-->

Class 12 Economics- Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ

Class 12 Economics- Goods and Services Tax। পণ্য সামগ্ৰী আৰু সেৱা কৰ


ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অৰ্থবিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমৰ "পণ্য সামগ্ৰী আৰু সেৱা কৰ"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
Class 12 Economics "
Goods and Services Tax" Question and Answer Assam | HS 2nd Year Economics Question and Answer Assam | HS 2nd Year Economics Suggestion and Notes Solution Assam.


 1. GSTৰ সম্পূৰ্ণ ৰূপটো কি?    HS-2019
উত্তৰঃ- Goods and Services Tax.

2. GST কি?
উত্তৰঃ- GST হ'ল এখন দেশৰ উপভোক্তাই ক্ৰয় কৰা পণ্যদ্রব্য আৰু সেৱাৰ ওপৰত চৰকাৰে আৰোপ কৰা এটা পৰোক্ষ কৰ। প্ৰকৃততে ই হৈছে এক ধৰণৰ মূল্য সংযোজিত কৰ।

3. জি. এছ. টি (GST)ক কিয় লক্ষ্যস্থল ভিত্তিক কৰ বুলি কোৱা হয়?
উত্তৰঃ- যোগান শৃংখলৰ প্রতিটো পর্যায়তে কৰ আৰোপ কৰা হয় যদিও চূড়ান্ত পর্যায়ত উপভোক্তাৰ পৰাহে এই কৰ আদায় কৰা হয়। সেয়েহে জি. এছ. টিক লক্ষ্যস্থান ভিত্তিক কৰ বুলি কোৱা হয়। অর্থাৎ সামগ্রী বা সেৱাৰ অন্তিম লক্ষ্যস্থলত এই কৰ সংগ্রহ কৰা হয়।

4. ভাৰতবৰ্ষত কোন চনত জি. এছ. টি. প্ৰৱৰ্তন কৰা হয়?
উত্তৰঃ- ২০১৭ চনৰ ১ জুলাইৰ পৰা।

5. ভাৰতৰ সংবিধানৰ কিমান নং সংশোধনীৰ দ্বাৰা জি. এছ. টি. কৰ ব্যৱস্থা কৰা হৈছে?
উত্তৰঃ- ভাৰতীয় সংবিধানৰ ১২২ নং সংশোধনীৰ দ্বাৰা কৰ ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হৈছে।

6. জি. এছ. টি. কৰ ব্যৱস্থা কোনে পৰিচালনা কৰে?
উত্তৰঃ- ভাৰতৰ বিত্তমন্ত্রী অধ্যক্ষতাত জি. এছ. টি. পৰিষদে এই কৰ ব্যৱস্থা পৰিচালনা কৰে।

7. জি. এছ. টিক কিয় বহু পর্যায়ী কৰ ব্যৱস্থা কোৱা হয়?
উত্তৰঃ- এবিধ সামগ্রী বা সেৱা উৎপাদনৰ কাৰণে কেঁচামাল কিনাৰ পৰা সর্বশেষত উপভোক্তাই সেইবিধ সামগ্রী বা সেৱা ক্ৰয় কৰালৈকে  যোগান শৃংখলৰ প্ৰতিটো পর্যায়তে জি এছ টি আৰোপ কৰা হয়। সেয়ে ই এক বহু-পর্যায়ী কৰ ব্যৱস্থা। জি. এছ. টি. প্ৰৱর্তনৰ জৰিয়তে প্রচলিত আন কৰ ব্যৱস্থাত অবাঞ্ছিত অথচ অৱধাৰিতভাৱে উদ্ভৱ হোৱা 'কৰৰ ওপৰত কৰ' অথবা দ্বিকৰ সমস্যাৰ বিলুপ্তি সাধন কৰিব বিচৰা হয়।

8. পৃথিৱীৰ কোন দেশত আৰু কেতিয়া পোনপ্ৰথমে GST আইন বলবৎ কৰা হয়?
উত্তৰঃ- ১৯৪৫ চনত ফ্রান্সত বলবৎ কৰা হয়।

9. GST প্ৰৱৰ্তনৰ ফলত ভাৰতত বিলুপ্ত হোৱা তিনিধি কৰৰ নাম লিখা।
উত্তৰঃ- (১) কেন্দ্রীয় চৰকাৰ দ্বাৰা সংগৃহীত কেন্দ্রীয় আবকাৰী কৰ
(২) বিশেষভাৱে গুৰুত্বপূর্ণ সামগ্ৰীৰ ওপৰত থকা অতিৰিক্ত আবকাৰী কৰ
(৩) কেন্দ্রীয় বিক্ৰী কৰ।

10. দ্বৈত GST বুলিলে কি বুজা?
উত্তৰঃ- কেন্দ্ৰ আৰু ৰাজ্যই সুকীয়াকৈ অথচ একে সময়তে জি. এছ টি. আৰোপ কৰা ব্যৱস্থাটোক দ্বৈত G.S.T. বোলে।

11. GST প্রৱর্তনৰ ফলত কি কি আশা কৰা হৈছে?
উত্তৰঃ- GST প্রৱর্তনৰ ফলত উপভোক্তাৰ ওপৰত কৰৰ-বোজা কমিব বুলি আশা কৰা হৈছে। দেশৰ অর্থনৈতিক উন্নয়ন ত্বৰান্বিত হ'ব বুলিও গৱেষণাৰ পৰা এই কথা প্ৰকাশ পাইছে।


12. GST-ৰ দুটা সুবিধা লিখা। 

উত্তৰঃ- (i) কৰৰ হাৰৰ সমান/একে হয়। 

(ii) আঁচনিবোৰ একে হয়।


 Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »