-->

মিলন-নলিনীবালা দেৱী । Milan by Nalinibala Devi


মিলন
-নলিনীবালা দেৱী


1. 'জাগৃতি' কাব্যগ্রন্থৰ ৰচয়িতা কোন? HS-2022
উত্তৰঃ- 'জাগৃতি' কাব্যৰ ৰচয়িতা হ'ল- নলিনীবালা দেৱী।

2. বিশ্বদীপা শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক কোন?  HS-2020
উত্তৰঃ- নলিনীবালা দেৱী।

3. নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?  HS-2016
উত্তৰঃ- 'অলকানন্দা' কাব্যগ্রন্থৰ বাবে।

4. নলিনীবালা দেৱীয়ে লিখা দুখন জীৱনীগ্ৰন্থৰ নাম লিখা। HS-2015, 2018
উত্তৰঃ- স্মৃতিতীর্থ আৰু বিশ্বদীপা।

5. নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি?     HS-2017
উত্তৰঃ- এৰি অহা দিনবোৰ।

6. কিমান চনত নলিনীবালা দেৱীয়ে পদ্মশ্ৰী উপাধি লাভ কৰিছিল?    HS-2018
উত্তৰঃ- তেওঁ ১৯৫৮  চনত।

7. নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা।  HS-2019
উত্তৰঃ- সপোনৰ সুৰ আৰু অন্তিমৰ সুৰ

8. কিমান চনত নলিনীবালা দেৱীয়ে পদ্মশ্রী উপাধি লাভ কৰিছিল? 
উত্তৰঃ- ভাৰত চৰকাৰৰ পৰা নলিনীবালা দেৱীক ১৯৫৮ চনত পদ্মশ্রী উপাধি লাভ কৰিছিল। 

9. নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি?
উত্তৰঃ- অতিন্দ্রীয়বাদী বা ৰহস্যবাদী সুৰ।

10. নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?
উত্তৰঃ- অতিন্দ্রীয়বাদী বা ৰহস্যবাদী কবিৰূপে জনা যায়।

11. 'মিলন' কবিতাটিত কবিয়ে 'তোমাৰ' বুলি কাক বুজাইছে?
উত্তৰঃ- 'মিলন' কবিতাটিত কবিয়ে 'তোমাৰ' বুলি ভগৱানক বুজাইছে।

12. নলিনীবালা দেৱীৰ কেইখনমান কাব্যগ্ৰন্থৰ নাম লিখা।
উত্তৰঃ- 'সন্ধিয়াৰ সুৰ', 'সপোনৰ সুৰ', 'পৰশমণি', 'জাগৃতি', 'অলকানন্দা' ইত্যাদি।

13. অসম সাহিত্য সভাৰ কোনখন অধিবেশনত নলিনীবালা দেৱীয়ে সভাপতিত্ব কৰিছিল?
উত্তৰঃ- ১৯৫৪ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ যোৰহাট অধিবেশনখন সভাপতিত্ব কৰিছিল।

14. 'মিলন' কবিতাটি কবিৰ কোনখন কাব্যগ্ৰন্থৰ পৰা তুলি অনা হৈছে?
উত্তৰঃ- 'সন্ধিয়াৰ সুৰ' নামৰ কবিতা পুথিৰ পৰা লোৱা হৈছে।

15. নলিনীবালা দেৱীৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ- ১৮৯৮ চনৰ ২৩ মাৰ্চত গুৱাহাটীত।

16. নলিনীবালা দেৱীয়ে কেতিয়া ইহলীলা সম্বৰণ কৰে?
উত্তৰঃ- ১৯৭৭ চনৰ ২৪ ডিচেম্বৰত।

17. নলিনীবালা দেৱীৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ- কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ।

18. 'জাগৃতি' কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাব প্রকাশ পাইছে?
উত্তৰঃ- স্বদেশপ্রেমৰ মনোভাব প্রকাশ পাইছে।

19. ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?
উত্তৰঃ- ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে পৰম আৰাধ্য ভগৱানক দেখা পায়।

20. গধূলিৰ ম্লান এন্ধাৰত কবিয়ে কাক দেখে বুলি কৈছে?
উত্তৰঃ- পৰম আৰাধ্যজনক।

21. নিশাৰ আকাশত মংগল উৰুলি কোন গায়?
উত্তৰঃ- আকাশৰ তৰাৰ শাৰীয়ে গায়।

22. সাহিত্য অকাদেমি বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী অসমী মহিলা কবি কোন?  HS-2013
উত্তৰঃ- নলিনীবালা দেৱী।

23. 'মিলন' কবিতাটিত কবিয়ে 'তোমাৰ' বুলি কাক বুজাইছে? এই কবিতাটিৰ মাজেৰে কবিয়ে কি কামনা কৰিছে?
উত্তৰঃ- 'মিলন' কবিতাটিত কবিয়ে 'তোমাৰ' বুলি সৃষ্টিকৰ্তা ভগৱানক বুজাইছে।
    এই কবিতাটিৰ মাজেৰে কবিয়ে পৰম ভগৱানৰ সৈতে অন্তহীন মিলন কামনা কৰিছে।

24. নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্ৰকাশ পাইছে, তোমাৰ পাঠটিৰ আধাৰত আলোচনা কৰা। 
উত্তৰঃ- নলিনীবালা দেৱী, হ'ল মূলতঃ অতিন্দ্রীয়বাদী বা ৰহস্যবাদী কবি। তেওঁৰ কবিতাসমূহৰ মাজেৰে আধ্যাত্মিক চেতনাৰ অপূর্ব প্রকাশ দেখিবলৈ পোৱা যায়।
ৰহস্যবাদী কবিসকলে জীৱনৰ দুখ-বেদনা পৰমজনৰ ওচৰত অৰ্পণ কৰিব বিচাৰে। তেওঁলোকে ঈশ্বৰৰ অস্তিত্ব সকলোতে অনুভৱ কৰি নিজক অর্পণ কৰি দিয়ে। কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত এক পৰম সত্তা বা ভগৱানৰ অস্তিত্ব পৃথিৱীৰ সকলোতে অনুভৱ কৰা হৈছে। ঈশ্বৰৰ সৈতে মিলনেই হৈছে কবিৰ হৃদয়ৰ আকুলতা। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পৰা নিশা গভীৰ টোপনিত লালকাল দি থকালৈকে প্ৰতিটো ক্ষণতে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। এই অনুভৱকে কবিকে পৰমজনৰ লগত অস্তহীন মিলন বুলি কৈছে।

25. 'মিলন' কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা। HS-2017
উত্তৰঃ- অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱীৰ 'মিলন' কবিতাটিত আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনূভূত হৈছে। কবিতাটিত কবিয়ে পৰম আৰাধ্য ভগৱানৰ লগত কবিৰ মিলন হোৱাৰ কথা বুজাইছে।কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে। কবিয়ে সেয়ে 'মিলন' কবিতাটিত নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশ, ৰাতিপুৱা সূর্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনাৰ অস্তিত্ব ভিন ভিন ধৰণে ভিন ভিন ৰূপত অনুভৱ কৰে। এই ভিন্ন ৰূপৰ অনুভৱকে কবিয়ে পৰমজনৰ প্রতি 'তোমাৰ লগত মোৰ অনন্ত মিলন' বুলি অভিহিত কৰিছে।

26. কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক'ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে, বুজাই চমকৈ লিখা।
উত্তৰঃ- কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক পাবলৈ ব্যাকুল হৈ থকা বাবে সকলো সময়তে আৰু সকলোতে অস্তিত্ব দেখা পায় বুলি কৈছে। কবিৰ মনৰ নিজান কোণত, নিশাৰ আকাশৰ ৰূপোৱালী তৰাৰ মাজত কবিয়ে তেওঁক দেখিবলৈ পায়। গধূলিৰ আন্ধাৰত কবিয়ে যেতিয়া ঈশ্বৰৰ ধ্যান কৰে তেতিয়াও তেওঁৰ লগত দেখাদেখি হয়। গভীৰ এন্ধাৰ ৰাতি গোটেই জগত যেতিয়া নিঃপালি দিয়ে তেতিয়াও কবিয়ে তেওঁকে দেখে।
কবিৰ মনৰ নিজান কোণত, সপোনৰ দেশত, মানসৰ তীৰত, জোনাকীৰ উজ্জ্বল দীপালিত, আকাশৰ তৰাৰ তিৰবিৰণিৰ মাজত, গধূলিৰ ক্ষীণ পোহৰত, ধ্যানৰ সময়ত, হৃদয়ৰ আৱেগশীলতাৰ মাজত, পুৱতি শুভ লগনত, গভীৰ নিশাৰ নিস্তব্ধতাৰ মাজত, ঊষাৰ দোকমোকালি পোহৰত, সর্বত্র কবিয়ে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। 

27. মিলন কবিতাৰ মূলভাৱ লিখা। 
উত্তৰঃ- 'মিলন' নলিনীবালা দেৱীৰ এটি দার্শনিক কবিতা। কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক চেতনাৰ প্রতিধ্বনি শুনিবলৈ পোৱা যায়। কবিতাটোৰ দ্বাৰা ৰহস্যবাদৰ ভাবধাৰা সুন্দৰকৈ প্ৰকাশ পাইছে। ব্যক্তিগত জীৱনত কবিয়ে অনেক দুখ-যন্ত্রণা লাভ কৰিছিল। এই দুখ আৰু বেদনাক ভাৰতীয় ধর্ম আৰু দার্শনিক চিন্তাৰ মাজেৰে বিচাৰ কৰি শোক সন্তপ্ত হৃদয়ত শান্তি পাইছিল। এই দুখ-যন্ত্রণাৰ পৰা হাত সাৰিবলৈ পুৱা, গধূলি, নিশা সকলো সময়তে পৰমজনক পাবলৈ কবিয়ে বিচাৰিছিল। কবিৰ মনত ভগৱৎ প্রীতিৰ চিন্তা। অন্তহীন মিলনৰ বাসনাত কৰিব মন উদ্বাউল হৈ পৰিছে। কবিৰ মতে ভগৱানৰ সান্নিধ্যৰ প্ৰতিটো ক্ষণেই তেওঁৰ বাবে ভগৱানৰ সৈতে মিলনৰ ক্ষণ। সেয়েহে পৃথিৱীৰ সকলো বস্তুতে তেওঁ পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। নিশাৰ আন্ধাৰত জোনাকী পোহৰত কবিয়ে তেওঁকে দেখিবলৈ পায়। গতিকে ভগৱানৰ দর্শন লাভ কৰিলেই কবিৰ কামনা-বাসনা পূর্ণ হ'ব বুলি কৈছে।

28. কেতিয়া কোনখন গ্ৰন্থৰ বাবে নলিনীৱালা দেৱীয়ে সাহিত্য একাডেমী বটা লাভ কৰিছিল? 
উত্তৰঃ-


Syllabus of HS second year MIL Assamese



@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History. 
Previous
Next Post »