-->

Class 12 Economics: Money & Banking । মুদ্রা আৰু বেংক ব্যৱস্থা

Money & Banking । মুদ্রা আৰু বেংক ব্যৱস্থা

 Class 12 Eco. Money & Banking । মুদ্রা আৰু বেংক ব্যৱস্থা। ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অৰ্থবিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমৰ "মুদ্রা আৰু বেংক ব্যৱস্থা"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
Class 12 Economics Question and Answer Assam | HS 2nd Year Economics Question and Answer Assam | HS 2nd Year Economics Suggestion and Notes Solution Assam.


 1. বৈদেশিক মুদ্ৰাৰ যোগানৰ দুটা উৎস উল্লেখ কৰা।    HS-2019
উত্তৰঃ- (১) দেশৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি কৰিলে নিজ দেশত বৈদেশিক মুদ্রাৰ পৰিমাণ বৃদ্ধি হয়।
(২) নিজদেশৰ বাহিৰেও বিদেশত মূলধন বিনিয়োগৰ জৰিয়তে বৈদেশিক মুদ্ৰাৰ যোগান বৃদ্ধি কৰিব পাৰি।

2. মুদ্রা কি? ই কেই প্ৰকাৰৰ?
উত্তৰঃ- বিনিময় মাধ্যম হিচাপে সাধাৰণ গ্রহণযোগ্যতা থকা আৰু লগতে মূল্যৰ মাপকাঠী আৰু ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই মুদ্রা। মুদ্রা দুই প্রকাৰৰঃ- হিচাপ-নিকাচৰ মুদ্ৰা আৰু প্রকৃত মুদ্রা।

3. প্রকৃত মুদ্ৰাৰ ভাগকেইটা কি কি?
উত্তৰঃ- প্রকৃত মুদ্রা কেইবা প্ৰকাৰৰ- প্রকৃত মুদ্ৰাৰ ভাগকেইটা হৈছে— (ক) সামগ্রী মুদ্রা (খ) জন্তু মুদ্রা (গ) ধাতু মুদ্রা (ঘ) কাগজী মুদ্রা (ঙ) বিহিত মুদ্রা (চ) অবিহিত মুদ্রা (ছ) চেক মুদ্রা (ছ) মান মুদ্রা (জ) ক'লা মুদ্রা (ঝ) আদেশী মুদ্রা আৰু (ঞ) প্রতীক মুদ্রা।

4. মুদ্ৰাৰ চলনশীলতাৰ বেগ কি?    HS-2015
উত্তৰঃ- এক নির্দিষ্ট মুদ্রাই এক নির্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা লেনদেনৰ সংখ্যাই হৈছে মুদ্ৰাৰ চলনশীলতাৰ বেগ।

5. বিনিময় প্রথা কি?
উত্তৰঃ- সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্রত্যক্ষ বিনিময়ইে হ'ল বিনিময় প্রথা। যেনে– চাউলৰ বিপৰীতে চেনী, চেনীৰ বিপৰীৰে কাপোৰ।

6. কলা মুদ্রা কি?
উত্তৰঃ- ক'লা মুদ্ৰা বুলি বেলেগ মুদ্রা নাই। যিকোনো মুদ্রাই ক'লা মুদ্ৰা হ'ব পাৰে। অর্থনৈতিক অপৰাধ তথা প্ৰৱঞ্চনাৰ পৰা সৃষ্টি হোৱা মুদ্রাই হৈছে ক'লা মুদ্রা। ই এক হিচাপবিহীন মুদ্রা।

7. আদেশী মুদ্রা কি?
উত্তৰঃ- চৰকাৰে আদেশৰ জৰিয়তে বিনিময়ৰ মাধ্যম হিচাপে গ্রহণ কৰা মুদ্ৰাক আদেশী মুদ্রা বুলি কোৱা হয়।

8. মুদ্ৰাৰ যোগান বুলিলে কি বুজায়?
উত্তৰঃ- কোনো এক বিশেষ সময়ত জনসাধাৰণৰ হাতত থকা সকলো প্ৰকাৰৰ মুদ্ৰাক একেলগে মুদ্ৰাৰ যোগান বোলে।

9. কাৰেন্সী জমা অনুপাত কি?  
উত্তৰঃ- কাৰেন্সী জমা অনুপাত হ'ল কান্সেীৰ হিচাপত জনসাধাৰণৰ হাতত থকা মুদ্রা আৰু বেংকত থকা জনসাধাৰণৰ জমা অনুপাত।

10. নগদ জমা অনুপাত কি?     HS-2013
উত্তৰঃ- নগদ জমা অনুপাত হ'ল বাণিজ্যিক বেংকে ইয়াৰ মুঠ জমাৰ যি অংশ কেন্দ্রীয় বেংকত জমা ৰাখে তাৰ অনুপাত।

11. বজাৰ সুদৰ হাৰ আৰু ঋণপত্ৰৰ দামৰ মাজত সম্পর্ক কি?
উত্তৰঃ- বজাৰ সুদৰ হাৰ আৰু ঋণপত্ৰৰ দামৰ মাজত সম্পর্ক বিপৰীতমুখী।

12. সংৰক্ষিত আমানত অনুপাত অর্থ কি?
উত্তৰঃ- বাণিজ্যিক বেংকসমূহে সৰ্বমুঠ আমানতৰ যিটো অংশ ঋণ প্রদান কৰাৰ পৰিৱর্তে নিজৰ হাতত জমা ৰাখিব লাগে তাকে সংৰক্ষিত আমানত অনুপাত বুলি কোৱা হয়।

13. মুদ্রা আমানত অনুপাতৰ অর্থ কি?
উত্তৰঃ- মুদ্ৰাৰ আমানত অনুপাত হৈছে জনসাধাৰণৰ হাতত থকা মুদ্রা আৰু জনসাধাৰণে বেংকত জমা থোৱা আমানত অনুপাত।

14. উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰাৰ সংজ্ঞা দিয়া। HS-2013
উত্তৰঃ- মুদ্রা যোগানৰ যিটো অংশ দেশৰ কেন্দ্ৰীয় বেংকে প্রত্যক্ষভাৱে নিয়ন্ত্রণ কৰে সেই অংশটোৱেই উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা বুলি কোৱা হয়। প্রচলনত থকা কাগজী আৰু ধাতুৰ মুদ্রা, ব্যৱসায়িক বেংকসমূহৰ সংৰক্ষিত মুদ্রা আৰু কেন্দ্রীয় বেংকত থকা বেংকসমূহৰ ব্যৱহাৰিক উদ্ধৃত্বৰ সমষ্টিয়েই হ'ল উচ্চ ক্ষমতাসম্পন্ন মুদ্রা।

15. পৰিৱৰ্তনশীল বিনিময় হাৰৰ অৰ্থ লিখা।     HS-2018
উত্তৰঃ- পৰিৱৰ্তনশীল/নমনীয় বা ভাসমান বিনিময় হাৰ-
    যি আর্থিক ব্যৱস্থাত মুদ্রা বিনিময় হাৰ, কেন্দ্রীয় বেংকৰ হস্তক্ষেপ নোহোৱাকৈ মুদ্রা বিনিময় বজাৰত মুদ্ৰাৰ বজাৰ চাহিদা আৰু যোগানৰ শক্তিবোৰৰ দ্বাৰা নির্ণয় কৰা হয়; সেই ব্যৱস্থাকে পৰিৱর্তনশীল বা নমনীয় বা ভাসমান বিনিময় হাৰ বোলে।

16. বিস্তৃত মুদ্রা বুলিলে কি বুজা?
উত্তৰঃ- কাগজী নোট, কম মূল্যৰ পইচা, চাহিদা আমানত আৰু ডাকঘৰ, ব্যৱসায়িক বেংকৰ স্থিৰ আমানত বা কাল আমানতৰ সমষ্টিকেই বিস্তৃত মুদ্রা বুলি বুজা যায়।

17. সংকীর্ণ মুদ্ৰা বুলিলে কি বুজা?
উত্তৰঃ- কাগজী নোট, কম মূল্যৰ পইচা, চাহিদা আমানত আৰু ব্যৱসায়িক বেংকত থোৱা সঞ্চয় আদিৰ সমষ্টিয়ে হৈছে সংকীর্ণ মুদ্রা।

18. CRR-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ- Cash Reserve Ratio

19. সীমিত বিহিত মুদ্রা কি?
উত্তৰঃ- যি বিহিত মুদ্ৰাৰ যোগেদি সীমিত মূল্যৰ বিনিময়হে সম্পাদন কৰিব পাৰি, তাকে সীমিত বিহিত মুদ্রা বোলে।

20. তাবল্য ফান্দ কি?
উত্তৰঃ- অতি নিম্ন সুদৰ হাৰত মুদ্ৰাৰ চিন্তাপ্রসূত অভিপ্রায় অসীম হ'লে মুদ্ৰাৰ চাহিদা ৰেখাডাল আনুভূমিক হয়। ৰেখাডালৰ এই আনুভূমিক অংশটোক তাৰল্য ফান্দ বুলি কোৱা হয়।

21. বজাৰ সুদৰ হাৰৰ অর্থ কি?
উত্তৰঃ- বাণিজ্যিক বেংকে যি সুদৰ হাৰত ব্যক্তি আৰু ব্যৱসায়িক প্রতিষ্ঠানক ঋণ আগবঢ়ায় সেই সুদৰ হাৰেই হৈছে বজাৰ সুদৰ হাৰ।

22. অসীম বিহিত মুদ্রা কাক বোলে?
উত্তৰঃ- যি মুদ্ৰাৰ সহায়ত যিকোনো মূল্যৰ বিনিময় সম্পাদন কৰা যায় তাক অসীম বিহিত মুদ্রা বোলে।

23. বিহিত মুদ্রা কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ- বিহিত মুদ্রা দুই প্রকাৰৰ-
(১) অসীম বিহিত মুদ্রা
(২) সসীম বিহিত মুদ্রা।

24. কেন্দ্রীয় বেংক কি?
উত্তৰঃ- এখন দেশৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা নিয়ন্ত্রণ কৰা শীর্ষতম বিত্তীয় প্রতিষ্ঠানটোক কেন্দ্রীয় বেংক বুলি কোৱা হয়।

25. বেংক হাৰ কি?    HS-2014
উত্তৰঃ- যি সুদৰ হাৰত কেন্দ্রীয় বেংকে বাণিজ্যিক বেংকক অনুমোদিত চিকিউৰিটি বা বিনিময় বিলৰ ভিত্তিত ঋণ প্রদান কৰে তাকে বেংক হাৰ বুলি কোৱা হয়।

26. স্থায়ী জমা হিচাপ কি?
উত্তৰঃ- যি জমা হিচাপত বেংকত এটা নির্দিষ্ট সময়লৈ ধন জমা ৰখা হয়, তাকে স্থায়ী জমা হিচাপ বোলা হয়।

27. বাণিজ্যিক বেংকৰ সংজ্ঞা দিয়া।
উত্তৰঃ- যি প্রতিষ্ঠানে জনসাধাৰণৰ টকা জমা ৰাখে আৰু প্রয়োজন সাপেক্ষে টকা ধাৰে দিয়ে তেনে প্রতিষ্ঠানকে 'বাণিজ্যিক বেংক' বুলি কোৱা হয়।

28. মুদ্রাস্ফীতিৰ সময়ত চৰকাৰে কেনে ধৰণৰ বাজেট প্রস্তুত কৰিব লাগে?     HS-2014
উত্তৰঃ- ৰাহি বাজেট।

29. নগদ সংৰক্ষণ অনুপাত মানে কি? HS-2022
উত্তৰঃ- বাণিজ্যিক বেংকসমূহে মুঠ আমানতৰ যি অংশ কেন্দ্রীয় বেংকত জমা থব লাগে, তাকে নগদ সংৰক্ষণ অনুপাত বেংক বোলে।

30. বিধিবদ্ধ তাৰল্য অনুপাত কি?
উত্তৰঃ- বাণিজ্যিক বেংকসমূহে সৰ্বমুঠ চাহিদা আৰু কাল আমানতৰ যিটো অংশ নগদ সদৃশ পৰিসম্পদ ৰূপত জমা ৰাখে সেই অনুপাতকেই বিধিবদ্ধ তাৰল্য অনুপাত বুলি কোৱা হয়।

31. মুদ্ৰাৰ লেনদেনৰ চাহিদাৰ সমীকৰণত MdT =KTত সোঁফালে থকা T ৰ অর্থ কি?
উত্তৰঃ- T ৰ অৰ্থ হ'ল এক নির্দিষ্ট সময়ৰ ভিতৰত হোৱা মুঠ লেনদেনৰ মূল্য।

32. আধুনিক অর্থ ব্যৱস্থাত মানুহে দুটা উদ্দেশ্যত নগদ ধন হাতত জমা ৰাখে। তাৰে এটা হ'ল লেনদেনৰ অভিপ্রায় আৰু আনটো কি?
উত্তৰঃ- কল্পনাপ্রসূত অভিপ্রায়।

33. ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহৰ পৰা সংৰক্ষিত পুঁজি ৰখাটো প্রয়োজনীয় কিয়?
উত্তৰঃ- ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহৰ সংৰক্ষিত আমানত অনুপাত সুচলভাৱে আগবঢ়াই নিবলৈ সেই বেংকসমূহৰ পৰা সংৰক্ষিত পুঁজি ৰখাটো প্রয়োজন।

34. কাগজী মুদ্রা প্রচলন কৰা ভাৰতবৰ্ষৰ মুদ্রা কতৃপক্ষৰ নাম কি?
উত্তৰঃ- ভাৰতীয় ৰিজাৰ্ভ বেংক।

35. মুদ্রাস্ফীতি কি?    HS-2013
উত্তৰঃ- মুদ্ৰাৰ মূল্যই স্থিৰতা হেৰুৱাক মুদ্রাস্ফীতি কয়। মুদ্রাস্ফীতি হ'ল সামগ্ৰীৰ সাধাৰণ দৰস্তৰ বৃদ্ধি আনহাতে, মুদ্ৰাৰ মূল্য হ্রাস পোৱা এটা অৱস্থা। এই অৱস্থা সাধাৰণতে ঘাটি বিত্তীয় ব্যৱস্থা, মুদ্ৰাৰ যোগান বৃদ্ধি, ক'লা মুদ্ৰাৰ প্রকোপ, জনসংখ্যা বৃদ্ধিৰ ফলত সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ ফলত হয়। বিনিয়োগ, চৰকাৰী ব্যয় বৃদ্ধি আদি চাহিদা ভিত্তিক আৰু সামগ্ৰীৰ মজুতকৰণ, প্রশাসনীয় খৰচ বৃদ্ধি, কৃষি সামগ্ৰীৰ উৎপাদন হ্রাস, পৰোক্ষ কৰ হ্রাস, মন্থৰ ঔদ্যোগিক উৎপাদন আদি কাৰণবোৰে মুদ্রাস্ফীতি ঘটায়।

36. চাহিদা আমানত আৰু সময় আমানতৰ মাজৰ পার্থক্য দেখুওৱা। HS-2018
(নাইবা)
সময় জমা আৰু চাহিদা জমাৰ মাজত পার্থক্য কি?

উত্তৰঃ- সময় জমা আৰু চাহিদা জমাৰ মাজত পার্থক্য হ'ল—
    সময় জমাৰ নির্দিষ্ট এটা সময় থাকে। কিন্তু চাহিদা জমাৰ ক্ষেত্ৰত কোনো সীমা নাথাকে।
    সময় জমাত জমাকাৰীয়ে নিজৰ প্রয়োজন অনুসৰি টকা উলিযাব নোৱাৰে। কিন্তু চাহিদা জমাত জমাকাৰীয়ে নিজৰ ইচ্ছা অনুযায়ী টকা উলিয়াব পৰাৰ সুবিধা থাকে।
    সময় জমাত চেক ব্যৱহাৰ নহয়। কিন্তু চাহিদা জমাত চেক ব্যৱহাৰ কৰিব পাৰি।

37. মুদ্ৰাৰ কল্পনাপ্রসূত চাহিদা বজাৰ সুদৰ হাৰৰ সৈতে _____ সম্পর্ক আছে। HS-2015
উত্তৰঃ- বিপৰীতমুখী।

38. কোনো ব্যক্তিৰ মুদ্ৰাৰ লেনদেনৰ প্ৰতি গড় লেনদেনত চাহিদা কি?
উত্তৰঃ- কোনো ব্যক্তিৰ মুদ্ৰাৰ গড় লেনদেন চাহিদা হ'ল তেওঁৰ মাহিলি লেনদেনৰ আধা।
 
39. বিনিময় প্রথাৰ ত্ৰুটি উল্লেখ কৰা।
উত্তৰঃ- বিনিময় প্রথাৰ ত্রুটি হ'ল—
(১) অভাবৰ সামঞ্জস্য নাথাকিলে বিনিময় কার্যকৰী নহয়।
(২) অবিভাজনীয় সামগ্ৰীৰ ক্ষেত্ৰত বিনিময় প্রথা সফল নহয়।
(৩) স্থগিত লেনদেন নিষ্পত্তিৰ ক্ষেত্ৰত বিনিময় প্রথা সুচল নহয়।
(৪) বিনিময় প্রথাত দ্রব্য-সামগ্ৰীৰ উপযুক্ত মূল্য নির্ধাৰণত অসুবিধাৰ সৃষ্টি হয়।

40. মুদ্রাই কেনেকৈ বিনিময় প্রথাৰ অসুবিধাবোৰ আতৰ কৰে।    HS-2018
উত্তৰঃ- মুদ্ৰাৰ আৱিষ্কাৰে বিনিময় প্রথাৰ সকলোবোৰ অসুবিধা আঁতৰ কৰিলে। মুদ্রা হ'ল আইনৰ দ্বাৰা প্রতিষ্ঠিত এক সার্বজনীন গ্রহণযোগ্য বিনিময়ৰ মাধ্যম। অভাৱৰ সংগতি নথকা দ্রব্য সামগ্রী লেন-দেনৰ ক্ষেত্ৰত, বিনিময় প্রথাত যি অসুবিধা আছিল মুদ্রাই সেই সমস্যা দূৰ কৰিলে। কোনো এটা দ্রব্যৰ সঠিক দামৰ সম্পর্কে বিনিময় ব্যৱস্থাত থকা অসুবিধাবোৰো মুদ্রাই ননাহোৱা কৰিলে। দীর্ঘদিনে দ্রব্য সামগ্রী সঞ্চয় কৰি ৰাখিব নোৱাৰা সমস্যাবোৰ সমাধানো মুদ্রা আৱিষ্কাৰে নোহোৱা কৰিলে। এইদৰে দ্রব্য সামগ্রী বিভাজ্য সমস্যা গধুৰ দ্রব্য সামগ্রী এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই লৈ ফুৰাৰ যিবোৰ সমস্যা বিনিময় প্রথাত আছিল, মুদ্রা আৱিষ্কাৰে এই সকলোবোৰ আঁতৰ কৰে। মুঠৰ ওপৰত লেন-দেনৰ ক্ষেত্ৰত আহিপৰা সকলোধৰণৰ অসুবিধাসমূহ মুদ্ৰাৰ আৱিষ্কাৰে নোহোৱা কৰিলে।

41. সংৰক্ষণ জমা অনুপাতৰ ব্যাখ্যা আগবঢ়োৱা।
উত্তৰঃ- বাণিজ্যিক বেংকত জমা ৰখা জনসাধাৰণৰ আমানতৰ এটা অংশ বেংকে বিনিয়োগত ব্যৱহাৰ কৰি বাকী অংশ জমা ৰাখে। এইদৰে ৰখা মুদ্রাত বেংকসমূহত থকা নগদ জমা মুদ্রা আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকত থকা বাণিজ্যিক বেংকসমূহৰ আমানতসমূহ নিহিত হৈ থাকে। বাণিজ্যিক বেংকসমূহে সংৰক্ষণত ৰখা মুঠ আমানতৰ সমানুপাতকে সংৰক্ষিত আমানত অনুপাত বোলে। এনেদৰে বেংকসমূহে সংৰক্ষিত মুদ্রা আমানতকাৰীৰ মুদ্ৰাৰ চাহিদা পূৰণ কৰাত ব্যৱহাৰ কৰে।

42. জমা মুদ্রা অনুপাত কি? উৎসৱৰ সময়ত ই কিয় বৃদ্ধি পায়?
উত্তৰঃ- মুদ্রা জমা অনুপাত হ'ল জনসাধাৰণৰ হাতত নগদ ৰূপত থকা মুদ্ৰাৰ পৰিমাণ আৰু বেংক আমানতত ৰখা মুদ্ৰাৰ পৰিমাণৰ অনুপাত।
    উৎসৱৰ সময়ত জনসাধাৰণে অতিৰিক্ত খৰচ কৰিবলৈ বিচাৰে বাবে আমানতবোৰ নগদ মুদ্রালৈ ৰূপান্তৰ হয়। সেয়েহে প্রচলিত মুদ্ৰাৰ আমানত অনুপাত উৎসৱৰ সময়ত বৃদ্ধি পায়।

43. কেন্দ্রীয় বেংকৰ দুটা কার্য উল্লেখ কৰা। HS-2022
উত্তৰঃ- কেন্দ্রীয় বেংকৰ দুটা কার্য হ'ল—
(১) কেন্দ্রীয় বেংকে কাগজী মুদ্ৰাৰ যোগান ধৰে।
(২) কেন্দ্রীয় বেংকে চৰকাৰৰ বেংক হিচাপে আন আন বেংকৰ মুৰব্বী বেংক হিচাপে কার্য নির্বাহ কৰে।

44.  বাণিজ্যিক বেংকৰ দুটা কাৰ্য উল্লেখ কৰা।
উত্তৰঃ- বাণিজ্যিক বেংকৰ দুটা কার্য হ'ল
(১) বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা সঞ্চয় সংগ্রহ কৰে আৰু ঋণৰ যোগান ধৰে।
(২) এই বেংকে ঋণমুদ্রা বা আমানত মুদ্ৰাৰ সৃষ্টি কৰিব পাৰে।

45. ভাৰতবৰ্ষত বেংক ৰাষ্ট্ৰীয়কৰণৰ তিনিটা উদ্দেশ্য লিখা।
উত্তৰঃ- ভাৰতবৰ্ষত বেংক ৰাষ্ট্ৰীয়কৰণৰ তিনিটা উদ্দেশ্য হৈছে—
(১) কম সুদত কৃষি ঋণৰ যোগান ধৰা।
(২) বেংকসমূহৰ ব্যক্তিগত মালিকীস্বত্ব আৰু একচেতীয়া নিয়ন্ত্ৰণৰ বিলোপ সাধন কৰা।
(৩) গাঁও আৰু পিছপৰা অঞ্চলত দ্রুত গতিত শাখা সম্প্রসাৰণ কৰাৰ লগতে জনসাধাৰণৰ পৰা সঞ্চয় সংগ্রহ কৰা।

46. মুদ্ৰাৰ কল্পনা প্রসূত চাহিদা বর্ণনা দিয়া।     HS-2014, 2017
উত্তৰঃ- অর্থনীতিবিদ কেইন্সে মুদ্ৰাৰ চাহিদাত কল্পনাপ্রসূত অভিপ্রায় সংযোজন কৰিছে। কেইন্সৰ মতে চলিত সদৰ হাৰ আৰু ভৱিষ্যতে প্রত্যাশিত সুদৰ হাৰৰ সম্পৰ্কই নির্ধাৰণ কৰে এজন ব্যক্তিয়ে মূল্যৰ ভাণ্ডাৰ হিচাপে তেওঁৰ লগত কিমান পৰিমাণৰ মুদ্ৰা ৰাখিব আৰু কিমান পৰিমাণৰ ঋণপত্ৰ ৰাখিব। সদৰ হাৰ যিমানেই নিম্নগামী হয় সিমানেই বাজিগৰাকীয়ে নিজৰ লগত অধিক পৰিমাণৰ মুদ্ৰা ৰাখিবলৈ বিচাৰে ইয়াৰ বিপৰীতে ভবিষ্যতে সুদৰ হাৰ ঊর্ধগামী হ'লে ব্যক্তিগৰাকীৰ তাৰল্য পছন্দ কমি যাব আৰু নিজৰ লগত জমা কৰি থোৱা মুদ্ৰাৰ পৰিমাণ হ্রাস কৰিব। কল্পনাপ্রসূত অভিপ্রায়জনিত মুদ্ৰাৰ চাহিদা তলত দিয়া ধৰণেও ব্যাখ্যা কৰা হয়।
    ইয়াত r হৈছে বজাৰৰ সুদৰ হাৰ আৰু r max আৰু r min হৈছে এই সুদৰ হাৰৰ ঊৰ্ধতম আৰু নিম্নতম সীমা। সুদৰ হাৰ যেতিয়া r maxৰ পৰা r min লৈ গতি কৰিব তেতিয়া Mds মূল্য 0ৰ পৰা বৃদ্ধি হৈ অসীমলৈ গতি কৰিব।


47. অভাৱৰ পাৰস্পৰিক সংগতিহীনতা বুলিলে কি বুজা?
উত্তৰঃ- এজন ব্যক্তিৰ অভাৱ আন এজন ব্যক্তিৰ অভাৱৰ সৈতে একে নহয়। সংগতি নথকা অভাৱেই অভাৱৰ পাৰস্পৰিক সংগতিহীনতা বুলি কোৱা হয়। এনেদৰে বিনিময় প্রথা সম্পন্ন হোৱাৰ বাবে দুজন ব্যক্তিৰ অভাৱ পৰস্প্‌ৰৰ পৰিপূৰক হোৱা দৰকাৰ। উদাহৰণস্বৰূপে এজন ব্যক্তিয়ে কাপোৰৰ সলনি যদি চাউল বিচাৰে আৰু আন এজন ব্যক্তিয়ে চাউলৰ সলনি কাপোৰ বিচাৰিলেহে অভাৱৰ পৰস্পৰ সংগতি থকা বুজায়। কিন্তু কাপোৰৰ গৰাকীয়ে যদি কাপোৰৰ পৰিৱর্তে চাউল নিবিচাৰি নিমখ বা তেল বিচাৰে, তেতিয়া তাৰ অভাৱৰ পাৰস্পৰিক সংগতিহীনতা বুলি কোৱা হয়। বিনিময় প্রথাত অভাৱৰ এই পাৰস্পৰিক সংগতিহীনতাই বিনিময় প্রথাৰ লোপ পেলোৱাৰ মূল কাৰণ।

48. মুদ্ৰাৰ চাৰিটা কার্য উল্লেখ কৰা।     HS-2016, 2018, 2019
উত্তৰঃ- মুদ্ৰাৰ চাৰিটা কার্য হ'ল-
(১) বিনিময়ৰ মাধ্যমঃ- মুদ্রাক সকলো সামগ্রী বা সেৱা কার্যৰ বিনিময়ৰ মাধ্য হিচাপে ব্যৱহাৰৰ উপযোগী। মুদ্ৰাৰ যোগেদি বজাৰত ক্রেতা আৰু বিক্রেতাই বস্তুৰ বিমিনয় কৰিব পাৰে। ক্রেতা এজনে এক নির্দিষ্ট পৰিমাণৰ মুদ্ৰা প্ৰদান কৰি এক নির্দিষ্ট পৰিমাণৰ দ্ৰব্য সংগ্ৰহ কৰাত সুবিধা।
(2) মূল্যৰ মাপকাঠিঃ- মুদ্রাই হৈছে যিকোনো বস্তু বা সেৱাৰ মূল্যৰ মাপকাঠি। মুদ্ৰাৰ মাধ্যমেৰে সকলো সামগ্ৰী আৰু সেৱা কার্যৰ মূল্য নিৰূপণ কৰা হয়। কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণৰ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ 'দাম' বা দৰ বুলি কোৱা হয়। মুদ্রা সামগ্রীমূল্যৰ উমৈহতীয়া মাপকাঠি।
(৩) মূল্যৰ ভাণ্ডাৰঃ- সকলো মানুহে উপার্জনৰ এটা অংশ সঞ্চয় কৰি ৰাখিব বিচাৰে। মুদ্ৰাৰ যোগেদি এই সঞ্চয় কার্য সম্পাদন কৰা সহজ। ইয়াৰ কাৰণ মুদ্ৰাৰ স্থায়ীত্ব গুণ আধিক আৰু মুদ্রাক সঞ্চয় কৰি ৰখা সহজ হয়। অন্যান্য সামগ্ৰীৰ দৰে মুদ্রা সহজে নষ্ট নহয়। সামগ্রী সঞ্চয় কৰি ৰখা অসুবিধা। মুদ্রা ব্যৱস্থাত মুদ্রা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্রা প্রয়োজন অনুসৰি সামগ্রী ক্রয় কৰোতে ব্যৱহাৰ কৰিব পাৰি। এই অর্থত মুদ্রা সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয়।
(৪) স্থগিত দেনা-পাওনাৰ মানদণ্ডঃ- কিছুমান সামগ্রী বা পৰিসম্পদ বেচা-কিনাৰ সময়ত ইয়াৰ মূল্য লগে লগে পৰিশোধ কৰা নহয়। এনেবোৰ ক্ষেত্ৰত ধন আদায় প্রক্রিয়াটো তৎকালীন নহয়, প্রক্রিয়াটো স্থগিত কৰি ৰখা হয়। সকলোবোৰ স্থগিত দেনা-পাওনাৰ হিচাপ মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়।

49. মুদ্ৰাৰ তিনিটা কুফল লিখা।
উত্তৰঃ- মুদ্ৰাৰ তিনিটা কুফল হৈছে-
(১) মুদ্ৰাৰ উপযুক্ত ব্যৱহাৰৰ অবিহনে অর্থনীতিত মুদ্রাস্ফীতি বা মুদ্রা সংকোচনৰ দৰে অৱস্থাৰ সৃষ্টি কৰে। মুদ্রাস্ফীতিৰ সময়ত ক্রেতা লোকচানৰ সন্মুখীন হয় আৰু মুদ্রা সংকোচনৰ সময়ত বিক্রেতাই লোকচানৰ সন্মুখীন হ'ব লাগে।
(২) মুদ্রা বিতৰণৰ দ্বাৰা আয়ৰ ব্যৱস্থাত বৈষম্য হয়। ফলত সমাজত ধনী আৰু দুখীয়াৰ মাজত পার্থক্যই দেখা দিয়ে।
(3) প্রায় মানুহৰ মুদ্ৰাৰ প্রতি লোভ থাকে। ফলত লোভৰ বশৱৰ্তী হৈ কিছুমান লোকে সমাজত অপৰাধ সংগঠিত কৰে আৰু এনেদৰে সমাজৰ নৈতিক মূল্যবোধৰ অৱক্ষয় হয় আৰু অশান্তি সৃষ্টি হয়।

50. শেষ পর্যায়ৰ ঋণদাতা হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভূমিকা বর্ণনা কৰা।    HS-2013
উত্তৰঃ- ৰির্জাভ বেংক বা কেন্দ্রীয় বেংক বাণিজ্যিক বেংকসমূহৰ ত্রাণকর্তা। ভাৰতীয় মুদ্রা ব্যৱস্থাত ৰিজাৰ্ভ বেংক বাণিজ্যিক বেংকৰ পৰা ঋণ প্রদানৰ মাধ্যমত আমানত ওলাই যায় ইয়াৰ ফলত বেংকটোৰ তাৰল্যৰ অৱস্থাৰ অৱনতি ঘটে তেতিয়া ৰিজাৰ্ভ বেংকে সেই বেংকটোলৈ ঋণ আগবঢ়ায়। এনেদৰে বেংকৰ আমানতকাৰী ঋণ প্রয়োজন হোৱা বেংকটোয়ে ঋণৰ বাবে প্রথমে কেন্দ্রীয় বেংকৰ কাষ নাচাপে। কেন্দ্রীয় বেংকে বাণিজ্যিক বেংকসমূহক নির্দিষ্ট সুদৰ বিনিময়তহে ঋণ আগবঢ়ায়। এই সুদৰ হাৰ বৃদ্ধি হ'লে বাণিজ্যিক বেংকমূহৰ লোকচান হয়। সেয়েহে বিপদত পৰা এটা বাণিজ্যিক বেংকে প্রথমে আন বাণিজ্যিক বেংকৰ পৰা ঋণ ল'বলৈ আগবাঢ়ে। অন্য বাণিজ্যিক বেংকৰ পৰা ঋণ ল'বলৈ অক্ষম হ'লেহে শেষত বেংকটোৱে ৰিজাৰ্ভ বেংকৰ ওচৰলৈ যায়। গতিকে ৰিজাৰ্ভ বেংকক বাণিজ্যিকসমূহৰ শেষ পর্যায়ৰ বা অন্তিম পর্যায়ৰ ঋণদাতা বুলি গণ্য কৰা হয়। আকৌ বিপদৰ সময়ত ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকক ঋণ দি সহায় কৰাৰ বাবে ই বাণিজ্যিক বেংকসমূহৰ ত্ৰাণকৰ্তাস্বৰূপ।

51. মুদ্ৰাৰ কুফলসমূহ কি কি?
উত্তৰঃ- মুদ্ৰাৰ কুফলসমূহ তলত উল্লেখ কৰা হ'ল—
(১) মদ্রাই স্থিৰতা হেৰুৱালে অর্থনীতিত মুদ্রাস্ফীতি বা মুদ্রা সংকোচনৰ দৰে অৱস্থাৰ সৃষ্টি হয়। মুদ্রাস্ফীতিৰ সময়ত ক্রেতা লোকচানৰ সন্মুখীন হয় আৰু মুদ্রা সংকোচনৰ সময়ত বিক্রেতা লোকচানৰ সন্মুখীন হয় আৰু উৎপাদনৰ স্পৃহা কম হয়।
(২) মুদ্ৰাৰ বিতৰণৰ দ্বাৰা আয় ব্যৱস্থাত বৈষম্য হয়। ফলত সমাজত ধনী আৰু দুখীয়াৰ মাজত পার্থক্যই দেখা দিয়ে। মুদ্রাই একচেটিয়া ব্যৱসায় বিস্তাৰত সহায় কৰে ফলত এমুঠিমান মানুহৰ হাতত দেশৰ সমস্ত সম্পদ যায়।
(৩) প্রায় মানুহৰ মুদ্ৰাৰ প্রতি লোভ থকা দেখা যায় ফলত লোভৰ বশৱতী হৈ কিছুমান লোকে সমাজত অপৰাধ সংগঠিত কৰে আৰু এনেদৰে সমাজৰ নৈতিক মূল্যবোধৰ অৱক্ষয় হয়। দুর্নীতি, শোষণ, অবিচাৰৰ প্ৰধান কাৰণেই হৈছে মুদ্ৰাৰ প্রতি মানুহৰ দুর্বলতা।
(৪) মুদ্রা ব্যৱস্থাৰ আৰু এক কুফল হৈছে- কলা টকাৰ প্রাদুর্ভাৱ। অসৎ উপায় অৱলম্বন কৰি উপাৰ্জন কৰা কলা টকাই মুদ্রাস্ফীতি ঘটায় আৰু দেশত অর্থনৈতিক শোষণ, অর্থনৈতিক বৈষম্য আদিৰ সৃষ্টি কৰে আৰু বয়-বস্তুৰ দাম বৃদ্ধিত অৰিহণা যোগায়।

52. কেন্দ্রীয় বেংকে ব্যৱহাৰ কৰা ঋণ নিয়ন্ত্ৰণৰ তিনিবিধ সজুলি ব্যাখ্যা কৰা।    HS-2015
উত্তৰঃ- ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ঋণ নিয়ন্ত্রণ নীতিৰ আহিলাসমূহ হ'ল– (ক) বেংকৰ হাৰ (খ) নগদ সংৰক্ষণৰ অনুপাত। (গ) মুক্ত বজাৰত ঋণপত্রৰ ক্রয় বিক্রয়। তলত ইয়াৰ সজুলি তিনিবিধ ব্যাখ্যা কৰা হ'ল-
 (ক) বেংকৰ হাৰঃ- বাণিজ্যিক বেংকবিলাকে যি সুদৰ হাৰত কেন্দ্রীয় বেংকৰ পৰা ঋণ সংগ্রহ কৰে তাকে বেংক হাৰ বুলি কোৱা হয়। ৰিজাৰ্ভ বেংকৰ নিম্ন বা উচ্চ সুদৰ হাৰে বেংকসমূহৰ আমানতৰ অনুপাত সংৰক্ষণ কম বা বেছি ৰাখিবলৈ বাধ্য কৰে। এনে অৱস্থাত ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লোৱাটো বাণিজ্যিক বেংকৰ বাবে আগতকৈ কম বা বেছি ব্যয়বহুল হয়। বাণিজ্যিক বেংকৰ ঋণ প্রদানৰ ক্ষমতা ৰিজাৰ্ভ বেংকৰ বেংক হাৰৰ ওপৰত নিৰ্ভৰশীল। এই হাৰ কম হ'লে বাণিজ্যিক বেংকে অধিক ঋণ দিয়ে আৰু অৰ্থনীতিত মুদ্ৰাৰ যোগান বৃদ্ধি হয়। অনুকৰণভাৱে এই হাৰ বেছি হ'লে বাণিজ্যিক কম হয় আৰু বজাৰত মুদ্ৰাৰ যোগান কমে।
(খ) নগদ সংৰক্ষণৰ আমানতঃ- নগদ সংৰক্ষণৰ অনুপাত আৰু বিধিগত তাৰল্যৰ অনুপাতে সংৰক্ষিত আমানত অনুপাতৰ ওপৰত প্ৰভাৱ পেলায়। নগদ সংৰক্ষণ অনুপাত অথবা বিধিগত তাৰল্য অনুপাতৰ মূল্য বৃদ্ধি বা হ্রাসে সংৰক্ষণ আমানত অনুপাতত মুদ্রা বৃদ্ধি বা হ্রাসত সহায় কৰে। নগদ সংৰক্ষণ বা জমা অনুপাত ৰিজাৰ্ভ বেংকে বৃদ্ধি কৰিলে বাণিজ্যিক বেংকসমূহৰ ঋণ প্রদান কৰা ক্ষমতা হ্রাস হয় আৰু অৰ্থনীতিত মুদ্ৰাৰ যোগান নিয়ন্ত্রিত হয়।

53. ঘাটি বিত্তায়নৰ ধাৰণাটো ব্যাখ্যা কৰা।     HS-2013
উত্তৰঃ- ভাৰতীয় ৰিজাৰ্ভ বেংক হ'ল ভাৰতৰ বেংক ব্যৱস্থাৰ শীর্ষতম বেংক। অর্থাৎ ই কেন্দ্রীয় চৰকাৰৰ বেংক যদিও ৰাজ্যিক চৰকাৰসমূহৰ বেংকৰূপে পৰিচিত। কেতিয়াবা কেতিয়াবা চৰকাৰে উপার্জিত কৰ ৰাজহৰ পৰা চৰকাৰে ঘাটি বাজেট পুৰাব নোৱাৰি নতুন মুদ্রা ছপা কৰাৰ দৰকাৰ হয়। আনহাতে মুদ্রা ছপোৱাৰ বৈধতা চৰকাৰৰ নাই। ফলত চৰকাৰৰ সকলো প্রয়োজনীয় অসুবিধা তথা সমস্যাসমূহ ৰিজাৰ্ভ বেংকৰ দ্বাৰা সমাধান কৰিব লাগে। সেয়েহে ই ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত চৰকাৰী ঋণপত্র বিক্ৰী কৰি মুদ্ৰা ধাৰ লয়। ফলত ভাৰতীয় ৰিজাৰ্ভ বেংকে চৰকাৰলৈ মুদ্রা যোগান ধৰে। চৰকাৰে সেইখিনি মুদ্ৰাৰে চৰকাৰৰ প্রয়োজনীয় খৰচসমূহ পৰিশোধ কৰে। এইদৰে চৰকাৰৰ ঘাটি বাজেটৰ বাবে বিত্ত যোগান ধৰাকে কেন্দ্রীয় বেংকৰ ঋণৰ দ্বাৰা 'ঘাটি বিত্তায়ন' কৰা বুলি কোৱা হয় আৰু ইয়াকে ঘাটি বিত্তীয় অৱস্থা বোলা হয়।

54. RBI ৰ কাৰ্যসমূহ ব্যাখ্যা কৰা।     HS-2014, 2016, 2018
উত্তৰঃ- ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যবোৰ হ'ল-
(ক) নোট প্রস্তুতঃ- ভাৰতীয় ৰিজাৰ্ভ বেংক হ'ল দেশৰ মুদ্রা যোগানৰ প্রধান উৎস ইয়াৰ বাবে ৰিজাৰ্ভ বেংকে কাগজৰ মুদ্রা ছপা কৰে আৰু এই ক্ষেত্ৰত মূল্যৱান সম্পত্তি সংস্থিতি ৰাখিব লাগে। মুদ্রা প্রস্তুতৰ বাবে ভাৰতৰ ৰিজাৰ্ভ বেংকে এটা নির্দিষ্ট পৰিমাণৰ সোণ, বিদেশী ঋণপত্র জমা ৰাখিব লাগে।
(খ) বেংকসমূহৰ সেৱাঃ- দেশৰ বাণিজ্যিক বেংকৰবাৰে নিজৰ জমাধনৰ এটা অনুপাত ৰিজাৰ্ভ বেংকত জমা ৰাখিব লাগে। প্রয়োজনীয় ক্ষেত্রত ৰিজাৰ্ভ বেংকে অন্যান্য বেংকৰ লেনদেন পৰিশোধ কৰিব পাৰে এই ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে নিষ্ক্ৰীয়নীতি অৱলম্বন কৰে আৰু দেশৰ অর্থনীতিক বিৰূপ বাহ্যিক প্ৰভাৱৰ পৰা মুক্ত কৰে। ই বাণিজ্যিক বেংকসমূহৰ সর্বশেষ স্তৰৰ ঋণদাতা আৰু এই বেংকসমূহৰ ত্রাণকর্তা।
(গ) চৰকাৰৰ বেংকঃ- সকলোবোৰ চৰকাৰী বিভাগ আৰু অনুষ্ঠানৰ লেনদেনৰ হিচাপ ৰিজাৰ্ভ বেংকত থাকে। ই চৰকাৰৰ পৰা জমা গ্রহণ কৰে আৰু প্রয়োজনত বিত্ত যোগান ধৰে। বাজেট ঘাটি পূৰণ কৰাত ই চৰকাৰক সহায় কৰে আৰু ঘাটি বিত্তীয় ব্যৱস্থাৰ জৰিয়তে বাজেটৰ ঘাটি পূৰ কৰাত প্রয়োজনীয় মুদ্রা যোগানেৰে চৰকাৰক সহায় কৰে।
(ঘ) ঋণ নিয়ন্ত্রণঃ- বাণিজ্যিক বেংকৰবাৰে জনসাধাৰণক দিয়া ঋণৰ নিয়ন্ত্ৰক হিচাপে ভূমিকা লয়। ভাৰতৰ ৰিজাৰ্ভ বেংকৰ এই নিয়ন্ত্রণ পদ্ধতি দুভাগে বিভক্ত (১) পৰিমাণ গত ব্যৱস্থা (২) গুণবাচক ব্যৱস্থা।
(ঙ) বৈদেশিক মুদ্ৰাৰ ৰক্ষকঃ- ভাৰতৰ ৰিজাৰ্ভ বেংক বৈদেশিক মুদ্রাৰ ভঁৰাল। দেশীয় মুদ্ৰাৰ সৈতে বৈদেশিক মুদ্রাৰ বিনিময় হাৰ ৰিজাৰ্ভ বেংকে নির্ধাৰণ কৰে।
(চ) তথা সংগ্রহ আৰু প্রকাশঃ- দেশৰ অর্থনৈতিক ক্ষেত্ৰৰ বিভিন্ন তথ্য সংগ্রহ আৰু প্ৰকাশ কৰাৰ দায়িত্ব ৰিজাৰ্ভ বেংকৰ এটা গুৰু দায়িত্ব। দেশৰ উৎপাদন, বিতৰণ, মদা, ঋণ, আমদানি, ৰপ্তানি, জাতীয় আয় আদি বিষয়ক পাৰিসংখীয় তথ্য সংগ্রহ আৰু দেশৰ স্বাৰ্থত এই তথ্য প্রকাশ কৰা ৰিজার্ভ বেংকৰ অন্যতম কাম।

55. বাণিজ্যিক বেংকৰ কাৰ্য চমুকৈ বর্ণনা কৰা।     HS-2015, 2017
উত্তৰঃ- বাণিজ্যিক বেংকৰ প্রধান কার্যাৱলীসমূহ তলত আলোচনা কৰা হ'ল—
(১) সঞ্চয় সংগ্রহঃ- বাণিজ্যিক বেংকৰ প্রধান কাম হ'ল— জনসাধাৰণৰ মুদ্ৰা জমা ৰখা। ই ব্যক্তি, কোনো অনুষ্ঠান বা ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা মুদ্ৰাৰ সঞ্চয় সংগ্রহ কৰি জমাকাৰীক সুদ প্রদান কৰা।
(২) ঋণৰ যোগানঃ- বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা মুদ্ৰাখিনি অধিক সুদত ব্যক্তি বা কোনো ব্যৱসায়িক প্রতিষ্ঠানক ঋণ আগবঢ়ায়। বাণিজ্যিক বেংকে সাধাৰণতে হ্রস্বকালীন ঋণৰ যোগান ধৰে যদিও কেতিয়াবা ই দীর্ঘকালীন ঋণৰো যোগান ধৰে। এই ক্ষেত্ৰত বেংকে সোণ আদি মূল্যৱান বস্তু বন্ধক হিচাপে ৰাখে।
(৩) আমানতৰ সৃষ্টিঃ- বাণিজ্যিক বেংকে ঋণ মুদ্রা বা আমানতৰ সৃষ্টি কৰিব পাৰে। আমানত দুই প্রকাৰৰ- প্রাথমিক বা নগদ আমানত আৰু মাধ্যমিক বা উদ্ভূত আমানত। সঞ্চয়কাৰীৰ জমা হৈছে নগদ আমানত। সঞ্চয়কাৰীয়ে তেওঁলোকৰ জমা কৰা মুদ্ৰাৰ সকলোখিনি উলিয়াই নিনিয়ে। ইয়াৰ ওপৰত ভিত্তিকৰিয়েই বেংকে আমানত মুদ্ৰাৰ সৃষ্টি কৰে। বেংকে এই নগদ আমানতৰ পৰা মাধ্যমিক বা উদ্ভত আমানতৰ সৃষ্টি কৰে। এই উদ্ভত আমানতৰ সৃষ্টিকেই ঋণমুদ্রা সৃষ্টি কৰা বুলি কোৱা হয়। ই তিনি প্রকাৰৰ আমানত সৃষ্টি কৰে- (ক) চলিত আমানত (খ) স্থিৰ আমানত (গ) সঞ্চয় আমানত।
(8) অন্যান্য কার্যঃ- বাণিজ্যিক বেংকৰ অন্যান্য কার্যৰ ভিতৰত গ্রাহক সেৱামূলক কাম যেনে- টেলিফোন বিল, বিদ্যুৎ বিল পৰিশোধ, মূল্যবান অলংকাৰ-পাতি জমা ৰখা, নথি-পত্ৰ নিৰাপদে ৰখা, এঠাইৰ পৰা আন ঠাইলৈ টকা প্ৰেৰণ কার্য সম্পাদন কৰে। ইয়াৰ বাহিৰেও এই বেংকে দেশৰ উন্নয়নমূলক কামতো অংশীদাৰ হয়।


56. বাণিজ্যিক বেংকে মুদ্রা সৃষ্টি কৰিব পাৰেনে?

উত্তৰঃ- বাণিজ্যিক বেংকে মুদ্রা সৃষ্টি কৰিব পাৰে। মুদ্রা সৃষ্টিৰ সৈতে সমগ্র বাণিজ্যিক বেংক ব্যৱস্থা জড়িত হৈ থাকে। প্রথমতে, বাণিজ্যিক বেংকে ঋণ প্ৰদানৰ জৰিয়তে মুদ্রা সৃষ্টি কৰিব পাৰে। ই গ্রাহকক ঋণ প্রদানৰ জৰিয়তে চাহিদা আমানতৰ সৃষ্টি কৰে। বেংকে সংগৃহীত সঞ্চয়ৰ এটা অংশ নিজৰ হাতত ৰাখি বাকীখিনি ঋণ হিচাপে আগ বঢ়ায়। ঋণ লওতাই আকৌ অন্য বেংকত চেকৰ মাধ্যমত পোৱা ঋণ দাখিল কৰে। সেই বেংকে আকৌ এটা অংশ নিজৰ হাতত ৰাখি বাকীখিনি ঋণ হিচাপে আগবঢ়ায়। এনেদৰে ঋণ প্রক্রিয়া চলি থাকিব আৰু মুদ্রা বা ঋণ সৃষ্টি হ'ব। দ্বিতীয়তে, বাণিজ্যিক বেংকে বন্ধকীৰ বিপৰীতে বিনিয়োগ কৰি মুদ্রা সৃষ্টি কৰিব পাৰে। বেংকে বন্ধকী ক্রয় কৰোঁতে বিক্রেতাক চেকৰ জৰিয়তে পৰিশোধ কৰে। চেকখন অন্য বেংকত জমা দিয়া হয় আৰু জমাকাৰীৰ বিপৰীতে আমানতৰ সৃষ্টি হয়। এনেদৰে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্রা সৃষ্টি কৰিব পাৰে।


57. আধুনিক অর্থনীতিত মুদ্ৰাৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ- আধুনিক অর্থনীতিত মুদ্ৰাৰ অতি গুৰুত্বপূর্ণ ভূমিকা আছে। প্রথমতে, মুদ্রা হ'ল সাধাৰণভাৱে গ্রহণযোগ্য বিনিময়ৰ মাধ্যম। লেনদেনৰ সুচলতাৰ বাবে মুদ্রাক মধ্য পর্যায়ৰ দ্রব্য হিচাপে গ্রহণ কৰা হৈছে। মুদ্রাই সুবিধাজনক একক হিচাবেও কাম কৰে। সকলো বস্তু আৰু সেৱাৰ মূল্যক মুদ্রাগত এককৰ আধাৰত প্ৰকাশ কৰিব পাৰি। মুদ্রা ক্ষণস্থায়ী নহয় আৰু ইয়াৰ সঞ্চয়ৰ খৰচো অতি কম। মুদ্রা যিকোনো সময়তে সকলোৰে বাবে গ্রহণযোগ্য। সেয়েহে সাম্প্রতিক অর্থব্যৱস্থাত মুদ্রাই সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কাম কৰিব পাৰে। ভৱিষ্যতৰ বাবে সম্পদ মুদ্ৰা ৰূপত সঞ্চয় কৰিব পাৰি।

গতিকে আধুনিক অর্থ ব্যৱস্থাত মুদ্রা বিনিময়ৰ মাধ্যম, মূল্যৰ পৰিমাপক, স্থগিত দেনা-পাওনাৰ মান, মূল্যৰ ভাণ্ডাৰ আদি হিচাপে ভূমিকা গ্রহণ কৰি আছে।

 Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »

1 Comments:

Click here for Comments
December 16, 2022 at 12:27 PM ×

Thank you so much.

Congrats bro Sanowar Hussain you got PERTAMAX...! hehehehe...
Reply
avatar