-->

বৰগীত-মাধৱদেৱ । Borgeet by Madhavdev

পদ্যাংশ বৰগীত (ৰাগ- কৌ)

বৰগীত (উঠ ৰে উঠ বাপু গোপাল ৰে) - মাধৱদেৱ 


1. বৰগীতৰ ভাষা কি?          HS-2019
উত্তৰঃ- বৰগীতৰ ভাষা ব্ৰজাৱলী।

2. বৰগীতত প্ৰথমে উল্লেখ থকা 'ধ্ৰুং' শব্দটি সম্পূৰ্ণকৈ লিখাঁ। HS-2021
উত্তৰঃ- ধ্ৰুপদী

3. মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল?          HS-2020
উত্তৰঃ- মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ভাঙনি কৰিছিল। 


4. সব পুৰুষৰ শিৰৰ ভূষণ কোন?          HS-2019
উত্তৰঃ- ভগৱান শ্ৰীকৃষ্ণ

5. শংকৰদেৱ আৰু মাধৱদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল?          HS-2019
উত্তৰঃ- শংকৰদেৱে মুট 'বাৰকুৰি গীত' ৰচনা কৰিছিল যদিও বৰ্তমান 'একুৰি চৈধ্যটা' পোৱা গৈছে।
    মাধৱদেৱে ১৫৭টা বৰগীত ৰচনা কৰিছিল।

6. শংকৰদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল? HS-2018

উত্তৰঃ- শংকৰদেৱে মুঠ 'বাৰকুৰি গীত' ৰচনা কৰিছিল যদিও বর্তমান 'একুৰি চৈধ্যটা' পোৱা গৈছে। 


7. মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰে? মাধৱদেৱৰ ৰচিত দুখন নাটৰ নাম লিখা। HS-2018

উত্তৰঃ- মাধৱদেৱে ১৫৭টা বৰগীত ৰচনা কৰে।

মাধৱদেৱৰ ৰচিত দুখন নাটকৰ নাম হ'ল— (১) অর্জুন ভঞ্জন (২) পিম্পৰা গুচোৱা।


 8. শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষ্যাতক কি বুলি কোৱা হৈছে?         HS-2017
উত্তৰঃ- শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষ্যাতক মণিকাঞ্চন সংযোগ বুলি কোৱা হৈছে।

9. মাধৱদেৱৰ জন্ম ক'ত হৈছিল?        HS-2018
উত্তৰঃ- মাধৱদেৱৰ জন্ম উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত হৈছিল।

10. উঠৰে উঠ বাপু গোপাল হে বৰগীতটি কি ৰাগত বন্ধা?
উত্তৰঃ- কৌ ৰাগত বন্ধা।

11. মোৰ প্ৰাণধন সুচান্দ বয়ন- ইয়াত মোৰ প্ৰাণধন কোন?
উত্তৰঃ- শ্ৰীকৃষ্ণ।

12. মাধৱদেৱৰ ৰচিত দুখন নাটৰ নাম লিখা।     HS-2019
উত্তৰঃ- (ক) অৰ্জুন ভঞ্জন আৰু (খ) পিম্পৰা গুচোৱা।

13. বাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰঃ- নামঘোষা

14. ড. বাণীকান্ত কাকতিয়ে মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ কি আছিল বুলি কৈছে?
উত্তৰঃ- বাত্‍সল্য প্ৰেমক ড. বাণীকান্ত কাকতিয়ে মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ আছিল বুলি কৈছে।

15. মণিকাঞ্চন সংযোগ মানে কি?
উত্তৰঃ- শংকৰদেৱৰ সৈতে মাধৱদেৱৰ প্ৰথম সাক্ষাত্‍ হৈছিল ধুৱাঁহাট সত্ৰত। তেওঁলোকৰ এই ঐতিহাসিক সাক্ষাতক মণিকাঞ্চন সংযোগ বোলা হয়।

16. ত্ৰিজগতৰ পতি বুলি কাক কিয় কোৱা হৈছে?
উত্তৰঃ- শ্রীকৃষ্ণক ত্ৰিজগতৰ পতি বুলি কোৱা হৈছে। কাৰণ তেওঁ হ'ল স্বৰ্গ, মৰ্ত্য আৰু পাতাল- এই তিনিখন জগতৰে অধিকাৰী।

17. তেজহ মানে কি?
উত্তৰঃ- তেজহ মানে ত্যাগ কৰা।
 
18. ড° বানীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় Noble Numbers বুলি কৈছে?
উত্তৰঃ- বৰগীতৰ ৰাগ, তাল, সংগীতক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰবাহ লক্ষ্য কৰা যায়; সেইবাবে ড. বানীকান্ত কাকতিয়ে বৰগীতক Noble Numbers বুলি কৈছে।

19. বৰগীত কাক বোলে? HS-2018 বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা। HS-2017
উত্তৰঃ- বৰগীত হ'ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ধৰ্ম প্ৰচাৰৰ বাবে সৃষ্টি কৰা এক শ্রেণীৰ শাস্ত্ৰীয গীত। অৰ্থাত্‍ আধ্যাত্মিক ভাৱসম্পন্ন আৰু ব্ৰজাৱলী ভাষাত লিখা ৰাগ ৰাগিনীযুক্ত গীতকেই বৰগীত বোলে।
    বৰগীতৰ বিষয়বস্তুক ছটা ভাগত ভগাব পাৰি। ভাগকেইটা হল- (১) লীলা বিষয়ক, (২) বিৰহ বিষয়ক, (৩) বিৰক্তি বিষয়ক, (৪) পৰামৰ্থ বিষয়ক, (৫) চোৰ বিষয়ক আৰু (৬) চাতুৰি বিষয়ক
 
20. মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি লিখা।     HS-2017
উত্তৰঃ- মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-
(১) বাত্‍সল্য ভাব মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য।
(২) বৰগীতত শিশু কৃষ্ণই সাধাৰণ শিশু ৰূপত প্ৰাধান্য লাভ কৰে।
(৩) বৰগীতত সংস্কৃত শব্দৰ ব্যৱহাৰ কম আৰু কামৰূপী শব্দৰ ব্যৱহাৰ বেছি।
(৪) বৰগীতত কৃষ্ণৰ শিশুকালৰ নানা চোৰ-চাতুৰী প্ৰাধান্য পায়।
(৫) শিশু কৃষ্ণক মাকে টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰাৰ ছবিখন সুন্দৰ আৰু সৰল ৰূপত পৰিস্ফুট।

21. সিদ্ধ মুনিগণে    চিন্তিয়া নাপাৱে
    সো হৰি যশোৱা কোলে।
-সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা। HS-2019

উত্তৰঃ- কৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান। পৰম ভগৱানক পাবলৈ বৰ টান। সিদ্ধ ঋষি-মুনিয়ে হাজাৰ বছৰ তপস্যা কৰিও কৃষ্ণক লাভ কৰিব নোৱাৰে। কিন্তু যশোদাই একমাত্ৰ পৰম ভক্তিৰ বলত কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছে। ভক্তিত ভগৱান সন্তুষ্ট হয় কিয়নো ভগৱান সদায় ভক্তৰ অধীন।

22. মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি?
উত্তৰঃ- মাধৱদেৱৰ বৰগীতক মহাৰাষ্ট্রৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত তুলনা কৰিব পাৰি।


23. ড° বাণীকান্ত কাকতি, কালিৰাম মেধি আৰু দেৱেন্দ্রনাথ বেজবৰুৱাই বৰগীতসমূহক কি বুলি কৈছে লিখা। HS-2022

উত্তৰঃ- ড° বাণীকান্ত কাকতিয়ে বৰগীতসমূহক Noble Numbers বুলি কৈছে। কালিৰাম মেধিয়ে বৰগীতক Great Song বা Song Celestial আৰু দেৱেন্দ্রনাথ বেজবৰুৱাই বৰগীতসমূহক Holy Songs বুলি কৈছে।


24. বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা। HS-2022, 2017

উত্তৰঃ- বৰগীতৰ বিষয়বস্তুক ছটা ভাগত ভগাব পাৰি। ভাগকেইটা হ'ল- (১) লীলা বিষয়ক। (২) বিৰহ বিষয়ক। (৩) বিৰক্তি বিষয়ক। (৪) পৰমাৰ্থ বিষয়ক। (৫) চোৰ বিষয়ক। (৬) চাতুৰি বিষয়ক। 


25. সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে

সো হৰি যশোৱা কোলে। 

  —সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা। HS-2022, 2018 

উত্তৰঃ- কৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান। পৰম ভগৱানক পাবলৈ বৰ টান। সিদ্ধ ঋষি-মুনিয়ে হাজাৰ বছৰ তপস্যা কৰিও কৃষ্ণক লাভ কৰিব নোৱাৰে। কিন্তু যশোদাই একমাত্র পৰম ভক্তিৰ বলত কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছে। ভক্তিত ভগৱান সন্তুষ্ট হয় কিয়নো ভগৱান সদায় ভক্তৰ অধীন। 


26. উঠৰে উঠ বাপু গোপাল হে বৰগীতটি কি ৰাগত বন্ধা?  HS-2022, 2018 

উত্তৰঃ- উঠৰে উঠ বাপু গোপাল হে বৰগীতটি কৌ ৰাগত বন্ধা। 


27. তেজ শব্দৰ অৰ্থ লিখা। HS-2022, 2018 

উত্তৰঃ- তেজ শব্দৰ অৰ্থ হৈছে—ত্যাগ কৰা।


28. শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষ্যাতক কি বুলি কোৱা হৈছে?  HS-2017

উত্তৰঃ- শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষ্যাতক মণিকাঞ্চন সংযোগ বুলি কোৱা হৈছে। 


29. মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য কি লিখা?  HS-2017

উত্তৰঃ- মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্যবোৰ হ'ল— 

(১) বাৎসল্য ভাব মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য। 

(২) বৰগীতত শিশু কৃষ্ণই সাধাৰণ শিশু ৰূপত প্রাধান্য লাভ কৰে।

(৩) বৰগীতত সংস্কৃত শব্দৰ ব্যৱহাৰ কম আৰু কামৰূপী শব্দৰ ব্যৱহাৰ বেছি।

(৪) বৰগীতত কৃষ্ণৰ শিশুকালৰ নানা চোৰ-চাতুৰী প্রাধান্য পায়। 

(৫) শিশু কৃষক মাকে টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰাৰ ছবিখন সুন্দৰ আৰু সৰল ৰূপত পৰিস্ফুট।


30. প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ- 

(ক) উঠৰে উঠৰে বাপু গোপাল হে নিশি পৰভাত ভৈল। 

কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল৷৷ 

উত্তৰঃ- প্রশ্নোদ্ধৃত বৰগীতফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ'ত থকা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত "উঠ ৰে উঠ বাপু গোপাল হে" নামৰ বৰগীতটিৰ অন্তৰ্গত।

শ্রীকৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে, তাকে সুন্দৰভাবে তুলি ধৰা প্ৰসংগতে উপৰোক্ত বৰগীতফাঁকিৰ অৱতাৰণা কৰা হৈছে।

বৰগীতটিৰ মাজেৰে যশোদাৰ মাতৃস্নেহ অতি সুন্দৰৰূপত পৰিস্ফুট হৈছে। মাতৃ যশোদাৰ মতে, শ্রীকৃষ্ণ হ'ল কমল-নয়ন, প্রাণধন, বাপু, গোবিন্দ। মাতৃ যশোদাই মৰমতে শ্ৰীকৃষক সকলো পুৰুষৰ শিৰৰ ভূষণ বুলি কৈ সকলোৰে আৰাধ্য শ্রীকৃষ্ণক বুকুত বান্ধি, কোলাত লৈ বাৰে বাৰে চুমা খাইছে। অর্থাৎ, আমাৰ সমাজত সাধাৰণ শিশুক যিদৰে পিতৃ-মাতৃয়ে মৰম কৰে, ঠিক সেইদৰে চিৰন্তন মাতৃৰূপে যশোদায়ে পুত্র শ্রীকৃষক আনন্দ মনে মৰম কৰিছে। ফলত পুত্র শ্রীকৃষ্ণৰ প্ৰতি থকা যশোদাৰ মাতৃস্নেহ সুন্দৰৰূপত প্রকাশিত হৈছে। মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্কৰ এক জীৱন্ত ছবি বৰগীতটিৰ মাজত দেখা যায়।


31. বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। 

উত্তৰঃ- 'মাধৱদেৱৰ উঠ ৰে উঠ বাপু গোপাল হে নামৰ'– এই বৰগীতটিৰ মাজেৰে ভক্তিৰ মাহাত্ম্য সুন্দৰকৈ প্রতিফলিত হৈছে। মাধৱদেৱে মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্কৰ উপৰিও কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্রকাশ কৰিছে। ইয়াত কৃষক সকলো পুৰুষৰ শিৰৰ ভূষণ বুলি কৈছে। পৰম পুৰুষ ভগৱান কৃষক ভক্তিৰ মাজেৰে লাভ কৰিব পাৰে। কাৰণ ভগৱান সদায় ভক্তৰ অধীন। সিন্ধু, মুনি ঋষি-সকলেও কৃষ্ণক পাবলৈ হাজাৰ হাজাৰ বছৰ তপস্যা সাধনা কৰিও লগ নাপায় বুলি প্ৰকাশ কৰি কৃষ্ণৰ প্ৰতি থকা অগাধ ভক্তিকেই লিখকে হৃদয়স্পর্শী ৰূপত বর্ণনা কৰিছে। ত্রিজগতৰ পতি কৃষ্ণ যশোদাৰ ভক্তিত সন্তুষ্ট হৈ পুত্ৰৰূপে আছে সেইজনা কৃষ্ণক যশোদাই সাধাৰণ শিশু ৰূপত পাই কোলাত লৈ মৰম কৰিছে। অন্য এটি বৰগীতত কবিয়ে উল্লেখ কৰিছে-

কহয় মাধৱ মাই! কিনু তপসাইলা।

ত্ৰিজগতৰ পতি হৰি ৰাখোৱাল পাইলা।।


32. অৰ্থ লিখাঃ-
নিশি= ৰাতি, নিশা
পৰভাত= প্ৰভাত, ৰাতিপুৱা
তেজ= ত্যাগ কৰা
সুচান্দ= চন্দ্ৰৰ দৰে সুন্দৰ
নিন্দ= নিদ্ৰা, টোপনি
বয়ন= মুখ
ভূষণ= অলংকাৰ। HS-2020


Syllabus of HS second year MIL Assamese



@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »