-->

Class 12 Economics: গ্ৰাম্য উন্নয়ন । Rural Development

গ্ৰাম্য উন্নয়ন
Rural Development


1. ৰাষ্ট্ৰীয় কৃষি আৰু গ্রামোন্নয়ন বেংক কোন চনত গঠন কৰা হয়? 

উত্তৰঃ- ১৯৮২ চনত।


2. ৰাষ্ট্ৰীয় কৃষি আৰু গ্রামোন্নয়ন বেংক কোন চনত গঠন কৰা হয়? 

উত্তৰঃ- ১৯৮২ চনত। 


3. ক্ষুদ্র সঞ্চয় বেংক কোন চনত আৰম্ভ কৰা হৈছিল? 

উত্তৰঃ- ১৯৯৫ চনত। 


4. গ্রাম্যখণ্ডত মানুহৰ জীৱিকাৰ প্রধান উৎস কি? 

উত্তৰঃ- কৃষি।


5. নাবার্ড (NABARD) ৰ সম্পূর্ণ নাম কি? 

উত্তৰঃ- ৰাষ্ট্রীয় কৃষি আৰু গ্রামোন্নয়ন বেংক (National Bank for Agriculture and Rural Development)


6. NABARD কোন চনত গঠন হয়? 

উত্তৰঃ-1982 চনত গঠন হয়। 


7. জৈৱিক কৃষি কাক বোলে? HS-2022

উত্তৰঃ- পৰিৱেশতন্ত্ৰৰ সন্তুলনক পুনৰ প্রতিষ্ঠা কৰা, অব্যাহত ৰখা আৰু ইয়াৰ উত্তৰণ ঘটোৱা কৃষি প্রণালীক 'জৈৱিক কৃষি' বোলে। 


8. ভাৰতত বর্তমান মুঠ মাছ উৎপাদন সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ?

উত্তৰঃ- ১.৪ শতাংশ।


9. মাছৰ ৰপ্তানি বিপননৰ ক্ষেত্ৰত কিমান শতাংশ মহিলাই শ্রম প্রদান কৰে?

উত্তৰঃ- ৬০ শতাংশ। 


10. 'সেউজ মর্যাদা' প্রাপ্ত মার্কেটত কি বিপনন কৰা হয়?

উত্তৰঃ- জৈৱ খাদ্য। 


11. 'Avian Influenza' বুলিলে কি বুজা? 

উত্তৰঃ- 'Avian Influenza' এবিধ চৰাইৰ বেমাৰ।


12. গ্রাম্য ঋণ বুলিলে কি বুজা? 

উত্তৰঃ- কৃষি আৰু আনুসংগিক কাম-কাজৰ বাবে প্ৰদান কৰা ঋণক 'গ্রাম্য ঋণ' বোলা হয়। এই ঋণ দীর্ঘকালীন, হ্রস্বকালীন আৰু মধ্যকালীন হ'ব পাৰে। 


13. সামুদ্ৰিক মাছ উৎপাদন কৰা ভাৰতৰ দুখন প্ৰধান ৰাজ্যৰ নাম লিখা। 

উত্তৰঃ- (১) তামিলনাডু আৰু (২) কেৰালা। 


14. কুদুম্বশ্রী কি?

উত্তৰঃ- কুদুম্বশ্রী হৈছে কেৰালাত সামূহিক ভিত্তিত ৰূপায়িত কৰা এখন মহিলামুখী দৰিদ্রতা হ্রাসকৰণৰ কাৰ্যসূচী।


15. কৃষি বিপণন বুলিলে কি বুজা? 

উত্তৰঃ- কৃষি বিপণন হৈছে এক প্ৰক্ৰিয়া যিয়ে কৃষিজাত সামগ্ৰীৰ মজুতকৰণ, প্ৰক্ৰিয়াকৰণ, একত্ৰীকৰণ, পৰিবহণ, মান অনুযায়ী ক্ৰমাংকন আৰু বিতৰণ কাৰ্যৰ লগত জড়িত কৰে। 


16. গ্ৰাম্য ঋণগ্ৰস্ততা বুলিলে কি বুজা? 

উত্তৰঃ- ভাৰতৰ গ্ৰাম্যঅঞ্চলৰ বহুতো দৰিদ্ৰ ব্যক্তিয়ে বিভিন্ন উৎস যেনে— চৰকাৰ, সমবায় সমিতি, বাণিজ্যিক বেংক, জমিদাৰ, ভূ-স্বামী আদিৰ পৰা কৃষি আৰু ইয়াৰ আনুসাঙ্গিক কার্যৰ বাবে লোৱা ঋণ সময়মতে ঘূৰাই দিব নোৱাৰে বৰঞ্চ ঋণৰ বোজা বৃদ্ধিহে পায়। ঋণ পৰিশোধৰ এনে শোচনীয়া পৰিস্থিতিকে গ্ৰাম্য ঋণগ্ৰস্ততা বোলে।


17. প্লাবন অভিযান বুলিলে কি বুজা? 

উত্তৰঃ- গাখীৰৰ উৎপাদন তীব্ৰভাবে বৃদ্ধিৰ বাবে যি বিপ্লব কৰা হৈছিল তাকে Operation flood বা প্লাবন আভিযান বোলে। এই অভিযানৰ জৰিয়তে দেশখনক দুগ্ধ উৎপাদনত আত্মনিৰ্ভৰশীল কৰি তোলাই ইয়াৰ লক্ষ্য। ১৯৭০ চনৰ ১৩ জানুৱাৰিত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। ই পৃথিৱীৰ ভিতৰতে আটাইতকৈ দুগ্ধ উন্নয়ন উৎসাহজনক আঁচনি আছিল। এই আঁচনিৰ জৰিয়তে ভাৰতে দুগ্ধ উৎপাদনত স্বনিৰ্ভৰশীল হ'বৰ বাবে গুৰুত্ব দিছিল। এই প্লাবনে দুগ্ধ উৎপাদন বৃদ্ধিত সহায় কৰিছিল। এই বিপ্লবে স্বাস্থ্যৱান জীৱ-জন্তু আৰু নতুন বৈজ্ঞানিক কৌশলৰ চাহিদা বৃদ্ধি কৰিছিল। তাৰ লগতে সৰু-ডাঙৰ দুগ্ধ পাম সমূহৰ মাজতে সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছিল। 


18. গ্ৰাম্য উন্নয়নত ঋণৰ গুৰুত্ব আলোচনা কৰা। 

উত্তৰঃ- ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। এই দেশৰ কৃষক সকল একেবাৰে দুখীয়া। গতিকে কৃষিকৰ্মৰ উন্নতিয়েই দেশৰ প্ৰগতি। কৃষিখণ্ডত ব্যৱসায়িক উৎপাদন কৰিবলৈ হ'লে বিভিন্ন প্ৰকাৰৰ হ্ৰস্বম্যাদী, দীর্ঘম্যাদী বা মধ্যকালীন ঋণৰ প্ৰয়োজন অধিক। গ্ৰাম্য উন্নয়নত এই ঋণে খেতিয়কসকলক ব্যৱসায়ীক ভিত্তিত খেতি কৰি ৰাহি উৎপাদন কৰা, কৃষিৰ আনুসঙ্গিক উদ্যোগ, শিল্প সমূহৰ উন্নয়নত প্ৰয়োজনীয় সামগ্ৰী, মূলধন, বীজ, সাৰ, কীটনাশক দ্ৰব্য যোগানত সহায় কৰে।

প্ৰান্তীয় আৰু উপান্ত খেতিয়ক সকলক কৃষিকৰ্মৰ উপৰিও এই ঋণে হাঁহ-কুকুৰা, মৎস্য পালন, গৰু, মহ, দুগ্ধ, গাহৰি পালন, এইবোৰৰ বজাৰ বিপণন এই সকলোতে সহায় কৰে, যাৰ পৰা গ্ৰাম্য উন্নয়ন দ্রুততৰ হ'ব। এই চৰকাৰী ঋণ প্ৰদানে গাঁৱলীয়া দালাল, সুদখোৰ, ভূ-স্বামীসকলক নির্মূল কৰি কৃষকক চিন্তামুক্তভাৱে অর্থনৈতিক উৎপাদনত সহায় কৰি দেশৰ অর্থনৈতিক উন্নয়ন কৰাব পাৰি।


19. গ্রাম্য উন্নয়ন বুলিলে কি বুজা? গ্রাম্য উন্নয়নৰ প্রধান বিষয়বোৰ উল্লেখ কৰা। 

উত্তৰঃ- গ্রামীণ অর্থব্যৱস্থাৰ সামগ্রিক উন্নয়নৰ লগত জড়িত ক্ষেত্ৰসমূহৰ যিবোৰ পিছ পৰি আছে সেইবোৰৰ উন্নয়নৰ বাবে প্রয়োজনীয় কার্যসমূহলৈ দৃষ্টি নিক্ষেপ কৰাকে গ্রাম্য উন্নয়ন বোলা হয়। গ্ৰাম্য উন্নয়নৰ প্ৰধান বিষয়বোৰ হৈছে—

(১) মানৱ সম্পদ উন্নয়ন য'ত সামৰি লোৱা হৈছে সাক্ষৰতা, শিক্ষা আৰু অৰ্হতাৰ বিকাশ। 

(২) অনাময় ব্যৱস্থা আৰু জনস্বাস্থ্য উভয়কে সামৰি লোৱা স্বাস্থ্যসেৱা। 

(৩) ভূমি সংস্কাৰ, প্ৰত্যেকে অঞ্চলৰ উৎপাদনক্ষম সম্পদ সমূহৰ উন্নয়ন। 

(৪) বিদ্যুৎ, জলসিঞ্চন, ঋণ, বিপণন, গ্ৰাম্য পথ আৰু ৰাষ্ট্ৰীয় পথ সংযোগী পথৰ নির্মাণ, পৰিবহণ ব্যৱস্থা, কৃষি গৱেষণা আৰু সম্প্ৰসাৰণৰ সুবিধাসমূহ আৰু তথ্যৰ বহুল প্ৰচাৰকৰণ, আন্তঃগাঁথনি উন্নয়ন। 

(৫) দৰিদ্ৰতা দূৰীকৰণ আৰু উৎপাদনমুখী নিয়োগৰ সুযোগ প্ৰদান। 


20. জৈৱিৰ কৃষিপদ্ধতিৰ সীমাবদ্ধতা উল্লেখ কৰা। HS-2022 

উত্তৰঃ- জৈৱিক কৃষি পদ্ধতিৰ সীমাবদ্ধতাবোৰ তলত উল্লেখ কৰা হ'ল—

(১) জৈৱিক দ্রব্যসমূহৰ চাহিদা উচ্চ হোৱাৰ বাবে ইয়াৰ দামো উচ্চ হয়। 

(২) কৃত্রিম উপায়েৰে জৈৱিক দ্রব্যসমূহ সংৰক্ষণ কৰিব নোৱাৰে বাবে ইহঁতক সংৰক্ষণ কৰি থোৱাৰ স্থায়িত্বও কম। 

(৩) জৈৱিক কৃষি সাধাৰণতে জীৱ-জন্তুৰ ওপৰত নিৰ্ভৰশীল যাৰ বাবে শুদ্ধ জৈৱিকসাৰৰ ব্যৱহাৰৰ অক্ষমতাৰ বাবে শস্যৰ বীজসমূহ বিশেষভাৱে ব্যৱহাৰ কৰাত অসমর্থ হয়। 

(৪) জৈৱ কৃষিৰ সম্পর্কে কৃষকসকলৰ সজাগতাৰ অভাৱ। 

(৫) জৈৱিক দ্রব্যসমূহৰ উৎপাদন খৰচৰ তুলনাত উৎপাদিত আয় কম হয়। তাৰোপৰি বজাৰৰ অদক্ষ আন্তঃগাঁথনিৰ বাবে দ্রব্যৰ উৎপাদন, বিতৰণৰ বহু সমস্যাই দেখা দিয়ে।


21. ভাৰতৰ কৃষি বিপণন উন্নয়নৰ কাৰণে পৰামর্শ আগবঢ়োৱা। 

উত্তৰঃ- দেশৰ কৃষিজাত দ্ৰব্যৰ উন্নয়নৰ বাবে তলত উল্লেখ কৰা প্ৰতিকাৰ মূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। 

(১) নিয়ন্ত্ৰিত বজাৰ স্থাপন কৰিব লাগিব। 

(২) সমবায় বজাৰ সমিতি স্থাপন কৰিব লাগিব। 

(৩) খেতিয়কসকলে উৎপাদন কৰা কৃষিজাত দ্ৰব্য মজুত ৰখাৰ বাবে অধিক সংখ্যক ভঁৰাল স্থাপন কৰিব লাগিব। 

(৪) নতুন আৰু পুৰণি বজাৰ বিলাকৰ বাবে বজাৰৰ ঠাইসমূহৰ বিস্তাৰ কৰিব লাগিব আৰু বিভিন্ন ধৰণৰ আনুসঙ্গিক সুবিধা আগবঢ়াব লাগিব। 

(৫) খেতিয়কৰ বাবে সস্তীয়া ঋণৰ ব্যৱস্থা আগবঢ়াব লাগিব। 

(৬) খেতিয়কসকলক সময় উপযোগী সূচনা আগবঢ়াব লাগিব। 

(৭) গাঁও আৰু মণ্ডীৰ মাজত সু-সম্পর্ক স্থাপনৰ বাবে পথ আৰু পৰিবহণ ব্যৱস্থাৰ উন্নয়ন আৰু বিস্তাৰ কৰিব লাগিব।


22. জৈৱিক কৃষি পদ্ধতিৰ সুফলসমূহ উল্লেখ কৰা। 

উত্তৰঃ- (১) জৈৱিক কৃষিয়ে মাটিৰ উৰ্বৰতা বিনষ্ট নকৰি উৎপাদন বৃদ্ধি কৰে। 

(২) এই পদ্ধতিত উৎপাদিত দ্ৰব্যসমূহ কীট নাশক মুক্তভাবে আৰু পৰিৱেশিকভাৱে বহণক্ষম উপায়েৰে উৎপাদিত হোৱা স্বাস্থ্যৰ বাবে উপযোগী হয়। 

(৩) এই পদ্ধতিত শ্ৰমিকৰ প্ৰয়োজন বেছি হয় বাবে নিবনুৱা সমস্যা সমাধানতো সহায় কৰে। 

(৪) জৈৱিক কৃষিজাত দ্ৰব্যৰ দ্বাৰা আন্তর্জাতিক ৰপ্তানীৰ জৰিয়তে আয় উপার্জন বেছি হয়। 

(৫) জৈৱিকভাৱে উৎপাদিত দ্ৰব্যসমূহ অজৈৱিক দ্ৰব্যতকৈ বেছি স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত হয়। 

(৬) এই জৈৱিক দ্ৰব্যসমূহে মানুহৰ শৰীৰৰ ইউমিনিটি চিষ্টেমটোক উন্নত কৰে। 

(৭) গুণাগুণৰ দিশৰ পৰা এই দ্ৰব্যসমূহ অজৈৱিক দ্ৰব্যতকৈ বেছি ভিটামিনযুক্ত। 

(৮) এনেদৰে উৎপাদিত দ্ৰব্যই মানুহ, জীৱ-জন্তু আৰু পানীত থকা জীৱৰ বাবে কল্যাণমূলক হয়। 


23. স্বর্ণবিপ্লৱ ধাৰণাটো ব্যাখ্যা কৰা। 

উত্তৰঃ- ১৯৯১ চনৰ পৰা ২০০০ চনৰ এই সময়ছোৱাক স্বর্ণবিপ্লৱৰ সময় বুলি কোৱা হয়। ই কৃষি বিপ্লৱৰ এটা দৰকাৰী অংগ। Nirpakh Tutej ক এই স্বর্ণ বিপ্লৱৰ পিতৃ বুলি কোৱা হয়। এই বিপ্লৱ প্ৰধানকৈ মৌ আৰু উদ্যান শস্যৰ উৎপাদন বৃদ্ধিৰ লগত জড়িত। বিভিন্ন ধৰণৰ ফল-মূল, আম, কল, নাৰিকল, কাজু বাদাম, মছলা ইত্যাদি উৎপাদন বদ্ধিত অধিক গুৰুত্ব দিয়াৰ বাবে ভাৰতবৰ্ষই এইবোৰ উৎপাদনত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ বাহিৰেও ফুলৰ খেতি, পুলি বাগান, এই বিলাকৰ সঁচৰ উৎপাদন বিতৰণ, খাদ্য প্ৰস্তুতকৰণ আদিৰে গ্ৰাম্যঞ্চলত পুৰুষ মহিলা সকলক আত্ম-নিয়োগেৰে স্বাৱলম্বী হৈ অর্থনৈতিকভাৱে লাভৱান হোৱাত এই স্বর্ণবিপ্লবে সহায় কৰিছে।


24. গ্ৰাম্য বজাৰসমূহৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ কি কি? 

উত্তৰঃ- (১) চৰকাৰে প্ৰয়োজনীয় এলেকা সমূহত বিত্তৰ যোগানেৰে বজাৰসমূহ উন্নত কৰিব লাগে। 

(২) Cold storage আৰু Ware house সমূহ বজাৰৰ লগত সংলগ্ন কৰি অতিৰিক্ত দ্ৰব্যসমূহ লোকচান নোহোৱাকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। যাতে কৃষকসকলে এটা উপযুক্ত দামত দ্ৰব্যসমূহ বিক্ৰী কৰিবলৈ সুবিধা পায়। 

(৩) ভাৰতীয় ৰেল বিভাগে কৃষকসকলক দ্ৰব্যসমূহ সৰবৰাহত কিছু চৰকাৰী ৰাজ সাহার্য আগবঢ়াব লাগে। 

(৪) কৃষকসকলে উপযুক্ত বা উচিত লাভ পাব পৰাকৈ বজাৰসমূহ নিয়ন্ত্ৰণ কৰিব লাগে। 

(৫) বজাৰ প্ৰক্ৰিয়াটো সুচল ও সহজ কৰিবলৈ ৰেলপথৰ লগত গ্ৰামাঞ্চলৰ ৰাস্তা-ঘাট সমূহ সংলগ্ন কৰিবলৈ গাঁৱলীয়া ৰাস্তাসমূহৰ উন্নয়ন কৰিব লাগে। 

(৬) বজাৰত বস্তুৰ জোখ-মাখৰ সু-ব্যৱস্থা কৰিব লাগে। 

(৭) বজাৰৰ উন্নয়ন ও কৃষিৰ গৱেষণাৰ বাবে অধিক বিনিয়োগ কৰিব লাগে।


25. বহনক্ষম উন্নয়নৰ বিষয়ে লিখা। 

উত্তৰঃ- বর্তমান পৃথিৱীৰ দেশসমূহৰ মাজত অর্থনৈতিক প্ৰগতি লাভৰ যি প্ৰতিযোগিতাৰ আৰম্ভ হৈছে সিয়ে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। পৰিৱেশৰ ধ্বংসই পৃথিৱীৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি মাতি আনিছে। পৃথিৱীৰ উষ্ণতা প্ৰতি শতিকাতেই বৃদ্ধি হ'বলৈ ধৰিছে। তাৰ ফলত গোলকীয় উষ্ণতা সমস্যাৰ উদ্ভৱ হৈছে। জৈৱ-বৈচিত্র্য হ্ৰাস, জলবায়ু পৰিৱৰ্তন আদি অলেখ সমস্যাই পৰিৱেশ বিনষ্ট কৰিছে।

অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে সেই উদ্দেশ্য আগত ৰাখি ১৯৮৭ চনত (Brundtland) আয়োগে অবিৰত বা বহনক্ষম উন্নয়ন (Sustainable Development) ধাৰণাটো দাঙি ধৰিছিল। এই আয়োগক পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগ বুলিও জনাজাত। এই আয়োগৰ মতে যি অর্থনৈতিক উন্নয়নৰ দ্বাৰা বর্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ'ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যত প্ৰজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় সেই অর্থনৈতিক উন্নয়নেই হ'ল অবিৰত বা বহনক্ষম অর্থনৈতিক উন্নয়ন। 


26. গ্ৰাম্য ঋণ প্ৰদানৰ ক্ষেত্ৰত আত্মসহায়ক গোটসমূহৰ (SHGs) ভূমিকা আলোচনা কৰা। 

উত্তৰঃ- আত্মসহায়ক (SHGs) গোটসমূহে বিষেশকৈ গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ গোটৰ জৰিয়তে আৰু তেওঁলোকৰ ক্ষুদ্ৰ সঞ্চয়ৰ যোগেদি বৃহৎ আকাৰে সঞ্চয় কৰি পুনৰ দুখীয়া লোকসকলক ঋণ হিচাপে বিত্তৰ যোগান ধৰিছে এই গোটসমূহে দৰিদ্ৰসকলৰ আর্থিক কাম-কাজৰ জৰিয়তে অর্থনৈতিক উন্নয়নত সুন্দৰভাৱে সহায় কৰিছে। এই গোটসমূহে এটি সামান্য সুতৰ বিনিময়ত সহজলব্ধ সুতৰ বিনিময়ত ঋণ প্ৰদান কৰে। তেওঁলোকে দৰিদ্ৰলোকসকলৰ মাজত নিয়াৰিকৈ এনে সামাজিক মূলধন সৃষ্টি কৰে।

এই আত্মসহায়ক গোটসমূহত মহিলাসকলে তেওঁলোকৰ উপাৰ্জনৰ সামান্যতম অংশৰ টকা-পইচা সঞ্চয়কৰিবলৈ উদ্‌গনি দিয়ে। চৰকাৰৰ পৰা সামান্য সুতৰ হাৰত এই গোটসমূহে ঋণ লৈ সেইবোৰ সাধাৰণ দৰিদ্ৰশ্ৰেণীৰ মানুহক ঋণ হিচাপে যোগান ধৰি দুখীয়া পৰিয়ালসমূহক উপকৃত কৰে। গাঁও অঞ্চলত যিহেতু বেংকৰ সুবিধা কম থাকে সেইবাবে এই গোটসমূহে কম সুতত দুখীয়া লোকসকলক সঞ্চয় বা ঋণ লোৱাত সহায় কৰে। গোটৰ সদস্যসকলে ইয়াৰ পৰা ঋণ লৈ নিজস্বভাৱে বিভিন্ন সৰু-সুৰা ব্যৱসায়-বাণিজ্য, শিক্ষা-দীক্ষা আদিত ব্যৱহাৰৰ যোগেদি নিয়োগৰ সুবিধা সৃষ্টি কৰাত এই গোটসমূহৰ ভূমিকা অপৰিহার্য।


27. গ্ৰাম্য ঋণৰ প্ৰকাৰসমূহ আলোচনা কৰা। 

উত্তৰঃ- গ্ৰাম্য অঞ্চলৰ লোকসকল হ'ল কৃষিজীৱী। তেওঁলোকৰ আর্থিক অৱস্থা মুঠেই ভাল নহয়। সাধাৰণতে গ্ৰাম্য ঋণ বুলি ক'লে কৃষি ঋণকেই বুজায় বা কৃষিৰ লগত জড়িত আনুসঙ্গিক কাম-কাজক। ব্যয়সায় বাণিজ্যৰ বাবে এই লোকসকলৰ ঋণৰ প্ৰয়োজনীয়তা অধিক। সময় আৰু আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখি এই ঋণক তিনি ভাগত ভাগ কৰিছে-- 

(ক) হ্ৰস্বম্যাদী ঋণঃ- ভাৰতীয় কৃষকসকলে কৃষিৰ প্ৰয়োজনীয় সা-সামগ্ৰী, বীজ, সাৰ, ক্ৰয় কৰিবলৈ, শ্ৰমিকক মজুৰী আদি দিবলৈ যি ঋণ লয় তাক হ্ৰস্বম্যাদী ঋণ বোলে। এই ঋণৰ প্ৰয়োজনীয়তা কমেও ১৫ মাহ। 

(খ) মধ্যম্যাদী ঋণঃ- গৰু, মহ ক্ৰয় কৰিবলৈ, কৃষি উন্নয়ন, কৃষিৰ আহিলা-পাতি, পানী যোগান ইত্যাদি কামৰ বাবে যি ঋণ লোৱা হয় তাক মধ্যকালীন ঋণ বোলে। এই ঋণৰ সময় ১৫ মাহৰ পৰা ৫ বছৰৰ ভিতৰত।

(গ) দীর্ঘম্যাদী ঋণঃ- খেতিয়কসকলে অতিৰিক্ত পৰিমাণৰ মাটি ক্ৰয় কৰিবলৈ বা কৃষি মাটিত স্থায়ী উন্নয়ন যেনে- কূপ খনন, পতিত মাটিৰ উদ্ধাৰ, বাগিছা নির্মাণ আদি কামৰ বাবে যি ঋণ লয় তাক দীর্ঘম্যাদী ঋণ বোলে। এই ঋণ ৫ বছৰৰ বেছি সময়ৰ বাবে ল'ব পাৰে। এই ঋণ পৰিশোধ কৰিবলৈ দীর্ঘসময়ৰো প্ৰয়োজন হয়। 


28. গ্ৰাম্য ঋণৰ আনুষ্ঠানিক উৎস তিনিটাৰ বিষয়ে লিখা। 

উত্তৰঃ- ভাৰতীয় কৃষকসকলৰ কৃষিৰ উৎপাদনশীলতা বৃদ্ধি আয় বৃদ্ধিৰ বাবে বহুতো আনুষ্ঠানিক উৎসই ঋণৰ যোগান ধৰে। এই আনুষ্ঠানিক উৎসসমূহ তলত উল্লেখ কৰা হ'ল- 

(১) কৃষিমাটি উন্নয়ন বেংকঃ- কৃষিমাটি উন্নয়ন বেংকসমূহে খেতিয়কসকলৰ কৃষিমাটি বন্ধক ৰাখি মাটিৰ স্থায়ী উন্নয়নৰ বাবে দীর্ঘম্যাদী ঋণ আগবঢ়াই আছে। কিন্তু এই সুবিধাসমূহ ক্ষুদ্ৰ খেতিয়কসকলে ভালকৈ ল'ব পৰা নাই। ডাঙৰ ডাঙৰ মাটিৰ মালিকবোৰেই এই সুবিধা সমূহ লয়। 

(২) আঞ্চলিক গাঁৱলীয়া বেংকঃ- ১৯৭৫ চনৰ পৰাই আঞ্চলিক গাঁৱলীয়া বেংকসমূহে ক্ষুদ্ৰ আৰু প্ৰান্তিক খেতিয়ক, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, স্থানীয় শিল্পী, বাণিজ্য ব্যৱসায় আৰু এই সকল লোকৰ আর্থিক উন্নয়নৰ কাৰণে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ঋণ আগবঢ়ায়।

(৩) চৰকাৰঃ- দেশৰ সংকটৰ সময়ত যেনে— দুর্ভিক্ষ, বানপানী, মহামাৰী, ভূমিকম্প আদিত ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে হ্ৰস্বম্যাদী আৰু দীর্ঘম্যাদী এই দুই প্ৰকাৰে ঋণ আগবঢ়ায়।


29. গ্ৰাম্য ঋণৰ অনানুষ্ঠানিক উৎসসমূহ আলোচনা কৰা। 

উত্তৰঃ- গ্ৰাম্য ঋণৰ অনানুষ্ঠানিক উৎস সমূহ হ'ল— 

(১) মহাজন ঋণদাতাঃ- মহাজন ঋণদাতাসকলে কৃষি ঋণৰ বেছি ঋণ হিচাপে আগবঢ়াই আছে। এই ঋণ দাতাসকল সাধাৰণতে দুই ধৰণৰ— (ক) বৃত্তিধাৰী ঋণদাতা আৰু (খ) খেতিয়ক ঋণদাতা। এই মহাজন ঋণদাতাসকলে কৃষিঋণৰ সৰহ অংশ আগবঢ়াইছিল আৰু কু-অভিপ্ৰায় কৰি উচ্চ হাৰত সুতৰ হাৰ বঢ়াইছিল। 

(২) বেপাৰী আৰু কমিছন এজেন্টঃ- এই দুই শ্ৰেণীৰ ঋণদাতাই খেতিয়কসকলক উৎপাদনৰ কামত সহায় কৰাৰ বাবে কৃষিঋণ আগবঢ়াই আছে। লগতে খেতিয়কবোৰক তেওঁলোকৰ উৎপাদিত শস্যসমূহ অতি কম দামত এই ব্যৱসায়ীসকলক দিবলৈ বাধ্য হয়। এইদৰে খেতিয়সকলৰ পৰা উচ্চ হাৰত কমিচন আদায় কৰে। এনে ধৰণৰ ঋণ সাধাৰণতে বাণিজ্যিক শস্য উৎপাদনৰ বাবে আগবঢ়াই। 

(৩) আত্মীয়স্বজনঃ- খেতিয়কসকলে কেতিয়াবা তেওঁলোকৰ অসুবিধাৰ সময়ত বা প্ৰয়োজনত নিজৰ আত্মীয়স্বজনৰ পৰা ঋণ গ্ৰহণ কৰে। এইঋণসমূহ কোনো নির্দিষ্ট নিয়মত লোৱা নহয় আৰু ইয়াৰ বাবে কোনো সুত দিব নালাগে। ফচল কটাৰ পিছত পৰিশোধ কৰা হয়।

(৪) মাটিৰ মালিকঃ- ভাৰতবৰ্ষত ক্ষুদ্ৰ খেতিয়কবোৰে ৰায়তীবোৰ তেওঁলোকৰ বিত্তীয় প্ৰয়োজন পূৰণৰ বাবে মাটিৰ মালিকৰ পৰা ঋণ গ্ৰহণ কৰে। কৃষকসকলৰ ওপৰত সেই মাটিৰ মালিক সকলৰ মহাজন শ্ৰেণীৰ কু-প্ৰভাৱবোৰ পৰে বেছিভাগ মাটি নথকা খেতিয়কসকলক এই মাটিৰ মালিক বিলাকৰ ওচৰত চুক্তিকৃত হিচাপে কাম কৰোৱায়।


Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »