-->

চিঠি - শীলভদ্ৰ । Chithi by Silbhadra

চিঠি 
-শীলভদ্ৰ


 (1) শীলভদ্ৰই কোনখন উপন্যাসৰ বাবে, কোন চনত 'অসম প্ৰকাশন পৰিষদ বঁটা' লাভ কৰিছিল?     HS-2019
উত্তৰঃ- শীলভদ্ৰই অনুসন্ধান নামৰ উপন্যাসখনৰ বাবে ১৯৯০ চনত 'অসম প্ৰকাশন পৰিষদ বঁটা' লাভ কৰিছিল।

(2) শীলভদ্ৰৰ প্ৰকৃত নাম কি?  HS-2017
উত্তৰঃ- ৰেৱতীমোহন দত্ত চৌধুৰী সাহিত্য ৰচনাৰ বাবে তেওঁ শীলভদ্ৰ ছদ্মাম গ্ৰহণ কৰে।

(3) শীলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা।   HS-2017,2018
উত্তৰঃ- (ক) সাহিত্য অ'কাডেমী বঁটা আৰু
(খ) অসম উপত্যকা সাহিত্য বঁটা।

(4) শীলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অ'কাডেমী বঁটা লাভ কৰিছিল? HS-2018
উত্তৰঃ- 'মধুপুৰ বহু দূৰ' গ্ৰন্থৰ বাবে সাহিত্য অ'কাডেমী বঁটা লাভ কৰিছিল।

(5) টিংখং বাগানৰ ডাক অনা-নিয়া কৰা বনুৱাজনৰ নাম কি আছিল?        HS-2019
উত্তৰঃ- টিংখং বাগানৰ ডাক অনা-নিয়া কৰা বনুৱাজনৰ নাম আছিল ফাগু।

(6) বাগানত কৰ্মৰত অৱস্থাত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল?    HS-2019
উত্তৰঃ- গাঁওত থকা পৰিবাৰৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল।

(7) প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?
উত্তৰঃ- প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰা এজনে দিছিল।

(8) 'চিঠি' গল্পটো শীলভদ্ৰৰ কোনখন সংকলৰ পৰা লোৱা হৈছে?
উত্তৰঃ- 'চিঠি' গল্পটো শীলভদ্ৰৰ 'চিঠি আৰু অন্যান্য গল্প' সংকলৰ পৰা লোৱা হৈছে।

(9) কাৰ চিঠিৰ বাবে ভুদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল?
উত্তৰঃ- বাল্যকালৰ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল।

(10) 'চিঠি' গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা কৈছে?
উত্তৰঃ- 'চিঠি' গল্পটোত ভূদেৱ চৌধুৰীয়ে গাওঁত থকা পৰিবাৰে পঠোৱা চিঠিৰ বাবে আৰু পিছত বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা কৈছে।

(11) ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল?
উত্তৰঃ- কৰ্মসুত্ৰে বাগানত থকা তেওঁৰ পৰিবাৰ কিছুদিন গাওঁত আছিল। তেতিয়াই তেওঁলোকৰ মাজত চিঠিৰ আদান প্ৰদান হৈছিল। পৰিবাৰৰ চিঠিখন সোনকালে পাবলৈ বা অন্য কিবা চিঠি আহিছে বুলি ভাবি টিংখঙলৈ তেওঁ খবৰ ল'বলৈ হৈছিল

(12) ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল? HS-2017
উত্তৰঃ- প্ৰশান্ত শৰ্মা ভূদেৱ চৌধুৰীৰ বাল্যকালৰ ঘনিষ্ঠ বন্ধু আছিল। দুয়োজন একেখন চহৰৰে ভিন্ন প্ৰান্তত থাকে যদিও সুদীৰ্ঘ বছৰ ধৰি তেওঁলোকৰ মাজত কোনো যোগায়োগ নাছিল। আজি-কালিৰ আনুষংগিক সা-সুবিধা যেনে- গাড়ী, ম'বাইলফোন তেওঁলোকৰ এজনৰো নাছিল। সেয়েহে যোগাযোগ স্থাপনৰ বাবে ভূদেৱ চৌধুৰীয়ে বন্ধুলৈ চিঠি লিখিছিল।

(13) ছুটিগল্পৰ কেইটামান বৈশিষ্ট্য লিখা। HS-2019,2021 (spl.)
উত্তৰঃ- (ক) আৰম্ভণি আকস্মিক,
    (খ) সামৰণি নাটকীয়,
    (গ) ভাবৰ একমুখিতা,
    (ঘ) জীৱনৰ পূৰ্ণচিত্ৰৰ পৰিৱৰ্তে কোনো নিৰ্দিষ্ট দিশৰ উপস্থাপন,
    (ঙ) কম চৰিত্ৰৰ সমাৱেশ,
    (চ) কম পৰিসৰ।

(14) চুটি গল্প কাক বোলে?
উত্তৰঃ- কোনো এটা কাহিনী বা গল্পক পূৰ্ণাংগ ৰূপ নিদি চমুকৈ আংশিকভাবে বৰ্ণনা কৰিলে তাকেই চুটি গল্প বুলি কোবা হয়।
    চুটিগল্প হৈছে দৈনন্দিন জীৱনত ঘটি থকা বিভিন্ন ঘটনাৱলীৰ মাজৰ একোটা বিশেষ ঘটনাৰ কলাত্মক ৰূপায়ণ। চুটিগল্পৰ আৰম্ভণি আৰু শেষত আকস্মিকতা থাকে। চুটিগল্প এনে এক লিখনি যাক একে বহাতে পঢ়ি শেষ কৰিব পাৰি। চুটিগল্প পঢ়ি শেষ হোৱাৰ পিছতো পাঠকৰ মন আৰু চিন্তাত তাৰ ক্ৰিয়া চলি থাকে। চুটিগল্পত অবাস্তব কথাৰ স্থান নাই।
 
(15) 'চিঠি' গল্পটি নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।      HS-2018
উত্তৰঃ- 'চিঠি' গল্পটো শীলভদ্ৰদেৱৰ এটা সুন্দৰ চুটি গল্প। সাধাৰণতে গল্পৰ নামকৰণৰ মাজত কেইবাটাও কথা জড়িত হৈ থাকে, যেনে- (ক) বিষয়বস্তুৰ ইংগিত (খ) মূল চৰিত্ৰৰ পৰিচয় (গ) কেন্দ্ৰীয় ভাব ইত্যাদি।
    'চিঠি' গল্পটোৰ নামটোৰ লগত বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্ৰীয় ভাব দুয়োটা কথা জড়িত হৈ আছে। গল্পটোৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈ উঠিছে। এজন ব্যক্তিয়ে প্ৰখ্যাত সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰলৈ অহা আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে বিভিন্নজনলৈ দিয়া চিঠিবোৰৰ গুৰুত্বৰ কথা কোৱা হৈছে। লগতে ব্যক্তিজনে ঘৰৰপৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰভাৱে অপেক্ষা কৰাৰ কথাও কোৱা হৈছে। আনহাতে এখন চিঠিয়েই হৈ পৰিছে গল্পটোৰ কেন্দ্ৰীয় বিষয়। ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনকে কেন্দ্ৰ কৰি দুখন ঘুৰত উত্‍কন্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল'বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৰে চিঠিখনৰ কথাকেই কৈছে।
    এনেদৰে বিশ্লেষন কৰিলে দেখা যায় যে, গল্পটিৰ নামকৰণ সাৰ্থক হৈছে।

(16) অৰ্থ লিখাঃ-
সংগত= যুক্তিযুক্ত, খাপখোৱা।
আনুষংগিক= মূল বিষয়ৰ লগত সম্পৰ্ক থকা।
প্ৰতীক্ষা= অপেক্ষা।
প্ৰত্যাশা= আশা, ভৰসা।
পুৰুষানুক্ৰমে= এটা পুৰুষৰ পৰা পিছৰ পুৰুষলৈ।
স্বয়ংক্ৰিয়= নিজে নিজে ক্ৰিয়া কৰা।
উদাসীনতা= অনুৰাগ নথকা স্বভাৱ।
অনুকম্পা= সহানুভূতি, কৰুণা।
আলৈ-আহুকাল= আপদ, বিপদ।



Syllabus of HS second year MIL Assamese



@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
 
Previous
Next Post »