-->

Class 10 Assamese বৈচিত্র্যময় অসম দশম শ্ৰেণী

বৈচিত্র্যময় অসম দশম শ্ৰেণী


I. তিৱাসকল । Tiwa 


1. 'বৈচিত্র্যময় অসম' নামৰ দ্রুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। HS-2020 

উত্তৰঃ- তলত দিয়া আছে। 


3. তিৱাসকলৰ কেইটিমান উত্‍সৱৰ নাম লিখা। 

উত্তৰঃ- তিৱাসকলৰ পাহাৰ অঞ্চলৰ উত্‍সৱ হৈছে- য়াংলী, লাংখন, ৱানছুৱা, ছগ্ৰা আদি। ভৈয়াম অঞ্চলৰ উত্‍সৱ হৈছে জোনবিল মেলা, গোঁসাই উলিওৱা মেলা, বৰত বিহু আদি। 


4. তিলা সমাজত 'জেলা' বুলি কাল কোৱা হয়?

উত্তৰঃ- তিৱা সমাজত পাহাৰ পঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে জেলা বুলি কোৱা হয়। আনহাতে খেলৰ প্রশাসনিক আৰু সামাজিক মূৰব্বীজনক ভৈয়ামত জেলা বুলি কোব্য হয়। 


5. তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্ৱণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি?

উত্তৰঃ- তিব্যসকলে তেওঁলোকৰ উৎসৱ-পাৰ্ৱণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ হৈছে- -৯খ্ৰাম (ঢোল) খ্ৰাম, খুজুৰা, খ্ৰাম্‌ পান্থাই, দুমদিং, দগৰ, পাংশী আদি। 


6. ভাষিক দিশৰপৰা তিৱাসকল কোনটো ঠালৰলোক? 

উত্তৰঃ- ভাষিক দিশৰপৰা তিৱাসকল ইন্দো-চীনৰ অন্তৰ্গত তিৰ্ব্বত বর্মীয় ভাষ্য-গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ 'বড়ো' ঠালৰ লোক। 


7. ফুলগুৰিৰ ধেৱা কি? 

উত্তৰঃ- ফুলগুৰি হ'ল তিৱা জনগোষ্ঠীৰ এখন গাঁওৰ নাম। অসমৰ প্ৰথম কৃষক বিদ্রোহটোৰ নাম হ'ল 'ফুলগুৰি ধেৱা'। এই বিদ্রোহ ব্রিটিছৰ অর্থনৈতিক শোষণৰ বিৰুদ্ধে তিৱাসকলৰ নেতৃত্বত হৈছিল। 


8. তিৱাসকলৰ কেইবিধমান সাজপাৰৰ নাম লিখা।

উত্তৰঃ- তিৱাসকলৰ পূৰুয়ে থানা, তাগলা, থেনাচ, ফালি, ফাগা মহিলাই কাছ্যং, ফাছকাই, নাৰা আদি পৰিধান কৰে। 


9. বলাইৰাম সেনাপতিৰ গীতৰ পুথিখনৰ নাম লিখা।

উত্তৰঃ- বলাইৰাম সেনাপতিৰ গীতৰ পুথিখনৰ নাম হ'ল— মুকুল। 


10. তিৱাচা মিচন কোনে আৰু কেতিয়া জন্ম দিয়ে?

উত্তৰঃ- ১৯৬০ চনত থাৰাকুঞ্জী গাঁওত ইন্দ্রচিং দেউৰীয়ে তিৱাচা। মিচন নামৰ এটা সামাজিক অনুষ্ঠানৰ জন্ম দিয়ে।



II. দেউৰীসকল । Deori 

1. দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে?

উত্তৰঃ- 'জিম'চঁণায়া' বুলি দেউৰীসকলে নিজকে চিনাকি দিয়ে। 


2. দেউৰীভাষা তিৰ্ব্বতবর্মী ভাষাগোষ্ঠীৰ কোনটো ভাষাৰ পৰিয়ালত অন্তৰ্ভুক্ত? কোন চনত দেউৰীভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্রদান কৰে?

উত্তৰঃ- দেউৰীভাষা মূলতঃ চীনা-তিৰ্ব্বতী ভাষাগোষ্ঠীৰ তিৰ্ব্বত বর্মীয় ভাষা পৰিয়ালৰ বড়োভাষাৰ অন্তৰ্গত।

দেউৰীভাষাক অসম চৰকাৰে ২০০৫ চনৰ ২৮ জানুৱাৰিত চৰকাৰীভাৱে স্বীকৃতি প্রদান কৰে।


3. দেউৰীসকল কি ধর্ম বিশ্বাসী?

উত্তৰঃ- দেউৰীসকল "কুন্দি" ধর্ম বিশ্বাসী। কুন্দিমামা হ'ল- তেওঁলোকৰ উপাস্য দেৱতা। কুন্দি মানে পৰম পুৰুষ পৰমেশ্বৰ আৰু মামা মানে প্রকৃতিক বুজাইছে। এই কুন্দিমামাক বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিকর্তা বুলি তেওঁলোকে বিশ্বাস কৰে। 


4. দেউৰীসকলৰ আদিম বাসস্থান ক'ত আছিল?

উত্তৰঃ- শদিয়া দেউৰীসকলৰ আদি বাসস্থান আছিল। 


5. দেউৰীসকল সামাজিকভাৱে কেইটা খেলত বিভক্ত আৰু কি কি?  

উত্তৰঃ- দেউৰীসকল সামাজিকভাৱে চাৰিটা খেলত বিভক্ত- 

(১) টেঙাপনীয়া 

(২) পাটৰগঞা 

(৩) ডিবঙীয়া আৰু 

(৪) বৰগঞা 

(১) টেঙানদীৰ পাৰত বাস কৰাসকুল— টেঙাপনীয়া। 

(২) পাত শদিয়াত থকাসকলক— পাটৰগঞা। 

(৩) ডিবাংনদীৰ পাৰত বাস কৰাসকল— ডিবঙীয়া। 

(4) বৰনদীৰ পাৰত বাস কৰাসকল— বৰগঞা। 


6. শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকলে প্ৰথমতে অসমৰ কোন কেইখন জিলাত বাস কৰিবলৈ লৈছিল? বর্তমান অসমৰ কেইখন জিলাত তেওঁলোকে বসবাস কৰি আছে?

উত্তৰঃ- শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকলে শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিক্রং নদীৰ পাৰত বাস কৰি পিছত অসমৰ বিভিন্ন ঠাইলৈ সম্প্রসাৰণ ঘটে।

বর্তমান অসমৰ ৮ খন জিলাত দেউৰীসকলে বসবাস কৰি আছে। 


7. ৰাধাকান্ত দেউৰীৰ ৰচিত এখন পুথিৰ নাম লিখা।

উত্তৰঃ- দেউৰী শব্দ ভাণ্ডাৰ। 


8. কাৰ নেতৃত্বত ভৈয়াম জনজাতীৰ বাবে অসম বিধানসভাৰ আসন সংৰক্ষণ হয়?

উত্তৰঃ- ১৯৩৫ চনত ভীমবৰ দেউৰীৰ নেতৃত্বত অসম বিধানসভাৰ মুঠ ১০৮ খন আসনৰ ৪ খন আসন অনগ্ৰসৰ ভৈয়ামৰ জনজাতিৰ বাবে সংৰক্ষণ কৰা হয়। 


9. অসম ভৈয়ামৰ অনগ্রসৰ জনগোষ্ঠীৰ প্রথম অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হয়? 

উত্তৰঃ- অসম ভৈয়ামৰ অনগ্রসৰ জনগোষ্ঠীৰ প্রথম অধিৱেশন ১৯৩৩ চনৰ ১৭ এপ্রিলত নগাঁৱৰ ৰহাত অনুষ্ঠিত হয়। 


10. দেউৰীসকলে পালন কৰা চাৰিটা জাতীয় উৎসৱৰ নাম লিখা।

উত্তৰঃ- দেউৰীসকলে পালন কৰা চাৰিটা জাতীয় উৎসৱৰ নাম হ'ল—

(১) চিগাদাগাৰেবা বিচু 

(২) মিচু দেৰুবা মেচ্চু 

(৩) বিচু দাবেবা মেচ্চু 

(৪) বিবা বিচু গিবা মেচ্চু।



III. নেপালীভাষী গোৰ্খাসকল । Nepali Gorkha


1. 'লাল মোহৰীয়া পাণ্ডা' বুলি ক'লে কি বুজা?

উত্তৰঃ- প্রাচীন ধর্মগ্রন্থমতে কামাখ্যা মন্দিৰৰ নির্মাতা আৰু প্রাগজ্যোতিষপুৰৰ ৰজা নৰকে বর্তমান নেপালৰ চুপচৰী জিলাৰ বৰাহ ক্ষেত্ৰত জন্ম হৈছিল আৰু তেওঁ কামাখ্যা মন্দিৰৰ পূজা কৰাবলৈ নেপালৰ পৰা পূজাৰী আনিছিল। পিছলৈ তেওঁলোকে কামাখ্যা মন্দিৰত ''লাল মোহৰীয়া পাণ্ডা'' হিচাপে খ্যাত হৈ পৰিল। 


2. অসম প্রদেশ কংগ্ৰেছ কমিটি প্রথম সভাপতিগৰাকীৰ নাম লিখা? 

উত্তৰঃ- ছবিলাল বাবু। 


3. সুগৌলী সন্ধি কেতিয়া হৈছিল আৰু এই সন্ধিমতে কোনখন দেশৰ ভূ-ভাগ আৰু জনসমষ্টি ভাৰতৰ অন্তর্ভুক্ত হৈছিল?  

উত্তৰঃ- ১৮১৫-১৬ চনত সুগৌলী সন্ধি হৈছিল। এই সন্ধিমতে নেপালৰ ভূ-ভাগ আৰু জনসমষ্টি ভাৰতৰ অন্তর্ভুক্ত হৈছিল। 

4. নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃ-গোষ্ঠীয় লোকৰ সংমিশ্রণ?

উত্তৰঃ- নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল আৰ্য-মঙ্গোল-কিৰাট সংমিশ্ৰিত। এওঁলোকক গোৰ্খা নামেৰেও জনা যায়।


5. ট্রাইবেল বেল্ট এণ্ড ব্লকত নেপালীভাষী লোকসকলে কেতিয়া 'সংৰক্ষিত শ্ৰেণীৰ' মৰ্যদা পাইছিল?

উত্তৰঃ- ১৯৪৭ চনত ট্রাইবেল বেল্ট এণ্ড ব্লকত নেপালীভাষী লোকসকলে 'সংৰক্ষিত শ্রেণীৰ' মৰ্যদা পাইছিল। 


6. গোৰ্খা সম্প্রদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ কি কি? 

উত্তৰঃ- গোৰ্খা সম্প্রদায়ৰ লোকসকলে গোটেই বছৰ জুৰি বিভিন্ন উৎসৱ পালন কৰে। মহিলাসকলে পালন কৰা 'তীজ', পাৰিবাৰিক সম্বন্ধ নিকপকপীয়া কৰা উৎসৱ 'বড়া দশৈ' আৰু ভাতৃভগ্নীৰ প্ৰেমৰ উৎসৱ ''তিহাৰ'' আদি মুখ্য উৎসৱ। 


7. জম্বুদ্বীপে, আর্যাৱর্তে, ভাৰতবর্ষে, অসম প্রান্তে বোলা কথাষাৰৰ তাৎপর্য কি? 

উত্তৰঃ- মহাভাৰতৰ সময়ৰপৰাই অসমৰ আৰু নেপালৰ মাজত পাৰম্পৰিক সম্বন্ধ আৰু প্ৰব্ৰজন আছিল। তেতিয়া এই সমগ্র অঞ্চলটো জম্বুদ্বীপ আর্যাবর্ত নামেৰে জনাজাত আছিল। অসমৰ নেপালীভাষী লোকসকলে বছৰেকীয়া পিতৃশ্রাদ্ধত পিণ্ডদান কৰোঁতে মন্ত্রৰ লগত নিজৰ ঠিকনা উল্লেখ কৰি এইদৰে কয়। 


8. ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক'ত সত্ৰ স্থাপন কৰিছিল?

উত্তৰঃ- ৰতিকান্ত উপাধ্যায় নেপালী ব্রাহ্মণ আছিল। তেওঁ বর্তমান টিয়ক আৰু নগাঁৱত 'নেপালী সত্র' স্থাপন কৰিছিল।


9. দলবীৰ সিং লোহাৰৰ পৰিচয় দিয়া আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁ কেনেদৰে জড়িত আছিল লিখা।

উত্তৰঃ- ১৯১৫ চনৰ ২৬ জানুৱাৰিত ডিব্ৰুগড়ৰ খলিহামাৰীত দলবীৰ সিঙৰ জন্ম হয়। তেৱেই অসমৰ নেপালীভাষীৰ প্ৰথম বিধায়ক। ১৫ বছৰ বয়সত লোহাৰে জাতীয় আন্দোলনত স্বেচ্ছাসেৱক বাহিনীত যোগ দিয়ে আৰু ১৯৩০ চনত কৰাচীত অনুষ্ঠিত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাত অসমৰ হৈ প্রতিনিধিত্ব কৰে। তেওঁ ১৯৩০ চনত কুখ্যাত কানিংহাম চাৰ্কুলাৰৰ বিৰোধীতা কৰি তিনিমাহ কাৰাবাস খাটে। আকৌ ব্রিটিছৰ গণবিৰোধী নীতিৰ বিৰোধিতা কৰি পুনৰ ১৯৩১-৩২ চনত ছমাহ কাৰাবাস খাটে। তেওঁ শ্রমিক আন্দোলনৰ নেতা আছিল আৰু ট্রেড ইউনিয়ন গঠনত মনোনিৱেশ কৰিছিল। ১৯৪৬ চনত দলবীৰ সিং লোহাৰ শ্ৰমিক আৰু পিছপৰা শ্ৰেণীৰ প্রতিনিধি হিচাপে তিনিচুকীয়া অঞ্চলৰ পৰা বিধানসভালৈ নির্বাচিত হয়। ১৯৬৯ চনৰ ২৯ জুলাইত তেওঁৰ মৃত্যু হয়। 


10. হৰিপ্ৰসাদ গোৰ্খা ৰাইৰ সাহিত্যিক অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ- আৱাহন যুগৰ বিশিষ্ট লিখক হিচাপে পৰিচিত গোৰ্খা ৰাইয়ে ধনবাহাদুৰ সোনাৰ আৰু গোবিন্দ চন্দ্র পৈৰাৰ লগত লগলাগি সাহিত্য চর্চা আৰম্ভ কৰে। অসম সাহিত্যসভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঁঞিবৰুৱাৰ সান্নিধ্যত সাহিত্য জগতত ভৰি দি তেওঁ ধনবাহাদুৰ সোনাৰ আৰু গোবিন্দ চন্দ্র পৈৰাৰ সহযোগত অসম সাহিত্যসভাৰ কোহিমা শাখা গঠন কৰে। তেওঁ অসমীয়া মাধ্যমত শিক্ষাগ্রহণ কৰিছিল বাবে নেপালীৰ লগতে অসমীয়া ভাষাতো সাহিত্য ৰচনা কৰে। তেওঁৰ ৰচিত অভিধান হ'ল— (১) মিকিৰ শব্দকোষ (২) মাৰাম শব্দকোষ (৩) অসমীয়া শব্দকোষ (৪) নেপালী শব্দকোষ আদি তেওঁৰ নেপালী ভাষাত ৰচিত পুথি হৈছে— (১) বাবৰী (২) মনচৰিকো বোলী (৩) য়হা বদনাম হুঞ্চ। 


11. ভাৰতৰ স্বাধীনতা সংগ্রাম ছবিলাল উপাধ্যায়ৰ অৱদান লিখা।

উত্তৰঃ- ছবিলাল উপাধ্যায় অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি নির্বাচিত হয়। কংগ্ৰেছত মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনত স্বেচ্ছাসেৱীৰূপে তেওঁ জঁপিয়াই পৰি ছমাহ কাৰাবাস খাটে। জেলৰ পৰা আহি তেওঁ প্রথমে নিজৰ ঘৰত থকা বিদেশী বস্তু জ্বলায় বিদেশী বস্তু বর্জন কার্যসূচীত অংশ লয়। স্থানীয়ভাৱে স্বদেশী বিদ্যালয় স্থাপনতো তেওঁ আগভাগ লয়। তেওঁ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ ব্রিটিছে প্রলোভন দিয়ে যদিও তেওঁ নস্যাৎ কৰে। তেওঁ অসমক চি গ্রুপত অন্তর্ভুক্ত কৰাৰ বিৰোধিতা কৰে। তেওঁৰ নেতৃত্বত ''অখিলভাৰতীয় গোর্খা'' লিগৰ আহ্বানত তেজপুৰত ৩০ হাজাৰ নেপালীভাষী লোকক সমৱেত কৰি জিন্নাৰ এই প্ৰস্তাৱৰ বিৰুদ্ধে শক্তি প্রদর্শন কৰা হয়।



IV. বড়োসকল । Boro । Bodo

1. কোনচনত বড়ো ভাষাই ৰাজ্য ভাষা হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰঃ- ১৯৮৪ চনত বড়ো ভাষাই ৰাজ্য ভাষা হিচাপে স্বীকৃতি পায়। 


2. বড়োভাষা কেতিয়া প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল?

উত্তৰঃ- ১৯৬৩ চনত বড়ো ভাষাই প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল। 


3. বড়োভাষা কি ভাষাগোষ্ঠীৰ অন্তর্ভুক্ত?

উত্তৰঃ- বড়োভাষা হৈছে চীনা তীব্বত বর্মীয় ঠালৰ ভাষা। বড়ো ভাষা শদিয়াৰ পৰা পূব বংগলৈ আৰু উত্তৰে নেপালৰ পৰা বাংলাদেশলৈ প্ৰসাৰিত আৰু প্ৰচলিত হোৱা এটা বহুল ভাষা। 


4. বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা। 

উত্তৰঃ- (১) চিত্তৰঞ্জন মোছাহাৰী দেৱৰ ফৈমাল মিজিংক (১৯৭০) (২) গংগাচৰণ কছাৰীৰ বড়ো ফিছা ও আইন (১৯১৫) এই খন বড়োভাষাৰ প্রথম গ্রন্থ। 


5. বড়োসকলৰ পৰম্পৰাগত সাজপাৰ ব্যৱহাৰ কৰা কেইটিমান চানেকিৰ নাম উল্লেখ কৰা। 

উত্তৰঃ- মেগন, মুফুৰ আফা, দাওথু আগান, ফাৰেও দাওৰাই মৗখ্ৰেব, থাইগিৰ বিবাৰ, হাজৌ আগৰ আদি। 


6. বড়োসকলৰ ধর্মীয় উৎসৱটোৰ নাম লিখা।

উত্তৰঃ- খেৰাই। 


7. বড়োসকলৰ পুৰণি ধৰ্ম আৰু শ্রেষ্ঠ দেৱভাজনৰ নাম কি?

উত্তৰঃ- বড়োসকলৰ অতি পুৰণি ধর্মটো হৈছে বাথৌ ধর্ম। বড়োসকলে মাটি (হা) বায়ু (বাৰ) পানী (দৈ) আকাশ (আখ্ৰাং) আৰু সূর্য (সান) এই পঞ্চতত্বৰ সৃষ্টিকর্তাজনক ঈশ্বৰ হিচাপে মানি লয়। ইয়াকে বাথৌ বুলি কোৱা হয়। 


8. বড়োসকলৰ প্ৰধান গীতসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ- বড়োসকলৰ প্ৰধান গীতসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি- 

(১) লোকগীত (খুগা মেথায়) 

(২) প্রার্থনা গীত (আৰজ মেথায়) 

(৩) আধুনিক গীত (গৌদান মেথায়)।


9. বড়ো চুক্তিৰ বিষয়ে কি জানা লিখা। 

উত্তৰঃ- প্রাক্তন প্রধানমন্ত্রী পি. ভি. নৰসিংহ ৰাওৰ নেতৃত্বত ভাৰত চৰকাৰ, কেন্দ্রীয় প্রতিক্ষা মন্ত্রী শাৰদ পাৱাৰৰ সহযোগত নিখিল বড়ো ছাত্ৰ সন্থা (এবছু) বড়ো গণ সংগ্রাম সমিতি (বি. পি. এ. চি.) আৰু অসমৰ সেই সময়ৰ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াদেৱৰ মাজত হোৱা আলোচনা মর্মে ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰিত বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদ গঠন হয়। ইয়াৰ পিছত বড়োসকলৰ ভাষা, সংস্কৃতি, শিক্ষা আৰু অর্থনৈতিক দিশৰ উন্নতিৰ বাবে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্বন টাইগাৰৰ মাজত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰিত বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াচ ডিষ্টিক নামেৰে এখন নতুন চুক্তি সম্পাদিত হয়। এই চুক্তিমতে বি. টি. চি. (বড়োলেণ্ড) এলেকাত মুঠ ৩০৭৯ খন গাঁও সামৰি কোকৰাঝাৰ, চিৰাং বাকসা আৰু ওদালগুৰি এই চাৰিখন জিলা গঠন কৰা হয়। 


12. চমুটোকা : (ক) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী : ১৯২৬ চনত ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীৰ গোসাইগাঁওৰ বামুনকুৰা গাঁৱত জন্ম হয়। তেওঁৰ চেষ্টাতেই বড়ো নৃত্যই ৰাষ্ট্ৰীয় পর্যায়লৈ যাবলৈ সক্ষম হয়। ১৯৫৫ চনত দিল্লীত ''অল ইণ্ডিয়া ৰেডিঅ'ৰ মুকলি প্রদর্শনী অনুষ্ঠানত তেওঁ বিবাহ গীত পৰিৱেশন কৰে ১৯৫৭ চনৰ ২৬ জানুৱাৰিত তেওঁ দিল্লীত গণতন্ত্রদিৱসত এটি সাংস্কৃতিক দল লৈ অংশ গ্রহণ কৰে। ২৭ জানুৱাৰিত অনুষ্ঠিত হোৱা বড়ো কৃষ্টি দলে বাগুৰুমবা নৃত্য পৰিৱেশন কৰি ভাৰতৰ ভিতৰত প্রথম স্থান পায়। ১৯৯২ চনত এছিয়া মেলা ১৩ত অংশ লৈ বড়ো নাছিনা নৃত্য প্রদর্শনেৰে দৰ্শকৰ ভূয়সী প্রশংসা লাভ কৰে। ১৯৮২ চনত তেওঁ ''সংগীত নাটক একাডেমী'' বঁটা লাভ কৰে। ১৯৯৮ চনৰ ১৬ মেত তেওঁৰ মৃত্যু হয়। 


12. চমুটোকা : (খ) ড° শোভা ব্ৰহ্ম : ড° শোভা ব্রহ্ম ভাৰতৰ এজন প্রখ্যাত ভাস্কর্যবিদ আৰু অসমৰ কলা জগতৰ এজন পথ প্রদর্শক ৰূপে পৰিচিত। ১৯২৯ চনৰ ১৮ অক্টোবৰত গোসাইগাঁৱৰ ভূমকা নামৰ ঠাইত তেওঁৰ জন্ম হয়। তেওঁ সৰুৰে পৰাই এজন চিত্রশিল্পী আৰু ভাস্কর্য শিল্পী হোৱাৰ সপোন দেখিছিল। ১৯৫৭ চনত তেওঁ ৰবীন্দ্ৰ নাথ ঠাকুৰে স্থাপন কৰা শান্তি নিকেতনৰ পৰা শিল্প বিষয়ত স্নাতক ডিগ্রীলৈ অসমলৈ আহে। তেওঁ তাৰিণী চৰণ হাই স্কুলত শিক্ষকতা আৰম্ভ কৰে। অসমত চাৰুকলা মহাবিদ্যালয় প্রতিষ্ঠা কৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি কলা, জন জীৱন অধ্যয়ন কৰি এটা সুকীয়া শিল্পধাৰাৰ সৃষ্টি কৰাই আছিল তেওঁৰ সৃষ্টিশীল জীৱনৰ লক্ষ্য আছিল। ১৯৬৪ চনত তেওঁ বৰ্তমানৰ চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয়ত অধ্যক্ষৰূপে নিযুক্ত হয়। এইখন মহাবিদ্যালয় চৰকাৰীকৰণ কৰাৰ পৰা কলেজ পর্যায়লে নিবলৈ তেওঁ অশেষ চেষ্টা কৰে। তেওঁৰ প্ৰতিখন ছবিয়ে একোখন কিতাপৰ দৰে আছিল। তেওঁৰ চিত্ৰ ভাস্কৰ্যৰ দ্বাৰা জাতি-ভাষা বর্ণ নির্বিশেষে সকলোকে মিলি দেশমাতৃক উদ্ধাৰ কৰাৰ অনুপ্ৰেৰণা দিছিল। তেওঁৰ চিত্ৰ আৰু ভাস্কর্যসমূহ প্ৰথমবাৰ গুৱাহাটী জিলা পুথিভঁৰালত প্রদর্শিত হয়। তেওঁৰ চিত্ৰই স্বদেশৰ লগতে বিদেশৰ শিল্পপ্রেমীৰ মন জয় কৰিছে। তেওঁ সাহিত্য চর্চাতো মনোনিৱেশ কৰিছিল। তেওঁৰ প্রকাশিত গ্রন্থ হৈছে– শিল্পকলাৰ নৱ প্রজন্ম, ভাৰতীয় চিত্র কলা গৗদান উজি, লিউ-নার্ডো-দ্যা ভিন্সি আদি। তেওঁ লাভ কৰা বঁটা হ'ল- অসম শিল্পী পেঞ্চন বঁটা, অসম চৰকাৰৰ সাস্কৃতিক পেঞ্চন বঁটা, কমল কুমাৰী বৰুৱা ফাউণ্ডেচন বঁটা, অসম ৰাজ্যিক বিষ্ণুৰাভা বঁটা, সত্‍‌ভাৱনা বঁটা আদি। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা দি-লিট-উপাধি লাভ কৰিছিল। ২০১২ চনত তেওঁৰ মৃত্যু হয়। 


12. চমুটোকা : (গ) বিনেশ্বৰ ব্ৰহ্ম : শহীদ বিনেশ্বৰ ব্ৰহ্মৰ ১৯৪৯ চনৰ ২৮ ফেব্ৰুৱাৰিত কোকৰাঝাৰৰ ভাতৰমাৰী গাঁৱত জন্ম হয়। তেওঁ ১৯৭২ চনত যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়ৰ পৰা কৃষিৰ স্নাতক ডিগ্রী লাভ কৰে। তেওঁ ''হিন্দুস্তান সাৰ নিগমৰ সাৰ সম্প্ৰসাৰণ'' আৰু কৃষি গৱেষণা বিভাগত চাকৰি জীৱন আৰম্ভ কৰে। তাৰ পাছত তেওঁ খাদ্য নিগম (FCI) বিভাগত Quality Control ৰ Deputy Manager ৰূপে গুৱাহাটীত নিযুক্তি পায়। তেওঁ একেধাৰে এগৰাকী বুদ্ধিমত্তা, সুচিন্তক, সমাজসেৱক, সাহিত্যিক আছিল। তেওঁ ইংৰাজী, বঙালী, নেপালীকে ধৰি ৮টা 'ভাষা সলসলীয়াকৈ ক'ব পাৰিছিল।

তেওঁৰ ৰচিত গ্রন্থ— আই নি মাদৈ (কবিতা) বৰদৈসিখলা (কবিতা) আংনি গামি ভাতাৰমাৰি (প্ৰৱন্ধ সংকলন) তেওঁ দুটা কার্যকালৰ বাবে বড়ো সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰে। ২০০০ চনৰ ১৯ আগষ্টত গুৱাহাটীৰ নিজ বাসভৱনত অচিন আততায়ীৰ হাতত গুলিবিদ্ধ হৈ তেওঁৰ মৃত্যু হয়। 


12. চমুটোকা : (ঘ) উপেন্দ্র নাথ ব্রহ্ম : ১৯৫৬ চনৰ ১৩ মার্চত কোকৰাঝাৰৰ বৰজাৰি গাঁৱত উপেন্দ্র নাথ ব্ৰহ্মৰ জন্ম হয়। তেওঁ ১৯৮৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম. এচ. চি. পৰীক্ষাত উত্তীর্ণ হয়। তেওঁ বড়োসকলৰ শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সজাগতা আনিবলৈ অহৰহ চেষ্টা কৰিছিল। তেওঁৰ প্ৰচেষ্টাত ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰিত বড়ো চুক্তি (Boro Accord) সাক্ষৰিত হয়। তেওঁ The Bodoland Times নামৰ বাতৰি কাকতখনৰ সম্পাদক আছিল। তেওঁ প্ৰৱন্ধৰাজিও লিখিছিল। বিজ্ঞান সৰ্ম্পকে লিখা তেওঁৰ প্ৰৱন্ধবোৰ অতি উচ্চস্তৰৰ আছিল। বড়ো সমাজলৈ আগবঢ়োৱা অভূতপূর্ব বৰঙনিৰ বাবে তেওঁক বড়োফা (বড়োসকলৰ পিতৃ) বুলি কোৱা হয়। ১৯৯০ চনৰ ১ মেত তেওঁৰ মৃত্যু হয়।


V. মটকসকল । Matak

1. মটক শব্দৰ অৰ্থ লিখা।

উত্তৰঃ- টাই ভাষাত 'ম' মানে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী আৰু 'টক' মানে উপযুক্ত, জোখা, তুলাচনী, পৰীক্ষিত। অর্থাৎ মটক শব্দৰ অৰ্থ হ'ল— উপযুক্ত জ্ঞানী শক্তিশালী পণ্ডিতলোক। 


2. মটকসকল সাধাৰণতে কোন ধৰ্মৰ লোক?

উত্তৰঃ- মটকসকল সাধাৰণতে মায়ামৰা বৈষ্ণৱধৰ্মৰ লোক। 


3. মটকৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কামবোৰ লিখা। 

উত্তৰঃ- স্বৰ্গদেউ সর্বানন্দ সিংহই বিভিন্ন জনকল্যাণমূলক কাম হাতত লৈছিল। আলি-পদূলি নির্মাণ কৰি যাতায়াত ব্যৱস্থাৰ উন্নতি কৰিছিল। তাৰে কেইটামান আলি হ'ল- ৰঙাগড় আলি, হাতী আলি, ৰাজগড় আলি আদি। তেওঁ প্ৰজাৰ সুবিধার্থে ৰাজধানীৰ বাহিৰে ভিতৰে মুঠ চৌব্বিশটা পুখুৰী যেনে— বেংমৰা পুখুৰী, দেৱী পুখুৰী আদি খন্দাইছিল। সৰ্বানন্দই খন্দোৱা তিনিকোণীয়া পুখুৰীৰ নাম অনুসাৰে পৰৱৰ্তী সময়ত বেংমৰা নগৰখনৰ নাম তিনিচুকীয়া হৈ পৰিল। 


4. মটকসকলৰ লগত মোৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধ লিখা। 

উত্তৰঃ- মোৱামৰীয়া বিদ্ৰোহৰ প্রধান নেতা মটকসকলৰ ওপৰত ৰজাঘৰীয়া অত্যাচাৰ চলিছিল। বিদ্ৰোহৰ নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰাপৰাধী মানুহক বন্দী কৰি কাৰাগাৰত থৈছিল। মটক ৰজা সর্বানন্দই মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব লৈছিল। তেওঁৰ প্ৰচুৰ সাংগঠনিক দক্ষতা আছিল। কাৰাগাৰৰ ভিতৰে বাহিৰে সকলো মটকলোকৰ মনোবল তেওঁ বঢ়াইছিল। 


VI. মৰাণসকল । Moran

1. মৰাণসকল কোন?

উত্তৰঃ- মৰাণসকল বৃহৎ কিৰাট মঙ্গোলীয় গোষ্ঠীৰ এটা জনজাতীয় গোট। 


2. ১০টা মৰাণ ভাষাৰ শব্দ লিখা। 

উত্তৰঃ- (১) দি (পানী) (২) সিম (নিমখ) (৩) মাই (ধান) (৪) চান (সূর্য) (৫) মাইম (চাউল) (৬) মিয়াম (ভাত) (৭) মহন (মাংস) (৮) হান (চাহ) (৯) হিৱা (মতা) (১০) হিচি (মাইকী)।


3. মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীম উল্লেখ কৰা।

উত্তৰঃ- চাউলুং চ্যুকাফা অহাৰ সময়ত মৰাণসকলৰ এখন স্বাধীন ৰাজ্য আছিল। ৰাজ্যখনৰ সীমা আছিল- উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূবে চফ্রাই আৰ, পশ্চিমে ব্রহ্মপুত্র। 


4. অসম আৰু অৰুণাচলৰ কোন কেইখন জিলাত মৰাণসকলৰ বসতি বেছি?

উত্তৰঃ- অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা আৰু অৰণাচলৰ নামচাই আৰু চাংলাং জিলাত বাস কৰাৰ লগতে মৰাণসকলৰ শিৱসাগৰ, যোৰহাট, চৰাইদেউ, ধেমাজি আদি জিলাসমূহত বসতি বেছি। 


5. বুৰঞ্জীত উল্লেখ থকা বাৰঘৰ কছাৰীৰ নাম লিখা।

উত্তৰঃ- (১) ইনটুহজয় (হোজাই) (২) দমচয় (ডিমাচা) (৩) বিহদয় (বড়ো) (৪) জুহল-লুইৱা (লালুং বা তিৱা) (৫) বাদু সোনলয় (সোনোৱাল) (৬) ইনটু মিনয় (মৰাণ) (৭) দিউনয় (দেউৰী) (৮) ইনটু-মেচয় (মেছ) (৯) কুচুবঁয় (কোচ) (১০) ৰাভা কিৰাটয় (ৰাভা) (১১) ইনটু-গাৰোয় (গাৰো) (১২) বাদু হজয় (হাজং)। 


6. মৰাণসকলৰ জাতীয় খেতি কি?

উত্তৰঃ- মৰাণসকলৰ জাতীয় খেতি হ'ল— সুমথিৰা বা কমলা খেতি। 


7. বদৌছা শব্দৰ অর্থ কি?

উত্তৰঃ- বদৌছা শব্দৰ অৰ্থ হ'ল— বড়োৰ সন্তান। 


8. মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম কি আছিল?

উত্তৰঃ- মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম আছিল–বদৌছা। 


9. মৰাণসকলে বহাগ বিহু কেতিয়া আৰু কেনেকৈ পালন কৰে?

উত্তৰঃ- বিহুৱেই মৰাণসকলৰ প্রধান উৎসৱ। বহাগৰ প্ৰথম মঙ্গলবাৰে দেৱ-দেৱীৰ পূজা-অর্চনা কৰি মৰাণসকলে বিহু নমাইছিল আৰু মঙ্গলবাৰে উৰুকা, বুধবাৰে গৰুবিহু আৰু বৃহস্পতিবাৰে মানুহ বিহুৰূপে সাত দিন সাত ৰাতি বিহু মাৰে।


10. ক'ত ক'ত মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ শাল আছিল?

উত্তৰঃ- শদিয়াৰ কেঁচাইখাতী থানৰ লগতে তিনিচুকীয়া জিলাৰ মাকুমৰ যজোখোৱা, দেওশাল, চৰাইদেউ আদিত শাল পাতি দেৱ-দেৱীৰ পূজা কৰিছিল। 


11. মৰাণসকলৰ দুবিধ নৃত্যৰ নাম লিখা। 

উত্তৰঃ- মৰাণসকলৰ দুবিধ নত্যৰ নাম হ'ল- (১) যঁজা নৃত্য (২) কুলাবুঢ়ী নৃত্য।


12. মৰাণসকলৰ দুগৰাকী বীৰাঙ্গণাৰ নাম লিখা।

উত্তৰঃ- মৰাণসকলৰ দুগৰাকী ৰীৰাঙ্গণাৰ নাম হ'ল- (১) ৰুকুণী আৰু (২) ৰাধা। 


13. কেতিয়া আৰু কাৰ সহযোগত 'অসম মৰাণ সভা' গঠন হয়?

উত্তৰঃ- ১৯৬৫ চনত মোহন শইকীয়াৰ সহযোগত অসম মৰাণ সভা গঠন হয়। 


14. মৰাণসকলৰ জাতীয় পশু আৰু জাতীয় গছৰ নাম লিখা।

উত্তৰঃ- মৰাণসকলৰ জাতীয় পশু হাতী আৰু জাতীয় গছৰ নাম হ'ল হোলু। 


15. মৰাণসকলৰ ডেকাসকলৰ দল পতিৰ দায়িত্ব কোনেধৰণৰ?

উত্তৰঃ- মৰাণসকলৰ ডেকাসকলৰ মাজত এজন দলপতি আৰু এজন উপদলপতি থাকে। তেওঁলোকে সমাজ পৰিচালনাত 

আগভাগ লয়।


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »