-->

প্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । Indian Economy on the eve of Independence

 খ-অংশ

ভাৰতীয় অর্থনৈতিক উন্নয়ন  

প্ৰাক-স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা 
Indian Economy on the eve of Independence


1. অমর্ত্য সেনৰ ন'বেল বঁটা বিজয়ী পুথিখনৰ নাম কি? 

উত্তৰঃ- Poverty and Famines.


2. মচলিন কি? 

উত্তৰঃ- মচলিন এবিধ উন্নতমানৰ কপাহী কাপোৰ।


3. ঔপনিৱেশিক শাসনকালত ভাৰতৰ জাতীয় তথা জনমূৰি আয়ৰ তাৎপর্যপূর্ণ খননকাৰীজনৰ নাম লিখা।

উত্তৰঃ- ভি. কে. আৰ. ভি. ৰাও।


4. বৃটিছৰ শাসনকালত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান আছিল? 

উত্তৰঃ- প্রায় ৭ শতাংশ। 


5. টাটা আইৰন এণ্ড ষ্টিল কোম্পানি কোন চনত স্থাপন কৰা হৈছিল?

উত্তৰঃ- ১৯০৭ চনত।


6. বৃটিছৰ শাসনকালত ভাৰতবৰ্ষৰ জনসংখ্যা সম্পর্কীয় তথ্য পোন প্রথমে কোন চনত সংগ্রহ কৰা হৈছিল? 

উত্তৰঃ- ১৮৮১ চনত। 


7. বৃটিছৰ শাসনকালত ভাৰতবৰ্ষত জীৱনৰ প্রত্যাশিত আয়ুস কিমান আছিল?

উত্তৰঃ- ৩২ বছৰ। 


8. ছুৱেজখাল কোন চনত মুকলি কৰা হয়? 

উত্তৰঃ- ১৮৬৯ চনত।


9. ইংৰাজসকলে কোন চনত ভাৰতবৰ্ষত ৰে'লপথৰ সূচনা কৰিছিল? 

উত্তৰঃ- ১৮৫৩ চনত। 


10. ভাৰতৰ প্ৰথম ৰে'লপথটোৱে কোন-কোন ঠাইক সংলগ্ন কৰিছিল?

উত্তৰঃ- ভাৰতৰ প্রথম ৰে'লপথটোৱে বোম্বাই আৰু থানেক সংলগ্ন কৰিছিল। 


11. 'টাটা এয়াৰলাইন্স' কেতিয়া প্রতিষ্ঠিত হৈছিল? 

উত্তৰঃ- ১৯৩২ চনত।


12. ঔপনিৱেশিক শাসন কালত ভাৰতবৰ্ষৰ জাতীয় আয় গণনা কৰা কেইজনমান বিশিষ্ট্য অর্থনীতিবিদৰ নাম লিখা। 

উত্তৰঃ-  দাদাভাই নৌৰজী, উইলিয়াম ডিগবি, ফিণ্ডলে চিৰাচ্‌, ভি. কে. আৰ. ভি. ৰাও আৰু আৰ চি দেশাই আদি।  


13. ভাৰতৰ স্বাধীনতাৰ সময়ত ভাৰতত চলি থকা কেইটামান উদ্যোগৰ নাম লিখা।

উত্তৰঃ- (১) টাটা আইৰণ এণ্ড ষ্টিল কোম্পানী

(২) টাটা এয়াৰ লাইন্স 

(3) বস্ত্রশিল্প (বংগদেশ)।  


14. ইংৰাজসকলৰ সাম্রাজ্যবাদী শাসনৰ একমাত্র উদ্দেশ্য কি আছিল?

উত্তৰঃ- ইংৰাজসকলৰ সাম্রাজ্যবাদী শাসনৰ একমাত্র উদ্দেশ্য আছিল— ভাৰতবৰ্ষক ইংলেণ্ডত দ্রুতভাৱে সম্প্রসাৰিত আধুনিক উদ্যোগৰ ভিত্তি স্থাপনৰ বাবে সাৰ-পানী যোগোৱা দেশ এখনলৈ অৱনমিত কৰা।


15. স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ গুৰুত্বপূর্ণ অর্থনৈতিক প্ৰত্যাহ্বান কেইটামান লিখা। 

উত্তৰঃ- স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষই মুখামূখি হোৱা গুৰুত্বপূর্ণ অর্থনৈতিক প্ৰত্যাহ্বান কেইটা হ'ল— 

(১) অত্যধিক জনসংখ্যাৰ হেঁচাত উৎপাদন ক্ষমতা কমি যোৱাৰ বাবে কৃষিখণ্ডত স্থবিৰতাই দেখা দিছিল। 

(১) বৈদেশিক বাণিজ্যত চৰকাৰৰ ৰক্ষণশীল নীতিৰ বাবে বাণিজ্যৰ পৰিমাণ সীমিত আছিল। 

(৩) ক্ষদ্র আৰু হস্তশিল্পসমূহ বৃহৎ উদ্যোগৰ প্ৰতিযোগীতাত ধ্বংসৰ মুখত পৰিছিল।  


16. ভাৰতৰ ঔপনিৱেশিক চৰকাৰে অনুসৰণ কৰা অর্থনৈতিক নীতিসমূহৰ দৃষ্টিভংগী কেনে আছিল? এই নীতিসমূহৰ প্ৰভাৱবোৰ কেনেকুৱা আছিল? 

উত্তৰঃ- ভাৰতীয় ঔপনিৱেশিক চৰকাৰে অনুসৰণ কৰা অর্থনৈতিক নীতিসমূহৰ দৃষ্টিভংগী ভাৰতীয় অর্থব্যৱস্থাৰ উন্নতি কৰাতকৈ ব্রিটিছ চৰকাৰৰ আর্থিক স্বার্থৰক্ষা আৰু অগ্রগতিত বেছি গুৰুত্ব দিছিল।

এই নীতিৰ মূল প্ৰভাৱ আছিল— ভাৰতক ইংলেণ্ডলৈ কেঁচামালৰ যোগানকাৰী আৰু ইংলেণ্ডত উৎপাদিত সামগ্ৰীৰে ভাৰতক গ্রাহকত পৰিণত কৰি ভাৰতীয় অর্থ ব্যৱস্থালৈ এক মৌলিক পৰিৱৰ্তন আনিছিল। 


17. ব্রিটিছ শাসনকালত ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা ঔদ্যোগিক নীতিৰ চাৰিটামান ত্রুটি উল্লেখ কৰা। 

উত্তৰঃ- (১) মূলধনজাতীয় উদ্যোগৰ অভাৱ। 

(২) দেশীয় হস্তশিল্পৰ পতন। 

(৩) জমিদাৰসকলৰ শোষণ নীতি। 

(৪) ইংৰাজসকলে ভাৰতবৰ্ষত আধুনিক শিল্প স্থাপন কৰাত অনীহা। 


18. ইংৰাজসকলৰ আগমনৰ আগতে ভাৰতবৰ্ষৰ অর্থনীতি কেনেকুৱা আছিল? 

উত্তৰঃ- ইংৰাজসকলৰ আগমনৰ আগতে ভাৰতবৰ্ষত এক স্বাধীন অর্থনীতি বিৰাজ কৰিছিল। কৃষিয়েই অধিকাংশ ভাৰতীয়ৰ জীৱিকাৰ প্রধান উৎস আছিল যদিও বিভিন্ন ধৰণৰ নিৰ্মাণ কার্য দেশখনৰ অর্থব্যৱস্থাৰ বৈশিষ্ট্য আছিল। ভাৰতবর্ষ সেই সময়ত কপাহ আৰু ৰেচমৰ বস্ত্রশিল্প তথা বিভিন্ন ধাতু আৰু মূল্যবান মণি আদিৰ দৰে হস্তশিল্পত বিখ্যাত আছিল। এই উৎপাদিত সামগ্ৰীসমূহে সমগ্র বিশ্বতে বজাৰ লাভ কৰিব পাৰিছিল। 


19. ভাৰতবৰ্ষত ইংৰাজসকলৰ কিবা ইতিবাচক বৰঙণি আছিল নে? 

উত্তৰঃ- শিক্ষা, বাণিজ্য, শিল্প আৰু যোগাযোগৰ ক্ষেত্ৰত ভাৰতবৰ্ষত ইংৰাজসকলৰ কিছু ইতিবাচক বৰঙণি আছিল বুলি ক'ব পাৰি। যেনে— ইংৰাজসকলে ভাৰতত ইংৰাজী শিক্ষা আৰু স্ত্রী-শিক্ষাৰ প্ৰচলন কৰি জ্ঞানৰ প্ৰসাৰ কৰিছিল। কৃষিৰ ক্ষেত্ৰত বাণিজ্যিকীকৰণ আৰম্ভ হৈছিল। যাৰ ফলত গ্রাম্য অর্থ ব্যৱস্থা তুলনামূলকভাৱে স্ব-নিৰ্ভৰশীল হৈছিল। মুদ্রাগত শস্য উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছিল। উদ্যোগসমূহ আধুনিকীকৰণ হৈছিল। দ্বিতীয় মহাসমৰৰ পিছত চেনি, কাগজ, চিমেন্ট আদি সৰু সৰু উদ্যোগ গঢ়ি উঠিছিল। ভাৰতবৰ্ষৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে ৰেলপথ আৰু পৰিবহন ব্যৱস্থাৰ বাট মুকলি হৈছিল। বৈদ্যুতিক টেলিগ্রাফ ব্যৱস্থাৰ প্ৰচলনে দেশৰ আইন শৃংখলা ৰক্ষাৰ উদ্দেশ্য পূৰণ কৰিছিল।  


20. ইংৰাজসকলে ভাৰতবৰ্ষত আন্তঃগাঁথনি উন্নয়ন নীতিৰ জৰিয়তে কি উদ্দেশ্য পূৰণ কৰিব বিচাৰিছিল? 

উত্তৰঃ- (১) ভাৰতবৰ্ষক ইংৰাজসকলে অর্থনৈতিক দিশত শোষণ কৰিব বিচাৰিছিল।

(২) জনসাধাৰণক মৌলিক সুবিধাখিনি দিয়াৰ পৰিৱর্তে তেওঁলোকে ঔপনিৱেশিক স্বার্থ পূৰণতহে গুৰুত্ব দিছিল। আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে ভাৰতবৰ্ষক ইংলেণ্ডত উৎপাদিত সামগ্ৰীৰ বজাৰ ৰূপে গঢ় দিব বিচাৰিছিল।

(৩) তেওঁলোকে ভাৰতবৰ্ষক এখন উদ্যোগৰ বাবে কেঁচা সামগ্রী উৎপাদন কৰা দেশ হিচাপে গঢ়ি তুলিব বিচাৰিছিল। 

(৪) ইংৰাজসকলে বন্দৰ, ৰেল, জলপৰিবহণ আৰু ডাক-তাঁৰ সেৱা ব্যৱস্থা কৰি নিজৰ দেশৰ লগতে অন্য বিদেশী ৰাষ্ট্ৰলৈ কেঁচা সামগ্রী প্ৰেৰণ কৰিছিল।  


21. ঔপনিৱেশ শাসন কালত ভাৰতবৰ্ষৰ কৃষি অর্থনীতিৰ স্থবিৰতাৰ কাৰণবোৰ আলোচনা কৰা।

উত্তৰঃ- ঔপনিৱেশিক শাসনকালত মুঠ জনসংখ্যাৰ 85 শতাংশ লোকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰিছিল যদিও কৃষিখণ্ডই স্থবিৰতাত ভুগি অৱনতিৰ ফালে গতি কৰিছিল—

(১) ভাৰতত ইংৰাজসকলে জমিদাৰী প্ৰথা প্ৰবর্তন কৰাত কৃষিখণ্ডৰ পৰা হোৱা লাভ কৃষকৰ পৰিৱর্তে জমিদাৰসকলৰ হাতলৈ গৈছিল। জমিদাৰসকলে কৃষকসকলৰ অৱস্থাৰ প্ৰতি চকু নিদি জোৰ-জুলুম কৰি খাজানা আদায় কৰাত অশেষ যাতনা পাইছিল। 

(২) ভাৰতবৰ্ষত কৃষি ব্যৱস্থা আধুনিকীকৰণ হোৱা নাছিল। কৃষিখণ্ডত নিম্ন মানৰ পৰম্পৰাগত প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে কৃষিৰ অৱনতি ঘটিছিল। 

(৩) জমিদাৰসকলে কৃষিৰ উন্নয়নৰ বাবে কোনো উদ্যোগ গ্রহণ কৰা নাছিল। 

(৪) তাকৰীয়া পৰিমাণৰ সাৰ প্ৰয়োগ আৰু জলসিঞ্চনৰ অভাৱেও কৃষিৰ ক্ষতি কৰিছিল। 


22. উপনিৱেশিক শাসনকালত ভাৰতবৰ্ষৰ অর্থনৈতিক পৰিৱৰ্তনসমূহ আলোচনা কৰা। 

উত্তৰঃ- উপনিৱেশিক শাসনকালত সামাজিক, সাংস্কৃতিক আৰু অর্থনৈতিক জীৱনৰ বিশেষভাৱে পৰিৱৰ্তন হৈছিল। এই পৰিৱর্তনৰ ধাৰাটো কৃষি, উদ্যোগ, যোগাযোগ, বৈদেশিক বাণিজ্য, বৃত্তিগত গাঁথনি, আন্তঃগাঁথনি, শিক্ষা ব্যৱস্থা এই সকলোবোৰেই কিছু পৰিমাণে হ'লেও আমোল পৰিৱৰ্তন আনিব পাৰিছিল— 

(১) কৃষিখণ্ডত তেওঁলোকে পৰিৱৰ্তন আনিছিল যদিও ভূমি আইনসমূহে ভাৰতীয় কৃষকৰ উপকাৰ কৰাতকৈ ইংৰাজসকলকহে চহকী কৰিছিল। উদ্যোগৰ ক্ষেত্ৰত তেওঁলোকে ভাৰতত বিভিন্ন ধৰণৰ উদ্যোগ স্থাপনেৰে এক নতুন উদ্যোগিক বিপ্লৱ আনিছিল। 

(২) বৈদেশিক বাণিজ্যৰ জৰিয়তে ইংলেণ্ডৰ বাহিৰেও পৃথিৱীৰ আন কিছুমান ৰাষ্ট্র যেনে– চীন, সিংহল, ইৰাণ আদিৰ লগত নতুন পৰিচয় কৰাইছিল। 

(৩) ঔপনিৱেশ শাসন কালত কৰ্মৰত লোকৰ বৃত্তিগত গাথঁনিটোৰ বিশেষ পৰিৱৰ্তন হৈছিল। ৭০-৭৫ শতাংশ কৃষিখণ্ডত নিয়োজিত লোকৰ মাজত আঞ্চলিক বৈষম্য দেখা গৈছিল। তামিলনাডু, অন্ধ্রপ্ৰদেশ, কেৰালা, মহাৰাষ্ট্র, পশ্চিমবংগ আদিৰ শ্ৰমিকৰ কৃষিৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস পাইছিল। সম অনুপাতত নির্মাণ আৰু সেৱাখণ্ডত শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইছিল। একে সময়তে উৰিষ্যা, ৰাজস্থান, পাঞ্জাব আদিৰ কৃষিখণ্ডৰ অংশ বৃদ্ধি পাইছিল। 

(৪) আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৰেল, ডাক-তাঁৰ, বন্দৰ, জল পৰিবহণ, স্থল পৰিবহণৰ উন্নতিয়ে ব্যৱসায়-বাণিজ্যৰ লগতে ভাৰতৰ বিভিন্ন অঞ্চলৰ লগত সংযোগেৰে দেশী-বিদেশী সামগ্রী ক্রয়-বিক্রয়ৰ বজাৰখনৰ পৰিসৰ বৃদ্ধি পাইছিল। 

(৫) ইংৰাজসকলৰ আগমনৰ লগে লগে বহু পৰিমাণে পশ্চিমীয়া ভাৱধাৰা, সংস্কৃতি, শিক্ষা, আইন আদিৰ আদান প্ৰদানৰ জৰিয়তে ভাৰতীয়সকলৰ জীৱনৰ মূল্যবোধৰ কিছু পৰিৱৰ্তন ঘটিছিল আৰু পৰম্পৰাগত সামাজিক দৃষ্টিভংগী সলনি হৈছিল।

(৬) ইংৰাজসকলৰ শাসনকালত স্থাপিত হোৱা বিভিন্ন উদ্যোগ যেনে— কপাহী বস্ত্র, মৰাপাট, চেনি, কাগজ, নীল, আইৰণ, কয়লা আদিত দেশী-বিদেশী মূলধনৰ বিনিয়োগ ঘটাই ভাৰতবৰ্ষৰ উদ্যোগিক ক্ষেত্ৰখনত প্ৰত্যক্ষ বা পৰোক্ষভাৱেই এক আমূল পৰিৱৰ্তন আনিছিল। 


23. ঔপনিৱেশিক শাসনকালত ভাৰতবৰ্ষৰ ঔদ্যোগিক খণ্ডৰ অৱস্থা আলোচনা কৰা। 

উত্তৰঃ- (১) ঔপনিৱেশিক শাসনকালত কৃষি নির্মাণ খণ্ডসমূহৰ দৰেই উদ্যোগিক খণ্ডটো কোনো উল্লেখযোগ্য সুস্থ উদ্যোগিক ভেঁটি গঢ়ি তুলিব পৰা নাছিল। কৃষি, বনজ, খনিজ, মানৱ আৰু অন্যান্য সম্পদত চহকী হোৱাৰ পাছতো এই দ্রব্যসমূহক কেন্দ্র কৰি কোনো চকুত লগা উদ্যোগ স্থাপন কৰা নাছিল। বৰঞ্চ কুটীৰ ও হস্তশিল্প আৰু কৃষিজাত উদ্যোগসমূহৰ আগতকৈ মন্থৰ গতিৰে উন্নতি হোৱা পৰিলক্ষিত হৈছিল। 

(২) ভাৰতীয় কৃষিৰ উন্নতিৰ কাৰণে কোনোধৰণৰ আধুনিক বা উন্নত পদ্ধতি প্ৰয়োগ কৰা নাছিল। বৰঞ্চ কিছু পৰিমাণৰ মুদ্রা বা নগদমুখী শস্যৰ উৎপাদনতহে গুৰুত্ব দিছিল। 

(৩) তেওঁলোকৰ বৈষম্যমূলক বাণিজ্যিক নাটনিৰ বাবে ভাৰতবৰ্ষক কেঁচামাল ৰপ্তানীৰ এটা কেন্দ্রবিন্দু হিচাপে গঢ়ি তুলিছিল। যাৰ ফলত ভাৰতীয় বজাৰখন তেওঁলোকে ইংলেণ্ডত উৎপাদন হোৱা বস্তুৰ এখন আমদানী বজাৰলৈ পৰিৱৰ্তন কৰি ভাৰতীয় কুটীৰ শিল্পৰ পতন ঘটাইছিল।

(৪) ভাৰতীয়সকলক ইংলেণ্ডৰ বৃহৎ উদ্যোগত প্ৰস্তুত সামগ্ৰীসমূহ কম মূল্যত পাব পৰাকৈ যোগান ধৰাত ভাৰতীয়সকলক ভোগ্যসামগ্ৰীৰ এক নতুন চাহিদাৰ প্ৰতি আকর্ষিত কৰিছিল ফলত স্থানীয় কৃষিজাত শিল্পসমূহৰ পতন হোৱাত দেশখনত নিবনুৱা সমস্যাই দেখা দিছিল। 

(৫) ১৯ শতিকাৰ দ্বিতীয়ার্ধত আধুনিক উদ্যোগৰ আৰম্ভণি কৰিছিল যদিও সীমিত দ্রব্য উৎপাদনত যেনে—কপাহী বস্ত্র, মৰাপাটৰ কল আদিতে সীমাবদ্ধ আছিল। তথাপি কুৰি শতিকাৰ আৰম্ভণিতে লো, তীখা, চেনি, চিমেন্ট, কাগজ কল আদি স্থাপনৰ জৰিয়তে কিছু পৰিমাণৰ আধুনিক উদ্যোগৰ ভেটি স্থাপন কৰিছিল। 

(৬) ভোগ্য দ্রব্য উৎপাদন কৰা উদ্যোসমূহৰ মুঠ লাভৰ ৫০ শতাংশ ইংৰাজসকলৰ পক্ষতহে গৈছিল যাৰ বাবে ভাৰতৰ মুঠ জাতীয় আয়ত প্ৰভাৱ পৰিছিল।


Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »