-->

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা । Axomiya Cholchchitror gotidhara

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা
-উত্‍পল দত্ত

 

1. 'এৰা বাটৰ সুৰ' ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্রতিভাধৰৰ নাম লিখা। HS-2022

উত্তৰঃ- 'এৰা বাটৰ সুৰ' ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্রতিভাধৰৰ নাম হ'ল— (১) লতা মংগেছকাৰ আৰু(২) হেমন্ত মুখার্জী।


2.  ব্ৰজেন বৰুৱা পৰিচালিত আৱেগমিশ্রিত থ্রিলাৰধর্মী প্ৰথম অসমীয়া ছবিখনৰ নাম লিখা। HS-2022

উত্তৰঃ- ডাঃ বেজবৰুৱা।


3. ব্যৱসায়িক দিশতসফল হোৱা জ্যোতিপ্রসাদ আগৰৱালাৰ কথাছবিখনৰ নাম লিখা। 

উত্তৰঃ- ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম হ'ল— ইন্দ্র মালতী।


(1) অসমীয়া চিনেমাৰ জনক কোন?          HS-2019
উত্তৰঃ- জ্যোতিপ্ৰসাদ আগৰৱালা।

(2) এৰাবাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি-এই কথাছবিতেইখনৰ পৰিচালকৰ নাম লিখা।   HS-2017
উত্তৰঃ- এৰাবাটৰ সুৰ= ড. ভূপেন হাজৰিকা।
ডাঃ বেজবৰুৱা= ব্ৰজেন বৰুৱা।
গঙা চিলনীৰ পাখি= পদুম বৰুৱা।

(3) ভূপেন হাজৰিকাই 'প্ৰতিধ্বনি' ছবিখন কোন জনগোষ্ঠীৰ লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল?    HS-2020
উত্তৰঃ- ভূপেন হাজৰিকাই 'প্ৰতিধ্বনি' ছবিখন খাচি লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল।

(4) 'চিত্ৰবন' ষ্টুডিঅ' কোনে নির্মাণ কৰিছিল?      HS-2018
উত্তৰঃ 'চিত্ৰবন' ষ্টুডিঅ' জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰিছিল।

(5) প্ৰথম অসমীয়া বোলছবি 'জয়মতী' কেতিয়া মুক্তি লাভ কৰে?      HS-2017
উত্তৰঃ- ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে কলিকতাৰ 'ৰাউনাক' প্ৰেক্ষাগৃহত ছবিখনৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। তাৰ পাছত একেটা মাহৰ ২০ তাৰিখে গুৱাহাটীত ছবিখন মুক্তি লাভ কৰে।

(6) জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী' কথাছবিৰ কাহিনীৰ উৎস কি?
উত্তৰঃ- জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী' কথাছবিৰ কাহিনীৰ উৎস হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ 'জয়মতী কুঁৱৰী' নামৰ নাটকখন।

(7) লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা।
উত্তৰঃ- নিমিলা অংক (১৯৫৫)।

(8) লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা।
উত্তৰঃ- 'এৰা বাটৰ সুৰ'।

(9) জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।     HS-2018
উত্তৰঃ-  'জয়মতী’ আৰু ‘ইন্দ্ৰমালতী’।

(10) জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল?
উত্তৰঃ- জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল।

(11) ড. ভবেন্দ্ৰনাথ শইকীয়াই লাভ কৰা এটা বঁটাৰ নাম লিখা।     HS-2018
উত্তৰঃ- ড. ভবেন্দ্ৰনাথ শইকীয়াই 'অগ্নিস্নান' ছবিৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে।

(12) ভৱেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা।
উত্তৰঃ- ভৱেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম হ'ল 'সন্ধ্যাৰাগ', 'সাৰথি' আৰু 'ইতিহাস'।

(14) প্ৰতিধ্বনি ছবিখন কোনে পৰিচালনা কৰিছিল?
উত্তৰঃ- প্ৰতিধ্বনি ছবিখন ড. ভূপেন হাজৰিকাই পৰিচালনা কৰিছিল।

(15) জয়মতী, চিৰাজ, সতী বেউলা- এই কথাছবিকেইখনৰ সংগীত পৰিচালনাৰ নাম লিখা।
উত্তৰঃ- জয়মতী= জ্যোতিপ্ৰসাদ আগৰৱালা।
চিৰাজ= বিষ্ণুপ্ৰসাদ ৰাভা।
সতী বেউলা= ড. ভূপেন হাজৰিকা।

(16) 'ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নির্মাণ কৰা হৈছিল?
উত্তৰঃ- ইন্দ্ৰমালতী’ কথাছবিখন ১৯৩৯ চনত নির্মাণ কৰা হৈছিল।

(17) উৎপল দত্তৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ- 'চলচ্চিত্ৰ' আৰু 'টুৱেন্টি ফ'ৰ ফ্ৰেমছ'।

(18) উৎপল দত্তই পৰিচালনা কৰা তিনিখন তথ্যচিত্ৰৰ নাম লিখা।
উত্তৰঃ- 'By-Lane 2','Through Trust and Fear' আৰু 'বৰগীত - এটি ধ্ৰুপদী ৰত্ন'।

(19) জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম কি?
উত্তৰঃ- 'অপৰূপা'।

(20) জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ “জয়মতী’ বোলছবিখন কিমান চনত নির্মাণ কৰিছিল?
উত্তৰঃ- জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ “জয়মতী’ বোলছবিখন ১৯৩৫ চনত নির্মাণ কৰিছিল ।

(21) জ্যোতিপ্ৰসাদ আগৰৱালাই 'জয়মতী'ৰ প্ৰথম দর্শনীৰ আয়োজন কেতিয়া আৰু ক'ত কৰিছিল?
উত্তৰঃ- জ্যোতিপ্ৰসাদ আগৰৱালাই 'জয়মতী'ৰ প্ৰথম দর্শনীৰ আয়োজন ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে কলকাতাৰ 'ৰাউনাক' প্ৰেক্ষাগৃহত কৰিছিল।

(22) 'ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নির্মাণ কৰা হৈছিল?
উত্তৰঃ- ইন্দ্ৰমালতী’ কথাছবিখন ১৯৩৯ চনত নির্মাণ কৰা হৈছিল।

(23) ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পর্কে লিখা। HS-2017
উত্তৰঃ- অসমীয়া চিনেমালৈ ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ যথেষ্ট অৱদান আছে। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰৱন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভৱেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে। বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে। ১৯৭৭ চনত মুক্তি লাভ কৰা তেওঁৰ 'সন্ধ্যাৰাগ' ছবিখনে লাভ কৰা ব্যৱসায়িক আৰু কলাগত সফলতাই বাস্তৱবাদী ধাৰাটোৰ দেহত নতুন তেজৰ সঞ্চাৰ কৰে। তেওঁ একাদিক্ৰমে 'অনির্বাণ', 'অগ্নিস্নান', 'কোলাহল', 'সাৰথি', 'আবর্তন', 'ইতিহাস' আদি অসমীয়া ছবি নির্মাণ কৰে। হিন্দীভাষাত তেওঁ 'কালসন্ধ্যা' পৰিচালনা কৰে।   

       আন এগৰাকী বিখ্যাত অসমীয়া চলচ্চিত্ৰ পৰিচালক হৈছে জাহ্নু বৰুৱা। তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেইবাখনো বোলছবি পৰিচালনা কৰিছে। 'অপৰূপা'ৰে(১৯৮২) তেওঁ পৰিচালনা যাত্ৰা আৰম্ভ কৰে আৰু কেইবাখনো ছবি নির্মাণ কৰে। তেওঁ নিৰ্মাণ কৰা ছবিয়েও দেশৰ ভিতৰে বাহিৰে সমাদৰ পাইছিল। তাৰে কেইখনমান হ'ল -'পাপৰি'(১৯৮৬), 'হালধীয়া চৰায়ে বাওধান খায়' (১৯৮৭), 'বনানি' (১৯৯০), 'ফিৰিঙতি' (১৯৯২), 'তৰা'  ইত্যাদি। তেওঁৰ 'সাগৰলৈ বহু দূৰ' ছবিখনৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল।

(24) অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলোচনা কৰা। HS-2018
উত্তৰঃ- অসমীয়া চলচ্চিত্র জগতলৈ ড॰ ভূপেন হাজৰিকাদেৱৰ অৱদান উল্লেখযোগ্য। তেওঁ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক।

      জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী' কথাছবিৰ যোগেদি ভূপেন হাজৰিকাই কথাছবি জগতত প্রৱেশ কৰে। ১৯৫৬ চনত মুক্তিলাভ কৰা ভূপেন হাজৰিকাৰ 'এৰা বাটৰ সুৰ' ছবিখনত ড. হাকৰিকাদেৱৰ আছিল অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত। এই ছবিখনত তেওঁ ভাৰতৰ বিখ্যাত সংগীত প্ৰতিভা লতা মংগেছকাৰ, হেমন্ত মুখাৰ্জী আদিৰ কণ্ঠ ব্যৱহাৰ কৰি ছবিখনক এটি বহল প্ৰেক্ষাপটত চিনাকি কৰাই দিছিল। ৰাষ্ট্ৰীয় অসমীয়া ছবিৰ সীমিত বজাৰখন বঢ়োৱাৰ ক্ষেত্ৰত হাজৰিকা সদায়েই সচেতন আছিল আৰু সেই উদ্দেশ্যেই ১৯৬৫ চনত এটি খাচি লোককথাৰ ভেটিত 'প্ৰতিধ্বনি' নামৰ ছবিখন নিৰ্মাণ কৰিছিল। এই ছবিখন তেওঁ খাচি ভাষালৈ 'ডাব' কৰি বাণিজ্যিক ভাৱে মুক্তি দিছিল। হিন্দী ছবি 'তকদীৰ' (ভাগ্য) তেওঁ অসমীয়ালৈ ডাব কৰাত আগভাগ লৈছিল আৰু পিছত সেই ছবিৰ প্ৰযোজক ৰাজশ্ৰী প্ৰডাকচনৰ লগত যৌথ প্ৰযোজনাত নির্মাণ কৰিছিল 'চিকমিক বিজুলী'। এই ছবিখনেই হ'ল প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজক সংস্থা এটাই প্ৰযোজক কৰা প্ৰথম অসমীয়া ছবি। ১৯৭৬ চনত ভূপেন হাজৰিকাই ভাৰত চৰকাৰৰ পৰা শ্রেষ্ঠ সংগীত পৰিচালকৰ স্বীকৃতি লাভ কৰে। 'চামেলি মেমচাব' ছবিৰ পৰিছালনাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা পাইছিল।
   এনেদৰেই অসমীয়া চলচ্চিত্ৰ জগতলৈ তেখেতে অমূল্য অৱদান আগবঢ়াই যায়।

'জয়মতী' কথাছবিখন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তিলাভ কৰিছিল। 

(নাইবা) 

অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা। HS-2019

উত্তৰঃ- অসমীয়া চলচ্চিত্রৰ জনক হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কাৰণ তেওঁৰ অকলশৰীয়া প্ৰচেষ্টাতেই ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে প্ৰথম অসমীয়া ছবি 'জয়মতী'য়ে মুক্তি লাভ কৰে। ১৯৩৩ চনত তেওঁ ভোলাগুৰি চাহ বাগিচাত 'চিত্ৰবন' ষ্টুডিঅ' স্থাপন কৰি ১৯৩৪ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ 'জয়মতী' নাটকখনৰ কথাছবিৰ ৰূপ দিয়া কাম আৰম্ভ কৰে। 'চিত্ৰলেখা মুভিটোন'ৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰা হয়। কাৰিকৰী শিল্পীৰ অভাৱৰ বাবে জ্যোতিপ্ৰসাদে নিজেই ছবিখনৰ চিত্ৰনাট্য ৰচনা, পৰিচালনা, প্ৰযোজনা, সম্পাদনা, সংগীত ৰচনা তথা পৰিচালনা, নৃত্য নিৰ্দেশনা, কলা নিৰ্দেশনা এই সকলো দিশ তত্ত্বাৱধান কৰে।

       জয়মতীৰ পিছত জ্যোতিপ্ৰসাদে নিজৰ কাহিনীৰে ১৯৩৯ চনত 'ইন্দ্ৰমালতী' নামেৰে দ্বিতীয়খন অসমীয়া ছবি নিৰ্মাণ কৰি উলিয়াইছিল। এই ছবিখনে সফলতা লাভ কৰি জয়মতীৰ লোকচানো পূৰণ কৰিছিল। এই ছবিখন তেওঁ কলকাতাৰ 'অৰোৰা' ষ্টুডিঅ'ত নিৰ্মাণ কৰিছিল। জয়মতীত আছিল জাতীয় গৌৰৱ কাহিনী আৰু ইন্দ্ৰমালতীত স্বাধীনতা আন্দোলনৰ ছবি আছিল। ১৯৪৮ চনত ফণী শৰ্মাৰ লগত যুটীয়াভাৱে লক্ষ্মীধৰ শৰ্মাৰ 'চিৰাজ' গল্পৰ আধাৰত একে নামেৰে কথাছবি নির্মাণ কৰে। এনেদৰে যি সময়ত অসমত ছবি নিৰ্মাণৰ বাবে সা-সুবিধা নাছিল তেনে সময়তে জ্যোতিপ্ৰসাদ আগৰৱালাই চবি নিৰ্মাণ কৰি অসমীয়া জাতিক অৱদান দি থৈ গ'ল।
 


Syllabus of HS second year MIL Assamese



@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »