-->

কৰুণতম-ড° নিৰ্মলপ্ৰভা বৰদলৈ । Korunatom by Dr. Nirmalprabha Bordoloi

কৰুণতম
-ড° নিৰ্মলপ্ৰভা বৰদলৈ


1. 'কৰুণতম' কবিতাটিৰ আধাৰ লোকজীৱন— কথাষাৰ শুদ্ধনে? HS-2022

উত্তৰঃ- 'কৰুণতম' কবিতাটিৰ আধাৰ লোকজীৱন কথাষাৰ শুদ্ধ।


2. ড. নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা। HS-2020
উত্তৰঃ- (ক) দিনৰ পাছত দিন
(খ) সুদীৰ্ঘ দিন আৰু ঋতু
(গ) অন্তৰংগ

3. ড. নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে? HS-2013
উত্তৰঃ- ড. নিৰ্মলপ্ৰভা বৰদলৈয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে।

4. কোনখন গ্ৰন্থৰ বাবে ড. নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰে? HS-2015
উত্তৰঃ- সুদীৰ্ঘ দিন আৰু ঋতু

5. ড. নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ তিনিখনৰ নাম লিখা। HS-2019,2014
উত্তৰঃ- (ক) দেৱী, (খ) শিৱ আৰু (গ) সূৰ্য

6. 'কৰুণতম' নামৰ কবিতাটি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? HS-2016,2018
উত্তৰঃ- ড. নিৰ্মলপ্ৰভা বৰদলৈৰ 'দিনৰ পাছত দিন' কাব্য পুথিৰ পৰা লোৱা হৈছে।

6. ড. নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ পুথি দুখনিৰ নাম লিখা। HS-2018
উত্তৰঃ- (ক) সোণবৰণীয়া আই আৰু (খ) সুৰীয়া মাত

7. ড. নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? HS-2017,2014,2012
উত্তৰঃ- বনফৰিঙৰ ৰং

8. ড. নিৰ্মলপ্ৰভা বৰদলৈয়ে কেতিয়া আৰু কোন স্থানত জন্মগ্ৰহণ কৰিছিল?
উত্তৰঃ- নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হৈছিল ১৯৩৩ চনত শিৱসাগৰত।

9. কবিয়ে আইক ক'ত বিচাৰি পায়?
উত্তৰঃ- দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসত কবিয়ে আইক বিচাপি পায়।

10. নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটি বৈশিষ্ট্য লিখা।
উত্তৰঃ– নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ।

11. 'কৰুণতম' কোন শ্ৰেণীৰ কবিতা?
উত্তৰঃ- 'কৰুণতম' গাঁওলীয়া জীৱনৰ আধাৰত ৰচিত এটি আধুনিক কবিতা।

12. ড. নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ- ১৯৯১ চনৰ দুধনৈ অধিৱেশনত সভাপতিত্ব কৰিছিল।

13. ড০ নির্মলপ্রভা বৰদলৈ কিমান চনত সাহিত্য অকাদেমি বঁটা লাভ কৰে?
উত্তৰঃ- ১৯৮৩ চনত।

14. ড০ নির্মলপ্রভা বৰদলৈ কেতিয়া স্বর্গগামী হয়?
উত্তৰঃ- ২০০৪ চনত স্বর্গগামী হয়।

15. কবিয়ে কেনে ধৰণৰ সমাজ এখন কবিতাটিত দাঙি ধৰিছে?
উত্তৰঃ- কবিয়ে অসমীয়া গাঁৱলীয়া সমাজ এখন কবিতাটিত দাঙি ধৰিছে।

16. 'কৰুণতম' আৰু সুবাস' শব্দ দুটাৰ অৰ্থ লিখা।
উত্তৰঃ- কৰুণতম শব্দৰ অৰ্থ হ'ল- অধিক বেদনাদায়ক; আৰু সুবাস শব্দৰ অৰ্থ হ'ল– ভাল গোন্ধ বা সুগন্ধ।

17. 'কৰুণতম' কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ-ক) আধুনিক কবিতা বাস্তৱবাদী।
খ) আধুনিক কবিতাত সাম্যবাদী ভাৱধাৰাৰ প্ৰবণতা থকা দেখা যায়।

18. আহিনৰ পথাৰৰ গোন্ধত কবিয়ে কাক কেনেভাৱে পোৱা যেন অনুভৱ কৰে? HS-2017
উত্তৰঃ- আহিনৰ পথাৰৰ গোন্ধত কবিয়ে তেওঁৰ দেউতাকক পোৱা যেন অনুভৱ কৰে। কবিয়ে দেউতাক এজন কৃষক আছিল। কৃষিয়েই তেওঁ জীয়াই থকাৰ সম্বল আছিল। আহিন মাহত কবিৰ দেউতাকো পথাৰত ব্যস্ত হৈ পৰিছিল বাবে আহিনৰ পথাৰৰ গোন্ধত কবিয়ে দেউতাকক পোৱা যেন অনুভৱ কৰে।

19. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা-    HS-2018, 2022
মই মোক
মোৰ সন্তানৰ কাৰণে
ক'ত মৈ যাম
ক'ত?

উত্তৰঃ- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড. নিৰ্মলপ্ৰভা বৰদলৈৰ কৰুণতম কবিতাটিৰ পৰা তুলি অনা হৈছে।
        আধুনিক পৰিৱৰ্তনে কবিৰ স্মৃতি-হেৰাই পেলোৱাৰ দুখত উক্ত কবিতাফাঁকি প্ৰকাশ কৰিছে।
    বৰ্তমান সমাজখনক আধুনিকতাই এনেদৰে গ্ৰাস কৰিছে যে নিজৰ অস্তিত্বৰ প্ৰতিয়েই যেন কবিৰ সন্দেহ উপজিছে। কবিৰ দেউতাক কৃষক আছিল। আহিন মাহৰ পথাৰৰ গোন্ধ পালে তেওঁৰ পিতৃলৈ মনত পৰে। তেনেদৰে কবিৰ মাতৃও এগৰাকী শিপিনী আছিল। দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত তেওঁ মাতৃৰ স্মৃতি অনুভৱ কৰে। কবিৰ পিতৃ-মাতৃয়ে কৰ্মৰ মাজেৰে নিজৰ স্মৃতি এৰি থৈ গৈছে। কিন্তু কবিৰ মনত সন্দেহ হৈছে তেওঁ যেন-নিজৰ স্মৃতি ৰাখি থৈ যাব নোৱাৰিব। কাৰণ আধুনিকতাৰ প্ৰভাৱত উত্তৰ পুৰুষে সেই পুৰণি স্মৃতিবোৰ হয়তো গ্ৰহণ নকৰিব। সেই বাবে কবিয়ে নিজৰ সন্তানৰ কাৰণে কেনেদৰে স্মৃতি এৰি থৈ যাব বুলি আক্ষেপ কৰি কৈছে।

20. 'কৰুণতম' কবিতাটিত অসমৰ গ্ৰাম্য জীৱনৰ ছবি কেনেদৰে প্ৰকাস পাইছে? HS-2013

নাইবা
'কৰুণতম' কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকন হোৱা বুলি ক'ব পাৰি নেকি বিচাৰ কৰা।
উত্তৰঃ- কৰুণতম কবিতাটিৰ মাজেৰে অসমৰ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সুন্দৰ পৰিৱেশ প্ৰকাশ পাইছে। কবিৰ পিতৃ এজন কৃষক আছিল। আহিনৰ পথাৰখন দেখিলে কবিৰ গ্ৰাম্য কৃষকলৈ মনত পৰে। আহিনৰ থাৰখনৰ লগত অসমীয়া সমাজৰ কৃষকলৈ মনত পৰে। আহিনৰ পথাৰখনৰ লগত অসমীয়া সমাজৰ নিবিড় সম্পৰ্ক আছে। কবিৰ দেউতাকেও আহিনৰ পথাৰখনত ব্যস্ত হৈ পৰিছিল বাবে আহিনমহীয়া পথাৰ দেখিলে কবিৰ মনত অতীতৰ স্মৃতি জাগি উঠে। তেনেদৰে কবিৰ মাতৃও এগৰাকী শিপিনী আছিল। অসমীয়া শিপিনীৰ শালত বোৱা গামোচাখনে, ফুলৰ আৰ্হিবোৰে কবিক মাকৰ স্মৃতি জাগ্ৰতি কৰি তোলে। কবিৰ মাক-দেউতাকে কবিৰ ভৱিষ্যত্‍ প্ৰজন্মৰ বাবে নিৰ্দিষ্ট কৰ্মৰ দ্বাৰা সমাজত স্বাক্ষৰ ৰাখি থৈ গৈছে। কিন্তু নগৰত থকা কবিয়ে ভৱিষ্যত্‍ প্ৰজন্মৰ বাবে নিজৰ কৰ্মৰ দ্বাৰা কোনো স্মৃতি থৈ যাব নোৱাৰিব বুলি দুখ প্ৰকাশ কৰিছে। বৰ্তমান সমাজখন আধুনিকতাই গ্ৰাস কৰি পেলাইছে। এই আধুনিক পৰিৱৰ্তনে কবিৰ অস্তিত্বৰ প্ৰতিও ভাবুকি আনিছে। নিজস্বতা হেৰুৱাই নিজৰ সতি-সন্ততিৰ ওচৰতেই কবি অচিনাকী হৈ যোৱাৰ আশংকা কৰিছে। আধুনিকতাৰ কু-প্ৰভাৱত আজি গাঁৱৰ সভ্যতা, সংস্কৃতি হেৰাই গৈছে। তাৰ মাজতে হয়তো কবিৰ স্মৃতিবোৰো হেৰাই যাব।

21. কৰুণতম কবিতাৰ নামকৰণৰ তাৎপর্য বিশ্লেষণ কৰা।   
(নাইবা) 
'কৰুণতম' কবিতাটিৰ জৰিয়তে দেউতাক আৰু মাকৰ স্মৃতি কেনেকৈ জাগ্রত হয় বুলি কবিয়ে উল্লেখ কৰিছে?
উত্তৰঃ- 'কৰুণতম' নিৰ্মলপ্ৰভা বৰদলৈৰ এটি উৎকৃষ্ট কবিতা। কবিতাটোৰ শিৰোনামৰ জৰিয়তে ইয়াৰ মূলভাৱ, মূল চৰিত্ৰ আৰু বিষয়বস্তু সম্পৰ্কে ইংগিত পোৱা যায়। 'কৰুণতম' কবিতাটোত ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম, আদৰ্শ সন্দৰ্ভত সন্দিহান হোৱাৰ কথা কবিয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে। আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ পিতৃৰ স্মৃতি জাগ্ৰত হয়। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি কেৱল তেওঁৰ পিতৃৰ বাবে বৃত্তিয়েই নাছিল, ই আছিল তেওঁৰ জীৱনৰ সাধনা। পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰৱান্বিত। একেদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলিব পৰা কবিৰ মাতৃৰ কৰ্মত কবিয়ে গৌৰৱ অনুভৱ কৰিছিল।
    কবিৰ পিতৃ-মাতুয়ে নিৰ্দিষ্ট কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। মহান কৰ্ম-আদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব খোদিত কৰি যাব পাৰিছে। কিন্তু কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ ভৱিষ্যত প্ৰজন্মৰ বাবে কেনেধৰণৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব- সেই সম্পৰ্কে নিশ্চিত হ'ব পৰা নাই। তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো আদৰ্শ এৰি থৈ যাব নোৱাৰিব বুলি ভাবি সংশয়ত ভুগিছে। কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ'ব নোৱাৰে। এইদৰে বিশ্লেষণ কৰিলে দেখা যায় যে কবিতাটোৰ বিষয়-বস্তুত কবিৰ মনৰ দুঃখ বা কাৰণ প্ৰকাশ পাইছে। সেয়ে কৰুণতম কবিতাটোৰ নামাকৰণ সাৰ্থক হৈছে।

22.  'কৰুণতম' কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা। 
উত্তৰঃ- 'কৰুণতম' কবিতাটিত কবিয়ে অন্তৰৰ গভীৰ দুখবোধ প্রকাশ কৰিছে। কবিয়ে নিজৰ দেউতাকক হেৰুৱা বাবে দুখ অনুভৱ কৰিছে। কবিৰ দেউতাক এজন খেতিয়ক আছিল। খেতিয়েই তেওঁৰ জীৱীকাৰ উপায় আছিল। সেয়েহে আহিনৰ গোন্ধ পালে কবিৰ দেউতাকৰ কথা মনত পৰি মন কাণ্যৰে ভৰি পৰে। কবিৰ মাকো এজনী শিপিনী আছিল। সেয়েহে দোকানৰ জাপ ভঙা গামোচাৰ সুভাসত কবিয়ে শিপিনী মাতৃক বিচাৰি পায়। কবিৰ মাক-দেউতাকে কৰ্মৰ দ্বাৰা কবিৰ মনত স্বাক্ষৰ ৰাখি থৈ গৈছে। কবিয়ে নিজৰ সন্তানৰ কাৰণে কোনো স্মৃতি ৰাখি থৈ যাব নোৱাৰিব বুলি দুখ প্ৰকাশ কৰিছে। এনেদৰে কবিৰ অন্তৰৰ গভীৰ দুখবোধ প্রকাশ পাইছে। 

24. কৰুণতম কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰঃ- মূলভাৱঃ- 'কৰুণতম' নামৰ কবিতাটিত কৰি নির্মল প্রভাবৰদলৈয়ে আহিনৰ পথাৰৰ গইনা লৈ নিজৰ কৃ্যক পিতৃ আৰু শিপিনী মাতৃক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। অৱয়বৰ ফালৰ পৰা সৰু হ'লেও "হাতী মাৰি ভুৰুকাত ভৰোৱাৰ" দৰে বাঙময় ভাষাৰে গাঁৱলীয়া কৃষিজীৱী মানুহৰ জীৱনৰ ছবিখন কবিয়ে সফলতাৰে ৰূপায়ণ কৰিছে। কবিয়ে কৃষক পিতৃৰ আলমত আহিনৰ পথাৰত কষিজীৱী মানহৰ যি পৰম ব্যস্ততা তাৰ এটি ইংগিত দিছে। কবিয়ে প্রত্যক্ষ কৰিছিল কেনেকৈ আহিন মাহৰ পৰাই কষক পিতয়ে খেতিৰ প্ৰাৰম্ভিক কাম-কাজত লিপ্ত হৈছিল। সেইদৰে কবিয়ে দেখিছিল তেওঁৰ শিপিনী মাতৃয়ে কেনেকৈ "ছাঁতে শুকুৱা, মুঠিতে লুকুৰা" ফুলাম গামোচা, চাদৰ আদি তাঁতশালত বৈ উলিয়াইছিল। কিন্তু আধুনিকতাৰ ধামখুমীয়াত লাহে লাহে তাঁতশালত বহি গামোচাবোৱা শিপিনীৰ সংখ্যা যেন কমি আহিছে। বাহিৰৰ পৰা অহা চালানী অর্থাৎ মেচিনত বোৱা গামোচাই বজাৰ ভৰি পৰিছে। বজাৰৰ পৰা ক্ৰয় কৰা গামোচা জাপ ভাঙি ব্যৱহাৰ কৰাৰ সময়ত কবি আনমনা হৈ পৰিছে। মাতৃলৈ মনত পেলাইছে। লগতে কবিয়ে অনুভৱ কৰিছে তেওঁৰ নিজৰ সন্তানে তেওঁক ক'ত বিচাৰি পাব। তেওঁৰ সন্তানে তেওঁৰ স্মৃতিচাৰণ কৰিবলৈ তেওঁ কি থৈ যাব এনেবোৰ ভাৱে কবিক আৱেগিক কৰি তুলিছে।

25. শব্দ অৰ্থঃ
সুবাস= ভাল গোন্ধ, সুগন্ধ।
হেৰা পাওঁ= হেৰোৱা বস্ত পাওঁ।
কৰুণতম= অধিক বেদনাদায়ক।


Syllabus of HS second year MIL Assamese



@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »