-->

Class 12 Economics: Income Determination । আয় নির্ধাৰণ

Class 12 Economics, Income Determination । আয় নির্ধাৰণ


ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অৰ্থবিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমৰ "আয় নির্ধাৰণ"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
Class 12 Economics "Income Determination" Question and Answer Assam | HS 2nd Year Economics Question and Answer Assam | HS 2nd Year Economics Suggestion and Notes Solution Assam.


1. শুদ্ধ অংশটো বাছি উলিওৱাঃ-
(ক) অতিৰিক্ত আয়ৰ প্ৰতিলৈ অতিৰিক্ত উপভোগৰ অনুপাতিক কোৱা হয় _____।        HS-2013
(প্রান্তিক সঞ্চয় প্রৱণতা/প্রান্তিক উপভোগ প্ৰৱণতা/ প্রান্তিক আয়)।
উত্তৰঃ- প্রান্তিক সঞ্চয় প্রৱণতা।
(খ) সঠিক আয়েৰে অতিৰিক্ত উপভোগৰ অনুপাতক কোৱা হয় _____।
উত্তৰঃ- তাৰ প্রতি প্রান্তিক আসক্তি।

2. সৰ্বমুঠ চাহিদাৰ উপাদান কেইটা কি কি?
উত্তৰঃ- সৰ্বমুঠ চাহিদাৰ মূল উপাদান কেইটা হ'ল– (ক) পৰিয়ালৰ ভোগকাৰ্যৰ বাবদ হোৱা ব্যয় (C) (খ) বিনিয়োগ ব্যয় (I) (গ) চৰকাৰী ব্যয় (G) আৰু (ঘ) শুদ্ধ ৰপ্তানৰি পৰিমাণ (X-M) গতিকে AD=C+I+G+(X-M)।

3. সৰ্বমুঠ যোগান আৰু জাতীয় আয়ৰ সম্পৰ্কটো লিখা।
উত্তৰঃ- সৰ্বমুঠ যোগান হ'ল এক নির্দিষ্ট সময়ৰ ভিতৰত উপলব্ধ মুঠ উৎপাদনৰ মূল্য। অর্থাৎ সর্বমুঠ যোগান দেশখনৰ জাতীয় আয়ৰ সূচক। গতিকে AS=Y, য'ত AS হ'ল সৰ্বমুঠ যোগান আৰু Y হ'ল জাতীয় আয়ৰ পৰিমাণ।

4. বিনিয়োগ কার্য কি?
উত্তৰঃ- যি কাৰ্যৰ দ্বাৰা নতুন উৎপাদক সামগ্ৰীৰ সৃষ্টি হয় তাকে বিনিয়োগ কার্য বোলে।

5. সামগ্রীক চাহিদাই কি বুজায়?
উত্তৰঃ- অর্থনীতিত এটা বছৰত সৰ্বমুঠ দ্ৰব্য আৰু সেৱাৰ মুঠ চাহিদাৰ সামগ্ৰীক চাহিদা বোলে। অর্থাৎ এক নির্দিষ্ট পৰিমাণৰ শ্রমিক নিয়োগ কৰি যি পৰিমাণৰ দ্রব্য উৎপাদন হয়, সেই দ্রব্য বিক্ৰী কৰি উদ্যোক্তাই যি আয় আহৰণৰ আশা কৰে সেই প্রত্যাশিত আয়ক সামগ্রীক চাহিদা বুলি কোৱা হয়।
AD = C+I AD = সামগ্রীক চাহিদা
    C = ভোগ।
    I = বিনিয়োগ।

6. এটা অর্থ ব্যৱস্থাত যদি প্রান্তিক সঞ্চয় প্রৱণতা, 0.3। আয় গুণক নির্ণয় কৰা।    HS-2017
উত্তৰঃ- আয় গুণক

7. বিনিয়োগ গুণকৰ সর্বোচ্চ আৰু সর্বনিম্ন মান কি?
উত্তৰঃ- সর্বোচ্চ মান অসীম আৰু সর্বনিম্ন মান ১।

8. বিনিয়োগ গুণকৰ সংজ্ঞা দিয়া?     HS-2014, 2019
উত্তৰঃ- সামগ্ৰীক আয়ৰ পৰিৱৰ্তন আৰু বিনিয়োগৰ পৰিৱৰ্তনৰ অনুপাতক বিনিয়োগ গুণক বুলি কোৱা হয়। অর্থাৎ প্রান্তিক ভোগ স্পৃহাৰ মূল্য বৃদ্ধিৰ লগে লগে বিনিয়োগ গুণকৰ মূল্য বৃদ্ধি হয়।

9. ভাৰাসম্য আয় কিদৰে নিৰ্ধাৰিত হয়?
উত্তৰঃ- সৰ্বমুঠ চাহিদা আৰু সৰ্বমুঠ যোগান সমান হোৱা অৱস্থাত ভাৰসাম্য আয় নির্ধাৰিত হয় ইয়াত পৰিকল্পিত সঞ্চয় পৰিকল্পিত বিনিয়োগৰ সমান সমান হয়।

10. প্রান্তিক সঞ্চয় প্রৱণতা কি?    HS-2014
উত্তৰঃ- আয়ৰ প্রতি একক বৃদ্ধিত সঞ্চয়ৰ যি বৃদ্ধি হয় তাক প্রান্তিক সঞ্চয় প্রৱণতা বোলে।
গাণিতিভাৱে- MPS= ∆ S/ ∆ Y
ইয়াত MPS = প্রান্তিক সঞ্চয় প্রৱণতা
   ∆ S = সঞ্চয়ৰ পৰিৱর্তন
   ∆ Y = আয়ৰ পৰিৱৰ্তন

11. বিনিয়োগ চাহিদা ফলনৰ অর্থ প্রকাশ কৰা।
উত্তৰঃ- বিনিয়োগ চাহিদা আৰু সুদৰ হাৰৰ মাজৰ সম্পর্ক হৈছে বিনিয়োগ চাহিদা ফলন।

12. উপভোগ ফলন কি?
উত্তৰঃ- উপভোগ আৰু উপাৰ্জনৰ মাজৰ ফলনীয় সম্পর্কই হৈছে উপভোগ ফলন।

13. যদি প্রান্তিক উপভোগ প্রৱণতা, 0.9, তেন্তে আয় গুণকৰ মান উলিওৱা।    HS-2015
উত্তৰঃ- দিয়া আছে প্রান্তিক উপভোগ প্রৱণতা MPC=0.9

 

14. পূর্ণ নিয়োগকালীন ভাৰসাম্য অৱস্থা বুলিলে কি বুজা?
উত্তৰঃ- পূর্ণ নিয়োগকালীন ভাৰসাম্য অৱস্থাই এনে এক ভাৰসাম্য অৱস্থাক বুজায় য'ত অর্থনীতিৰ সমুদায় সম্পদ পূৰ্ণভাৱে নিয়োজিত হৈ থাকে।

15. ভাৰসাম্য সৰ্বমুঠ যোগান আৰু সৰ্বমুঠ চাহিদা কিদৰে নিৰ্ধাৰিত হয়?
উত্তৰঃ- যি বিন্দুত সৰ্বমুঠ যোগান আৰু সৰ্বমুঠ চাহিদা সমান সমান হয়, সেই বিন্দুতে ভাৰসাম্য সৰ্বমুঠ যোগান আৰু ভাৰসাম্য সৰ্বমুঠ চাহিদা নির্ধাৰণ হয়।

16. আয় আৰু নিয়োগ নিৰ্দ্ধাৰণৰ প্ৰসঙ্গত অতিৰিক্ত চাহিদাৰ সংজ্ঞা দিয়া।     HS-2018
উত্তৰঃ- অতিৰিক্ত চাহিদা হৈছে এনে এক চাহিদা যি অৱস্থাত এক নির্দিষ্ট দামত বজাৰ চাহিদা, বজাৰ যোগানতকৈ বেছি হয়। এনে অৱস্থাই দ্ৰব্যৰ বজাৰ দাম বৃদ্ধিত অৰিহণা যোগায়। আনফালে নিয়োগ আৰু আয়ৰ পৰিমাণ বৃদ্ধি হয়।

17. প্রত্যাশিত বিনিয়োগ কি ব্যাখ্যা কৰা।     HS-2013
উত্তৰঃ- প্রত্যাশিত বিনিয়োগ হ'ল পৰিকল্পিত বিনিয়োগ। উৎপাদনকাৰী এজনে তেওঁৰ দ্ৰব্যৰ মজুত যি পৰিমাণে বৃদ্ধি কৰিবলৈ পৰিকল্পনা কৰে ঠিক সেই পৰিমাণে মজুত বৃদ্ধি নহ'বও পাৰে। উৎপাদনকাৰীৰ বাবে প্রকৃত বিনিয়োগ আৰু পৰিকল্পিত বিনিয়োগ একে নহ'বও পাৰে। উদাহৰণ X দ্রব্যৰ উৎপাদনকাৰী এজনে বছৰৰ শেষত 2000 টকস মূল্যৰ দ্ৰব্য মুঠ মজুতলৈ সংযোজন কৰিবলৈ পৰিকল্পনা কৰিছিল। কিন্তু অপ্রত্যাশিতভাৱে তেওঁৰ দ্ৰব্যটোৰ চাহিদা বৃদ্ধি পোৱাত তেওঁৰ মজুতৰ পৰাও 500 টকা মূল্যৰ দ্রব্য বিক্ৰী কৰিব লগা হয় গতিকে বছৰত তেওঁৰ মজুত বৃদ্ধি পালে (Rs. 2000- Rs. 500=Rs.1500) টকা। উৎপাদনকাৰীজনৰ পৰিকল্পিত বা প্রত্যাশিত বিনিয়োগ আছিল 2000 টকা প্রকৃততে বিনিয়োগ হ'ল 1500 টকা। তেওঁৰ প্রত্যাশিত বিনিয়োগে বিনিয়োগৰ সম্ভাব্য মান সূচায়।

18. প্রত্যাশিত আৰু প্ৰকৃত (শেহান্ত) বিনিয়োগৰ মাজৰ পার্থক্য কি?*    HS-2018, 2022
উত্তৰঃ- 
 আয়ত্তৰৰ ওপৰত নিৰ্ভৰ কৰা বিনিয়োগকে প্রত্যাশিত বিনিয়োগ বা পৰিকল্পিত বিনিয়োগ বোলে। প্রত্যাশিক বিনিয়োগ হৈছে বিনিয়োগৰ এটা সম্ভাব্য মান হে। আনহাতে প্রকৃত (শেহান্ত) বিনিয়োগ হ'ল উপভোগ, বিনিয়োগ, মুঠ উত্‍পাদন ইত্যাদিবোৰৰ সম্ভাব্য মান হে।

19. উপভোগৰ খৰচ কি?
উত্তৰঃ- এটা অর্থনীতিত পৰিয়ালৰ সকলো ব্যক্তিগত উপভোগৰ উদ্দেশ্যে দ্রব্য সেৱা ক্ৰয় কৰাত হোৱা মুঠ ব্যয়ক 'উপভোগ ব্যয়' বোলে।

20. স্বতন্ত্র বিনিয়োগ আৰু অভিপ্রেত বিনিয়োগৰ পার্থক্য লিখা।  HS-2013, 2016, 2022
উত্তৰঃ- স্বতন্ত্র বিনিয়োগ আয়ৰ পৰিৱর্তনৰ লগত পৰিৱৰ্তন নহয় গতিকে ই আয়ৰ ওপৰত নিৰ্ভৰশীল নহয়। ব্যয়ৰ স্তৰ যিমানেই নহওক ই সদায় এক স্থিৰ পৰিমাণক বুজায়। স্বতন্ত্র বিনিয়োগ সাধাৰণতে চৰকাৰী খণ্ডৰ হয়। ই ৰাজহুৱা দ্ৰব্যৰ আৱশ্যকতা, দেশৰ জনসংখ্যাৰ পৰিৱর্তন, চৰকাৰৰ সমাজ কল্যাণৰ লক্ষ্য আদিৰ ওপৰত স্বতন্ত্র বিনিয়োগ নিৰ্ভৰ কৰে। স্বতন্ত্র, বিনিয়োগ ৰেখা আনুভূমিক আকৃতিৰ। আনহাতে, উৎপাদন, আয়, মজুৰি, বিক্রী, মুনাফা আদিৰ দ্বাৰা প্ৰভাৱিত হোৱা বিনিয়োগেই হৈছে অভিপ্রেত বিনিয়োগ। ব্যক্তিগত খণ্ডৰ বিনিয়োগ সাধাৰণতে অভিপ্রেত বিনিয়োগ। দেশৰ জাতীয় আয় বৃদ্ধি পালে অভিপ্রেত বিনিয়োগ বৃদ্ধি পায়। অভিপ্রেত বিনিয়োগ ৰেখাডাল এডাল উর্ধগামী হয়। ই নিৰ্ভৰ কৰে বিনিয়োগ প্রান্তিক দক্ষতা আৰু সুদৰ হাৰৰ ওপৰত।

22. এখন অর্থনীতিৰ অত্যধিক চাহিদাৰ সমস্যা সমাধান কৰাৰ বাবে যিকোনো দুটা ৰাজকোষীয় ব্যৱস্থা ব্যাখ্যা কৰা। HS-2019
উত্তৰঃ- (১) ৰাজেকোষীয় নীতিৰ আয়, ব্যয়ৰ জৰিয়তে চৰকাৰী কাম-কাজ যেনে- ৰাস্তা-ঘাট, বিজুলী, জলসিঞ্চন ইত্যাদিত জনসাধাৰণৰ উপার্জন কার্যই দ্রব্যসামগ্ৰীৰ অতিৰিক্ত চাহিদা কমাব পাৰি।
(২) মুদ্রানীতিৰ জৰিয়তে মুদ্রা আৰু ঋণৰ যোগান কমাই অতিৰিক্ত চাহিদা কমাব পাৰি।

23. এখন অর্থনীতিত MPCৰ মান 0.4| অর্থনীতিখনত নতুনকৈ 500 কোটি টকা আয় প্রবাহিত কৰাৰ বাবে কি পৰিমাণৰ নতুন বিনিয়োগৰ প্ৰয়োজন হ'ব।     HS-2019
উত্তৰঃ- ∆ y = 500 কোটি
MPC=0.4

 

24. যদি 200 কোটি নতুন বিনিয়োগৰ (1) ফলস্বৰূপে এটি অর্থব্যৱস্থাৰ জাতীয় আয় 1,000 কোটি বৃদ্ধি পায় তেন্তে (i) MPC, আৰু (ii) গুণক (K)ৰ মান নির্ণয় কৰা।    HS-2016
উত্তৰঃ- 

25. প্রত্যাশিত উপভোগ।
উত্তৰঃ- প্রতিজন উপভোক্তাই নিজৰ আয়ৰ এটা অংশ উপভোগ কৰা কার্যত খৰচ কৰে। এনে ব্যয় ব্যক্তিজনৰ এটা পৰিকল্পিত ব্যয় আৰু ইয়াৰ বাবে তেওঁ পূর্বতেই সকলো সিদ্ধান্ত কৰি ৰাখে। আকৌ উপভোগ ব্যয়ৰ বাকী অংশ সঞ্চয় কার্যত খটুৱায়। এনেদৰে ব্যক্তিজনে পৰিকল্পিতভাৱে ভোগ কৰা কার্যত আয়ৰ মুঠ পৰিমাণৰ পৰা তেওঁৰ সঞ্চয়ৰ অংশ বাদ দি যি অংশ পোৱা যায় তাক প্রত্যাশিত উপভোগ বুলি কোৱা হয়।

26. প্রান্তিক উপভোগ প্ৰৱণতা আৰু প্রান্তিক সঞ্চয় প্ৰৱণতাৰ মাজৰ পার্থক্য নির্ণয় কৰা।     HS-2016, HS-2022
উত্তৰঃ- প্রান্তিক সঞ্চয় প্রৱণতাই জাতীয় আয়ৰ পৰিৱর্তনৰ লগত সঞ্চয়ৰ হাৰত পৰিৱৰ্তনৰ নির্দেশ কৰে। ই হৈছে আয় পৰিৱর্তনৰ লগত সঞ্চয়ৰ পৰিৱর্তনৰ অনুপাত। 

                                                ∆ y = আয়ৰ পৰিৱৰ্তন

        আনহাতে, সামগ্রিক আয় স্তৰৰ পৰিৱর্তনৰ লগত সামগ্রিক উপভোগ স্তৰৰ পৰিৱর্তনৰ অনুপাতেই হৈছে প্রান্তিক উপভোগ প্রৱণতা। PC আৰু MPSৰ সম্পৰ্কটো হ’ল MPC+MPS=1, MPC ধনাত্মক আৰু 1তকৈ সৰু হোৱাৰ দৰে MPS ধনাত্মক আৰু 1 তকৈ সৰু। গতিকে আমি 1ৰ পৰা MPC বিয়োগ কৰিলে MPS পাব পাৰো। অর্থাৎ 1MPC=MPS.

27. স্বতন্ত্র বিনিয়োগ আৰু ভোগ ব্যয় (Ā) Rs. 50 কোটি, প্রান্তিক সঞ্চয় প্ৰৱণতা 0.2 আৰু আয় স্তৰ (Y) Rs.4,000 কোটি হ'লে প্রত্যাশিত সামগ্রিক চাহিদাৰ পৰিমাণ কিমান হ'ব উলিওৱা। এনে অৱস্থাত অর্থনীতি ভাৰসাম্যত আছেনে? কাৰণ দশোৱা।     HS-2018
উত্তৰঃ- সমাধান (i) প্রত্যাশিত মুঠ বা সামগ্রিক চাহিদা (AD)। সমীকৰণটো হৈছে, AD= Ā +CY--------(a)। এতিয়া সমীকৰণ (a)ত প্রদত্ত মানবোৰ প্ৰতিষ্ঠাপন কৰি—
AD=Ā+CY
= 50+0.2(4000)
= 850 কোটি টকা। অর্থাৎ প্রত্যাশিত চাহিদাৰ মান বা স্তৰ 850 কোটি টকা।
    এতিয়া ইয়াক প্রত্যাশিত যোগান Y=4000 কোটি টকাৰ লগত তুলনা কৰিলে দেখা যায় যে অর্থব্যৱস্থাটো ভাৰসাম্য অৱস্থাত নাই। যিহেতু প্রত্যাশিত যোগান (4000 কোটি টকা) প্রত্যাশিত চাহিদাতকৈ (850 কোটি টকাতকৈ) অধিক। আমি জানো যে এটা ভাৰসাম্য অর্থব্যৱস্থাত থাকিবলৈ হ'লে প্রত্যাশিত যোগান প্রত্যাশিত চাহিদাৰ সমান হ'ব লাগিব।

28. বিনিয়োগ চাহিদাৰ নিৰ্ধাৰকবোৰ কি কি? ব্যাখ্য কৰা।     HS-2013
উত্তৰঃ- বিনিয়োগ চাহিদাৰ নিৰ্ধাৰক দুটামান তলত ব্যাখ্যা কৰা হ'ল-
(১) বিনিয়োগ ব্যয়ঃ- সকলো ধৰণৰ বিনিয়োগৰ বাবে পুঁজিৰ প্রয়োজন হয়। উৎপাদন কার্যত বিনিয়োগৰ বাবে পুঁজিৰ দৰকাৰ হয়। উৎপাদন কার্যত বিনিয়োগৰ বাবে প্রয়োজনীয় পুঁজি বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হয়। সাধাৰণতে পুঁজিসমূহ ঋণ হিচাপে লোৱা হয়। ঋণৰ বাবদ সুদ পৰিশোধ কৰিবলগীয়া হয়। এই সুদ বিনিয়োগ ব্যয়ত অন্তর্ভুক্ত থাকে।
(২) ব্যৱসায়িক প্রত্যাশাঃ- কোনো বিনিয়োগ কৰিবলৈ যাওঁতে উৎপাদন প্রতিষ্ঠানসমূহে ভৱিষ্যত সম্পর্কে অনুমান কৰিব লাগে। গতিকে ভৱিষ্যতে কি ঘটিব সেই বিষয়ে উদ্যোক্তাই কৰা অনুমানৰ ওপৰতো বিনিযোগৰ চাহিদা নির্ভৰ কৰে। ব্যৱসায়ত বার্ষিক নিগুট ধনাত্মক হ'লেও বিনিয়োগ লাভজনক হয়। সাধাৰণতে উদ্যোক্তাই লাভজনক প্রকল্পসমূহতহে বিনিয়োগ কৰিবলৈ বিচাৰে। আকৌ সুদৰ হাৰ বৃদ্ধি পালে বার্ষিক নিগুট লাভ হ্রাস হয়।

29. এটি অর্থব্যৱস্থাত জাতীয় আয় 1,000 কোটি টকা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। MPC=0.6 হ'লে উক্ত লক্ষ্যত উপনীত হ'বলৈ বিনিয়োগ কিমান পৰিমাণে বৃদ্ধি হ'ব লাগিব?    HS-2017
উত্তৰঃ- দিয়া আছে,  ∆ y=1,000 কোটি
        MPC=0.6


30. সামগ্ৰীৰ সামগ্ৰীক চাহিদাৰ উপাদানবোৰ কি কি? চমুকৈ ব্যাখ্যা কৰা। HS-2013
উত্তৰঃ- চাহিদা বুলিলে কোনো সামগ্ৰীৰ প্ৰতি থকা আকর্ষণ বা প্রয়োজনীয়তাক সূচায়। চাহিদাৰ কেইটামান উপাদান তলত উল্লেখ কৰা হ'ল-
(১) ব্যক্তিগত উপভোগ চাহিদাঃ- ব্যক্তিগত উপভোগ চাহিদাই ঘৰুৱা খণ্ডৰ ক্রয় ক্ষমতা আৰু ক্ৰয় কৰিবলৈ ইচ্ছা প্রকাশ কৰাৰ দ্ৰব্য আৰু সেৱাৰ মানক বুজায়।
(২) ব্যক্তিগত বিনিয়োগ চাহিদাঃ- ব্যক্তিগত উদ্যোগ প্রতিষ্ঠানত ব্যৱহৃত বিভিন্ন যন্ত্রপাতি, গৃহ, কেঁচামাল আদিত পৰিকল্পিতভাৱে কৰা ব্যয়ক ব্যক্তিগত চাহিদা বোলে। এই বিনিয়োগত কোনো চলিত উৎপাদনেই নহয়। পৰিকল্পিতভাৱে উৎপাদন বৃদ্ধিৰ লক্ষ্য ৰখা হয়। ই দুই প্রকাৰৰ- স্বতন্ত্র বিনিয়োগ আৰু অভিপ্রেত বিনিয়োগ।
(৩) দ্ৰব্য আৰু সেৱাৰ প্ৰতি চৰকাৰী চাহিদাঃ- দেশৰ জনসাধাৰণৰ অভাৱ পূৰণৰ বাবে উপভোগ্য আৰু মূলধনী দ্রব্যত চৰকাৰৰ পৰিকল্পিত ব্যয়কে দ্ৰব্য আৰু সেৱাৰ প্রতি চৰকাৰী চাহিদা বোলে। চৰকাৰে জনসাধাৰণৰ সেৱাৰ বাবে স্থাপিত কৰা বিদ্যালয়, পৰিবহণ ব্যৱস্থা, চিকিৎসালয়, ৰাস্তা-ঘাট আদিত কৰা ব্যয়ক এই চাহিদাই সামৰি লয়।
(৪) নিগুট ৰপ্তানি চাহিদাঃ- দেশ এখনে বিদেশী দ্রব্য আৰু সেৱাৰ প্ৰতি কৰা চাহিদাৰ ওপৰত অন্য দেশে সেই দেশখনৰ দ্রব্য আৰু সেৱাৰ প্রতি কৰা চাহিদাৰ অতিৰিক্ত খিনিকে নিগুট ৰপ্তানি চাহিদা বোলা হয়। এই চাহিদা বৈদেশিক বিনিময় হাৰ, বাণিজ্য নীতি, পৰিশোধৰ সমতাৰ অৱস্থানৰ ওপৰত নিৰ্ভৰশীল।
    নিগুট ৰপ্তানি চাহিদা = ৰপ্তানি - আমদানি।

31. সামগ্রীক যোগান কি? HS-2013, 2016 সামগ্রীক যোগানৰ দুটা উপাদন চমুকৈ লিখা।
উত্তৰঃ- এক নির্দিষ্ট সময়ৰ ভিতৰত এখন দেশত ক্ৰয় কৰা বাবে যিবিলাক সামগ্রী বা সেৱাৰ মুঠ যোগান উপলব্ধ হয় তেনে সামগ্রী বা সেৱাৰ মুদ্রাগত মানেই হ'ল সামগ্রীক যোগান। সামগ্রীক যোগানৰ প্রধান উপাদান দুটা হৈছে—
(১) উপভোগ ব্যয়ঃ- উপভোগ ব্যয় হৈছে এটা অর্থনীতিত প্ৰতিটো পৰিয়াল তথা ব্যক্তিয়ে উপভোগৰ বাবে প্রয়োজন হোৱা সামগ্রী বা সেৱাত যি ক্রয় কৰে তাৰ মুঠ ব্যয়।
(২) সঞ্চয়ঃ- সকলোৰে আয়ৰ এক বৃহৎ অংশ দ্ৰব্য আৰু সেৱাৰ উপভোগত ব্যয় হয় আৰু বাকী থকা অংশটো ভৱিষ্যতৰ বাবে সঞ্চয় কৰা হয়।
সঞ্চয় = সামগ্রীক যোগান উপভোগ ব্যয়।

32. এটা অর্থব্যৱস্থাত স্বতন্ত্র ভোগৰ পৰিমাণ 500 কোটি টকা আৰু মুঠ ব্যক্তিগত ব্যয়যোগ্য আয় 5000 কোটি টকা। প্রান্তিক ভোগ প্রৱণতা 0.8 হ'লে, অর্থব্যৱস্থাটোত সামগ্রিক ভোগৰ পৰিমাণ গণনা কৰা। HS-2018
উত্তৰঃ- সমাধান – উপভোগ স্তৰ = Ĉ +by+I...(i)
এতিয়া Y=C+I y=Income= Rs. 5000 কোটি c=Consumption=Rs.500 কোটি
= আনহাতে MPC=0.8
যদি C=500 হয় - I=Investment
তেতিয়া I হ'ব।
Y=C+I
5000=500+I
⇒ 5000-500=I
⇒ 4500=I or
I=4500 কোটি টকা
এতিয়া (I)ৰ মান উপভোগ স্তৰ সমীকৰণ (i)ত বহুৱাই উপভোগ স্তৰ = Ĉ +by+I
= 500+(0.8).5000+4500
=500+4000+4500
=9000 কোটি টকা 


33. সামগ্রিক চাহিদাৰ উপাদানসমূহ চমুকৈ ব্যাখ্যা কৰা। HS-2022

উত্তৰঃ- সামগ্রিক চাহিদাৰ উপাদানসমূহ হ'ল-

(ক) ব্যক্তিগত উপভোগ চাহিদাঃ- ঘৰুৱা খণ্ডৰ ক্ৰয় কৰাৰ ক্ষমতা থকা আৰু ক্ৰয় কৰাৰ ইচ্ছা প্রকাশ কৰা দ্ৰব্য আৰু সেৱাৰ মানক ব্যক্তিগত উপভোগ চাহিদা বোলে।

(খ) ব্যক্তিগত বিনিয়োগ চাহিদাঃ- নতুন মূলধনী সম্পত্তিৰ সৃষ্টি আৰু কেঁচামালৰ ওপৰত ব্যক্তিগত উদ্যোগীসকলৰ পৰিকল্পিত ব্যয়কে ব্যক্তিগত বিনিয়োগ চাহিদা বোলে।

(গ) দ্ৰব্য আৰু সেৱাৰ প্রতি চৰকাৰী চাহিদাঃ- সমাজৰ সাধাৰণ অভাৱ পূৰণৰ বাবে উপভোগ্য আৰু মূলধনী দ্রব্যত চৰকাৰৰ পৰিকল্পিত ব্যয়। 

(ঘ) নিগুট ৰপ্তানি চাহিদাঃ- ই ৰপ্তানি আৰু আমদানিৰ পাৰ্থক্যকে বুজায়।


34. গড় উপভোগ প্ৰৱণতা কি?

উত্তৰঃ- এক নিৰ্দিষ্ট্ৰ সময়কালত সামগ্ৰিক আয়ৰ লগত সামগ্ৰিক উপভোগৰ অনুপাতকে গড় উপভোগ প্ৰৱণতা বোলে।


35. গড় সঞ্চয় প্ৰৱণতা কি?

উত্তৰঃ- সামগ্রিক আয় স্তৰৰ পৰিৱর্তনৰ লগত সামগ্রিক উপভোগ স্তৰৰ পৰিৱর্তনৰ অনুপাতেই হৈছে প্রান্তিক উপভোগ প্রৱণতা।


 Syllabus Class 12 Economics 

শাখা-ক (সমষ্টিবাদী অৰ্থনীতি)

1. Macro Economics-Introduction । সমষ্টিবাদী অর্থনীতি : সূচনা

2. CLASS 12 NATIONAL INCOME ACCOUNTING । জাতীয় আয় গণনা

3. MONEY & BANKING । মুদ্রা আৰু বেংক ব্যৱস্থা

4. GOVERNMENT FUNCTIONS AND SCOPE । চৰকাৰী কার্যাৱলী আৰু পৰিসৰ

5. পৰিশোধৰ সমতা

6. OPEN ECONOMY । মুক্ত অর্থনীতি

শাখা-খ  (ভাৰতৰ অৰ্থনৈতিক উন্নয়ন)

1. 0Fপ্ৰাক্‌ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা । INDIAN ECONOMY ON THE EVE OF INDEPENDENCE

2. ভাৰতীয় অৰ্থব্যৱস্থা (১৯৫০-১৯৯০) । INDIAN ECONOMY (1950-1990)

3. উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ । LIBERALISATION, PRIVATISATION & GLOBALIZATION

4. CLASS 12 ECONOMICS: দৰিদ্ৰতা । POVERTY

5. ভাৰতত মানৱ মূলধন গঠন । HUMAN CAPITAL FORMATION IN INDIA

6. CLASS 12 ECONOMICS: গ্ৰাম্য উন্নয়ন । RURAL DEVELOPMENT

7. নিয়োগঃ বৃদ্ধি, আনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় । EMPLOYMENT: GROWTH, INFORMALIZATION & OTHER ISSUES

8. CLASS 12 ECONOMICS: আন্তঃগাঁথনি । INFRASTRUCTURE

9. পৰিৱেশ আৰু বহনক্ষম উন্নয়ন । ENVIRONMENTAL & SUSTAINABLE DEVELOPMENT

10. প্ৰতিৱেশী দেশৰ লগত এটি তুলন । Comparative Experiences with neighbours

11. Goods and Services Tax । পণ্য সামগ্ৰী আৰু সেৱা কৰ


Contact us (whatsapp no-7020477396) for free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Economics. 

Previous
Next Post »