-->

Class 11 Economics Introduction of Macro Economics । সমষ্টিবাদী অর্থনীতিৰ সূচনা

 Class 11 Economics

Introduction of Macro Economics
সমষ্টিবাদী অর্থনীতিৰ সূচনা


Class 11 Economics Introduction of Macro Economics । সমষ্টিবাদী অর্থনীতিৰ সূচনা। ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অৰ্থবিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমৰ "ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয়"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
Class 11 Economics Question and Answer Assam | HS 2nd Year Economics Question and Answer Assam | HS 1st Year Economics Suggestion and Notes Solution Assam


1. খালী ঠাই পূৰ কৰাঃ-
(ক) সুযোগ ব্যয়ক ___ ব্যয় বুলি কোৱা হয়।    HS-2014
উত্তৰঃ- প্রান্তিক ব্যয় বা বিকল্প
(খ) ___ অর্থনৈতিক বিশ্লেষণত, বিভিন্ন অর্থনৈতিক প্রক্রিয়াই কার্য কৰে, আমি আলোচনা কৰো।
উত্তৰঃ- ধনাত্মক
(গ) অর্থনীতিত সাধাৰণতে ধৰা হয় যে ডোক্তা এজন ___ ব্যক্তি। HS-2015
উত্তৰঃ- যুক্তিসংগত
(ঘ) ___ সম্পদৰ আৱণ্টন আৰু চূড়ান্ত দ্রব্য সেৱাৰ বিতৰণ হ'ল যিকোনো অর্থনীতিৰ কেন্দ্রীয় সমস্যা। HS-2017
উত্তৰঃ- দুষ্প্রাপ্য

2. শুদ্ধ উত্তৰটো বাছি উলিওৱা?
প্ৰশ্নঃ- কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতিত, উৎপাদন, উপভোগ, বিনিয়োগ ইত্যাদি গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ গ্রহণ কৰে
(ক) কেন্দ্রীয় বেংকে     (খ) বজাৰ     (গ) চৰকাৰ
উত্তৰঃ- (গ) চৰকাৰ।

3. দ্ৰব্যৰ সংজ্ঞা দিয়া।
উত্তৰঃ- সকলো প্ৰকাৰৰ দৃশ্যমান বা অদৃশ্যমান সামগ্রীক দ্রব্য বোলা হয়।

4. ব্যক্তি বুলিলে কি বুজা?
উত্তৰঃ- অর্থবিজ্ঞানত ব্যক্তি বুলিলে কোনো ব্যক্তি বা গোটক বুজায় যিবোৰে কিছুমান নির্দিষ্ট উদ্দেশ্য সাধনৰ কাৰণে অর্থনৈতিক কার্য সম্পাদন কৰে। উদাহৰণস্বৰূপে— এজন উপভোক্তা, এজন উৎপাদক, এটা প্রতিষ্ঠান, সংগঠন আদি।

5. সেৱাৰ সংজ্ঞা দিয়া। HS-2017
উত্তৰঃ- যাৰ সহায়ত আমি আমাৰ অভাৱ পূৰণ কৰিব পাৰোঁ কিন্তু তাক চাব বা স্পর্শ কৰিব নোৱাৰি তাকে সেৱা বোলে। যেনে— চিকিৎসা সেৱা।

6. জীৱনৰ মৌলিক অর্থনৈতিক কার্যকলাপ কেইটা আৰু কি কি?
উত্তৰঃ- চাৰিটা। সেইকেইটা হ'ল– (১) দ্ৰব্য আৰু সেৱাৰ উৎপাদন (২) বিনিময় (৩) বিতৰণ আৰু (৪) উপভোগ।

7. অর্থবিজ্ঞান সম্পদ মানে কি?
উত্তৰঃ- মানুহৰ অভাৱ আৰু সন্তুষ্টি পূৰণ কৰিব পৰা দুষ্প্রাপ্য সকলো দ্ৰব্য আৰু সেৱাকে অর্থবিজ্ঞানত সম্পদ বোলা হয়। সম্পদ হ’বলৈ ইয়াৰ চাৰিটা বৈশিষ্ট্য থাকিব লাগিব।
(১) দুষ্প্রাপ্যতা
(২) উপযোগিতা।
(৩) বাহ্যিকতা
(৪) হস্তান্তৰ যোগ্যতা।

8. অর্থনীতিত ব্যৱহৃত দুষ্প্রাপ্যতাৰ ধাৰণাটোৰ সংজ্ঞা দিয়া। HS-2019
উত্তৰঃ- দুষ্প্রাপ্যতাৰ ধাৰণাটোৱে অর্থনীতিত সীমাহীন অভাৱ আৰু সীমাবদ্ধ সম্পদৰ মাজৰ সম্পৰ্ক আৰু তাৰ ফলত অর্থনীতিত সৃষ্টি হোৱা অর্থনৈতিক সমস্যাৱলীক বুজায়।

9. বজাৰ অৰ্থনীতিৰ সংজ্ঞা দিয়া। HS-2018, 2014
উত্তৰঃ- যিখন অর্থনীতিৰ অর্থনৈতিক কাম-কাজ আৰু সিদ্ধান্ত সমূহ দৰ-কৌশলৰ দ্বাৰা পৰিচালিত হয় তেনে অর্থনীতিক বজাৰ অর্থনীতি বোলে। এনে অর্থনীতিৰ মূল উদ্দেশ্য ব্যক্তিগত মুনাফা অর্জন কৰাহে, সামাজিক উন্নয়ন নহয়।

10. আদর্শগত আৰু যথার্থ অর্থনৈতিক বিশ্লেষণৰ মাজৰ এটা পার্থক্য লিখা।  HS-2018
উত্তৰঃ- যথার্থ অর্থনৈতিক বিশ্লেষণত বিভিন্ন প্রক্রিয়াবোৰে কেনেকৈ কার্য কৰে তাৰ অধ্যয়ন কৰা হয় আনহাতে, আদর্শগত অর্থনীতিত এই প্রক্রিয়াবোৰ বাঞ্ছনীয় হয় নে নহয় তাৰ বিষয়ে অধ্যয়ন কৰা হয়।

11. মিত্র অর্থনীতি কি?    HS-2016
উত্তৰঃ- পুঁজিবাদ আৰু সমাজবাদী অর্থনীতিৰ সংমিশ্ৰণত গঢ় লোৱা অর্থনীতিক 'মিশ্র অর্থনীতি' বোলা হয়। এই অর্থনীতিত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডই একেলগে কাম কৰে।

12. অর্থনীতিত বজাৰ বুলিলে কি বুজায়?
উত্তৰঃ- অর্থনীতিত বজাৰ বুলিলে এনে কিছুমান ব্যৱস্থাপনাৰ এটা সংহতিক বুজায় য'ত অর্থনৈতিক প্রতিনিধিবোৰে তেওঁলোকৰ ধন-সম্পত্তি আৰু দ্রব্যবোৰ এজনে আনজনৰ লগত সহজে বিনিময় কৰিব পাৰে।

13. অর্থনৈতিক সমস্যা বুলিলে কি বুজা?
উত্তৰঃ- অর্থনৈতিক সমস্যা হৈছে দুষ্প্রাপ্যতাৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰেই হৈছে অর্থনৈতিক সমস্যা।

14. উৎপাদন সম্ভাৱনীয়তা ৰেখা কিয় বাওঁফালৰ পৰা সোঁফাললৈ নিম্নমুখী ঢালযুক্ত হয়? HS-2019
(নাইবা) উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ আকৃতি কিয় উত্তল হয়।

উত্তৰঃ- ক্রমবর্ধমান প্রান্তিক সুযোগ ব্যয়ৰ বাবে উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ আকৃতি উত্তল হয়।

15. উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ তলত অৱস্থিত বিন্দু এটাই কি বুজায়?  HS-2018
উত্তৰঃ- উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ তলত অৱস্থিত বিন্দু এটাই অর্থনীতি এখনৰ সম্পদৰাজিৰ পূর্ণ নিয়োগ নথকা আৰু সম্পদসমূহৰ দক্ষতাপূর্ণ ব্যৱহাৰ নোহোৱাৰ ইংগিত দিয়ে।

16. ব্যষ্টিবাদী অর্থনীতিৰ সংজ্ঞা দিয়া।     HS-2015, 2017
উত্তৰঃ- এই অর্থনৈতিক ব্যৱস্থাত ব্যক্তিগত অর্থনীতিৰ প্রতিনিধিবোৰৰ আচৰণ বিশ্লেষণ কৰি সেইবোৰৰ অর্থনৈতিক আচৰণ, ক্রিয়া-প্রতিক্রিয়া আদিৰ বিষয়ে পৃথক পৃথকভাৱে আলোচনা কৰা হয়। যেনে— এজন ব্যক্তি, এখন ফার্ম।

17. সমষ্টিবাদী অর্থনীতি বুলিলে কি বুজায়?     HS-2015
উত্তৰঃ- সমষ্টিবাদী অর্থনীতি বুলিলে অর্থনীতিৰ এনে এটা ব্যৱস্থাক বুজায় য'ত ব্যক্তিৰ পৰিৱর্তে মুঠ হিচাপে বা এখন দেশৰ অর্থনৈতিক গোট আৰু অর্থনৈতিক উপাদানসমূহক সামূহিক ৰূপত অধ্যয়ন কৰা হয়। ইয়াত অর্থনীতিৰ পাৰদৰ্শিতাৰ বাবে বহল হিচাববোৰ অধ্যয়ন কৰা হয়। যেনে— সামগ্রিক ব্যয়, জাতীয় উৎপাদন।

18. সমষ্টিবাদী অর্থবিজ্ঞানৰ বিকল্পৰ নাম কি?     HS-2017
উত্তৰঃ- সমষ্টিবাদী অর্থনীতিৰ বিকল্প নাম হিচাপে জাতীয় আয় তত্ত্ব বা চাহিদা আৰু নিয়োগ তত্ত্ব বুলিও ক'ব পাৰি।

19. সমষ্টিবাদী অর্থনৈতিক চলকৰ যিকোনো দুটা উদাহৰণ দিয়া।    HS-2017
উত্তৰঃ- সমষ্টিবাদী অর্থনৈতিক চলকৰ উদাহৰণবোৰ হ'ল—
(১) ৰাষ্ট্ৰীয় আয়
(২) নিয়োগ মুদ্রাস্ফীতি, বিনিয়োগ।

20. সুযোগ ব্যয় কি?     HS-2016, 2019
উত্তৰঃ- কোনো এটা বস্তু ক্রয় কৰোতে ব্যক্তি এজনে যেতিয়া একে সময়তে লাভ কৰিব পৰা সম্ভাব্য উপযোগিতাৰ পৰা বঞ্চিত হ'ব লগা হয় তাকে 'সুযোগ ব্যয়' বুলি কোৱা হয়।

21. অর্থনীতিৰ কেন্দ্রীয় সমস্যাসমূহ কি কি?     HS-2011, 2014
উত্তৰঃ- অর্থনীতিৰ কেন্দ্রীয় সমস্যাসমূহ হ'ল-
(ক) দেশত কি আৰু কিমান পৰিমাণে বস্তু বা সেৱা সামগ্রী উৎপাদন কৰিব লাগে।
(খ) কি পদ্ধতিত উৎপাদন বৃদ্ধি কৰা যায়।
(গ) কাৰ বাবে উৎপাদন কৰিব লাগিব।
(ঘ) উৎপাদিত সামগ্রী কেনেকৈ বিতৰণ কৰা হ'ব আদি।

22. মানুহৰ অভাৱৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ- মানুহৰ অভাৱৰ দুটা বৈশিষ্ট্য হল-
(১) মানুহৰ অভাৱ অসীম
(২) অভাৱ মোচনৰ উপায়বোৰ সীমিত।

23. তিনিটা আর্থিক কার্যাৱলী উল্লেখ কৰা।
উত্তৰঃ- তিনিটা আর্থিক কার্যাৱলী হ'ল—
(১) উপভোগ
(২) উৎপাদন আৰু
(৩) বিনিয়োগ।

24. স্বেচ্ছাকৃত নিবনুৱা কি?    HS-2019
উত্তৰঃ- যিটো অৱস্থাত এজন নিবনুৱাই কম মজুৰী বা সুবিধাজনক নিয়োগ সংস্থাপনৰ অভাৱত কাম কৰিবলৈ ইচ্ছা নকৰে তাকে স্বেচ্ছাকৃত নিবনুৱা বোলে।

25. উদাহৰণৰ সহায়ত দ্রব্য আৰু সেৱা কাক বোলে লিখা।
উত্তৰঃ- মানুহৰ অভাৱ পূৰণ কৰিব পৰা আৱয়বিক আৰু স্পর্শ কৰিব পৰা বস্তু বা সামগ্রীক দ্রব্য বোলে। যেনে—বেজি, গাড়ী।
    যিবোৰ বস্তুৰ দ্বাৰা মানুহৰ অভাৱ পূৰণ হয় কিন্তু তাক হাতেৰে স্পৰ্শ কৰিব নোৱাৰি তাকে সেৱা বুলি কোৱা হয়। যেনে—আইন সেৱা।

26. সমাজ বাদী অর্থনীতিৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা।
উত্তৰঃ- সমাজবাদী অর্থনীতিৰ দুটা সুবিধা হ'ল—
(১) এই অর্থনীতিয়ে দেশত আয় আৰু সম্পদৰ সমতা স্থাপন কৰে।
(২) ইয়াত পৰিকল্পিতভাৱে সম্পদৰ বিতৰণ কৰিব পৰা যায়।
    সমাজবাদী অর্থনীতিৰ দুটা অসুবিধা হ'ল
(১) সমাজবাদী অর্থনীতিত ব্যক্তিগত অর্থনৈতিক স্বাধীনতা নাথাকে বাবে প্রতিযোগিতা নাথাকে। সেয়ে উৎপাদন আৰু দক্ষতা বৃদ্ধিৰ অন্তৰায় হয়।
(২) দক্ষতাহীন চৰকাৰী বিষয়াসকলে পৰিকল্পিত কাম কৃতকার্যতাৰে সম্পাদন কৰোতে অনীহা প্রকাশ কৰে। ফলত আকাংক্ষিত সেৱাৰ পৰা বঞ্চিত হ'ব লগা হয়।

27. মুক্ত অর্থনীতিৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা।
উত্তৰঃ- মুক্ত অর্থনীতিৰ সুবিধা দুটা হ'ল—
(১) মুক্ত অর্থনীতিত সীমিত সম্পদৰ সর্বোত্তম ব্যৱহাৰৰ সুবিধা থাকে।
(২) কম ব্যয়ত অধিক উৎপাদন আশা কৰা হয়।
মুক্ত অর্থনীতিৰ অসুবিধা দুটা হ'ল- (১) মুক্ত অর্থনীতি হৈছে পুঁজিবাদী অর্থনীতি। সেয়ে এই অর্থনীতিত সম্পদ আৰু আয় বিতৰণত বৈষম্যৰ সৃষ্টি হয়।
(২) উৎপাদনকাৰীসকলৰ মাজত তীব্র প্রতিযোগিতা হয় বাবে পুঁজিৰ এটা বৃহৎ অংশ প্ৰচাৰ আৰু বিজ্ঞাপনৰ দৰে ক্ষেত্ৰত পুঁজিৰ খৰচ হৈ অপব্যয় হয়।

28. মিশ্র অর্থনীতিৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা।
উত্তৰঃ- পুঁজিবাদ আৰু সমাজবাদী অর্থনীতিৰ সংমিশ্ৰণত গঢ় লোৱা অর্থনীতিক মিশ্র অর্থনীতি বোলে।
    মিশ্র অর্থনীতিৰ সুবিধাসমূহ হ'ল
(১) মিশ্র অর্থনীতিয়ে গণতান্ত্রিকভাৱে পৰিকল্পনা গ্রহণ কৰাত সহায় কৰে।
(২) মিশ্র অর্থনীতিত ব্যক্তিগত উদ্যম, স্বার্থ আৰু লাভ অর্জনৰ সুবিধা থাকে।
(৩) ই আয় আৰু সম্পদৰ সমস্যা সমাধানত গুৰুত্ব দিয়ে আৰু জীৱন নির্বাহৰ মান উন্নত কৰাত সহায় কৰে।
(৪) ৰাজহুৱাস্বার্থৰ বাবে চৰকাৰে সাধাৰণ সম্পত্তিৰ ওপৰত নিয়ন্ত্রণ কৰিব পাৰে।
    মিশ্র অর্থনীতিৰ অসুবিধাসমূহ হ'ল
(১) এই অর্থনীতিক বেচৰকাৰী খণ্ডই নিজস্ব লাভ অর্জন কৰিবলৈ ৰাজহুৱা খণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। সেই বাবে ব্যক্তিগত উদ্যম হ্রাস পোৱাৰ সম্ভাৱনা থাকে।
(২) মুদ্রাস্ফীতিৰ সময়ত আয় আৰু সম্পদৰ বৈষম্যৰ সৃষ্টি কৰে।
(৩) মিশ্র অর্থনীতি দীর্ঘকালৰ বাবে একেদৰে নাথাকি সমাজবাদলৈ বা পুঁজিবাদলৈ ৰূপান্তৰ হ'ব পাৰে।

29.  ইতিবাচক আৰু আদৰ্শগত অর্থনৈতিক বিশ্লেষণ কাক বোলে লিখা। যথার্থ আৰু আদৰ্শগত অর্থ বিজ্ঞানৰ পার্থক্য লিখা। HS-2015
উত্তৰঃ- অর্থনৈতিক প্রক্রিয়াসমূহ কি বা কেনেধৰণে কার্যকৰী হয় তাৰ আলোচনা কৰাটোৱেই হৈছে ইতিবাচক বা যথার্থ অর্থনৈতিক বিশ্লেষণ।
    অর্থনৈতিক প্রক্রিয়াসমূহৰ মূল্যায়ন বা এই প্রক্রিয়াবোৰ সমাজৰ স্বাৰ্থত ব্যৱহাৰ হয়নে নহয় তাৰ আলোচনা আগবঢ়োৱাটোৱেই হৈছে আদর্শগত অর্থনৈতিক বিশ্লেষণ।
    তলত ইহঁতৰ মাজত থকা পার্থক্যসমূহ উল্লেখ কৰা হ'ল—
(১) ইতিবাচক বা যথার্থ অর্থনৈতিক বিশ্লেষণে অর্থনৈতিক কার্যক্রম কি ধৰণে কার্যকৰী কৰা হয় তাৰ আলোচনা কৰে। আনহাতে, আদর্শগত অর্থনৈতিক বিশ্লেষণত উল্লেখিত কার্যক্রম উচিত হয়নে নহয় তাৰ বিচাৰ কৰে।
(২) ইতিবাচক অর্থনীতিৰ ভিত্তি হ'ল অর্থনৈতিক প্রক্রিয়াৰ কার্যকৰণ। আনহাতে, আদর্শগত অর্থনীতিৰ ভিত্তি হৈছে নৈতিকতা।
(৩) ইতিবাচক অর্থনীতি অর্থবিজ্ঞানৰ এটা যথার্থ বিষয়। আনহাতে, আদর্শগত অর্থনীতি হৈছে এটা আদর্শগত বিষয়।
(৪) ইতিবাচক অর্থনীতিত অর্থনৈতিক লক্ষ্যসমূহ নিৰপেক্ষ আনহাতে আদর্শগত অর্থনীতিত এইবোৰ লক্ষ্যৰ মূল্যায়ন কৰা হয়।

30. ব্যষ্টিবাদী অর্থনীতিৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ- ব্যষ্টিবাদী অর্থনীতিৰ গুৰুত্ব তলত উল্লেখ কৰা হ'ল—
(১) ব্যষ্টিবাদী অর্থনীতিয়ে অর্থনৈতিক কেন্দ্রীয় সমস্যাবোৰ নির্ধৰণ কৰি অর্থনৈতিক সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰে।
(২) এই অর্থনীতিয়ে উৎপাদন দক্ষতা আৰু অর্থনৈতিক কল্যাণ বৃদ্ধিৰ বাবে অর্থনৈতিক নীতিসমূহৰ সূত্ৰ আগবঢ়োৱাত সহায় কৰে।
(৩) বাণিজ্যিক লাভা-লাভ, বৈদেশিক লেনদেন, আন্তর্জাতিক মুদ্রা বিনিময়ৰ হাৰ ইত্যাদিৰ ক্ষেত্ৰত ব্যষ্টিবাদী অর্থনীতিত বিশেষ প্রভাৱ আছে।
(৪) ই চৰকাৰক প্রকৃত মূল্য নীতি নির্ধাৰণ কৰাত সহায় কৰাৰ লগতে অর্থনীতিবিদসকলক ব্যৱসায় সংক্ৰাৰ আগজাননী দিয়ে।

31. ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতিৰ মাজত থকা পার্থক্যসমূহ আলোচনা কৰা।
উত্তৰঃ- ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতি হৈছে পৰম্পৰাগত অর্থনীতিৰ দুটা ভাগ। ইয়াৰ মাজত থকা পার্থক্য হৈছে-
(১) ব্যষ্টিবাদী অর্থনীতিয়ে ব্যক্তি প্রতিনিধিবোৰৰ অর্থনৈতিক আচৰণ অধ্যয়ন কৰে।
    কিন্তু সমষ্টিবাদী অর্থনীতিয়ে সমাজৰ সমষ্টিগত অর্থাৎ মুঠ হিচাপত অর্থনৈতিক বিষয়সমূহ আলোচনা কৰে।
(২) চাহিদাৰ দিশৰ পৰা চালে ব্যষ্টিবাদী অর্থনীতিৰ মূল উদ্দেশ্য হৈছে উপভোক্তাৰ তৃপ্তি বা সন্তুষ্টি।
    আনহাতে, সমষ্টিবাদী অর্থনীতিৰ উদ্দেশ্য হৈছে দেশ এখনৰ অর্থনৈতিক ভাৰসাম্য বজাই ৰখা আৰু ইয়াৰ বাবে নীতি নির্ধাৰণৰ ব্যৱস্থা সম্পর্কে আলোচনা কৰা।
(৩) ব্যষ্টিবাদী অর্থনীতিৰ ভিত্তি হৈছে দৰ। এই দৰ দ্ৰব্যৰ চাহিদা আৰু যোগান ব্যক্তিসকলৰ ক্রিয়া-প্রতিক্রিয়াৰ দ্বাৰা নির্ণয় কৰা হয়।
    আনহাতে, সমষ্টিবাদী অর্থনীতিৰ ভিত্তি হৈছে মুঠ চাহিদা আৰু মুঠ যোগানৰ ভিত্তিত নির্ণয় কৰা জাতীয় আয়, জাতীয় উৎপাদন, পূর্ণ নিয়োগ আদি।
(৪) ব্যষ্টিবাদী অর্থনীতিত কোনো এটা অর্থনৈতিক চলকৰ কোনো হ্রস্বকালীন ভাৰসাম্যতা বিচাৰ কৰা হয়। আনহাতে, সমষ্টিবাদী অর্থনীতিত এটা চলকৰ দীর্ঘকালীন ভাৰসাম্যতাৰ কথা বিচাৰ কৰা হয়।।

32. প্রান্তীয় সুযোগ ব্যয়ৰ সংজ্ঞা দিয়া।
উত্তৰঃ- কোনো এবিধ দ্রব্য উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰাৰ সময়ত আন দ্রব্যৰ উৎপাদনৰ পৰিমাণ যি হাৰত কমাবলগীয়া হয় সেইটোৱেই হৈছে প্রথম দ্রব্যটোৰ প্ৰান্তীয় সুযোগ ব্যয়।


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, MIL Assamese, Swadesh Adhyayan.

Previous
Next Post »