-->

Class 12 Economics: আন্তঃগাঁথনি । Infrastructure

আন্তঃগাঁথনি 
Infrastructure


1. খালী ঠাই পূৰ কৰাঃ- 

(ক) 'ভগৱানৰ স্বদেশ' বুলিলে ______ বুজায়।

উত্তৰঃ- কেৰালাক

(খ) শক্তিৰ বাণিজ্যিক আৰু অ-বাণিজ্যিক উভয় উৎসকে ______ বুলি কোৱা হয়। 

উত্তৰঃ- পৰম্পৰাগত উৎস

(গ) বর্তমান ভাৰতবৰ্ষত ব্যৱহৃত মুঠ শক্তিৰ শতকৰা ______ হৈছে বাণিজ্যিক শক্তি। 

উত্তৰঃ- প্ৰায় 65% অংশই

(ঘ) স্বাস্থ্যই মাথোন ______  নুবুজায়। 

উত্তৰঃ- ৰোগহীনতাকে

(ঙ) স্বাস্থ্যৱান জীৱন-যাপনৰ অধিকাৰ নিশ্চিত কৰাটো ______ । 

উত্তৰঃ- চৰকাৰৰ দায়িত্ব

(চ) ভাৰতবৰ্ষৰ ______ চিকিৎসালয় ব্যক্তিগত খণ্ডৰ অধীনত। 

উত্তৰঃ- 70 শতাংশৰো অধিক।


2. এটা জাতিৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি কি? 

উত্তৰঃ- বিদ্যালয়সমূহ। 


3. হোমিঅ'প্যাথিক চিকিৎসাক কি বুলি জনা যায়? 

উত্তৰঃ- 'আয়ুস' (Ayush)। 


4. ভাৰতবৰ্ষই মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ আন্তঃগাঁথনিত বিনিয়োগ কৰে?

উত্তৰঃ- মাত্র 5 শতাংশ।


5. ভাৰতৰ ঔদ্যোগিকভাৱে আগবঢ়া দুখন ৰাজ্যৰ নাম লিখা। 

উত্তৰঃ- মহাৰাষ্ট্ৰ আৰু গুজৰাট। 


6. কৃষি আৰু উদ্যান শস্যত অগ্রগতি লাভ কৰা তিনিখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ- পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্রদেশ।


7. 'ভগৱানৰ স্বদেশ' বুলি কোৱা ৰাজ্যখনৰ নাম কি? 

উত্তৰঃ- কেৰালা। 


8. 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতত শিশু লিংগৰ অনুপাত কিমান? 

উত্তৰঃ- 927।  


9. ভাৰতৰ ধনী লোকসকলে তেওঁলোকৰ আয়ৰ কিমান শতাংশ চিকিৎসাৰ বাবদ খৰচ কৰে? 

উত্তৰঃ- 2 শতাংশ। 


10. বর্তমান ভাৰতবৰ্ষত ভাৰতীয় চিকিৎসা প্রণালীৰ কেইখন চিকিৎসালয় আছে?

উত্তৰঃ- 3004 খন।


11. 2003 চনত গাঁও অঞ্চলত উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত লোকৰ সংখ্যা কিমান?

উত্তৰঃ- 24 শতাংশ।


12. ভাৰতত বর্তমান কেইখন স্বীকৃতিপ্রাপ্ত মহাবিদ্যালয় আছে? 

উত্তৰঃ- 12 হাজাৰ।


13. 2001 চনৰ লোকপিয়ল অনুসৰি গ্রামীণ ভাৰতবৰ্ষত কিমান শতাংশ পৰিয়ালৰ বিদ্যুৎ সংযোগ আছে?

উত্তৰঃ- 56 শতাংশ পৰিয়ালত।


14. ভাৰতবৰ্ষত (2001 চনত) গ্রামাঞ্চলৰ কিমান শতাংশ লোকে জৈৱ ইন্ধন, ব্যৱহাৰ কৰে?

উত্তৰঃ- 70 শতাংশ।


15. ভাৰতবৰ্ষত শক্তিৰ গৌণ উৎসসমূহ কি কি? 

উত্তৰঃ- কয়লা, তেল, বিদ্যুৎ, প্রাকৃতিক গেছ।


16. যোগাযোগ প্ৰধান উৎসবোৰ কি কি? 

উত্তৰঃ- যোগাযোগ প্ৰধান উৎসবোৰ হ'ল— ই-মেইল, ইণ্টাৰনেট, টেলিফোন, ডাকসেৱা, মোবাইল ফোন, টেলিগ্ৰাফ আদি।


17. আন্তঃগাঁথনি কেই ভাগত ভগাব পাৰি? 

উত্তৰঃ- আন্তঃগাঁথনি দুটা ভাগত ভগাব পাৰি- (১) সামাজিক আন্তঃগাঁথনি আৰু (২) অর্থনৈতিক আন্তঃগাঁথনি।


18. 2003-2004 চনত ভাৰতবৰ্ষৰ মুঠ শক্তি উৎপাদন ক্ষমতাৰ কিমান শতাংশ তাপ শক্তি আছিল? 

উত্তৰঃ- 70 শতাংশ।  


19. 2004-2005 চনত কিমান বিদেশী ভাৰতলৈ চিকিৎসাৰ বাবে আহিছিল? 

উত্তৰঃ- 1,50,000 জন।


20. শক্তি উৎপাদনত প্ৰাথমিক উৎস তিনিটা কি কি?

উত্তৰঃ- শক্তি উৎপাদনত প্ৰাথমিক উৎস তিনিটা হ'ল- তাপশক্তি, পাৰমাণৱিক শক্তি আৰু জলশক্তি। 


21. ভাৰতবৰ্ষৰ স্বাস্থ্য আন্তঃগাঁথনি কেই তৰপীয়া আৰু কি কি? 

উত্তৰঃ- ভাৰতবৰ্ষৰ স্বাস্থ্য আন্তঃগাঁথনি তিনিতৰপীয়া। সেইবোৰ হ'ল- প্ৰাথমিক সেৱা, দ্বিতীয় সেৱা আৰু তৃতীয় সেৱা।


22. ঔদ্যোগিক প্ৰগতি কিহৰ ওপৰত নিৰ্ভৰ কৰে? 

উত্তৰঃ- শক্তি আৰু বিদ্যুৎ উৎপাদন, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আদিৰ ওপৰত ঔদ্যোগিক প্ৰগতি নিৰ্ভৰ কৰে।


23. বাংগালোৰে কিয় বহুজাতিক কোম্পানীবোৰ আকৰ্ষণ কৰাত সফল হৈছে? 

উত্তৰঃ- বিশ্বমানৰ যোগাযোগ ব্যৱস্থা সৰবৰাহ কৰিব পাৰিছে বাবে। 


24. বিভিন্ন ধৰণৰ পথবোৰ কি কি? 

উত্তৰঃ- বিভিন্ন ধৰণৰ পৃথবোৰ হ'ল- ৰাজ্যিক ঘাই পথ, ৰাষ্ট্ৰীয় ঘাইপথ, জিলা প্ৰধান পথ, Express High Way, আকাশী পথ আৰু অন্যান্য উপপথ।


25. স্বাস্থ্য আন্তঃগাঁথনিৰ উপাদানসমূহ কি কি? 

উত্তৰঃ- স্বাস্থ্য আন্তঃগাঁথনিৰ উপাদানসমূহ হ'ল— নার্চ, ঔষধ, চিকিৎসালয়, ডাক্তৰ, চিকিৎসালয়ত ব্যৱহাৰ হোৱা সা-সজুলি আদি।


26. অর্থনৈতিক আন্তঃগাঁথনিৰ সংগঠকবোৰ কি? 

উত্তৰঃ- অর্থনৈতিক আন্তঃগাঁথনিৰ সংগঠকবোৰ হ'ল— শক্তি যোগান, পৰিবহণ, যোগাযোগ আদি।


27. GBD কি?  

উত্তৰঃ- GBD হ'ল বিশেষজ্ঞসকলে ব্যৱহাৰ কৰা এক নির্দেশক। ইয়াৰ সহায়ত কোনো এটা নির্দিষ্ট ৰোগত অকালতে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাৰ জোখ ল'ব পাৰি। 


28. শিশুৰ মৃত্যুৰ হাৰ বুলিলে কি বুজা? বর্তমান ভাৰতত শিশুৰ মৃত্যুৰ হাৰ কিমান? 

উত্তৰঃ- শিশুৰ মৃত্যুৰ হাৰ বুলিলে প্ৰতি হাজাৰ শিশুৰ এক বছৰৰ ভিতৰত গড় মৃত্যুৰ সংখ্যাক বুজায়।

প্ৰতি হাজাৰত প্ৰায় ৬৮ জন। 


29. ভাৰতবৰ্ষত কেইটা চিকিৎসা প্রণালী প্রচলিত? 

উত্তৰঃ- ভাৰতবৰ্ষত মুঠতে ছটা চিকিৎসা প্রণালী প্রচলিত। এইবোৰ হ'ল— 

(i) আয়ুর্বেদ 

(ii) যোগ 

(iii) ইউনানী

(iv) সিদ্ধ 

(v) প্রাকৃতিক চিকিৎসা 

(vi) হোমিঅ'প্যাথি


30. স্বাস্থ্য বুলিলে কি বুজা? জীৱন প্ৰত্যাশা কি? 

উত্তৰঃ- স্বাস্থ্যই ৰোগহীনতাৰ লগতে এজন ব্যক্তিৰ কার্যক্ষমতা প্ৰাপ্তিৰ যোগ্যতাক বুজায়।

জন্মৰ পিছত গড় হিচাপে জীয়াই থকাৰ সম্ভাব্য সময়খিনিক 'জীৱন প্ৰত্যাশা' বোলা হয়। ই হৈছে ব্যক্তিজনৰ কল্যাণৰ মাপকাঠি।  


31. সামাজিক আন্তঃগাঁথনি বুলিলে কি বুজা? 

উত্তৰঃ- যিবোৰ ভৌতিক সা-সুবিধাই সমাজৰ উন্নতিৰ ভেটি হিচাপে কাম কৰে, সেইবোৰকে 'সামাজিক আন্তঃগাঁথনি' বুলি কোৱা হয়। শিক্ষা, স্বাস্থ্য আৰু বাসস্থানৰ লগত জড়িত আন্তঃগাঁথনিবোৰ এইবিধৰ অন্তর্ভুক্ত।  


32. স্বাস্থ্য অৱস্থা মূল্যায়নৰ বাবে থকা নিদের্শকবোৰ কি কি? 

উত্তৰঃ- স্বাস্থ্য অৱস্থা মূল্যায়নৰ বাবে পণ্ডিতসকলে বিবেচনা কৰা নির্দেশকবোৰ হ'ল— প্ৰসূতি মৃত্যুৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ, জীৱন প্ৰত্যাশা, পুষ্টিকাৰিতাৰ স্তৰ, সংক্ৰামক আৰু অ-সংক্ৰামক ৰোগৰ ঘটনা আদি। 


33. অর্থনৈতিক, আন্তঃগাঁথনি আৰু সামাজিক আন্তঃগাঁথনি কিদৰে পৰম্পৰ নিৰ্ভৰশীল লিখা। 

উত্তৰঃ- আন্তঃগাঁথনিৰ ভাগ দুটা হ'ল— অর্থনৈতিক আৰু সামাজিক আন্তঃগাঁথনি। এই ভাগ দুটা এটাৰ লগত আনটো ওতঃপ্ৰোতভাৱে জড়িত। যিদৰে সামাজিক আন্তঃগাঁথনিৰ বিকাশ নোহোৱাকৈ সমাজ এখনে অর্থনৈতিক আন্তঃগাঁথনিৰ সুবিধা ল'ব নোৱাৰে। ঠিক সেই দৰে অর্থনৈতিক আন্তঃগাঁথনিৰ উন্নয়নে সামাজিক আন্তঃগাঁথনিৰ উন্নয়নত যথেষ্ট সহায় কৰে।


34. শক্তিৰ প্ৰেৰণ আৰু বিতৰণৰ ক্ষেত্ৰত লোকচান বুলিলে তুমি কি বুজা? এই লোকচানৰ পৰিমাণ কেনেকৈ হ্ৰাস কৰিব পাৰি?

উত্তৰঃ- শক্তিৰ প্ৰেৰণা আৰু বিত্ৰণৰ ক্ষেত্ৰত হোৱা লোকচান বুলিলে আমি বিদ্যুৎ অপচয় বা লোকচান হোৱাকে বুজো। সুপৰিকল্পিত পৰিচালনা, বিদ্যুৎ বণ্টনৰ পৰিকল্পিত ব্যৱস্থাৰ যোগেদি লোকচান কমাব পৰা যাব। এই ক্ষেত্ৰত হোৱা বিদ্যুৎ শক্তি বিতৰণৰ দায়িত্বত থকা ৰাজ্যিক পৰিষদসমূহেপদক্ষেপ ল'ব লাগিব।


35. পৰস্পৰাগত আৰ অপৰম্পৰাগত উৎস কাক বোলে? 

উত্তৰঃ- শক্তিৰ বাণিজ্যিক আৰু অবাণিজ্যিক উভয় উৎসকে পৰস্পৰাগত উৎস বুলি কোৱা হয়। শক্তিৰ আন তিনিটা উৎস ক্ৰমে- সৌৰশক্তি, বায়ুশক্তি আৰু জোৱাৰশক্তিক সাধাৰণতে অপৰম্পৰাগত উৎস বুলি কোৱা হয়।  


36. দুটা গতানুগতিক আৰু দুটা অগতানুগতিক শক্তিৰ উৎসৰ নাম লিখা। 

উত্তৰঃ- দুটা গতানুগতিক শক্তিৰ উৎস হ'ল– (১) খাৰুৱা তেল আৰু (২) কয়লা। 

দুটা অগতানুগতিক শক্তিৰ উৎস হ'ল—

(১) বায়ু শক্তি আৰু (২) সৌৰ শক্তি। 


37. উদ্যোগিকভাৱে, কৃষি আৰু উদ্যান শস্যত আগবঢ়া দুখনকৈ ভাৰতীয় ৰাজ্যৰ নাম উল্লেখ কৰা।

উত্তৰঃ- উদ্যোগিকভাৱে আগবঢ়া ৰাজ্যৰ নাম হ'ল- (১) গুজৰাট আৰু (২) মহাৰাষ্ট্ৰ।

কৃষি আৰু উদ্যান শস্যত আগবঢ়া দুখনকৈ ভাৰতীয় ৰাজ্যৰ| হ'ল— (১) পঞ্জাৱ আৰু (২) হাৰিয়ানা।  

 

38. শক্তিৰ দুবিধ উৎসৰ বিষয়ে লিখা। 

উত্তৰঃ- (১) বাণিজ্যিক উৎস আৰু (২) অবাণিজ্যিক উৎস। কয়লা, পেট্ৰলিয়াম আৰু বিদ্যুৎ কিনা-বেচা হয় বাবে এইবোৰক শক্তিৰ বাণিজ্যিক উৎস বোলে। খৰি, কৃষিৰ অৱশিষ্ট আৰু শুকান গোবৰ আদিক প্ৰকৃতি বা বনাঞ্চলত পোৱা যায় বাবে ইহঁতক অবাণিজ্যিক উৎস বোলে। 


39. আন্তঃগাঁথনি বুলিলে কি বুজা? 

উত্তৰঃ- আন্তঃগাঁথনি বুলিলে দেশৰ উন্নয়ন আৰু অর্থনৈতিক বৃদ্ধিত সহায় হোৱা কিছুমান সামাজিক আৰু অর্থনৈতিক ব্যৱস্থা সাঙোৰ খাই থাকে। যেনে—শক্তি, জলসিঞ্চন, পৰিবহণ, যোগাযোগ, বেংকিং, বিত্ত, বীমা ব্যৱস্থা, বিজ্ঞান, প্ৰযুক্তি আৰু অন্যান্য সামাজিক ব্যৱস্থা যেনে— শিক্ষা, স্বাস্থ্য বিজ্ঞান ইত্যাদি। 


40. কেৰালাক কিয় 'ভগৱানৰ স্বদেশ' বুলি কোৱা হয়? 

উত্তৰঃ- কেৰালাৰ আন্তঃগাঁথনি ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত শিক্ষা ব্যৱস্থা, স্বাস্থ্য ব্যৱস্থা, অনাময় ব্যৱস্থা আদি বিষয়ত যথেষ্ট আগবঢ়া। তাৰোপৰি ৰাজ্যখনে পর্যটকক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত উত্তম ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। সেয়েহে লোক 'ভগৱানৰ স্বদেশ' বুলি কোৱা হয়।


41. ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ- ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ উদ্দেশ্যসমূহ হ'ল-

(১) স্বাস্থ্যসম্মত জীৱনশৈলী গঢ়ি তোলা। 

(২) কম খৰচত উন্নত মানৰ স্বাস্থ্য সেৱা প্ৰদান কৰা।

(৩) শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা।

(৪) জনসংখ্যাৰ স্থিৰতা প্ৰদান কৰা। 

(৫) বিস্তৃত প্ৰাথমিক স্বাস্থ্য সেৱাৰ ব্যৱস্থা। 


42. আমাৰ দেশত মহিলাৰ স্বাস্থ্য এক গভীৰ চিন্তাৰ বিষয় কিয়? 

উত্তৰঃ- আমাৰ দেশত মহিলাৰ স্বাস্থ্য যতনত অসুবিধাৰ সৃষ্টি হৈছে। দেশত শিশু লিঙ্গৰ অনুপাত 1991 চনৰ 945ৰ পৰা কমি 2001 চনৰ লোকপিয়লমতে ই 927 হৈছে। এইটোৱে আমাৰ দেশৰ কন্যা ভ্ৰূণ হত্যাক বুজাইছে। 15-16 বছৰৰ পৰা 49 বছৰৰ ভিতৰত 50% ৰো অধিক বিবাহিতা মহিলাই পৰিপুষ্টিহীনতা আৰু লৌহৰ অভাৱত হোৱা ৰক্তহীনতাত প্ৰায়ে ভোগে। ইয়েই মুঠ প্ৰসুতি মৃত্যুৰ 19% কাৰণ। আকৌ গর্ভপাতো এটা সমস্যা হৈ পৰিছে।


43. ভাৰতৰ শক্তিখণ্ডৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'ব পৰাকৈ ল'বলগা ব্যৱস্থাবোৰ উল্লেখ কৰা। 

উত্তৰঃ- ভাৰতৰ শক্তিখণ্ডৰ প্ৰত্যাহ্বান সমূহৰ সন্মুখীন হ'ব পৰাকৈ ল'ব পৰা ব্যৱস্থা কিছু তলত উল্লেখ কৰা হ'ল— 

(১) শক্তিৰ অপচয় ৰোধ কৰা। 

(২) নবীকৰণ শক্তিৰ ব্যৱহাৰ কৰা। 

(৩) অনবীকৰণ শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰা। (৪) নতুন শক্তি উৎস সন্ধান কৰা। 

(৫) পৰাপক্ষত অতি উত্তম কার্যক্ষম ইন্ধন ব্যৱহাৰ কৰা। 

(৬) ইন্ধন দহনৰ বাবে কার্যক্ষম যন (ষ্টোভ, চুলা) ব্যৱহাৰ কৰা।


45. আন্তঃগাঁথনিৰ সুবিধাই উৎপাদন বৃদ্ধিত কেনেকৈ অৰিহণা যোগায়? 

উত্তৰঃ- আন্তঃগাঁথনিয়ে ঔদ্যোগিক আৰু কৃষি উৎপাদন তথা ঘৰুৱা বৈদেশিক বেপাৰ-বাণিজ্যৰ ঘাই ক্ষেত্ৰবোৰলৈ সহায়কাৰী সেৱা আগবঢ়ায়। আন্তঃগাঁথনিয়ে উৎপাদনৰ উপাদানসমূহৰ উৎপাদনশীলতা বৃদ্ধি কৰে আৰু মানৱ জীৱনৰ গুণগত মান উন্নতি ঘটাই দেশ এখনৰ অর্থনৈতিক উন্নয়নত অৰিহণা যোগায়। এই উন্নয়নৰ বাবে সামাজিক আৰু অর্থনৈতিক আন্তঃগাঁথনি অতিশয় জৰুৰী। এক সহায়কাৰী ব্যৱস্থা হিচাপে আন্তঃগাঁথনিয়ে উপাদানসমূহৰ উৎপাদনশীলতা বৃদ্ধি কৰি জীৱনৰ মানদণ্ড উন্নত কৰি সকলো আর্থিক কাম কাজক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে।     


46. স্বাস্থ্য আন্তঃগাঁথনি সম্পর্কে লিখা। 

উত্তৰঃ- স্বাস্থ্যত বিনিয়োগ মানে স্বাস্থ্য সম্পর্কীয় বহুতো কথা সাঙোৰ খাই থাকে। এখন দেশৰ হস্পিতেল, ডাক্তৰ, নার্চ, পেৰামেডিকেল, বিছনাৰ সংখ্যা বৃদ্ধি, বিভিন্ন দৰকাৰী স্বাস্থ্য পৰীক্ষাৰ যন্ত্ৰ-পাতি, ঔষধালয় বিলাকৰ উন্নয়ন ইত্যাদিবোৰ জনসংখ্যাৰ অনুপাতে পর্যাপ্ত হোৱাটোক বুজায়। লগতে এই সুযোগ সেৱাসমূহ দেশৰ বিভিন্ন প্ৰান্তত মানুহে সহজে লাভ কৰিব পৰা হ'ব লাগে। এনে এটা উন্নতমানৰ স্বাস্থ্য ব্যৱস্থা হ'ব লাগে যি দেশৰ মানৱ সম্পদসমূহক এটা সু-শক্তিশালী স্বাস্থ্যৰ অধিকাৰী কৰিব পাৰে যাৰ জৰিয়তে দেশৰ প্ৰগতি হয়। 


47. নবীকৰণযোগ্য শক্তিৰ উৎসৱোৰ ব্যৱহাৰ কৰি শক্তিৰ সংকট দূৰ কৰিব পৰা যায়। কথাষাৰ যুক্তিৰে প্ৰতিপন্ন কৰা। 

উত্তৰঃ- যিবোৰ শক্তিৰ উৎসৰ পৰা নিঃশেষ নোহাৱাকৈ অবিৰামভাৱে শক্তি উৎপাদন হৈ থাকে সেইসমূহ উৎসক নবীকৰণযোগ্য উৎস বোলা হয়। উদাহৰণস্বৰূপে কাঠ, সৌৰশক্তি, জৈৱশক্তি, জৈৱিক ইন্ধন, হাইড্ৰ'জেন আদি নবীকৰণযোগ্য উৎসৰ অন্তৰ্গত। এইসমূহক অপৰম্পৰাগত শক্তিৰ উৎস বুলি কোৱা হয়।

এই নবীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ, সংৰক্ষণ আৰু আন শক্তিলৈ ৰূপান্তৰ ঘটাই আমাৰ শক্তি সম্পদৰ অভাৱ দূৰ কৰিব পাৰে। নবীকৰণযোগ্য সম্পদৰ ভিতৰত সৌৰশক্তি হ'ল সর্ববৃহৎ উৎস। সূৰ্যৰ ৰশ্মি শক্তিলৈ ৰূপান্তৰ ঘটাই সৌৰশক্তি, আহৰণেৰে আমাৰ শক্তি সম্পদ শক্তিশালী কৰি আমাৰ অভাৱ দূৰ কৰিব পাৰো। ইয়াৰ উপৰিও খাদ্যবস্তু শুকুৱা, কাপোৰ-কানি শুকুৱা, খাদ্যৰ সংৰক্ষণ, লৱণ তৈয়াৰ, সৌৰ বেটেৰী, সৌৰশক্তি চালিত গাড়ী আদি তুলনামূলকভাৱে কম ব্যয়ত ব্যৱহাৰ কৰিব পাৰি। ঠিক সেইদৰে বায়ুশক্তিক যান্ত্ৰিক আৰু বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। জলশক্তিৰ সহায়েৰেও বোৱতী পানীৰ পৰা জল বৈদ্যুতিক শক্তি, বিভিন্ন জৈৱিক পদার্থ যেনে-- কাঠ, গৰুৰ গোবৰ-জাৱৰ, বিভিন্ন প্ৰকাৰৰ পেলনীয়া দ্ৰব্য আদিৰ পৰা জৈৱ ভৰশক্তি উৎপাদন কৰি শক্তি সম্পদ দূৰ কৰিব পাৰি। 


48. আয়ুস ব্যৱস্থা বিকল্পৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ কি কি? 

উত্তৰঃ- ৰাষ্ট্ৰীয় স্বাস্থ্যমিচন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্যনীতি ২০১৭ৰ জৰিয়তে চৰকাৰে আয়ুস (AYUSH) চিকিৎসালয় ব্যৱস্থাটো জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু ইয়াৰ উন্নতিকল্পে ইয়াৰে আধুনিকীকৰণৰ বাবে আগভাগ লৈছে। এই চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নয়ন আৰু দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ সমূহত (PHCs) আৰু সমূহীয়া স্বাস্থ্যকেন্দ্ৰসমূহত (CHCs) দৰবৰ যোগান ধৰি আহিছে। Central Regulatory Body, Central Research Council, National Plant Board ইত্যাদি সমূহে ৰাজ্যসমূহৰ মাজত এটা নেট্‌ৰ্ৱকিং গঢ়ি আয়ুসৰ চিকিৎসা শক্তি বৃদ্ধি কৰিছে। বিভিন্ন PHCs আৰু CHCsৰ লগত আয়ুসক সংলগ্ন কৰিছে।

আয়ুসৰ মান উন্নত কৰাৰ বাবে চৰকাৰে ইয়াৰ উচ্চ শিক্ষা, গৱেষণাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সুবিধা প্ৰদান কৰিছে। নতুন বনৌষধি উদ্‌ঘাটন আৰু উৎপাদনত গুৰুত্ব দিছে। ৯টাকৈ আয়ুস প্ৰতিষ্ঠানক সৰ্বভাৰতীয় প্ৰতিষ্ঠানলৈ উন্নীত কৰি আয়স স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ ঘটাইছে।


49. ভাৰতবৰ্ষৰ শক্তিখণ্ডই সন্মুখীনহোৱা প্ৰত্যাহ্বান সমূহ উল্লেখ কৰা। HS-2022 

উত্তৰঃ- ভাৰতৰ শক্তিখণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ তলত উল্লেখ কৰা হ'ল– 

(১) ভাৰতত বিদ্যুতৰ বৰ্দ্ধিত চাহিদা পূৰণৰ বাবে ভাৰতত থকা বিদ্যুত শক্তি উৎপাদনৰ ক্ষমতা যথেষ্ট নহয়। ইয়াৰে কিছুমান শক্তি প্ৰকল্প সঠিকভাবে চলি থকা নাই আৰু আন কিছুমান অব্যৱহৃত হৈ আছে। 

(২) বিদ্যুত শক্তি বিতৰণৰ দায়িত্বত থকা ৰাজ্যিক বিদ্যুত পৰিষদ সমূহে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। ইয়াৰ কাৰণ হৈছে বিদ্যুত প্ৰেৰণ আৰু বিতৰণৰ ক্ষেত্ৰত হোৱা লোকচান, বিদ্যুতৰ ভুল দৰনীতি আৰু অন্যান্য অদক্ষতা। বিভিন্ন অঞ্চলত ঘটি থকা বিদ্যুত চুৰি কাৰ্যবোৰৰ ইয়াৰ বাবে দায়ী। 

(৩) ব্যক্তিগত খণ্ডৰ বিদ্যুত উৎপাদনকাৰী গোট সমূহেও গুৰুত্বপূর্ণ ভূমিকা ল'ব পৰা নাই। বিদেশী বিনিয়োগৰ ক্ষেত্ৰতো একে ব্যৱস্থাই প্ৰযোজ্য। 

(৪) বিদ্যুতৰ উচ্চহাৰৰ নিৰিখ আৰু দেশৰ বিভিন্ন প্ৰান্তত সঘনাই ঘটি থকা দীর্ঘকালজোৰা বিদ্যুত যোগান ব্যাহতৰ ঘটনাই জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। 

(৫) ভাৰতবৰ্ষৰ শক্তি খণ্ডৰ মূল ভেঁটি তাপ বিদ্যুত কেন্দ্ৰসমূহে প্ৰয়োজনীয় কেঁচামাল আৰু কয়লাৰ নাটনিত ভূগি আছে।


50. ভাৰতৰ অর্থনৈতিক উন্নয়নত পৰিবহণ ব্যৱস্থাৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ- ভাৰতৰ অর্থনৈতিক উন্নয়নত পৰিবহণ ব্যৱস্থাই নিম্নোক্ত ধৰণে সহায় কৰি আহিছে। 

(১) উৎপাদন আৰু চলনশীলতাঃ- দেশৰ পৰিবহণ ব্যৱস্থাই ভাৰতৰ সমূহ উৎপাদন ব্যৱস্থাক সুচাৰুৰূপে চলাই যোৱাৰ বাবে বিভিন্ন ধৰণৰ উৎপাদন বা আহিলা যেনে— কেঁচামাল, জ্বালানী, যন্ত্ৰপাতি আদি অনা-নিয়া কৰাত যথেষ্ট অৰিহণা যোগই আছে। সেইদৰেই বিভিন্ন উৎপাদনখণ্ডত উৎপাদিত বস্তুবোৰ বজাৰত অনাৰ উদ্দেশ্য এঠাইৰপৰা আন এঠাইলৈ অনা-নিয়া কৰিব পৰা যায়। 

(২) শ্ৰমৰ চলনশীলতা বৃদ্ধিঃ- ভাৰতৰ পৰিবহণ ব্যৱস্থাই দেশৰ বিভিন্ন অঞ্চলৰ মাজত শ্ৰমৰ চলনশীলতা বৃদ্ধি কৰিছে। শ্ৰমৰ চলনশীলতা উদ্যোগিক বিকাশ আৰু শ্ৰমিকসকলৰ অৱস্থা উন্নয়নৰ বাবে সমভাৱে গুৰুত্বপূর্ণ। পৰিবহণ ব্যৱস্থাই আমাৰ দেশৰ নিবনুৱা আৰু অর্ধনিবনুৱা শ্ৰমিকসকলৰ বাবে উপযুক্ত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি কৰি আছে। 

(৩) বিশেষীকৰণৰ ব্যৱস্থাঃ- ভাৰতৰ পৰিবহণ ব্যৱস্থা উৎপাদনৰ ক্ষেত্ৰত ভৌগোলিক বিশেষীকৰণৰ সুযোগ সৃষ্টি কৰিছে। যিহেতু বিশেষীকৰণত বজাৰৰ পৰিধিৰ ওপৰত নিৰ্ভৰ কৰে। যিহেতু দূৰ-দূৰণী অঞ্চলসমূহত বিভিন্ন ধৰণৰ বস্তুৰ বজাৰ সৃষ্টি কৰি পৰিবহণ ব্যৱস্থাই বিশেষীকৰণৰ বাট মোকলাই দিয়ে। 

(৪) দূৰীকৰণ আৰু দুর্গম অঞ্চলসমূহ মুকলি কৰাঃ- ৰেলপথ ব্যৱস্থাই দেশৰ বিভিন্ন দুৰণীয়া আৰু দুর্গম অঞ্চলসমূহক মুকলি কৰি আছে আৰু লগতে এই অঞ্চলসমূহত থকা বিপুল আৱিস্কাৰ নোহোৱা প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰৰ পথ মুকলি কৰিছে। 

(৫) মানুহৰ চিন্তাধাৰাৰ বিকাশঃ- পৰিবহণ ব্যৱস্থাই দেশৰ মানুহৰ ৰক্ষণশীল মনোভাৱ, কুসংস্কাৰ, অজ্ঞতা আদি আঁতৰ কৰি সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক চিন্তাধাৰাৰ উৎকর্ষ সাধন কৰি মানুহৰ চিন্তাধাৰাৰ বিকাশ সাধন কৰিছে।


 Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »