-->

Solved Question Paper on MIL Assamese

District Level Internal Examination Board

Pre-Board Examination, 2022

Time : 3 hours

Class - X

Sub - Assamese (MIL)

Full Marks: 100


Group - A ('ক' বিভাগ )  মূল্যাংক - ৭৫

৫। অতি চমু উত্তৰ লিখা : ১×২=২

(ক) মুছলমান মহিলাই মূৰত ঢাকি লোৱা কাপোৰখনৰ নাম কি?

উত্তৰঃ- হিজাব


(খ) পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে?

উত্তৰঃ- অষ্টম আৰু নৱম শ্ৰেণীত।


নাইবা

লর্ড কার্জন কোন?

উত্তৰঃ- লর্ড কার্জন ব্ৰিটিছ ভাইচৰয় আছিল।


৯। তলৰ প্ৰশ্ন দুটাৰ অতি চমু উত্তৰ লিখাঃ ১×২=২

(ক) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কোনে ৰচনা কৰিছে?

উত্তৰঃ- শ্ৰীশ্ৰীমাধব দেব

নাইবা

"সনক সনন্দ যোগী যাহাক ধিয়ায়।" -সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?

উত্তৰঃ- হৰিক বা কৃষ্ণক।


(খ) আজান ফকিৰৰ আচল নাম কি?

উত্তৰঃ- হজৰত শ্বাহ মিলন।


১৩। ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়?

উত্তৰঃ- বিহগী।



১৬। (ক) তলত দিয়া যিকোনো এটাৰ ব্যাসবাক্য সহ সমাসৰ নাম লিখা : 

পঞ্চাঙ্গুল, বীনাপাণি, গুৰুশিষ্য

উত্তৰঃ- পঞ্চাঙ্গুল - পঞ্চ আঙুলিৰ সমাহাৰ (দ্বিত সমাজ)

বীনাপাণি - বীণা আছে পানিত যাৰ (বহুভ্ৰীহি সমাজ)

গুৰুশিষ্য - গুৰু আৰু শিষ্য (দ্বন্ধ সমাজ)


(খ) তলত দিয়া যিকোনো এটা শব্দৰ সন্ধি ভাঙা :

শীতোষ্ণ, ষড়ানন, সমন্বয়

উত্তৰঃ- শীত + উষ্ণ = শীতোষ্ণ

ষড় + আনন = ষড়ানন

সম্ + অনয় = সমন্বয়


(গ) তলত দিয়া যিকোনো এটা শব্দৰ ‘ণ” বা “ষ' হোৱাৰ কাৰণ লিখা :

ঘণ্টা, চন্দ্রায়ণ, কৃষ্ণ

উত্তৰঃ- ঘণ্টা - ট-বর্গযুক্ত কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য 'ন', মূর্ধণ্য 'ণ' হয়। যেনেঃ ঘণ্টা, অণ্ড, বিষণ্ণ, কণ্টক, পিণ্ড ইত্যাদি।

চন্দ্ৰায়ণ - চন্দ্ৰ শব্দৰ পিছত থকা আয়ন শব্দৰ বাবে 'ন' 'ণ' হৈছে।

কৃষ্ণ - একেটা পদতে থকা আৰু ঋ, ৰ আৰু ষ-ৰ পাছত থকা দন্ত্য 'ন', মূর্ধণ্য 'ণ' হয় যেনেঃ ঋণ, তৃণ, বৰষুণ, বর্ণ, কৃষ্ণ ইত্যাদি।


(ঘ) তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীতার্থক শব্দ লিখা :

আবিৰ্ভাৱ, প্রাচ্য, স্তুতি

উত্তৰঃ- আবিৰ্ভাৱ ~ তিৰোভাৱ, অন্তৰ্ধান [HSLC—2019]

প্ৰাচ্য ~ পাশ্চাত্য, প্ৰতীচ্য [HSLC—2019]

স্তুতি ~ নিন্দা [HSLC—2020]


(ঙ) এটা শব্দত প্ৰকাশ কৰা : (যিকোনো এটা)

ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি, যাক সহজে লাভ কৰিব নোৱাৰি, ঠেং নোহোৱা ভেকুলী পোৱালি

ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি = প্ৰতু্ত্‍পন্নোমতি

যাক সহজে লাভ কৰিব নোৱাৰি = দুৰ্লভ

ঠেং নথকা ভেকুলীৰ পোৱালি = লালুকী


(চ) তলৰ যিকোনো এটা শব্দত কি প্রত্যয় লগ লাগিছে ভাঙি দেখুওৱা : ১

যুঁজাৰু, লিখক, সমজুৱা

উত্তৰঃ- যুঁজাৰু = যুঁজ + আৰু (কৃৎ প্রত্যয়)

লিখক = লিখ + অক (কৃৎ প্রত্যয়)

সমজুৱা = সম + 


(ছ) তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা :

সঁচা কথা কবা, তেতিয়া সকলোৱে মৰম কৰিব

উত্তৰঃ- সঁচা কথা কলে সকলোৱে মৰম কৰিব।


(জ) যথাস্থানত যতি চিহ্ন বহুওৱা :

ৰাম যদু মধু আহিব তুমি আহিবানে পাৰিলে আহিবাই

উত্তৰঃ- ৰাম, যদু আৰু মধু আহিব! তুমি আহিবানে? পাৰিলে আহিবা।


১৭। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা :

(ক) ভাৱ সম্প্ৰসাৰণ কৰা :

কথাতে কটা যায়, কথাটে বঁটা পায়।

         কি পৰিস্থিতিত, কাৰ লগত, কেনে সময়ত, কেনেকৈ কথা ক'ব লাগে, তাক মানতে ভালদৰে জনা উচিত। মানুহৰ মুখৰ কথাষাৰেই কেতিয়াবা বিপদ কঢ়িয়াই আনিব পাৰে অথবা অতি সংকটপন্ন অৱস্থা পৰিস্থিতিত মুখৰ কৌশলী, নম্র কথাষাৰেই কেতিয়াবা মানুহক উদ্ধাৰ কৰিব পাৰে। কর্কশ, হুটা মাত-কথাই মানুহক বিতুষ্ট কৰে আৰু তেনেদৰে কথা কোৱা মানুহ সকলোৰে অপ্রিয় হয়। কর্কশ সুৰত ভাল কথা ক'লেও মানুহে ভাল নাপায়। তদুপৰি মানুহেন ক'ব লগীয়া পৰিস্থিতিত, নক'ব লগীয়া কথা কৈ বহু বিপদত পৰা আনকি প্রাণৰ সংশয় পৰ্য্যন্ত আহি পৰাও দেখা যায়।

    আনহাতে সুন্দৰ, সময়োপযোগীকৈ কথা ক'ব পৰা ব্যক্তি লোকৰ প্রিয়পাত্র হ'ব পাৰে। নিজৰ সংযমী কথাৰে আন মানুহৰ সমীহ আদায় কৰি মানুহে সামাজিক ক্ষেত্ৰতো যথেষ্ট উন্নতি লাভ কৰিব পাৰে। বিপদৰ সময়তো নম্র, ভদ্র ব্যৱহাৰেৰে শত্ৰুৰ মন পর্যন্ত জয় কৰি অহাৰো উদাহৰণ আমাৰ মাজত আছে।

    গতিকে দেখা যায়, কর্কশ তথা সময়জ্ঞানহীন কথাই মানুহলৈ বিপদ কঢ়িয়াই আনিব পাৰে আৰু ভদ্র, কৌশলী তথা সময়োপযোগী কথা ক'ব পৰা জনে নিজৰ কথাৰেই বহু কিবাকিবি লাভ কৰিবলৈ সক্ষম হয়।


(খ) তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ খেল-ধেমালিৰ অধিক সা-সুবিধা কৰি দিবলৈ। তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ তুমি ছাত্র-ছাত্রী একতা সভাৰ সম্পাদক/ সম্পাদিকা হিচাপে এখন আবেদন লিখা। (আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা।


000000000000000000000000000000000000000000000000000000000000

District Level Internal Examination Board
Pre-Board Examination, 2022
Class- xii MIL Assamese


১। তলৰ যিকোনো সাতোটা প্রশ্নৰ কেৱল উত্তৰ লিখা - ১X৭-৭

(ক) সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? 

উত্তৰঃ-উৰিষ্যাত।


(খ) যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়?

উত্তৰঃ- বনফুলৰ কবি।


(গ) আন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?

উত্তৰঃ- কৰ্ম।


(ঘ) কটন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্যাপকৰ নাম কি? 

উত্তৰঃ- সূৰ্য কুমাৰ ভূঞা।


(ঙ) ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

উত্তৰঃ- বেদ


(চ) শীলভদ্ৰৰ প্ৰকৃত নাম কি?

উত্তৰঃ- ৰেৱতী মোহন দত্ত চৌধুৰী


(ছ) ‘চিত্ৰৱন' ষ্টুডিঅ' কোনে নিৰ্মান কৰিছিল?

উত্তৰঃ- জ্যোতি প্ৰসাদ আগৰৱালা।


(জ) যাদু-মন্ত্র বা তাবিজ - বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?

উত্তৰঃ- নোৱাৰী।


(ঝ) ‘ওমৰ তীৰ্থ' পুথিখন কোনখন পুথিৰ ভাবানুবাদ?

উত্তৰঃ- ওমৰ খায়ামৰ 'ৰুবায়ত' গ্ৰন্থ।


৫। তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ কেৱল উত্তৰ লিখা - ১X৫=৫

(ক) মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল?

উত্তৰঃ- ১৫৭ টা।


(খ) বিশ্বখনিকৰ বুলি কবিয়ে কাৰ কথা কৈছে?

উত্তৰঃ- ঈশ্বৰৰ।


(গ) 'মিলন' কবিতাটো কোনখন কাব্যগ্ৰন্থৰ পৰা তুলি দিয়া হৈছে? 

উত্তৰঃ- "সন্ধিয়াৰ সুৰ" কাব্যগ্ৰন্থৰ পৰা তুলি দিয়া হৈছে।


(ঘ) প্ৰথম অসমীয়া কথাছবি খনৰ নাম কি?

উত্তৰঃ- জয়মতী।


(ঙ) 'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?

উত্তৰঃ- শ্ৰমিক সকল।


(চ) কবি কেশৱ মহন্তই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ- মোৰ যে কিমান হেপাঁহ।


(ছ) ‘তামীঘৰা' শব্দটিৰ অৰ্থ লিখাঁ।

উত্তৰঃ- তম্বু।



১২। চমুকৈ লিখা - ( যি কোনো দুটা ) ২X৩=৬

(ক) বিভক্তি কাক বোলে? অসমীয়া ভাষাত বিভক্তি প্ৰধানতঃ কেই প্ৰকাৰৰ?

উত্তৰঃ- বাক্য গঠণত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে।

যেনেঃ-

    ৰামে পঢ়িছে।

    তেওঁ ঘৰলৈ গ'ল।

(১) শব্দ বিভক্তিঃ- প্ৰাতিপাদিকৰ লগত যিবোৰ বিভক্তি যোগ হৈ বাক্যত স্থান নিৰ্ণয় কৰে, পাদবোৰৰ পাৰস্পৰিক সম্বন্ধ দেখুৱায়, সেইবোৰেই শব্দ বিভক্তি। যেনেঃ- ৰামে কয়।

(২) ক্রিয়া বিভক্তিঃ-

        ধাতুৰ পিছত যি বিভক্তি যোগ হয় তাকে ক্রিয়া বিভক্তি বোলে। ক্রিয়া বিভক্তিক ধাতু বিভক্তি বুলিও কোৱা হয়। উদাহৰণঃ- তাই ৰামায়ণ পঢ়িছে। 


(খ) অসমীয়াত ক্ৰিয়া বিভক্তি বুলিলে কি বুজা? 

উত্তৰঃ- ধাতুৰ পিছত যি বিভক্তি যোগ হয় তাকে ক্রিয়া বিভক্তি বোলে। ক্রিয়া বিভক্তিক ধাতু বিভক্তি বুলিও কোৱা হয়।

উদাহৰণঃ- তাই ৰামায়ণ পঢ়িছে।

    ইয়াত 'পঢ়' ধাতুত 'ইছে' যুক্তহৈ 'পঢ়িছে' ক্রিয়াটো সম্পন্ন হৈছে। সেইদৰে,

    ধৰ + ইছে = ধৰিছে

    লিখ + ইছে = লিখিছে

    কৰ + ইছে = কৰিছে।


(গ) তদ্ধিত্‍‌ প্ৰত্যয়‌ৰ তিনিটা উদাহৰণ।

তদ্ধিত্‍‌ প্ৰত্যয়‌ঃ-নামশব্দ বা প্ৰাতিপদিকৰ পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিত্‍‌ প্ৰত্যয়‌ বোলে। যেনে— ধান‌+অনি=ধাননি, ৰস+আল=ৰসাল, পুৱতী = পু+অতী  (তদ্ধিৎ প্রত্যয়)


(ঘ) কৃত্‍ ‌প্ৰত্যয়ৰ সংজ্ঞা আৰু উদাহৰণ।

কৃত্‍ ‌প্ৰত্যয়ঃ-ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয়ে নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে, তেনে প্ৰত্যয়কে কৃত্‍ ‌প্ৰত্যয় বোলে। যেনে— বহ্‌+উৱা=বহুৱা, শো+অন=শোৱন


১৩। তলৰ যিকোনো ছটা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্রত্যয় যোগ হৈছে লিখা -১X৬ = ৬

মগনিয়াৰ=মগ+অনিয়াৰ (কৃত্‍ প্ৰত্যয়)

কান্দুৰা= কান্দ্ +উৰা (কৃৎ প্রত্যয়)

ধাননি=ধান+অনি (তদ্ধিত্‍ প্ৰত্যয়)

খেতি=খেত+ই (কৃত্‍ প্ৰত্যয়)

বেগাই=বেগ+আই (তদ্ধিত্‍ প্ৰত্যয়)

গাঁৱলীয়া=গাঁও+অলীয়া (তদ্ধিত্‍ প্ৰত্যয়)

নাচনী = নাচ+অনী (কৃৎ প্রত্যয়)

ধৰুৱা=ধাৰ+উৱা (তদ্ধিত্‍ প্ৰত্যয়)

সাধুতা=সাধু+তা (তদ্ধিত্‍ প্ৰত্যয়)


১৪। তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা - (যি কোনো চাৰিটা) ২X৪ = ৮

কপাল ফুলা (সৌভাগ্য উপস্থিত হোৱা) : অকণৰ চাকৰিটোৱে দেউতাকৰ কপাল ফুলালে।

গা টঙা (নৰিয়াৰপৰা ভাল হা) : ইমানটো টান ৰোগ হৈ গৈছে, ক'ত বেগতে গা টঙাব পাৰে?

অজীন পাতকী (দুষ্ট) : অজীন পাতকী লোকে য'তে ত'তে অঘটন ঘটাই ফুৰে।

হাত লৰ (চোৰ স্বভাৱ) : হাত লৰ স্বভাৱৰ মানুহে পালেই আনৰ বস্তু নিবলৈ বিচাৰে।

চকু চৰহা (লোকৰ ভাল দেখিব নোৱাৰা) : তোৰ নিচিনা চকু চৰহা পৃথিৱীত আৰু ওলাব নে?

নাদৰ ভেকুলী (আও-ভাও নোপোৱা মানুহ) : আজিৰ যুজৰ গাৱলীয়া মানুহ নাদৰ ভেকুলী হৈ থকা নাই।

পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি থাক) : দাম বৃদ্ধি পালেই দৰিদ্ৰ লোকৰ পেটে ভাতে খাই জীয়াই থকাই টান হৈ পৰে।

হিয়াৰ আমঠু (অতি আদৰৰ) : হৰি মাকৰ হিয়াৰ আমঠু।


১৫. তলৰ যিকোনো এটি বিষয়লৈ এখন ৰচনা লিখা।

(ক) মহাবীৰ লাচিত

(খ) গোলকীয় উষ্ণতা

 

(গ) তোমাৰ প্ৰিয় গ্ৰন্থখন

(আৰম্ভণি, গ্ৰন্থখনৰ পৰিচয় - প্ৰিয় হোৱাৰ কাৰণ - সামৰণি)


        আৰম্ভণিঃ- অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটি প্ৰসিদ্ধ নাম। তেখেতক উপন্যাস সম্ৰাট বোলা হয়। তেখেতে কেইবাখনো উপন্যাস ৰচনা কৰিছে। তাৰ ভিতৰত কেইখনমান হ'ল- মনোমতী, ৰহুদৈ লিগিৰী, নির্মল ভকত, বংগিলী আদি।

তেখেতে লিখা "মিৰি জীয়ৰী" নামৰ উপন্যাসখন মোৰ অতি প্ৰিয় গ্ৰন্থ।

গ্ৰন্থখনৰ পৰিচয়ঃ- "মিৰি জীয়ৰী" গ্ৰন্থখনৰ কাহিনীভাগ এনেধৰণৰঃ- মিৰি সমাজত এহাল জংকি আৰু পানেই নামৰ ল'ৰা-ছোৱালী আছিল। তেওঁলোক সৰুতে খেলৰ লগৰী আছিল। কিন্তু ডাঙৰ হোৱাত দুয়ো জীৱনৰ লগৰী হৈ পৰিল। কিন্তু পানেইৰ দেউতাকে তাই গম নোপোৱাকৈ বাৰেগামৰ পুতেকৰ লগত তাইৰ বিয়া ঠিক কৰিছিল। মাক নিৰমাই এবেলিলৈ জীয়েক পানেইৰ পক্ষত আছিল যদিও পানেইৰ দেউতাক তামেদৰ ওপৰত মাত মাতিব নোৱাৰিলে। মিৰি সমাজৰ প্ৰথা অনুযায়ী বাৰেগামৰ পুতেক কুমুদে পানেইৰ ঘৰত জোঁৱাই খাটিবলৈ আহিল। কিন্তু সি অলপো পানেইৰ মন জয় কৰিব নোৱাৰিলে। এদিন ছেগ বুজি জংকি আৰু পানেই দুয়ো ঘৰৰ পৰা পলাই গ'ল। দুয়ো পলাই গৈ সোঁৱণশিৰি নদীৰ পাৰৰ এখন গাঁৱত আশ্ৰয় লৈ আছিল। এই সময়ত দুয়োকে সহায় কৰিছিল ডালিমী নামৰ এজনী মিৰি ছোৱালীয়ে। তাই মনে মনে জংকিক ভাল পাইছিল। কিন্তু পানেইৰ কথা গম পাই তাই দুয়োলৈ সহায়ৰ হাত আগবঢ়াইছিল।

কিন্তু, হঠাতে এদিন দুয়ো বাৰেগামৰ চিপাহীৰ হাতত প্ৰা পৰিল। বাৰেগামে দুয়োকে পুনৰাই লগ নহ'বলৈ সকীয়াই দিছিল। কেইদিনমান যোৱাৰ পাছত এবাৰ পানেই অকলে ঘৰৰ পৰা পলাই আহিল। এইবাৰ বাৰেগামে তাই জংকিৰ লগত পুনৰ পলাই যোৱা বুলি সন্দেহ কৰি নিজৰ চিপাহীবোৰক সিহঁতক বিচাৰিবলৈ আদেশ দিলে। জংকিয়েও মনে মনে পানেইক বিচাৰি যাওঁতে দুয়ো সোঁৱণশিৰিৰ ঘাটত লগ হ'লহি। সেই সময়তে বাৰেগামৰ চিপাহীয়ে দুয়োকে ধৰা পেলালে আৰু বিচাৰত এইবাৰ বাৰেগামে দুয়োকে মৃত্যুদণ্ডৰ শাস্তি বিহিলে।

বাৰেগামৰ নির্দেশমতে এইবাৰ বাৰেগামৰ চিপাহীয়ে দুয়োৰে হাতভৰি বান্ধি, শাল মাৰি গাছি মিৰিয়ে সিহঁতক নৈত উটুৱাই দিলে। সিহঁতৰ নিথৰ নিষ্প্ৰাণ দেহদুটা এটা সময়ত আহি সোঁৱণশিৰি নৈৰ ঘাটত লাগিলহি। জংকি-পানেইৰ ভালপোৱাক কোনোৱে স্বীকৃতি দিব নুখুজিলে। ফলস্বৰূপে দুয়োৰে কৰুণভাৱে মৃত্যুক সাৱটি ল'লে।

গ্ৰন্থখন প্ৰিয় হোৱাৰ কাৰণঃ- ''মিৰি জীয়ৰী'' গ্ৰন্থখনৰ প্ৰধান চৰিত্ৰ জংকি আৰু পানেই। দুয়োৱে সহজ-সৰল তথা মিৰি সমাজৰ সাধাৰণ ডেকা-গাভৰু। পানেইৰ দেউতাক তামেদ সমাজৰ নিৰ্দেশত চলা মানুহ। মাক নিৰমা সৰল মাতৃ- কিন্তু পুৰুষৰ ওপৰত মাত মাতিব নোৱাৰে। কুমুদ ধনী তথা বাৰেগামৰ ল'ৰা, জোৰেৰে সকলো পাবলৈ বিচাৰে। বাৰোগাম নিষ্ঠুৰ, ডালিমী চৰিত্ৰ ত্যাগৰ আদর্শেৰে মহীয়ান।

উপন্যাসখনৰ পটভূমিত আমি মিৰি সমাজৰ নীতি-নিয়মৰ বিষয়েও গম পাওঁ।

সামৰণিঃ- উপৰোক্ত কথা তথা চৰিত্ৰসমূহৰ জীপাল অভিনয়ৰ বাবে "মিৰি জীয়ৰী" গ্রন্থখন মোৰ ভাল পোৱা গ্রন্থসমূহৰ ভিতৰত শীৰ্ষত আছে। তদুপৰি গ্ৰন্থখনৰ দ্বাৰা মিৰি সমাজৰ সাংস্কৃতিক জীৱনধাৰাৰ পৰিচয়ো বহন হৈছে। কাহিনী, চৰিত্র, পটভূমি আঞ্চলিক বৈশিষ্ট্য আদিৰে সমৃদ্ধ "মিৰি জীয়ৰী" এখন সুখপাঠ্য সামাজিক উপন্যাস। সেইবাবেই "মিৰি জীয়ৰী" গ্ৰন্থখন মোৰ অতিকে প্রিয়গ্রন্থ।



(ঘ) আধুনিক জীৱনত বিজ্ঞানৰ প্ৰভাৱ

(আৰম্ভণি – বিজ্ঞানৰ অৱদান সমূহ - বিজ্ঞানৰ আবিষ্কাৰৰ কুফল – বিজ্ঞান আৰু শান্তি – সামৰণি)

    আৰম্ভণিঃ- মানৱ  সভ্যতাৰ  ক্ৰম  বিকাশৰ  লগে  লগে  মানুহৰ  জীৱন  ধাৰণ  প্ৰণালীও  উন্নতৰ  হবলৈ  ধৰিছে। মানুহৰ জীৱন ধাৰণাৰ প্ৰণালী উন্নত হোৱাৰ মূলতেই হৈছে বিজ্ঞান। জল – স্থল, আকাশ – বতাহ সকলোতে আজি বিজ্ঞানৰে ৰাজত্ব। ৰাতিপুৱা শুই উঠাৰ পৰা নিশা টোপনি যোৱালৈকে আমাৰ প্ৰত্যেক কামতে বিজ্ঞানৰ সহায়তা অপৰিহাৰ্য। বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটি। বিজ্ঞান অবিহনে আমি অন্ধ। সেয়ে কোৱা হয় – ‘বৰ্তমানৰ যুগ বিজ্ঞানৰ যুগ'।

বৈজ্ঞানিক আৱিষ্কাৰঃ- অতীজত মানুহে হাবিৰ মাজত, পৰ্বতৰ গুহাত বাস কৰিছিল। ঘৰ বান্ধিবলৈ, খেতি – বাতি কৰিবলৈ, জুইৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে নাজানিছিল। তেওঁলোকে চিকাৰ কৰি কেঁচা মঙহ খাইছিল। লাহে লাহে মানুহে জুইৰ আৱিষ্কাৰ কৰি তাৰ ব্যৱহাৰ কৰিবলৈ শিকিলে, ঘৰ বান্ধিবলৈ শিকিলে, খেতি – বাতি কৰিব জনা হ'ল।

    প্ৰত্যেক বস্তুৰে কাৰ্য আৰু কাৰণ আছে। আদিম মানুহৰ ভিতৰতে কোনোৱে আবিষ্কাৰ কৰিলে যে শিলে শিলে ঘঁহনি খাই জুইৰ উৎপন্ন হয়। যেতিয়াৰ পৰা এই কাৰ্যকৰণৰ বিশ্লেষণ হ’বলৈ ধৰিলে, তেতিয়াৰ পৰাই মানুহৰ মনত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ উদয় হ’বলৈ ধৰিলে।

    খ্ৰীষ্টীয় অষ্টাদশ শতাব্দীৰ শেষ আৰু উনবিংশ শতাব্দীৰ আদি ভাগক বিজ্ঞানৰ সোণালী যুগ বুলি কোৱা হয়। কিয়নো এইখিনি সময়তে বিজ্ঞানে মানৱ সভ্যতাক কিছু বছৰ আগুৱাই নিয়ে। বৰ্তমান আমাৰ ব্যৱহাৰ্য প্ৰায় ভাগ বস্তুৱে আৱিষ্কাৰ হৈছিল এইখিনি সময়ছোৱাৰ ভিতৰতে।

অৱদানঃ- বিজ্ঞানে আমাৰ এই পৃথিৱীখনক সংকুচিত কৰিছে। ছপাশাল, ৰেলগাড়ীৰ ইঞ্জিন, মটৰ – গাড়ী, ৰেডিঅ’, টেলিভিছন আদিৰ আবিষ্কাৰে পৃথিৱীৰ এটা কোণক আনটো কোণৰ লগত জড়িত কৰাৰ কাৰ্য্য সম্পূৰ্ণ কৰিছে। ইংলেণ্ডত হোৱা খেল এখন ভাৰতৰ কোনো এটা কোঠাৰ ভিতৰতে বহি উপভোগ কৰিব পৰাটো সম্ভৱ হৈছে একমাত্ৰ বিজ্ঞানৰ বলতেই। অকল এয়েই নহয়; মেঘৰ বুকুত দেখা দিয়া বিজুলীও আজি মানুহৰ ভৃত্য হৈ পৰিছে। মানুহ প্ৰকৃতিৰ দাস। কিন্তু বিজ্ঞানে আজি প্ৰকৃতিকহে মানুহৰ দাসৰ দৰে কৰি পেলাইছে।

   বৈজ্ঞানিক আৱিষ্কাৰে অকল যে মানুহৰ দৈনন্দিন জীৱনক আৰাম-বিলাসৰ ৰম্য ভূমিত প্ৰতিষ্ঠিত কৰিছে এনে নহয়, ব্যৱহাৰিক জীৱনত আৱশ্যকীয় জ্ঞানৰাজিৰ উপৰিও ই দিছে আমাক সৃষ্টিৰ তত্ব, নৃতাত্বিক ঐতিহাসিক জ্ঞান, বিশ্ববিধান, দিন – ৰাতিৰ আৱিৰ্ভাৱ, গ্ৰহ – নক্ষত্ৰৰ ৰহস্যৰ সন্ধান। ৰকেটৰ সহায়ত আজি মানুহে মহাকাশত বিচৰণ কৰিব ধৰিছে। জোনৰ বুকুতো ভৰি দিছে। আনকি অনান্য গ্ৰহৰ বুকুতো খোপনি পুতিবলৈ প্ৰয়াস কৰিছে।

   বিজ্ঞানে মানুহৰ গড় আয়ুস কিছু বৃদ্ধি কৰিছে। চিকিৎসা বিজ্ঞানত আজি এক নতুন পৰিবৰ্তন দেখা দিছে। আলেকজেণ্ডাৰ ফ্লেমিঙৰ পেনিচিলিন আবিষ্কাৰ, লুই পাস্তুৰৰ জলাতংক ৰোগৰ আবিষ্কাৰে এক নতুন অভিলেখ স্থাপন কৰিছে। বিজ্ঞানৰ সুক্ষ্ম দৃষ্টিৰ আগত আজি আৰু একো বস্তুৱেই অদৃশ্য হৈ থাকিব পৰা নাই। আনকি অতি সুক্ষ্ম বেক্টেৰিয়া, ভাইৰাছ আদিৰ বিষয়েও বিজ্ঞানে আমাক সম্যক জ্ঞান দিছে।

   ‘জেনেটিকচ' প্ৰযুক্তি বিদ্যাতো বিজ্ঞানৰ দান অপৰিসীম। ভাৰতীয় বিজ্ঞানী ডঃ হোৰগোবিন্দ খোৰানাই টেষ্ট টিউবৰ ভিতৰতে মানুহ সৃষ্টি বাবে পৰীক্ষা – নিৰিক্ষা চলাইছিল। বৰ্তমান বিজ্ঞানী সকলে সফলতা লাভ কৰিছে আৰু মানুহৰ দ্বাৰাই টেষ্ট টিউবৰ ভিতৰতে ভ্ৰুণ সন্তানো তৈয়াৰ কৰা সম্ভৱ হৈছে। ‘জেনেটিকচ’ প্ৰযুক্তি বিদ্যাই মানুহৰ বিভিন্ন বংশগত ৰোগৰো সম্ভেদ দিছে। ইয়াৰ ফলত মানুহে এইবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ বিভিন্ন উপায়ও লাভ কৰিছে।

   কৃষিৰ ক্ষেত্ৰতো বিজ্ঞানে এক নতুনত্ব আনি দিছে। কম মাটিত অধিক শষ্য উৎপাদনৰ বাবে বিভিন্ন সাৰ আবিষ্কাৰ হৈছে। খেতি – বাতিৰ বাবে বিভিন্ন প্ৰকাৰ আহিলা – পাতি আবিষ্কাৰ হৈছে। ইয়াৰ ফলত কৃষকৰ কষ্টৰ পৰিমাণ লাঘৱ হৈছে আৰু উৎপাদনো প্ৰচুৰ পৰিমাণে বৃদ্ধি হৈছে।

সামৰণিঃ- বিজ্ঞানে কৃষি, শিল্প, বাণিজ্য, যাতায়ত আদি আটাইৰে পৰিবৰ্তন সাধিছে। কিন্তু সকলো বস্তুৰে এটি সৃজনাত্মক আৰু এটি ধ্বংসাত্মক দিশ থকাৰ দৰে বিজ্ঞানৰ আবিষ্কাৰ সমূহৰো কিছুমান ধ্বংসাত্মক ফাল আছে। বিজ্ঞানে বিভিন্ন মাৰাণাস্ত্ৰ আবিষ্কাৰ কৰিছে। মহাযুদ্ধত 'হিৰোশ্বিমা' আৰু 'নাগাচাকি' নামৰ চহৰ দুখন যেতিয়া ধংসস্তুপত পৰিণত হ’ল, তেতিয়া বিজ্ঞানীসৱৰ ‘এটমবোম’ হৈ পৰিল বিজ্ঞানৰ অভিশাপ স্বৰূপ। তথাপিও আমি ইয়াৰ বাবে অকল বিজ্ঞানকে দায়ী কৰিব নোৱাৰোঁ। কিয়নো, বিজ্ঞান হ’ল মাথো এটি শক্তি। ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ বাবে দায়ী হ’ল ইয়াক প্ৰয়োগ কৰা মানুহ নিজেই। বিজ্ঞান শক্তিৰ অসৎ ব্যৱহাৰে আমাৰ অন্তৰত থকা আদিম পাশৱিক হিংস্ৰ – প্ৰকৃতিৰ কথাকেহে সুচায়। বিজ্ঞানে নিজে মানৱ সমাজ গঢ়াতো সহায় নকৰে আৰু কেতিয়াও যুদ্ধৰো সুচনা নকৰে, বৰং ই মানৱ সমাজক উন্নতিৰ পথত আগুৱাই যোৱাতহে সহায় কৰে।

  বিজ্ঞানে আমাৰ জ্ঞানৰ পৰিধিৰ বিকাশ ঘটাইছে। সমাজৰ কু – সংস্কাৰবোৰ আঁতৰাই এক নতুন দৃষ্টি – ভংগী গঢ়ি তোলাত সহায়ক হৈছে। মুঠতে বিজ্ঞান হৈছে মানৱ - সভ্যতাৰ অগ্ৰগতিৰ অনবদ্য আহিলা।

0000000000000000000000000000000000000000000000000000000000000000



00000000000000000000000000000000000000000

H.N.Seminary HS School, Bogribari / XII 

1st Unit Test Examination - 2022

MIL( Assamese ) Full Marks : 50

Time : 2 Hours 


১। চমু উত্তৰ দিয়াঃ ১ x ৪ = ৪ 

(ক) আনন্দৰাম বৰুৱাৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ- ১৮৫০ চনৰ ২১ মে' তাৰিকে।


(খ) সম্বলপুৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? 

উত্তৰঃ- ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত।


(গ) যতীন্দ্রনাথ দুৱৰাক কি কবি বুলি কোৱা হয়?

উত্তৰঃ- যতীন্দ্রনাথ দুৱৰাক বনফুল কবি বুলি কোৱা হয়।


(ঘ) ড° সূৰ্য কুমাৰ ভূঞাই কেতিয়া "পদ্মশ্রী" বঁটা লাভ কৰিছিল? 

উত্তৰঃ- ড° সূৰ্য কুমাৰ ভূঞাই ১৯৫৬ চনত "পদ্মশ্রী" বঁটা লাভ কৰিছিল।


২। উত্তৰ দিয়া - ২ x ৩ = ৬

(ক) মঙ্গলদায়ক হাতীৰ লক্ষণ লিখা। 

উত্তৰঃ- মঙ্গলদায়ক হাতীৰ লক্ষণসমূহ হ'ল- শ্যামবৰ্ণ, সুন্দৰ, শবীৰ স্থুল, দুই দন্ত দীৰ্ঘ, সমান ৰঙ্গঁ কৰা, আগলৈ চাপি যোৱা, কালশিলী বৰ্ণ, অগ্ৰজোঙ্গা নখ অলপকলিয়া, বলবস্তু আৰু আদি।


(খ) কোন দুগৰাকী ব্যক্তিৰ ৰচনাৰ আলম কৰি যতীন্দ্রনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল? 

উত্তৰঃ- ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ আৰু আফ্ৰিকাৰ লেখিকা অলিফ শ্ৰাইনাৰৰ ৰচনা।


(গ) কোন কেইগৰাকী ব্যক্তি শ্বেক্সপিয়াৰৰ "Comedy of Errors" অসমীয়ালৈ অনুবাদ কৰি "ভ্ৰমৰংগ" নামেৰে প্ৰকাশ কৰিছিল? 

উত্তৰঃ- চাৰিজন ব্যক্তি শ্বেক্সপিয়াৰৰ "Comedy of Errors" অসমীয়ালৈ অনুবাদ কৰি "ভ্ৰমৰংগ" নামেৰে প্ৰকাশ কৰিছিল। ঘনশ্যাম বৰুৱা, ৰমাকান্ত বৰকাকতি, ৰত্ন ধৰ বৰুৱা আৰু গুঞ্জানন বৰুৱা।


৩। উত্তৰ লিখা ( যিকোনো দুটা ) ৫ x ২ = ১০

(ক) আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰে। 

উত্তৰঃ-


(খ) লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অনুবাদ কেনেধৰণৰ হোৱা উচিত, বুজাই লিখা। 

উত্তৰঃ- এসময়ত অসমত বিদেশী নাটক অসমীয়ায়ৈ ভাঙি অসমীয়া ৰংগশালত অভিনয় কৰাটো অনেকে দায় ধৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে এনে কাৰ্যত যে সন্তোষ পাইেছিল এনেকুৱা নহয়। বেজবৰুৱাদেৱৰ মতে বিদেশী ভাষাৰ নাটক একেবাৰেই অসমীয়া ৰংগশালৰ বাহিৰ কৰি দিয়া উচিত নহয়। যদি বিদেশী ভাষাৰ নাটকৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত ই জীন যোৱা হয় তেন্তে ভাল বিদেশী নাটকৰ উত্‍কৃষ্ট ভাৱ সম্পাদন অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা-যদি সেই ভাৱ সম্পদক বাৰে বঙনুৱা অসমীয়া নকৰি আচল অসমীয়া কৰি দিয়া হয়। উদাহৰণস্বৰূপে কলিকতাত পঢ়ি থকা জনচোৰক অসমীয়া ছাত্ৰই শ্বেক্সপিয়েৰৰ Comedy of Errors অসমীয়ালৈ ভাঙি তাৰ নাম ভ্ৰমৰংগ দি অভিনয় কৰিছিল। অনুবাদকৰ লগত বেজবৰুৱা জড়িত নাছিল যদিও তেখেত বিশ্বাস কৰিছিল যে ইংৰাজী নাটকৰ সেই অনুবাদ অকেবাৰেই অসমীয়া হৈ পৰি অসমীয়া সৰ্বসাধাৰণৰ মন হৰণ কৰিব পাৰিছিল।

      ভাৰতৰ নানা দেশৰ পৰা মানুহ আহি অসমত বসতি কৰিছে। যদি সেইবোৰে অসমক সৰ্বতোভাৱে কৰণ কৰি অসমীয়া হৈ যায় তাৰ দ্বাৰাই অসমৰ আপদহে নাবাঢ়ি সম্পদ হে বাঢ়িব।


(গ) হস্তীবিদ্যার্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাষ দিয়া। 

উত্তৰঃ- অসমীয়া হাতে লিখা সচিত্র পুথিৰ ভিতৰত "হস্তিবিদ্যার্ণৱ" পুথি খনেই হৈছে শ্রেষ্ঠ পুথি। এই পুথিখনত হাতীৰ বিষয়ে লিখা হৈছে। স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশত ১৭৩৪ খৃষ্টাব্দত সুকুমাৰ বৰকাথে 'হস্তিবিদ্যার্ণৱ' পুথিখন ৰচনা কৰিছিল। এই পুথিখনৰ ছবিবোৰ অংকন কৰে দিলবৰ আৰু দোয়ায় নামৰ দুজন চিত্রকৰে। এই পুথিখনত গ্রন্থকাৰ, চিত্ৰকৰ দুগৰাকী, স্বৰ্গদেউ শিৱসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কেঁৱৰৰ চিত্ৰ অংকিত হৈছে। প্রাচীন অসমৰ চিত্রকলা আৰুব্যৱহাৰিক সাহিত্যৰ স্বাক্ষৰ স্বৰূপ এই পুথি চাই মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ড° ৰাজেন্দ্র প্রসাদ আদি অনেক খ্যাঙ্গমা ব্যক্তিয়ে প্রশংসা কৰিছিল। হস্তিবিদ্যার্ণৱ পুথিখন অসমীয়া জাতিৰ অমূল্য সম্পদ।

'হস্তিবিদ্যার্ণৱ' পুথিৰ অন্তৰ্গত প্রধান বিষয়বস্তু হৈছে- বিবিধ হাতীৰ লক্ষণ, হাতীশাল নির্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিৰ্ব্বন্ধ, হাতীদাঁতৰ মূল্য, যাত্ৰাৰ কালত আৰু উভতি অহা বা পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে কর্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড় বাজত থাকিবলগীয়া হাতীৰ, অন্য ৰজাৰ লগত অপ্রীতিবৰ্দ্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিৰ্বন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তি বশ্য হোৱাৰ মন্ত্ৰ।


(ঘ) মগনিয়াৰ পাঠটিৰ কবি আৰু মগনিয়াৰ মাজত হোৱা কথোপকথন খিনি তোমাৰ ভাষাত লিখা। 

উত্তৰঃ- মগনিয়াৰ শীষক কথা কবিতাটিৰ যোগেদি কবি যতীন্দ্ৰ নাথ দুৱৰাৰ এদিনাখন বাটেৰে গৈ থাঁকোতে এজন মগনিয়াৰক লগ পোৱাৰ পিছত তেওঁলোকৰ মাজত হোৱা কথোপকথনখিনিৰ অতিজ্ঞতা বৰ্ণনা কৰিছে এনেদৰে-

       বাটেদি গৈ থাকোতে এদিন কবিয়ে মগনিয়াৰ এজনৰ মুখা-মুখী হয়। বুঢ়া বেমাৰী গাৰ হাড়-ছাল ওলোৱা, শেতাঁ ওঠ, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ পৰিধান কৰি মগনিয়াৰ জন দুহাত মেলি অতি কাতৰ মনে কবিৰ পৰা অকন সহায় ভিক্ষা মাগিছিল। কিন্তু সেই সময়ত তেওঁক দিব পৰাকৈ কবিৰ লগত একো নাছিল। এনেকি ৰুমাল এখনো নাছিল। সেয়ে কবিয়ে মানৱীয় সহানুভূতিৰে মগনিয়াৰ দুখন সাবটি ধৰি নিজৰ অৱস্থাটো প্ৰকাশ কৰিছিল"ককাই মোৰ ওপৰত খং নকৰিব মোৰ হাতত একোৱেই নাই" কবিৰ এনে মানৱীয় ভাৱ মগনিয়াৰ জনক আচৰিত কৰি তুলিছিল। মগনিয়াৰ জনেও কবিৰ হাত দুখন ধৰি অতি কষ্টৰে কৈছিল যে "কি হ'ল একো কথা নাই ইয়াৰ কাৰণে অশেষ ধন্যবাদ হও যে এটা দান। কবিৰ পৰা পোৱা আন্তৰিকতাখিনি পৰম দান বুলি গ্ৰহণ কৰি মগনিয়াৰ জনে কবিক ধন্যবাদ জ্ঞাপন কৰিলে।


৪। চমু উত্তৰ লিখা।

(ক) নলিনীৱালা দেবীৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ- এৰি অহা দিনবোৰ।


(খ) "গোমোস্তা" শব্দৰ অৰ্থ লিখা। 

উত্তৰঃ- দোকানত হিচাপ-পাত্ৰ ৰখা কৰ্মচাৰী।


(গ) বৰগীতক কোনগৰাকী ব্যক্তিয়ে "Holy Songs" বুলি আখ্যা দিছে? 

উত্তৰঃ- দেৱেন্দ্রনাথ বেজবৰুৱাই 


(ঘ) শংকৰদেৱ আৰু মাধৱদেৱৰ সাক্ষাতক কি বুলি অভিহিত কৰা হয়?

উত্তৰঃ- শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষ্যাতক মণিকাঞ্চন সংযোগ বুলি কোৱা হৈছে। 


৫। উত্তৰ দিয়া - ২ x ৩ = ৬ 

(ক)  কেতিয়া কোনখন গ্ৰন্থৰ বাবে নলিনীৱালা দেৱীয়ে সাহিত্য একাডেমী বটা লাভ কৰিছিল? 

উত্তৰঃ- নলিনীৱালা দেৱীয়ে ১৯৬৮ চনত "অলকানন্দা" কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বটা লাভ কৰিছিল।


(খ) সত্ত্বঃ ৰজঃ তম্পেঃ গুণ কি?

উত্তৰঃ- সত্ত্বঃ গুণ= সুখদায়ক আৰু জ্ঞানাত্মক। 

ৰজঃ গুণ= ৰাগাত্মক অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। 

তমঃ গুণ অজ্ঞানৰ, ই জীৱৰ মোহ উৎপাদন কৰে।


(গ) কোন দুগৰাকী ব্যক্তিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰা হয়? 

উত্তৰঃ- মাধৱদেৱৰ বৰগীতক মহাৰাষ্ট্রৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত তুলনা কৰিব পাৰি।


৬. উত্তৰ লিখা (যিকোনো দুটা) ৩ x ২ = ৬ 

(ক) কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক'ত কেনেকৈ নিতে দেখা পাম বুলি কৈছে বুজাই লিখা। 

উত্তৰঃ- 


(খ) বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। 

উত্তৰঃ- 


(গ) "সকলোতে আছে তেওঁ 

কিন্তু নেদেখে কেও 

ওবনিৰে মুখ ঢাকি থাকে ওচৰত ” ---- এই কবিতা ফাকিৰ মাজেৰে কি ভাৱ প্ৰকাশ পাইছে লিখা। 

উত্তৰঃ- 


৭. প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা ( এছোৱা)  (বৰগীত)

(ক) ত্রিজগতৰ পতি ভকতি মিলিল

সুৰুখ মাধৱে বোলে। 

উত্তৰঃ- 


(খ) পুৱতিৰ শুভ লগনত

অৰুনৰ ৰঙা পোহৰত 

তোমাৰ লগত মোৰ

অনন্ত মিলন 

নিতে দেখা শেৱালী বনত ৷৷

উত্তৰঃ- 


৮। চমু উত্তৰ লিখা ১x১ = ১ 

(ক) মহর্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি?

উত্তৰঃ- সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয় ব্যক্তিনিষ্ঠহে।


অথবা 

(খ) নন্দন তাত্ত্বিক মূল্যবোধৰ চাবি-কাঠি কি? 

উত্তৰঃ- নন্দন তাত্ত্বিক মূল্যবোধৰ চাবি-কাঠি হ'ল- মনোযোগ।


৯। উত্তৰ দিয়া। ২ x ১ = ২ 

(ক) ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ তালিকাত থকা দহবিধ মূল্যবোধ উল্লেখ কৰা।

উত্তৰঃ- দহবিধ মূল্যবোধ হ'ল- (ক) সংযম (খ) সহানুভুতি (গ) সহযোগিতা (ঘ) অন্যসংস্কৃতিৰ প্ৰতিশ্ৰদ্ধা (ঙ) পৰিস্কাৰ পৰিচ্ছন্নতা (চ) নম্ৰতা (ছ) মানৱতাবোধ (জ) অহিংসা (ঝ) দেশপ্ৰেম (ঞ) সামাজিক দায়িত্ববোধ।


নাইবা 

(খ) বহল অর্থত 'মূল্য' শব্দই কি বুজায়। 

উত্তৰঃ- বহল অর্থত 'মূল্য' শব্দই হৈছে- কোনো বস্তু বা অৱস্থা বা কাৰ্য, যিয়ে ব্যক্তিৰ প্ৰযোজন পূৰণ কৰে, গতিৰে মূল্যই সেইবোৰ বস্তুক বুজায় যিবোৰ ব্যক্তিয়ে বিচাৰে, যেনে- টকা পইচা, সম্পত্তি, খাদ্য, নিৰাপত্তা, সুখ-শান্তি ইত্যদি।


১০। উত্তৰ লিখা। ৪ x১ = ৪ 

(ক) "মূল্যবোধসমূহ চিৰন্তন নে পৰিৱৰ্তনশীল" --- এই সম্পর্কে বিভিন্ন দার্শনিক দৃষ্টিভংগী আলোচনা কৰা।

উত্তৰঃ- 


নাইবা 

(খ) আধ্যাত্মিক মূল্যবোধৰ ওপৰত টোকা লিখা। ৮

উত্তৰঃ- আদৰ্শবাদী দাৰ্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰত বেছি গুৰুত্ব দিয়ে। তেওঁলোকে ভাৱে যে মানুহৰ আধ্যত্মিক শক্তি আছে বাবেই আন জীৱনতকৈ মানুহ শ্ৰেষ্ঠ। মনৰ বা আত্মাৰ বিকাশে মানুহক উচ্চস্তৰলৈ নি প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। আনহাতে, বৰ্তমান যান্ত্ৰিক সভ্যতাই মানুহক বস্তুবাদী জগতখনৰ প্ৰতি বেছি আকৰ্ষিত কৰিছে যাৰ ফলত আধ্যাত্মিক মূল্যবোধৰ গুৰুত্ব কমি আহিছে। বিলাসিতাপূৰ্ণ জীৱনৰ প্ৰতি মানুহ বেছি আকৰ্ষিত হৈছে। আদৰ্শবাদীসকলে ভাৱে যে আধ্যাত্মিক মূল্যবোধৰ অভাৱৰ বাবেই আজিৰ সমাজখন হৈ পৰিছে বিশৃখল, দুৰ্নীতিপৰায়ণ আৰু অনৈতিক। যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব আৰু মানুহৰ মাজত সহযোগিতা, অহিংসাভাৱ, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হ'ব তেতিয়া আধ্যাত্মিক মূল্যবোধৰ বিকাশ হ'ব।  


১১। প্রত্যয় ভাঙি দেখুওৱা আৰু কি প্রত্যয় যোগ হৈছে লিখা ( ৩টা)। ৩ x১ = ৩

সাধুতা, ধাৰুৱা, শোৱন, বহুৱা, ঢুলীয়া

উত্তৰঃ- সাধুতা = সাধু + তা (তদ্ধিত্‍ প্ৰত্যয়)

ধাৰুৱা = ধাৰ + উৱা (তদ্ধিত্‍ প্ৰত্যয়)

শোৱন = শো + অন (কৃত্‍ প্ৰত্যয়)

বহুৱা = বহ্‌ + উৱা (কৃত্‍ প্ৰত্যয়)

ঢুলীয়া = ঢোল + ঈয়া (তদ্ধিত্‍ প্রত্যয়)


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512



HSLC Examination 2022
            MIL Assamese

১২. চমুকৈ লিখাঁঃ     (যিকোনো দুটা)         ৩x২=৬

(ক) বিভক্তি কাক বোলে? অসমীয়া ভাষাত বিভক্তি প্ৰধানতঃ কেই প্ৰকাৰৰ?
উত্তৰঃ- বাক্য গঠণত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে।
যেনেঃ-
    ৰামে পঢ়িছে।
    তেওঁ ঘৰলৈ গ'ল।
(১) শব্দ বিভক্তিঃ- প্ৰাতিপাদিকৰ লগত যিবোৰ বিভক্তি যোগ হৈ বাক্যত স্থান নিৰ্ণয় কৰে, পাদবোৰৰ পাৰস্পৰিক সম্বন্ধ দেখুৱায়, সেইবোৰেই শব্দ বিভক্তি। যেনেঃ- ৰামে কয়।
(২) ক্রিয়া বিভক্তিঃ-
ধাতুৰ পিছত যি বিভক্তি যোগ হয় তাকে ক্রিয়া বিভক্তি বোলে। ক্রিয়া বিভক্তিক ধাতু বিভক্তি বুলিও কোৱা হয়।
উদাহৰণঃ- তাই ৰামায়ণ পঢ়িছে।
 

(খ) তদ্ধিত প্ৰত্যয় কাক বোলে? দুটা উদাহৰণ দিয়া।
উত্তৰঃ- নামশব্দ বা প্ৰাতিপদিকৰ পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিত্‍‌ প্ৰত্যয়‌ বোলে। যেনে— ধান‌+অনি=ধাননি, ৰস+আল=ৰসাল।

(গ) জতুৱা ঠাঁচ বুলিলে কি বুজা? জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ কি কি?
উত্তৰঃ- দুটা বা ততোধিক শব্দ লগ লাগি গঠন হোৱা ভাষাৰ যি গোটে কেৱল আভিধানিক অর্থ প্রকাশতেই সীমাবদ্ধ নাথাকি সম্প্রসাৰিত অর্থ প্রকাশ কৰে, বৰং কেতিয়াবা আভিধানিক অর্থৰ পৰিৱর্তে সম্প্রসাৰিত অর্থহে মুখ্য হৈ পৰে, ভাষাৰ তেনে গোটকে জতুৱা ঠাঁচ বোলে। জতুৱা ঠাঁচৰ দুই ধৰণৰ প্রয়োগ লক্ষ্য কৰা যায়— (ক) সাধাৰণ অর্থ প্রকাশক আৰু (খ) সম্প্রসাৰিত অর্থ প্রকাশক।

১৩. তলক যিকোনো ছটা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিথাঁঃ ১x৬=৬
খেতিয়ক, নদীয়াল, মগনিয়াৰ, খাৱন, দীৰ্ঘতম, বিহুৱা, যুঁজাৰু, বেগাই, কপহুৱা
খেতিয়ক = খেতি+অক (তদ্ধিৎ প্রত্যয়)
নদীয়াল = নদী+ইয়াল (তদ্ধিত্‍ প্ৰত্যয়)
মগনিয়াৰ=মগ+অনিয়াৰ (কৃত্‍ প্ৰত্যয়)
খাৱন = খা+অন (কৃৎ প্রত্যয়)
দীৰ্ঘতম = দীৰ্ঘ + তম (তদ্ধিত্‍ প্ৰত্যয়)
বিহুৱা=বিহু+উৱা (তদ্ধিত্‍ প্ৰত্যয়)
যুঁজাৰু= যুঁজ+আৰু (কৃৎ প্রত্যয়)
বেগাই=বেগ+আই (তদ্ধিত্‍ প্ৰত্যয়)
কপহুৱা=কপাহ+উৱা (তদ্ধিৎ প্ৰত্যয়)

১৪. তলক যিকোনো ছটা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিথাঁঃ ১x৬=৬
আঁঠুৱা তলৰ মহ, একাদশ বৃহস্পতি, গোৰ মাৰি গংগাত পেলোৱা, চকু চৰহা, নপতা ফুকন, পানীৰ তলৰ কাঁইট, লেক্‌লৌ পৰুৱা, সাত বিহুৰ সৈয়া কণী, হাত দীঘল
আঁঠুৱাৰ তলৰ মহ (অধীন লোক, সামান্য ধন) : হেৰৌ! মোৰ কাৰণে সি আঁঠুৱাৰ তলৰ মহ; তাক বলাবলৈ কিমান পৰ?
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা) : চকু চৰহা লোকে আনৰ উন্নতি দেখি মনত শান্তি নাপায়। HS-2019
পানীৰ তলৰ কাঁইট (অজ্ঞাত শত্রু) : পানীৰ তলৰ কাঁইটে মানুহৰ জীৱনত বহুতো অঘটন ঘটায়।
হাত দীঘল (ক্ষমতাশালী) : হাত দীঘল মানুহক সকলোৱে সন্মান কৰে।    HS-2016, 2012

Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »