1. চন্দ্রবিন্দু (ঁ) ৰ ব্যৱহাৰ । Uses of Chandrabindu
অশমীয়া ভাষাত চন্দ্রবিন্দু (ঁ) কিছুমান বিশেষ ব্যৱহাৰ আছে। ই স্বৰৰ অনুনাসিকতা বুজায়। তলত চন্দ্রবিন্দু ব্যৱহাৰ স্থানসমূহ আলোচনা কৰা হ'ল –
(১) বর্তমান আৰু অতীত কালৰ প্ৰথম পুৰুষৰ সকলো ক্রিয়াতে 'ওঁ' যোগ হয়। যেনে – গাওঁ, পঢ়োঁ, পঢ়িছেলোঁ, দেখোঁ, বহোঁ, মৰোঁ, কৰোঁ, ধৰোঁ ইত্যাদি।
(২) মূলৰ অনুনাসিক বর্ণ লোপ পালে তাৰ আগত চন্দ্রবিন্দু হয়। যেনে –
অংক – আঁক
দন্ত — দাঁত
বংশ – বাঁহ। ইত্যাদি।
(৩) ধাতু ৰূপত চন্দ্রবিন্দুৰ ব্যৱহাৰ হয়। যেনে –
আমি ভাত খাওঁ।
মই কবিতা খেলোঁ।
আমি চিনেমা চাওঁ।
(৪) নাম পদৰ বহুবচন বুজোৱা '-হঁত' আৰু ক্রিয়াপদৰ বহুবচন বুজোৱা '-হঁক' প্রত্যয়তো চন্দ্রবিন্দুৰ ব্যৱহাৰ অপৰিহাৰ্য। যেনে- সিহঁত, তহঁত, মাহঁত ইত্যাদি।
(৫) কেতিয়াৱা 'খাৱঁতী', 'যাৱঁতী' শব্দৰ 'ৱ' লাোপ পায়। যদিও চন্দ্রবিন্দু লোপ পায়। যেনে -
কেঁচাই-খাতী গোসাঁনী।
(৫) কেতিয়াবা 'ৰ' বর্ণ লোপ পালে 'ৰ'ৰ সলনি চন্দ্রবিন্দু হয়। যেনে -
গর্ত - গাঁত।
দন্ত - দাঁত।
কর্কট - কেঁকোৰা।
শব্দৰ প্ৰথম বৰ্ণৰ লগত যুক্ত থকা 'ৰ'-কাৰৰ ঠাইত চন্দ্রবিন্দু হ'লে সেই বৰ্ণৰ ওপৰতে থাকে। যেনে-
গ্রাম - গাওঁ।
স্রোত - সোঁত।
(৬) মৃত ব্যক্তিৰনামৰ আগত স্বর্গীয় অর্থত চন্দ্রবিন্দুৰ ব্যৱহাৰ হয়। যেনে-
হেমচন্দ্র গোস্বামী, ঁৰাজেশ্বৰ সিংহ, ঁদেবেন বৰা।
বিঃ দ্রঃ অসমীয়া ভাষাত 'ঙ', 'ঞ', 'ণ', 'ন' আৰু 'ম'-ৰ ওপৰত চন্দ্রবিন্দুৰ ব্যৱহাৰ নহয়।
স্বৰৰ উচ্চাৰণ আনুমানিক হ'লে তাত চন্দ্রবিন্দু দিয়া নহয়।
2. 'অ'-কাৰৰ ব্যৱহাৰ
অসমীয়া বর্ণমালাৰ প্ৰথম ধ্বনি হ'ল 'অ'। জিভাৰ গুৰি অংশৰ দ্বাৰা এই স্বৰটোৰ উচ্চাৰণ হয়। ব্যঞ্জনযুক্ত হোৱা 'অ'-ৰ উচ্চাৰণ যদি 'ও'-ৰ নিচিনা হয়, তেন্তে ব্যঞ্জন বর্ণটিৰ শেষত ওপৰৰ চুকত এটি ঊর্ধ্বকমা (') দিয়া হয়। যেনে-
চ'ত, ৰ'দ, ক'ত, ন'দ, ম'হ, গ'ল, আদি।
কিন্তু ব্যঞ্জনযুক্ত হোৱা 'অ'-ৰ পিছত ই, ঈ, উ, ঊ, আদি থাকিলে উৰ্ধ্বকমা দিব নালাগে। যেনে-
অনু, গৰু, সৰু, যদু, মধু ইত্যাদি।
3. 'ৱ' আৰু 'য়'-ৰ ব্যৱহাৰ
অসমীয়া ব্যঞ্জন বর্ণমালাৰ দুটা বিশেষ ধ্বনি হ'ল 'ৱ' আৰু 'য়'। এই ধ্বনি দুটাৰ উচ্চাৰণত স্বৰধ্বনিৰ দৰে বায়ুপ্রবাহ সম্পূর্ণ বাধাহীনো নহয়। কিন্তু উচ্চাৰণত ইহঁতে দুটাকৈ স্বৰ প্রতিফলিত কৰে। যেনে- গায়ক, সেৱক, দেৱতা ইত্যাদি।ইয়াত 'ৱ' = উঅ, আৰু 'য়' = 'ইঅ' উচ্চাৰিত হৈছে। সেয়ে 'ৱ' আৰু য়'ক দ্বিস্বৰীয় ব্যঞ্জন বুলিও কোৱা হয়।
অসমীয়া ভাষাত শব্দৰ মাজত থাকি 'ৱ' 'ওঅ'ৰ দৰে হয়। ই শব্দৰ আৰম্ভণিতে ব্যৱহাৰ নহয়। যেনে- ভৱ, পৱন, শিৱ ইত্যাদি। শব্দৰ শেষত 'ৱ'টো স্বৰূপে উচ্চাৰিত হয়। যেনে- মাধৱ, নবাৱ, যাদৱ, প্ৰভাৱ, প্ৰৱাহ ইত্যাদি। এই 'ৱ' বর্ণটো 'ব'ৰ দৰে ওঁঠৰ পৰা উচ্চাৰিত হয় বাবে এটা ওষ্ঠ্য বর্ণ।
কেতিয়াবা কেতিয়াবা 'ৱ' আৰু 'য়'ৰ উচ্চাৰণ ইমান কোমল হয় যে, ইহঁত সহজে স্বৰ বৰ্ণলৈ সলনি হয়। যেনে- দেৱতা- দেউতা, দেৱ- দেউ, ইত্যাদি।
1. ফকৰা-যোজনা, ভাব সম্প্রসাৰণ কৰা । Proverbs in Assamese
2. উচ্চাৰণৰ ভিন্ন অৰ্থবোধক শব্দ । Same words with different meaning
3. চন্দ্রবিন্দু (ঁ) ৰ ব্যৱহাৰ । Uses of Chandrabindu
4. English Grammar Correct Tense
Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
1 Comments:
Click here for CommentsGood explanations
ConversionConversion EmoticonEmoticon