-->

Class 12 Economics: দৰিদ্ৰতা । Poverty in Assamese

 Current Challenges facing Indian Economy

Poverty in India

ভাৰতত দৰিদ্ৰতা


1. ভাৰতৰ আটাইতকৈ বেছি দৰিদ্ৰ লোক বাস কৰা ৰাজ্য কোনখন? 

উত্তৰঃ- উৰিষ্যা (৪৭.২ শতাংশ)


2. প্রাক্-স্বাধীনতাৰ কালছোৱাত ভাৰতবৰ্ষত দাৰিদ্র সীমাৰেখাৰ ধাৰণাটো কোনে পোন প্রথমে আলোচনা কৰিছিল?

উত্তৰঃ- দাদাভাই নৌৰজীয়ে।


3. বিশ্বৰ দুখীয়া লোকৰ কিমান শতাংশ ভাৰতত বাস কৰে? 

উত্তৰঃ- একপঞ্চমাংশ।


4. কোন চনত পৰিকল্পনা আয়োগে দুখিয়াৰ সংখ্যা নিৰূপণৰ বাবে এটা অধ্যয়ন গোট গঠন কৰিছিল?

উত্তৰঃ- ১৯৬২ চনত।


5. ১৯৭৯ চনত গঠন কৰা নিকায়টোৰ নাম কি?

উত্তৰঃ- Task Force on Projections of Minimum Need and Effective Consumption Demand


6. গ্রাম্য আৰু চহৰ অঞ্চলত প্রয়োগ কৰা এখন আত্মনিয়োগ আঁচনিৰ নাম লিখা।

উত্তৰঃ- প্রধান মন্ত্রী গ্রামোদ্যোগ যোজনা (PMGY)। 


7. PMGY আঁচনিখন কোন চনত আৰম্ভ কৰা হৈছিল? 

উত্তৰঃ- ২০০০-০১ চনত।


8. গ্রামাঞ্চলৰ লোক এজনৰ বাবে প্রয়োজনীয় কেলৰিৰ পৰিমাণ কিমান? 

উত্তৰঃ- ২৪০০ কেলৰি।


9. চহৰ অঞ্চলৰ লোক এজনৰ বাবে প্রয়োজনীয় কেলৰিৰ পৰিমাণ কিমান?

উত্তৰঃ- ২১০০ কেলৰি। 


10. 'দৰিদ্ৰতা ৰেখা' বা 'দৰিদ্র সীমাৰেখা' বুলিলে কি বুজা?

উত্তৰঃ- দৰিদ্র সীমাৰেখা বুলিলে মানুহে তেওঁলোকৰ মৌলিক ন্যূনতম প্রয়োজনীয়খিনি ক্ৰয় কৰিব পৰা ক্ষমতাকে বুজায়।


11. ভাৰতৰ মুঠ দুখীয়া লোকৰ ৭০ শতাংশই বাস কৰা ৰাজ্যকেইখনৰ নামবোৰ লিখা।

উত্তৰঃ- উত্তৰ প্রদেশ, বিহাৰ, মধ্যপ্রদেশ, পশ্চিমবংগ আৰু উৰিষ্যা। 


12. দৰিদ্ৰতা সম্পৰ্কীয় তথ্যসমূহ কোনে প্রকাশ কৰে?

উত্তৰঃ- পৰিকল্পনা আয়োগে।


13. দৰিদ্ৰ কেই প্ৰকাৰৰ আৰু কি কি? 

উত্তৰঃ- সাধাৰণতে দৰিদ্ৰ বা দুখীয়াসকলক তিনি প্ৰকাৰত ভাগ কৰিব পাৰি, যেনে- পৰম ৰূপৰ দৰিদ্র, অতি দৰিদ্ৰ আৰু দৰিদ্র| 


14. অ-দুখীয়া বা ধনী শ্ৰেণীৰ প্ৰকাৰবোৰ কি কি?

উত্তৰঃ- অ-দুখীয়া শ্রেণীবোৰ হ'ল- মধ্যবিত্ত শ্রেণী, উচ্চ মধ্যবিত্ত শ্রেণী, ধনী বা বিত্তশালী, অতি ধনী আৰু পৰম ৰূপৰ ধনী শ্রেণী।


15. অ-দুখীয়া বা ধনী লোক কাক বোলে?

উত্তৰঃ- যিসকল লোক কোনো দিনে কোনো কাৰণতে দুখীয়া নহয়, সেইসকল লোকক অদুখীয়া বা ধনী লোক বোলে। 


16. ভাৰতৰ দৰিদ্ৰতাৰ লগত জড়িত তথ্য কোনটো সংগঠনে সংগ্ৰহ কৰে? 

উত্তৰঃ- ৰাষ্ট্ৰীয় নমুনা জৰীপ সংগঠন (National Sample Survey Organisation (NSSO) য়ে সংগ্ৰহ কৰে। 


17. দৰিদ্ৰতা আৰু দৰিত্ৰ মানে কি? 

উত্তৰঃ- দৰিদ্ৰতা- খাদ্য, বস্ত্ৰ, বাসস্থল, বিশুদ্ধ খোৱা পানীৰ লগত স্বাস্থ্য, শিক্ষা, সামাজিক সম্মান ইত্যাদি জীষন ধৰণৰ মান নিৰূপণ কৰা কাৰকসমূহৰ পৰা বঞ্চিত অৱস্থাকে দৰিদ্ৰতা বোলে।

এই সুবিধাসমূহ ভোগৰ পৰা বঞ্চিত সকল দৰিদ্ৰ বোলে। 


18. ভাৰতবৰ্ষত দৰিদ্ৰতাৰ মূল কাৰণসমূহ কি কি? 

উত্তৰঃ- গ্ৰাম্য ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ মূল কাৰণমূহ হ'ল— ভূমি মালিকীস্বত্বৰ অভাৱ, কৃষখণ্ডৰ উদ্ভৱ হোৱা ঋতুজ নিবনুৱা, অশিক্ষিত আৰু অদক্ষ শ্ৰমিকৰ পাদুৰ্ভাৱ, সীমিত কৃষি উৎপাদনৰ পৰিমাণ, শিশ্ন মজুৰিৰ হাৰ ইত্যাদি।


19. বয়োজ্যেষ্ঠ লোক, দৰিদ্ৰ আৰু নিঠৰুৱা মহিলাসকলৰ বাবে চৰকাৰে কি কি আঁচনি গ্ৰহণ কৰিছে? 

উত্তৰঃ- বয়োজ্যেষ্ঠ লোকৰ বাবে ৰাষ্ট্ৰীয় সামাজিক সাহাৰ্য আঁচনি (NSAP)।

দৰিদ্ৰ লোকৰ বাবে সম্পূর্ণ গ্ৰামীণ ৰোজগাৰ যোগান (SGRY)।

মহিলাসকলৰ বাবে গ্ৰাম্য অঞ্চলৰ মহিলা আৰু শিশু উন্নয়নৰ আঁচনি (NWCRA)।


20. MGNREGAৰ বিষয়ে চমুকৈ লিখা। HS-2022 

উত্তৰঃ- মহাত্মাগান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ ৰোজগাৰ নিয়োগ নিশ্চিত আঁচনিখনে গ্ৰামীণ নিবনুৱা সকলক ৰোজগাৰৰ জৰিয়তে সহায় কৰি আহিছে৷ যিসকল দৰিদ্ৰ নিবনুৱা লোকৰ কাম কৰাৰ সামর্থ বা ইচ্ছা থকাৰ পিছতো কাম কৰাৰ সুবিধা নাপায় সেইসকলক চৰকাৰে সুবিধা প্ৰধান কৰে। তেওঁলোকে প্ৰথমে চৰকাৰৰ ঘৰত নাম পঞ্জীয়ন কৰিব লাগে। প্ৰথমে এই আঁচনিখন ১০৩ দিনৰ বাবে ১৮২ টকাকৈ ধার্য কৰা হৈছিল। বর্তমান ইয়াৰ পৰিৱর্তন ঘটাই ১৫০ দিন আৰু দৈনিক ২০২ টকালৈ বৃদ্ধি কৰা হৈছে। 


21. পৰম দৰিদ্ৰতা আৰু আপেক্ষিক দৰিদ্ৰতাৰ মাজত পার্থক্য কি? 

উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি পৰম দৰিদ্ৰতা হৈছে এনে এক অৱস্থা য'ত খাদ্য, বিশুদ্ধ খোৱাপানী, অনাময়, স্বাস্থ্য, বাসস্থান, শিক্ষা আৰু তথ্যসহ মৌলিক প্ৰয়োজনীয়তাসমূহৰ অভাৱ। ই কেৱল আয়ৰ ওপৰতে নিৰ্ভৰ নকৰে। এইসমূহৰ সহজলভ্যতাৰ ওপৰতত নিৰ্ভৰ কৰে।

আনহাতে আপেক্ষিক দৰিদ্ৰতা হৈছে একশ্ৰেণী ব্যক্তিৰ আপেক্ষিকভাৱে আর্থিক অৱস্থা আন এক শ্ৰেণীৰ লগত তুলনা কৰা। এই ধাৰণাই পৃথক শ্ৰেণীৰ লোক, অঞ্চল অথবা ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত দৰিদ্ৰতাৰ তুলনামূলক বিশ্লেষণ আগবঢ়ায়।

 

22. দৰিদ্ৰতা কাক কয়? দৰিদ্ৰতাৰ সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপণ কৰে। 

উত্তৰঃ- দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য'ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ যেনে- বাসস্থান, খাদ্য, বস্ত্ৰ, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণৰ পৰা বঞ্চিত হয়। দৰিদ্ৰতা দুই প্ৰকাৰৰ- (১) আপেক্ষিক দৰিদ্ৰতা আৰু (২) চৰম দৰিদ্ৰতা।

দৰিদ্ৰতাৰ সীমাৰেখাই এনে এক নিম্নতম সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত ভাগ কৰে। ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞাৰ মতে গাঁও অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমুৰি নুন্যতম ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি ধৰা হয়। 


23. দৰিদ্ৰতাৰ সীমাৰেখা কি? গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি? 

উত্তৰঃ- যি ৰেখাই মানুহক দুখীয়া আৰু অদুখীয়া হিচাপে ভাগ কৰে সেয়াই দৰিদ্ৰতাৰ সীমা ৰেখা। গাঁও অঞ্চলত দৰিদ্ৰ আৰু অদৰিদ্ৰ নির্ণয় কৰা বিতৰণ ৰেখাই হৈছে গাঁও অঞ্চলৰ দৰিদ্ৰ সীমাৰেখা। আমাৰ দেশৰ গাঁও অঞ্চলত যিজন লোকে খাদ্যৰ যোগেদি। দৈনিক নিম্নতম ২৪০০ কেৰি লাভ কৰিব নোৱাৰে তেওঁক দুখীয়া বুলি ধৰা হয়। একেদৰে যিজন ব্যক্তিয়ে চহৰ অঞ্চত ২১০০ কেলৰি দৈনিক আহৰণ কৰিবলৈ সক্ষম নহয়, তেওঁক চহৰ অঞ্চলত দুখীয়া বুলি গণ্য কৰা হয়। অর্থাৎ গাঁও অঞ্চলত দৈনিক নিম্নতম কেলৰিৰ মান প্ৰতি ব্যক্তিৰ হিচাপত ২৪০০ আৰু চহৰ অঞ্চলত ২১০০ কেলৰিৰ মন ক্ৰমে গাঁও আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা নিৰূপণ কৰে। 


24. আয় উপাৰ্জনকাৰী পৰিসস্পদৰ সৃষ্টিয়ে কেনেদৰে দৰিদ্ৰতৰ সমস্যা সমাধান কি পাবে? 

উত্তৰঃ- দৰিদ্ৰতা দূৰীকৰণত চৰকাৰী বিভিন্ন আঁচনিসমুহৰ লগত আনুষঙ্গিক আয় উপার্জনকাৰী পৰিসম্পদৰ যথাযথ ব্যৱহাৰেহে দৰিদ্ৰতা নিমূল কৰি অর্থনৈতিক উন্নয়নৰ সহায় কৰিব পাৰে। ভূমি বা অন্যান্য পৰিসম্পদৰ সমবিতৰণৰ যোগেদি চৰকাৰী বিষয়াসকলৰ কু-অভিপ্ৰায়সমূহ ৰোধ কৰিব লাগিব। সম্পদৰ অপচয় আৰু অদক্ষ ব্যৱহাৰ তথা সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ ওপৰত সকলো লোকে চলোৱা শোষণমুখী প্ৰক্ৰিয়া ৰোধ কৰিব লাগিব। চৰকাৰী আঁচনিসমূহ কার্যকৰী কৰি অর্থনৈতিক উন্নয়ন কৰিবলৈ সমাজৰ দুখীয়াসকলক সক্ৰিয় অংশ গ্ৰহণৰ সুযোগ দি উৎসাহ প্ৰদান কৰিব লাগিব। নিয়োগ সৃষ্টিৰ জৰিয়তে দৰিদ্ৰসকলৰ আয় বৃদ্ধি, শিক্ষা, স্বাস্থ্যৰ বিকাশ ঘটাব লাগিব। সেই অঞ্চলসমূহৰ ৰাস্তাঘাট নির্মাণ, শক্তি, প্ৰশিক্ষণ, দূৰসংযোগ, তথ্যপ্ৰযুক্তি আদিৰ উন্নতিৰ জৰিয়তে দৰিদ্ৰতাৰ সমস্যা সমাধান কৰিব পাৰি।


25. 'কামৰ বাবে খাদ্য' কাৰ্যসূচীয়ে কি বুজায়? 

উত্তৰঃ- (১) ২০০৪ চনৰ ১৪ নবেম্বৰত এই আঁচনিখন আৰম্ভ কৰা হয়। এই আঁচনিৰ জৰিয়তে শ্ৰমিকসকলক মজুৰীৰ পৰিৱর্তে খাদ্যশস্য যোগান ধৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে দেশৰ অতি পিছপৰা ৰাজ্যসমূহলৈ বিনামূলীয়া খাদ্য যোগানেৰে অতিৰিক্ত নিয়োগ সৃষ্টি কৰি সেই লোকসকলক কর্মমুখী কৰি গঢ়ি তোলে। সেই লোকসকলক দেশৰ বিভিন্ন নির্মাণ কার্য যেনে- ৰাস্তাঘাট, কৃষি, জলসিঞ্চন ইত্যাদি কামৰ বাবে উপযুক্ত কৰি তোলাত শতকৰা ১০০% ভাগেই কেন্দ্ৰীয় চৰকাৰে খৰছ বহন কৰিছিল। 

(২) এই আঁচনিখনৰ প্ৰধান কাম দৰিদ্ৰসকলক খাদ্য যোগানেৰে জীৱন বচোৱা। 

(৩) এই আঁচনিখন সম্পূর্ণ বিনামূলীয়া যদিও খাদ্যশস্য আদান-প্ৰদান কৰা ইত্যাদিবোৰ ৰাজ্য চৰকাৰে বহন কৰিছিল।


26. ভাৰতৰ দৰিদ্ৰতা সমস্যাৰ দুটা কাৰণ লিখা। 

উত্তৰঃ- (১) জনসংখ্যা বৃদ্ধিঃ- অত্যধিক জনসংখ্যা বৃদ্ধিয়ে জীৱন নির্বাহৰ ব্যয় বৃদ্ধি কৰি শিক্ষা, চিকিৎসা, মূলধন গঠন আদিত কৰিবলগীয়া ব্যয়ৰ নাটনি ঘটায় আৰু ইয়াৰ পৰিণামস্বৰূপে একোটা পৰিয়াল আগতকৈয়ো দৰিদ্ৰ হয়। 

(২) নিম্ন আয়ঃ- ভাৰতীয় সকলৰ জনমূৰী আয় অতি নিম্ন হোৱা বাবে এক উচ্চ মূল্যবোধত জীৱন-যাপন কৰাৰ বাবে প্ৰয়োজনীয় উপকৰণবোৰ সংগ্ৰহ কৰাটো সম্ভৱ নহয়। উচ্চ মূল্য স্তৰত সকলো বস্তু ক্ৰয় কৰাটো সম্ভৱ নহয়। 

(৩) নিবনুৱা অৱস্থাঃ- ভাৰতবৰ্ষত অত্যধিক নিবনুৱা সমস্যাৰ বাবে কর্ম সংস্থানৰ অভাৱৰ ফলত একাংশ লোক আয় বিহীনভাৱে জীৱন কটাবলগীয়া হয় আৰু ইয়াৰ বাবে দৰিদ্ৰ অৱস্থা বৃদ্ধি পাইছে। 

(৪) খাদ্য শস্যৰ নাটনিঃ- প্ৰতিকূল বতৰ, খৰাং পৰিৱেশৰ আগমন, প্ৰাকৃতিক দুর্যোগ ইত্যাদিৰ বাবে খাদ্যশস্যৰ নাটনি হৈয়ো দৰিদ্ৰতাৰ উদ্ভৱ হয়। কৃষিজাত দ্ৰব্যৰ মাত্ৰাধিক ৰপ্তানীয়েও কেতিয়াবা খাদ্যশস্যৰ নাটনি কৰে। 

(৫) প্ৰাকৃতিক দুর্যোগঃ- ভাৰতৰ দৰে উন্নয়নশীল দেশত বানপানী, অনাবৃষ্টি, খহনীয়া, প্ৰাকৃতিক দুর্যোগ, বিভিন্ন সংক্ৰামণক বেমাৰ-আজাৰ আদিয়ে মাজে মাজে দৰিদ্ৰ লোকসকলৰ ক্ষতি কৰি আহিছে। তদুপৰি প্ৰাকৃতিক দুর্যোগৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্ত হয় এই দুখীয়া লোকসকল। যাৰ বাবে তেওঁলোকে দৰিদ্ৰতাৰ মেৰপাকৰ পৰা মুক্ত হ'বলৈ অসমর্থ হয়। 

(৬) দৰিদ্ৰতাৰ কুটিল চক্ৰৰ উপস্থিতিঃ- ভাৰতৰ দৰে দেশ এখনত আয় নিম্ন হোৱাৰ বাবে সঞ্চয়ো নিম্ন হয়। বাজেট বিনিয়োগ নিম্ন হয়। নিম্ন বিনিয়োগে আকৌ উৎপাদিকা শক্তি নিম্ন কৰি ৰাখে। তাৰ ফলত আয়ো নিম্ন হয়। এনেকৈ আয় আৰু উৎপাদিকা শক্তিৰ মাজত এটা ঘূর্ণীয়মান সম্পর্ক ৰক্ষা হোৱাৰ বাবে উন্নয়নশীল দেশত দৰিদ্ৰতাৰ সমস্যা ব্যাপক হৈ পৰে।  


27. ধৰা তুমি এখন গাঁৱৰ বাসিন্দা। ইয়াৰ দৰিদ্ৰতা সমস্যা সমাধান কৰিবলৈ কেইটামান পৰামর্শ। আগবঢ়োৱা।

উত্তৰঃ- আমাৰ গাঁওখনৰ দৰিদ্ৰতা সমস্যা সমাধান কৰিবলৈ যাওঁতে আমি প্ৰথমে চাব লাগিব যে আমাৰ গাঁওবাসীয়ে কোনবোৰ প্ৰধান সমস্যাত ভুগি আছে। ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে কমবেছি পৰিমাণে দৰিদ্ৰতাৰ সমস্যাসমূহ একে। সেই সমস্যা সমূহৰ উন্নতিৰ হকে কাম কৰিলেহে গাঁওখনৰ উন্নতি হ'ব। 

(১) প্ৰথমে আমি গাঁওৰ ৰাস্তা-ঘাটবোৰ উন্নয়ন কৰিব লাগিব। যিহেতু গাঁওখনক নগৰ অঞ্চলৰ লগত যোগাযোগ কৰি শিক্ষা-দীক্ষা, বেহা-বেপাৰৰ সুবিধা কৰিব লাগিব। 

(২) গ্ৰাম্য অঞ্চলত উৎপাদিত কৃষিজাত, ক্ষুদ্ৰ উদ্যোগজাত দ্ৰব্যসমূহ সঠিক দামত বিক্ৰীৰ বাবে ব্যৱস্থা কৰি কৃষকসকলক

উপকৃত কৰিব লাগিব। 

(৩) কৃষি-কর্ম, বেহা-বেপাৰৰ বাবে চৰকাৰী ঋণ লাভৰ সুবিধা কৰিবলৈ গাঁওত গ্ৰামীন বেংক স্থাপনত গুৰুত্ব দিব লাগিব। 

(৪) গাঁও অঞ্চলত শিক্ষানুষ্ঠান গঢ়ি তুলিব লাগিব। 

(৫) ভুমিনীতি সংস্কাৰৰ জৰিয়তে ভূমিহীন আৰু উপান্ত কৃষকক মাটি লাভৰ সু-ব্যৱস্থা কৰি দিব লাগিব। 

(৬) স্বাস্থ্য, খোৱা পানী, বিজুলী, জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়া। 

(৭) চৰকাৰী সুবিধাসমূহ লাভ কৰিব আৰু জানিবৰ বাবে গাঁওৰ নিৰক্ষৰ লোকসকলক অৱগত কৰাৰ উদ্দেশ্যে সজাগতা সভা আদি পতা। 


28. দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ত্ৰিমাত্ৰিক ব্যৱস্থাসম্পর্কে চমুকৈ আলোচনা কৰা। 

উত্তৰঃ- (১) দৰিদ্ৰতা হ্ৰাসকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ত্ৰিমাত্ৰিক পদক্ষেপৰ প্ৰথমটো হৈছে বৃদ্ধিমুখী পদক্ষেপ। এই পদক্ষেপত আশা কৰা হৈছে যে অর্থনৈতিক বৃদ্ধিৰ ফলসমূহ। অর্থাৎ মুঠ ঘৰুৱা উৎপাদন আৰু জনমুৰি আয়ৰ খৰতকীয়া বৃদ্ধিৰ সু-ফলবোৰ সমাজৰ সকলো অংশলৈ প্ৰসাৰিত হ'ব আৰু সমাজৰ দুখীয়া অংশলৈও যাব। 

(২) দ্বিতীয় পদক্ষেপ হিচাপে তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ পৰাই দৰিদ্ৰতা নির্মূলৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। বর্তমান সময়লৈকে বহুবোৰ আঁচনিৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে। তেনে আঁচনিবোৰ হৈছে কামৰ বাবে খাদ্য আঁচনি, গ্ৰামীন নিয়োগ সৃষ্টি আঁচনি, প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনা, স্বর্ণজয়ন্তী চহকী ৰোজগাৰ যোজনা ইত্যাদি। এই আঁচনিসমূহৰ পৰা সমাজত বিভিন্নজনে বিভিন্নধৰণে উপকৃত হৈছে। এই আঁচনিয়ে গাঁও আৰু সৰু চহৰবোৰত স্ব-নিয়োজনৰ সুযোগ সৃষ্টি কৰিছে। ক্ষুদ্ৰ উদ্যোগৰ বাবে বেংকৰ পৰা বিত্তীয় সাহার্য লাভ কৰিছে। 

(৩) তৃতীয় পদক্ষেপ হিচাপে জীৱন ধাৰণৰ বাবে জনসাধাৰণক নিম্নতম মৌলিক সুবিধাসমূহ প্ৰদান কৰা। সামাজিক ভোগকাৰ্যৰ প্ৰয়োজনসমূহ যেনে— ৰেহাইমূল্যৰ খাস্যশস্য যোগানৰ ব্যৱস্থা, শিক্ষা, স্বাস্থ্য, পানী যোগান, অনাময় আদি ব্যৱস্থাৰ জৰিয়তে মানুহৰ জীৱন ধাৰণৰ মান উন্নীত কৰিব পাৰি বুলি আশা কৰিব পাৰি। এই পদক্ষেপৰ অধীনত আঁচনিসমূহ দুখীয়াসকলৰ ভোগকাৰ্যৰ পৰিপূৰক, নিয়োগ সৃষ্টিকাৰী তথা স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ উন্নতিৰ সহায়ক হ'ব বুলি আশা কৰা হৈছে।


Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »