-->

পাৰস্যত এভূমুকি-ৰথীন্দ্রনাথ গোস্বামী । Parsyat Abhumuki by Rathindranatha Goswami

পাৰস্যত এভূমুকি

ৰথীন্দ্রনাথ গোস্বামী

1. ইৰানৰ ইছলামিক গণতন্ত্ৰৰ প্রতিষ্ঠাতা কোন? HS-2019, 2020

উত্তৰঃ- ইমাম আয়াতুল্লা খোমোনি। 


2. ইৰানৰ ৰাজধানীৰ নাম কি? HS-2016 

উত্তৰঃ- টেহৰান।


3. 'তটৰেখা' কি? HS-2017

উত্তৰঃ- তটৰেখা হৈছে— সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগৰ কাষত থকা স্থলভাগ।


4. লেখক ইৰানলৈ কি দায়িত্ব লৈ গৈছিল?

উত্তৰঃ- খাৰুৱা তেল অন্বেষণৰ দায়িতৃত লেখক ইৰানলৈ গৈছিল। 


5. বেহেক্ট-ই-জাহৰা কি?

উত্তৰঃ- বেহেষ্ট-ই-জাহৰা হ'ল– টেহৰানৰ এখন জনপ্রিয় সমাধি স্থল।


6. বুশ্বেৰ চহৰখন কিহৰ বাবে বিখ্যাত? 

উত্তৰঃ- বুশ্বেৰ চহৰখন খেজুৰ গছৰ বাবে বিখ্যাত।


7. আবুজাৰ কোন?

উত্তৰঃ- আবুজাৰ আছিল লেখকৰ এজন ট্রেভেল এজেন্ট। 


8. টেহৰানত বিমান বন্দৰ কেইটা? 

উত্তৰঃ- টেহৰানত বিমান বন্দৰ দুটা।


9. চেনি কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰঃ- কিংবদন্তি মতে নৱৰোজৰ এটা পৱিত্ৰ দিনত সম্রাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল।


10. 'স্লামবাৰ্জাৰ' কি?

উত্তৰঃ- সামবার্জাৰ হ'ল এটা বহুৰাষ্ট্রীয় কোম্পানিৰ নাম। 


11. ইৰানীসকলে নৱবৰ্ষক কি বোলে?

উত্তৰঃ- ইৰানীসকলে নৱবৰ্ষক 'ন'ৰোজ (নতুন দিন) বোলে। 


12. লেখক থকা টেহৰানৰ হোটেলখনৰ নাম কি?

উত্তৰঃ- লেখক থকা হোটেলখনৰ নাম হোমা হোটেল।


13. ইৰানৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰঃ- ইৰানৰ বিমান বন্দৰটোৰ নাম হ'ল- খোমেনি ইণ্টাৰনেশ্যনেল বিমান বন্দৰ।


14. 'কেন্দ'ৰ অর্থ কি? 

উত্তৰঃ- পাৰ্ছি শব্দ কেন্দৰ অৰ্থ হ'ল চেনি। ইংৰাজী কেন্দি শব্দটো পাৰ্ছি শব্দ কেন্দ্ৰৰ পৰা আহিছে। ইয়াৰ অর্থ হ'ল চেনি।


15. পোনতে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল? HS-2018

উত্তৰঃ- পোনতে ইৰানৰ পাৰমাণৱিক কার্যসূচীৰ মূল পৃষ্ঠপোষক আছিল আমেৰিকা যুক্তৰাষ্ট্র। 


16. ইৰানে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰঃ- ১৯৭৯ চনৰ পহিলা এপ্রিলৰ পৰা ইৰানে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে। 


17. ভেংকি ক'ত থাকে? আৰু ই কি কৰে?

উত্তৰঃ- ভেংকি বুশ্বেৰত থাকে। ভেংকিয়ে বন্দৰ নগৰী বুশ্বেৰৰ পৰা ৰিগলৈ যাবলগা হেলিকপ্টাৰ আৰু সামগ্রী যোগানকাৰী জাহাজৰ তদাৰক কৰে।


18. ইৰানৰ কেইখনমান ঠাইৰ নাম লিখা।

উত্তৰঃ- ইৰানৰ কেইখনমান ঠাইৰ নাম তলত উল্লেখ কৰা হ'ল- চিৰাজ, আহৱাজ, ইছফাহান, নাটাঞ্জ, মাছদয়াজ, টাবৰিজ, হামাদান, কাৰমান, আৰডাবিল আদি।


19. নাদিৰ শ্বাহৰ ভাৰত আক্ৰমণৰ দুটা ফলাফল লিখা।

উত্তৰঃ- (১) নাদিৰ শ্বাহে মোগল সম্রাট মহম্মদ শ্বাহক পৰাস্ত কৰি এটা বিশাল ৰাজভঁৰাল লুট কৰিছিল।

(২) তেওঁ বহুতো নাগৰিকক হত্যা কৰিছিল আৰু কহিনুৰ হীৰা মুকুট আদিৰ উপৰিও হাতী, ঘোঁৰা, উট লৈ গৈছিল।


20. বুশ্বেৰ কি? বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল? 

উত্তৰঃ- বুশ্বেৰ হ'ল ইৰানৰ এখন বন্দৰ নগৰী। 

বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহদি আৰু খাদেম নামৰ ইৰানৰ দুজন যুৱক আছিল। 


21. লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটে ক'ত অৱস্থিত? লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?

উত্তৰঃ- লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।

লেখকে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলি শুনিছে। 


22. মেহদি আৰু খাছেম কেন? তেওঁলোকে কাম কৰা কোম্পানিটাৰ নাম কি?

উত্তৰঃ- মেহদি আৰু খাছেম দুয়ো জিন্স লিঅ'লগ নামৰ ইটালিয়ান কোম্পানীটোৰ মাডলগাৰ। দুয়ো ইৰানী যুৱক।

তেওঁলোকে কাম কৰা কোম্পানিটোৰ নাম জিঅ'লগ। 


23. 'ৰথীন্দ্রনাথ গোস্বামীয়ে কোনখন গ্ৰন্থৰ বাবে হেম বৰুৱা সোঁৱৰণী বঁটা লাভ কৰে? তেওঁৰ দুখন শিশু সাহিত্যৰ নাম লিখা। 

উত্তৰঃ- ৰথীন্দ্রনাথ গোস্বামীয়ে মহাসমুদ্ৰৰ সিপাৰে নামৰ গ্ৰন্থৰ বাবে হেম বৰুৱা সোঁৱৰণী বঁটা লাভ কৰে। তেওৰ দুখন শিশু সাহিত্যৰ নাম হ'ল- (১) বিদেশী বন্ধুৰ দেশত আৰু (২) অংক জংক পংক।


24. বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে? HS-2017

উত্তৰঃ- যদিও বুশ্বেৰৰ বিমান বন্দৰটো বেছি ব্যক্ত নহয়, তথাপিও ইয়াৰ কিছু বিশেষ গুৰুত্ব আছে-- 

(১) ই ইৰানৰ এটা সামৰিক ঘাটি। 

(২) তদুপৰি বুশ্বেৰত এটি নিউক্লীয় ৰিয়েক্টৰ আছে, যি এই বিমান বন্দটোৰ গুৰুত্ব দুগুণে বঢ়াই তুলিছে। 


25. তেলৰ বাবে চলোৱা খনন কার্যত 'মাডলগিং' আহিলাসমূহৰ ভূমিকা কি?

উত্তৰঃ- তেলৰ বাবে চলোৱা খনন কার্যত 'মাডলগিং' অহিলাসমূহৰ গুৰুত্বপূর্ণ ভূমিকা আছে। এইবোৰৰ জৰিয়তে সংগ্রহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰত আৰু কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কার্য চলোৱাত সহায় কৰিব পাৰে। ভূতত্ত্ববিদৰ বাবে ই এবিধ গুৰুত্বপূর্ণ সঁজুলি।


26. শ্বিৰীণ ইবাডি কোন?

উত্তৰঃ- শ্বিৰীণ ইবাডি আছিল ইৰানৰ মানৱ অধিকাৰৰ অগ্রণী ৰণুৱা। শ্বিৰীণ ইবাডিক ২০০৩ চনত শান্তিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হৈছিল।

27. ইৰাণীসকলৰ নৱবর্ষ উৎসৱৰ চমু বিৱৰণ দিয়া। HS-2016

উত্তৰঃ- বসন্তৰ প্রথম দিনত ইৰাণীসকলৰ নৱবর্ষ উৎসৱ 'ন' ৰোজ' আৰম্ভ হয়। দুসপ্তাহ জুৰি উদ্যাপন কৰা এই উৎসৱত বহুতো বিষয় সামৰি লোৱা হয়- পৰিৱেশ আৰু নিজকে চাফ-চিকুণকৈ ৰখা, শত্রুভাৱ দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নি শিখা প্রজ্জ্বলন কৰা, সীমান্ত, নদী বা সাগৰ অভিমুখে যাত্ৰা কৰা আদি। জোৰাষ্ট্রিয়ান ধর্ম ইৰাণৰ মূল ধর্ম হৈ পৰা সময়তে এই উৎসৱৰ বিকাশ ঘটিছিল। 


28. 'পাৰস্যৰ এটা কথাই মোক সদাই আকর্ষণ কৰিছিল।' লেখকক কি এটা কথাই আকর্ষণ কৰিছিল? HS-2017

উত্তৰঃ- পাৰস্যৰ সৈতে আমাৰ ভাষাতত্বৰ এক অদ্ভুদ সংযোগ তথা সামঞ্জস্য আছে। বিশেষকৈ ভাষাৰ ক্রমবর্ধমান সোঁতে সুদূৰ পাৰস্যৰ পৰা আহি কিছু ফাৰ্চী শব্দ উত্তৰ পূবত বিলাই দিলে। সামাজিক পৰিৱেশত এই ভাষাৰ শব্দবোৰে এনেভাৱে বৰপীৰা পাৰি বহিলে যে এতিয়া কেঁচী, দোৱাত, চিয়াঁহী, চিচাঁ আমাৰ বাৰে ৰন্ধ্ৰে-ৰন্ধ্ৰে অসমীয়া শব্দযেন হৈ পৰিছে। ভাষাৰ এনেহেন আশ্চর্যজনক মিলন লেখকৰ বাবে আকৰ্ষণৰ থল হৈ পৰিছে।


29. টেহৰানৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত?

উত্তৰঃ- টেহৰানৰ বিমান বন্দৰ দুটা হ'ল-

(১) মেহৰাবাদ এয়াৰপৰ্ট, এইটো চহৰত অৱস্থিত। 

(২) খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট চহৰৰ পৰা দূৰত অৱস্থিত। 


30. স্লামবাৰ্জাৰ কোম্পানিৰ কার্যালয় ক'ত ক'ত আছে? 

উত্তৰঃ- 'স্লামবার্জাৰ' কোম্পানিটো এটা বহুৰাষ্ট্ৰীয় কোম্পানি। এই কোম্পানিটোৰ কাৰ্যালয়বোৰ নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলীয়াজানৰ পৰা ডুবাইলৈকে, টেহৰানৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে-পাজৰে আছে। তৈল উদ্যোগৰ সৈতে এই কোম্পানীবোৰ অতি ঘনিষ্ঠভাৱে জড়িত। 


31. শ্বিৰীণ ইবাডিৰ এটি চমু পৰিচয় দিয়া। HS-2016

উত্তৰঃ- শ্বিৰীণ ইবাডি শান্তিৰ ন'বেল বঁটা বিজয়ী ইৰাণৰ এগৰাকী উল্লেখযোগ্য মানৱ অধিকাৰৰ কর্মী। কঠোৰ পন্থীৰ বিৰুদ্ধে শ্বিৰীণ ইবাডিৰ সংগ্রাম শলাগিবলগীয়া। তেওঁক বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ মানৱ অধিকাৰৰ দৰে অত্যুৎসাহী পদক্ষেপ লৈ আৰ্তজনৰ বাবে যুঁজি গৈছিল। তেনে সময়ত তেওঁক শান্তিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হৈছিল। 


32. বেহেক্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। HS-2018

উত্তৰঃ- টেহৰাণৰ অন্য এখন জনপ্রিয় স্থান হ'ল বেহেষ্ট-ই-জাহৰা। টেহৰাণক জানিব বা অনুভৱ কৰিবৰ বাবে বজাৰ বা আলিবাট ঘূৰিব নালাগে। তাতোকৈ বেহেষ্ট-ই-জাহৰা ভ্রমণ কৰা উচিত। টেহৰাণৰ এই মুখ্য সমাধিস্থলখন কেইবা কিল'মিটাৰ দীঘল। ই একমাত্র সমাধিস্থল য'ত খোৱা-বোৱাৰ দোকানৰ পৰা খেল পথাৰলৈকে সকলো আছে। ন'বেল বিজয়ী শ্বিৰীণ ইবাডিৰ পৰিয়ালৰ এজন সদস্যক এই সমাধিস্থলতে সমাধিস্থ কৰা হৈছিল।


33. জাগ্ৰছ পর্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। HS-2018

উত্তৰঃ- যেতিয়া আৰব প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাত আৰম্ভ হৈছিল আৰু তাৰ ফলস্বৰূপে সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল জাগ্ৰছ পর্বত। জাগ্ৰছ আৰু হিমালয়ৰ জন্ম কাহিনী একে। এই জাগ্ৰছৰ দক্ষিণ-পশ্চিম দিশত সঞ্চিত হৈ আছে বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ। ভূতত্ত্বৰ আশীর্বাদপুষ্ট পাৰস্য উপসাগৰীয় অঞ্চলত ডেৰশতকৈও অধিক তৈলক্ষেত্র আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতো দেশ নির্ভৰশীল। জাগ্রছ পর্বত শৃংখলা ইৰানৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈকে বিয়পি আছে। ইয়াৰ সর্বোচ্চ শৃংগৰ উচ্চতা প্রায় ৪৫০০ মিটাৰ। জাগ্ৰছৰ উপৰিও ইৰানত আৰু কেইবাটাও পর্বত শৃংখলা আছে।


34. ইৰানৰ ভূতত্বৰ বিষয়ে লিখা। 

উত্তৰঃ- ইৰানৰ ভূ-তত্ত্বৰ বিষয়টো সকলোৰে কৌতুহলৰ বিষয়। ইৰানৰ অৱস্থান ভূ-গহ্বৰৰ এটা জটিল বিৱর্তা অঞ্চলত। ইয়াৰ ফলত দেশখনক সঘনাই ভূমিকম্প হয়। ইয়াৰ ভূ-কম্পন মানচিত্ৰখন চালে জানিব পৰা যায় যে ইয়াৰ চাৰিসীমা কেৱল ভূমিকম্প দ্বাৰা প্ৰভাৱান্বিত। ইয়াৰ বাবে আৰৱ ফলক আৰু ইউৰোছি ভূ-গর্ভৰ ফলকৰ সংঘাতেই দায়ী। পাৰস্যৰ পেৰিছ বুলি খ্যাত টেহৰান হ'ল ইৰানৰ ৰাজধানী। এই টেহৰান অঞ্চলো ভূ-কম্প পীড়িত অঞ্চলৰ অন্তৰ্গত।


35. টেহৰানৰ প্রাকৃতিক অৱস্থা কেনেকুৱা লিখা। HS-2020

উত্তৰঃ- পৃথিৱী বিখ্যাত কবি হাফেজ আৰু উমৰ খায়ামৰ দেশ ইৰানৰ ৰাজধানী টেহৰান। এখেত সকলৰ অমৰ সৃষ্টিয়ে পথিৱীবাসীৰ অন্তৰ জিনাৰ দৰে টেহৰানৰ প্রাকৃতিক সৌন্দর্যই সকলোৰে অন্তৰ জয় কৰে। ইয়াৰ ৰাতিপুৱাৰ সৌন্দর্যই সকলোৰে অন্তৰ চুৱে। চহৰখনৰ ওচৰতে থকা ওখ পাহাৰবোৰ সূৰুষৰ চুমাত জিলিকি উঠে। ওখ ওখ পর্বতৰে পৰিৱেষ্টিত হোৱা বাবে টেহৰানখন অতি সুন্দৰ। সেয়েহে এই চহৰখনক বহুতে পাৰস্যৰ পেৰিছ বুলি কয়। গ্রীষ্মৰ দুটা মাহৰ বাহিৰে বাকী সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰামদায়ক আৰু শীতকালত ইয়াত বৰফ পৰে। টেহৰানৰ এই সুন্দৰ জলবায়ু এলব্রুজ পর্বতৰাশিৰ দান। মহানগৰীখনৰ বাবে খোৱাপানীৰ উৎস হৈছে পর্বতৰ ওপৰত থকা হিমবাহ। 


36. বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া। 

উত্তৰঃ- বুশ্বেৰ চহৰ পাৰস্য উপসাগৰত অৱস্থিত। এই চহৰ খেজুৰ গছৰ বাবে বিখ্যাত। বুশ্বেৰক বৰ নগৰী বুলিও কোৱা হয়। ইয়াৰ তাপমাত্রা চল্লিছ ডিগ্রী ছেণ্টিগ্রেডৰ ওপৰত। বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰো আছে। বুশ্বেৰ সৰু চহৰ কিন্তু চহৰখনৰ ৰাস্তাৰ পৰিকল্পনা দেখিলে কোনেও ক'ব নোৱাৰে যে সেইখন এখন সৰু চহৰ। চাৰিটা লেনৰ ৰাজা, মাজত ডিভাই ডাৰ, যথেষ্ট চাফা চহৰখন। নগৰ পৰিকল্পনাই যে বুশ্বেৰ চহৰখনত গুৰুত্ব লাভ কৰিছে সেই কথা কোনোৱে আকাশমার্গৰ পৰাই বুজিব পাৰে। চহৰখনৰ পৰিৱেশটো অতি মনোমোহা আৰু ইয়াৰ প্ৰতিঘৰ মানুহৰ সন্মুখ পকী দেৱালেৰে ঘেৰা লগতে প্ৰৱেশদ্বাৰত এখন মজবুত লোহাৰ গেট। আবাসিক অঞ্চলৰ ঘৰবোৰ দুই বা তিনিমহলীয়া। ঠাইখনত বৰ বেছি ভিৰ নাই। বুশ্বেৰ ঠাইখনৰ এটা সম্ভ্রান্ত এলেকাৰ নাম হ'ল নুৰ হুছেইন ষ্ট্রিট।


37. অর্থ লিখাঃ- 

আগা= শ্ৰীযুতৰ সমার্থক সন্মানীয় শব্দ, 

চিচা= আইনা, 

নীলিম= নীলা, 

হিজাব= ইৰাণী মহিলাই মূৰ ঢাকি লোৱা কাপোৰ।


Previous
Next Post »