-->

নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । Employment: Growth, Informalization & other issues

নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Employment: Growth,  Informalization & other issues


1. কাৰ নির্দেশ মতে শ্ৰমিকক সুৰক্ষা দিয়া হয়? 

উত্তৰঃ- আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ (ILO) নির্দেশত।  


2. চাৰিজন ভাড়াতীয় শ্ৰমিক থকা প্ৰতিষ্ঠানক কি খণ্ডৰ প্ৰতিষ্ঠান বুলি কোৱা হয়? 

উত্তৰঃ- অনানুষ্ঠানিক।


3. নিয়োগ প্রধান উৎস কি? 

উত্তৰঃ- প্রাথমিক খণ্ড। 


4. 2001 চনত কিমান আনুষ্ঠানিক শ্রমিক নিয়োগ হৈছিল? 

উত্তৰঃ- 28 নিযুত।


5. শুদ্ধ উপার্জন কি? 

উত্তৰঃ- দেশৰ ৰপ্তানিৰপৰা হোৱা আয়ৰ পৰা আমদানিৰ বাবদ দিব লগা বিয়োগ কৰিলে যি পোৱা যায় তাক শুদ্ধ উপার্জন বোলে। 


6. আর্থিক কাম-কাজ কাক বোলে? 

উত্তৰঃ- যিবোৰ কৰ্মই মুঠ জাতীয় উৎপাদনলৈ অৰিহণা যোগায়, সেইবোৰকেই আর্থিক কামকাজ বোলা হয়।


7. শ্রমিক কাক বোলে? 

উত্তৰঃ- আর্থিক কাম-কাজৰ লগত জড়িত উচ্চ বা নিম্ন— যিকোনো অৱস্থানত নিয়োজিত হৈ থকা লোকসকলক শ্রমিক বোলা হয়। 


8. শ্ৰমিকসকল স্ব-নিয়োজিত হ'ব পাৰেনে? 

উত্তৰঃ- শ্ৰমিকসকল স্ব-নিয়োজিত হ'ব পাৰে।


9. "সাধাৰণতে, নিয়োগকর্তাৰপৰা দৰমহা পোৱা সকলকহে আমি শ্রমিক বুলি বুজোঁ"– সত্য নে?

উত্তৰঃ- ই সত্য নহয়। 


10. ভাৰতত কিমান শ্রমিক আছে (1999-2000 চনৰ তথ্য মতে)? 

উত্তৰঃ- প্রায় 400 নিযুত। 


11. শ্ৰমিকসকলক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ- শ্ৰমিকসকলক আনুষ্ঠানিক আৰু অনানুষ্ঠানিক— এই দুটা ভাগত ভাগ কৰিব পাৰি।


12. ভাৰতৰ মুঠ শ্ৰমিকৰ কিমান শতাংশ পুৰুষ? 

উত্তৰঃ- প্রায় 70 শতাংশ।


13. জনসংখ্যা শব্দৰ অর্থ কি? 

উত্তৰঃ- এক নির্দিষ্ট সময়ত কোনো নির্দিষ্ট স্থানত বসবাস কৰা মানুহৰ সংখ্যাই হৈছে জনসংখ্যা।


14. আনুষ্ঠানিক খণ্ডত নিয়োজিত শ্ৰমিকৰ (2001 চনত) কিমান শতাংশ পুৰুষ শ্ৰমিক? 

উত্তৰঃ- 69 নিযুত।


15. ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোক আর্থিক কাম-কাজত নিয়োজিত হৈ আছে? 

উত্তৰঃ- প্রায় দুই-পঞ্চমাংশ লোক।


16. আনুষ্ঠানিক খণ্ডত আটাইতকৈ বেছি নিয়োগ সৃষ্টি কোনে কৰে?

উত্তৰঃ- চৰকাৰ। 


17. নতুনকৈ সৃষ্টি হোৱা কামবোৰ প্ৰধানতঃ —খণ্ডত দেখা যায় (সেৱা / প্রস্তুতকৰণ উদ্যোগ) 

উত্তৰঃ- সেৱা খণ্ডত। 


18. ৰাজ স্কুললৈ যায়। যেতিয়া তেওঁ স্কুললৈ নাযায়, তেতিয়া পথাৰত কাম কৰে। তেওঁক শ্রমিক বুলিব পাৰিনে? যুক্তি দিয়া।

উত্তৰঃ- তেওঁক শ্রমিক বুলিব পাৰি— কিয়নো তেওঁ অর্থনৈতিক কাম-কাজৰ লগত জড়িত।


19. ভিক্ষাৰী, চোৰ, চোৰাং কাৰবাৰী, জুৱাৰী— এইসকল শ্রমিক হয় নে? কাৰণ দেখুওৱা। 

উত্তৰঃ- ভিক্ষাৰী, চোৰ, চোৰাং কাৰবাৰী, জুৱাৰী— এইসকল শ্রমিক নহয়, কাৰণ তেওঁলোক আর্থিক কাম-কাজৰ লগত জড়িত নহয়।


20. মুঠ ঘৰুৱা উৎপাদন (GDP) বুলিলে কি বুজা?

উত্তৰঃ- কামত নিয়োজিত হোৱা ব্যক্তিসকলে একোটা বছৰত যি পৰিমাণৰ সামগ্ৰী আৰু সেৱা কাৰ্যৰ যোগান ধৰে, তাৰ সমষ্টিয়েই হ'ল মুঠ ঘৰুৱা উৎপাদন।


21. মুঠ জাতীয় উৎপাদন বুলিলে কি বুজা?

উত্তৰঃ- মুঠ উৎপাদনৰ সৈতে দেশৰ বাহিৰৰপৰা লাভ কৰা আয়ৰ পৰিমাণ যোগ দিলে যি আয় পোৱা যায়, তাক মুঠ জাতীয় 


22. সংগতিবিহীন লোকজনক বিচাৰি উলিওৱাঃ 

(১) আনৰ মালিকানাধীন ৰিক্সা চলোৱা ৰিক্সাচালক 

(২) ৰাজমিস্ত্ৰী 

(৩) কাৰিকৰী দোকানৰ কৰ্মী 

(৪) জোতা পলিচ কৰা ল'ৰা। 

উত্তৰঃ- সংগতিবিহীন লোকজন হ'ল আনৰ মলিকানাধীন ৰিক্সা চলোৱা ৰিক্সা চালক কাৰণ বাকী আন সকলোবোৰ স্ব-নিয়োজিত।


23. মীনা এগৰাকী গৃহিণী। দৈনন্দিন ঘৰুৱা অথচ প্ৰয়োজনীয় ঘৰুৱা কামবোৰ কৰাৰ উপৰিও তেওঁৰ স্বামীয়ে চলোৱা নিজস্ব কাপোৰৰ দোকানত কাম কৰে। তেওঁক শ্ৰমিক বুলিব পাৰিনে? যুক্তি দর্শোৱা। 

উত্তৰঃ- মীনাক শ্ৰমিক বুলিব পাৰি। কাৰণ স্বামীৰ কাপোৰৰ দোকানত কৰা আর্থিক কামৰ যোগেদি তেওঁ প্ৰকৃত জাতীয় আয় বৃদ্ধিত সহায় কৰিছে। 


24. নিয়মিত বেতনভোগী শ্ৰমিকৰ সংখ্যা গাঁৱতকৈ নগৰত কিয় বেছি? 

উত্তৰঃ- নিয়মিত বেতনভোগী শ্ৰমিকৰ সংখ্যা গাঁৱতকৈ নগৰত বেছি। কিয়নো নগৰ অঞ্চলত অফিচ, দোকান আদিৰ সংখ্যা বেছি থাকে বাবে এই অঞ্চলত নিয়মিত বেতনভোগী শ্ৰমিকৰ সংখ্যা অধিক। 


25. নিয়মিত বেতনভোগী শ্ৰমিকৰ মাজত মহিলাৰ সংখ্যা কিয় কম? 

উত্তৰঃ- মহিলাসকলৰ সাক্ষৰতাৰ হাৰ গাঁও অঞ্চলত কম। চহৰ অঞ্চলত পৰুষসকলে মহিলাৰ তুলনাত উচ্চ হাৰত উপার্জন কৰে। সেই বাবে চহৰ আৰু নগৰ উভয়তে নিয়মিত বেতনভোগী শ্ৰমিকৰ মাজত মহিলাৰ সংখ্যা কম।


27. নিয়মীয়া বেতনভোগী কর্মী বুলিলে কি বুজা? 

উত্তৰঃ- যি সকললোকে অন্য উদ্যোগ, অনুষ্ঠান ইত্যাদিত স্থায়ীভাৱে নিযুক্ত হৈ থাকে আৰু নির্দিষ্ট সময়ৰ মূৰে মূৰে তাৰ বিনিময়ত মজুৰি লাভ কৰে তেনেলোকক দৰমহাভোগী স্থায়ী কর্মী বা নিয়মীয়া বেতনভোগী কর্মী বোলে।  


28. স্ব-নিয়োজিত কর্মী কোন? 

উত্তৰঃ- যি সকল কর্মীয়ে জীৱিকা অর্জনৰ বাবে নিজস্ব ব্যৱসায়, উদ্যোগ আদিত অর্থনৈতিক উৎপাদনশীল কামত নিজকে নিযুক্ত ৰাখে আৰু সাংগাঠনিক কার্যক্ৰমৰ বাবে পাৰিশ্ৰমিক হিচাপে লাভ অর্জন কৰে সেইসকলেই হৈছে স্ব-নিয়োজিত কর্মী।


29. চক্ৰীয় নিবনুৱা কাক বোলে? 

উত্তৰঃ- বাণিজ্য চক্ৰৰ উত্থান-পতনৰ বাবে যি নিবনুৱাৰ সৃষ্টি হয় তাকে চক্ৰীয় নিবনুৱা বোলে। উদ্যোগ প্ৰধান দেশ সমূহত অর্থনৈতিক মন্দাবস্থাত নানা শিল্প উদ্যোগত কৰ্মৰত শ্ৰমিক সকলক কামৰ পৰা বিতাৰিত কৰে। অর্থনৈতিক অৱস্থা ভাল হ'লে উদ্যোগ খণ্ডত আকৌ কর্ম সংস্থাপনৰ সুবিধা উভতি আহে। এনে অৱস্থাকেই চক্ৰীয় নিবনুৱা বোলে।


30. বিগত 50 বছৰত ভাৰতত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ অনুপাতে নিয়োগ সৃষ্টি পাইছেনে? 

উত্তৰঃ- 1960 চনৰ পৰা 2000 চন পর্যন্ত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ ধনাত্মক বৃদ্ধি পৰিলক্ষিত হয়। ই নিয়োগ বৃদ্ধিতকৈ অধিক। 1990 চনৰ শেষৰফালে নিয়োগৰ স্থিতি আৰু বেছি শোচনীয় হৈছে। নিয়োগ বৃদ্ধিৰ হাৰ ক্ৰমান্বয়ে কমি গৈছে আৰু পৰিকল্পনাৰ আৰম্ভণিৰ কালৰ সমান হৈছেগৈ। এইখিনি সময়ত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি আৰু নিযোগ বৃদ্ধিৰ মাজত অধিক পার্থক্য পৰিলক্ষিত হৈছে। অর্থাৎ এই সময়ছোৱাত নিয়োগহীন লোকৰ বৃদ্ধি দেখিবলৈ পোৱা গৈছে।


31. নগৰৰ মহিলাৰ তুলনাত গাঁওৰ মহিলাই শ্ৰম কৰে কিয়? 

উত্তৰঃ- নগৰৰ উচ্চ হাৰত উপার্জন কৰা পুৰুষসকলৰ পৰিয়ালত থকা মহিলাসকলে আর্থিক কাম কৰিবলৈ নিবিচাৰে। আনহাতে গাঁৱৰ মহিলাসকল আর্থিকভাৱে সবল নহয়। যৌথ বা বৃহৎ পৰিয়াল আৰু ঘৰত কম উপার্জনৰ বাবে গাঁৱৰ মহিলাসকলে চহৰৰ মহিলাসকলতকৈ অধিক শ্ৰম কৰে। প্ৰতি এশগৰাকী নগৰীয়া মহিলা মাথোন 14 গৰাকীয়ে আর্থিক কাম-কাজত নিয়োজিত হৈ আছে। গাঁও অঞ্চলত প্ৰতি এশগৰাকী মহিলাৰ ভিতৰত প্ৰায় 30 গৰাকীয়েই নিয়োগ বজাৰত অংশ লয়৷  


32. শ্ৰমিক কাক বোলে? শ্ৰমিকসকলক কেই ভাগত ভগাব পাৰি? 

উত্তৰঃ- যিবোৰ কৰ্মই মুঠ জাতীয় উৎপাদনলৈ অৰিহণা যোগায়, সেইবোৰেকে আর্থিক কাম-কাজ বোলা হয়। আর্থিক কাম-কাজৰ লগত জড়িত উচ্চ বা নিম্ন যিকোনো অৱস্থাত নিয়োজিত হৈ থকা লোকসকলক শ্ৰমিক বোলা হয়। ভাৰতত নিয়োগৰ প্ৰকৃতি বহু দিশ যুক্ত। কিছুমান শ্ৰমিক গোটেই বছৰ জুৰি আৰু কিছুমান কেৱল কেইটামান মাহৰ বাবেহে নিয়োজিত হৈ থাকে।

শ্ৰমিকসকলক দুটা ভাগত ভগাব পাৰি- 

(১) আনুষ্ঠানিক খণ্ডৰ শ্ৰমিক আৰু 

(২) অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিক।


33.  চমুটোকা লিখাঃ- 

ঋতুজ নিবনুৱাঃ- এইবিধ নিবনুৱা বিশেষকৈ গাঁৱলীয়া অঞ্চলৰ কৃষি ক্ষেত্ৰত দেখা যায়। ভাৰতৰ নিচিনা অনুন্নত অর্থনীতিৰ দেশবোৰত গাঁৱৰ মানুহবিলাক বিশেষকৈ বেছিভাগেই কৃষিকৰ্মত জড়িত হৈ থাকে। তেওঁলোক যদিও কৃষিজীৱী তথাপিও তেওঁলোকে বছৰৰ সকলো সময়তে কৃষি কার্যত জড়িত হৈ নাথাকে আৰু বেছিভাগ সময়েই এনেয়ে কাম বন নোহোৱাকৈ অনাই বনাই থাকিবলগীয়া হয়। ইয়াৰ কাৰণ কৃষি কার্যত বিজ্ঞানসন্মত পদ্ধতিসমূহৰ একেবাৰে কম প্ৰয়োগ, জীৱন নির্বাহৰ কোনো উচ্চকাংক্ষা নথকা, অতিৰিক্ত সময়খিনি নিজকে নিয়োজিত কৰিব পৰাকৈ কোনো ধৰণৰ সুব্যৱস্থা নথকা বাবেই এওঁলোক বছৰৰ অধিক সময় নিবনুৱা। যিহেতু এই শ্ৰেণীৰ লোকসকল ঋতুগতভাৱে নিবনুৱা গতিকে এওঁলোকক ঋতুজ নিবনুৱা বুলি কোৱা হয়।


34. নিবনুৱাৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে লিখা। HS-2022 

উত্তৰঃ- বিভিন্ন প্ৰকাৰৰ নিবনুৱা সমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল- 

(ক) ছদ্মবেশী নিবনুৱাঃ- কৃষিখণ্ডৰ লগত। সততে জড়িত হৈ থাকে এই শ্ৰেণীৰ নিবনুৱা। খেতি মাটি সমূহৰ পৰিয়াল ভিত্তিক খণ্ডিতকৰণৰ বাবে এই শ্ৰেণীটোৰ উৎপত্তি হয়, যাৰ কৃষিৰ ক্ষেত্ৰত অৰিহণা মুঠেই নগন্য। 

(খ) ঋতুগত নিবনুৱাঃ- বছৰৰ মাত্ৰ কেইটামান মাহ কাম কৰাৰ সুবিধা পায় আৰু বাকী কেইমাহ এনেয়ে বহি থাকে এই শ্ৰেণীৰ নিবনুৱাই। 

(গ) শিক্ষিত নিবনুৱাঃ- যিসকল শিক্ষিত যুৱক-যুৱতীৰ শিক্ষাগত অৰ্হতা থকা স্বত্ত্বেও উপযুক্ত কাম বিচাৰি নাপায় সেইসকলেই হৈছে শিক্ষিত নিবনুৱা। 

(ঘ) চক্ৰীয় নিবনুৱাঃ- উদ্যোগ প্ৰধান দেশবোৰত উদ্যোগত মন্দা অৱস্থাত অব্যাহতি পোৱা, পুনৰ উদ্যোগৰ অৱস্থা ভাল হ'লে সেই উদ্যোগত কর্ম সংস্থান লাভ কৰা এই শ্ৰেণী নিবনুৱাক চক্ৰীয় নিবনুৱা বোলে।

ইয়াৰ বাদেও থকা আন প্ৰকাৰৰ নিবনুৱাসকল হ'ল প্ৰযুক্তিগত নিবনুৱা, গাঁথনিমূলক নিবনুৱা, অর্ধনিবনুৱা ইত্যাদি।


35. নিবনুৱা সমস্যা কাক বোলে? ইয়াৰ প্ৰকাৰ কি কি? এই সমস্যাৰ মূল কাৰণসমূহৰ দুটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ- দেশৰ প্ৰচলিত মজুৰিত উপযুক্ত আৰু কর্মক্ষম লোক কাম কৰিবলৈ ইচ্ছুক হৈয়ো যদি কর্ম সংস্থাপন নাপায়। তেতিয়া তেওঁলোকক নিবনুৱা বোলে। 

নিবনুৱাৰ প্ৰকাৰঃ- সাধাৰণতে দুই প্ৰকাৰৰ গ্ৰাম্য আৰু চহৰীয়া নিবনুৱা। 

গ্ৰাম্য নিবনুৱা দুই প্ৰকাৰৰ- (১) ঋতুজ নিবনুৱা আৰু (2) ছদ্মবেশী নিবনুৱা।

ঋতুজ নিবনুৱাসকল বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা বাকী সময়ত তেওঁলোক বনুৱা হয়। উদাহৰণস্বৰূপে কৃষিকার্যত জড়িত লোকসকল ঋতুজ নিবনুৱা।

ছদ্মবেশী প্ৰছন্ন নিবনুৱা সকল দেখাত বনুৱা হয় কিন্তু তেওঁলোকৰ মুঠ উৎপাদনত অলপো ভূমিকা নাথাকে। 

চহৰীয়া নিবনুৱাও দুই প্ৰকাৰৰঃ- ঔদ্যোগিক নিবনুৱা আৰু শিক্ষিত নিবনুৱা। চহৰৰ ঔদ্যোগিক খণ্ডত যিসকল লোকে কর্মসংস্থানৰ সুবিধা লাভ নকৰে তেওঁলোকক ঔদ্যোগিক নিবনুৱা বুলি কোৱা হয়। আনহাতে উপযুক্ত শিক্ষাগত অৰ্হতা থকা সত্বেও যেতিয়া কোনো লোকে কর্মসংস্থাপনৰ সুবিধা লাভ নকৰে তেওঁলোকক শিক্ষিত নিবনুৱা বুলি কোৱা হয়।

নিবনুৱা সমস্যাৰ দুটা কাৰণ তলত উল্লেখ কৰা হ'ল- 

দ্রুত জনসংখ্যা বৃদ্ধিঃ- দ্রুত জনসংখ্যা বৃদ্ধিয়ে নিবনুৱা সমস্যাৰ সৃষ্টিৰ উল্লেখনীয় কাৰণ। বৃৰ্দ্ধিত জনসংখ্যা অনুপাতে নিয়োগৰ সা-সুবিধা পর্যাপ্ত নোহোৱাত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লৈছে। 

নিয়োগ বিহীন উন্নয়নঃ- যেতিয়া দেশৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধি হাৰৰ ব্যৱধান বৃদ্ধি পায় তেতিয়া এনে অৱস্থাক নিয়োগহীন উন্নয়ন বুলি কোৱা হয়। যাৰ ফলত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰে।


36. নগৰীয়া নিবনুৱা সমস্যা সমাধানৰ কাৰণে কেইটামান পৰামৰ্শ আগবঢ়োৱা। 

উত্তৰঃ- দেশৰ নগৰীয়া নিবনুৱা সমস্যাৰ সমাধানৰ বাবে কিছুমান গুৰুত্বপূর্ণ প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তলত এই ব্যৱস্থাসমূহ উল্লেখ কৰা হ'ল- 

(১) উদ্যোগৰ দ্ৰত উন্নয়নঃ- নগৰীয়া নিবনুৱা সমস্যা সমাধান কৰিবলৈ উদ্যোগিক দক্ষতা বৃদ্ধি কৰিব লাগিব। চলি থকা উদ্যোগসমূহৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণ কৰিব লাগিব আৰু নতুন উদ্যোগ স্থাপন কৰিব লাগিব। বর্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে অধিক সংখ্যক কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ নতুন সম্পদ আৰু চাহিদা ভিত্তিক উদ্যোগ স্থাপন কৰিব লাগিব। 

(২) শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনঃ- সাধাৰণ শিক্ষাৰ ওপৰত অত্যাধিক গুৰুত্ব প্ৰদান নকৰি বৃত্তিমূলক শিক্ষাব্যৱস্থা সৃষ্টিৰ বাবে অধিক গুৰুত্ব প্ৰদান কব্বি লাগিব। যি আকৌ বর্তমান প্ৰজন্মক ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগত যোগদান কৰিলৈ উদ্‌গণি দিয়ে। 

(৩) নগৰীয়া অবিহিত খণ্ডৰ উন্নয়নঃ- ভালেখিনি নগৰীয়া মানুহ নগৰৰ অবিহিত খণ্ড বা অনানুষ্ঠানিক খণ্ডত নিয়োজিত হৈ আছে। গতিকে এই খণ্ডৰ উন্নতি আৰু আধুনিকীকৰণৰ জৰিয়তে আৰু অধিক সংখ্যক নিৱনুৱা মানুহৰ বাবে নিয়োগৰ সুবিধা সৃষ্টি কৰা উচিত। 

(৪) বেংকৰ পৰা সঁহাৰিঃ- এই নগৰীয়া নিবনুৱা সমস্যা সমাধানৰ বাবে তপচিলযুক্ত বাণিজ্যিক বেংকসমূহে সহানুভূতিৰে আগবাঢ়ি আহি ক্ষুদ্ৰ উদ্যোগসমূহ, পৰিৱেশ খণ্ড আৰু নগৰীয়া খণ্ডৰ সহায় কৰিব লাগিব। 

(৫) বিনিয়োগৰ ধৰণ পৰিৱৰ্তনঃ- দেশৰ বিনিয়োগৰ ধৰণ পৰিবৰ্তন কৰি আর্থসামাজিক দিশৰ পৰা চলিব পৰা উৎপাদনশীল ক্ষেত্ৰত বিনিয়োগ কৰি নগৰীয়া অঞ্চলত পৰ্য্যাপ্ত সংখ্যক নিয়োগৰ সুবিধা সৃষ্টি কৰিব লাগিব।

(৬) চৰকাৰী সঁহাৰিঃ- নগৰীয়া নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে নতুন নতুন আঁচনিৰ জৰিয়তে নিয়োগ সৃষ্টি কৰি| এই সমস্যা সমাধান কৰিব লাগিব। 


37. ভাৰতৰ গ্ৰামীণ নিবনুৱা সমস্যা সমাধানৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা। 

উত্তৰঃ- গ্ৰামীণ নিবনুৱাৰ প্ৰকৃতি সম্পূর্ণ ভিন্ন ধৰণৰ। গতিকে এই সমস্যা সমাধানৰ বাবে কিছুমান প্ৰতিকাৰমূলক ব্যৱস্থা কৰিব লাগিব। এনেধৰণৰ কিছুমান পৰামর্শ তলত উল্লেখ কৰা হৈছে-

(১) কৃষিৰ আধুনিকীকৰণঃ- গ্ৰামীণ নিবনুৱা দূৰীকৰণৰ বাবে দেশৰ সকলো ৰাজ্যত কৃষিখণ্ডৰ আধুনিকীকৰণ কৰিব লাগিব। ইয়াৰ ফলত কৃষিখণ্ডত যথেষ্ট পৰিমাণ উদ্ধৃত্ত আয়ৰ সৃষ্টি হ'ব। ই গ্ৰামীণ অর্থনীতিৰ উন্নয়ন কৰিব আৰু গাওঁ অঞ্চলত কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব লাগিব লগতে পতিত মাটিৰ উন্নয়ন কৰিব লাগিব। 

(২) আনুষ্ঠানিক খণ্ডৰ উন্নয়নঃ- গ্ৰামীণ নিবনুৱা সমস্যা সমাধানৰ বাবে আনুসঙ্গিক খণ্ডৰ লগত জড়িত বিভিন্ন কার্যাৱলী যেনে— গো পালন, কুকুৰা পালন, মৌ, মীন পালন, ফলমুলৰ খেতি, ৰেচম শিল্প, গৰু-মহ পালন ইত্যাদি খণ্ডবোৰৰ উন্নয়ন কৰিব লাগিব। এনে ব্যৱস্থাই গাঁও অঞ্চলত যথেষ্ট সংখ্যক নিয়োগ আৰু আত্ম নিয়োগৰ সম্ভাৱনা সৃষ্টি কৰিব। (৩) খেতি বর্হিভূত কার্যাৱলীৰ উন্নয়নঃ- গাঁও অঞ্চলত যথেষ্ট পৰিমাণে কর্মসংস্থাপনৰ সুবিধা সৃষ্টি কৰিবলৈ খেতি বৰ্হিভূত কার্যাৱলী যেনে- গ্ৰামীণ উদ্যোগ, কুটীৰ ও ক্ষুদ্ৰ উদ্যোগ, কৃষি ভিত্তিক উদ্যোগ, গ্ৰামীণ অনিয়মিত খণ্ড, পৰিসেৱা খণ্ড, আন্তঃগাথঁনিৰ সম্প্ৰসাৰণ। গাঁও অঞ্চলত থকা ঘৰ, স্বাস্থ্য, শিক্ষা আদিৰ সেৱা চৰকাৰে আগবঢ়াব লাগিব।

(৪) গ্ৰামীণ উন্নয়ন আঁচনিঃ- গ্ৰামীণ নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে কেন্দ্ৰীয় ও ৰাজ্য চৰকাৰে গ্ৰামীণ উন্নয়ন আঁচনিবোৰৰ প্ৰৱৰ্তন আৰু ৰূপায়ণ কৰিব লাগিব যাতে এই ধৰণৰ উন্নয়নৰ সুবিধাবোৰ গাঁও অঞ্চলৰ নিৰ্ধাৰিত লোকৰ ওচৰ পায় গৈ। 

(৫) বিকেন্দ্ৰীকৰণঃ- গ্ৰামীণ নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে উদ্যোগৰ ঠাই নির্ধাৰণৰ ক্ষেত্ৰত থলুৱা সম্পদৰ ভিত্তিত ক্ষুদ্ৰ চহৰবোৰৰ ওচৰে-পাজৰে গঠন কৰিব লাগিব যাতে গাঁওৰ পৰা চহৰ অঞ্চলত হোৱা জনসংখ্যাৰ প্ৰব্ৰজনক প্ৰতিৰোধ কৰিব পাৰে। 

(৬) জনসংখ্যাৰ নিয়ন্ত্ৰণঃ- দেশৰ গ্ৰামীণ আৰু পিচপৰা অঞ্চলবোৰত পৰিয়াল কল্যাণ আঁচনিৰ জৰিয়তে জনসংখ্যা বৃদ্ধিৰ হাৰৰ নিয়ন্ত্ৰণ কৰিব লাগিব। ই দেশৰ গ্ৰামীণ অঞ্চলৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এটি উপযুক্ত পৰিৱেশ সৃষ্টি কৰিব।


Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. প্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »