰঃ- মূলধনী দ্রব্য বা বিনিয়োগ দ্রব্যঃ- যিবিলাক চূড়ান্ত দ্রব্য উৎপাদন প্রক্রিয়াত ব্যৱহাৰ কৰি অন্য দ্রব্য উৎপাদন কৰিব পৰা যায় তেনে দ্রব্যক মূলধনীদ্রব্য বা বিনিয়োগ দ্রব্য বোলে। উপভোক্তাসকলে প্রত্যক্ষভাৱে এই দ্রব্য উপভোগ কৰিব নোৱাৰে। উৎপাদন প্রক্রিয়াৰ জৰিয়তে পৰোক্ষভাৱে এনে দ্রব্য ভোগ কৰিব পাৰি।

16. মুঠ ৰাষ্ট্ৰীয় উৎপাদন কি?
উত্তৰঃ- এখন দেশত এবছৰত উৎপাদিত হোৱা সকলো দ্রব্য-সামগ্ৰী আৰু সেৱাৰ যোগফলেই হৈছে মুঠ ৰাষ্ট্ৰীয় উৎপাদন।

17. সৰ্বমুঠ ঘৰুৱা উৎপাদন মানে কি?
উত্তৰঃ- কোনো এটা বিত্তীয় বছৰত দেশখনৰ উৎপাদিত সা-সামগ্ৰীৰ মুদ্রাগত মূল্যই হ'ল 'সৰ্বমুঠ ঘৰুৱা উৎপাদন।

18. প্রকৃত সৰ্বমুঠ ঘৰুৱা উৎপাদন কি?
উত্তৰঃ- সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ মূল্যৰ স্থিৰ দামৰ ৰূপত প্রকাশ কৰাই হৈছে প্রকৃত সৰ্বমুঠ ঘৰুৱা উৎপাদন।

19. জনমূৰি আয় মানে কি?        HS-2016
উত্তৰঃ-মুঠ জাতীয় আয়ক দেশৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে পোৱা আয়েই হ'ল জনমুৰি আয়।

20. ব্যক্তিগত আয় কি?
উত্তৰঃ- পৰিয়াল আৰু ব্যৱসায় প্রতিষ্ঠানসমূহে উপার্জন কৰা আয়েই হ'ল ব্যক্তিগত আয়।

21. জাতীয় আয় কি?    HS-2016
উত্তৰঃ- এক নির্দিষ্ট বিত্তীয় বছৰত এখন দেশত উৎপাদন কৰা সৰ্বমুঠ সামগ্ৰী আৰু সেৱাকাৰ্যৰ মুদ্রাগত মূল্যই হৈছে সেইখন দেশৰ সেই সময়ছোৱাৰ বাবে জাতীয় আয়।

22. প্রবাহ আৰু অপ্রবাহ বুলিলে কি বুজা?
উত্তৰঃ- এক নির্দিষ্ট সময়ছোৱাৰ বাবে যিবোৰ পৰিমাণ লোৱা হয়। সেই পৰিমাণৰবাৰেই হ'ব প্রবাহ। যেনে— আয়, উৎপাদন, লাভ। প্রতি সময় বিন্দুত এই পৰিমাণবোৰৰ জোখ লোৱা নহয়। আনহাতে, যিবোৰ প্রতিটো সময় বিন্দুৰ সৈতে জড়িত হৈ থাকে। যেনে— যন্ত্র-পাতিৰ পৰিমাণ, আচবাবৰ পৰিমাণ বা জোখ প্রতিটো সময় বিন্দুতে ল'ব পৰা যায়। এই পৰিমাণবোৰ হৈছে অপ্রবাহ বা ষ্টক। গতিকে প্রবাহ সয়মৰ সৈতে জড়িত আনহাতে, অপ্রবাহ বা ষ্টক সয় বিন্দুৰ সৈতে জড়িত।

23. উপাদানৰ ব্যয়ত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা?
উত্তৰঃ- এখন দেশৰ উৎপাদনৰ ক্ষেত্ৰত ব্যৱহৃত উপাদান যেনে— ভূমি, শ্রম, মূলধন আৰু সংগঠনকে এবছৰৰ ভিতৰত যি পাৰিশ্ৰমিক লাভ কৰে তাৰ মুঠ যোগফলেই উপাদান ব্যয়ত ৰাষ্ট্ৰীয় আয়।

24. প্রতিষ্ঠান এখনৰ মূল্য সংযোজন কি?     HS-2013
উত্তৰঃ- প্রতিষ্ঠান এখনৰ ক্ষেত্ৰত মূল্য সংযোজন বুলি ক'লে প্রতিষ্ঠানখনে ব্যৱহাৰ কৰা মুঠ উপাদানৰ মূল্যৰ পৰা মধ্যবর্তী ব্যৱহাৰ দ্ৰব্যৰ মূল্য বাদ দি পোৱা মূল্যই হৈছে ব্যৱসায়িক প্রতিষ্ঠানৰ সংযোজিত মূল্য।

25. এখন ব্যৱসায়িক প্রতিষ্ঠানৰ সংযোজিত মূল্য কাৰ কাৰ মাজত বিতৰণ কৰা হয়?
উত্তৰঃ- ভূমি, শ্রম, মূলধন আৰু উদ্যোগীৰ মাজত ব্যৱসায় প্রতিষ্ঠানৰ সংযোজিত মূল্য বিতৰণ কৰা হয়। এই ক্ষেত্ৰত মূল্য সংযোজনে প্রতিষ্ঠানখনৰ প্ৰতিটো ভাগতে এক সক্রিয় ভূমিকা পালন কৰে।

26. ৰাষ্ট্ৰীয় আয় গণনা কৰাৰ সময়ত সংযোজিত মূল্য কিয় গণনা কৰা প্রয়োজন?
উত্তৰঃ- জাতীয় আয় হৈছে এটা নির্দিষ্ট বছৰত উৎপাদিত দ্রব্য আৰু সেৱাকাৰ্যৰ মুঠ সমষ্টি। আকৌ দেশএখনৰ এটা বছৰত সকলো উৎপাদন প্রতিষ্ঠানৰ মূল্য সংযোজন সমষ্টিক মুঠ ঘৰুৱা উৎপাদন বোলে। গতিকে এই ৰাষ্ট্ৰীয় আয় গণনা কৰাৰ সময়ত একেবিধ সামগ্রী একাধিকবাৰ গণনা কৰাৰ পৰা আঁতৰি থাকিব লাগে। সেয়ে নহ'লে দেশখনত প্ৰকৃততে উৎপাদিত সা-সামগ্ৰীৰ মুল্যতকৈ জাতীয় আয়ৰ মূল্য অধিক হ'ব। সেয়েহে জাতীয় আয় গণনা কৰাৰ সময়ত সংযোজিত মূল্য গণনা কৰা প্রয়োজন।

27. ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় কি?     HS-2013
উত্তৰঃ- ৰাষ্টীয় ব্যয়যোগ্য আয় হ'ল এখন দেশৰ বাসিন্দাসকলৰ সকলো ধৰণৰ আয়ৰ সমষ্টি যিখিনি তেওঁলোকৰ উপভোগ আৰু সঞ্চয়ৰ পৰা আহে। ই বজাৰ দৰত জাতীয় আয় আৰু পৃথিৱীৰ আন আন দেশসমূহৰ পৰা পোৱা নিগুট চলিত হস্তান্তৰৰ পৰা পোৱা আয়ৰ সমষ্টি। ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় দুই প্রকাৰৰ-
(১) স্থূলজাতীয় ব্যয়যোগ্য আয় (GNP)।
(২) নিগুট জাতীয় ব্যয়যোগ্য আয় (NNP)।

28. বিনিয়োগ কি?    HS-2015
উত্তৰঃ- এক নির্দিষ্ট সময়ত কিছুমান স্থিৰ মূলধন জাত সামগ্রী যেনে— নতুন যন্ত্রপাতি, কলকাৰখানাৰ ঘৰ, পথ, দলং ইত্যাদিৰ মজুত বৃদ্ধি হয় তাকেই বিনিয়োগ বোলে। এই বিনিয়োগৰ জৰিয়তে উৎপাদন বৃদ্ধি পায় আৰু নতুন নিয়োগৰ সৃষ্টি হয়।

29. পূর্বৱতী দ্রব্য কি?
উত্তৰঃ-উৎপাদন প্রতিষ্ঠান এখনে এটা বছৰৰ পৰা আন এটা বছৰলৈ কঢ়িয়াই নিয়া বিক্রী নোহোৱা সম্পূর্ণ বা অসম্পূর্ণ দ্রব্য বা কেঁচামালৰ উপস্থিতিক 'পূর্বৱর্তী দ্রব্য' বোলা হয়।

30. GDP গণনাত মধ্যৱৰ্তী দ্রব্যৰ মূল্য অন্তৰ্ভুক্ত কৰা নহয় কিয়?
উত্তৰঃ- জাতীয় আয় GDP গণনা কৰোতে কেৱল চূড়ান্ত দ্রব্যবিলাকৰ মূল্যহে জাতীয় আয়ৰ অন্তর্ভুক্ত কৰা হয়। কিয়নো জাতীয় আয় গণনাৰ এটা প্রধান অসুবিধা হ'ল দ্রব্যসমূহ দুবাৰ গণনাৰ সম্ভাৱনীয়তা। এনেদৰ একাধিকবাৰ গণনাৰ বাবে দ্রব্যটোৰ লেনদেনৰ মূল্য প্রকৃত মূল্যতকৈ অধিক হ'বগৈ। সেয়েহে এনে সমস্যাসমূহৰ সমাধানৰ বাবে মধ্যৱতী ব্যৱহাৰ দ্রব্যসমূহৰ মূল্য GDP গণনাত অন্তর্ভুক্ত কৰা নহয়।

31. (I-A) + (9G-T)=M-X এটা সমীকৰণটোৰ M-X অংশটোৱে কি বুজাইছে?
উত্তৰঃ- M-Xক বাণিজ্যিক ঘাটি বুজায়। X=Export হ'ল দেশৰ পৰা হোৱা বহিঃপ্রবাহ আৰু M=Import হ'ল দেশলৈ অহা আন্তঃপ্রবাহ। ইয়াৰ সহায়ত ৰপ্তানি আয়ৰ তুলনাত দেশৰ অর্থনীতিত কিমান-অধিক পৰিমাণৰ আমদানি ব্যয় বহন কৰিব লাগে সেইটো গণনা কৰা হয়।

32. তলৰ সমীকৰণটোৰ কোনটো অংশই ঘাটি বাজেট সূচায়? (I-S) + (G-T)=M-Y
উত্তৰঃ- সমীকৰণটোৰ (G-T)ৰ সহায়ত চৰকাৰে লাভ কৰা ৰাজহৰ তুলনাত চৰকাৰী ব্যয়ৰ পৰিমাণ কিমান বেছি তাক গণনা কৰা হয়। ইয়াক ঘাটি বাজেট বুলি কোৱা হয়।

33. GDP সংকোচক কি?        HS-2018
উত্তৰঃ- সাধাৰণ আৰু প্রকৃত GDPৰ অনুপাতেই হ'ল GDP ৰ সংকোচক।
GDP সংকোচক =    x 100%

34. মুঠ বিনিয়োগ আৰু নিগুট (শুদ্ধ) বিনিয়োগৰ মাজত পার্থক্য লিখা।    HS-2014, 2015
উত্তৰঃ- যেতিয়া মূলধন সামগ্ৰীৰ অন্তিম ব্যৱহাৰৰ উপযোগী অংশ বিনিয়োগ কার্যত ব্যৱহাৰ হয়, তেতিয়া সেই বিনিয়োগক সৰ্বমুঠ বিনিয়োগ বুলি কোৱা হয়। উদাহৰণস্বৰূপে যন্ত্র-পাতি, ৰাস্তা-ঘাট, দলং, বন্দৰ, ভঁৰাল ঘৰ আদি সৰ্বমুঠ বিনিয়োগৰ অন্তুর্গত। কিন্তু সর্বমুঠ বিনিয়োগৰ পৰা ক্ষয়-ক্ষতিৰ পৰিৱর্তনৰ যোৰা মাৰিবলৈ আছুতীয়াকৈ ৰখা বিনিয়োগৰ পৰিমাণ বিয়োগ কৰিলে নিগুট বিনিয়োগ পোৱা যায়। নিগুট বিনিয়োগ = মুঠ বিনিয়োগ— মূলধনৰ ক্ষয়ক্ষতি।

35. সবল অর্থনীতিত আয়ৰ চক্ৰীয় প্ৰবাহৰ ধাৰণাটো ব্যাখ্যা কৰা।    HS-2018
উত্তৰঃ- এটা সবল অর্থনীতিত উৎপাদনৰ উপাদানসমূহে উৎপাদন প্রক্রিয়াত দায়িত্ব পালন কৰাৰ বাবে প্রতিষ্ঠানৰ পৰা আয় অর্জন কৰে আৰু এই সমুদায় আয় উৎপাদন কৰা দ্রব্য আৰু সেৱাসমূহ ক্ৰয় কৰাত ব্যয় কৰে। উৎপাদনৰ উপাদানসমূহৰ কোনো সঞ্চয় নাথাকে। অর্থনীতিত গৃহস্থী গোটসমূহে কৰা মুঠ উপভোগৰ ব্যয়ৰ পৰিমাণ প্রতিষ্ঠানসমূহে দ্রব্য আৰু সেৱাসমূহ উৎপাদন কৰোতে হোৱা মুঠ ব্যয়ৰ সমান। বছৰৰ পিছত বছৰ ধৰি অর্থনীতি এটাৰ মুঠ আয় উৎপাদন প্রতিষ্ঠানসমূহ আৰু পৰিয়ালৰ গোটসমূহ দুই খণ্ডৰ মাজেৰে চক্রীয়ভাৱে প্রবাহিত হয়।

36. এখন ব্যৱসায় প্রতিষ্ঠানে বছৰি 500 টকাৰ দ্রব্য উৎপাদন কৰে আৰু ইয়াৰ বাবে 250 টকাৰ মধ্যৱৰ্তী দ্রব্য ব্যৱহাৰ কৰে। যদি প্রতিষ্ঠানখনৰবছৰি মূলধনৰ ক্ষয়ক্ষতিৰ পৰিমাণ 20 টকা হয় তেনেহ'লে প্রতিষ্ঠানখনৰ মুঠ মূল্য সংযোজন নিগুটি মূল্য সংযোজন গণনা কৰা। HS-2013
উত্তৰঃ- স্থূল মূল্য সংযোজন
    GVA উৎপাদন প্রতিষ্ঠানৰ উৎপাদিত মূল্য – মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য
= 500 - 250 টকা।
    নিগুট মূল্য সংযোজন NVA= স্থল মূল্য সংযোজন - অৱক্ষয়
= 250 - 20 টকা।
= 230 টকা।

37. ধৰা বজাৰ দৰত নিগুট উৎপাদন (NNP), এখন দেশৰ 1600 কোটি টকা। যদি, পৰোক্ষ কৰ 100 কোটি টকা আৰু সাহাৰ্য্য 80 কোটি টকা হয়, দেশখনৰ জাতীয় আয়ৰ পৰিমাণ নির্ণয় কৰা।    HS-2016
উত্তৰঃ- জাতীয় আয় = নিগুট উৎপাদন - পৰোক্ষ কৰ + সাহার্য।
NI = NNP - Indirect taxes + Sabsidies
NI = 1600 - 1000 + 80
= 1680 - 100
= 1580 কোটি টকা

38. উৎপাদন মূল্যত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন কি?
উত্তৰঃ-দ্ৰব্য আৰু সেৱাৰ উৎপাদনত আগবঢ়োৱা অৱদানৰ বাবে উৎপাদনৰ উপাদানসমূহক খাজনা, মজুৰি, সুদ আৰু লাভৰ মাধ্যমেৰে পৰিশোধ কৰা হয়। অর্থাৎ এখন দেশত এবছৰত উৎপাদন কার্যত যি ব্যয় কৰা হৈছে সিয়ে উপাদন দৰত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন। ইয়াক তলত দিয়াৰ দৰে ব্যাখ্যা কৰিব পাৰি—
    জাতীয় আয = বেতন, মজুৰি আৰু পৰিপূৰক উপার্জন + নিগম, অনিগম আৰু চৰকাৰী ব্যৱসায় প্রতিষ্ঠানৰ মুনাফা + সকলো প্ৰকাৰৰ খাজনা + সকলো প্ৰকাৰৰ সুদ + বিদেশৰ পৰা হোৱা উপাদানৰ পৰিশোধ + হস্তান্তৰিত পৰিশোধ।

39. ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় কি?
উত্তৰঃ-ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় হ'ল বজাৰ মূল্যত নিগুট বা শুদ্ধ জাতীয় আয় + বিশ্বৰ অন্যান্য প্রান্তৰ পৰা প্রবাহিত হোৱা হস্তান্তযোগ্য আয়। ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয়ৰ ধাৰণাটোৱে অর্থনীতি এটাৰ সর্বোচ্চ পৰিমাণৰ ব্যৱহাৰযোগ্য দ্রব্য আৰু সেৱাৰ পৰিমাণক বুজায়। ৰাষ্ট্ৰীয় আয়ৰ দুটা ধাৰণা হৈছে— (১) স্থূল জাতীয় ব্যয়যোগ্য আয় আৰু
(২) নিগুঢ় বা শুদ্ধ ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয়।

40. জাতীয় আয় গণনাৰ প্ৰসঙ্গত দ্বৈত গণনাৰ সমস্যা বুলিলে কি বুজা?     HS-2016
উত্তৰঃ- ৰাষ্ট্ৰীয় আয় গণনাৰ সময়ত কেতবোৰ মধ্যৱর্তী সামগ্রী হিচাপত দুবাৰ বা ততোধিক বাৰ ধৰা হয়, তাক দ্বৈত হিচাপ বোলা হয়। কপাহ আৰু কাপোৰ এনেবিধ সামগ্রী। উদাহৰণস্বৰূপে- কপাহী সূতাৰ কামিজ এটাৰ মূল্য দুশ টকা। এই অন্তিম ব্যৱহাৰ কামিজটোৰ মূল্যত কামজিটো তৈয়াৰ কৰোঁতে ব্যৱহাৰ হোৱা মধ্যৱর্তী ব্যৱহাৰ সামগ্রী অর্থাৎ কপাহী সূতাৰ দামটো ধৰা আছে। অর্থাৎ দুশ টকাৰ ভিতৰত এটা অংশ হ'ব কামিজটো উৎপাদন কৰোঁতে ব্যৱহাৰ কৰা কপাহী সূতাৰ দাম। এনে স্থলত কামজিটোৰ দাম আৰু সেই কামিজ তৈয়াৰ কৰোঁতে ব্যৱহৃত হোৱা কপাহী সূতাৰ দাম বেলেগে বেলেগে লৈ দুয়োটা দামৰ যোগফলটো ল'লে কপাহী সূতাৰ দাম হিচাপত দুবাৰ ধৰাতো বুজাব। এইদৰে একাধিকবাৰ গণনা কৰাৰ ফলত যি পৰিমাণৰ জাতীয় আয় পোৱা যাব সেই পৰিমাণটো প্রকৃততে উৎপাদন হোৱা সামগ্ৰীৰ মুঠ মূল্যতকৈ অধিক হ'ব। সেয়েহে দ্বৈত হিচাপৰ ফলত মুঠ ঘৰুৱা উৎপাদন শুদ্ধকৈ পাব নোৱাৰি। গতিকে জাতীয় আয়ৰ গণনাৰ ক্ষেত্ৰত দ্বৈত গণনা পৰিহাৰ কৰা হয়।

41. মুঠ ঘৰুৱা উৎপাদনৰ পৰা কেনেদৰে মুঠ জাতীয় উৎপাদন পাব পাৰি?
উত্তৰঃ- এটা বিত্তীয় বছৰত এখন দেশৰ ভিতৰত সৰ্বমুঠ অন্তিম ব্যৱহাৰৰ উপযোগী সামগ্ৰী আৰু সেৱা কাৰ্যৰ বজাৰ মূল্যই হৈছে মুঠ ঘৰুৱা উৎপাদন। সৰ্বমুঠ জাতীয় উৎপাদন হৈছে সৰ্বমুঠ ঘৰুৱা উৎপাদন + বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ। সেয়েহে সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ লগত বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ যোগ দিলে মুঠ জাতীয় উৎপাদন পোৱা যায়।

42. উপভোগ্য দ্রব্য আৰু মূলধনী দ্রব্যৰ মাজত পার্থক্য লিখা।    HS-2014, 2015
উত্তৰঃ- উপভোগ্য দ্রব্য আৰু মূলধনী দ্রব্যৰ মাজৰ পার্থক্য হ'ল—
(১) উপভোক্তাই অভাৱ দূৰ কৰিবৰ কাৰণে যিবোৰ সামগ্রী ক্রয় কৰে, সেইবোৰ সামগ্রীকে উপভোগ্য সামগ্রী বোলে। আনহাতে, যিবোৰ সামগ্রী উৎপাদন কার্যত ব্যৱহাৰ কৰা হয়, সেইবোৰ সামগ্ৰীকে মূলধনী সামগ্রী বুলি কোৱা হয়।
(২) উপভোগ্য সামগ্ৰীসমূহৰ কোনো স্থায়ীত্ব নাই। কিন্তু মূলধনী সামগ্ৰীসমূহ উৎপাদন কার্যত বহুৱাৰ ব্যৱহাৰকৰা হয়। এনে সামগ্ৰীৰ স্থায়ীত্ব থাকে।
(৩) উপভোগ্য দ্রব্য পুনৰ ব্যৱহাৰ কৰা নহয় কিন্তু মূলধনী দ্রব্য উৎপাদন কার্যত পুনৰ ব্যৱহাৰযোগ্য।

43. উপভোক্তাৰ দৰ সুচাংক আৰু পাইকাৰী দৰ সূচাংকৰ মাজৰ পার্থক্য লিখা।
উত্তৰঃ- উপভোক্তাৰ দ্ৰৰ সূচাংক আৰু পাইকাৰী দৰ সুচাংকৰ মাজৰ পার্থক্য হৈছে–
(১) উপভোক্তাৰ দৰ সুচাংক সামগ্ৰীৰ খুচুৰা দৰৰ ভিত্তিত সংগ্ৰহ কৰা হয়। কিন্তু পাইকাৰী দৰ সূচাংক গঠন কৰিবলৈ সামগ্ৰীৰ পাইকাৰী দৰ সংগ্ৰহ কৰা হয়।
(২) কোনো এক শ্রেণীৰ জীৱন নির্বাহৰ মানদণ্ড জুখিবলৈ উপভোক্তাৰ দৰ সূচক ব্যৱহাৰ কৰা হয়। আনহাতে দেশৰ মুদ্ৰাৰ মূল্য নিৰূপণৰ বাবে পাইকাৰী দৰ সূচাংক ব্যৱহাৰ কৰা হয়।
(৩) দৈনন্দিন জীৱনত পাইকাৰী দৰ সূচাংকতকৈ উপভোক্তাৰ দৰ সূচাংকৰ গুৰুত্ব বেছি।

44. উৎপাদনৰ উপাদান চাৰিটাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ- উৎপাদনৰ উপাদান চাৰিটা হ'ল— ভূমি, শ্রম, মূলধন আৰু সংগঠন।
    ইহঁতৰ বৈশিষ্ট্যসমূহ হ'ল— (১) ভূমিঃ- ভূমি প্রকৃতিৰ মুক্ত অৱদান। ইয়াৰ যোগানৰ হ্রাস বৃদ্ধি নহয়। ঠাই বিশেষে ভূমিৰ গুণাগুণৰ পার্থক্য থাকে যদিও ইয়াৰ ভৌগোলিক গতিশীলতা নাই। উৎপাদন কার্যৰ ব্যৱহাৰত ই খাজনা লাভ কৰে।
(২) শ্রমঃ- ই উৎপাদনৰ এক গুৰুত্বপূর্ণ উপাদান। শ্রম মজুত কৰি ৰাখিব নোৱাৰি। শ্ৰমিকৰ দৰ-দাম কৰাৰ অসুবিধা। কামৰ পৰিৱেশ, সময়, অৱসৰ-বিনোদন আদিয়ে শ্ৰমৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। শ্ৰমৰ বিনিময়ত শ্রমিকে মজুৰি পায়।
(৩) মূলধনঃ- উৎপাদন ব্যৱস্থাত ব্যৱহাৰ হোৱা মূলধন হৈছে মানৱ সৃষ্ট উপাদান। ইয়াক হ্রাস-বৃদ্ধি কৰা যায়। সকলো মূলধনেই সম্পদ আৰু উৎপাদনমূলক। মূলধনক সঞ্চয় কৰাৰ বাহিৰেও ইয়াক উৎপাদন কার্যত অধিক উৎপাদন বৃদ্ধিৰ বাবে নিয়োগ কৰিব পাৰি। উৎপাদন কার্যত অংশ লোৱা মূলধনে সুদ লাভ কৰে।
(৪) সংগঠকঃ- উৎপাদন কার্যত ব্যৱহাৰ হোৱা আন এক অতি গুৰুত্বপূর্ণ উপাদন হ'ল সংগঠক। ই উৎপাদনৰ সকলো কার্য নিয়ন্ত্রণ কৰে। সংগঠক অনিশ্চয়তাত থকাৰ লগতে ব্যৱসায়ৰ লাভ লোকচানৰ প্রকৃত অংশীদাৰ।

45. ৰাষ্ট্ৰীয় আয় গণনাৰ প্ৰসংগত অৱক্ষয়ৰ ধাৰণাটো লিখা।     HS-2015, 2017
উত্তৰঃ- মূলধনজাত সামগ্রীবোৰৰ এক নির্দিষ্ট জীৱন কাল থাকে। বাৰম্বাৰ ব্যৱহাৰ কৰাৰ ফলত যন্ত্র-পাতিৰ কিছু ক্ষয়-ক্ষতি হয় আৰু তেতিয়া যন্ত্ৰটোৰ উৎপাদন ক্ষমতা হ্রাস হয়। এইদৰে যন্ত্ৰটোৰ উৎপাদিকা শক্তি বছৰে বছৰে কমি অহাৰ ফলত এটা সময়ত গৈ যন্ত্ৰটো সম্পূর্ণ অচল হৈ পৰে। সেই অৱস্থাত পুৰণি যন্ত্ৰটো আঁতৰাই নতুন যন্ত্র এটা উৎপাদন কার্যত ব্যৱহাৰ নকৰিলে মুঠ উৎপাদনৰ পৰিমাণ কমি যাব। এই ক্ষয় ক্ষতিৰ জোৰা মাৰিবলৈ ক্ষয় ক্ষতিত বানচত হিচাপ কৰা হয়। এই ক্ষয় ক্ষতিৰ পৰিমাণ ৰাষ্ট্ৰীয় আয় গণনাৰ সময়ত বিয়োগ কৰা হয়।

46. এখন দেশৰ কল্যাণৰ সূচক হিচাপে GDPক ব্যৱহাৰ কৰাৰ কিছুমান সীমাবদ্ধতা লিখা।  HS-2018, 2022
(নাইবা)
মুঠ ঘৰুৱা উৎপাদন GDPক দেশ এখনৰ জনসাধাৰণৰ কল্যাণৰ মাপৰ সূচক বুলি গণ্য কৰাটো কিয় শুদ্ধ নহয় আলোচনা কৰা।

উত্তৰঃ- বর্ধিত GDPক এখন দেশৰ কল্যাণৰ সূচকৰূপে গণ্য কৰিব নোৱাৰি। ইয়াৰ কাৰণবোৰ হৈছে-
(১) GDP যদি সীমিত সংখ্যক ব্যক্তি বা প্রতিষ্ঠানৰ হাতত কেন্দ্রীভূত হৈ থাকে, তেন্তে সমাজৰ বাকী মানুহৰ আয়ৰ পৰিমাণ কমি আহিব পাৰে। এনে ক্ষেত্ৰত দেশত কল্যাণৰ হাৰ হ্রাস হয়।
(২) অর্থনীতিত এনে বহু কার্যপ্রণালী আছে যিবোৰ মুদ্ৰাৰ ৰূপত মূল্য নিৰূপণ কৰা নহয়। গতিকে GDP গণনাৰ পৰা দেশখনৰ প্রকৃত কল্যাণত পোৱা নাযায়।
(৩) এজন ব্যক্তি বা উৎপাদনৰ উপাদান এটাই প্রতিষ্ঠানৰ কার্যকলাপত বা উৎপাদনত প্ৰভাৱ পেলোৱাটোক বাহ্যিকতা বুলি ধৰা হয়। উদাহৰণস্বৰূপে, কল-কাৰখানাৰ পৰা ওলোৱা বাহ্যিক পদার্থ যেনে ধোঁৱাই পৰিৱেশ নষ্ট কৰে। কিন্তু সুন্দৰ বাগিছা এখনে মনত আনন্দ বা সন্তুষ্টি দিব পাৰে। মানুহে সন্তুষ্টি বা অশান্তি ভোগা এনে বাহ্যিক কাৰকবোৰক GDPৰ হিচাপত ধৰা নহয়।
    সেয়ে GDP দেশ এখনৰ কল্যাণৰ সূচক হিচাপে গণ্য কৰা নাযায়।

47. মুঠ ঘৰুৱা উৎপাদন (GDP) গণনাৰ আয় পদ্ধতিটো ব্যাখ্যা কৰা।     HS-2013, 2015, 2017, 2022
উত্তৰঃ- মুঠ ঘৰুৱা উৎপাদন (GDP) গণনা কৰাৰ আয় পদ্ধতিত উৎপাদন উপাদানসমূহৰ আয়ৰ পৰিমাণেৰে যোগ কৰা হয়। উৎপাদনৰ উপাদানবোৰ— ভূমি, শ্রম, মূলধন আৰু সংগঠক, এই উপাদানকেইটাৰ আয় যথাক্রমে খাজনা, মজুৰি, সুদ আৰু লাভ হিচাপে ধৰে। গতিকে GDP= খাজনা + মজুৰি + সুদ + লাভ। ধৰি লোৱা হ'ল যে দেশখনত মুঠ পৰিয়ালৰ সংখ্যা হ'ল, M আৰু R1,W1,Im আৰু P1 হ'ল i পৰিয়ালৰ হাতলৈ অহা খাজনা (R1), মজুৰি (W1), সুদ (Im) আৰু লাভৰ পৰিমাণ। (P1)। গতিকে ইয়াত সৰ্বমুঠ ঘৰুৱা উৎপাদন হ'ব। 

এই পদ্ধতিৰ অর্থনীতিত সকলো প্রতিষ্ঠানে লাভ কৰা ৰাজহৰ পৰিমাণ উৎপাদনৰ উপাদান চাৰিটাৰ মাজত বিতৰণ কৰা হয়।

48. তলত দিয়া তথ্যৰ পৰা ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয় নির্ণয় কৰা।    HS-2015
(ক) কাৰক ব্যয়ত NDP         9000
(খ) বিদেশৰ পৰা সৰ্বমুঠ কাৰক আয়     150
(গ) বিতৰণ নোহোৱা লাভ        500
(ঘ) কপ'ৰেট কৰ        600
(ঙ) পৰিয়ালে গ্ৰহণ কৰা সুত     1200
(চ) পৰিয়ালে পৰিশোধ কৰা সুত     1000
(ছ) হস্তান্তৰ আয়        400
(জ) ব্যক্তিগত কৰ        600

উত্তৰঃ- ব্যক্তিগত আয = কাৰক ব্যয়ত NDP-কৰ্প'ৰেট কৰ + হস্তান্তৰ আয় – বিতৰণ নোহাৱা লাভ + (পৰিয়ালে গ্রহণ কৰা, সুত - পৰিয়ালে পৰিশোধ কৰা সুত + বিদেশৰ পৰা সৰ্বমুঠ কাৰক আয়
⇒{9000-600+400-500+(1200-1000)+150} =8,650 টকা ব্যক্তিগত ব্যয়সাধ্য আয = ব্যক্তিগত আয় - ব্যক্তিগত কৰ =(8,650 - 600) টকা =8050 টকা

49. ধৰা হ'ল এটা নির্দিষ্ট বছৰত এখন দেশৰ বজাৰ দৰত GDPMP ৰ পৰিমাণ Rs. 1100 কোটি। বিদেশৰ পৰা হোৱা উপাদানৰ প্ৰকৃত আয় (NFIA) Rs. 100 কোটি, শুদ্ধ পৰোক্ষ কৰৰ পৰিমাণ Rs.150 কোটি আৰু জাতীয় আয়ৰ পৰিমাণ Rs. 850 কোটি হ'লে, ক্ষয়-ক্ষতিৰ সৰ্বমুঠ মূল্য কিমান হ'ব গণনা কৰা।     HS-2018
উত্তৰঃ- আমি জানোযে বজাৰ দৰত NNP=GNP-অৱক্ষয় (D) গতিকে, অৱক্ষয় (D)=GNP-NNP.....(1) আনহাতে GNP=GDP+NFI from abroad-----(2) প্রশ্নমতে, GDP=1100 কোটি টকা আৰু বিদেশৰ পৰা পোৱা উপাদানৰ প্রকৃত আয় (NFI) হৈছে 100 কোটি গতিকে এই মান দুটা সমীকৰণ (2)ত বহুৱাই আমি পাওঁ যে GNP=1,100+100=1,200 কোটি টকা ---(3) ।
    সমীকৰণ (1)ৰ বাবে, আমি NNPৰ মান উলিয়াব লাগিব।
    আমি জানো যে, NNP (বজাৰ দৰ) = National Income + (Indirect taxes-Subsidies)
    এতিয়া প্ৰশ্নত দিয়া তথ্য উপস্থাপন কৰি, NNP (at market Price)=850 কোটি টকা +150 কোটি টকা NNP (at market Price)=1000 কোটি -------(4)
    এতিয়া সমীকৰণ (3) আৰু (4) ৰ মানবোৰ সমীকৰণ (1)ত বহুৱাই পাম।
    অৱক্ষয় (D)=(1200-1000) কোটি টকা। Or Depricition বা অৱক্ষয় =200 কোটি টকা।
    এতেকে অৱক্ষয়ৰ সৰ্বমুঠ মান হ'ল 200 কোটি টকা।

50. উৎপাদন ব্যয়ত নিগুট ৰাষ্ট্ৰীয় উৎপাদন কি?     HS-2013
উত্তৰঃ- নিগুট ৰাষ্ট্ৰীয় আয় বজাৰ মূল্যত নিৰ্ধাৰণ কৰা হয়। অর্থাৎ এখন দেশত এটা বছৰত উৎপাদন হোৱা বিভিন্ন দ্রব্য সামগ্ৰীৰ বজাৰ মূল্য যোগ কৰি নিগুট ৰাষ্ট্ৰীয় আয় নির্ধাৰণ কৰা হয়। দ্রব্যৰ বজাৰৰ দৰত পৰোক্ষ ব্যৱসায়িক কৰ আৰু চৰকাৰে আগবঢ়োৱা ৰেহাই মূল্য অন্তর্ভুক্ত হৈ থাকে। পৰোক্ষ ব্যৱসায়িক কৰ ধাৰ্য কৰাৰ কাৰণে দ্রব্যৰ বজাৰ মূল্য বৃদ্ধি হয় আৰু চৰকাৰে বিভিন্ন উপাদান ক্ষেত্রলৈ আগবঢ়োৱা বিভিন্ন ৰেহাইমূলক সাহাৰ্যৰ বাবে দ্রব্যৰ বজাৰত দৰ কম হয়। গতিকে এখন দেশত ৰাষ্ট্ৰীয় আয়ৰ প্রকৃত পৰিমাণ নির্ধাৰণৰ অৰ্থে বজাৰ মূল্য নির্ধাৰণ কৰা নিগুট ৰাষ্ট্ৰীয় আয়ৰ পৰা মুঠ পৰোক্ষ ব্যৱসায়িক খিনি বাদ দিব লাগে আৰু চৰকাৰে আগবঢ়োৱা ৰেহাইমূলক সাহার্যখিনি যোগ দিব লাগে। ইয়াৰ ফলত যি পৰিমাণৰ ৰাষ্ট্ৰীয় আয় প্রাপ্ত হয় তাকেই উৎপাদনৰ উপাদানৰ ব্যয়ত ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয়। অর্থাৎ বজাৰ মূল্যত ৰাষ্ট্ৰীয় আয় -পৰোক্ষ কৰ + ৰেহাইমূলক সাহার্য = উৎপাদনৰ উপাদানৰ ব্যয়ত ৰাষ্ট্ৰীয় আয়।


 Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics, History. 

Previous
Next Post »

5 Comments

Click here for Comments
Unknown
admin
December 23, 2022 at 12:58 PM ×

Very helpful to the students of HS second year.

Reply
avatar
Unknown
admin
December 24, 2022 at 11:05 AM ×

Helpful to the students of hs second year.

Reply
avatar
Xyz
admin
January 11, 2023 at 5:34 PM ×

Very good and very nice ❤️❤️

Reply
avatar