-->

উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । Liberalisation, privatisation & globalization

Economic Reforms since 1991

Liberalization, Privatization & Globalization : An Appraisal
উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নঃ এক পৰ্যালোচনা


1. ভাৰতবৰ্ষত কোন চনত অর্থনৈতিক সংস্কাৰ আৰম্ভ হয়?

উত্তৰঃ- ১৯৯১ চনত আৰম্ভ হয়। 


2. কোন চনত ভাৰতবৰ্ষই বাহ্যিক ঋণৰ ক্ষেত্ৰত এক জটিল সমস্যাৰ সন্মুখীন হৈছিল?

উত্তৰঃ- 1991 চনত।


3. কৰ সংস্কাৰ বুলিলে কি বুজা? 

উত্তৰঃ- কৰ আৰু চৰকাৰী ব্যয়ৰ নীতিৰ সংস্কাৰক কৰ সংস্কাৰ বোলে। 


4. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গুৰুত্বপূৰ্ণ কাম কি? 

উত্তৰঃ- নোট ছপা কৰি বৃত্তীয় খণ্ডৰ নিয়ন্ত্ৰণ কৰা।


5. বিশ্ব বাণিজ্য সংগঠন (WTO) কোন চনত গঠন হয়?

উত্তৰঃ- ১৯৯৫ চনত।


6. বিশ্ব বাণিজ্য সংগঠনৰ উদ্দেশ্য কি?

উত্তৰঃ- বিশ্বৰ সম্পদসমূহৰ সর্বাধিক ব্যৱহাৰ নিশ্চিত কৰি নীতিগত বাণিজ্যিক ভিত্তি গঢ়ি তোলা।


7. বিশ্ব বাণিজ্য সংস্থা (WTO)ৰ সদস্য দেশ কেইখন? 

উত্তৰঃ- ১৫১ খন।


8. ভাৰতৰ বেছিভাগ ৰাজ্যই কেতিয়াৰ পৰা VAT-ৰ আৰম্ভণি কৰিছিল? 

উত্তৰঃ- 2005 চনত


9. বিশ্বায়ন বুলিলে কি বুজা? 

উত্তৰঃ- দেশীয় অর্থনীতি বা ঘৰুৱা অর্থনীতিক বিশ্ব অর্থনীতিৰ লগত একত্ৰীকৰণ কৰাকে বিশ্বায়ন বা গোলকীকৰণ বুলি কোৱা হয়।


10. উদাৰনীতি বুলিলে কি বুজা?

উত্তৰঃ- উদাৰনীতি বুলিলে ব্যৱসায়-বাণিজ্য আৰু শিল্প উদ্যোগ স্থাপনৰ ক্ষেত্ৰত চৰকাৰী নিয়ন্ত্রণ আৰু অনুজ্ঞাপত্ৰ আদি উঠাই দি অধিক প্রতিযোগিতাৰ সৃষ্টি কৰাকে বুজায়।


11. বেচৰকাৰীকৰণ বুলিলে কি বুজা?

উত্তৰঃ- ৰাজহুৱা প্রতিষ্ঠান নাইবা চৰকাৰী প্রতিষ্ঠানসমূহ ব্যক্তিগত খণ্ডলৈ ৰূপান্তৰ কৰাৰ প্রক্রিয়াকে বেচৰকাৰীকৰণ বোলে।


12. কৰ কাক বোলে? 

উত্তৰঃ- কোনো প্রত্যক্ষ প্রতিদান প্রত্যাশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনকেই কৰ বোলে।


13. প্রত্যক্ষ কৰ কাক বোলে? 

উত্তৰঃ- যিজন ব্যক্তিৰ ওপৰত কৰ ধার্য কৰা হয়, তেৱেঁই যদি সেই কৰ বহন কৰে, তাকেই প্রত্যক্ষ কৰ বোলে। যেনে— আয় কৰ। 


14. পৰোক্ষ কৰ কাক বোলে? 

উত্তৰঃ- কৰৰ বোজা কৰ পৰিশোধ কৰিব লগা ব্যক্তিজনে পৰিশোধ নকৰি অন্য লোকলৈ হস্তান্তৰ কৰা কৰকে পৰোক্ষ কৰ বোলে। যেনে— বিক্ৰী কৰ।


15. শুল্ক কিয় আৰোপ কৰা হয়? 

উত্তৰঃ- চৰকাৰে কৰৰ জৰিয়তে ৰাজহৰ পৰিমাণ বৃদ্ধি কৰিবলৈ কৰ আৰোপ কৰে। দেশীয় উদ্যোগসমূহক ৰক্ষণা-বেক্ষণ দিয়ে আৰু বিদেশী প্ৰতিযোগিতাবোক বাধা দিয়ে। দেশীয় উৎপাদনসমূহক বিদেশী কোম্পানীৰ পৰা ৰক্ষা কৰে। 


16. পৰিমাণগত প্ৰতিবন্ধকৰ অর্থ কি? 

উত্তৰঃ- পৰিমাণগত প্ৰতিবন্ধকৰ ক্ষেত্ৰত চৰকাৰে এটা আমদানি আৰু ৰপ্তানিৰ সর্বোচ্চ সীমা ধার্য কৰি দিয়াৰ ফলত বাণিজ্যৰ আকাৰ স্থিৰ থাকে। পৰিমাণগত প্ৰতিবন্ধকতা ধার্য কৰা হয় সামগ্ৰী বা সামগ্ৰীৰ মূল্যৰ ওপৰত। 


17. কি কি প্ৰধান কাৰণৰ বাবে সেৱাখণ্ডৰ উচ্চ বৃদ্ধি ঘটিছে? 

উত্তৰঃ- জনসংখ্যা বৃদ্ধিৰ বাবে মানৱ সম্পদৰ পর্যাপ্ত যোগানে ভাৰতত সেৱাখণ্ডত বৰঙণি আগবঢ়াইছিল। আকৌ তথ্য প্ৰযুক্তিৰ দ্রুত বিকাশেও সেৱাখণ্ডৰ উচ্চ বৃদ্ধিত সহায় কৰিছে। 


18. টকাৰ অৱমূল্যায়ন বুলিলে কি বুজা? 

উত্তৰঃ- বৈদেশিক মুদ্ৰাৰ তুলনাত টকাৰ মূল্যৰ হ্ৰাস কৰাকে টকাৰ অৱমূল্যায়ন বোলা হয়।  


19. পার্থক্য লিখাঃ 

(ক) কৌশল সম্বন্ধীয় বিক্ৰী আৰু লঘু বিক্ৰী। 

উত্তৰঃ- কৌশল সম্বন্ধীয় বিক্ৰী দীর্ঘকালীন বিক্ৰীৰ লগত জড়িত। আনহাতে লঘু বিক্ৰী হ্ৰস্বকালীন বিক্ৰীৰ লগতহে জড়িত।


20. ৰাজহুৱা খণ্ডৰ অধীনৰ যিবোৰ উদ্যোগে লাভ অর্জন কৰিছে সেইবোৰক ব্যক্তিগতকৰণ কৰিব লাগে। এই মত সমর্থন কৰানে? কিয়? 

উত্তৰঃ- এই মত সমর্থন কৰো। 

ব্যক্তিগতকৰণৰ দ্বাৰা এইবোৰ উদ্যোগে আত্মনিৰ্ভৰশীল হৈছে। এই উদ্যোগবোৰৰ আধুনিকীকৰণ, কর্মদক্ষতা আৰু প্ৰতিযোগিতামূলক কৰিবৰ বাবে ব্যক্তিগতকৰণৰ প্ৰয়োজন। 


21. শুল্ক আৰু অনাশুল্ক প্ৰতিবন্ধকতাৰ মাজত পার্থক্য কি? 

উত্তৰঃ- শুল্ক প্ৰতিবন্ধকতা হৈছে এখন ৰাষ্ট্ৰৰ ভিতৰৰ দ্ৰব্যসমূহৰ ৰপ্তানীৰ ওপৰত লগোৱা এবিধ কৰ। আনহাতে অনাশুল্ক হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ৰপ্তানীত লগোৱা এবিধ কৰ।

শুল্ক প্ৰতিবন্ধকতাৰ জৰিয়তে দেশীয় উদ্যোগসমূহক ৰক্ষণা-বেক্ষণ দি চৰকাৰী আয় বৃদ্ধিৰ চেষ্টা কৰা হয়। আনহাতে অনাশুল্ক আৰোপৰ জৰিয়তে নতুন উদ্যোগৰ আগমনক বাধা দি দেশীয় উদ্যোগসমূহক ৰক্ষা কৰে।


22. ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কিদৰে প্ৰভাৱ পেলাইছে, চমুকৈ লিখা। 

উত্তৰঃ- ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে বিশেষভাৱে প্ৰভাৱ পেলাইছে। তলত ইয়াৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল- 

(১) উদাৰীকৰণঃ- দেশৰ আৰ্থিক ব্যৱহাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ'ল উদাৰীকৰণ। ১৯৯১ চনৰ পূর্বে বিত্তীয়খণ্ড, বৈদেশিক মুদ্ৰাৰ আহৰণ আৰু ব্যৱহাৰ, বাণিজ্য আৰু বিনিয়োগ খণ্ডত ৰাষ্ট্ৰই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰে পৰা সুৰা, চিগাৰেট, বিপদমুক্ত ৰাসায়নিক দ্ৰব্য, ঔষধ আদি কেইবিধমান দ্ৰব্যৰ বাহিৰে বাকীবোৰৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ তুলি দিয়া হ'ল। 

(২) বক্তিগতকৰণঃ- ১৯৯১ চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ ৯টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়াৰ লগে লগেই ব্যক্তিগতকৰণ নীতি প্ৰৱৰ্তন কৰা হ'ল। শিক্ষা, স্বাস্থ্য, উৎপাদিত সামগ্ৰী, বেংক ব্যৱস্থা আদিৰ ক্ষেত্ৰত ব্যক্তিগতকৰণৰ প্ৰভাৰ লক্ষণীয়। 

(৩) বিশ্বায়নঃ- বিশ্বায়নৰ ফলত, দেশসমূহৰ মাজত থকা দূৰত্ব হ্ৰাস হয় আৰু এক সীমান্তৰহিত বিশ্বৰ দিশে ৰাষ্ট্ৰসমূহ ধাৱমান হয়। প্ৰযুক্তিবিদ্যাৰ ক্ৰমবর্ধমান ব্যৱহাৰে গোলকীকৰণৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰি তুলিছে। বৰ্হিমুখিতাই প্ৰতিযোগিতাৰ বাতাৱৰণ সৃষ্টি কৰে। এই বাতাবৰণত গ্ৰাহক আৰু উৎপাদক এই দুয়োটা শ্ৰেণী লাভৱান হয়।


23. গোলকীকৰণৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা 

উত্তৰঃ- গোলকীকৰণৰ দুটা সুবিধা হ'ল—

(১) ১৯৯১ চনত নতুন অর্থনৈতিক নীতি গ্ৰহণ কৰি বহিবাণিজ্য আৰু বিদেশী মূলধনৰ আগমনত থকা সীমাবদ্ধতা শিথিল কৰি দিয়াৰ বাবে দেশখনৰ বহিঃবাণিজ্যৰ উন্নতি হৈ বিশ্ব বাণিজ্যত ভাৰতৰ স্থান সলনি হয়। 

(২) গোলকীকৰণে ভাৰতৰ অর্থনৈতিক বিকাশত সহায় কৰিছে। গোলকীকৰণৰ পূর্বে ভাৰতৰ অর্থনৈতিক বিকাশৰ হাৰ আছিল ৩ শতাংশ। যোৱা দশক কেইটাত এই পৰিমাণ ৬ শতাংলৈ বৃদ্ধি পাইছে। 

গোলকীকৰণৰ দু'টা অসুবিধাসমূহ হ'ল--

(১) অথনৈতিক বৈষম্য বৃদ্ধি পাইছে। বজাৰ অৰ্থনীতিৰ উত্থানৰ জৰিয়তে মধ্যবিত্ত শ্ৰেণী এটাৰ জন্ম হোৱা বাবে আয় বিতৰণৰ অসমতা বৃদ্ধি পাইছে। 

(২) দৰিদ্ৰতা নিবাৰণত বিশেষ প্ৰভাৱ পেলাব পৰা নাই। স্বাধীনতাৰ সময়ত ৫০ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল আৰু এতিয়াও টেণ্ডুলকাৰ কমিটি প্ৰতিবেদন অনুসৰি ৩০ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছে।


24. ভাৰতীয় অর্থনীতিত প্ৰৱৰ্তন কৰা নতুন অর্থনৈতিক সংস্কাৰৰ নীতিবোৰ আলোচনা কৰা। HS-2022

উত্তৰঃ- ১৯৯১ চনৰ ২৪ জুলাই তাৰিখে সংসদত দাখিল কৰা নতুন উদ্যোগনীতিয়ে এক মুক্ত উদাৰ ব্যৱস্থা গ্ৰহণ কৰে। উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ লক্ষ্যৰে উদ্যোগ খণ্ডক প্ৰতিযোগী আৰু শক্তিশালী কৰিবলৈ উদ্যোগিক বিকাশৰ পথত থকা সকলো প্ৰশাসনীয় অন্তৰায় দূৰ কৰি নতুন Licensing প্ৰয়োগেৰে দেশৰ প্ৰধান ৮টা উদ্যোগৰ বাহিৰে ৰাজহুৱা খণ্ডৰ ওপৰত নতুন দৃষ্টিপাত কৰা হয়। উদ্যোগিক অনুজ্ঞাপত্ৰ কেৱল কেইবিধমান উদ্যোগৰ যেনে– প্ৰতিৰক্ষা, সামাজিক স্বার্থৰক্ষা, পৰিৱেশ ৰক্ষা, বিপদজনক ৰাসায়নিক উদ্যোগ ইত্যাদিৰ বাবেহে আৱশ্যক হ'ব। ক্ষুদ্ৰ উদ্যোগৰ বাহিৰে সংৰক্ষিত উদ্যোগ সংৰক্ষিত হৈয়ে থাকিব। আশা কৰা হৈছে প্ৰচলিত অনুজ্ঞাপত্ৰ ব্যৱস্থাই আগৰ প্ৰশাসনীয় অসুবিধাসমূহ দূৰ কৰি ভাৰতীয় অর্থনীতিক অধিক দক্ষ আৰু প্ৰতিযোগী কৰি তুলিব। উচ্চ অগ্ৰাধিকাৰ খণ্ডসমূহত বিদেশী বিনিয়োগ বৃদ্ধিৰৰ ব্যৱস্থা কৰা হৈছে। ব্যক্তিগত খণ্ডৰ পৰিসৰ বৃদ্ধি কৰা অসাধু ব্যৱসায় ৰোধ কৰা, অনাৱশ্যকীয় প্ৰশাসনীয় নিয়ন্ত্ৰণসমূহ নাইকীয়া কৰা ইত্যাদি। ৰাজহুৱা খণ্ডৰ মৃতপ্ৰায় উদ্যোগসমূহৰ পুনৰ সংস্থাপন বা নির্মাণৰ বাবে উদ্যোগিক আৰু বিত্তীয় নির্মাণ কমিটিক দায়িত্ব দিয়া হৈছিল।  


25. নির্বিনিয়োজনৰ অর্থ কি? নিৰ্বিনিয়োজনৰ উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ- ৰাজহুৱা খণ্ডৰ উদ্যোগত থকা চৰকাৰী ইকুইটী (equity) শ্বেয়াৰৰ এটা অংশ ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীলৈ বিক্ৰী কৰাকে নির্বিনিয়োগ বোলা হয়। নির্বিনিয়োজনৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ'ল- 

(১) ৰাজহুৱা খণ্ডৰ উদ্যোগত চৰকাৰী মালিকানা স্বত্ব হ্ৰাস কৰি বিত্তীয় ঘাটি পূৰণ কৰিবৰ বাবে এই নির্বিনিয়োজন কৰা হয়। 

(২) ৰাজহুৱা খণ্ডৰ উদ্যোগৰ দক্ষতা বৃদ্ধিৰ বাবে এনে ব্যৱস্থা উত্তম হিচাপে গণ্য কৰা হয়। 

(৩) মুক্তভাৱে মালিকীস্বত্ব গ্ৰহণত উৎসাহ যোগোৱাটো আন এটা উদ্দেশ্য। 

(৪) উদ্যোগসমূহৰ মাজত এটা প্ৰতিযোগিতা সৃষ্টিৰ জৰিয়তে বজাৰসমূহলৈ শৃংখলতা অনা। 

(৫) ৰাজহুৱা বিত্তৰ উন্নয়নৰ জৰিয়তে জনসাধাৰণৰ প্ৰয়োজন পূৰণ কৰা। 

(৬) অত্যাৱশ্যকীয় সেৱা কাৰ্য়সমূহত অৰাজনৈতিকৰণ কৰা। 

(৭) ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত আধুনিক প্ৰযুক্তি কৌশলৰ ব্যৱহাৰেৰে আগুৱাই নিবলৈ এটা প্ৰতিযোগিতাৰ সৃষ্টি কৰা। 

(৮) উদ্যোগৰ সম্প্ৰসাৰণ আৰু উৎপাদনৰ বাবে মুখ্য পদক্ষেপ লোৱা।


Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »